-অঞ্জন শৰ্মা |
সমস্ত পৃথিৱীত এতিয়া যেন বেলেগ বিষয়ৰ প্ৰতি কাৰো আকৰ্ষণ নাই। কৰ’না বা কোভিড-১৯ ভাইৰাছৰ বিশ্বজুৰি হোৱা মহাসংক্ৰমণ এক নজীৰবিহীন ঘটনা – যি ভাইৰাছ মৃত্যুৰ কিৰিলীতেই ক্ষান্ত হৈ থকা নাই, বৰং ই মানৱসমাজৰ অৰ্থনীতি, সমাজ-সংস্কৃতি, অৰ্থনীতি, শিক্ষা, পৰিবহন, স্বাস্থ্য, পৰ্যটন, মন্দিৰ, মজজিদ, গীৰ্জা, প্ৰদুষণ, পৰিৱেশ, জীৱজগত, ইত্যাদি সকলোতে বিৰাট প্ৰভাৱ পেলাই এক সুতীব্ৰ জোকাৰণি তুলিবলৈ সমৰ্থ হৈছে। কৰ’না সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ দৰে ক্ষন্তেকীয়া বিষয় হৈ থকা নাই। আমি মহামাৰী বা অতিমাৰী আমাৰ জীৱনকালত দেখা নাছিলো, এইবাৰ দেখিলো, দেখি আছো, হয়তো বহুদিনলৈ দেখি থাকিম। প্ৰতিষেধক কেতিয়া প্ৰস্তুত হয় একো ঠিক নাই, প্ৰতিষেধক ওলোৱালৈ কৰ’নাই বা কেনে ৰূপ পৰিগ্ৰহণ কৰে তথা সেই ৰূপৰ সৈতে প্ৰতিষেধকে এঘড়ি যুঁজ দিব পাৰে নে নোৱাৰে – তাৰো ঠিক নাই। পৃথিৱীত ২২৮২১৫ জন মানুহৰ এতিয়ালৈ ( এই লেখাৰ সময়লৈ) মৃত্যু হ’ল, ৩২২০১৪৮ জন আক্ৰান্ত হ’ল, সময় যেন স্তব্ধ কৰি পেলাইছে কৰ’নাই। ২৭ এপ্ৰিল তাৰিখ, সোমবাৰে নিশাৰ পৰা নিউজিলেণ্ডত লেভেল-৪ ‘লকডাউন’ উঠাই দিয়া হৈছে বুলি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেছিন্দা আৰ্ডেনে ঘোষণা কৰি এইকথা যদিও কৈছে যে এতিয়াৰে পৰা নিউজিলেণ্ড কৰ’নামুক্ত দেশ হৈ পৰিল – কিন্তু সকলোৱে যেন কথাষাৰ মানি ল’ব পৰা নাই। নিউজিলেণ্ডত ১৪২৭ জন মানুহ কৰ’নাক্ৰান্ত হৈছিল আৰু ১৯ জনৰ মৃত্যু হৈছিল। এয়া সঠিক যে কৰ’নাক বাধা দি প্ৰশমিত কৰাৰ ক্ষেত্ৰত নিউজিলেণ্ড অতিশয় সফল হৈছে, যিদৰে হৈছে ছুইডেন । চেৰিফুলৰ দেশ জাপান, দক্ষিণ কোৰিয়া, ছিঙ্গাপুৰ, আদিৰ উপৰিও দ্বিতীয় বৃহৎ জনসংখ্যাৰ উপমহাদেশ ভাৰতবৰ্ষ আদিও এতিয়ালৈকে সফল হৈ আছে। কিন্তু কৰ’না সাময়িক পৰিঘটনা নহয় বুলি বিশ্ব স্বাস্থ্য সংস্থাই দ্ব্যৰ্থহীনভাৱে ঘোষণা কৰিছে। আফ্ৰিকা আৰু ভাৰত উপমহাদেশক লৈ বিশ্ব স্বাস্থ্য সংস্থা বিশেষভাৱে উদ্বিগ্ন হৈ আছে। উদ্বিগ্ন হোৱাৰ কাৰণো বহুত আছে।
এইবছৰৰ মাৰ্চ মাহত আমেৰিকাৰ ‘National Institute of Allergy & Infectious Diseases’ ৰ অন্যতম কৰ্ত্তা ড° এন্থনী ফা’উচিয়ে ঘোষণা কৰিছিল যে আমেৰিকাত কৰ’নাক্ৰান্ত হৈ ১০০০০০ আমেৰিকানৰ পৰা ২০০০০০ আমেৰিকানৰ মৃত্যু হ’ব পাৰে; ঘোষণা কৰাৰ ১০ দিন পিছত, সম্ভৱতঃ ট্ৰাম্পে হেঁচা প্ৰয়োগ কৰাৰ ফলত সেই সংখ্যা ৬০০০০ হ’ব পাৰে বুলি তেওঁ শুধৰণিমূলক ঘোষণা কৰিছিল। কিন্তু আজিৰ তাৰিখত ৬১৬৬৮ জন আমেৰিকানৰ মৃত্যুই তেওঁৰ আগৰ ঘোষণাই সঠিক বুলি প্ৰমাণ কৰিছে। ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখে কেলিফ’ৰ্ণিয়াৰ ছান্টা-ক্লাৰাৰ এগৰাকী ৫৭ বছৰীয়া মহিলাই কোভিড-১৯ ভাইৰাছৰ আক্ৰমণত মৃত্যুবৰণ কৰিছিল আৰু তেৱেঁই আছিল আমেৰিকাৰ মাটিত কৰ’নাৰ বলি হোৱা প্ৰথমগৰাকী আমেৰিকান। ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিললৈ আমেৰিকানৰ মৃত্যুৰ সংখ্যা ৬১৬৬৮ !! সমগ্ৰ বিশ্বৰ এক-চতুৰ্থাংশ! আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যিসময়ত চীনৰ সৈতে চুপতি মাৰি আছিল, লাগ-বান্ধ নথকা কথা কৈ আছিল ( এতিয়াও কৈ আছে, এতিয়াও উত্তৰ কোৰিয়াৰ কিম জং উনক লৈ মূৰ ঘমাই আছে), সেই সময়ত, অৰ্থাৎ জানুৱাৰী-ফেব্ৰুৱাৰী মাহৰ পৰা আমেৰিকাৰ চি-আই-এ( CIA)ৰ তৰফৰ পৰা ট্ৰাম্পক এবাৰ বা দুবাৰ নহয়, চীনদেশত বিস্তাৰিত হোৱা কৰ’না সম্পৰ্কে ১২ বাৰ সতৰ্ক কৰি দিছিল যদিও ট্ৰাম্পে বাৰম্বাৰ উপেক্ষা কৰিছিল। এতিয়াও কৰি আছে। সেইবাবেই আমেৰিকাত আমেৰিকানে এনেদৰে ক’বলৈ ধৰিছে যে আৰু কিমানৰ মৃত্যু হ’লে ট্ৰাম্পে কৰ’নাৰ ভয়াবহতাৰ গুৰুত্ব অনুধাৱন কৰিবলৈ যত্ন কৰিব? আমেৰিকাত কোনো কোনোৱে কৈছে -‘ ট্ৰাম্পে নিজৰ জেনেৰেলতকৈ ISIS-ৰ বিষয়ে বেছিকৈ জানে’!
ড° ফা’উচিয়ে আজিও সতৰ্কবাণী শুনাই ৰাষ্ট্ৰপতি আৰু অন্যান্য প্ৰদেশসমূহৰ শাসকসকলক সমন্বয়-সাধনৰ মাধ্যমেৰে আগবাঢ়ি কৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুদ্ধ কৰা উচিত বুলি কৈছে। অৱস্থা এতিয়া এনে হৈছে যে আমেৰিকাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কথাতকৈ ড° ফা’উচিৰ কথাহে বিশ্বাসযোগ্য হৈ পৰিছে। এক সমীক্ষামতে ২০০১ চনৰ পৰা আৰম্ভ হোৱা আফগানিস্তানৰ যুদ্ধক্ষেত্ৰত ২৪৪৫ জন আমেৰিকানৰ মৃত্যু হৈছিল, ২০০৩-২০১০ চনৰ ভিতৰত হোৱা ইৰাক-আমেৰিকা যুদ্ধত ৪৪৩১ জনৰ মৃত্যু হৈছিল, ‘Twin-Towers’ বা বিশ্ব বাণিজ্য কেন্দ্ৰত ওছামা বিন লাডেনে ঘটোৱা কান্ডত (৯/১১ বুলি প্ৰসিদ্ধ) ২৯৭৭ জনৰ মৃত্যু হৈছিল, ১৯৬৪-১৯৭৫ চনৰ ভিয়েটনাম যুদ্ধৰ সময়ত ৫৮২২০ জনৰ মৃত্যু হৈছিল, কোৰিয়া যুদ্ধৰ সময়ত ৩৬৫৭৪ জনৰ মৃত্যু হৈছিল, প্ৰথম মহাসমৰত ৬৩৪০২ জনৰ মৃত্যু হৈছিল,….; কিন্তু দ্বিতীয় বিশ্বযুদ্ধ আৰু গৃহযুদ্ধৰ সময়ত মৃত্যুৰ সংখ্যা বাদ দিলে এইপৰ্যন্ত কোভিড-১৯ নামৰ অদৃশ্য ভাইৰাছে আমেৰিকাৰ মাটিত সুদীৰ্ঘ ভিয়েটনামৰ যুদ্ধতকৈও অধিক কৰিবলৈ সক্ষম হৈছে মৃত্যুৰ সংখ্যা- ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈ, মাত্ৰ তিনিমাহৰো কম সময়ত! এতিয়া এইখিনিতে অইন এক উল্লেখযোগ্য কথা হ’ল, আমেৰিকাত মৃতকসকলৰ ভিতৰত সৰহভাগেই আফ্ৰিকান- আমেৰিকান, অৰ্থাৎ কৃষ্ণাঙ্গ! যদিও আমেৰিকাত কৃষ্ণাঙ্গৰ সংখ্যাধিক্য নাই বা শতকৰা হাৰ শ্বেতাঙ্গতকৈ ভালেখিনি কম, তদস্বত্ত্বেও তেওঁলোকৰ মৃত্যুৰ সংখ্যা অত্যাধিক! উদাহৰণস্বৰূপে, কলম্বিয়াত মুঠ জনসংখ্যাৰ ৪৬.৪% হ’ল আফ্ৰিকান-আমেৰিকান, কিন্তু কৰ’নাক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা আফ্ৰিকান -আমেৰিকানৰ সংখ্যা হ’ল ৮১% ; মিছিছিপিত মুঠ জনসংখ্যাৰ ৩৭.৮% হ’ল আফ্ৰিকান – আমেৰিকান, কিন্তু কৰ’নাক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা আফ্ৰিকান-আমেৰিকানৰ সংখ্যা হ’ল ৬৩.৯% ; জৰ্জিয়াত মুঠ জনসংখ্যাৰ ৩২.৪% হ’ল আফ্ৰিকান-আমেৰিকান, কিন্তু কৰ’নাক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা আফ্ৰিকান-আমেৰিকানৰ সংখ্যা হ’ল ৫৫.৯% ; …!! কিন্তু কিয়?
ইয়াৰ উত্তৰ হিচাপে ধাৰণা কৰা হৈছে যে আফ্ৰিকান-আমেৰিকানসকল মূলতঃ যি পৰিৱেশত থাকে, তেওঁলোকে যিবোৰ কৰ্মত নিয়োজিত হৈ থাকে, তেওঁলোকৰ যি ধৰণৰ অৰ্থনৈতিক অৱস্থা, সেইবোৰৰ বাবেই কৰ’নাই তেওঁলোকক সহজ চিকাৰ হিচাপে আক্ৰমণ কৰিছে আৰু আমেৰিকাৰ প্ৰশাসনেও প্ৰথমৰে পৰাই কৰ’নাক গুৰুত্ব দিয়া নাছিল হেতুকে ই বিস্তাৰিত হোৱাত সুচল হৈছে! প্ৰসঙ্গক্ৰমে ক’ব পাৰি, আমেৰিকাত আফ্ৰিকান-আমেৰিকান সকলৰ মধুমেহ ৰোগ শ্বেতাংগ সকলতকৈ অধিক [ কৃষ্ণাংগৰ ১৩.১% আৰু শ্বেতাংগৰ ৮.৬%] ; হাপানীৰোগৰ ক্ষেত্ৰতো কৃষ্ণাংগৰ পৰিমাণ ৯.১% আৰু শ্বেতাংগৰ ৭.৫% ; উচ্চ ৰক্তচাপ কৃষ্ণাঙ্গৰ ৩২.২% আৰু শ্বেতাংগৰ ২৩.৯% ; স্থূলতা(Obesity)ৰ ক্ষেত্ৰত কৃষ্ণাংগৰ ৩৮% আৰু শ্বেতাংগৰ ৩১% ; ইত্যাদি! সেইবাবেই বিশ্ব স্বাস্থ্য সংস্থাই আফ্ৰিকা, ভাৰত আদিক লৈ উদ্বিগ্ন হৈ পৰিছে। কাৰণ আফ্ৰিকাৰ কৃষ্ণাংগ সকলৰ, এছিয়াৰ ভাৰত-বাংলাদেশ আদিৰ সৰহসংখ্যক জনসাধাৰণৰ সামগ্ৰিক অৱস্থা আফ্ৰিকান-আমেৰিকানতকৈ উন্নত নহয়।
আমেৰিকাত চৰকাৰৰ হেমাহিৰ বাবে মুক্তভাৱে বিস্তাৰিত হৈ ভিয়েটনামৰ যুদ্ধতকৈও অধিক সংখ্যক আমেৰিকানৰ প্ৰাণ সংহাৰ কৰা কৰ’নাই কেনেধৰণৰ আমেৰিকানক অধিক সংহাৰ কৰিছে তথা সেইসকলৰ সামগ্ৰিক অৱস্থা কেনে – তাৰে তুলনামুলক কথাখিনিৰ লগতে নিউজিলেণ্ড আদিৰ প্ৰসংগও এইহেতুকে ডাঙি ধৰিলো যে আমাৰ ইয়াত যি সামগ্ৰিক পৰিৱেশ, আৰু বিশ্ব স্বাস্থ্য সংস্থাই দ্ব্যৰ্থহীনভাৱে যিহেতু কৰ’না দীৰ্ঘস্থায়ী হ’ব বুলি কৈছে আৰু ভাৰত-আফ্ৰিকাক লৈ উদ্বিগ্ন হৈছে, সেইবাবেই আমি অধিক সচেতন হ’ব লাগিব। অসমৰ পৰাও কৰ’নাই বিদায় ল’লে বুলি সন্তুষ্টি লভিলে নহ’ব। আমাৰ অসমৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ, যিহেতু ইতিহাসে বাৰে বাৰে প্ৰমাণ কৰিছে, অসমৰ বিপদত অসমৰ বাহিৰৰ কোনোৱেই কান্দিবলৈ বা সহায়ৰ হাত আগবঢ়াবলৈ নাহে- বানপানীৰ ক্ষেত্ৰতেই হওক বা বিদেশী নাগৰিকৰ সমস্যাৰ ক্ষেত্ৰতেই হওক, বা…(অলেখ উদাহৰণ)! আমেৰিকা অতি ধনী দেশ, কিন্তু কৰ’নাই আমেৰিকাৰ অৰ্থনীতিও কম্পমান কৰি তুলিছে। আমেৰিকাৰ GDP এতিয়া ৪.৮% তললৈ নামিছে ( প্ৰথম কোৱাৰ্টাৰ)! ১৯৩০ চনত বিশ্ব অৰ্থনীতি শোচনীয় হৈ পৰোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্ট-এ গুৰি ধৰিছিল; কিন্তু এতিয়া কৰ’নাই অৰ্থনৈতিক বিশ্বায়নৰ ঘোঁৰাৰ ৰাজহাঁড় ভাঙি দিয়াৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সেই ঘোঁৰাটোৰ ৰাজহাঁড়ৰ চিকিৎসা কৰিবলৈ যিদৰে সম্পূৰ্ণ ব্যৰ্থ হৈছে – কৰ’নাৰ আগ্ৰাসন আৰম্ভ হোৱাৰ আগৰে পৰাই বিমুদ্ৰাকৰণ, জি-এছ-টি, নাগৰিকত্ব,কাশ্মীৰ, অযোধ্যা, নতুন সংসদ ভৱন নিৰ্মাণ, পেটেলৰ মূৰ্তি ইত্যাদি কামত লিপ্ত হোৱা ভাৰতবৰ্ষৰ চৰকাৰ বাহাদুৰে নিবনুৱা সমস্যা, উদ্যোগৰ চকা ঘূৰোৱা, ক’লাধন ওভোতাই অনা, অৰ্থনীতিক সুস্থিৰ কৰা ইত্যাদি কামত সম্পূৰ্ণ অৱহেলা প্ৰদৰ্শন কৰি ভাৰতবৰ্ষৰ অৱস্থা কেনে পৰ্যায়লৈ লৈ গৈছিল- সেয়া কাকো বুজাই ক’ব নালাগে হেতুকে কৰ’নাই আক্ৰমণ কৰাৰ পিছত তথা ‘লক-ডাউন’ৰ সময়ছোৱাত সামগ্ৰিক অৱস্থা কেনে হৈছে – ভাবিলেই শংকা হয়!
‘কা’ আৰু’কেব’ বিৰোধিতা কৰি সমগ্ৰ ভাৰততে হোৱা আন্দোলনৰ ফলত প্ৰকাৰন্তৰে কৰ’নাক্ৰান্ত বিদেশী পৰ্যটকৰ আগমন হ্ৰাস হোৱা হেতুকে কৰ’নাৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা নাই – ই এক ৰুঢ় বাস্তৱ যদিও [ লগতে কৰ’নাক ট্ৰাম্পৰ দৰে গুৰুত্ব নিদি নতুন দিল্লীত নিজামুদ্দিন কান্ড হ’বলৈ দিয়া বাবে প্ৰধানতঃ ভাৰতৰ গৃহ মন্ত্ৰালয় তথা অমিত শ্বাহ দায়ী – ইও একেবাৰে সত্য; সেই ক্ষেত্ৰত ভাৰত চৰকাৰে বাধা দিয়াহেতেন অসমতো কৰ’নাক্ৰান্তৰ প্ৰৱেশ সম্ভৱ নহ’লহেতেন ( কৰ’নাক্ৰান্ত আমেৰিকানজনো ভূটানত হে ধৰা পৰিছিল) ]; কিন্তু আমেৰিকাত আফ্ৰিকান-আমেৰিকানসকলক কৰ’নাই যিদৰে আক্ৰমণ কৰিছে- আমাৰ ইয়াত তেনে আক্ৰমণ হ’লে পৰিস্থিতি কেনে হ’ব পাৰে- কল্পনাতীত! ‘স্বচ্ছ-ভাৰত’ত আৰু ‘নিৰ্মল অসম’ত ‘কেব’ আৰু ‘কা’ বিৰোধিতা কৰি হোৱা বিৰট গণ-আন্দোলনে এইবেলি অসমক ৰক্ষা কৰিলে হেতুকে অসম চৰকাৰেও সকাহ পালে। অন্যথাই কৰ’নাক্ৰান্ত বিদেশী পৰ্যটক কিমান আহিলহেতেন আৰু এই মুলুকৰ বস্তি- ৰেল ষ্টেচন- ইত্যাদিৰ লগতে বিভিন্ন মেলা আদিত সমাগম হোৱা কিমান লক্ষ মানুহ কৰ’নাক্ৰান্ত হ’লহেতেন ( চিকিৎসাৰ তো ব্যৱস্থা নায়েই), অনুমান কৰিব নোৱাৰি। অসমতো মাত্ৰ কিছুসংখ্যকক কোৱাৰান্টাইন আৰু মাত্ৰ ৩৮ জন কৰ’নাক্ৰান্তক হে চিকিৎসা সেৱা আগবঢ়াব লগীয়া হ’ল, ৰক্ষা! কিন্তু যিখন অসম চৰকাৰে বানপানীৰ সময়ত অপৰ্যাপ্ত ধন চৰকাৰৰ ৰাজকোষত থকা বুলি সদম্ভে কৈ ভাৰত চৰকাৰক ধন বিচৰা নাছিল, আৰু পিছলৈ ৰাইজৰ পৰা ধন ভিক্ষা কৰিছিল- সেই চৰকাৰখনে অ’লা-উবেৰ- টেক্সীৰ দৰে প্ৰতিদিনে যি হাৰত হেলিকপ্তাৰ উৰুৱালে, যিদৰে ভাড়াত লোৱা বিমানেৰে দিল্লী- নাগপুৰ- মুম্বাই- ভিয়েটনামলৈ আহ-যাহ কৰিলে, যিদৰে কোটি কোটি টকা শৰাধ কৰি পেন্ডেল সংস্কৃতিৰ উত্তৰণ সাধন কৰিলে, যিদৰে প্ৰিয়ংকা চোপ্ৰাৰ নামত-ফিল্মফেয়াৰৰ অনুষ্ঠান আদিত ধন হোৰাহোৰে ঢালিলে, যিদৰে ৰাজ্যপালৰ বাসভৱনত ‘সূৰ্য-নমস্কাৰ’- ‘ডিজিটেল লাইব্ৰেৰী’-‘জিম’ আদিৰ বাবে, মুখ্যমন্ত্ৰীৰ অস্থায়ী বাসভৱনত বুলেটপ্ৰুফ আইনা লগাবৰ বাবে, এনেধৰণৰ কিছুমান কামৰ বাবে ৰাইজৰ ধন যিদৰে শৰাধ কৰিলে, ….; তেনেস্থলত, সকলোৱে ভাবিছিল যে অসম চৰকাৰৰ সঁচাকৈয়ে ধনৰ অভাৱ নাই! কিন্তু এইবাৰো পুনৰ ৰাইজৰ ধন ভিক্ষা! মাত্ৰ ৩৮ জন কৰ’নাক্ৰান্ত , তাতেই এই অৱস্থা! এমাহ ‘লক-ডাউন’তেই অসম চৰকাৰৰ হেলিকপ্তাৰ- বিমানত ফুটা! বিমান- হেলিকপ্তাৰ উৰাৰ নমুনা দেখি মানুহে ভাবিছিল যে এইবাৰ শেনৰ এজাত, আৰু ‘লক-ডাউন’ ঘোষণা হওঁতেও ভাবিছিল যে কমেও ছমাহ চিন্তা নাই! কিন্তু কি হ’ব, অসমৰ কপাল বেয়া! বাহিৰে ৰং- ছং , ভিতৰে কোৱাভাতুৰী! মদৰ দোকান খোলা আৰু পেট্ৰ’লৰ দাম বৃদ্ধিয়েই যেন একমাত্ৰ উপায়। কৰ’নাই আমেৰিকাৰ ডোনাল্ড ট্ৰাম্পৰ যিদৰে দৰ্পচূৰ্ণ কৰিছে, একেদৰে অসম চৰকাৰ, ভাৰত চৰকাৰৰো প্ৰকৃত লাওলোৱা অৱস্থা ডাঙি ধৰিছে। অসমতো কৰ’নাই অসম চৰকাৰৰ কোটিটকীয়া পেন্ডেল ( যেন পেন্ডেল নিৰ্মাণৰ বাবেহে অসমৰ বিভিন্ন ঠাইত সভা-সমিতিৰ প্ৰয়োজন!)ত , নলবাৰীৰ মনসা পূজাত অংশগ্ৰহণ কৰিবলৈ উৰি যোৱা হেলিকপ্তাৰত, চৰকাৰৰ প্ৰকৃত কামলৈ পিঠি দি কেইজনমান বিষয়াৰ হাতত অসমখনৰ দায়িত্ব এৰি দি প্ৰায় প্ৰতিদিনেই হেলিকপ্তাৰ লৈ তলৌ-তলৌকৈ বৰাক-ব্ৰহ্মপুত্ৰ,পাহাৰ-ভৈয়ামত অনৰ্থক সভা-সমিতিত অংশগ্ৰহণ কৰা ফোপজহী কাৰ্যসমূহত, লগতে ভাড়াত লৈ গুৱাহাটী-দিল্লী কৰি থকা বিমান আদিতো আক্ৰান্ত কৰি ফুটা উলিয়াই দিছে ! এতিয়াহে অসম চৰকাৰক অৰ্থনীতিবিদৰ – কৃষকৰ উপদেশ প্ৰয়োজন হৈছে (দেখুৱাবৰ বাবে হ’লেও)!
সেইবাবেই কৰ’না অতিমাৰী!