স্তন-পৰীক্ষা

ডাঃ মনোজ কুমাৰ শইকীয়া
আমাৰ সন্মানীয় বহুত মহিলাৰ স্তনৰোগৰ পৰীক্ষা সম্বন্ধে অভিজ্ঞতা কম, যাৰ ফলত স্তনৰ টিউমাৰ বা কেন্সাৰ আদি ৰোগ ধৰা পেলাওঁতে পলম হয়। সেয়েহে এই লিখনি ; কোনেও যাতে ভুল নুবুজে।
যুৱতী আৰু মহিলাৰ ভালেমান স্তনৰ ৰোগ হয়। ইয়াৰ ভিতৰত স্তনৰ টিউমাৰ আৰু কেন্সাৰ অন্যতম ভয়ানক ৰোগ।
এই ৰোগসমূহ আৰম্ভণি অৱস্থাতে ধৰা পেলাই উপযুক্ত চিকিৎসা কৰিলে ভাল হয়। স্তনৰ স্বাভাৱিক আৰু অস্বাভাৱিক অৱস্থাৰ পৰীক্ষা-পদ্ধতি তলত উল্লেখ কৰা হ’ল।
(১) মাহেকীয়া ঋতুস্ৰাৱৰ ছয় দিনৰ পিছত নিয়মীয়াকৈ দুয়োটা স্তন পৰীক্ষা কৰিব। নিপল্ ভিতৰলৈ সোমাই থকা অথবা কোনো ধৰণৰ অস্বাভাৱিক ৰস ওলোৱা। নিপল্ বা স্তনৰ ছাল কোঁচ খোৱা আদি অস্বাভাৱিক লক্ষণ।
(২) আইনাৰ সন্মুখত থিয় হৈ দুয়োটা নিপলৰ ওপৰত এডাল ৰুলমাৰি ৰাখিব। এনে অৱস্থাত ৰুলমাৰিডাল সমান্তৰালভাৱে আছে নে নাই চাব। স্বাভাৱিক স্থনৰ ক্ষেত্ৰত ৰুলমাৰিডাল সমান্তৰালভাৱে থাকে।
(৩) সেইদৰে দুয়োটা স্তনৰ তলত ৰুলমাৰিডাল ৰাখিব আৰু স্তন দুটা সমান স্তৰত আছে নে নাই চাব। এনে অৱস্থাত স্বাভাৱিক স্তনযুগল সমান স্তৰত থাকে।
(৪) দুয়োটা স্তনৰ আকৃতিৰ পাৰ্থক্য আছে নেকি চাওক।
(৫) মূৰৰ পিছফালে সোঁ-হাত ৰাখিব আৰু বাঁওহাতেৰে সোঁ-স্তনত সামান্য চাপ দি ঘৰীৰ কাঁটাৰ দিশত ঘূৰাই পৰীক্ষা কৰক। সেইদৰে বাঁও হাত মূৰৰ পিছলৈ নি সোঁ-হাতেৰে বাঁওস্তন পৰীক্ষা কৰক। এই পৰীক্ষা কৰোতে স্তনত টেমুনা বা আন অস্বাভাৱিকতা পাইছে নেকি মন কৰিব।
(৬) স্তনৰ বাহিৰৰপৰা নিপলৰ দিশত মৃদু চাপ দি পৰীক্ষা কৰিব। টেমুনা বা আন অস্বাভাৱিক কিবা পাইছে নেকি মন কৰক। অস্বাভাৱিক লক্ষণ ধৰা পৰিলে অনতিপলমে চিকিৎসকৰ লগত পৰামৰ্শ কৰিব।
(৭) কাষলতিৰ তলত যি কোনো ধৰণৰ টেমুনা ধৰা পৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব।
(৮) ২০ বছৰৰপৰা ৪০ বছৰ বয়স পৰ্যন্ত মহিলাসকলে ২-৩ বছৰৰ মূৰত অভিজ্ঞ চিকিৎসকৰদ্বাৰা স্তন-পৰীক্ষা কৰাব লাগে।
(৯) ৪০ বছৰ বয়সৰ পিছত মহিলাসকলে প্ৰতিবছৰেই অভিজ্ঞ চিকিৎসকৰদ্বাৰা স্তন পৰীক্ষা কৰোৱা উচিত।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.


















