-মহাবাহু |
গটিনজেন (জাৰ্মানী) : আমাৰ সৌৰমণ্ডলৰ বাহিৰত অবিকল পৃথিৱীৰ দৰে গ্ৰহৰ সন্ধান পাইছে ‘নাছা’ই অৰ্থাৎ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ ‘কেপলাৰ মিছন’-এ। এই আৱিষ্কাৰৰদ্বাৰা স্পষ্ট হৈ পৰিছে যে সুবিশাল এই ব্ৰহ্মাণ্ডত আমি অকলশৰীয়া নহয়! যদিও সৌৰমণ্ডলৰ বাহিৰত আছে, আমাৰ দৰেই জগতৰ অস্তিত্ব আছে।
সৌৰমণ্ডলৰ গ্ৰহবোৰক পৰিভাষা অনুসৰি ‘প্লেনেট’ বোলা হয়। সৌৰমণ্ডলৰ বাহিৰৰ গ্ৰহবোৰ হ’ল ভিন্ন গ্ৰহ, অৰ্থাৎ, ‘এক্সো-প্লেনেট’। এইখন ব্ৰহ্মাণ্ডত যে আমি অকলশৰীয়া নহয়, সেই তথ্য বহুদিন পূৰ্বেই ‘নাছা’ৰ ‘কেপলাৰ মিছন’-এ প্ৰমাণ কৰিছে। দেখাত নীলাভ, শিলাময়, আমাৰ এই গ্ৰহৰ দৰেই শত শত, হয়তো বা সহস্ৰ সহস্ৰ গ্ৰহ মহাকাশত বিয়পি আছে। সৌৰমণ্ডলৰ চিনাকি গণ্ডীৰ বাহিৰৰ সেইবোৰ গ্ৰহৰ কোনো কোনো গ্ৰহৰ আকাৰ পৃথিৱীতকৈও বহুগুণে ডাঙৰ। সেই গ্ৰহবোৰৰ কোনো কোনো গ্ৰহত প্ৰাণৰ অস্তিত্ব থকাটো অসম্ভৱ নহয় বুলিয়েই বিজ্ঞানীসকলৰ বিশ্বাস। কেপলাৰ মিছনৰ কাম হ’ল, চিনাকি সৌৰজগতৰ বাহিৰৰ ক’ৰবাত প্ৰাণৰ অস্তিত্ব আছে নে নাই তাৰে সম্ভেদ বাহিৰ কৰা। এই কৰ্মত লিপ্ত হৈ অৱশেষত মহাকাশ বিজ্ঞানীসকলে এনে ১৮টা নতুন গ্ৰহৰ সন্ধান লাভ কৰিছে—যিবোৰ হ’ল ‘এক্সো-প্লেনেটচ্’।
নাছাৰ কেপলাৰ মিছনে আগতেও বহুবাৰ বিভিন্ন গ্ৰহৰ সন্ধান দিছে। সৌৰমণ্ডলৰ বাহিৰৰ প্ৰাণৰ অস্তিত্ব সম্পৰ্কে মহাকাশ বিজ্ঞানক মোটামুটি এক স্পষ্ট ধাৰণাও আগবঢ়াইছে। কেপলাৰ মিছনৰ সূত্ৰ সাবটি সংশ্লিষ্ট ১৮টা ভিন্ন গ্ৰহ সম্পৰ্কে গৱেষণা আৰম্ভ কৰিছিল জাৰ্মানীৰ মেক্স প্লাংক ইন্সটিটিউট বা সংক্ষেপে ‘এম-পি-আই’-এ। এই সংক্ৰান্তীয় তেওঁলোকৰ গৱেষণা-পত্ৰখন সম্প্ৰতি বিজ্ঞান বিষয়ক আন্তৰ্জাতিক আলোচনী ‘এষ্ট্ৰ’নমী এণ্ড এষ্ট্ৰ’ফিজিক্স’ত প্ৰকাশ হৈছে। মহাকাশ বিজ্ঞানীসকলে জনাইছে যে কেপলাৰ মিছনে ইমানদিন যি পদ্ধতিৰে তথা যি প্ৰযুক্তিৰে ভিন্ন গ্ৰহৰ সন্ধান কৰিছিল, এতিয়া সেই পদ্ধতি প্ৰযুক্তি সলনি কৰি সম্পূৰ্ণ নতুন প্ৰযুক্তিৰে কাম কৰিছে। এই নতুন পদ্ধতিৰ নাম হ’ল ‘ট্ৰেনজিট লিষ্ট-স্কোৱাৰ্ছ চাৰ্ভে।’
গৱেষকসকলে দাবী কৰিছে যে এই পদ্ধতি অতি সহজ, দ্ৰুত, আৰু নিখুঁতভাৱে কেপলাৰ টেলিস্ক’পক ভিন্ন গ্ৰহৰ সন্ধান দিব পাৰে। নতুন প্ৰযুক্তিৰদ্বাৰা ইতিমধ্যে জানিব পৰা গৈছে যে আমাৰ চিনাকি সৌৰমণ্ডলৰ বাহিৰত প্ৰায় ৪০০০ গ্ৰহ সিঁচৰতি হৈ আছে আৰু এই গ্ৰহবোৰে বিভিন্ন নক্ষত্ৰক আৱৰ্তন কৰি পাক খাই আছে। এই গ্ৰহসমূহৰ ৯৬% গ্ৰহ আয়তন পৃথিৱীতকৈ বহুত ডাঙৰ।
এক বিবৃতিৰদ্বাৰা ‘নাছা’ই প্ৰকাশ কৰিছে যে ‘আমাৰ সৌৰমণ্ডলৰ লেখীয়াকৈ মহাকাশত বহু সৌৰমণ্ডল সিঁচৰতি হৈ আছে। বুধৰপৰা নেপচুন লৈ (প্লুটো এতিয়া আৰু গ্ৰহ হৈ থকা নাই) আমাৰ সৌৰজগতত যিদৰে এটাৰপৰা আনটো গ্ৰহ, অৰ্থাৎ ৮টা গ্ৰহ সজোৱা হৈছে; একেদৰে বাহিৰৰ সৌৰজগততো সজোৱা হৈছে অজস্ৰ গ্ৰহ। এইবোৰৰ ভালেমান গ্ৰহ আমাৰ পৃথিৱীৰ দৰেই।’ প্ৰকৃততে, এনেবোৰ গ্ৰহৰ সন্ধানৰ বাবে আৰু তেনে গ্ৰহত প্ৰাণৰ সন্ধানৰ বাবেই ২০০৯ চনত মহাকাশলৈ ‘কেপলাৰ স্পেছ টেলিস্ক’প’ প্ৰেৰণ কৰিছিল নাছাই। ২০১৩ চন পৰ্যন্ত কেপলাৰ টেলিস্ক’পে পৃথিৱীৰ দৰেই ‘বাসযোগ্য’ প্ৰায় ২৫০০ ভিন্ন গ্ৰহ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।
‘শ্বোনেবাৰ্গ অবজাৰভেটৰি’ৰ মহাকাশ বিজ্ঞানী মাইকেল হিপাকে এই সম্পৰ্কে কৈছে যে, ‘কেপলাৰে যিবোৰ সংকেত প্ৰেৰণ কৰে, সেইবোৰৰ সকলো সময়তে খুব শক্তিশালী-সুস্পষ্ট সংকেত হিচাপে গ্ৰহণ কৰিব পৰা নাযায়। পৃথিৱীত বহি থাকি সেই সংকেতসমূহ বিশ্লেষণ কৰি কৰি—কোনটো ভিন্ন গ্ৰহৰপৰা অহা আৰু কোনটো মহাজাগতিক বস্তুৰপৰা অহা—বুজি উঠাটো অত্যন্ত জটিল হৈ পৰে। কিন্তু কেপলাৰ মিছনৰ নতুন প্ৰযুক্তিৰ সহায়ত সঠিক চিত্ৰ চকুৰ সন্মুখত ভাহি উঠা সম্ভৱপৰ হৈ পৰিছে। আনকি সেই চিত্ৰবোৰ পৃথক কৰি সেইবোৰৰ বৈশিষ্ট্য নিৰ্ধাৰণ কৰাও সম্ভৱপৰ হৈ পৰিছে।