সোঁৱৰণি: বিষ্ণু ৰাভা
স্বৰ্ণ ভাজনি বৰুৱা
বিষ্ণু ৰাভা দিৱস উপলক্ষে
“বিষ্ণু ৰাভা দিৱস”টো আহি পালেই বিক্ষিপ্ত কিছুমান স্মৃতিয়ে আহি দোলা দিয়েহি মনত ।
বহু দিনৰ আগতে মেদিনী মোহন চোধুৰীৰ “ফেৰেংগাদাও” গ্ৰন্থখন পঢ়ি ৰোমাঞ্চিত হৈছিলোঁ। বড়ো ভাষাত ফেৰেংগাদাও মানে ফেঁহু চৰাই । ফেঁহু চৰায়ে কাহিলী পুৱাতে গছৰ ডালত পৰি গীত জুৰি জগাই দিয়ে পৃথিৱীক । লেখকৰ মতে জনতাৰ হিয়াৰ আমঠু বিষ্ণু প্ৰসাদ ৰাভাও আছিল এটি ফেৰেংগাদাও। ওৰেটো জীৱন ফেঁহুৰ দৰে চিঞৰি ফুৰিছিল তেওঁ জাতিটোক জগাবলৈ ।.. জাতীয় জীৱনৰ শ্ৰেষ্ঠ পুৰুষ তেওঁ ।
চনটো পাহৰিলোঁ ।
“ বিষ্ণু ৰাভা ৰচনা সম্ভাৰ“ৰ দ্বিতীয়টো খণ্ড প্ৰকাশৰ আগে আগে …চাবুৱাৰ ভাতৃ প্ৰতীম মুকুট নেওগৰ স’তে আমাৰ ঘৰত উপস্থিত হ’লহি এগৰাকী সুশ্ৰী , ভদ্ৰ মহিলা । পিন্ধনত দখনা । মুকুটে ক’লে.. বাইদেউ, এয়া মোহিনী ৰাভা, বিষ্ণু ৰাভাদেৱৰ সহধৰ্মিনী ।” …
বিস্ময়েৰে চাই ৰ’লোঁ মানুহগৰাকীলৈ!
…ছাটকৈ মনটো উৰা মাৰিলে ‘ফেৰেংগাদাও‘ৰ মাজলৈ । ধমধমা নামৰ ঠাই এখনৰ এটি সাংস্কৃতিক সন্ধিয়াত (সদৌ অসম কছাৰী সন্মিলনৰ) এজনী চিখ্ লাৰ নৃত্যত মুগ্ধ হৈছিল বিষ্ণু ৰাভাদেৱ । সেয়াই আছিল দুয়োৰে মাজত প্ৰথম সংযোগ । তাৰ পাছত এৰাধৰাকৈ যুগ্ম জীৱনৰ দীঘলীয়া পৰিক্ৰমা । ৰাভাদেৱৰ জীৱনৰ অন্তিম সময়ৰ লগৰী আছিল তেওঁ।
……. সেই মোহময়ী চিখলাজনীয়েই উপস্থিত হৈছিলহি সিদিনা । থিয় হৈছিলহি এগৰাকী গহীন-গম্ভীৰ বয়সস্থা নাৰী ৰূপে । আনন্দ আৰু বিস্ময়েৰে সাৱটি ধৰিলোঁ তেওঁক ! আপ্যায়ন কৰিলোঁ আন্তৰিকতাৰে । তাৰ পাছত ইটো -সিটো বহুতো কথা… ।
১৫টা দিন পাৰ হ’ল এক মিঠা সান্নিধ্যত ।
মোহিনী বালা ৰাভাক মই খুৰীদেউ সম্বোধন ধৰিলোঁ । খুৰীদেৱে হাতত আনিছিল এটি টোপোলা । টোপোলাত আছিল বিষ্ণু প্ৰসাদ ৰাভা দেৱে অঁকা মহাপুৰুষ শংকৰদেৱৰ ছবি এখনৰ এজাপ ফটো । সেই ফটো সমূহ বিক্ৰী কৰি তেওঁ. ” বিষ্ণু ৰাভা ৰচনাসম্ভাৰ”ৰ দ্বিতীয় খণ্ডটি উলিয়াই আনিব “ট্ৰিবিউন প্ৰেছৰ পৰা । ইতিমধ্যে ছপাৰ কাম প্ৰায় শেষ হৈছে ।
খুৰীদেউৰ লগত ১৫টা দিন উক্ত ফটোবোৰ বিক্ৰী কৰিলোঁ , মোৰ প্ৰতিৱেশী চাবুৱাৰ শ্ৰীযুত যতীন নেওগ দেৱে তেখেতক কৰ্মস্থলী ” বকুল বিদ্যালয়”লৈ নি সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ফটো বিক্ৰী কৰাত আগভাগ লৈছিল । তেওঁৰ ভাতৃ বগডোং হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰী যুত প্ৰভাত চন্দ্ৰ নেওগ দেৱেও সঁহাৰি জনাইছিল । চাবুৱাৰ ডি ডি আৰ কলেজ , অসম বিদ্যাপীঠ, দিনজয় , হাতীআলি আদি -বিদ্যালয়তো ফটো বিক্ৰী কৰা হৈছিল ।
চাবুৱা-পানীতোলাৰ অনেক ব্যক্তিয়ে নিজা উদ্যোগতো উক্ত ফটো সমূহ বিক্ৰী কৰি তেওঁক অৰ্থ সংগ্ৰহত সহায় কৰি দিছিল । ছাত্ৰ নবোল চেতিয়াই বিশেষ উদ্যোগ লৈছিল ( আৰু বহু জনে সঁহাৰি জনাইছিল )।
মনলৈ অনেক প্ৰশ্ন আহিছিল ….যি সময়ত গোটেই অসমতে বিভিন্ন ঠাইত অনুষ্ঠান-সংঘৰ লগতে চৰকাৰী ভাৱেও বিষ্ণু ৰাভা দিৱস উদ্ যাপন কৰা হৈছে , সেই সময়ত তেখেতৰ পৰিবাৰেনো কিয় এনেদৰে বিভিন্ন ঠাইত ঘূৰি ঘূৰি অৰ্থ সংগ্ৰহ কৰিব লগা হৈছে? বিষ্ণু প্ৰসাদ ৰাভা ৰচনাৱলী প্ৰকাশ কৰাটো কেৱল মোহিনী বালা ৰাভাৰহে দায়িত্ব নে?”
খুৰীদেৱে কৈছিল …. “ৰাভাৰ ৰচনা ৰাজি অসমৰ অ’ত ত’ত সিচৰতি হৈ পৰি আছিল । বৰ কষ্টেৰে গোটাই আনি থৈছিলোঁ প্ৰকাশৰ বাবে । প্ৰকাশক নাই । কিছুমান কাগজ উৱলি গৈছিল । “..এদিন এই ৰচনাবোৰ প্ৰকাশ হ’ব গ্ৰন্থৰ আকাৰত” …..সেই আশাতেই বন্দী হৈ আছিলোঁ ।
.” মই বিষ্ণু ৰাভাৰ পত্নী ,সেয়া মোৰ আচল চিনাকি নহয়। মই এজনী স্বতন্ত্ৰ মানুহ। কিন্তু হাজাৰ জনৰ দৰে ময়ো তেওঁৰ অনুৰাগী । কেৱল পত্নী হোৱা হ’লে এইবোৰ কৰি নুফুৰিলোঁহেঁতেন । মই তেওঁৰ প্ৰতিভা, চিন্তা-আদৰ্শৰ অনুৰাগী বাবেই তেওঁৰ এই বিশাল ৰচনাৰাজি লুপ্ত হৈ যোৱাটো নিবিচাৰোঁ। এয়া জাতীয় জীৱনৰ বাবে এক আপুৰুগীয়া সম্পদ। সংগ্ৰামৰ ব্যস্ত দিনবোৰত তেওঁ য’তে যেনেকৈয়ে পাৰে লিখিছিল । কিছুমান অ’ত ত’ত থৈ আহিছিল । পিছত হেৰাল । মই বৰ কষ্ট কৰি বুটলি ফুৰিছিলোঁ । তেওঁৰ চিন্তা-দৰ্শনৰ বিষয়ে যদি একো নাজানেই , তেন্তে কেৱল নাচ-গান কৰিবলৈ ফাংচন পাতিলেনো কি হ’ব? তেওঁৰ বিপুল আয়তনৰ ৰচনা ৰাজি উত্তৰ পুৰুষে পঢ়ক, তেওঁৰ সত্তাটোক বুজি পাওক , এই কথা ভাবিয়েই ইমান কঠিন দায়িত্ব মূৰ পাতি লৈছোঁ।”
….সেই দিনটো আহিছিল । ভাতৃ প্ৰতীম ডাক্তৰ সৰ্বেশ্বৰ বড়া আহিছিল এদিন । বৰ গুণী মানুহ । লেখা কাগজবোৰ লিৰিকি-বিদাৰি চাইছিল তেওঁ , আৰু আত্ম প্ৰত্যয়েৰে কথা দিছিল মোক ..লেখাবোৰ যিকোনো প্ৰকাৰে প্ৰকাশ কৰিবই ।…..
কথামতেই কাম । ডা. সৰ্বেশ্বৰ বড়াৰ উদ্যোগত এটা প্ৰকাশন সংঘ আৰু এখন সম্পাদনা সমিতি গঠন কৰা হ’ল । সম্পাদনা সমিতিৰ সভাপতি পতা হ’ল সাহিত্যিক যোগেশ দাস দেৱক । সম্পাদক হ’ল ডা. বড়া নিজেই । মোকো ৰখা হ’ল সমিতিত।
….সেয়াই আৰম্ভণি । ডা.বড়াক কৃতজ্ঞতা জনাবলৈ মোৰ ভাষা নাই । ৰচনাৱলী প্ৰকাশৰ বাবে তেওঁ সৰ্বস্ব দিছে । তেওঁৰ বাবেই আজি ৰাভা দেৱৰ ৰচনা সংম্ভাৰৰ প্ৰথম খণ্ডটি প্ৰকাশ পোৱাৰ পিছত দ্বিতীয় খণ্ডও প্ৰকাশৰ পথত ।”
মনটো সেমেকিছিল খুৰীদেউৰ কথাত। শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছিল তেওঁৰ প্ৰতি । আচৰিত হৈছিলোঁ ডা. সৰ্বেশ্বৰ বড়াৰ বিষয়ে জানি । কিমান বিশাল অন্তৰৰ মানুহ তেওঁ ! এগৰাকী চিকিৎসক হৈয়ো তেওঁ এক অসাধ্য সাধন কৰিলে ।
পৰৱৰ্তী সময়ত দেখা পাইছিলোঁ ….শ্ৰদ্ধেয় যোগেশ দাস আৰু খুৰীদেউ দুয়ো গৰাকীয়েই তেওঁলোকৰ পাতনিত ডা. বড়াদেৱে কৰা অপৰিসীম শ্ৰমৰ বিষয়ে আন্তৰিকতাৰে, সবিস্তাৰে লিখিছে।
এইবাৰ খুৰীদেৱে ক’লে..” মই বিষ্ণু ৰাভাৰ পত্নী ,সেয়া মোৰ আচল চিনাকি নহয়। মই এজনী স্বতন্ত্ৰ মানুহ। কিন্তু হাজাৰ জনৰ দৰে ময়ো তেওঁৰ অনুৰাগী । কেৱল পত্নী হোৱা হ’লে এইবোৰ কৰি নুফুৰিলোঁহেঁতেন । মই তেওঁৰ প্ৰতিভা, চিন্তা-আদৰ্শৰ অনুৰাগী বাবেই তেওঁৰ এই বিশাল ৰচনাৰাজি লুপ্ত হৈ যোৱাটো নিবিচাৰোঁ। এয়া জাতীয় জীৱনৰ বাবে এক আপুৰুগীয়া সম্পদ। সংগ্ৰামৰ ব্যস্ত দিনবোৰত তেওঁ য’তে যেনেকৈয়ে পাৰে লিখিছিল । কিছুমান অ’ত ত’ত থৈ আহিছিল । পিছত হেৰাল । মই বৰ কষ্ট কৰি বুটলি ফুৰিছিলোঁ । তেওঁৰ চিন্তা-দৰ্শনৰ বিষয়ে যদি একো নাজানেই , তেন্তে কেৱল নাচ-গান কৰিবলৈ ফাংচন পাতিলেনো কি হ’ব? তেওঁৰ বিপুল আয়তনৰ ৰচনা ৰাজি উত্তৰ পুৰুষে পঢ়ক, তেওঁৰ সত্তাটোক বুজি পাওক , এই কথা ভাবিয়েই ইমান কঠিন দায়িত্ব মূৰ পাতি লৈছোঁ।”
…..খুৰীদেউৰ এই কথাবোৰে মোৰ মগজটোত খুটিয়াই দিছিল। বুজি উঠিছিলোঁ তেওঁৰ স্বাভিমানী সত্তাটোক । হয়, বিষ্ণু ৰাভা দেৱৰ দৰেই মোহিনী বালা ৰাভাৰ মাজতো আছিল এক সংগ্ৰামী সত্তা । তেওঁ “ভাৰতীয় গণনাট্য সংঘ”ৰো এগৰাকী সক্ৰিয় সদস্য আছিল।
…ডুমডুমাত অনুষ্ঠিত হ’ব লগীয়া সভা এখনত দ্বিতীয় খণ্ডটি উন্মোচন কৰা হ’ব.. । প্ৰথম খণ্ডটো ১৯৮৯ চনতে প্ৰকাশ পাইছিল । সেই খণ্ডটি বিক্ৰী হৈ গ’ল অতি সোনকালেই । তেওঁ কোৱামতে… “আলফা”ৰ ল’ৰাবোৰে হেনো বহুত কিতাপ কিনি ল’লে ।
দ্বিতীয় খণ্ডটো উন্মোচন কৰিবলৈ ডুমডুমালৈ যাওঁতে বাটতে তেওঁ এনিশা চাবুৱাত সোমাই গ’ল আমাৰ ঘৰত । গ্ৰন্থ এখন হাতত দি ক’লে…” কাইলৈ উন্মোচন হ’ব গ্ৰন্থখন । মই আজিয়েই দিলোঁ আপোনাৰ কপিটো । এতিয়া আৰু সোনকালে আহিব নোৱাৰিম । গতিকে দি থৈ গ’লোঁ । আজি নুখুলিব। কাইলৈহে চাব” ।
খুৰীদেৱে বয়সত সৰু হ’লেও মোক “আপুনি ” বুলিহে কৈছিল ।
কিছুদিনৰ মূৰত খুৰীদেউ আকৌ আহিছিল । লৈ আনিছিল দ্বিতীয় খণ্ডটি । চাবুৱাৰ স্কুল ,কলেজৰ শিক্ষক ছাত্ৰ আৰু আন বিষ্ণু ৰাভাপ্ৰেমী বহু ব্যক্তিয়ে হাত পাতি লৈছিল গ্ৰন্থখন । বিভিন্ন অনুষ্ঠানে তেখেতক সম্বৰ্ধনাও দিছিল । কিতাপো কিনিছিল । মোৰ বহু বন্ধু, মৰমৰ ছাত্ৰ , ভাতৃয়ে নিজে কিনাৰ উপৰিও বিক্ৰী কৰিও দিছিল।
গ্ৰন্থখন বিক্ৰী কৰিবৰ বাবে খুৰীদেউৰ লগত বিভিন্ন ঠাইলৈ গৈছিলোঁ। কথা এটা মনত পৰিলে মোৰ আজিও দুখ লাগে । এদিন আমি চাবুৱা নগৰৰ পৰা কেইকিলোমিটাৰমান দূৰত থকা “ৰংচঙী” নামৰ গাঁও এখনলৈ গৈছিলোঁ । তাত এখন সভা অনুষ্ঠিত হৈছিল । তাত খুৰীদেউক সম্বৰ্ধনা দিয়া হৈছিল । যাওঁতে আমি কিতাপৰ টোপোলা লৈ গাড়ীত গ’লোঁ । ঘূৰি আহিবলৈও গাড়ীৰ ব্যৱস্থা কৰা হৈছিল । পিছে কিবা কাৰণত গাড়ীখন সময়ত আহি নাপালেগৈ ।
ৰৈ ৰৈ অৱশেষত আমি খোজেৰে আহিছিলোঁ । আশা কৰিছিলোঁ গাড়ীখন আহিব …ৰাস্তাত হ’লেও পাম । নতুবা চাবুৱাৰ ফালে যোৱা আন কাৰোবাৰ গাড়ী পালেও উঠি যাম ।
কিন্তু আমাৰ ভাগ্য বেয়া আছিল । সেইদিনা ৰাস্তাত এখনো গাড়ীয়েই নাপালোঁ । খোজ কঢ়াৰ বেছি অভ্যাস নাই । ভাগৰ লাগিছিল আমাৰ । পিঠিত কিতাপৰ মোনাও আছিল । বৰ দুখ লাগিছিল মোৰ , খুড়ীদেউক এনেদৰে খোজ কঢ়াব লগা হোৱাত ।
অৱশেষত সন্ধ্যা লাগিবৰ সময়ত আমি চাবুৱা নগৰত সোমাইছিলোঁ । চাৰি আলিৰ আশে-পাশে মানুহৰ ভিৰ হৈ থাকে । নগৰ সোমোৱাৰ লগে লগেই খুড়ী দেৱে নিজৰ গাত লোৱা কাপোৰখন মূৰে-কাণে লৈ মুখখন ঢাকি লৈছিল ।
মই বুজিছিলোঁ , খুৰীদেউৰ মনটো বেয়া লাগিছিল । সেই সময়ত , গাড়ীৰতো কথাই নাই ৰিক্সা এইখনৰো ব্যৱস্থা কৰিব নোৱাৰিলোঁ মই । বৰ কষ্ট দিলোঁ তেওঁক । ভৰি বিষাই যোৱাকৈ খোজ কঢ়ালোঁ । এতিয়াও দুখ লাগে মোৰ মনত পৰিলে।
….. খুড়ীদেউ তৃতীয় বাৰ আহিছিল বিষ্ণু ৰাভা দেৱে অঁকা চিত্ৰাৱলীৰ পুথি এখন লৈ । সেইবাৰ তেওঁ আহিছিল প্ৰখ্যাত চিত্ৰশিল্পী সুজিত বৰুৱাৰ সৈতে । সেইখন চিত্ৰ-গ্ৰন্থ দিছিলো আগ্ৰহী বন্ধু-বান্ধৱীক । চাবুৱাৰ ফণীধৰ নেওগ দেৱে বিশেষভাবে সঁহাৰি জনাইছিল বিক্ৰীৰ ক্ষেত্ৰত। কেইদিনমান থাকি খুৰীদেউ গ’লগৈ ।
কিছুদিনৰ পিছত তেওঁৰ অসুখৰ কথা শুনিছিলোঁ সুজিত বৰুৱাৰ পৰাই । চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তেওঁক আৰু দেখা কৰিব নোৱাৰিলোঁ । তেওঁৰ মংগলৰ প্ৰাৰ্থনা কৰি ,শ্ৰদ্ধা নিবেদি কণমানি নিবন্ধ এটি লিখিছিলোঁ বাতৰি কাকতত ।
সুজিত বৰুৱাই তেওঁক আবু বুলি মাতিছিল । আবুৱেকক তেওঁ মোৰ কথা কেইটা পঢ়ি শুনাইছিল । মৃত্যু শয্যাত শুই তেওঁ হেনো কৈছিল… ” তাই মোৰ কোনোবা জনমৰ ভনী আছিল হয়তো ” ।
সুজিত বৰুৱাৰ পৰা কথাষাৰ শুনি শান্তনা লভিছিলোঁ । অতি শ্ৰদ্ধাৰ খুৰীদেউৰ মুখৰ এইষাৰ কথাও মোৰ বাবে বহুত ।…ইমান কষ্ট কৰিছিল তেওঁ! জাতীয় জীৱনৰ এটা গধুৰ দায়িত্ব পালন কৰি গ’লগৈ তেওঁ । ভাব হয়.. তেওঁ কিন্তু প্ৰাপ্য সন্মান নাপালে জীৱন কালত ।
ওৰেটো জীৱন ৰাইজৰ মংগলৰ হকে চিঞৰি জীৱন উছৰ্গা কৰা বিষ্ণু ৰাভাদেৱৰ দিৱস আজিও পতা হয় , কিন্তু তেওঁৰ চিন্তা-দৰ্শনৰ বিষয়ে বিশেষ ভাবে আলোচনা নহয় । বৰং ধৰ্ম-সম্প্ৰদায়ৰ উৰ্ধত থাকি সাম্যৰ সমাজ বিচৰা বিপ্লৱী গৰাকীৰ চিন্তাৰ বিপৰীতেহে ধাবিত হৈছে আজিৰ সমাজ । ….
তেওঁ আজি নাই। জাতীয় জীৱনৰ এই মহান বিপ্লৱী গৰাকীক বুজিবলৈ এতিয়া আৰু তেওঁৰ ৰচনা সম্ভাৰৰ বাদে আমাৰ হাতত একো নাই । এই অমূল্য সম্পদটোকেই আমাক দি গ’ল মোহিনী বালা ৰাভাই। তেওঁৰ অদম্য ইচ্ছাৰ বাবেই “প্ৰকাশন সংঘটি”য়ে বাট বুলিব পাৰিলে ।
২০ জুন , ২০২২। অসমৰ ঠায়ে ঠায়ে উদ্ যাপন হ’ব “বিষ্ণু ৰাভা দিৱস “। মঞ্চ ৰজনজনাই উঠিব …
“ নাহৰ ফুলে নুশুৱায়..তগৰ ফুলে শুৱাব..
নতুবা
” বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে.. জাতীয় ..” নৃত্য-গীতৰে ।
দৰ্শকৰ ভিৰ হ’ব ।
বিষ্ণু ৰাভা দেৱৰ চিন্তা-দৰ্শনৰ বিষয়ে আলোচনা কৰিবলৈ মঞ্চত বক্তাও থাকিব নিশ্চয়, শ্ৰোতাৰহে আটক হ’ব ।
20-06-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)