• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

ASSAMESE SECTION / Health / Medical

by Sanghamitra Kashyap
April 3, 2026
in ASSAMESE SECTION, Health, Health, Medical
Reading Time: 5 mins read
0
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা
Share on FacebookShare on TwitterShare on LinkedIn

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

সংঘমিত্ৰা কাশ্যপ

Sanghamitra pic
সংঘমিত্ৰা কাশ্যপ

সেইদিনা এটা বাতৰিত পঢ়িলো যে ২৫ বছৰীয়া এগৰাকী কৰ্মৰত মহিলা অনবৰতে ওচৰৰ চুবুৰীয়াই তেওঁ আৰু তেওঁৰ পৰিয়ালক চোৰাংচোৱা গিৰি কৰে বুলি সন্দেহ কৰিছিল। প্ৰায় দুই মাহ ধৰি প্ৰতিদিনে তেওঁ এই কথাষাৰ নিজৰ অভিভাৱকক কৈছিল। তাই বিশ্বাস কৰিছিল যে ওচৰৰ চুবুৰীয়াই তাইৰ প্ৰতিটো খোজতে নজৰ ৰাখিছিল যেনে তাই কি ৰান্ধিছিল, কেনেকৈ তাই সাজ-পোছাক পিন্ধিছিল, আনকি তাইৰ ব্যক্তিগত কথা-বতৰাও শুনিছিল আৰু তাইক হত্যা কৰিবলৈ ওচৰৰ ব্যক্তি সকলে এইবোৰ কৰিছে বুলি বিশ্বাস কৰিছিল।

এই কথাবোৰ প্ৰথম অৱস্থাত পৰিয়ালে মনৰ ভাৱ , ঠিক হৈ যাব বুলি ভাবি ইমান গুৰুত্ব দিয়া নাছিল আৰু তেনে কোনো কথা সম্ভৱ নহয় বুলি তাইৰ পৰিয়ালৰ আশ্বাসৰ লগতে প্ৰমাণও দিছিল।
স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

কিন্তু সময় যোৱাৰ লগে লগে মহিলা গৰাকীৰ বিশ্বাস আৰু প্ৰৱল হৈ গৈছিল আৰু তেওঁ নিশ্চিত ভাৱ ধাৰণা এটা কৰি লৈছিল যে তাইৰ কথাই সঁচা। সময়ৰ লগে লগে তাইৰ ভয়টো আৰু শক্তিশালী হৈ আহিছিল । তাই লাহে লাহে ঘৰৰ খিৰিকীবোৰ বাতৰি কাকতেৰে ঢাকিবলৈ আৰম্ভ কৰিছিল আৰু দিনতে সকলো পৰ্দা টানকৈ বন্ধ কৰি দিছিল ।

আনকি তাই ইলেক্ট্ৰনিক যন্ত্ৰবোৰ আনপ্লাগ কৰি দিছিল এইটো ভাবি যে , তেওলোকে তাইক ৰেকৰ্ড কৰিবলৈ অভ্যস্ত হৈ আছে। টোপনিৰ অসুবিধা হোৱাৰ বাহিৰেও তাই অনবৰতে অসুৰক্ষিত, খিংখিঙীয়া, আৰু উদ্বিগ্ন হৈ পৰিছিল । অৱশেষত তাইক এজন মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱা হয়, যিয়ে তাইক পেৰান’ইড টাইপৰ স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত হোৱা বুলি জনায়।

এনেকুৱা হয়টো বহু ঘটনা আমি সচৰাচৰ দেখিবলৈ পাওঁ আৰু সেই কথাবোৰ পঢ়িলে ভ্ৰম বুলি ধাৰণা কৰোঁ। কিন্তু যদি গভীৰ ভাৱে চাওঁ, ই এক মানসিক ৰোগৰ আৰম্ভণি মাত্ৰ। এই ৰোগৰ নাম হৈছে স্কিজ’ফ্ৰেনিয়া।

   স্কিজ’ফ্ৰেনিয়া হৈছে এক মানসিক ৰোগ যি এজন ব্যক্তিৰ চিন্তা প্ৰক্ৰিয়া, ধাৰণা, আৱেগিক প্ৰতিক্ৰিয়াশীলতা আৰু সামাজিক পাৰস্পৰিক ক্ৰিয়া-কলাপত বাধাৰ সৃষ্টি কৰে। ই আটাইতকৈ দুৰ্বল কৰি তোলা মানসিক বিকাৰৰ ভিতৰত অন্যতম। স্কিজ’ফ্ৰেনিয়া মনোৰোগজনিত বিকাৰ( psychotic disorder) বুলি কোৱা বিকাৰৰ এক বহল শ্ৰেণীৰ অংশ।এই ৰোগ এক বিভাজিত বা একাধিক ব্যক্তিত্বৰ নহয়। স্কিজোফ্রেনিয়াত এক মনোৰোগ অন্তর্ভুক্ত থাকে, এক প্ৰকাৰৰ মানসিক ৰোগ য’ত এজন ব্যক্তিয়ে কল্পনা আৰু বাস্তৱ পৃথৱীৰ কোনো সংযোগ নাথাকে।

ইয়াৰ মূল বৈশষ্ট্য হৈছে এইসকল ব্যক্তিয়ে বাস্তৱৰ সৈতে একেবাৰেই সম্পৰ্ক হেৰুৱায়। পৃথিৱীখন বিভ্রান্তিকৰ চিন্তা, ছবি আৰু শব্দৰ খেলিমেলি যেন লাগিবলৈ লয়। তেওঁলোকৰ আচৰণ অতি আচৰিত হৈ পৰে। ব্যক্তিত্ব আৰু আচৰণৰ হঠাতে পৰিৱৰ্তন, যিটো বাস্তৱৰ সৈতে সম্পৰ্ক হেৰুৱালে হয়, ইয়াক মানসিক ঘটনা বুলি কোৱা হয়। তেওঁলোকৰ এই পৰিবৰ্তন আৰু আচৰণ ৬ মাহৰ অধিক হ’লে ই অসুবিধাজনক হৈ উঠিব পাৰে। 

স্কিজ’ফ্ৰেনিয়াই বিশ্বজুৰি প্ৰায় ২.৩ কোটি লোকৰ আৰু ৩৪৫ জনৰ ভিতৰত ১ জন (০.২৯%) লোকক আক্ৰান্ত কৰে বুলি তথ্য পোৱা গৈছে । প্ৰাপ্তবয়স্কৰ মাজত এই হাৰ ২৩৩ জনৰ ভিতৰত ১ জন (০.৪৩%)। ই আন বহুতো মানসিক বিকাৰৰ দৰে সাধাৰণ নহয়। কৈশোৰ আৰু বিশৰ দশকৰ শেষৰ ফালে আৰম্ভ হয়, আৰু মহিলাতকৈ পুৰুষৰ মাজত আৰম্ভণি হোৱাৰ প্ৰৱণতা থাকে।

এই ৰোগৰ লক্ষণ সমূহক দুটা ভাগত ভাগ কৰা হৈছে, ইতিবাচক আৰু নেতিবাচক। ১৮০০ চনত হিগলিংছ জেকচনে ব্যৱহাৰ কৰা প্ৰাৰম্ভিক বৰ্ণনাৰ ভিত্তিত লক্ষণসমূহক ইতিবাচক আৰু নেতিবাচক বুলি কোৱা হয়। অধিক চিনাকি ইতিবাচক লক্ষণসমূহ হ’ল ভ্ৰম,বিভ্রান্তি, অসংগঠিত চিন্তা, আৰু আচৰণ। অধিক পৰিচিত নেতিবাচক লক্ষণসমূহ হ’ল , আৱেগৰ প্ৰকাশ হ্ৰাস, প্ৰেৰণাৰ অভাৱ, আৰু সামাজিক প্ৰত্যাহাৰ। ইয়াক বিস্তাৰ ভাৱে তলত আলোচনা কৰা হৈছে।

স্কিজ’ফ্ৰেনিয়া : অবাস্তৱ পৃথিৱীৰ কথা

ইতিবাচক লক্ষণসমূহ : 

বিভ্রান্তি (Delusion): এইবোৰ হৈছে এক মিছা, মিশ্ৰিত আৰু কেতিয়াবা অদ্ভুত বিশ্বাস যিবোৰ বাস্তৱত আধাৰিত নহয় আৰু ব্যক্তিজনে এৰিবলৈ অস্বীকাৰ কৰে, আনকি তথ্যবোৰ দেখুওৱাৰ পিছতো তেওঁলোকৰ মান্তি নহয়। উদাহৰণস্বৰূপে আমি ওপৰৰ ঘটনা টোকে ল’ব পাৰোঁ। মহিলা গৰাকীক পৰিয়ালে প্ৰমাণ দিয়াৰ পিছতো তেওঁৰ সন্দেহ শেষ নহয়, বৰং বাঢ়ি হে যায় আৰু তেওঁ সত্যটো দেখুৱাই দিলেও অস্বীকাৰ কৰে। গতিকে ই হৈছে বিভ্রান্তি বা delusion ৰ লক্ষণ। 

ইয়াৰ কেইটামান প্ৰকাৰ হৈছে : 

১) অত্যাচাৰৰ বিভ্রান্তি (Delusion of Persecution): এই প্ৰকাৰৰ বিভ্রান্তিত ভোগা লোকসকলে সকলো সময়তে বিশ্বাস কৰে যে সকলোৱে তেওঁলোকক বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে,চোৰাংচোৱাগিৰি কৰা হৈছে, নিন্দা কৰা হৈছে, ভাবুকি দিয়া হৈছে, আক্ৰমণ কৰা হৈছে।  

২) ৰেফাৰেন্সৰ বিভ্ৰান্তি( Delusion of Reference) : ই হৈছে বাহ্যিক পৰিঘটনা, বস্তু বা মানুহ বিশেষ, যত এই বিভ্ৰান্তিত থকা ৰোগী জনে ভাৱে যে প্ৰতিটো কথা তেওঁক উদেশ্য কৰি কোৱা হৈছে। উদাহৰণস্বৰূপে এটা গান শুনিলেও তেওঁ গীতটোৰ মাজত তেওঁৰ বাবে লুকাই থকা বাৰ্তা আছে বুলি ভাবিব পাৰে।

৩)বিভ্ৰান্তিকৰ বিশ্বাস( Delusion of Grandeur) : ইয়াত ব্যক্তিজনে বিশ্বাস কৰে যে তেওঁৰ হাতত অতি শক্তি, ধন-সম্পত্তি বা প্ৰতিভা আছে বা তেওঁ ঐশ্বৰিক, কিন্তু হয়টো বাস্তৱত এইবোৰ সব মিছা। 

৪) নিয়ন্ত্ৰণ বা নিষ্ক্ৰিয়তাৰ বিভ্ৰান্তি( Delusion of Control) : ইয়াত এজন ব্যক্তিয়ে তেওঁৰ চিন্তা, অনুভূতি বা কাৰ্য্যক বাহ্যিক শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত হয় বুলি ভাবে।উদাহৰণস্বৰূপে তেওঁ ভাবিব পাৰে যে এলিয়েনে ৰেডিঅ’ তৰংগৰ মাজেৰে তেওঁৰ গতিবিধি নিয়ন্ত্ৰণ কৰি আছে আদি।

৫) ইৰোট’মেনিক (Erotomanic Delusion) : এই ধৰণৰ ভ্ৰান্ত বিকাৰগ্ৰস্ত লোকসকলে বিশ্বাস কৰে যে খুব এজন বিখ্যাত ব্যক্তি তেওঁলোকৰ প্ৰেমত পৰিছে আৰু তেওঁলোকে হয়তো সেই ব্যক্তি জনৰ সৈতে যোগাযোগ কৰি ষ্টাকিং আচৰণত লিপ্ত হ’বলৈ চেষ্টা কৰিব পাৰে।

দ্বিতীয়বিধ ইতিবাচক লক্ষণ হৈছে ভ্ৰম বা Hallucination. 

 ভ্ৰম (Hallucination ) : ইয়াত সংবেদন অন্তর্ভুক্ত থাকে, যিবোৰ বাস্তৱিক নহয়। স্কিজোফ্রেনিয়া থকা লোকসকলৰ মাত শুনাটো আটাইতকৈ সচৰাচৰ হোৱা ভ্ৰম। তাক শ্ৰৱণ মতিভ্ৰম বা auditory Hallucinations বুলি কোৱা হয়। ই ভ্ৰমৰ আটাইতকৈ সাধাৰণ ধৰণ। ইয়াৰ লগত জড়িত থাকে যিবোৰ শব্দ সেইবোৰ বাস্তৱ নহয়। ইয়াত এজন ব্যক্তিয়ে কোনোৱে কথা নক’লে কিছুমানে মাত শুনিবলৈ পায়। মাতবোৰ ইতিবাচক, ঋণাত্মক বা নিৰপেক্ষ হ’ব পাৰে। এই মাত বোৰ তেওঁলোকক এনেকুৱা কাম কৰিবলৈ আজ্ঞা দিব পাৰে যিয়ে নিজৰ বা আনৰ ক্ষতি কৰিব পাৰে, কাৰণ তেওঁলোকে অকল সেই মাত বোৰক সত্য বুলি বিশ্বাস কৰে। ভ্ৰমৰ আন প্ৰকাৰৰ বোৰ হৈছে এইধৰণৰ : 

১) দৃশ্যগত (দৃষ্টি) মতিভ্ৰম( Visual Hallucinations) : এই মতিভ্ৰমবোৰত এজন ব্যক্তিয়ে বস্তু, আকৃতি, মানুহ, জীৱ-জন্তু বা পোহৰ আদি বস্তু দেখাৰ লগত জড়িত হৈ থাকে, যি বাস্তৱত উপস্থিত নাথাকে। উদাহৰস্বৰূপে এই ৰোগত ভুগি থকা ব্যক্তি এজনে সকলো সময়তে তেওঁৰ কাষত যেন কোনোবা বহি আছে , তেঁওৰ লগত শুইছে, খাইছে এনেকুৱা অনুভৱ কৰিব পাৰে।

২) স্পৰ্শ মতিভ্ৰম( Tactile Hallucinations) : এই মতিভ্ৰমবোৰৰ ফলত আপুনি আপোনাৰ শৰীৰ বা শৰীৰৰ গতিবিধি বাস্তৱ নহয় বুলি অনুভৱ কৰে।ইয়াৰ লগত এনেকুৱা হ’ব পাৰে যে আপোনাৰ ছালত কীট-পতংগে খোজ কাঢ়ি যোৱা বা আপোনাৰ অভ্যন্তৰীণ অংগবোৰ ইফালে সিফালে লৰচৰ কৰি থকা যেন অনুভৱ কৰিব পাৰে।

৩) ঘ্ৰাণ মতিভ্ৰম( Olfactory Hallucination) : এই মতিভ্ৰমবোৰত এনে গোন্ধ অনুভৱ কৰা হয় যিবোৰৰ অস্তিত্ব নাই বা আন কোনোৱে গোন্ধ দিব নোৱাৰে।

৪) গেষ্টেটোৰি মতিভ্ৰম( Gustatory Hallucinations) : ই ৰুচিৰ ভুৱা ধাৰণাক বুজায় । মুখত কোনো প্ৰকৃত খাদ্য বা পদাৰ্থ নোহোৱাকৈ ৰুচিৰ অনুভূতিৰ সন্মুখীন হোৱা বা বিহ যেন অনুভৱ হোৱা, আৰু এই ঘটনা এদিনৰ বাবে নহয় সচৰাচৰ হোৱা পৰিলক্ষিত হব লাগিব।

তৃতীয় প্ৰকাৰ বিধ হৈছে কেটাটোনিয়া (Catatonia)। এই অৱস্থাত, ব্যক্তিজনে কথা কোৱা বন্ধ কৰিব পাৰে, আৰু তেওঁলোকৰ শৰীৰ অতি দীঘলীয়া সময়ৰ বাবে একক স্থিতিত স্থিৰ কৰা হ’ব পাৰে যেনে চকু ওপৰলৈ কৰি সেইটো অৱস্থাতে থকা কোনো লৰচৰ নকৰা। 

Schizophrenia 6

স্কিজোফ্রেনিয়াৰ অসংগঠিত লক্ষণ:

এইবোৰ হৈছে ইতিবাচক লক্ষণ যি দেখুৱায় যে ব্যক্তিজনে স্পষ্টভাৱে ভাবিব নোৱাৰে বা আশা কৰা অনুসৰি সঁহাৰি দিব নোৱাৰে। উদাহৰণবোৰৰ ভিতৰত আছে:

অর্থহীন বাক্যব্যৱহাৰ নকৰা বাক্যত কথা পতা, ব্যক্তিজনৰ বাবে যোগাযোগ কৰা বা বাৰ্তালাপ কৰা কঠিন কৰি তোলা

সিহঁতৰ মাজত স্পষ্ট বা যৌক্তিক সংযোগ অবিহনে এটা চিন্তাৰ পৰা পৰৱৰ্তী লৈ দ্রুতগতিত স্থানান্তৰ কৰা

যিকোনো সিদ্ধান্ত ল’বলৈ অক্ষম হোৱা

অত্যাধিক লিখা কিন্তু কথাবোৰ অর্থহীন

বস্তুবোৰ পাহৰি যোৱা বা হেৰুওৱা

চলাচল বা ভঙ্গীৰ পুনৰাবৃত্তি কৰা, বৃত্তত খোজ কঢ়া

দৈনন্দিন দৃশ্য, শব্দ আৰু অনুভূতিবুজাত সমস্যা হোৱা।

Schizophrenia 4

স্কিজোফ্রেনিয়াৰ নেতিবাচক লক্ষণ :

ইয়াত “নেতিবাচক” শব্দটোৰ অৰ্থ বেয়া নহয়।স্কিজ’ফ্ৰেনিয়াৰ নেতিবাচক লক্ষণসমূহে স্বাভাৱিক আৱেগিক আৰু আচৰণৰ কাৰ্য্যৰ ক্ষতি বা হ্ৰাসৰ কথা বুজায়। এই লক্ষণসমূহে ব্যক্তিজনৰ বাবে স্বাভাৱিক দৈনন্দিন জীৱন যাপন কৰাত অসুবিধাৰ সৃষ্টি কৰে।

ইয়াত মূল নেতিবাচক লক্ষণসমূহ উল্লেখ কৰা হৈছে:

১) আৱেগিক সমতলতা(Affective flattening ): মুখৰ অভিব্যক্তি, কণ্ঠস্বৰৰ সুৰ, আৰু ইংগিতৰ জৰিয়তে আৱেগৰ প্ৰকাশ হ্ৰাস কৰা।

২) এলজিয়া(Alogia) : বাক্যৰ গঠনত অসুবিধা , ইয়াত ব্যক্তিজনে অতি কম কথা কয় অথবা খালী উত্তৰ দিয়ে।

৩) এভিলিশ্যন (Avolition) : ব্যক্তি জনৰ এনে লক্ষণত থাকিলে তেওঁ সকলো সময়তে কাম আৰম্ভ বা সম্পূৰ্ণ কৰিবলৈ প্ৰেৰণাহীন হোৱা ; লক্ষ্য নিৰ্ধাৰণ আৰু অনুসৰণ কৰাত অসুবিধা হোৱা দেখা যায়।

৪) এনহেদনীয়া( Anhedonia) : আগতে উপভোগ্য হোৱা কাৰ্য্যকলাপৰ পৰা আনন্দ অনুভৱ কৰিব নোৱাৰা।

৫) আছ’চিয়েলিটি (Asociality): প্ৰায়ে সামাজিক প্ৰত্যাহাৰ বা আনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ আগ্ৰহৰ অভাৱ।

স্কিজোফ্রেনিয়া ৰোগ হ’বলৈ হ’লে এজন ব্যক্তিৰ কমেও ৬ মাহৰ বাবে ওপৰত এই লক্ষণবোৰৰ দুটা হ’লেও থাকিব লাগিব আৰু এই ৬ মাহত ব্যক্তিজনৰ এমাহৰ সৰ্ম্পূণ সক্রিয় লক্ষণ থাকিব লাগিব। লক্ষণবোৰে তেওঁলোকক সামাজিক বা কর্মক্ষেত্রত নেতিবাচকভাৱে প্ৰভাৱিত কৰিব লাগিব আৰু আন কোনো স্থিতিৰ ফলত ই সৃষ্টি হোৱা হ’ব নোৱাৰিব।

schizophrenia 2

        ওপৰৰ এই লক্ষণবোৰৰ লগত আচলতে বহু কেইটা কাৰকে সংযুক্ত হৈ থাকে। কেইবাটাও কাৰকে ব্যক্তি এজনৰ স্কিজোফ্রেনিয়া হোৱাৰ আশংকা তৈয়াৰ কৰিব পাৰে, যাৰ ভিতৰত আছে:

   ১) জেনেটিক্স: স্কিজোফ্রেনিয়া কেতিয়াবা বংশগতিৰ ফলত হ’ব পাৰে। যদি কোনো পিতৃ-মাতৃ বা ভাই-ভনীৰ স্কিজ’ফ্ৰেনিয়া হয়, তেন্তে সাধাৰণ জনসংখ্যাৰ তুলনাত এই আশংকা প্ৰায় ১০ গুণ বৃদ্ধি পায়।জিনৰ ভিন্নতা যেনে Disc1 (Schizophrenia 1 ত বিঘ্নিত কৰা), COMT (Catechol-O-Methyltransferase), আৰু NRG1 (Neuregulin 1) অধিক বিপদৰ সৈতে জড়িত কৰা হৈছে। যদি জন্মৰ সময়ত বা পিছত ৬ নং ক্ৰম’জমত কিছুমান পৰিৱৰ্তন হয় , য’ত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ জিন থাকে, তেনেহলে প্ৰতিৰোধ ক্ষমতা আৰু স্কিজ’ফ্ৰেনিয়াৰ মাজত সম্ভাৱ্য সম্পৰ্ক এটা গঢ়ি উঠাৰ সম্ভাৱনা থাকিব পাৰে, যিয়ে এই ৰোগ হোৱাৰ কাৰণ মুকলি কৰি দিব পাৰে।

    অৱশ্যে, কেৱল পৰিয়ালৰ এজন সদস্যৰ স্কিজোফ্রেনিয়া থকাৰ বাবে, ইয়াৰ অৰ্থ এইটো নহয় যে পৰিয়ালৰ আন সদস্যসকলৰও এইটো থাকিব। অধ্যয়নবোৰে পৰামৰ্শ দিয়ে যে বিভিন্ন জিনৰ ফলত এজন ব্যক্তিৰ স্কিজোফ্রেনিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি হ’ব পাৰে, কিন্তু কোনো এটা জিনে নিজে ই বিকাৰসৃষ্টি নকৰে।

২) পৰিৱেশ: গৱেষণাই পৰামৰ্শ দিয়ে যে এজন ব্যক্তিৰ পৰিৱেশ আৰু জীৱনৰ অভিজ্ঞতাৰ আনুবংশিক কাৰক আৰু দিশবোৰৰ সংমিশ্রণে স্কিজোফ্রেনিয়াৰ বিকাশত ভূমিকা পালন কৰিব পাৰে। এই পাৰিপাৰ্শ্বিক কাৰকবোৰৰ ভিতৰত থাকিব পাৰে দৰিদ্ৰতা, চাপপূৰ্ণ বা বিপদজনক পৰিৱেশত বাস কৰা, আৰু জন্মৰ আগতে ভাইৰাছ বা পুষ্টিজনিত সমস্যাৰ সংস্পৰ্শলৈ অহা আদি।

৩) মস্তিষ্কৰ অস্বাভাৱিকতা: গৱেষণাই স্কিজোফ্রেনিয়া থকা লোকসকলৰ মস্তিষ্কৰ অস্বাভাৱিক গঠন বিচাৰি পাইছে। কিন্তু এইটো স্কিজোফ্রেনিয়া থকা সকলো লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ই ৰোগ নোহোৱা লোকসকলক প্ৰভাৱিত কৰিব পাৰে।

৪) বেয়া পদাৰ্থৰ ব্যৱহাৰ: কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কিশোৰ বয়স আৰু প্ৰাপ্তবয়স্কত ড্ৰাগছ সেৱন কৰিলে স্কিজ’ফ্ৰেনিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। ক্ৰমবৰ্ধমান প্ৰমাণে ইংগিত দিয়ে যে গাঞ্জা সেৱন কৰিলে মানসিক ৰোগৰ আশংকা আৰু চলি থকা মনোৰোগীৰ অভিজ্ঞতাৰ সম্ভাৱনা বৃদ্ধি পায়। ব্যৱহাৰ যিমানেই কম বয়সীয়া আৰু বেছি সঘনাই হ’ব সিমানেই বিপদ বেছি হ’ব।

যদি স্কিজ’ফ্ৰেনিয়াৰ চিকিৎসাৰ কথা কবলৈ যাও তেনেহলে ইয়াত চিকিৎসা কৰোঁতে ব্যক্তি এজনৰ লক্ষণসমূহৰ বিষমতাৰ ওপৰত ভিত্তি কৰি লক্ষণ সমূহ পৰিচালনা কৰা, কাৰ্য্যক্ষমতা বৃদ্ধি কৰা, আৰু ৰোগ বিধ ৰোধ কৰাত গুৰুত্ব দিয়া হয়। ইয়াত সাধাৰণতে ঔষধ, মনোচিকিৎসা, সামাজিক সমৰ্থনৰ সংমিশ্ৰণ জড়িত হৈ থাকে।

Schizophrenia 3
ইয়াত মূল পদ্ধতিসমূহ হৈছে : 

ঔষধ (এন্টিচাইকোটিক) : এইবোৰেই হৈছে চিকিৎসাৰ মূল ভেটি। 

ই ভ্ৰান্তি, ভ্ৰম, আৰু অসংগঠিত চিন্তাধাৰাৰ দৰে লক্ষণসমূহ হ্ৰাস বা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 

২) মনোচিকিৎসা : 

জ্ঞানমূলক আচৰণ চিকিৎসা (CBT): মতিভ্ৰম বা বিভ্ৰান্তিৰ পৰিমাণ হ্ৰাস কৰে।

সহায়ক মনোচিকিৎসা: দৈনন্দিন কাৰ্য্যকলাপ আৰু আৱেগিক সমৰ্থনক উৎসাহিত কৰে।

পৰিয়াল চিকিৎসা: মানসিক চাপ কমোৱা আৰু যোগাযোগ উন্নত কৰিবলৈ পৰিয়ালৰ সদস্যসকলক শিক্ষা প্ৰদান কৰে।

ইলেক্ট্ৰ’কনভালচিভ থেৰাপী : স্বাস্থ্যসেৱা পেছাদাৰীসকলে স্কিজ’ফ্ৰেনিয়া ৰোগীৰ বাবে ইলেক্ট্ৰ’কনভালচিভ থেৰাপী (ECT) বিবেচনা কৰিব পাৰে , যদিহে ৰোগীজনে ঔষধ চিকিৎসাৰ প্ৰতি সঁহাৰি নিদিয়ে। এই থেৰাপীত ব্যক্তি জনক anaesthesia দিয়া হয় আৰু তেওঁ অজ্ঞান অৱস্থাত থকাৰ সময়ত মগজুৰ মাজেৰে সৰু সৰু বৈদ্যুতিক প্ৰবাহ পাৰ হৈ যায়, যাৰ ফলত ১ৰ পৰা ২ মিনিটৰ বাবে এক চিকিৎসাজনিত আক্ৰমণ তেওঁৰ শৰীৰত হয়। ইচিটিয়েও হতাশাত ভোগা লোকসকলক সহায় কৰিব পাৰে।

স্কিজ’ফ্ৰেনিয়াৰ এনে এক মানসিক ৰোগ যি আন মানসিক ৰোগতকৈ অলপ কঠিন। ইয়াত সময় বেছি লাগে। এই গুৰুতৰ মানসিক অৱস্থাৰ সৈতে মোকাবিলা কৰাটো হয়টো কেতিয়াবা তেওঁলোকৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকৰ বাবে কঠিন হ’ব পাৰে ৷ কিন্তু সময়ত লক্ষণ সমূহ চিনাক্ত কৰি উন্নত চিকিৎসা গ্ৰহণ কৰিলে কিছু পৰিমাণে হ’লেও এই সমস্যাৰ পৰা ৰক্ষা পাব পৰা যায়।

schizophrenia 1

সংঘমিত্ৰা কাশ্যপ, মনোবিজ্ঞানী

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanghamitra Kashyap

Sanghamitra Kashyap

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
Ozempic benefits- the natural way!

Ozempic benefits- the natural way!

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d