–মানস প্ৰতিম কলিতা |
যিটোৱে আমাৰ গাঁওখন আৰু পথাৰখনক সংযোগ কৰিছিল, সেইটোৰ ওভটনি বাটত কোনোবা এদিন মোৰ শৈশৱটো হেৰুৱাই আহিলোঁ। মোৰ শৈশৱত কি আছিল? মনত পেলাবলৈ চেষ্টা কৰোঁ, সম্পৰ্কীয় মামা এজনে উপহাৰ দিয়া নীলা ৰঙৰ ডাঠ হাফপেন্টটো, তাত কামোৰ খাই ধৰা সোণপৰুৱা, অস্পষ্টকৈ ভাঁহি উঠা আঘোণ মাহৰ কিছুমান দিন (কোনটো বছৰৰ পাহৰিলোঁ), ঢেকী থকা পুৰণা ঘৰটো, পিছফালৰ আমগছডাল, এনেকুৱা ঢেৰ কিবা কিবি। এৰাল দিয়া গৰু আনিবলৈ গৈ পথাৰত এদিন হাঁড়গিলা কেইটামানৰ মুখামুখি হৈছিলোঁ, সেইকেইটা মোৰ সমানেই ওখ আছিল। ভয় খাইছিলো, ডিঙি শুকাই গৈছিল, লৰি ঢাপৰি ঘৰ পাইছিলোঁ। বাকীখিনি মনত নাই। লুংলুঙীয়া বাটটো ইমান ঠেক, দীঘল আৰু বেকাবেকি আছিল যে সিটো মূৰৰ পৰা উভতি আহিলে মাজ বাটতে কেতিয়াবা উদণ্ড বলদ একোটাৰ সন্মুখীন হ’বলগা হৈছিল। আগুৱাবও নোৱাৰি, পিছুৱাই যাবলৈও দিগদাৰ।
উমাল আবেলি একোটাৰ কথা বৰকৈ মনত পৰে। বৰ বেছিকৈয়ে। পকা ধানৰ গোন্ধ এটা পাওঁ। গোন্ধটো ধৰি লৈ বুকুৰ মাজত কুৰুকি কুৰুকি সোমোৱাই পেলোৱাৰ দুৰ্বাৰ ইচ্ছা হয়। প্ৰফিউমো – আ ষ্ট’ৰীয়া ডি এছাছিনো চিনেমাখনৰ প্ৰ’টাগ’নিষ্টৰ দৰে গোন্ধটো সংৰক্ষণ কৰি থৈ দিবলৈ মন যায়। জলফাই গছডাল, চিনাকি কিছু মানুহ যিবোৰ আগতে ঘনাই আহিছিল (এতিয়া আৰু তেওঁলোক বহু দূৰৈত!) সেইবোৰলৈও একোবাৰ মনত পৰে। আৰু, আৰু কি মনত পৰে?
গাঁওখন দুফাল হৈ পৰাৰ কথাবোৰ মনত পৰে! বতাহত ভাঁহি অহা তৰ্জন গর্জনবোৰ মনত পৰে! তিৰস্কাৰ, ঠাট্টা মস্কৰাৰ বিভিন্ন লজ্জাজনক বিশেষণলৈ মনত পৰে ! ধমকি ভাবুকিত পেটত হাত ভৰি লুকোৱা ৰাতিবোৰলৈ মনত পৰে।
বলিকটা ছাগলীৰ তেজৰ ফোট ল’বলৈ অমান্তি হৈ একশৰণীয়া হ’বলৈ মনস্থ কৰা মানুহকেইঘৰক গাঁওখনে এঘৰীয়া কৰে। মূৰ নুখুৰোৱা ‘মুছলমান’ বুলি গাঁৱৰ একমাত্ৰ গোঁসাইঘৰটোত সোমোৱা নিষেধ কৰে। দান দিয়া গুৰুআসনখন বাহিৰলৈ উলিয়াই দিয়ে।
আৰু এদিন !
বাসন্তী পূজাৰ সময়ত গাঁওখনৰ এঘৰত অনুষ্ঠিত হওক ভাগৱত পাঠ। পাঁচঘৰ মানুহ সমবেত হোৱা সকামভাগিত হেন সময়ত উপস্থিত হওক সাততালুকৰ বিষয়ববীয়া। ধুতিৰ পোন্ধত ধৰি চোঁচৰাই আনি লথিয়াই দিয়ক শৰণাচাৰ্য্যৰ মুখত। গছকি পাৰ হৈ যাওক দশম স্কন্ধ ভাগৱত। লাগি যাওক হুৱাদুৱা। থানা, এজাহাৰ, পুলিচ, সাক্ষী-বাদী। অঞ্চলটোত চেপা উত্তেজনা। হিমশীতল নিস্তব্ধতা।
কোৰ্টত কেইছ, ৰায় আহিল এজন মানুহৰো গোঁসাইঘৰত সোমোৱাৰ অধিকাৰ আছে। কিন্তু বাস্তৱত সেয়া নহ’ল। বাটেৰে যাবলৈ ভয় লগা হ’ল। কি মহিলা, কি পুৰুষ, কি শিশু ! অশ্লীলতম গালিৰে পথত যাত্ৰাৰত এই ‘ন সংখ্যালঘুক’ আদৰা হ’ল। প্ৰায় দহবছৰ ধৰি চলিল সেই মৌখিক নির্যাতন।
এনেকৈয়ে, সম্বন্ধীয় এঘৰৰ বিয়া এখন পৰিল ঘৰৰ সন্মুখত। ডাঙৰ ৰভা, বিৰাট আয়োজন, বেণ্ড পাৰ্টি, ৰঙ ৰহইছ। বাৰম্বাৰ বাটলৈ যাওঁ, বিয়াঘৰত সোমাবলৈ চাওঁ, ইপিনে আমি জুই পানী নিষেধ। মনত পৰে, ভালকৈ মনত পৰে, মায়ে দুগ্ধপান কৰি থকা দামুৰি চোঁচৰাই নিয়াৰ দৰে টানি আনিছিল মোক। পিছত ফেঁকুৰি থকা মোক লৈ মায়ে ঘৰৰ ভিতৰত দৰ্জা মাৰি বহি আছিল। দুয়োৰে চকুপানীৰ কাৰণ বেলেগ আছিল। দিনতকৈ উত্তপ্ত অথচ চেঁচা আছিল ৰাতিবোৰ। টিনপাটলৈ অকস্মাৎ উৰি অহা একোটা ইটাৰ টুকুৰা, বাটেৰে পাৰ হৈ যোৱা অশ্লীল চিঞৰ একোটাই আমাক বোবা কৰি ৰাখিছিল।
কেতিয়াবা কাৰণে অকাৰণে এইবোৰ পাগুলা যায়। নিজৰ অজ্ঞাতে। ঘৃণা আহে, বতিয়াই দিবলৈ মন যায়। সামন্তবাদে ঘুকুটি শেষ কৰি পেলোৱা গাঁও বোলা ব্যৱস্থাটোৰ ৰোমাণ্টিচাইজ কৰি থাকিব খোজা কছৰৎবোৰ নস্যাৎ কৰি পেলাবলৈ মন যায়। ভাঙি ছিঙি দলিয়াই পেলাবলৈ মন যায়। গাঁৱৰ পথাৰত ভূঁই ৰুই থকা ৰোৱনী, দাৱনী, খেতিয়ক, গৰু এহাল, পথাৰলৈ চাহ দিবলৈ যোৱা ন বিবাহিতাৰ বোকালগা ভৰি, গাঁৱৰ সৰল মানুহ, একতা, নামঘৰ – এইবোৰে কাহানিবাই আমুৱাইছিল। (কি আমাৰ গাঁও, কি সিহঁতৰ ! চবতেই একে। খুচৰিলে কিমান এনে বৰ্বৰ কাহিনী ওলাব তাৰ থান ঠিকনা নাই)
প্ৰায় পঁচিছ বছৰৰ বিক্ষিপ্ত হিংসা আৰু নিৰ্যাতনত শতচ্ছিন্ন এটা নিৰীহ, নিমাখিত শৈশৱৰ আৰুনো কি উজ্জ্বল স্মৃতি থাকিব পাৰে !