• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

সূৰ্যোদয়ৰ অপেক্ষাত : অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয় সংজ্ঞাৰ সমস্যা

-ৰক্তিম শৰ্মা

by Anjan Sarma
June 26, 2021
in Special Report
Reading Time: 4 mins read
0
সূৰ্যোদয়ৰ অপেক্ষাত : অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু  জাতীয় সংজ্ঞাৰ সমস্যা
Share on FacebookShare on TwitterShare on LinkedIn

-ৰক্তিম শৰ্মা |

অসমীয়া জাতিগঠন প্ৰক্ৰিয়া সম্পৰ্কত শেহতীয়া যথেষ্ট চিন্তা চৰ্চা আলোচনা হোৱা দেখা যায় যদিও সামগ্ৰিকভাবে সমগ্ৰ ইতিহাসক সমৰি এই বিষয়ত যুক্তিনিষ্ঠ আলোচনা প্ৰায় সীমিত বুলিলে কিজানি ভুল কৰা নহব । বিভিন্ন চিন্তাবিদে ভিন্ন দৃষ্টিভংগীৰ বা ৰাজনৈতিক চেতনাৰ দ্বাৰা প্ৰভাৱিত হৈ এই বিষয়ত আলোচনা কৰা হেতুকে আজিলৈকে অসমীয়াৰ প্ৰকৃত সংজ্ঞা দিবলৈ কোনোৱে সাহস কৰা নাই । এই সাহস নকৰাৰ কাৰণটোৱেই হৈছে অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ জটিল বিন্যাস যিটো ভাৰতীয় অন্য জাতিৰ বা দক্ষিণ পূৰ্ব এচিয়াৰো অন্য জাতিৰ জাতিগঠন প্ৰক্ৰিয়াৰ সৈতে ঐতিহাসিকভাবেই পৃথক ।জাতি সম্পৰ্কে ড০ হীৰেন গোহাই দেৱৰ এটা মন্তব্য উনুকিয়াব বিচৰিছো যি মন্তব্যই আমাক এই বিষয়ত নিৰ্মোহভাবে আৰু যুক্তিনিষ্ঠভাবে সিন্ধান্তত উপনীত হোৱাত সহায় কৰিব পাৰে । গোহাইদেৱে কৈছিল যে, উত্তৰ আধুনিক চিন্তাত জাতিৰ ধাৰণাটো এটা ভাষিক নিৰ্মান বুলি ভবা হয় আৰু তাক বিনিৰ্মান কৰাৰ সকলো প্ৰচেষ্টাক মুল্যবান বুলি ভবা হয় । পুজিবাদৰ বিকাশত বৰঙনি দিয়া জাতিৰ ধাৰণাত কিছু সীমাবদ্ধতা তথা গুৰুতৰ ত্ৰুটি থকা সম্ভৱ । কিন্তু ইয়াৰ অৰ্থ এনে কৰা অনুচিত যে সমগ্ৰ বস্তুটোৱেই এটা বাস্তৱ ভিত্তিৰহিত কাল্পমিক প্ৰপঞ্চ ।..কিছুমানৰ মতে জাতিৰ ধাৰণাটো অসমীয়া সম্ভ্ৰান্ত মধ্যশ্ৰেনীৰ প্ৰতিপত্তিৰ বাবে কৰা এক চক্ৰান্ত আন কিছুমানৰ মতে ই এক অকলংক, অনাবিল গৌৰৱৰ কাহিনী । এনে ভ্ৰান্তিকৰ দৃষ্টিকোনেৰে বস্তুনিষ্ঠ সামগ্ৰিক আৰু প্ৰকৃত ঐতিহাসিক অধ্যয়ন সম্ভৱ নহয় ।

অসমীয়া জাতিগঠন প্ৰক্ৰিয়াটোক আমি পোনতেই এক পৃথক(distinct) ঐতিহাসিক প্ৰক্ৰিয়া বুলি কৈছো কাৰণ এই জাতিৰ সৃষ্টি প্ৰাকৃতিকভাবে বিকাশ হোৱা এক সত্বা নহয় বৰং ই কিছুমান ঐতিহাসিক কাৰকৰ ফল ।এই একেখিনি কথা অসমীয়া ভাষা আৰু লিপিৰ ক্ষেত্ৰতো খাটে ।অসমীয়া লিপিৰ বিষয়ে এইখিনি কথা উল্লেখ আছে আসাম জিলা গেজেটিয়াৰত ।এই ঐতিহাসিক কাৰকনো কি তাৰ উত্তৰ এটাই, সেয়া হৈছে প্ৰব্ৰজনৰ ইতিহাস । মানৱ প্ৰজাতিৰ বিকাশ আৰু বিৱৰ্তনৰ ইতিহাসেই হৈছে প্ৰব্ৰজনৰ ইতিহাস । বিশ্বৰ ভিতৰতে সৰ্বোচ্চ প্ৰব্ৰজন ক্ষেত্ৰবোৰৰ ভিতৰত  অসম অন্যতম ।বিখ্যত ইতিহাসবিদ মিলছেও সেয়ে লিখিছিল এইদৰে-Assam is situated in “one of the greatest routes of migration of mankind.

সাৰুৱা-উৰ্বৰ ব্ৰহ্মপুত্ৰ উপত্যাকা সেয়ে অতীতৰ সোনালী ঘাহনিৰ অৰণ্য ।বিশ্বৰ প্ৰায় সকলো বৃহত মানৱ গোট হিমালয়ৰ পাদদেশৰ এই ভুখণ্ডৰ বুকুত আহি থমকি ৰৈছিল ।ইতিহাসবিদ ড০ ভুবন বৰুৱাই এক সাক্ষাতকাৰত কৈছিল যে , অসমত প্ৰকৃততে ভুমিপুত্ৰ বুলি কোনেও দাবী কৰিব নোৱাৰে কিয়নো কোনো মানৱ প্ৰজাতিৰ আবিৰ্ভাৱ অসমত হোৱা নাছিল ।অসমৰ ইতিহাসেই হল প্ৰব্ৰজনৰ ইতিহাস ।মহত্ প্ৰব্ৰজনৰ সময়ত (the great migration) বিশ্বৰ ভিন্ন মানৱ গোট পথক্লান্তহৈ ভিন্ন মানৱ গোটৰ সৈতে হোৱা ঐতিহাসিক পৰিচয়ৰ ফলতেই মানৱ জাতিৰ বিকাশৰ বীজ ৰোপন হৈছিল ।এই ঐতিহাসিক পৰিক্ৰমাত কোনো মানৱ গোট চিৰদিনৰ বাবে আন এটা মানৱ গোটৰ পৰা আতৰি গৈছিল আৰু কোনো মানৱ গোট আন গোটৰ সৈতে একীভৱনহৈ নতুন পৰিচয়ৰ সৃষ্টি কৰিছিল । অসমৰ ক্ষেত্ৰতো ভিন্ন সময়ত ভিন্ন মানৱ গোটৰ প্ৰব্ৰজন আৰু একীভৱনে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ সৃষ্টি কৰিছিল । এই মানৱ গোট বোৰৰ ভিতৰত  নেগ্ৰিট, অষ্ট্ৰলইড, মংগোলইড,  মেডিটেৰাৰিয়ান , আলপাইন, ইণ্ডো-এৰিয়ান , ইৰাণো-স্কাইথিয়ানছ আদিয়েই প্ৰধান । অসমৰ এই প্ৰব্ৰজনৰ ইতিহাস কেবাহাজাৰ বছৰ জুৰি চলিছিল ।

অসমৰ এজন ইতিহাসবিদ ভীমকান্ত বুঢ়াগোহাইৰ মতে অসমীয়াৰ আদিপুৰুষ মহীৰংগ দানৱ ।আৰ্যসম্প্ৰসাৰণবাদে দানৱ আখ্যা দিয়া মহীৰংগ প্ৰকৃততে অষ্ট্ৰলইড ঠালৰ আছিল বুলি ধাৰণা কৰিব পাৰি কিয়নো ফ্লাটছ এট অল এ কৰা অসমৰ মানুহৰ এক জেনেটিক চাৰ্ভেত প্ৰমাণিত হৈছে যে অসমীয়াৰ তেজত হিমগ্লোবিন-ই দেখা যায় আৰু ইয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক সাক্ষ্যত এইটো অনুমান কৰিব পাৰি যে দক্ষিণ-পূৱ এছিয়াৰ অষ্ট্ৰলইড জনজাতিৰ তেজত প্ৰবাহিত হিমগ্লবিন ই ইয়ালৈ প্ৰব্ৰজিত হৈছে ।1।(Comprehensive history of assam গতিকে দেখা যায় যে অষ্ট্ৰেলইড সকলেই অসমৰ আদিম অধীবাসী যিসকল কালক্ৰমত মংগোলইড সকলৰ সৈতে জীন হৈছিল । ভাৰতৰ অন্য অধিবাসীৰ তেজত হিমগ্লবিন-ই দেখা নাযায় । বড়ো, ৰাভা, খাচী, গাৰো, মিকিৰ আদি এই সংমিশ্ৰনৰ ফল) কালিকা পুৰাণত বৰ্ণিত আছে যে, কৃষ্ণবৈৰী নৰকৰ পূৰ্বে মহীৰংগ , হিতকাসুৰ , শম্বৰাসুৰ আৰু ৰত্নাসুৰ নামেৰে দানৱ বংশীয় চাৰিজন ৰজাৰ ক্ৰমে বেলতলা, ৰঙ্গামাটি আৰু শৰণীয়া পৰ্বতত ৰাজধানী আছিল । আজিও সেইবোৰ ঠাইত বড়ো, ৰাভা, খাচী , গাৰো আৰু কাৰ্বি জনজাতিৰ উপস্থিতি লক্ষ্যণীয় । এওঁলোকৰ পিছতেই কিৰাত ৰাজ ঘটকাসুৰক নিধন কৰি নৰকে কামৰূপ অধিকাৰ কৰে আৰু ব্ৰাহ্মনাদি উচ্চবৰ্নৰ লোকক কামৰূপত স্থাপন কৰে । ২ (কোচবিহাৰৰ ইতিহাস) এই ৰজা নৰকৰ পুৰ্বপুৰুষ ইণ্ডো এৰিয়ান আছিল বুলি পণ্ডিতসকলে কয়।  নৰক ইণ্ডো এৰিয়ান আৰু অষ্ট্ৰেলইড গোষ্ঠীৰ সৈতে একীভুত এক চৰিত্ৰ বুলি অনুমান কৰিব পাৰি ।  অৰ্থাত আৰ্যৰ প্ৰবেশ মংগোলীয় সকলৰ প্ৰায় সমসাময়িক বুলি কব পাৰি ।

সিন্ধু আৰু গংগীয় সভ্যতা আৰু সংস্কৃতিৰ ঢৌৱে বহু পথ পৰিক্ৰমাৰ অন্তত অসমলৈ আহি নৌপাওঁতেই স্তিমিতহৈ পৰিছিল । যাৰ কাৰণ আছিল  মুলতঃ ভৌগোলিক আৰু জনজাতিয় অহিন্দু সভ্যতা সংস্কৃতিৰ শক্তিশালী প্ৰভাৱ ।যাৰ বাবে বিশুদ্ধ ধাৰাৰে আৰ্যসম্প্ৰসাৰণে অসমক সম্পূৰ্ণৰূপে গ্ৰাস কৰিব পৰা নাছিল ।অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অন্যতম বৰঙনি যোগোৱা প্ৰব্ৰজিত গোষ্ঠী আলপাইন সকলে বৈদিক আৰ্যসকলৰ আগতেই পূৰ্ব ভাৰতত প্ৰভাৱ বিস্তাৰ কৰিছিল । ইতিহাসবিদ কে এল বৰুৱাৰ মতে অসমীয়া হিন্দুৰ মাজত দেখা মৃতকৰ সত্কাৰ আৰু ৰজস্বলা নাৰীৰ অশুদ্ধতাৰ সৈতে জড়িত কিছুমান সাংস্কৃতিক দিশ আলপাইন মুলক ।৩ (Alpines in Eastern India)  । তেখেতৰ মতে মৈথেলী আকু কণৌজীয় ব্ৰাহ্মন সকল আলপাইন, মেডিটেৰাৰিয়ান বা বৈদিক আৰ্যৰ একীভুত ৰূপ । অসমত প্ৰবেশৰ আগতেই আপাইন সকলৰ অন্য গোষ্ঠীৰ সৈতে একীভৱন হৈছিল বাবে প্ৰকৃত আলপাইন উপাদান অসমত প্ৰবেশ সম্ভৱ নহয় । ৪ Alpines in Eastern India)  ।ককেছীয়সকল বিশেষকৈ পশ্চিম দিশেৰে প্ৰবেশ কৰা বুলি সচৰাচৰ কোৱা হয় যদিও Man past and present ৰ ৰচক এ এইছ কেনিৰ মতে ককেছীয় সকলৰ ঠাল উত্তৰ পূৱ দিশেৰে অসমত প্ৰবেশ হৈছিল । এই প্ৰব্ৰজনে মংগোলীয় সকলৰ সৈতে একীভুত হৈ অসমত প্ৰবেশ কৰা ককেছীয়সকলৰ ঠাল বুলি একাংশ ইতিহাসবিদে কব খোজে । আলপাইন গোষ্ঠীৰ কলিতা সকলে অসমত পোনপ্ৰথমে শদিয়াত থিতাপি লয় । ইতিহাসবিদ পি চি চৌধুৰীৰ মতে কলিতা সকল প্ৰকৃততে এটা গোষ্ঠীজ ঠালহে । (অসমলৈ ব্ৰাহ্মন সকলক আহোমেহে আনিছিল বুলি ডিঙি ফুলাই কোৱা সকলে চাব পাৰে ) Anthropological Studies in Assam, India ত উল্লেখ আছে যে ব্ৰাহ্মন আৰু কলিতাসকল নিকট সম্পৰ্কীয় । Brahmin and Kalitas are closely related, they form one subcluster.এছ কে চেটাৰ্জীৰ মতে ১০০০ বি চিৰ বহু আগতেই তীব্বত-বৰ্মীসকলে হিমালয় বা তীব্বতৰ পথেৰে অসমত প্ৰবেশ কৰিছিল । আনহাতে কে আৰ মেধিয়ে উল্লেখ কৰামতে ককেচীয় গোষ্ঠী হিচাপে প্ৰাক-বৈদিক সময়তে অসমত ককেচীয় সকলৰ বসতি আছিল । গতিকে এইটো সিন্ধান্ত লোৱা কঠিন যে পোনতে মংগোলীয় নে ককেছীয়সকলে অসমত থিতাপি লৈছিল ।

 কালিকা পুৰাণৰ মতে নৰক-ভগদত্তই অসমত ইণ্ডো এৰিয়ান সকলক প্ৰতিষ্ঠা কৰিছিল ।ভাস্কৰবৰ্মনৰ ডুবী আৰু নিডানপুৰ কপাৰ প্লেটে প্ৰমাণ কৰে যে খ্ৰীষ্টীয় ষষ্ঠ শতিকাতেই ব্ৰাহ্মনসকলৰ প্ৰতিনিধিত্বৰে ইণ্ডো এৰিয়ান সকলৰ অসমত প্ৰবেশ ঘটে ।একাংশ ইতিহাসবিদৰ মতে অসমলৈ(কামৰূপ) দক্ষিন দিশেৰে অহাৰ উপৰিও আৰ্যসকলৰ প্ৰবেশ ঘটিছিল হিমালয়ৰ পাদদেশৰ উত্তৰ দিশেৰেও। ফলস্বৰূপে সেই আৰ্যসকলৰ মাজত তিব্বত-মংগোলীয় প্ৰভাৱ পৰিছিল। যাৰ কাৰণেই শাৰীৰিক অবয়ব-ভাষা-সংস্কৃতি আদিত অসমৰ ইণ্ডো-এৰিয়ান সকল ভাৰতৰ অন্য আৰ্যসকলতকৈ পৃথক। তাৰোপৰি চীন-তিব্বতীয় ধৰ্মীয়-সাংস্কৃতিক প্ৰভাবো কঢ়িয়াই আনিছিল এই আৰ্যসকলে। ইয়াৰ আভাস পোৱা যায় প্ৰাচীন অসমত প্ৰচলিত তন্ত্ৰ-মন্ত্ৰ-ইন্দ্ৰজাল-নৰ-বলি প্ৰভৃতি ধৰ্মীয় লোকাচাৰ সমূহত। উল্লেখযোগ্য যে শদিয়াৰ কেঁচাইখাইতী, নগাওঁৰ কপিলী, গোভাৰ কেঁচাইখাইতী, জয়ন্তেশ্বৰীৰ পূজকসকল অহিন্দু আছিল। তাৰো পৰি তান্ত্ৰিক বৌদ্ধধৰ্মই ব্ৰাহ্ম্যণ্যবাদৰ প্ৰভাব নপৰা অসমৰ জনজাতি সমাজখনক ব্যাপকভাৱে প্ৰভাৱিত কৰিছিল।

 এই সাক্ষ্যবোৰে প্ৰমাণ কৰে যে অসম এই সকলো মানৱ গোষ্ঠীৰ মিলন ক্ষেত্ৰ যত বহুতো জনগোষ্ঠীৰ বিকাশ আৰু বিৱৰ্তন সংঘতিত হৈছিল । এই ইতিহাসেই হল ব্ৰহ্মপুত্ৰ উপত্যাকাৰ সভ্যতা আৰু সংস্কৃতিৰ প্ৰাক আহোম যুগীয় ইতিহাসৰ এটা অন্যতম স্তৰ । এই ঐতিহাসিক সত্যবোৰক উপেক্ষা কৰি অসমীয়া জাতিগঠন প্ৰক্ৰিয়াৰ আলোচনা কৰা সম্ভৱ নহয় ।

দক্ষিন চাইবেৰিয়াৰ পৰা কোছ সকলৰ আগমন হোৱা বুলি ইতিহাসে কয় ।হিমালয়ৰ পাদদেশেৰে আহি নেপালৰ কোচিনৈৰ পাৰত বসবাস কৰাৰ পিছত অসমত প্ৰবেশ কৰা কোচ সকলৰ যিসকলে হিন্দু ধৰ্ম গ্ৰহণ নকৰিলে তেওঁলোক মেচ বুলি কোৱা হৈছে । এই কোচসকলকো তীব্বত-বৰ্মী বুলি বহুতেই কব খোজে ।কোচ মেচ আৰু বাৰভুঞা সকলে অসমীয়া জাতিগঠন প্ৰক্ৰিয়ালৈ অভূতপূৰ্ব বৰঙনি যোগাই থৈছে ।১২০৫ খ্ৰী.ত মহম্মদ বিন বখতিয়াৰ খীলজীয়ে তীব্বত আক্ৰমন কৰিবলৈ যাওতে পশ্চিত কামৰূপত কোচ আৰু মেচ সম্প্ৰদায়ৰ আধিপত্য আছিল ।কমতা আৰু কোচৰাজ্যৰ শাসনৰ্তাসকল এই জনগোষ্ঠীৰ লোক। ৫ (কোচবিহাৰৰ ইতিহাস)

প্ৰাচীন শিলালিপি আৰু ঐতিহাসিক সাক্ষ্য আদিৰ আলমলৈ ইতিহাসবিদ সকলৰ মতে অসমৰ প্ৰাচীন নাম আছিল পাগাৰ-জুহ , এক অষ্ট্ৰিক জোটুৱা-ঠাছ যাৰ অৰ্থ পাহাৰে আবৰা । আৰ্যকৃত কালিকা পুৰাণৰ মতে ইয়াৰ নাম হলগৈ প্ৰাগজ্যোতিষপুৰ । হৰ গৌৰী সম্বাদ মতে কামৰূপৰ প্ৰকৃত নাম কামৰু বা কামৰূদ আৰু হিউৱেন চাঙৰ টোকাত কামোলুপ আৰু ছাং চ্যুৰ টোকাত কমোপো আৰু কামেলু আছিল । টাইসকলৰ পৰা আ-চাম বা বৰাহী সকলৰ হা-চাম শব্দৰ পৰা আচাম আৰু আচাৰ পৰা আহোম শব্দৰ সৃষ্টি হোৱা বুলি উল্লেখ আছে ।

 ভগদত্তৰ বংশ বুলি কোৱা ভাস্কৰবৰ্মন কামৰূপৰ এজন শক্তিশালী ৰজা আছিল যিয়ে সীমা নালন্দালৈকে নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰিছিল । চীনৰ লগত নিকট সম্পৰ্ক ৰখা ভাস্কৰ বৰ্মনে হিউৱেন চাঙক আমন্ত্ৰন কৰি আনিছিল ।চীন- তীব্বতৰ শাসকে ভাস্কৰ বৰ্মনৰ সহায়লৈ কণৌজ আক্ৰমন কৰি কনৌজক তীব্বতৰ তলতীয়া কৰিছিল বুলি ইণ্ডিয়ান এন্টিকুৱেৰি গ্ৰন্থত উল্লেখ আছে ।চি ইউ কিৰ টোকা অনুসৰি  কৰতোৱা নৈলৈকে কামৰূপৰ সীমা বিস্তৃত যাৰ আয়াতন আছিল ১৭০০ মাইল (১০,০০০ লী)। কামৰূপৰ লোকৰ ভাষা মধ্য ভাৰতীয় লোকৰ ভাষাতকৈ পৃথক । হিউ ৱেন চাঙে পূৱপ্ৰান্তত কামৰূপৰ বাহিৰে অন্য কোনো ৰাজ্যৰ অৱস্থিতি অস্বীকাৰ কৰি কৈছে যে পূৱ প্ৰান্তত কেৱল অসভ্য বৰ্বৰ জনজাতিয়েহে বসবাস কৰে । কুমাৰ ভাস্কৰ বৰ্মনৰ চীনৰ সৈতে সুসম্পৰ্ক থকা বুলি উল্লেখ কৰিছে ।  অৰ্থাত ইতিহাসৰ মতে দক্ষিন- পশ্চিমতকৈ পূৱৰ সৈতেহে অধিক সম্পৰ্ক আছিল কামৰূপৰ শাসকৰ । ই কেৱল এক ৰাজনৈতিক ধাৰাই নহয় বৰং এই ভুখণ্ডৰ ঐতিহাসিক সাংস্কৃতিক-অৰ্থনৈতিক-সামাজিক সত্বা যিয়ে আৰ্যকৃত ভাৰতীয় ভূখণ্ডৰ পৰা এক স্বতন্ত্ৰ ধাৰা ।  বহুতে আকৌ ভাস্কৰ বৰ্মনক কলিতা জাতিৰ বুলি কব খোজা দেখা যায় ।ভাস্কৰ বৰ্মনৰ পিছত পাল বংশ আৰু পাল বংশৰ সৈতে চুতীয়াসকলৰ সাদৃশ্য মনকৰিবলগীয়া ।পাল সকল বৌদ্ধ ধৰ্মী আছিল ।টাই আহোমৰ আগমনৰ সময়ত  কছাৰী আৰু চুতীয়াসকলৰ শক্তিশালী ৰাজ্য আছিল ।

অকল কোচ বা বাৰভুঞা সকলেই নহয় দিনাজপুৰৰ ঈশ্বৰ ঘোষ নামৰ এক মহামাণ্ডলিক সামন্ত ৰজাই ১০০০খ্ৰী. ত কামৰূপত প্ৰভাৱ বিস্তাৰ কৰি ঢেক্কৰ (ঢেকেৰি অঞ্চলত) নিব্বোক শৰ্মা নামৰ এজন ভূস্বামীক গেলিট্টিপ্যক বা গোৱালপাৰাৰ দিগঘোসদিকা গাওঁ দান কৰিছিল বুলি তাম্যলিপি আছে ।তাৰোপৰি জিতাৰি নামৰ এজন বৌদ্ধস্যাসীয়ে মধ্যকামৰূপ শাসন কৰিছিল ।এই জিতাৰিৰে বংশ ৰজা অৰিমত্ত । ফেঙুৱা ৰজা , নাগক্ষ্য আদি ৰজাইও মধ্য কামপূৰ শাসন কৰাৰ প্ৰমান আছে ।ঈশ্বৰ ঘোষৰ ইতিহাসৰ পৰা অনুমান কৰিব পাৰি যে বংঙ্গীয় মুলৰ কিছু উপাদানো প্ৰাচীন কামৰূপ বা কমতাত একীভুত হৈছিল ।

টাই সকলৰ আগমন অসমৰ জাতিগঠন প্ৰক্ৰিয়াৰ মুখ্য স্তৰ । কিন্তু কিয়, ইয়াৰ আগতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া চলা নাছিল নেকি । ইয়াৰ উত্তৰ একেবাৰে সহজ । কুমাৰ ভাস্কৰ বৰ্মাৰ বংশই প্ৰায় এহেজাৰ বছৰ কাল কামৰূপ শাসন কৰিছিল ।তাৰ পিছৰ প্ৰায় আঠশ বছৰ বৌদ্ধধৰ্মী পালসকলৰ লগতে বিভিন্ন গোষ্ঠীয়ে কামৰূপত প্ৰভাৱ বিস্তাৰ কৰিছিল । মহীৰংগ দাৱনৰ দিনৰে পৰা ভিন্ন গোষ্ঠীয়ে আজিৰ অসমীয়া উমৈহতিয়া পৰিচয়ৰ সৌধটোত এচপৰা এচপৰাকৈ ইটা দি সজাই তুলিলে । কিন্তু গোষ্ঠীয় চেতনাৰ পৰা বিকাশ হৈ এটা উমৈহতীয়া পৰিচয়, উমৈহতীয়া ৰাজনৈতিক-অৰ্থনৈতিক আকাংক্ষাই বাস্তৱ ৰূপ পাইছিল আহোম প্ৰশাসনীয় ব্যৱস্থাতহে ।এই ব্যৱস্থাটোৰ আলোচনা নকৰিলে এই সিন্ধান্তত উপনীত হোৱাৰ অসুবিধা আছে ।

একাংশ লোকে চুকাফাক বিদেশী আক্ৰমনকাৰী সজোৱা দেখা যায় ।কিন্তু চুকাফাৰ অসম আগমনৰ মটিভ বিশ্লেষণ কৰিলে তাক আক্ৰমনকাৰী বুলি মুঠেও কব নোৱাৰি । তেনেকৈ কব লগীয়া হলে আলপাইন, মংগোল , ইণ্ডো এৰিয়ান মুলৰ সকলো পূৰ্বৱৰ্তী প্ৰব্ৰজনকাৰী গোষ্ঠীকে আক্ৰমনকাৰী বুলি কব লগীয়া হব ।প্ৰব্ৰজনৰ ফলত এটা গোষ্ঠীৰ আনটো গোষ্ঠীৰ সৈতে সংঘাত স্বাভাবিক বা অনিবাৰ্য । চুকাফাই সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ অহা নাছিল আহিছিল অন্য গোষ্ঠীৰ নিচিনাকৈ নিজৰ পূৰ্বৰ শিপা ত্যাগ কৰি বসতিৰ বাবে এক উৰ্বৰ ভুমি বিচাৰিহে । ঝুম খেতিৰ বাবে এক কৃষক সম্প্ৰদায়ে স্থান সলনি কৰাৰ সৈতে যাক তুলনা কৰিব পাৰি ।গোষ্ঠীজ চেতনাৰ পৰা উৰ্ধত এক নতুন ভাবধাৰা, নতুন অৰ্থনৈতিক আৰু উত্পাদন কৌশল, নতুন যুদ্ধ কৌশল ,আত্মীয় সৃষ্টি আৰু শান্তিপূৰ্ণভাবে সংঘাত সমাধানৰ নতুন ধাৰণাৰে টাই গোষ্ঠীৰ নেতা চুকাফাৰ অসম আগমন হৈছিল ।লগত কঢ়িয়াই আনিছিল অংকৰ জ্ঞান, পানীৰ গভীৰতা জুখিব পৰা জ্ঞান আৰু উন্নত কাৰিকৰী দক্ষতা । চুকাফাৰ আগমন অসমৰ জাতিগঠন প্ৰক্ৰিয়াৰ বাবে এক ঐতিহাসিক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে ।নৰা ৰাজ্য পাৰহৈ টাইসকলে লগত তিৰোতা লৈ অহা নাছিল বাবে সেইসময়ৰ আদিম অধীবাসীসকলৰ ছোৱালী বিয়া পাতি আত্মীয় সম্পৰ্ক স্থাপন কৰিছিল । আনকি আদিম অধীবাসীসকলৰ সৈতে সংঘাত নহওক বুলিয়েই জনবসতি নথকা ঠাইত মুং-ডেং-চুন-খাম নাম দি পোনতে ৰাজধানী পাতিছিল ।

Sukapha not came as a raiding conqueror but as the head of an agricultural folk in search of land. It appears that he did not encroach upon the land of local peasants; rather he opened up new areas for settlement ….

। বৰাহী-মৰান সকলে চাম সকলৰ ৰাজ্যক আ-চাম বুলিবলৈ লয় । কোনো কোনোৰ মতে বিজিত অনাৰ্য জাতিবোৰে টাই সকলৰ বীৰত্ব-প্ৰতাপ আৰু ৰাজ্য সংগঠনৰ বাবে  অ-সম –আৰ্থাত আনৰ সমান নহয় বুজাইছিল আৰু তাৰ পৰাই অসম নামৰ উতপত্তি ।জনজাতিসকলৰ মুখত স-হ হোৱাত অসমৰ পৰাই আহোমলৈ পৰিণত হল । আহোম প্ৰকৃততে এক প্ৰশাসনীয় ব্যৱস্থাৰ নাম আছিল, যি কালক্ৰমত টাই জনগোষ্ঠীক বুজাবলৈ ললে।

অসমৰ জাতি গঠনত টাই-চাম সকলৰ অৱদানৰ কথা উল্লেখ কৰাৰ আগতে এটা অতি প্ৰাসংগিত মন্তব্য উল্লেখ কৰিব বিচাৰিছো । চুকাফাক আক্ৰমনকাৰী বুলি অভিহিত কৰি এচামে যেনেকৈ অসমৰ জাতীয় ইতিহাসৰ বুকুত চুৰিকাঘাত কৰিলে ঠিক তেনেদৰে আহোম শাসনক কেৱল এটা গোষ্ঠীৰ গোষ্ঠীজ আধিপত্যবাদ বা কেতিয়াবা সাম্ৰাজ্যবাদ বুলি অপবাখ্যা কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোকে আন্ধাৰৰ বুকুলৈ ঠেলি দিয়া দেখা গল । অন্যশাসকৰ দৰে আহোম শাসকেও ৰাজ্যৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে বা সাম্ৰাজ্য বি্স্তাৰৰ বাবে উতসাহি আছিল তাত সন্দেহৰ অৱকাশ নাই ।আধুনিক আন্তৰ্জাতিক চিন্তা চৰ্চাৰ বিকাশ নোহোৱালৈকে বা কাৰ্যক্ষেত্ৰত প্ৰথম বিশ্বযুদ্ধৰ পিছত জাতিসংঘ গঠন নোহোৱালৈকে সাম্ৰাজ্য বিস্তাৰৰ বাবে যুদ্ধ কোনো নীতিৰ পৰিপন্থী বুলি ভবা হোৱা নাছিল । কিন্তু ইতিহাসৰ বিজ্ঞান সন্মত বিশ্লেষণ কৰিলে আহোম শাসন আছিল এক প্ৰগতিশীল আধুনিক শাসন পদ্ধতি । শান্তিপূৰ্ণ সহাৱস্থানৰ নীতি আহোম ব্যৱস্থাত বিকাশ হৈছিল চুকাফাৰ উদ্যোগতেই । এটা জনগোষ্ঠীয়ে নিজৰ গোষ্ঠীজ চেতনাৰ উৰ্ধত অৱস্থান কৰি থলুৱা ভাষা , সংস্কৃতিৰ সৈতে উদাৰতাৰে একীভুতহৈ এটা উমৈহতীয়া সত্বাৰ বিকাশ সাধন কৰাৰ উদাহৰণ খুব কম ।

আমাৰ এক লেখাত অসমীয়াত কথা বতৰা নামৰ অসম সাহিত্য সন্মিলনীৰ এক ফেচবুক গোটত মাননীয় সদস্য শ্ৰীযুত সাগৰ হাজৰিকাদেৱে এটা প্ৰাসংগিক মন্তব্য দিছিল । মন্তব্যটো এনেধৰণৰ-“ বিখ্যাত ইতিহাসবিদ Frederic Harrison ৰ উক্তি All our hopes of the future depend on a sound understanding of the past.ভৱিষ্যত উন্নতিৰ বাট সুগম কৰাৰ নিমাত্তে ইতিহস জনাতো সুবেই দৰকাৰ।আমাক অসম ইতিহাসৰ এক বিজ্ঞানসন্মত প্রণালীবদ্ধ অধ্যয়নৰ প্রয়োজন।বৰ্তমান সমাজত মূৰ দাঙি উঠা সকলোধৰণৰ সমস্যাৰ মূল কাৰণসমূহো ইতিহাসৰ পাততে আছে।কিন্তু পৰিতাপৰ কথাতো হ’ল এই ভূখণ্ডৰ শান্তি উন্নতি নিবিছৰা শক্তিটোৱে আমাক উদ্দেশ্যপ্রণোদিত ভাৱেই প্রকৃত ইতিহাস জ্ঞানৰ পৰা বঞ্চিত কৰি আহিছে।ব্যাপকভাৱে এই ভূখণ্ডৰ ইতিহাস বিকৃত কৰা হৈছে।আজিকোপতি এই ভূখণ্ডৰ আৰ্থ সামাজিক দিশটোক সামৰি এখন পূৰ্ণাঙ্গ ইতিহাস ৰচনা কৰিব নোৱৰাতো নি:সন্দেহে হতাশাব্যঞ্জক কথা আৰু ৰহস্যজনকো।তেনেদৰে ইতিহাস অধ্যয়নৰ পৰা তৰুণ প্রজন্মক বঞ্চিত কৰা ঘটনাটোও সন্দেহৰ উৰ্দ্ধত নহয়।এই ভূখণ্ডৰ ইতিহাস বিকৃতকৰণ সাংঘাটিকভাৱে হৈছিল Edward A Gait চাহাৱৰ দিনৰে পৰা।অৰ্থাৎ আধুনিক ইতিহাস ৰচনাকালৰ পৰা।চাহাবৰ বুৰঞ্জী পঢ়িলে এনে লাগে যেন আহোমৰ শাসণকালত খোৱা কামোৰা,যুদ্ধ বিগ্রহৰ বাহিৰে ইয়াত একো নাছিল।অৱশ্যে সেইটোৱেই স্বাভাৱিক আছিল ।কিয়নো বৃটিছ আগ্রাসনৰ ন্যায্যতা প্রতিপন্ন কৰিবলৈকে Gait চাহাবক এইফেৰা কাম কৰিবলৈ দিয়া হৈছিল।পিছলৈ অসমীয়া ভাষাত লিখা আধুনিক বুৰঞ্জীবোৰতো এচামে অসৎ উদ্দেশ্যৰেই ইতিহাস বিকৃত কৰিছিল।যাৰফলত এই ভূখণ্ডত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সাতামপুৰুষীয়া ঐক্যৰ সম্পৰ্কত ফাট মেলিছিল ।“

পুনৰ মূল বক্তব্যলৈ আহিছোঁ ।আহোম ব্যৱস্থা আছিল সামন্তবাদতকৈ পৃথক এক জনজাতিয় ব্যৱস্থা যাক সামান্য গণতন্ত্ৰৰ গোন্ধ থকা এক আমোলাতান্ত্ৰিক  ব্যৱস্থা বুলিব পৰা যায় । ইয়াত শাসকজন বংশানুক্ৰমিকভাবে শাসনৰ অধিকাৰ নাছিল । মন্ত্ৰী পৰিষদে ৰজা ভঙা পতা কৰিব পাৰিছিল । ভূমিৰ ওপৰত অধিকাৰ কেৱল ৰাষ্ট্ৰৰ , শাসকৰ ইয়াত একচেতীয়া অধিকাৰ নাছিল ।কেনেবাকৈ শাসকজন পৰিৱৰ্তন হলে ভূমিৰ ওপৰত সকলো অধিকাৰ পুনৰ ৰাষ্ট্ৰৰ হাতলৈ গৈছিল ।ডা-ডাঙৰীয়াসকলেও উত্তৰাধিকাৰীসুত্ৰে ভূমিৰ ওপৰত অধিকাৰ পোৱা নাছিল , পাইছিল খিতাপৰ বলতহে ।তেওঁলোকৰ সন্তানে সেইইবোৰ সুবিধা ভোগ কৰিব পৰা নাছিল ।পাইক প্ৰজাসকল আছিল ৰাষ্ট্ৰ প্ৰত্যক্ষ অধীনত । বহুতে ৰাষ্ট্ৰ দাস বুলি কব খুজিলেও প্ৰকৃততে প্ৰজাত হাতত ভুমি ভোগ কৰাৰ , উতপাদন কৰাৰ আৰু তাৰ ফল ভোগ কৰাৰ অধিকাৰ আছিল বিনিময়ত ৰাষ্ট্ৰক বাধ্যতামুলক গা খাটি দিব লাগিছিল । ভূমিৰ ওপৰত বা উত্পাদনৰ ওপৰত নগদ ধনৰ কৰ কাটলৰ বোজা পাইকৰ মুৰত নাছিল ।জনজাতিসকলে কৰ আদায় দিব লগা হৈছিল হাতী বা সোনৰ দৰে প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ মাধ্যমেই আছিল শ্ৰম ।  টাই-শ্বান গোষ্ঠীৰ চুকাফাই এই ভুখণ্ডত এই নতুন প্ৰশাসনীয় ব্যৱস্থা সৃষ্টি কৰে যত থলুৱা অধিবাসীসকলক এই প্ৰশাসনীয় ব্যৱস্থাৰ সৈতে প্ৰত্যক্ষভাবে জড়িত কৰিবলৈ সক্ষম হয় । এই ব্যৱস্থাৰ সৈতে সংপৃক্ত হোৱা প্ৰধান জনগোষ্ঠী দুটা আছিল বৰাহী আৰু মৰাণ । পিছলৈ কমতাসকলৰ লগতে অন্য জনগোষ্ঠীৰ সৈতে হোৱা বিয়া বাৰুৰ ফলত আৰু আহোম ৰাজ্য বিস্তাৰৰ ফলশ্বৰূপে ভিন্ন জনগোষ্ঠীৰ লোক এই প্ৰশাসনীয় ব্যৱস্থাত সোমাই পৰে ।টাইসকলে নিজৰ ভাষা সংস্কৃতি জাপি নিদি থলুৱা ভাষা গ্ৰহণ কৰাৰ বাবে আৰু নতুন ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থাটোৰ বাবে অসমৰ ভিন্ন জনগোষ্ঠীৰ মাজত একীভৱন সংঘতিত হয় । এই ব্যৱস্থাৰ স্থায়ীত্বত একীভৱন হোৱা লোকসকলে এক নতুন আঞ্চলিক পৰিচয় বিচাৰি পায় আৰু এক সামাজিক-সাংস্কৃতিক সত্বাৰ বিকাশ সাধন কৰে যাক অসমীয়া সত্বাৰ নিৰ্মানৰ অন্যতম স্তৰ বুলি কব পাৰি  । টাই-চাম সকলেই পুৰণি জনজাতি ঝুমীয় অস্থায়ী কৃষি পদ্ধতিৰ আমোল পৰিৱৰ্তন কৰি বিস্তীৰ্ন এলাকাত পথাৰত আলি দি শালি ধানৰ পানী খেতি প্ৰৱৰ্তনৰ জৰিয়তে এক স্থায়ী কৃষি পদ্ধতি সুচনা কৰিছিল যিয়ে এক সুস্থিৰ জনসমাজৰ সুচনা কৰে । উজনি আৰু মধ্য অসমত এই দায়িত্ব পালন কৰিছিল টাই চাম সকলে আৰু নামনি অসমত কোচ সকলে । ইয়াৰ ফলত অৰ্থনীতিৰো আমোল পৰিৱৰ্তন হল আৰু এইদৰে স্থায়ী কৃষি পদ্ধতি, স্থায়ী বসতি আৰু সুনিৰ্দিষ্ট পৰিমানৰ ৰাহিয়ে এক স্থায়ী ৰাষ্ট্ৰব্যৱস্থা নিৰ্মান কৰে । এইদৰেই অসমীয়া জাতি নিৰ্মানৰ বীজটো অংকুৰণ ঘটে । আহোম ৰাষ্ট্ৰই এইদৰে এক পুৰণি ব্যৱস্থা ভাঙি নতুন ব্যৱস্থা সৃষ্টিৰে জনজাতি সকলৰ ধৰ্মীয় আৰু সাংস্কৃতিক স্বনিৰ্ধাৰণ অক্ষুন্ন ৰাখি অসমীয়া জাতি গঠনৰ ক্ষেত্ৰ প্ৰস্তুত কৰিছিল । এই ক্ষেত্ৰখনকে একে মতাদৰ্শৰে একে সাংস্কৃতিক গভীৰতাৰে সুষমতা প্ৰদান কৰিছিল গুৰু শংকৰদেৱৰ সাংস্কৃতিক নৱজাগৰণে । কিন্তু শংকৰদেৱৰ মতাদৰ্শৰ মাজত লুকাই থকা আৰ্যকেন্দ্ৰিক দৃষ্টিভংগীৰ বাবে এই একীভৱনৰ আতৰত ৰৈ যোৱা জনজাতিসকলক স্পৰ্শ কৰিব নোৱাৰিলে যদিও কোচ-আহোম-কচাৰী-দৰঙী-চুতীয়া-বৰাহী-মৰাণ সকলোকে এক উমৈহতীয়া সত্বাৰে একীভুত কৰিবলৈ সক্ষম হল ।

কিন্তু আহোম প্ৰশাসনে পূৰ্বৰ চৰিত্ৰ অক্ষুন্ন ৰাখিবলৈ সক্ষম নহল । ৰাজনৈতিক অৰিয়াঅৰি , ক্ষমতাৰ দ্বন্দ আৰু কেইজনমান বংগদেশীয় ব্ৰাহ্মণৰ চক্ৰান্তত ৰাজচৰালৈ সামন্তবাদী হিন্দু ধৰ্মৰ আমদানিয়ে জনজাতিয় চৰিত্ৰতে মাধমাৰ সোধালে আৰু সমগ্ৰ জাতিটোকে ধৰ্মীয় সংঘাতলৈ ঠেলি পঠিয়ালে । শাসকৰ সামন্তবাদী হিন্দু ধৰ্ম গ্ৰহণেই আহোম ব্যৱস্থাটোকে দুৰ্বল কৰি তুলিলে । বহুতে ৰাষ্ট্ৰ দাসত্বৰ বিৰূদ্ধে প্ৰজাবিদ্ৰোহ বুলিলেও মোৱামৰীয়া বিদ্ৰোহ মুলত ৰাজ ধৰ্ম জাপি দিব খোজা স্বেচ্ছাচাৰী সংশোধিত আহোম ব্যৱস্থাৰ বিৰূদ্ধে সংগ্ৰামহে আছিল । প্ৰজাইও দেশৰ কাম বাদি দি ধৰ্ম কৰ্মত বেছি মনযোগ দিয়াত ৰাষ্ট্ৰৰ সৈতে সংঘাত হৈছিল যাৰ প্ৰমাণ ধোদৰ আলি ।

ইছলাম ধৰ্মাৱলম্বী তুৰ্কী-মোগলসকলে হিন্দুস্থানী আক্ৰমনকাৰী হিচাপে বা কেতিয়াবা ব্যৱসায় সংক্ৰান্তত অসমলৈ আগমন হৈছিল । তেওঁলোকৰ সংস্পৰ্শত থলুৱা লোক ধৰ্মান্তৰিতহৈ বা যুদ্ধবন্দী হিচাপে ৰৈ গৈ অসমীয়া উমৈহতীয়া সত্বাটোত জীন যায় । এইসকলৰ লগতে শিখ আৰু মাৰোৱাৰী বণিকৰো অসমলৈ আহি অসমৰ ছোৱালী বিয়া পাতি অসমীয়া সত্বাটোত জাহ গৈছিল । জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃপুৰুষ নৱৰংগ আগৰৱালা ইয়াৰ অন্যতম উদাহৰণ ।  ১২০৫ খ্ৰী.ত তুৰ্কী সেনাপতি ইখতিয়াৰ উদ্দিন মহম্মদ বখতিয়াৰ খিলজীয়ে তিব্বত আক্ৰমণ কৰাৰ উদ্দেশ্যে অসম (কামৰূপ)ত প্ৰবেশ কৰে। সেই সময়ত কামৰূপৰ ৰজা বাৰথু বা পৃথুৰ হাতত শোচনীয়ভাৱে পৰাজয় স্বীকাৰ কৰে খিলজীয়ে। আৰু তাৰ বাবেই তেওঁৰ তিব্বত অভিযান বিফল হয়। মিনহাজুদ্দীন তবাকত্-ই-নাছিৰি নামৰ পুথিত উল্লেখ আছে যে খিলজীক বাট দেখুৱাই আনিছিল আলি মেছ নামৰ নতুনকৈ ইছলাম ধৰ্মত দীক্ষিত এজন লোকে। এই আলি মেছ মেচ জাতিৰ লোক। এই কথাই প্ৰমাণ কৰে যে ১২০৫ খ্ৰী.তে থলুৱা জনজাতীয় লোক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। ১২৫৪-৫৫ চনত তুঘ্ৰীলখাই কামৰূপ আক্ৰমণ কৰে আৰু কামৰূপ ৰজা পৰাজিত হৈ ইছলাম ধৰ্ম প্ৰচাৰৰ অনুমতি দিয়ে। পিছলৈ কামৰূপৰ ৰজাৰ হাতত তুঘ্ৰীলখা পৰাজিত হৈছিল। (৩)(লুইত বৰাক আৰু ইছলাম)  তুঘ্ৰীলখাৰ দিনতে ঘিয়াছুদ্দিন আউলীয়া পীৰ চাহেবৰ দৰগাহত মছজিদ নিৰ্মাণ কৰি পোন প্ৰথমবাৰৰ বাবে শুকুৰবৰীয়া নামাজ পঢ়া প্ৰথা কামৰূপত প্ৰচলন কৰে। সেই সময়ত এখন প্ৰতিষ্ঠিত মুছলমান সমাজৰ অস্তিত্ব অনুমান কৰিব পাৰি।৩ সেই সময়টোৱেই আছিল চুফীবাদৰ প্ৰবেশৰ সময়। তুঘ্ৰীলখাৰ সময়তে অহা ঘিয়াছুদ্দিন আউলীয়াই সুদূৰ মক্কাৰ পৰা এপোৱা মাটি আনি হাজোত তুঘ্ৰীলখাই সজা মছজিদত দিছিল আৰু তাৰপৰাই উক্ত ঠাই পোৱা মক্কা বুলি জনাজাত হয়। নৱম শতিকাতে আৰবৰ বনিক সকলে কামৰূপৰ নাম শুনিছিল আৰু ইয়াৰ তন্ত্ৰ-মন্ত্ৰৰ কথা শুনি শিহৰিত হৈছিল। মেদিনী চৌধুৰীদেৱে লুইত বৰাক আৰু ইছলাম নামৰ গ্ৰন্থত লিখিছে-

” তথাপি সাহস কৰি এদিন ঘিয়াছুদ্দিন আউলীয়া আহিছিল ত্ৰয়োদশ শতিকাৰ সময়েৰে ধূসৰিত এটা দিনত। আহিছিল পৰাক্ৰমী এটা তুৰ্কী বাহিনীৰ সৈতে। অথচ উভটি যোৱাৰ পথ তেৱোঁ বিচাৰি পোৱা নাছিল কোনোদিনে। তেওঁৰ দেহ অগ্ৰদূত হিচাপে বহন কৰি অনা এক বিশাল ঐতিহ্যৰ আদৰ্শ-সমস্ত ৰৈ গল কামৰূপ অসমৰ মাটিৰ মায়াত। ”( ৩)

চুফীবাদৰ আদৰ্শ আৰু বৈষ্ণৱ আদৰ্শৰ মাজত নিকট সম্পৰ্ক। একেই ভক্তি ৰস। উমায়েদ খলিফা সকলৰ ভোগ প্ৰৱণতা আৰু জাগতিক স্পৃহাৰ প্ৰতি চুফীবাদ যিদৰে এক বিৰাট প্ৰত্যাহ্বান( ৪) আছিল ঠিক সেইদৰে ভক্তিবাদ আছিল ব্ৰাহ্ম্যণ্যবাদী আধিপত্য বাদৰ বিৰুদ্ধে প্ৰত্যাহ্বান। সেয়ে আজান চাহাবৰ জিকিৰ আৰু জাৰি গীতত দেখা যায় সেই একেই সুৰ—-মোৰ মনত হীন-পৰ নাই ও আল্লা, হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, যিদৰে গুৰু শংকৰৰ ভাষাত কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম,জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আজিও শংকৰ-মাধৱ গুৰুৰ বাৰকুৰি বৰগীতৰ লগতে আজান চাহাবে ৰচনা কৰা আঠ কুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ।  গুৰুজনাই দি যোৱা কীৰ্তন ঘৰ-নামঘৰ আনকি মণিকূটৰ স্থাপন শৈলীতো জনজাতিয় বৌদ্ধ আৰু ইছলামীয় শিল্প শৈলীৰ প্ৰভাৱ উল্লেখ্য। আনকি ওজাপালি লগতে কীৰ্তন ঘৰত গায়ন-বায়নসকলৰ এক বৃহৎ সংখ্যক ইছলামধৰ্মী লোকেই আছিল। ইয়াত ব্ৰাহ্মণ্যবাদ মানে ব্ৰাহ্মণ সম্প্ৰদায়টোক বুজোৱা হোৱা নাই বৰং এক মতাদৰ্শক বুজোৱা হৈছে । এজন লোক জন্মসুত্ৰে ব্ৰাহ্মণ হলেও মতাদৰ্শ ব্ৰাহ্মণ্যবাদী নহবো পাৰে ।সেইদৰে কোনো লোক জাতত ব্ৰাহ্মণ নহলেও মতাদৰ্শ ব্ৰাহ্মণ্যবাদী হব পাৰে । বৃটিছৰ দিনৰে পৰা এক নতুন ধৰণৰ ব্ৰাহ্মণ্যবাদী চিন্তাই অসমীয়া জাতীয় সত্বাটোৰ এনাজৰিডাল সোলোকাবলৈ অহৰহ চেষ্টাত ব্ৰতী ।

অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গোৱালপাৰা আৰু ঢেক্কৰ অঞ্চলৰ অৱদান উল্লেখযোগ্য । প্ৰচীন কামৰূপৰ অধীনৰ এই অঞ্চল পিছলৈ কোচ ৰাজ্যৰ অধীনত আছিল আৰু ঢেক্কৰ অঞ্চল কেতিয়াবা কোচ আৰু কেতিয়াবা আহোমৰ অধীন হৈছিল । আহোমৰ অধীনলৈ গলেও আহোম প্ৰশাসনীয় ব্যৱস্থা জোৰ কৰি জাপি দিয়া নাছিল এই অঞ্চলত ।  কোচ-অসমৰ ভিতৰত ইতিমধ্যেই শংকৰদেৱৰ নাম ধৰ্মৰ প্ৰভাৱত গৰিষ্ঠসংখ্যক লোক অসমীয়া সত্বাটোত জীন গৈছিল । কোচঁ ৰজা নৰনাৰায়ন আৰু চিলাৰায়ৰ শংকৰদেৱক কৰা সহযোগিতাই কোচ-অসমত অসমীয়া সত্বাৰ বিকাশ হোৱাৰ অন্যতম ঐতিহাসিক কাৰণ বুলি কব পাৰি । পিচলৈ কোচৰাজ্যৰ অৱসানৰ পিছতো স্থানীয় সামন্ত সকলৰ শাসন কালতো নৱ বৈষ্ণৱ ধৰ্মই সেই অঞ্চলত বিকাশ হৈ গৈ থাকে । গোৱালপাৰাৰ সামন্তসকলো প্ৰথমে বৈষ্ণৱ ধৰ্মী আছিল যদিও পিছলৈ শাক্ত পন্থা লোৱা দেখা গল । কথিত আছে যে গুৰুশংকৰৰ পাদশিলা মেচপাৰা ৰাজ ৰণাৰামে বৰপেটাৰ পৰা আনি নিজ ৰাজপ্ৰাসাদত প্ৰতিস্থা কৰিছিল ।কিন্তু পিছলৈ শক্তি পূজা কৰিবলৈ লোৱাত পাদশিলা চুৱা যোৱাৰ ভয়ত ৰাজপ্ৰাসাদৰ পৰা আতৰাই আছুতীয়াকৈ সত্ৰ পাতি দিয়ে । বৃটিছ শাসনত বংগৰ সৈতে হোৱা প্ৰত্যক্ষ সম্পৰ্কৰ বাবে একাংশ প্ৰাচীন জমিদাৰ পৰিয়ালেও  বঙালী জাতীয়তাবোধত অৱস্থান কৰা দেখা গল । বৃটিছকালীন সময়ত বহুতো বংগীয় আমোলাই অঞ্চলবিশেষে বঙালী জাতীয়তাবোধৰ চেতনা বিকাশ কৰিলে যদিও সাধাৰণ কৃষক সমাজে শৰণীয়াহৈ অসমীয়া জাতীয় সত্বাক আকোৱালী ললে আৰু কিছুসংখ্যকে গোষ্ঠীজ চেতনাৰ মাজত থাকি গল ।মান ভগনৰ সময়তো বহুখিনি লোক আহোম শাসিত অঞ্চলৰ পৰা আহি গোৱালপাৰাত থিতাপি লোৱাত তেওঁলোকেও এক অসমীয়া সত্বাৰ বিকাশ সাধন কৰিলে বুলি অনুমান কৰিব পাৰি ।গোৱালপাৰাৰ খিলঞ্জীয়াসকলে পিছলৈ দেশী-কামতাপুৰী-গোৱালপাৰীয়া আদি নামেৰে এক পৰিচয়ৰ বিকাশ হল যদিও বৃহত্তৰ অসমীয়া সত্বাৰো বিকাশ সাধন কৰিলে ।বৃটিছ কালীন সময়ত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মেচপাৰা জমিদাৰ বংশৰ নগেন্দ্ৰ নাৰায়ন চৌধুৰীয়ে অসমীয়া সত্বাটোৰ বিকাশ সাধন কৰিলে আৰু আচাম এছছিয়েছন আৰু অসমীয়া ভাষা উন্নতি সাধীনি সভাৰ  সৈতে জড়িতহৈ আৱাহন প্ৰকাশ কৰাৰ আগভাগলৈ অসমীয়া ভাষা প্ৰতিষ্ঠাৰ সংগ্ৰামত ব্ৰতী হল। সত্ৰীয়া সংস্কৃতি আৰু ঠায়ে ঠায়ে নামঘৰ স্থাপন কৰি অসমীয়া সত্বাটোত জীন যোৱাৰ প্ৰক্ৰিয়া চলি থাকিল সৌসিদিনালৈ । পিছলৈ নীলাচল-উদায়াচল আদিৰ দৰে কমতাপুৰী  চেতনাৰ উত্থানহৈ জনগোষ্ঠীয় অস্তিত্ব ৰক্ষাৰ চিন্তাৰ বিকাশ হৈছে ।যিয়েই নহওঁক বহুতে গোৱালপাৰা আহোমৰ অন্তৰ্গত নাছিল বাবে গোৱালপাৰীয়া সকল অসমীয়া নহয় বুলি কোৱা দেখা যায় যদিও বৃহত্তৰ গোৱালপাৰাত অসমীয়া সত্বাৰ বিকাশ শংকৰদেৱৰ সময়তে হৈছিল ।মধুপুৰ সত্ৰ , বগুৱান কেৱলীয়া সত্ৰ , বালিজানা সত্ৰ আদিয়ে ইয়াৰ প্ৰমাণ কৰে । আনকি বৃটিছৰ তলতীয়া নোহোৱালৈকে প্ৰাচীন সামন্তই মোঘলৰ কৰতলীয়া হিচাপে থাকিলেও এক স্বতন্ত্ৰ শাসন ব্যৱস্থা চলিছিল যাৰ সৈতে আহোম ব্যৱস্থাৰ বহুখিনি সাদৃশ্য দেখা যায় । বংগৰ জমিদাৰী ব্যৱস্থাৰ সৈতে সেয়ে গোৱালপাৰাৰ জমিদাৰি ব্যৱস্থাৰ বৃহত পাৰ্থক্য আছে । পিছলৈ বৃটিছে চিৰস্থায়ী বন্দোবস্তীৰে এইবোৰ প্ৰাচীন ব্যৱস্থা সলনি কৰি সেই পাৰ্থক্যবোৰ নাইকীয়া কৰে । গোৱালপাৰাৰ ইতিহাসৰ ওপৰত গবেষণা এতিয়াও চালুকীয়া অৱস্থাতেই আছে । কিছুমান তথ্য উদ্ধাৰ কৰিব পাৰিলে ইতিহাসৰ বাবে নতুন বহু সমল ওলাব সেয়া নিশ্চিত । উল্লেখযোগ্য যে গোৱালপাৰাৰ মাকৰি পাহাৰত এক লিপি উদ্ধাৰ হৈছে যাৰ বিষ্ণুৰাভাই দেওধাই লিপি নামকৰণ কৰিছিল ।অন্য কোনো লিপিৰ সৈতে মিল নথকা এই লিপিৰ অৰ্থোদ্ধাৰ কৰিব পাৰিলে অসমৰ ইতিহাসৰ বহু বন্ধ দুৱাৰ খোল খাবও পাৰে ।

অসমীয়া জাতিক যদিও আমি ভাষিক নিৰ্মান বুলি কোৱা নাই তথাপি অসমীয়া ভাষাৰ ৰাজনৈতিক প্ৰভাৱ আৰু অসমীয়া সংস্কৃতিৰ সৈতে নিকট সম্পৰ্কই অসমলৈ প্ৰব্ৰজিত অখিলঞ্জীয়া সকলক অসমীয়া সত্বাটোৰ সৈতে সংপৃক্ত কৰা দেখা যায় । জাতি নিৰ্মানৰ দৰে অসমীয়া ভাষাও কোনো এক মুলৰ পৰা বিশুদ্ধভাবে বিকাশ হোৱা সত্বা নহয় বৰং উপৰোক্ত প্ৰব্ৰজনৰ ইতিহাসৰ ঐতিহাসিক কাৰকৰ ফল ।  প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিবৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে৷ অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে৷ এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়৷ তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ’ল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, বেণিমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড° জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, ড° বাণীকান্ত কাকতি, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড°উপেন্দ্ৰনাথ গোস্বামী, ড° গোলোক চন্দ্ৰ গোস্বামী, ড° মহেশ্বৰ নেওগ, ড° নগেন ঠাকুৰ, ড° ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত৷ বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ’ব পৰা নাই৷ প্ৰাক-আহোম যুগৰ কামৰূপৰ হিন্দুৰজাসকলৰ তাম্ৰফলিবোৰ সংস্কৃতত লিখা হ’লেও তাৰ মাজত সোমাই থকা অনাৰ্য শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিত্বৰ কথাকে সুচাই৷ বেণীমাধৱ বৰুৱাই ই এই কথিত ভাষাটোক কামৰূপী প্ৰাকৃত নাম দিছে৷ ডিম্বেশ্বৰ নেওঁগ,,বিশ্বেশ্বৰ হাজৰিকা আদিয়েই এই মতকে পোষণ কৰিছে৷ ড° ডিম্বেশ্বৰ নেওগে Growth of the Asamiya Language-ত অসমীয়া ভাষাৰা জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি চলি অহা ধাৰণাটো ভুল আৰু ই “it did not stand analysis and proper scrutiny” বুলি মন্তব্য কৰিছে৷ অসমীয়া ভাষাৰ বিকাশক ড° বাণিকান্ত কাকতীয়ে তিনিটা ভাগত ভাগ কৰিছে৷ (১).প্ৰাচীন অসমীয়া- চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ৷ এই কালছোৱাক আকৌ প্ৰাক-বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভগাব পাৰি৷(২)মধ্যযুগীয় অসম- সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰআৰম্ভণিলৈ৷ আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে৷ (৩).আধুনিক অসমীয়া- ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ৷ খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপত ৰাজত্ব কৰা  ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে৷

পণ্ডিতসকলে এই লিপি ব্ৰাহ্মী লিপিৰপৰা কুটিল বা সিদ্ধিমাতৃকা লিপি হৈ নাইবা ব্ৰাহ্মীৰ পৰা কামৰূপী লিপিৰ মাজেৰে উদ্ভৱ হোৱা বুলি মত পোষণ কৰে। ১৭শ শতিকা মানত অসমীয়া লিপিৰ তিনিটা শৈলী গঢ় লৈ উঠে (কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপি) যি ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। ৮ম-১২শ শতিকামানত ৰচনা কৰা বৌদ্ধ ধৰ্মসাধনাৰ গীত চৰ্যাপদত অসমীয়া লিপিৰ সকলোতকৈ পুৰণি প্ৰমাণ পোৱা যায়। আহোম ৰাজ্যতো বুৰঞ্জী লিখিবৰ বাবে অসমীয়া ভাষা আৰু লিপিৰ ব্যৱহাৰ কৰা হৈছিল। ১৯শ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা ‘ধৰ্মপুস্তক’ (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা যায় ।

১৮৭২ চনলৈকে অসমত বাংলা ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ চলোৱা হৈছিল , অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম বাংলা আছিল । বহুতেই এইক্ষেত্ৰত বঙালী পণ্ডিত সকলক জগৰিয়া কৰিব খোজে যদিও প্ৰকৃততে অসমৰ বিদ্যালয়ত বাংলা মাধ্যম চলোৱাৰ পক্ষ্যপাতি স্বয়ং বৃটিছ সকলেই আছিল । বাংলা ভাষা আৰু কলিকতাক বাদ দি অসমত ইংৰাজী শিক্ষা প্ৰৱৰ্তন অসম্ভৱ বুলিয়ে ভাবিছিল বৃটিছে । অৱশ্যে বঙালী আমোলা সকলে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে বৃটিছৰ ভূমিকাৰ সমৰ্থন কৰি অসমীয়া ভাষাৰ স্বতন্ত্ৰতাক অস্বীকাৰ কৰা নাছিল বুলিলে সেয়া নিশ্চয় সত্যৰ অপলাপ হব ।

এটা কথা নিশ্চত যে অসমত ভাষা ভিত্তিক জাতীয়তাবাদৰ প্ৰসাৰ ঘটাইছিল স্বয়ং খ্ৰীষ্টান মিচনেৰীসকলে । কিন্তু সেই ভাষাক গ্ৰহণযোগ্য মান্য ভাষাৰ ৰূপ দিয়াৰ আঁৰৰ ব্যক্তিজনেই আছিল বেজবৰুৱা । স্থানীয় উপভাষিক উপাদানবোৰৰ স্বতন্ত্ৰতা অক্ষুন্ন ৰাখিয়েই শদিয়াৰ পৰা ধুবুৰীলৈ এটা মান্য ভাষা সৃষ্টিত বেজবৰুৱাই আহোপুৰুষাৰ্থ কৰিছিল । কাৰণ বিংশ শতিকাৰ প্ৰথম ভাগতে বাংলা ভাষাৰ প্ৰভাৱ শেষ হৈ যোৱা নাছিল বৰং ঠাই বিশেষে শক্তিশালী ভাবে বাংলা ভাষাৰ প্ৰবাহ চলি আছিল । এনে দৰে বাংলা ভাষাৰ সম্প্ৰসাৰনে অসমীয়া ভাষাক ভবিষ্যতে সংকটত পেলাব বুলি ভাবিয়েই বেজবৰুৱাই মান্য ভাষা এটা গঢ় দিয়াত আত্মনিয়োগ কৰিছিল ।এইক্ষেত্ৰত বেজবুৰৱাদেৱৰ সবল নেতৃত্বই তেখেতক অসমীয়া ভাষা-সাহিত্যৰ মহাৰথী কৰি থৈ গল ।

যি সময়ত উচ্চশিক্ষিত অসমীয়াক বৰ্ণবাদী চিন্তাই গ্ৰাস কৰিছিল সেই সময়ত বেজবৰুৱাই ধৰ্ম-জাত-পাতৰ উৰ্ধতগৈ সাধাৰন লোকৰ জীৱনৰ প্ৰতি মানবীয় সহানুভুতিশীলহৈ সাহিত্যৰ প্লট বাছনি কৰিছিল ।

সাধাৰণ মানুহৰ মুখৰ ভাষা, ফকৰা-যোজনা, উপমা অলংকাৰ , জটুৱা প্ৰকাশভংগী আদিৰ জৰিয়তে বেজবৰুৱাদেৱৰ ভাষাক অসমীয়া সাহিত্যৰ সৰ্বোত্তম আৰ্হি হিচাপে পৰিগণিত হৈ ৰল । যি সময়ত শিক্ষিত উচ্চবৰ্নই বিহুক ইতৰৰ সংস্কৃতি বুলি ইতিকিং কৰিছিল আনকি গুনাভিৰাম বৰুৱাৰ দৰে আধুনিক মনৰ মানুহেও ইয়াক সহজভাবে লব পৰা নাছিল সেই লোক সাহিত্য-লোককাহিনী আদিৰ উপাদানকে বেজবৰুৱাদেৱে সাহিত্যৰ উত্কৃষ্ট বিষয় হিচাপে বাছি লৈছিল । অসমীয়া ভাষা উন্নতি সাধিনী সভা , জোনাকীৰ প্ৰকাশ সকলো স্তব্ধ হৈ যোৱাৰ পিছত একমাত্ৰ বেজবৰুৱাদেৱৰ প্ৰচেষ্টাতেই পুনৰ ঠন ধৰি উঠিছিল ভাষা প্ৰতিষ্ঠাৰ সংগ্ৰাম । সেই সংগ্ৰামৰ একমাত্ৰ উদাহৰণ বাঁহী । ১৯১০ চনৰ পৰা ১৯২১ চনলৈ বাঁহী আছিল বেজবৰুৱাদেৱৰ এপাত শক্তিশালী অস্ত্ৰ । যিয়ে অসমীয়া ভাষাক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ যত্ন কৰিছিল বা অবান্তৰ সমালোচনা কৰিছিল বেজবৰুৱাদেৱে বাহীত তাৰ চোকা প্ৰত্যুত্তৰ দি মুখ মাৰিছিল । বাঁহীৰ তুনত তেওঁ ভৰাই লৈছিল অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ যুক্তি-তথ্য লগতে কৃপাবৰী সাহিত্যৰ দৰে ব্যংগৰ ধাৰাল কাড় ।এই সংগ্ৰামত তেওঁৰ সহযোদ্ধা আছিল চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা , ডিম্বেশ্বৰ নেওঁগ , পদ্মধৰ চলিহা, অমিয় কুমাৰ দাস , যতীন্দ্ৰনাথ দুৱৰা আদি গুণী ব্যক্তিসকল ।

বংগদেশত হোৱা নৱজাগৰণে কেবল বংগদেশতে নহয় সমগ্ৰ ভাৰততে নতুন চিন্তাৰ এক ঢৌ বিয়পাই দিছিল । উনবিংশ শতিকাৰ শেহৰ ফালে কলিকতাত পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকলে এই নৱজাগৰণৰ মাজতে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ পথ বিচাৰি পাইছিল  ‘পৰোক্ষভাবে হলেও অসমীয়া ভাষা-সাহিত্যৰ এই নৱযুগে অসমীয়া মানুহক ৰাজনৈতিক চেতনা আহৰণ কৰিব পৰাকৈ মানসিকভাবে প্ৰস্তুত কৰি তুলিছিল ।’*

অসমীয়া জাতি নিৰ্মানত মধ্যশ্ৰেণীৰ ভুমিকা উল্লেখযোগ্য  । আজিৰ অসমীয়া মান্য ভাষাটোও অসমীয়া মধ্যশ্ৰেণীৰেই অৱদান । কিন্তু আহোম ব্যৱস্থাৰ ভিতৰত মধ্যশ্ৰেণীৰ বিকাশ নহল , বিকাশ হল উপনিবেশিক বৃটিছৰ আমোলতহে । বহুসময়লৈ বৃটিছ শাসনৰ প্ৰতি আনুগত্য নথকা বা বিশ্বাস নকৰা আহোম সকলে বৃটিছ ব্যৱস্থাৰ সৈতে নিজকে সাঙুৰি লব নোৱাৰিলে । এই খালী ঠাই অধিকাৰ কৰিলে অনা-আহোম সম্প্ৰদায়ে । যিসকলৰ মাজত আহোম শাসনৰ গণতান্ত্ৰিক মতাদৰ্শতকৈ সত্ৰ-সামন্তীয় আৰু হিন্দু ধৰ্মীয় মতাদৰ্শ বা সংস্কৃতায়নৰ প্ৰভাৱহে অধিক আছিল । অসমীয়া মধ্যশ্ৰেণীয়ে কেৱল এক জাতীয় ধৰ্মইহে জাতি গঠনৰ পূৰ্ব চৰ্ত বুলি কিজানি ভুল কৰিছিল ।যাৰ বাবে তেওঁলোকৰ অৱস্থান বহুক্ষেত্ৰত হৈ পৰিছিল হিন্দু ধৰ্মৰ জাত-পাত কেন্দ্ৰিক । এই ধাৰণা কৌশলেৰে বৃটিছেই সুমুৱাই দিছিল ।পিছলৈ শিক্ষিতসকলে বংগৰ সৈতে সম্পৰ্কত থকা বাবে বংগৰ ব্ৰাহ্ম ধৰ্মৰ প্ৰতিও আকৃষ্ট হৈছিল ।যিয়েই নহওঁক অসমীয়া মধ্যশ্ৰেণীৰ এই ধৰ্মীয় আধ্যাত্মিকতাৰ চেতনাই স্বাধীনতা আন্দোলনৰ সময়ত সৰ্বভাৰতীয় চেতনাৰ বাবে ঠাই উলিয়াই দিছিল । আনহাতে আহোম আদিকৰি জনজাতীয়সকল এই জাত-পাতৰ বৰ্ণবাদী চিন্তাত পিছপৰা সম্প্ৰদায়লৈ পৰ্যবশিতহৈ এক ধৰণৰ নিজৰ মাজতে অসমীয়া মুলসুতিৰ পৰা একপ্ৰকাৰ বিচ্ছিন্নতাবাদী চিন্তাৰ বিকাশ ঘটাইছিল ।এই মধ্যশ্ৰেণীৰ অন্যতম কাণ্ডাৰী নিলমনি ফুকনৰ দৰে বুদ্ধিজীৱী সকলৰ কেতবোৰ জনজাতি বিৰোধী মন্তব্যই অসমীয়া মুলসুতিৰ প্ৰতি জনজাতিয় সকলৰ মনত একপ্ৰকাৰ সন্দেহৰ বীজ ৰোপন কৰিছিল । যাৰ বাবে এসময়ত আৰ্য-সংস্কৃতমুলৰ নাম-উপাধি বৰ্জন কৰি কচাৰীসকলে নিজৰ উপভাষা-দোৱানত নাম উপাধি লিখিবলৈ লৈছিল । ইমানদিনে চলি অহা অসমীয়া জাতি গঠনলৈ এইবোৰ একো একোটা ধুমুহাহৈ থিয় দিছিল । বৃটিছৰ উপনিবেশিক শাসন পদ্ধতিয়ে সৃষ্টি কৰা বৰ্ণবাদী আধিপত্যবাদত শংকিত জনজাতিসকলে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা কৰাই স্বাভাৱিক । ইমানৰ পিছতো কিন্তু অসমীয়া স্বতন্ত্ৰ সত্বাটোৰ বিনাশ হোৱা নাছিল বৰং ইয়াক বিকাশ কৰিবলৈ মধ্যশ্ৰেণীৰ মাজতে এচাম প্ৰগতিশীল লোকে অহৰহ চেষ্টা কৰিছিল ।পাহাৰীয়া জনজাতি , আহোম আৰু একাংশ উচ্চবৰ্ণৰ লোকেও সৰ্বভাৰতীয় চেতনাত থকা জাত পাত আৰু বৰ্ণবাদী হিন্দীভাষিক আধিপত্যবাদ অসমৰ জাতীয় স্বতন্ত্ৰতাৰ বাবে ক্ষতিকাৰক বুলি বিবেচনা কৰিছিল আৰু অসমৰ স্বাধীনতা দাবী কৰিছিল । দেশবিভাজনৰ সময়ত আহোম সভাৰ প্ৰতিষ্ঠাতা সুৰেন্দ্ৰনাথ বুঢ়াগোহাইয়ে আনকি বিচ্ছিন্নতাৰ অধিকাৰৰ সৈতে পাকিস্থানৰ সৈতেহে থকাৰ কামনা কৰি জিন্নালৈ চিঠি লিখিছিল ।স্বাধীনতা আন্দোলনৰ মাজত পোখা মেলা এই সৰ্বভাৰতীয় হিন্দু-হিন্দী-হিন্দুস্থানী আধিপত্যবাদৰ বাবেই আহোম সভাই মুছলীম লীগৰ সৈতেহে ঐক্য স্থাপন কৰিছিল । এইদৰে সমগ্ৰ অসমীয়া মধ্যশ্ৰেণীয়ে হৈ পৰিছিল ভিন্ন মতাদৰ্শত বিভক্ত আৰু বিভাজিত ।

  এই মধ্যশ্ৰেণীৰ গৰিষ্ঠাসংখ্যক সত্ৰ ব্যৱস্থাৰ পৰা অহা ।সত্ৰ এনে এক সামাজিক প্ৰতিষ্ঠান আছিল যাৰ উদ্দেশ্যই আছিল সমাজৰ পিছপৰা লোকসকলক হৰি-ভকতৰ মাজেৰে সত্ৰ্ৰৰ গুৰুত্বূপূৰ্ণ বিষয়বাব দিয়া হৈছিল । সত্ৰই একপ্ৰকাৰ খ্ৰীষ্টান মিচনেৰীৰ দৰে কাম কৰিছিল । আহোম শাসকে বিপুল পৰিমাণৰ ভূ-সম্পত্তি সত্ৰলৈ দান দিয়াৰ ফলত সত্ৰক কেন্দ্ৰ কৰি এক পুজিভিত্তিক অৰ্থনীতি স্থাপন হৈছিল । উত্তৰাধিকাৰ সুত্ৰে ভূমিৰ অধিকাৰ পোৱা সত্ৰৰ পাইক সকল আহোম ব্যৱস্থাতকৈ স্বাধীন আছিল আৰু চাহ বাগানবোৰলৈ ভূমি লীজত দি থলুৱা পুজিবাদৰ বিকাশত বৰঙনি যোগাইছিল বুলি ড০ মনোৰমা শৰ্মাই যুক্তি আগবঢ়াইছে যদিও চাহ বাগানবোৰে থলুৱা পুজিতকৈ বৃটিছৰ সাম্ৰাজ্যবাদী একেচেতীয়া পুজিহে তৈয়াৰ কৰিছিল বুলি প্ৰমাণিত হয় । অৰ্থাত সত্ৰবোৰত একধৰণে বৃটিছে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি বৃটিছৰ অনুগত হবলৈ বাধ্য কৰিছিল । কোচ-কচাৰী আদি জনজাতি ৰজাৰ পো-পোৱালীসকলৰ অধিকাৰ কৰ্তন কৰাৰ সমান্তৰালকৈ সত্ৰৰ অন্তৰ্গত উচ্চবৰ্ণৰ লোকসকলক অনুগ্ৰহ কৰি বৃটিছে এক ডিভাইড এণ্ড ৰুল কৌশল লৈছিল । ফলত সত্ৰই প্ৰস্তুত কৰা আৰ্হিমতেই এখন অধিক বিভক্ত, অধিক স্তৰবিন্যস্ত সমাজৰ ক্ষেত্ৰ প্ৰস্তুত কৰিলে আৰু আহোম যুগৰ সুষম সামাজিক বৈশিষ্টৰ পৰা জনগনক বঞ্চিত কৰিলে । অসমীয়া জাতি নিৰ্মানত প্ৰথম মক্ষোম আঘাত ৰূপে বিবেচিত হল এই পৰিঘটনা । বৃটিছে কৌশলেৰে যি ব্ৰাহ্মণ্যবাদী চিন্তাৰ প্ৰসাৰ কৰি একাংশ লোকক বৃটিছৰ অনুগত ভৃত্য কৰিবলৈ সক্ষম হল তাৰ ফলস্বপূপেই অসমীয়া মধ্যশ্ৰেণীৰ মাজত গা কৰি উঠিছিল অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ স্বাৰ্থৰ বিপৰীত চিন্তা ধাৰা ।ভাষা ভিত্তিক জাতি-চিন্তাৰে উমৈহতীয়া অসমীয়া ভাষাক আধিপত্যবাদী সম্প্ৰসাৰণবাদী ভাষালৈ পৰ্যবশিত কৰিলে এইসকলেই । এই চিন্তাধাৰাই জনগোষ্ঠীবোৰৰ মাজত পুনৰুত্থানবাদী চিন্তাৰ প্ৰসাৰ ঘটালে । বৃটিছে কৌশলেৰে যে কেবল ব্ৰাহ্মণ্যবাদৰে উতসাহিত কৰিলে এনে নহয়, পিছলৈ সা সুবিধা দিয়াৰ নামত আহোম সম্প্ৰদায়কো নিজৰ স্বাৰ্থৰ বাবে নিজৰ বহতীয়া কৰি পেলালে ।অসমীয়া ভাষা প্ৰৱৰ্তনত সত্ৰবোৰৰ ভুমিকাও নেতিবাচক বুলি ৰত্নেশ্বৰ মহন্তৰ ৰচনাৱলীত উল্লেখ আছে । নিজে বলিয়াগৰু সত্ৰৰ সত্ৰাধিকাৰৰ বংশৰ হৈও ৰত্নেশ্বৰ মহন্তই হেমচন্দ্ৰ গোস্বামীলৈ ১৮৮৮ চনত এখন চিঠি লিখিছিল যত, অসমত অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰচলন কৰাৰ সপক্ষে আউনীআটী সত্ৰ ভুমিকাৰ সমালোচনা কৰিছিল ।বাংলাপ্ৰেমত কেৱল আউনীআটীয়েই নহয়, দক্ষিণপাট সত্ৰও উদ্বাউল আছিল । বেণুধৰ শৰ্মাই লিখিছিল যে, সত্ৰৰ বিভিন্ন উত্সৱ, নাটকৰ সংলাপ আদিত অসমীয়াৰ ঠাইত বংলা ভাষাহে সত্ৰবোৰে পচন্দ কৰিছিল । পিছলৈ অৱশ্যে নৰদেৱ গোস্বামীয়ে অসম সাহিত্য সভালৈ ৫০০০ টকাৰ অনুদান দি ভাষা সম্পৰ্কত সত্ৰৰ অতীতৰ বাংলা প্ৰীতিৰ বোধহয় ক্ষতিপুৰণ কৰিব বিচাৰিছিল । ৮) অসমীয়া জাতি গঠন প্ৰক্ৰিয়া, পৃ ৮৫ সত্ৰৰ বৰ্ণবাদী ভুমিকাত কৈৱৰ্তসকলো নাৰাজ আছিল । সদৌ অসম কৈৱৰ্ত সন্মীলনে এক চৰম সিদ্ধান্তলৈ সত্ৰাধিকাৰসকলক ধৰ্মীয় কৰ কাটল বন্ধ কৰি দিছিল । আনকি জাতি গঠনত অভুতপূৰ্ব অৱদান যোগোৱা আহোম সকলেও সত্ৰৰ ভূমিকাত অসন্তুষ্ট আছিল । আহোম সভাই এইবুলি আহ্বান জনাইছিল যে, ৰাইজে যেন সামাজিক সকাম নিকামত আহোম পুৰোহিতহে লগায় । কাৰণ হিন্দু পুৰোহিত আৰু গোস্বামীসকলে সম্প্ৰদায়টো বিভক্ত কৰে ।৯)পৃ ৬৪ অসমীয়া জাতি গঠন । একমাত্ৰ গৰমূড় সত্ৰৰ সত্ৰাধিকাৰে নিজকে বৰ্ণবাদৰ উৰ্ধত অৱস্থান কৰাই অস্পৃশ্যতাৰ বিৰোধিতা কৰি এক নীতি আগত ৰাখিছিল ।পীতাম্বৰ দেৱ গোস্বামীয়েও প্ৰত্যক্ষভাবে ব্ৰাহ্মণ্যবাদৰ বিৰোধীতাৰে যুৱ-ছাত্ৰক সংগঠিত কৰি জাতিগঠন প্ৰক্ৰিয়াত অৰিহনা যোগাইছিল ।

ড০ দেৱব্ৰত শৰ্মাই অসমৰ জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠান সমূহ নামৰ গ্ৰন্থত লিখিছে যে ,…আহোম ডা ডাঙৰীয়া সকলক একাষৰীয়া কৰি বৃটিছে আহোম ৰাষ্ট্ৰক সেৱা কৰা বৰ্ণহিন্দু সকক কিন্তু পুনৰ্বাসন কৰিলে । কাৰণ এই স্তৰ বা শ্ৰেণীটো আছিল বৃটিচৰ বৰ পচন্দ স্থানীয় শ্ৰেণী যাক ই নিশ্চিন্তে পৃষ্ঠপোষকতা কৰিব পাৰিছিল। ব্ৰাহ্মণ্যবাদী সামন্তবাদৰ তাত্বিকসকল এইবাৰ পৰিণত হল বিদেশী সাম্ৰাজ্যবাদৰ বিশ্বস্ত স্তাৱকলৈ । এই নতুন স্তৰটোৱে ঔপনিবেশিক আধুনিকতাক শীঘ্ৰে আয়ত্ব আৰু আত্মসাত কৰিলে আৰু নিজে এটা শ্ৰেণীলৈ উন্নীত কৰিলে ।

এই শ্ৰেণীটোৱেই অসমীয়া জাতি এক ভাষিক নিৰ্মান বুলি এক জাতীয় ভাষা প্ৰৱৰ্তনৰ বাবে জনগোষ্ঠীবোৰৰ মাজত অসমীয়া ভাষা জাপি দিয়া আৰম্ভ কৰিলে । সাহিত্যৰ মাজতো সংকীৰ্ণ জাত পাত, জনজাতীয় বিদ্বেষ স্বাভাৱিকতেই দেখা গল । এই শ্ৰেণীটোৰ এই অৱস্থানে আহত কৰিলে জনজাতি সকলক আৰু তেওঁলোকে নিজৰ স্বপৰিচয়ৰ বাবে হাহাকাৰ কৰিবলৈ ধৰিলে । আনকি আহোম সকলেও নিজকে অসমীয়া নহয় বুলি কোৱা আৰম্ভ কৰিলে । এটা জাতিৰ বাবে ইয়াতকৈ আৰু ডাঙৰ ট্ৰেজেদী আৰু কি হব পাৰে ।

বৃটিছে কৌশলেৰে যে কেবল ব্ৰাহ্মণ্যবাদী উচ্চহিন্দুকেই উতসাহিত কৰিলে এনে নহয়, পিছলৈ সা সুবিধা দিয়াৰ নামত আহোম সম্প্ৰদায়কো নিজৰ স্বাৰ্থৰ বাবে নিজৰ বহতীয়া কৰি পেলালে যেতিয়া আহোম সম্পূৰ্ণভাবে ভাঙি পৰি নখ দন্তহীনহৈ পৰিছিল ।পিছলৈ আহোমৰ মাজতো এক বৃটিছৰ অনুগত মধ্যশ্ৰেণীৰ জন্ম হল । তেতিয়া আকৌ বৰ্ণহিন্দু সকলে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি বৃটিছৰ আস্থা হেৰুৱালে ।বৃটিছৰ এই divide and rule policy  চলি থাকিল দীৰ্ঘদিনলৈ ।

পদ্মনাথ গোহাই বৰুৱাৰ উদ্যোগত আহোম সভা ১৮৯৩ চনত প্ৰতিষ্ঠা হয় । আহোম সভাৰ ভুমিকা বৃটিছৰ অনুগতহৈ আহোম সকলৰ বাবে সুবিধা আদায় কৰাহে আছিল । পিছলৈ কংগ্ৰেছ মতাদৰ্শী আহোম সভাৰ বহু নেতা কৰ্মীয়ে আহোম সভা ত্যাগ কৰি পদ্মেশ্বৰ গগৈৰ পৌৰহিত্যত জাতীয়তাবাদী আহোম কনফাৰেঞ্চ গঠন কৰে । ১৯৪৫ চনত শ্বিলঙত মংগোলীয় দলবোৰক ঐক্যবদ্ধ কৰি এন খাৰিন , খংখাই,পদ্মেশ্বৰ গগৈৰ নেতৃত্বত Asam tribes and Races Fedaration গঠন হয়। পদ্মেশ্বৰ গগৈৰ নেতৃত্বত এটা প্ৰস্থাৱ লোৱা হয়–…the past history of Assam proper being never like that of the rest of India, this convention……..urge upon Govt. that Assam be separated from the rest of India,where there are number of division like Pakistan, Hindustan etc. and let Assam’s destiny be guided by the people of Assam. সুৰেন্দ্ৰ নাথ বুঢ়াগোহাইয়ে অসমৰ স্বাধীনতাৰ বাবে এইখন সভাতে বক্তব্য ৰাখিছিল । . ভৈয়াম জনজাতি লীগৰ নেতা সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে আনকি বংগদেশৰ পৰা কোচবিহাৰ আৰু জলপাইগুৰি অসমৰ সৈতে সংযুক্ত কৰাৰ পষোকতা কৰিছিল । আনহাতে গোৰ্খালীগেও দাৰ্জিলিং জিলা অসমৰ সৈতে সংযুক্ত কৰাৰ দাবী কৰিছিল । কাৰণ ঐতিহাসিকভাবে অসমৰ সৈতেহে সম্পৰ্ক আছিল আহোম সভাত নীতিগত সংঘাত আৰম্ভ হোৱাৰ মূলতে আছিল সাৰ্বভৌম অসমৰ দাবী।সেয়ে ঠানুৰাম গগৈ, গিৰীন গগৈ, ৰামেশ্বৰ চেতিয়া বৰা আদিয়ে কংগ্রেছৰ চত্রছাঁয়াত এটা ফৈদ আৰু মদন চন্দ্র বৰুৱা, ঘনকান্ত গগৈ ,পদ্মেশ্বৰ গগৈৰ আদিৰ নেতৃত্বত অন্য এটা অকংগ্রেছী ফৈদ গঠন হৈছিল।পিছৰ ফৈদটোৱে শেষত Asam tribes and Races Fedaration গঠন কৰিছিল। বৃটিছে তৈয়াৰ কৰি থৈ যোৱা মেপখনকে প্ৰকৃত অসম ভাবি তাৰ অখণ্ডতা বজাই ৰখাৰ চেষ্টা , অসমীয়া ভাষা জাপি দিয়াৰ প্ৰৱনতাই অসমীয়া জাতীয়তাবাদকো একে দোষে চুইছিল । কাৰণ সেই জাতীয়তাবাদ আছিল মধ্যবিত্তৰ উৰসত সৃষ্ট জাতীয়তাবাদ । সমমৰ্যাদা আৰু সমঅধিকাৰৰ ভিত্তিত মৈত্ৰীবন্ধনেহে প্ৰকৃত জাতীয় সত্বাক বিকাশ কৰিব পাৰে ।অথচ অসমৰ ইতিহাস বিকৃতকৰণেৰেহে তাহানিৰ বৃটিছৰ শৰণাপন্ন শিক্ষিত মধ্যবিত্তই অসমীয়া জাতীয়তাবাদৰ জুমুঠি গঢ়িছিল । সেই ভ্ৰান্তি আজিকোপতি মানুহৰ মনত পৰা মচা নগল । জনগোষ্ঠীয় পুনৰুথ্থানক বাধা দিবলৈকো এক সুস্থ জাতীয়তাবাদৰ প্ৰয়োজন যি পুনৰউথ্থানক সদায় সাৰ পানী দি আহিছে ভাৰত ৰাষ্ট্ৰৰ কূট ৰাজনীতিকবোৰে ।বেছিভাগ অসমীয়াই নাজানে যে ইয়াণ্ডাবু সন্ধি আহোম ৰজাই কৰা নাছিল। ইংৰাজ আৰু আভা ৰজা (মান)ৰ সৈতেহে হৈছিল । অসমৰ শাসন আহোম স্বৰ্গদেউৰ হাতত গতাই দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিতিহে ইংৰাজে অসম দখল কৰি ভাৰতৰ সৈতে চামিল কৰিছিল। ভাৰত স্বাধীনতা আইনৰ ১৯৪৭ৰ জড়িয়তে দেশ বিভাজনৰ নিৰ্দেশ আছিল আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ লগতে জৱাহৰলাল নেহেৰু, জিন্না আৰু মাউন্টবেটেনৰ তত্পৰতাত অসমক পূব পাকিস্থানৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত হৈছিল । অন্য উত্তৰ পূবৰ ৰাজ্যবোৰ যেনে ত্ৰিপুৰা, মনিপুৰ আদি ১৯৪৯ চনতহে ভাৰতীয় ইউনিয়নৰ সৈতে চামিল হৈছিল । অধিকাংশই যড়যন্ত্ৰমূলক আছিল । নগালেণ্ডক ১০ বছৰৰ কাৰণে নগাঐক্য স্থাপনৰ পিছত স্বাধীনতা অৰ্পন কৰাৰ চুক্তি কৰিহে ভাৰতৰ অধীনলৈ আনিছিল ।

স্বাধীনতাৰ আগতেই অম্বিকাগিৰি ৰায়চৌধুৰী,জ্ঞাননাথ বৰা, মহেন্দ্ৰনাথ ডেকাফুকন আদিয়ে অসমৰ বাবে পৃথক শাসন দাবী কৰি গুৱাহাটীত বিশাল সমাবেশ কৰিছিল । অসমৰ স্বতন্ত্ৰতাৰ দাবীত জাতীয় মহাসভাৰ জন্ম দি জাতীয় কংগ্ৰেছৰ সমান্তৰাল শক্তি হিচাপে পৰিগনিত হৈছিল ।সেইবোৰ অসমীয়া জাতীয়তাবাদৰ আন এক অধ্যায় ।

যি কি নহওঁক, উপনিবেশিকৰণৰ সময়ত বৃটিছে বহুসংখ্যক বঙালী হিন্দু অসমলৈ আমদানি কৰিলে আৰু চাহবাগানৰ শ্ৰমিক হিচাপে বুজন সংখ্যক চাওতাল, মুণ্ডা, উৰিয়ান লোকক অসমৰ চাহ বাগানত সংস্থাপিত কৰিলে ।বৃটিছৰ শাসন কালতেই মাৰোৱাৰী বনিক গোষ্ঠীৰ আগমন ঘটিল ।এওঁলোকৰ নগন্য এচামে অসমীয়া সত্বাত জীন গলেও সৰহ সংখ্যকে নিজৰ সন্তানক বাংলা –হিন্দী মাধ্যমত পঢ়া শুনা কৰোৱাই অসমীয়া সত্বাটোৰ পৰা আতৰি থাকিল ।   তাৰোপৰি নামনি অসমৰ জমিদাৰ আদিয়ে সস্তীয়া কৃষি শ্ৰমিক হিচাপে পূৰ্ববংগীয় মুছলমানক আনি বহুৱালে। এই সকলৰ প্ৰব্ৰজন ১৯০৩ ৰ পৰা ১৯৪৭ চনমানলৈ হৈ থাকিল আৰু চৰণীয়া পথাৰ নাইবা নৈপাৰৰ ঠাইবোৰত অধিকাৰ কৰি বহিলে ।দেশবিভাজনৰ পিছত এওঁসকলৰ অনুপ্ৰবেশ অবৈধ বুলি ঘোষণা হল যদিওঁ অনুপ্ৰবেশ বন্ধ নহল । কৃষিভুমিৰ অভাৱ আৰু জমিদাৰৰ অত্যাচাৰেই এই পূৰ্ববংগীয় মুছলমানক অসমলৈ আহিবলৈ বাধ্য কৰালে । দেশ বিভাজনৰ সময়ত আৰু পিছতো পূৰ্বপাকিস্থানত হিন্দু বঙালী সকলৰ ওপৰত ক্ৰমৱৰ্ধমান অত্যাচাৰৰ বাবে বুজন সংখ্যক হিন্দু বঙালীৰ অসমলৈ প্ৰব্ৰজন ঘটিল ।বাংলাদেশ মুক্তিযুদ্ধৰ সময়তো বহু লোকৰ অসমৰ ভূমিলৈ অনুপ্ৰবেশ ঘটিল ।  বৰাক উপত্যাকাতো খিলঞ্জীয়া মুছলমান আৰু কোচ-ৰাজবংশী লোকসকলক সংখ্যালঘু কৰি এই পূৰ্ববংগীয় মুলৰ মুছলমান সকলেই সংখ্যাগুৰুহৈ পৰিল । এই পূৰ্ববংগীয় মুছলমান সকলে অসমীয়া মাধ্যমত পঢ়ি , অসমীয়া ভাষা-সংস্কৃতিৰ চৰ্চা কৰি আনকি অসমীয়া মাতৃভাষা বুলি লোকপিয়লত লিখাতে সীমাবদ্ধ নাথাকি জাতীয় আন্দোলনবোৰতো অংশগ্ৰহণ কৰা দেখা গল । দ-মাটিত শালি খেতি, মৰাপাট খেতি, ৰবি শস্য উতপাদনৰ ওপৰিও শ্ৰমিক হিচাপে উতপাদন ক্ষেত্ৰত এওঁসকলে অভূতপূৰ্ব অৰিহনা যোগালে । অসমত প্ৰথমতে খুচুৰা ব্যৱসায় আৰম্ভ কৰি অসমীয়াক ব্যৱসায়ৰ প্ৰতি উতসাহিত কৰা একমাত্ৰ সম্প্ৰদায় এওঁলোক ।   অথচ বিদেশী ইচ্যুটোৰ বাবে এইসকলৰ মাজত জনসংখ্যা বৃদ্ধিৰ তুলনামুলক অস্বাভাৱিক হাৰে থলুৱা জনগোষ্ঠী সকলক শংকিত কৰি তুলিলে বাবে মুলসুতিৰ অসমীয়া সমাজখনে তেওঁলোকক আকোৱালী লোৱাত হীন দেৰি হোৱা দেখা গল । তেওঁলোকৰ মাজত থকা ইছলাম ধৰ্মীয় গোড়ামীৰ বাবে অসমৰ ধৰ্মনিৰপেক্ষ জাতীয় সংস্কৃতিৰ সৈতে তাল মিলাব নোৱাৰি অসমীয়া সত্বাটোক আন্তৰিকতাৰে আকোৱালী লোৱাৰ অভাৱ দেখা গল ।অৱশ্যে পূৰ্ববংগীয় মুছলমান লোকৰ দৰে খুব কম সংখ্যক হিন্দু বঙালীয়ে অসমীয়া ভাষা সংস্কৃতিলৈ এই অৱদান যোগোৱা দেখা গল । চাহ শ্ৰমিক সকলেও নিজৰ দোৱান –কৃষ্টি আদি বাহাল ৰাখিও অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া সত্বাত জীন গল । চুবুৰীয়া নেপাল আৰু ভূটানৰ পৰাও আনকি চীন মুলৰ লোকৰ প্ৰব্ৰজনো বৃটিছ কালীন সময়ত ঘটি থাকিল । এওঁলোকৰ কিছুমান অসমীয়া সত্বাটোত জীন গল কিছুমান সেই সত্বাটোৰ পৰা আতৰত অৱস্থান কৰিলে ।

ওপৰৰ আলোচনাৰ পৰা এটা সিদ্ধান্তত উপনীত হব পাৰি যে বহুতে ভবাৰ দৰে অসমীয়া এক ভাষিক নিৰ্মান নহয় । বৰং এই নিৰ্মান নিতান্তই ভৌগোলিকভাবে ঐতিহাসিক কাৰক বোৰৰ ওপৰত নিৰ্ভৰশীল । অৱশ্যে নিসন্দেহে সংযোগী ভাষা হিচাপে অসমীয়া ভাষা আৰু শংকৰদেৱৰ নামধৰ্ম , গুৰু মাধৱদেৱৰ  অসমীয়া জাতি গঠনত বৃহত অৱদান আছে যাক অস্বীকাৰ কৰা বাতুলতা হব । এই ভুখণ্ডত ভিন্ন ভাষিক গোষ্ঠীৰ , ভিন্ন ধৰ্মীয় মাৰ্গৰ বিকাশৰ একীভৱন বা নিকটিভৱনৰ সংমিশ্ৰনে জন্ম দিয়া সত্বাটোই হৈছে অসমীয়া । কোনোবা গোষ্ঠী এই একীভৱন প্ৰক্ৰিয়াৰ আতৰত থাকি গল, কিছুমানে এই একীভৱনত জীন গল আৰু কিছুমানে জীন নগৈ নিজৰ সুকীয়া গোষ্ঠীজ পৰিচয় অক্ষুন্ন ৰাখিও উমৈহতীয়া সত্বাটোক আন্তৰিকতাৰে আকোৱালী ললে ।  একীভৱন হোৱা আৰু সম্পূৰ্নকৈ জীন নগৈ নিজৰ সুকীয়া গোষ্ঠীজ পৰিচয় অক্ষুন্ন ৰাখিও উমৈহতীয়া সত্বাটোক আন্তৰিকতাৰে আকোৱালী লোৱা সকলেই অসমীয়া জাতি । বহুতে ইয়াক এক জাতিলৈ সম্পূৰ্ণ বিকাশ নোহোৱা এক জাতিসত্বা বুলিও কব খোজে । জাতিগঠন প্ৰক্ৰিয়া এটা কেতিয়াও স্থবিৰ হৈ যাব নোৱাৰে । সেয়ে শেহতীয়া পুনৰূত্থানবাদৰ ফলত অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত নিকটভৱনেৰে সংমিশ্ৰন হোৱা একাংশ জনগোষ্ঠীয়ে বৃটিছৰ সময়ৰে পৰা আজিলৈ এই প্ৰক্ৰিয়াৰ পৰা মুক্ত হৈ নিজৰ স্বপৰিচয় উদ্ধাৰৰ চেষ্টা কৰাৰ বিপৰীতে এচাম নতুন জনগোষ্ঠী বা সম্প্ৰদায়ে এই প্ৰক্ৰিয়াৰ সৈতে সংপৃক্তহৈছে ।

আজি অসমীয়া জাতিৰ সংজ্ঞা দিব নোৱাৰা পৰিস্থিতি এটা উদ্ভৱ হোৱাৰ মুলতে বৰ্ণহিন্দু মধ্যশ্ৰেণীৰ ভাষা সম্প্ৰসাৰণৰ ফলস্বৰূপে সৃষ্ট জনগোষ্ঠীয় পুণৰুত্থানবাদ (বৰ্তমান বৰ্ণহিন্দু মধ্যশ্ৰেণীৰ দৰে জনজাতীয় মধ্যশ্ৰেণীৰ ক্ষমতাৰ লালসাৰ বাবেও) আৰু উপনিবেশিকৰণৰ পিছত অহা সকলক যিসকলে মাতৃভাষা অসমীয়া লিখিলেও সম্পূৰ্ণকৈ অসমীয়া জাতীয়তাত জীন যাব পৰা নাই তেওঁলোকৰ ক্ৰমবৰ্ধমান সংখ্যাবৃদ্ধিত খিলঞ্জীয়া অস্তিত্বৰ শংকা । খিলঞ্জীয়াৰ অধিকাৰৰ সৈতে অসমীয়াৰ অধিকাৰক সাঙুৰা বাবে এই সমস্যাৰ সৃষ্টি । আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ খিলঞ্জীয়াৰ সংজ্ঞা এক গ্ৰহণযোগ্য সংজ্ঞা আন্তৰ্জাতিকভাবেও বুলি মানি লোৱা হৈছে । এই সংজ্ঞামতে “Indigenous communities, peoples and nations are those which, having a historical continuity with pre-invasion and pre-colonial societies that developed on their territories, consider themselves distinct from other sectors of the societies now prevailing on those territories, or parts of them. …..

 peoples in independent countries who are regarded as indigenous on account of their descent from the populations which inhabited the country, or a geographical region to which the country belongs, at the time of conquest or colonization or the establishment of present state boundaries and who irrespective of their legal status, retain some or all of their own social, economic, cultural and political institutions.”

অৰ্থাত, থোৰতে কবলৈ হলে উপনিবেশিকৰণৰ আগৰ পৰাই নিজস্ব স্বতন্ত্ৰ সংস্কৃতি, ভাষা , সামাজিক আৰু ৰাজনৈতিক সত্বাৰে এটা ভূখণ্ডত পুৰুষানুক্ৰমে বসবাস কৰা সকলেই খিলঞ্জীয়া বুলি কব পাৰি ।

অসমৰ ক্ষেত্ৰত খিলঞ্জীয়া বুলি কলে আহোম অসমৰ ভিতৰত ১৮২৬ চনৰ আগত বসবাস কৰা সকল আৰু গোৱালপাৰাক সামৰি কোচ-অসমৰ ভিতৰত চিৰস্থায়ী বন্দোবস্তী প্ৰৱৰ্তনৰ পূৰ্বৰ সময় অৰ্থাত ১৭৯০ চনৰ আগত পুৰুষাণুক্ৰমে বসবাস কৰাসকল । যদিও কোচ ৰাজ্য পতনৰ পিছত বংগৰ নৱাবৰ অধীনত আছিল তথাপি সামন্ত ৰজাসকল কৰতলীয়া হিচাপে উক্ত ভূখণ্ড অধিকাৰ কৰি আছিল । বৃটিছেও সেই একে নীতি অৱলম্বন কৰি শাসন চলাইছিল যদিও মেচপাৰা ৰাজ, কৰৈবাৰী ৰাজ আৰু বিজনী ৰাজেও বিদ্ৰোহ কৰাত ১৭৯০ চনত বৃটিছে চিৰস্থায়ী বন্দোৱস্তীৰ অধীনত সমগ্ৰ ভূখণ্ড অনাত সামন্ত সকলৰ অধিকাৰ সম্পূৰ্ণকৈ খৰ্ব হয় আৰু প্ৰকৃতাৰ্থত বৃটিছৰ শাসনৰ অধীনলৈ আহে । সেয়ে কোচ-অসমৰ ক্ষেত্ৰত ১৭৯০ চনত উপনিবেশিক যুগ আৰম্ভ হোৱা বুলি কব পাৰি । তাৰ আগতে সেই ঠাইত পুৰুষাণুক্ৰমে  বসবাস কৰা সকলক খিলঞ্জীয়া বুলি কব পাৰি ।

 সামগ্ৰিকভাবে অসমীয়াৰ সামূহিক সত্বাটোক জীয়াই ৰাখিবলৈ হলে নিসন্দেহে খিলঞ্জীয়াৰ অধিকাৰক অগ্ৰাধিকাৰ দিবই লাগিব । কিন্তু অসমীয়া বুলি কলে খিলঞ্জীয়া , অখিলঞ্জীয়া সকলোকে সামৰিয়েই অসমীয়া জাতি । কিন্তু অসমীয়াৰ সংজ্ঞা নিৰ্নয় কৰিবলৈ হলে উপৰোক্ত ঐতিহাসিক দিশবোৰক বিশ্লেষণ নকৰাকৈ সংজ্ঞা নিৰ্ণয় অৰ্থহীন হব । কোনোৱে যদি অসমীয়া সত্বাটোৰ পৰা আতৰি গৈ নিজৰ গোষ্ঠীজ চেতনাক জাতীয় চেতনালৈ বিকাশ কৰিব খোজে তাক বাধা দিয়াও হব হঠকাৰী । বৰং অসমীয়াই সমগ্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সাংস্কৃতিক বিকাশ আৰু অস্তিত্ব ৰক্ষাৰ বাবে সহায়-সমৰ্থন কৰিব লাগিব ।সমান্তৰালভাবে অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া পৰিচয়ত জাহ যাব খোজা ন-অসমীয়া সকলোকো আদৰিলৈ তেওঁলোকৰ অধিকাৰৰ প্ৰতিও অসমীয়াই আন্তৰিকতাৰে সঠিক অৱস্থান লোৱা উচিত । হিন্দুত্ববাদী দৃষ্টিভংগীৰে অসমীয়া সত্বাৰ বিকাশটো নহয়েই বৰং ই সম্পূৰ্নৰূপে ধ্বংস প্ৰাপ্তহে হব । গোলকীয়কৰণৰ যুগত সকলো জনগোষ্ঠীয়েই সাম্ৰাজ্যবাদী সম্প্ৰসাৰণৰ বলি । তাৰোপৰি ভাৰত ৰাষ্ট্ৰৰ কেন্দ্ৰিভুত ৰাষ্ট্ৰব্যৱস্থা আৰু হিন্দী-হিন্দু-হিন্দুস্থানী আধিপত্যবাদ ক্ষুদ্ৰ জনগোষ্ঠীবোৰৰ লগতে অসমীয়া জাতি সত্বালৈও চৰম ভাবুকি । আজিৰ তাৰিখত গোলকীয় সাম্ৰাজ্যবাদ আৰু ভাৰতৰ কেন্দ্ৰীভুত ৰাষ্ট্ৰব্যৱস্থাৰ আধিপত্যবাদৰ বিৰূদ্ধে ঐক্যবদ্ধ অৱস্থান কেবল অসমীয়া জাতিসত্বাৰ বাবেই নহয় সমগ্ৰ জনগোষ্ঠীৰ বাবেও প্ৰয়োজন । কাৰণ অন্য কোনো নহয় বৰং এই দুই শক্তিয়েই হৈছে অসমীয়া জাতি সত্বাৰ প্ৰতি চৰম ভাবুকি ।

তেনেহলে অসমীয়া কোন ।উপৰোক্ত বিশ্লেষণ অনুসৰি উত্তৰত কব লাগিব  যে, ১) খিলঞ্জীয়াৰ অধিকাৰৰ চৰ্তত প্ৰাথমিকতা দি উপনিবেশৰ আগত (আহোম অসমৰ ক্ষেত্ৰত ১৮২৬ আৰু কোচ-অসম বা গোৱালপাৰাৰ ক্ষেত্ৰত ১৭৯০ চনৰ আগত) অসম নামৰ ঐতিহাসিক আৰু ৰাজনৈতিক সত্বাটোত জাহ যোৱা খিলঞ্জীয়া জনসমষ্টি ২) উপনিবেশৰ পিছৰ চোৱাত মুলৰ পৰা ছিন্নহৈ প্ৰব্ৰজিতহৈ অসমত স্থায়ীভাবে বসবাস কৰি অসমীয়া ভাষা গ্ৰহন কৰি শ্ৰম আৰু উতপাদনৰ মাজেৰে অসমীয়াৰ জাতীয় আশা আকাংক্ষাৰ সৈতে সংপৃক্তহোৱা সকলো অসমীয়া ; যাৰ অন্য কোনে পৃথক গৃহভূমি নাই , যিসকলে অসমীয়া ভাষা সংস্কৃতিক আকোৱালী লৈ উমৈহতীয়া সত্বাটোত বিলীন হৈছে  ।

আনহাতে উপনিবেশিকৰণৰ পিচত প্ৰব্ৰজিত হোৱা যিসকলৰ মাতৃভাষা অসমীয়া নহয় আৰু যিসকলে কেৱল লাভ আৰু জীৱিকাৰ বাবে অসমত বসবাস কৰি নিজৰ মুলৰ সৈতে সম্পৰ্ক ৰাখি চলে , যাৰ চেতনাত অসমৰ জাতীয় আশা আকাংক্ষাৰ সৈতে কোনো সম্পৰ্ক নাই তেওঁলোক অসমীয়া নহয়। অসমত যিয়ে বাস কৰে তেৱে অসমীয়া বুলি এচামে কব খোজা সকলে উপৰোক্ত ঐতিহাসিক সত্যবোৰক আওঁকান কৰে আৰু অসমীয়া কেৱল এক ভৌগোলিক সত্বা বুলি কব খোজে যিটো ধাৰণাই সমগ্ৰ জাতিৰ অস্তিত্বকেই ধুসৰ কৰি পেলায় ঠিক সেইদৰে অসমীয়া কেবল এক ভাষিক নিৰ্মান বুলি কলেও উপৰোক্ত ঐতিহাসিক সত্যবোৰক উপেক্ষা কৰাহে হব আৰু সেয়া হব জাতিটোৰ বাবেই এক হঠকাৰী সংজ্ঞা । আকৌ কৈছো অসমীয়াৰ জাতীয় সত্বটোক ৰক্ষা কৰিবলৈ হলে সমগ্ৰ অসমীয়াই খিলঞ্জীয়াৰ ভাষা সংস্কৃতি আৰু অধিকাৰ ৰক্ষাত আগভাগ লবই লাগিব । অসমীয়া জাতীয় সত্বা এটা ঐতিহাসিক সত্বা যাৰ সৈতে ভাৰতীয় সম্প্ৰসাৰণবাদী সত্বাটোক খিচিৰি পগালে ইতিহাসক বুকুত কটাৰী ৰেপাহে হব আৰু আমাৰ জাতীয় অস্তিত্ব বুলিবলৈ একো নাথাকিব ।নিজৰ অস্তিত্ব ৰক্ষা কৰি গোলকীয় বিশ্বৰ সৈতেও আগবাঢ়ি যাব লাগিব সচেতন ভাবে । যি জাতিয়ে বাহিৰা আগ্ৰাসনৰ পৰা নিজে ৰক্ষা কৰিব নোৱাৰে সেই জাতিৰ বিনাশ নিশ্চিত । সেয়ে আত্মৰক্ষাৰ সংস্কৃতিয়েই এটা জাতিৰ মহাসংস্কৃতি ।

সমাপ্ত*****************

সহায়ক গ্ৰন্থপঞ্জীঃ

1. Comprehensive history of Assam, H.K. Barpujari.

2. Comprehensive history of Assam..S.L.Barua..

3.ইতিহাস সোৱৰা ছশটা বছৰ.সৰ্বানন্দ ৰাজকোঁৱৰ

4. অসমৰ জাতি গঠন প্ৰক্ৰিয়া , ড০ দেৱব্ৰত শৰ্মা

5. নামনি অসমৰ মধ্যশ্ৰেণী, অনিল ৰায় চৌধুৰী

6. নগেন্দ্ৰ নাৰায়ন চৌধুৰী আৰু আৱাহণৰ গুৰিকথা, ড০ মীৰা দেৱী

7.ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া ছাত্ৰৰ ভূমিকা, ৰমেশ কলিতা

8. লুইত বৰাক আৰু ইচলাম, মেদিনী চৌধুৰী

9.কোচবিহাৰেৰে ইতিহাস, খা চৌধুৰী আমানত উল্লা আহমদ

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: ব্ৰহ্মপুত্ৰ উপত্যাকা
Anjan Sarma

Anjan Sarma

Related Posts

Indigenous people and their web of apathies
Special Report

Indigenous people and their web of apathies

by Monikankan Barooah
June 16, 2026
0

Indigenous people Monikangkan Barooah The century old struggle that culminated the habitat rights of Baiga tribes of Madhya Pradesh and...

Read moreDetails
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

June 11, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 9, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

June 9, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

June 17, 2026
Childhood under Siege

Childhood under Siege

June 16, 2026
Indigenous Agrobiodiversity: A Climate Survival Opinion

Indigenous Agrobiodiversity: A Climate Survival Opinion

June 16, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    35069 shares
    Share 14027 Tweet 8767
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15657 shares
    Share 6263 Tweet 3914
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    969 shares
    Share 388 Tweet 242
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    669 shares
    Share 268 Tweet 167
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    322 shares
    Share 129 Tweet 81
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3523 shares
    Share 1409 Tweet 881
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1065 shares
    Share 426 Tweet 266
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3847 shares
    Share 1539 Tweet 962
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6652 shares
    Share 2661 Tweet 1663
  • মাধৱদেৱৰ সাহিত্যকৃতি

    712 shares
    Share 285 Tweet 178
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d