• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, February 2, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

স্নায়ু দুৰ্বলতা (Nerve weakness or Nerve damage), এটি জটিল সমস্যা

by Admin
June 15, 2021
in Health, Lifestyle
Reading Time: 3 mins read
0
man love people woman

Photo by cottonbro on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

– ডা: মুকুল শৰ্মা |

স্নায়ু হ’ল মানুহৰ শৰীৰৰ যোগাযোগৰ মাধ্যম। শৰীৰৰ অংগ প্ৰত্যংগ বিলাকে সূচাৰুৰূপে কাৰ্য্য সম্পাদন কৰিবলৈ হ’লে বাৰ্তা বিলাক শৰীৰৰ চাৰিওফালে পৰিবাহীত হোৱাতো জৰুৰী আৰু তাৰবাবে শৰীৰৰ স্নায়ু বিলাক সূচাৰুৰূপে কাৰ্য্যক্ষম হোৱাতো অতিকে প্ৰয়োজনীয়। কিছুমান ক্ষেত্ৰত স্নায়ু বিলাক শৰীৰৰ কোনো বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত বা আঘাতপ্ৰাপ্ত হোৱাৰ ফলত বা অন্য কোনো কাৰণত ক্ষতিগ্ৰস্ত হ’লে ই ভালদৰে কাম কৰিবলৈ অপাৰগ হয় যদিওবা স্নায়ু বিলাকৰ নিজৰ গাঁথনি অক্ষুন্ন থাকে। ইয়াৰ ফলত যি ঠাইৰ স্নায়ু আক্ৰান্ত হয় সেই ঠাইৰ যোগাযোগ বা কাৰ্য্যক্ষমতা বাধাগ্ৰস্ত হয়। স্নায়ু বিলাক হ’ল কিছুমান আঁহৰ সমষ্টি আৰু এই আঁহবিলাক কিছুমান স্নায়ুকোষেৰে গঠিত যাক neurone বুলি কোৱা হয়। মগজু (brain) আৰু স্নায়ুৰজ্জুক (spinal cord) ক স্নায়ুৰ নিয়ন্ত্ৰণ কক্ষ বুলি কোৱা হয়। যিবিলাক স্নায়ুৱে মগজু আৰু স্নায়ুৰজ্জুৰ পৰা সংকেত শৰীৰৰ বিভিন্ন ঠাইলৈ কঢ়িয়াই আনে তাক বহিৰ্মূখী বা প্ৰস্থানমূখী (efferent) স্নায়ুৰ আঁহ বুলি কোৱা হয়। আনহাতে শৰীৰৰ বিভিন্ন ঠাইৰ পৰা মগজু আৰু স্নায়ুৰজ্জুলৈ সংকেত কঢ়িয়াই অনা স্নায়ু বোৰক অন্তৰ্মুখী বা প্ৰৱেশমূখী (afferent) স্নায়ুৰ আঁহ বুলি কোৱা হয়। কিছুমান স্নায়ুৰ অন্তৰ্মুখী আৰু বহিৰ্মূখী দুই ধৰণৰ আঁহেই থাকে। এই মগজু, স্নায়ুৰজ্জু আৰু স্নায়ু বিলাকৰ দ্বাৰা গঠিত স্নায়ুতন্ত্ৰই আমাৰ শৰীৰৰ সকলোবিলাক কাম পৰিচালিত কৰে। যেনে- শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ, মাংসপেশীৰ কাম কাজ পৰিচালনা, গৰম, ঘ্ৰাণ, সোৱাদ, ঠাণ্ডা, স্পৰ্শৰ অনুভৱ ইত্যাদি। আমাৰ শৰীৰত তিনি প্ৰকাৰৰ স্নায়ু থাকে – – –

 

1 of 1
- +
Pexels.com" data-image="https://i0.wp.com/mahabahu.com/wp-content/uploads/2021/06/pexels-photo-415627.jpeg?fit=1880%2C1245&ssl=1" href="https://i0.wp.com/mahabahu.com/wp-content/uploads/2021/06/pexels-photo-415627.jpeg?fit=1880%2C1245&ssl=1" class="jeg_preview_item active">
adult architecture dome facial expression

১)স্বয়ংক্ৰিয় স্নায়ু (Autonomic nerve) – এই স্নায়ু বিলাকে আমাৰ শৰীৰৰ অনৈচ্ছিক বা আমাৰ নিজৰ নিয়ন্ত্ৰণত নহোৱা কাৰ্য্য বা আংশিকভাবে ঐচ্ছিক বা ইচ্ছাধীন কৰ্মবিলাক যেনে- ৰক্তচাপ, পাচন শক্তি, শৰীৰৰ উত্তাপ বা তাপমাত্ৰা নিয়ন্ত্ৰণ ইত্যাদি কামবিলাক সম্পাদনা কৰে।

২) চালক স্নায়ু (motor nerve) – এই স্নায়ু বিলাকে মগজু আৰু স্নায়ুৰজ্জুৰ পৰা সংকেত বা বাৰ্তা বিলাক শৰীৰৰ মাংসপেশীবিলাকলৈ সঞ্চালিত কৰি আমাৰ শৰীৰৰ চলাচল বা মাংসপেশীৰ কাৰ্য্যকলাপ বিলাক নিয়ন্ত্ৰণ কৰে।

RelatedPosts

Korean Beauty Hydrating Sheet Mask !

Korean Beauty Hydrating Sheet Mask !

January 31, 2023
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023

৩) সংবেদী স্নায়ু (sensory nerve) – এই স্নায়ু বিলাকে শৰীৰৰ বিভিন্ন ঠাইৰ পৰা সংবেদন বা বাৰ্তা আমাৰ মগজু আৰু স্নায়ুৰজ্জুলৈ প্ৰেৰণ কৰে। যাৰ ফলত আমি শৰীৰৰ বিষ, ঠাণ্ডা, গৰম, স্পৰ্শ, গোন্ধ , শব্দ শুনা ইত্যাদি অনুভৱ কৰিব পাৰো।

যিহেতু শৰীৰৰ প্ৰত্যেকটো কামতে স্নায়ুৰ দৰকাৰ হয় গতিকে এই স্নায়ুবিলাক দুৰ্বল হ’লে বা ক্ষতিগ্ৰস্ত হ’লে আমাৰ জীৱনত বহুতো অসুবিধাৰ সৃষ্টি হয়। সাধাৰণতে স্নায়ুৰ বিকলতাকে স্নায়বিক দুৰ্বলতা বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ’ল যিকোনো কাৰণ বশতঃ স্নায়ুবিলাক অসুস্থ বা ক্ষতিগ্ৰস্ত হোৱা। ফলত স্নায়ুৰ সংকেতবিলাক স্নায়ুৰ মাজেৰে পৰিবাহীত হব নোৱাৰে। যদি কোনে চালক স্নায়ু আক্ৰান্ত হয় তেন্তে শৰীৰৰ অংগবোৰৰ চলাচলত অসুবিধাৰ সৃষ্টি হয়। যদি সংবেদী স্নায়ু আক্ৰান্ত হয় তেন্তে শৰীৰৰ সংবেদনশীলতাত প্ৰভাৱ পৰে। স্নায়বিক দুৰ্বলতা বা স্নায়ু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত দেখা দিয়া লক্ষণসমূহ হ’ল –

১) স্বয়ংক্ৰিয় স্নায়ু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত দেখা দিয়া লক্ষণসমূহ :-

*বুকুৰ বিষ অনুভব কৰা ক্ষমতা লোপ পাব পাৰে। ফলত কেতিয়াবা হাৰ্ট এটেকৰ ফলত হোৱা বুকুৰ বিষ ৰোগীজনে অনুভৱ কৰিব নোৱাৰিব পাৰে।

*শৰীৰৰ পৰা অত্যধিক ঘাম নিৰ্গত (hyperhidrosis) বা একেবাৰে  ঘাম নোলাব (anhidrosis) পাৰে ।

*মূৰটো পাতল পাতল লাগিব পাৰে।

*মূখ আৰু চকু একেবাৰে শুকান হৈ যাব পাৰে।

*কোষ্ঠকাঠিন্যতা

*পেচাব জমা হোৱা মূত্ৰথলী বিকল হব পাৰে বা কাৰ্য্যক্ষমতা হ্ৰাস পাব পাৰে। ফলত সঠিকভাৱে পেচাব নিৰ্গত নহব পাৰে।

*যৌন শক্তি হ্ৰাস পাব পাৰে বা লিংগ শিথিলতা দেখা দিব পাৰে।

২) চালক স্নায়ুৰ দুৰ্বলতাৰ বাবে সাধাৰণতে তলত দিয়া লক্ষণসমূহ দেখা যাব পাৰে –

*দুৰ্বলতা

* শৰীৰৰ মাংসপেশীবিলাকৰ সমন্বয়তা বা সামঞ্জস্যতাৰ অভাৱ হব পাৰে।

*মাংসপেশীৰ অৱক্ষয় (muscular dystrophy)

*মাংসপেশী পাক খোৱা বা আঁটি বান্ধি ধৰা (twisting of muscle)

*পাৰালাইচিচ্ ইত্যাদি ।

৩) সংবেদী স্নায়ুৰ দুৰ্বলতাৰ বাবে দেখা যোৱা লক্ষণসমূহ হ’ল

*অত্যন্ত বিষ

*অধিক সংবেদনশীলতা বা অসংবেদনশীলতা

*অংগ প্ৰত্যংগৰ জঠৰতা

*হাত, ভৰি বা শৰীৰৰ অন্য অংগৰ জিনজিননি

*শৰীৰত জলন অনুভৱ কৰা বা বিজবিজনি হোৱা।

*দৃষ্টি শক্তি, ঘ্ৰাণ শক্তি, শ্ৰৱণ শক্তি, স্পৰ্শ বা সোৱাদৰ অনুভৱ হ্ৰাস পোৱা বা লোপ পোৱা।

বেমাৰৰ প্ৰকাৰ আৰু গম্ভীৰতাৰ ওপৰত ভিত্তি কৰি অন্য কিছুমান লক্ষণো দেখা দিব পাৰে। যিহেতু প্ৰায় সকলোবিলাক স্নায়ুৱেই মগজুৰ লগত সংযোজিত হৈ থাকে আৰু মগজুৰ ভিতৰত আমাৰ বিভিন্ন শাৰীৰিক তথা মানসিক আৰু সংবেদন পৰিচালনাৰ কেন্দ্ৰবিলাক থাকে যিয়ে আমাৰ শৰীৰ আৰু মনৰ সকলোবিলাক কাম পৰিচালনা কৰি থাকে। গতিকে মগজুৰ এই ঠাইবোৰত হোৱা কিবা আঘাত বা ক্ৰমশঃ এই স্নায়ু কোষবোৰ অকাৰ্য্যক্ষম হৈ গ’লে বিভিন্ন শাৰীৰিক সমস্যাৰ উপৰিও কেতিয়াবা মানুহৰ স্মৃতিশক্তি লোপ পোৱা, চিন্তাশক্তি বা বোধশক্তি লোপ পোৱা ইত্যাদি লক্ষণ দেখা দিব পাৰে।

কেতিয়াবা একেলগে দুই বা তিনি ধৰণৰ স্নায়ু দুৰ্বলতা দেখা যায় আৰু সেই হিচাপে লক্ষণ বোৰো দেখা যায়। যেনে- ভৰি হাতৰ অৱশতা, জিনজিননি আৰু জ্বলা পোৰা এই লক্ষণ সমূহ একেলগে দেখা যাব পাৰে।

#স্নায়বিক দুৰ্বলতাৰ কাৰণসমূহ :- স্নায়বিক দুৰ্বলতাৰ ১০০ বিধৰো ওপৰত প্ৰকাৰ আছে। বিভিন্ন প্ৰকাৰ অনুসৰি লক্ষণ আৰু চিকিৎসাও ভিন ভিন হয়। তলত স্নায়বিক দুৰ্বলতাৰ কিছুমান কাৰণ উল্লেখ কৰা হ’ল – – –

*Auto Immune Disease :- বিভিন্ন প্ৰকাৰৰ auto Immune disease ৰ ফলত স্নায়বিক দুৰ্বলতা হব পাৰে ।যেনে- multiple sclerosis, Guillain berre syndrome, myasthenia Gravis, Lupus, Inflammatory bowel disease ইত্যাদি ।

*কৰ্কট ৰোগ :- কৰ্কট ৰোগে বিভিন্ন ধৰণে স্নায়ুৰ বিষ তথা স্নায়ুক ক্ষতিগ্ৰস্ত কৰিব পাৰে। কিছুমান ক্ষেত্ৰত কৰ্কট ৰোগৰ ফলত উৎপন্ন হোৱা মাংসপিণ্ড বা টিউমাৰে স্নায়ুৰ ওপৰত হেঁচা বা চাপ দিব পাৰে যাৰ ফলত স্নায়ুৰ বিষ তথা স্নায়ু ক্ষতিগ্ৰস্ত হব পাৰে। আনহাতে আন কিছুমান ক্ষেত্ৰত কৰ্কট ৰোগৰ ফলত সৃষ্টি হোৱা পুষ্টিহীনতাৰ বাবেও স্নায়ুৰ কাৰ্য্যক্ষমতা হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও কেমো থেৰাপী আৰু বিকিৰণ বা ৰেডিয়েচনৰ বাবেও স্নায়ু ক্ষতিগ্ৰস্ত হব পাৰে আৰু স্নায়বিক দুৰ্বলতাৰ সৃষ্টি হব পাৰে।

*স্নায়ুত পোৱা আঘাত বা হেঁচাৰ বাবে :- স্নায়ুৰ ওপৰত পৰা যিকোনো হেঁচা বা চাপ আৰু আঘাতৰ বাবে স্নায়ুৰ বিষ হব পাৰে তথা স্নায়ু ক্ষতিগ্ৰস্ত হব পাৰে। যেনে-  ৰাজহাড়ত হোৱা শ্লিপ-ডিস্কৰ ফলত স্নায়ুৰ ওপৰত হেঁচা বা চাপ পৰি স্নায়ু চেপা খাই পোৱা আঘাত, carpel tunnel syndrome য’ত হাতৰ মনিবন্ধ(wrist) ত স্নায়ু চেপা খাই হাত তথা বাহুৰ বিষ আৰু জঠৰতাৰ সৃষ্টি কৰিব পাৰে, চায়েটিকা ইত্যাদি ।

*স্নায়ুত হোৱা প্ৰদাহৰ ফলত :- কোনো কাৰণ বশতঃ স্নায়ুত প্ৰদাহৰ সৃষ্টি হ’লেও স্নায়বিক দুৰ্বলতাৰ সৃষ্টি হব পাৰে। যেনে – Bell’s palsy বা facial palsy ত মুখমণ্ডলৰ এটা ফালৰ স্নায়ু বিলাকত প্ৰদাহৰ সৃষ্টি হৈ আক্ৰান্ত ফালৰ মুখমণ্ডলৰ মাংসপেশী বিলাকত দুৰ্বলতাৰ সৃষ্টি হয়।

*ষ্ট্ৰোক:- ষ্ট্ৰোকৰ ফলত মগজুত হোৱা কোনো অংশত ৰক্তপৰিবহনত বাধাপ্ৰাপ্ত হৈ মগজুৰ সেই অংশৰ কোষবিলাক অকামিলা হয় বা মৰহি যায়।ফলত মগজুৰ সেই ঠাইৰ পৰা নিৰ্গত স্নায়ুবিলাক অকাৰ্য্যক্ষম হৈ পৰে আৰু পাৰালাইচিৰ সৃষ্টি হয়। তেজৰ মখাৰ দ্বাৰা মগজুলৈ তেজ পৰিবাহী ধমনী অৱৰোধৰ ফলত ষ্ট্ৰোকৰ সৃষ্টি হয়।

*ডায়েবেটিজ :- ডায়েবেটিজত আক্ৰান্ত প্ৰায় ৭০% ৰোগীৰ ৰোগটোৰ কবলত পৰি স্নায়বিক দুৰ্বলতা বা স্নায়ু ক্ষতিগ্ৰস্ত হোৱা দেখা যায় যাক ডায়েবেটিক নিউৰোপেথি বুলি কোৱা হয়। ডায়েবেটিক নিউৰোপেথি এক গম্ভীৰ ধৰণৰ সমস্যা য’ত গোটেই তিনি প্ৰকাৰৰ স্নায়ু আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে সংবেদী স্নায়ু বেছিকৈ আক্ৰান্ত হয় যাৰ ফলত অংগ, প্ৰত্যংগ বিশেষকৈ হাত, ভৰিৰ জঠৰতা তথা জ্বলনি পোৰণি অনুভৱ হয়।

*ঔষধ তথা কিছুমান বিষাক্ত পদাৰ্থৰ পাৰ্শ্চক্ৰিয়াৰ ফলত :- বিভিন্ন প্ৰকাৰৰ ঔষধ তথা ৰাসায়নিক পদাৰ্থ যিবিলাক ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাবে শৰীৰত প্ৰয়োগ বা সেৱন কৰাৰ ফলতো স্নায়ু ক্ষতিগ্ৰস্ত হৈ স্নায়বিক দুৰ্বলতাৰ সৃষ্টি হব পাৰে। যেনে- কৰ্কট ৰোগীৰ বাবে ব্যবহৃত কেমো থেৰাপী, HIV ৰোগীৰ বাবে ব্যবহৃত কিছুমান ঔষধ। কিছুমান বিষাক্ত পদাৰ্থ যিবিলাক দূৰ্ঘটনা বশতঃ বা অসাবধানতা বশতঃ সেৱনৰ ফলত যেনে- সীহ(Lead), আৰ্ছেনিক, পাৰা (mercury)  ইত্যাদিয়েও স্নায়ু ক্ষতিগ্ৰস্ত কৰি স্নায়বিক দুৰ্বলতাৰ সৃষ্টি কৰিব পাৰে।

*চালক স্নায়ুৰ বেমাৰ (Motor neurone disease):-  মগজু আৰু স্নায়ুৰজ্জুৰ পৰা ওলোৱা স্নায়ু, যিবিলাকে শৰীৰৰ মাংসপেশী বিলাকলৈ সংকেত বা বাৰ্তাৰ যোগান ধৰে সেই স্নায়ু বিলাকক আক্ৰান্ত কৰা কিছুমান বেমাৰৰ প্ৰভাৱতো স্নায়ু দুৰ্বলতাৰ সৃষ্টি হব পাৰে। চালক স্নায়ুক আক্ৰান্ত কৰা বেমাৰ সমূহৰ ভিতৰত Amytrophic lateral sclerosis (ALS) বা Lou Gehrig’s disease, Progressive bulbar palsy, Progressive muscular atrophy, Primary lateral sclerosis, Spinal muscular atrophy ইত্যাদিয়ে ক্ৰমান্বয়ে চালক স্নায়ু বিলাকক অকামিলা কৰি পেলাব পাৰে।

*পুষ্টিহীনতা :- কিছুমান পোষক দ্ৰব্যৰ অভাৱত যেনে- ভিটামিন বি ৬ আৰু ভিটামিন বি ১২ ৰ অভাৱতো স্নায়ুৰ কোষবিলাকে পৰিপুষ্টি নপোৱাৰ বাবে স্নায়বিক দুৰ্বলতা হব পাৰে ।অত্যধিক মদ্যপান তথা গেষ্ট্ৰিক চাৰ্জাৰিৰ পিছতো এনে পুষ্টিহীনতাৰ বাবে  স্নায়ু দুৰ্বলতাৰ সৃষ্টি হব পাৰে। যাৰ ফলত শৰীৰৰ অংগ প্ৰত্যংগ বিশেষকৈ হাত ভৰিৰ জিনজিননি, জঠৰতা, জ্বলনি পোৰণিৰ সৃষ্টি হয়।

*সংক্ৰমিত বেমাৰ :- কিছুমান সংক্ৰমিত বেমাৰেও স্নায়ুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। যেনে- Lyme disease, Herpes, কিছুমান ভাইৰাছৰ সংক্ৰমণ, HIV, Hepatitis-C ইত্যাদি ।

*স্নায়ুৰ কাম সূচাৰুৰূপে সম্পাদন হবলৈ স্নায়ুকোষ বিলাকৰ মাজত কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয় যাক নিউৰোট্ৰেন্সমিটাৰ বুলি কোৱা হয়। এই নিউৰোট্ৰেন্সমিটাৰ বিলাকৰ উৎপত্তিত বাধাপ্ৰাপ্ত হ’লেও স্নায়ু দুৰ্বলতাৰ সৃষ্টি হব পাৰে।

*পাৰ্কিন্সন ডিজিজ (Parkinson’s disease) :- মগজুৰ কিছুমান স্নায়ুকোষৰ নিয়মিত ক্ষয়প্ৰাপ্ত বা ক্ষতিগ্ৰস্ত হৈ পাৰ্কিন্সন ডিজিজৰ সৃষ্টি হয়।

*বয়সৰ বাবেও স্নায়ুবিলাক অকাৰ্য্যক্ষম হব পাৰে ।

#চিকিৎসা :- বহুক্ষেত্ৰত স্নায়বিক দুৰ্বলতা সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পৰা নাযায়। কিন্তু উপযুক্ত চিকিৎসাৰ সহায়ত স্নায়ুৰ ক্ষয় ক্ষতি কমাই ৰাখিব পৰা যায়। যিহেতু  পুৰণি হোৱাৰ লগে লগে স্নায়বিক দুৰ্বলতাৰ প্ৰকোপ বাঢ়ি যায় গতিকে ইয়াৰ লক্ষণসমূহ দেখাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসাৰ আৰম্ভণিতে সমস্যাটোৰ আচল কাৰণটো নিৰ্ধাৰণ কৰি লব লাগে। অৰ্থাৎ – –

*যদি মধুমেহত আক্ৰান্ত ব্যক্তি হয় নিয়মিত তেজৰ শৰ্কৰা পৰীক্ষা কৰোৱা উচিত আৰু শৰ্কৰা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা উচিত।

*পুষ্টিহীনতাৰ বাবে হ’লে ইয়াক আতৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। বিশেষকৈ তেজৰ ভিটামিন বি ১২ পৰীক্ষা কৰাই লব লাগে।

*যদি কিবা ঔষধ সেৱনৰ বাবে স্নায়বিক দুৰ্বলতাৰ সৃষ্টি হয় তেন্তে সেই ঔষধ সমূহৰ সেৱন বন্ধ কৰিব লাগে।

*যদি স্নায়ুৰ ওপৰত পৰা কিবা হেঁচা বা আঘাতৰ বাবে দুৰ্বলতাৰ সৃষ্টি হয় তেন্তে ফিজিঅ’ থেৰাপী বা যোগাসনৰ অভ্যাস তথা অপাৰেচনৰ ব্যৱস্থা কৰা উচিত।

*Auto Immune Disease ৰ বাবে হ’লে সেই বেমাৰ নিৰাময়ৰ ব্যৱস্থা কৰা উচিত।

#আয়ুৰ্বেদিক চিকিৎসা – আয়ুৰ্বেদত স্নায়বিক দুৰ্বলতাক বাত দোষৰ প্ৰকোপৰ বাবে হোৱা বুলি কোৱা হয় আৰু সাধাৰণতে বাত দোষযুক্ত লোকক ইয়াৰ দ্বাৰা অধিক পীড়িত হোৱা দেখা যায়। সেয়েহে আয়ুৰ্বেদত স্নায়ু দুৰ্বলতাৰ চিকিৎসাৰ ক্ষেত্ৰত বাত প্ৰশমনক চিকিৎসা প্ৰদান কৰা হয়। ৰোগৰ জটিলতা আৰু কাৰণ অনুযায়ী বিভিন্ন ধৰণৰ একক তথা শাস্ত্ৰীয় যৌগিক ঔষধিৰ প্ৰয়োগ কৰা হয়। একক ঔষধীৰ ভিতৰত উল্লেখযোগ্য হ’ল- অশ্বগন্ধা, ব্ৰাহ্মী, শংখপুস্পী, ৰাস্না ইত্যাদি ।

শাস্ত্ৰীয় যৌগিক ঔষধিৰ ভিতৰত – বৃহৎ বাত চিন্তামনি, ট্ৰয়োদশাংগ গুগ্গুল, বাত গজাংকুশ ৰস, যোগেন্দ্ৰ ৰস, একাংবীৰ ৰস, ব্ৰাহ্মী বটী, ট্ৰলোক্য চিন্তামনি ৰস ইত্যাদি প্ৰধান।

আসৱ-অৰিষ্ট – দশমূলাৰিষ্ট, বলাৰিষ্ট, অশ্বগন্ধাৰিষ্ট ইত্যাদি ।

ইয়াৰ উপৰিও কিছুমান ঔষধীয় গুণসম্পন্ন তেলেৰে মালিচ কৰাৰ পৰামৰ্শ দিয়া হয়। যেনে – মহামাস তেল, মহানাৰায়ন তেল,এৰণ্ড তেল, পাৰালিটল তেল ইত্যাদি প্ৰধান।

কিন্তু ঔষধ সমূহ এজন অৰ্হতা সম্পন্ন আয়ুৰ্বেদীক চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা উচিত।

উপৰোক্ত ঔষ সমূহৰ লগতে পঞ্চকৰ্ম চিকিৎসা যেনে – বিভিন্ন প্ৰকাৰৰ বস্তি চিকিৎসাৰ প্ৰয়োগ কৰিলে স্নায়বিক দুৰ্বলতা যুক্ত ৰোগীৰ ক্ষেত্ৰত আচৰিত ধৰণৰ ফল পোৱা যায়।

কিছুমান স্নায়বিক দুৰ্বলতা যুক্ত ৰোগীক ৰোগৰ প্ৰকাৰ অনুযায়ী বিভিন্ন ধৰণৰ যোগাসনৰো পৰামৰ্শ আগবঢ়োৱা হয়।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: স্নায়ু দুৰ্বলতা
Admin

Admin

Related Posts

Korean Beauty Hydrating Sheet Mask !
Lifestyle

Korean Beauty Hydrating Sheet Mask !

by Admin
January 31, 2023
0

Korean Beauty Hydrating Sheet Mask AGRITA CHHIBBER Agrita Chhibber What is the main advantage of sheet masks? Hydration! Your skin...

Read more
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023
Must Visit Places in Jammu

Must Visit Places in Jammu

January 30, 2023
পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

January 27, 2023
woman sitting on wooden planks

Make Stress-Less Life Your Lifestyle

January 26, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Is the movie Pathaan a Game-Changer?

Is the movie Pathaan a Game-Changer?

February 2, 2023
অৰুজ হাকিমি, এগৰাকী আফগান সাংবাদিকৰ জীৱনৰ সঁচা তিক্ত কাহিনী

AFGHANISTAN: More than one year of Taliban!

February 1, 2023
Two years on from Myanmar military coup!

Deny legitimacy of Myanmar’s military junta

February 1, 2023
Hate Speech: Turning the tide

Hate Speech: Turning the tide

February 1, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: