• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

স্নায়ু দুৰ্বলতা এটি জটিল সমস্যা

MEDICAL / Health / Nerve Weakness

by Editor
September 19, 2025
in Health, Health, Medical
Reading Time: 5 mins read
0
স্নায়ু দুৰ্বলতা এটি জটিল সমস্যা
Share on FacebookShare on TwitterShare on LinkedIn

স্নায়ু দুৰ্বলতা (Nerve weakness or Nerve damage) এটি জটিল সমস্যা

ডা: মুকুল শৰ্মা

Dr Mukul Sarma
ডা: মুকুল শৰ্মা

স্নায়ু হ’ল মানুহৰ শৰীৰৰ যোগাযোগৰ মাধ্যম। শৰীৰৰ অংগ প্ৰত্যংগ বিলাকে সূচাৰুৰূপে কাৰ্য্য সম্পাদন কৰিবলৈ হ’লে বাৰ্তা বিলাক শৰীৰৰ চাৰিওফালে পৰিবাহীত হোৱাতো জৰুৰী আৰু তাৰবাবে শৰীৰৰ স্নায়ু বিলাক সূচাৰুৰূপে কাৰ্য্যক্ষম হোৱাতো অতিকে প্ৰয়োজনীয়।

কিছুমান ক্ষেত্ৰত স্নায়ু বিলাক শৰীৰৰ কোনো বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত বা আঘাতপ্ৰাপ্ত হোৱাৰ ফলত বা অন্য কোনো কাৰণত ক্ষতিগ্ৰস্ত হ’লে ই ভালদৰে কাম কৰিবলৈ অপাৰগ হয় যদিওবা স্নায়ু বিলাকৰ নিজৰ গাঁথনি অক্ষুন্ন থাকে। ইয়াৰ ফলত যি ঠাইৰ স্নায়ু আক্ৰান্ত হয় সেই ঠাইৰ যোগাযোগ বা কাৰ্য্যক্ষমতা বাধাগ্ৰস্ত হয়।
স্নায়ু দুৰ্বলতা (Nerve weakness or Nerve damage), এটি জটিল সমস্যা

স্নায়ু বিলাক হ’ল কিছুমান আঁহৰ সমষ্টি আৰু এই আঁহবিলাক কিছুমান স্নায়ুকোষেৰে গঠিত যাক neurone বুলি কোৱা হয়। মগজু (brain) আৰু স্নায়ুৰজ্জুক (spinal cord) ক স্নায়ুৰ নিয়ন্ত্ৰণ কক্ষ বুলি কোৱা হয়। যিবিলাক স্নায়ুৱে মগজু আৰু স্নায়ুৰজ্জুৰ পৰা সংকেত শৰীৰৰ বিভিন্ন ঠাইলৈ কঢ়িয়াই আনে তাক বহিৰ্মূখী বা প্ৰস্থানমূখী (efferent) স্নায়ুৰ আঁহ বুলি কোৱা হয়।

আনহাতে শৰীৰৰ বিভিন্ন ঠাইৰ পৰা মগজু আৰু স্নায়ুৰজ্জুলৈ সংকেত কঢ়িয়াই অনা স্নায়ু বোৰক অন্তৰ্মুখী বা প্ৰৱেশমূখী (afferent) স্নায়ুৰ আঁহ বুলি কোৱা হয়। কিছুমান স্নায়ুৰ অন্তৰ্মুখী আৰু বহিৰ্মূখী দুই ধৰণৰ আঁহেই থাকে।

এই মগজু, স্নায়ুৰজ্জু আৰু স্নায়ু বিলাকৰ দ্বাৰা গঠিত স্নায়ুতন্ত্ৰই আমাৰ শৰীৰৰ সকলোবিলাক কাম পৰিচালিত কৰে। যেনে- শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ, মাংসপেশীৰ কাম কাজ পৰিচালনা, গৰম, ঘ্ৰাণ, সোৱাদ, ঠাণ্ডা, স্পৰ্শৰ অনুভৱ ইত্যাদি। আমাৰ শৰীৰত তিনি প্ৰকাৰৰ স্নায়ু থাকে – – –

১)স্বয়ংক্ৰিয় স্নায়ু (Autonomic nerve) – এই স্নায়ু বিলাকে আমাৰ শৰীৰৰ অনৈচ্ছিক বা আমাৰ নিজৰ নিয়ন্ত্ৰণত নহোৱা কাৰ্য্য বা আংশিকভাবে ঐচ্ছিক বা ইচ্ছাধীন কৰ্মবিলাক যেনে- ৰক্তচাপ, পাচন শক্তি, শৰীৰৰ উত্তাপ বা তাপমাত্ৰা নিয়ন্ত্ৰণ ইত্যাদি কামবিলাক সম্পাদনা কৰে।

২) চালক স্নায়ু (motor nerve) – এই স্নায়ু বিলাকে মগজু আৰু স্নায়ুৰজ্জুৰ পৰা সংকেত বা বাৰ্তা বিলাক শৰীৰৰ মাংসপেশীবিলাকলৈ সঞ্চালিত কৰি আমাৰ শৰীৰৰ চলাচল বা মাংসপেশীৰ কাৰ্য্যকলাপ বিলাক নিয়ন্ত্ৰণ কৰে।

৩) সংবেদী স্নায়ু (sensory nerve) – এই স্নায়ু বিলাকে শৰীৰৰ বিভিন্ন ঠাইৰ পৰা সংবেদন বা বাৰ্তা আমাৰ মগজু আৰু স্নায়ুৰজ্জুলৈ প্ৰেৰণ কৰে। যাৰ ফলত আমি শৰীৰৰ বিষ, ঠাণ্ডা, গৰম, স্পৰ্শ, গোন্ধ , শব্দ শুনা ইত্যাদি অনুভৱ কৰিব পাৰো।

যিহেতু শৰীৰৰ প্ৰত্যেকটো কামতে স্নায়ুৰ দৰকাৰ হয় গতিকে এই স্নায়ুবিলাক দুৰ্বল হ’লে বা ক্ষতিগ্ৰস্ত হ’লে আমাৰ জীৱনত বহুতো অসুবিধাৰ সৃষ্টি হয়। সাধাৰণতে স্নায়ুৰ বিকলতাকে স্নায়বিক দুৰ্বলতা বুলি কোৱা হয়।

ইয়াৰ অৰ্থ হ’ল যিকোনো কাৰণ বশতঃ স্নায়ুবিলাক অসুস্থ বা ক্ষতিগ্ৰস্ত হোৱা। ফলত স্নায়ুৰ সংকেতবিলাক স্নায়ুৰ মাজেৰে পৰিবাহীত হব নোৱাৰে। যদি কোনে চালক স্নায়ু আক্ৰান্ত হয় তেন্তে শৰীৰৰ অংগবোৰৰ চলাচলত অসুবিধাৰ সৃষ্টি হয়।

যদি সংবেদী স্নায়ু আক্ৰান্ত হয় তেন্তে শৰীৰৰ সংবেদনশীলতাত প্ৰভাৱ পৰে। স্নায়বিক দুৰ্বলতা বা স্নায়ু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত দেখা দিয়া লক্ষণসমূহ হ’ল –

স্নায়ু দুৰ্বলতা (Nerve weakness or Nerve damage), এটি জটিল সমস্যা

১) স্বয়ংক্ৰিয় স্নায়ু ক্ষতিগ্ৰস্ত হোৱাৰ ফলত দেখা দিয়া লক্ষণসমূহ :-

*বুকুৰ বিষ অনুভব কৰা ক্ষমতা লোপ পাব পাৰে। ফলত কেতিয়াবা হাৰ্ট এটেকৰ ফলত হোৱা বুকুৰ বিষ ৰোগীজনে অনুভৱ কৰিব নোৱাৰিব পাৰে।

*শৰীৰৰ পৰা অত্যধিক ঘাম নিৰ্গত (hyperhidrosis) বা একেবাৰে  ঘাম নোলাব (anhidrosis) পাৰে ।

*মূৰটো পাতল পাতল লাগিব পাৰে।

*মূখ আৰু চকু একেবাৰে শুকান হৈ যাব পাৰে।

*কোষ্ঠকাঠিন্যতা

*পেচাব জমা হোৱা মূত্ৰথলী বিকল হব পাৰে বা কাৰ্য্যক্ষমতা হ্ৰাস পাব পাৰে। ফলত সঠিকভাৱে পেচাব নিৰ্গত নহব পাৰে।

*যৌন শক্তি হ্ৰাস পাব পাৰে বা লিংগ শিথিলতা দেখা দিব পাৰে।

২) চালক স্নায়ুৰ দুৰ্বলতাৰ বাবে সাধাৰণতে তলত দিয়া লক্ষণসমূহ দেখা যাব পাৰে –

*দুৰ্বলতা

* শৰীৰৰ মাংসপেশীবিলাকৰ সমন্বয়তা বা সামঞ্জস্যতাৰ অভাৱ হব পাৰে।

*মাংসপেশীৰ অৱক্ষয় (muscular dystrophy)

*মাংসপেশী পাক খোৱা বা আঁটি বান্ধি ধৰা (twisting of muscle)

*পাৰালাইচিচ্ ইত্যাদি ।

স্নায়ু দুৰ্বলতা (Nerve weakness or Nerve damage), এটি জটিল সমস্যা

৩) সংবেদী স্নায়ুৰ দুৰ্বলতাৰ বাবে দেখা যোৱা লক্ষণসমূহ হ’ল

*অত্যন্ত বিষ

*অধিক সংবেদনশীলতা বা অসংবেদনশীলতা

*অংগ প্ৰত্যংগৰ জঠৰতা

*হাত, ভৰি বা শৰীৰৰ অন্য অংগৰ জিনজিননি

*শৰীৰত জলন অনুভৱ কৰা বা বিজবিজনি হোৱা।

*দৃষ্টি শক্তি, ঘ্ৰাণ শক্তি, শ্ৰৱণ শক্তি, স্পৰ্শ বা সোৱাদৰ অনুভৱ হ্ৰাস পোৱা বা লোপ পোৱা।

বেমাৰৰ প্ৰকাৰ আৰু গম্ভীৰতাৰ ওপৰত ভিত্তি কৰি অন্য কিছুমান লক্ষণো দেখা দিব পাৰে। যিহেতু প্ৰায় সকলোবিলাক স্নায়ুৱেই মগজুৰ লগত সংযোজিত হৈ থাকে আৰু মগজুৰ ভিতৰত আমাৰ বিভিন্ন শাৰীৰিক তথা মানসিক আৰু সংবেদন পৰিচালনাৰ কেন্দ্ৰবিলাক থাকে যিয়ে আমাৰ শৰীৰ আৰু মনৰ সকলোবিলাক কাম পৰিচালনা কৰি থাকে।

গতিকে মগজুৰ এই ঠাইবোৰত হোৱা কিবা আঘাত বা ক্ৰমশঃ এই স্নায়ু কোষবোৰ অকাৰ্য্যক্ষম হৈ গ’লে বিভিন্ন শাৰীৰিক সমস্যাৰ উপৰিও কেতিয়াবা মানুহৰ স্মৃতিশক্তি লোপ পোৱা, চিন্তাশক্তি বা বোধশক্তি লোপ পোৱা ইত্যাদি লক্ষণ দেখা দিব পাৰে।

কেতিয়াবা একেলগে দুই বা তিনি ধৰণৰ স্নায়ু দুৰ্বলতা দেখা যায় আৰু সেই হিচাপে লক্ষণ বোৰো দেখা যায়। যেনে- ভৰি হাতৰ অৱশতা, জিনজিননি আৰু জ্বলা পোৰা এই লক্ষণ সমূহ একেলগে দেখা যাব পাৰে।

স্নায়ু দুৰ্বলতা (Nerve weakness or Nerve damage), এটি জটিল সমস্যা

স্নায়বিক দুৰ্বলতাৰ কাৰণসমূহ :- স্নায়বিক দুৰ্বলতাৰ ১০০ বিধৰো ওপৰত প্ৰকাৰ আছে। বিভিন্ন প্ৰকাৰ অনুসৰি লক্ষণ আৰু চিকিৎসাও ভিন ভিন হয়। তলত স্নায়বিক দুৰ্বলতাৰ কিছুমান কাৰণ উল্লেখ কৰা হ’ল – – –

*Auto Immune Disease :- বিভিন্ন প্ৰকাৰৰ auto Immune disease ৰ ফলত স্নায়বিক দুৰ্বলতা হব পাৰে ।যেনে- multiple sclerosis, Guillain berre syndrome, myasthenia Gravis, Lupus, Inflammatory bowel disease ইত্যাদি ।

*কৰ্কট ৰোগ :- কৰ্কট ৰোগে বিভিন্ন ধৰণে স্নায়ুৰ বিষ তথা স্নায়ুক ক্ষতিগ্ৰস্ত কৰিব পাৰে। কিছুমান ক্ষেত্ৰত কৰ্কট ৰোগৰ ফলত উৎপন্ন হোৱা মাংসপিণ্ড বা টিউমাৰে স্নায়ুৰ ওপৰত হেঁচা বা চাপ দিব পাৰে যাৰ ফলত স্নায়ুৰ বিষ তথা স্নায়ু ক্ষতিগ্ৰস্ত হব পাৰে।

আনহাতে আন কিছুমান ক্ষেত্ৰত কৰ্কট ৰোগৰ ফলত সৃষ্টি হোৱা পুষ্টিহীনতাৰ বাবেও স্নায়ুৰ কাৰ্য্যক্ষমতা হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও কেমো থেৰাপী আৰু বিকিৰণ বা ৰেডিয়েচনৰ বাবেও স্নায়ু ক্ষতিগ্ৰস্ত হব পাৰে আৰু স্নায়বিক দুৰ্বলতাৰ সৃষ্টি হব পাৰে।

*স্নায়ুত পোৱা আঘাত বা হেঁচাৰ বাবে :- স্নায়ুৰ ওপৰত পৰা যিকোনো হেঁচা বা চাপ আৰু আঘাতৰ বাবে স্নায়ুৰ বিষ হব পাৰে তথা স্নায়ু ক্ষতিগ্ৰস্ত হব পাৰে। যেনে-  ৰাজহাড়ত হোৱা শ্লিপ-ডিস্কৰ ফলত স্নায়ুৰ ওপৰত হেঁচা বা চাপ পৰি স্নায়ু চেপা খাই পোৱা আঘাত, carpel tunnel syndrome য’ত হাতৰ মনিবন্ধ(wrist) ত স্নায়ু চেপা খাই হাত তথা বাহুৰ বিষ আৰু জঠৰতাৰ সৃষ্টি কৰিব পাৰে, চায়েটিকা ইত্যাদি ।

*স্নায়ুত হোৱা প্ৰদাহৰ ফলত :- কোনো কাৰণ বশতঃ স্নায়ুত প্ৰদাহৰ সৃষ্টি হ’লেও স্নায়বিক দুৰ্বলতাৰ সৃষ্টি হব পাৰে। যেনে – Bell’s palsy বা facial palsy ত মুখমণ্ডলৰ এটা ফালৰ স্নায়ু বিলাকত প্ৰদাহৰ সৃষ্টি হৈ আক্ৰান্ত ফালৰ মুখমণ্ডলৰ মাংসপেশী বিলাকত দুৰ্বলতাৰ সৃষ্টি হয়।

*ষ্ট্ৰোক:- ষ্ট্ৰোকৰ ফলত মগজুত হোৱা কোনো অংশত ৰক্তপৰিবহনত বাধাপ্ৰাপ্ত হৈ মগজুৰ সেই অংশৰ কোষবিলাক অকামিলা হয় বা মৰহি যায়।ফলত মগজুৰ সেই ঠাইৰ পৰা নিৰ্গত স্নায়ুবিলাক অকাৰ্য্যক্ষম হৈ পৰে আৰু পাৰালাইচিৰ সৃষ্টি হয়। তেজৰ মখাৰ দ্বাৰা মগজুলৈ তেজ পৰিবাহী ধমনী অৱৰোধৰ ফলত ষ্ট্ৰোকৰ সৃষ্টি হয়।

*ডায়েবেটিজ :- ডায়েবেটিজত আক্ৰান্ত প্ৰায় ৭০% ৰোগীৰ ৰোগটোৰ কবলত পৰি স্নায়বিক দুৰ্বলতা বা স্নায়ু ক্ষতিগ্ৰস্ত হোৱা দেখা যায় যাক ডায়েবেটিক নিউৰোপেথি বুলি কোৱা হয়। ডায়েবেটিক নিউৰোপেথি এক গম্ভীৰ ধৰণৰ সমস্যা য’ত গোটেই তিনি প্ৰকাৰৰ স্নায়ু আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে সংবেদী স্নায়ু বেছিকৈ আক্ৰান্ত হয় যাৰ ফলত অংগ, প্ৰত্যংগ বিশেষকৈ হাত, ভৰিৰ জঠৰতা তথা জ্বলনি পোৰণি অনুভৱ হয়।

*ঔষধ তথা কিছুমান বিষাক্ত পদাৰ্থৰ পাৰ্শ্চক্ৰিয়াৰ ফলত :- বিভিন্ন প্ৰকাৰৰ ঔষধ তথা ৰাসায়নিক পদাৰ্থ যিবিলাক ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাবে শৰীৰত প্ৰয়োগ বা সেৱন কৰাৰ ফলতো স্নায়ু ক্ষতিগ্ৰস্ত হৈ স্নায়বিক দুৰ্বলতাৰ সৃষ্টি হব পাৰে। যেনে- কৰ্কট ৰোগীৰ বাবে ব্যবহৃত কেমো থেৰাপী, HIV ৰোগীৰ বাবে ব্যবহৃত কিছুমান ঔষধ।

কিছুমান বিষাক্ত পদাৰ্থ যিবিলাক দূৰ্ঘটনা বশতঃ বা অসাবধানতা বশতঃ সেৱনৰ ফলত যেনে- সীহ(Lead), আৰ্ছেনিক, পাৰা (mercury)  ইত্যাদিয়েও স্নায়ু ক্ষতিগ্ৰস্ত কৰি স্নায়বিক দুৰ্বলতাৰ সৃষ্টি কৰিব পাৰে।

*চালক স্নায়ুৰ বেমাৰ (Motor neurone disease):-  মগজু আৰু স্নায়ুৰজ্জুৰ পৰা ওলোৱা স্নায়ু, যিবিলাকে শৰীৰৰ মাংসপেশী বিলাকলৈ সংকেত বা বাৰ্তাৰ যোগান ধৰে সেই স্নায়ু বিলাকক আক্ৰান্ত কৰা কিছুমান বেমাৰৰ প্ৰভাৱতো স্নায়ু দুৰ্বলতাৰ সৃষ্টি হব পাৰে। চালক স্নায়ুক আক্ৰান্ত কৰা বেমাৰ সমূহৰ ভিতৰত Amytrophic lateral sclerosis (ALS) বা Lou Gehrig’s disease, Progressive bulbar palsy, Progressive muscular atrophy, Primary lateral sclerosis, Spinal muscular atrophy ইত্যাদিয়ে ক্ৰমান্বয়ে চালক স্নায়ু বিলাকক অকামিলা কৰি পেলাব পাৰে।

*পুষ্টিহীনতা :- কিছুমান পোষক দ্ৰব্যৰ অভাৱত যেনে- ভিটামিন বি ৬ আৰু ভিটামিন বি ১২ ৰ অভাৱতো স্নায়ুৰ কোষবিলাকে পৰিপুষ্টি নপোৱাৰ বাবে স্নায়বিক দুৰ্বলতা হব পাৰে ।অত্যধিক মদ্যপান তথা গেষ্ট্ৰিক চাৰ্জাৰিৰ পিছতো এনে পুষ্টিহীনতাৰ বাবে  স্নায়ু দুৰ্বলতাৰ সৃষ্টি হব পাৰে। যাৰ ফলত শৰীৰৰ অংগ প্ৰত্যংগ বিশেষকৈ হাত ভৰিৰ জিনজিননি, জঠৰতা, জ্বলনি পোৰণিৰ সৃষ্টি হয়।

স্নায়ু দুৰ্বলতা (Nerve weakness or Nerve damage), এটি জটিল সমস্যা

*সংক্ৰমিত বেমাৰ :- কিছুমান সংক্ৰমিত বেমাৰেও স্নায়ুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। যেনে- Lyme disease, Herpes, কিছুমান ভাইৰাছৰ সংক্ৰমণ, HIV, Hepatitis-C ইত্যাদি ।

*স্নায়ুৰ কাম সূচাৰুৰূপে সম্পাদন হবলৈ স্নায়ুকোষ বিলাকৰ মাজত কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয় যাক নিউৰোট্ৰেন্সমিটাৰ বুলি কোৱা হয়। এই নিউৰোট্ৰেন্সমিটাৰ বিলাকৰ উৎপত্তিত বাধাপ্ৰাপ্ত হ’লেও স্নায়ু দুৰ্বলতাৰ সৃষ্টি হব পাৰে।

*পাৰ্কিন্সন ডিজিজ (Parkinson’s disease) :- মগজুৰ কিছুমান স্নায়ুকোষৰ নিয়মিত ক্ষয়প্ৰাপ্ত বা ক্ষতিগ্ৰস্ত হৈ পাৰ্কিন্সন ডিজিজৰ সৃষ্টি হয়।

*বয়সৰ বাবেও স্নায়ুবিলাক অকাৰ্য্যক্ষম হব পাৰে ।

চিকিৎসা :- বহুক্ষেত্ৰত স্নায়বিক দুৰ্বলতা সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পৰা নাযায়। কিন্তু উপযুক্ত চিকিৎসাৰ সহায়ত স্নায়ুৰ ক্ষয় ক্ষতি কমাই ৰাখিব পৰা যায়। যিহেতু  পুৰণি হোৱাৰ লগে লগে স্নায়বিক দুৰ্বলতাৰ প্ৰকোপ বাঢ়ি যায় গতিকে ইয়াৰ লক্ষণসমূহ দেখাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসাৰ আৰম্ভণিতে সমস্যাটোৰ আচল কাৰণটো নিৰ্ধাৰণ কৰি লব লাগে। অৰ্থাৎ – –

*যদি মধুমেহত আক্ৰান্ত ব্যক্তি হয় নিয়মিত তেজৰ শৰ্কৰা পৰীক্ষা কৰোৱা উচিত আৰু শৰ্কৰা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা উচিত।

*পুষ্টিহীনতাৰ বাবে হ’লে ইয়াক আতৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। বিশেষকৈ তেজৰ ভিটামিন বি ১২ পৰীক্ষা কৰাই লব লাগে।

*যদি কিবা ঔষধ সেৱনৰ বাবে স্নায়বিক দুৰ্বলতাৰ সৃষ্টি হয় তেন্তে সেই ঔষধ সমূহৰ সেৱন বন্ধ কৰিব লাগে।

*যদি স্নায়ুৰ ওপৰত পৰা কিবা হেঁচা বা আঘাতৰ বাবে দুৰ্বলতাৰ সৃষ্টি হয় তেন্তে ফিজিঅ’ থেৰাপী বা যোগাসনৰ অভ্যাস তথা অপাৰেচনৰ ব্যৱস্থা কৰা উচিত।

*Auto Immune Disease ৰ বাবে হ’লে সেই বেমাৰ নিৰাময়ৰ ব্যৱস্থা কৰা উচিত।

স্নায়ু দুৰ্বলতা (Nerve weakness or Nerve damage), এটি জটিল সমস্যা

আয়ুৰ্বেদিক চিকিৎসা – আয়ুৰ্বেদত স্নায়বিক দুৰ্বলতাক বাত দোষৰ প্ৰকোপৰ বাবে হোৱা বুলি কোৱা হয় আৰু সাধাৰণতে বাত দোষযুক্ত লোকক ইয়াৰ দ্বাৰা অধিক পীড়িত হোৱা দেখা যায়। সেয়েহে আয়ুৰ্বেদত স্নায়ু দুৰ্বলতাৰ চিকিৎসাৰ ক্ষেত্ৰত বাত প্ৰশমনক চিকিৎসা প্ৰদান কৰা হয়। ৰোগৰ জটিলতা আৰু কাৰণ অনুযায়ী বিভিন্ন ধৰণৰ একক তথা শাস্ত্ৰীয় যৌগিক ঔষধিৰ প্ৰয়োগ কৰা হয়। একক ঔষধীৰ ভিতৰত উল্লেখযোগ্য হ’ল- অশ্বগন্ধা, ব্ৰাহ্মী, শংখপুস্পী, ৰাস্না ইত্যাদি ।

শাস্ত্ৰীয় যৌগিক ঔষধিৰ ভিতৰত – বৃহৎ বাত চিন্তামনি, ট্ৰয়োদশাংগ গুগ্গুল, বাত গজাংকুশ ৰস, যোগেন্দ্ৰ ৰস, একাংবীৰ ৰস, ব্ৰাহ্মী বটী, ট্ৰলোক্য চিন্তামনি ৰস ইত্যাদি প্ৰধান।

আসৱ-অৰিষ্ট – দশমূলাৰিষ্ট, বলাৰিষ্ট, অশ্বগন্ধাৰিষ্ট ইত্যাদি ।

ইয়াৰ উপৰিও কিছুমান ঔষধীয় গুণসম্পন্ন তেলেৰে মালিচ কৰাৰ পৰামৰ্শ দিয়া হয়। যেনে – মহামাস তেল, মহানাৰায়ন তেল,এৰণ্ড তেল, পাৰালিটল তেল ইত্যাদি প্ৰধান।

কিন্তু ঔষধ সমূহ এজন অৰ্হতা সম্পন্ন আয়ুৰ্বেদীক চিকিৎসকৰ পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা উচিত।

উপৰোক্ত ঔষ সমূহৰ লগতে পঞ্চকৰ্ম চিকিৎসা যেনে – বিভিন্ন প্ৰকাৰৰ বস্তি চিকিৎসাৰ প্ৰয়োগ কৰিলে স্নায়বিক দুৰ্বলতা যুক্ত ৰোগীৰ ক্ষেত্ৰত আচৰিত ধৰণৰ ফল পোৱা যায়।

কিছুমান স্নায়বিক দুৰ্বলতা যুক্ত ৰোগীক ৰোগৰ প্ৰকাৰ অনুযায়ী বিভিন্ন ধৰণৰ যোগাসনৰো পৰামৰ্শ আগবঢ়োৱা হয়।

স্নায়ু দুৰ্বলতা (Nerve weakness or Nerve damage), এটি জটিল সমস্যা

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: স্নায়ু দুৰ্বলতা
Editor

Editor

Related Posts

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster
ASSAM

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

by PAHARI BARUAH
September 16, 2026
0

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster and the Collapse of Public Health From Carbide-Ripened...

Read moreDetails
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

September 15, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

September 12, 2026
Ozempic benefits- the natural way!

Ozempic benefits- the natural way!

September 12, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
Zubeen Garg: The Voice of Climate Action

কপিল ঠাকুৰৰ “পিতৃৰ দৃষ্টিত জুবিন” : জুবিনৰ বিষয়ে বহুতো নজনা কথা 

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

September 16, 2026
From Montreal to Guwahati: Assam’s New Cooling Imperative

From Montreal to Guwahati: Assam’s New Cooling Imperative

September 16, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

September 16, 2026
Zubeen1

দ্য জুবিন গাৰ্গ ইফেক্টঃ এক সোণোৱালী স্মৃতি

September 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40999 shares
    Share 16399 Tweet 10250
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19233 shares
    Share 7693 Tweet 4808
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4349 shares
    Share 1740 Tweet 1087
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    957 shares
    Share 383 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    157 shares
    Share 63 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4132 shares
    Share 1653 Tweet 1033
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    402 shares
    Share 161 Tweet 101
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Arriving at the Kaziranga Buffer Zone, Scientifically

    95 shares
    Share 38 Tweet 24
  • Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d