কোভিড-১৯
• মহাবাহু ডেস্ক
কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিশেষজ্ঞসকলে বাৰম্বাৰ টিকাকৰণৰ ওপৰতেই গুৰুত্ব আৰোপ কৰি আহিছে। সেয়ে কৰ’নাৰ টিকাকৰণৰ ক্ষেত্ৰত দ্ৰুতগতি আনিবলৈ বিশ্বৰ দেশে দেশে প্ৰচেষ্টা চলি আছে। এনে এক পৰিস্থিতিৰ পটভূমিত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰেও অৱশেষত ‘স্পুটনিক লাইট কোভিড-১৯ ভেকচিন চিঙ্গল ডোজ’ৰ অনুমোদন দিলে। ৬ ফেব্ৰুৱাৰী, ২০২২, দেওবাৰে সন্ধিয়া ৮-২৯ মিনিটত টুইটাৰৰ দ্বাৰা এই কথা সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী মনসুখ মান্ডব্যই।
দীৰ্ঘদিন ধৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে ডা° ৰেড্ডীজ্ লেবৰেটৰীত এই ভেকচিন প্ৰস্তুত কৰা কাম চলি আছিল আৰু অৱশেষত তৈয়াৰ কৰা হৈছিল ‘স্পুটনিক লাইট কোভিড-১৯ ভেকচিন চিঙ্গল ডোজ'( Sputnik Light COVID-19 Vaccine)। দুদিনমান আগতে ড্ৰাগচ্ কন্ট্ৰোলাৰ অফ ইণ্ডিয়া (DCGI)ৰ কাৰ্যালয়ত কৰ’নাৰ ভেকচিন হিচাপে পঞ্জীয়ন কৰিবলৈ আবেদন পত্ৰ জমা দিছিল ঔষধ প্ৰস্তুতকাৰক সংস্থাটোৱে। সেই সংস্থাই দাবী কৰিছে যে কৰ’নাৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণৰ বিৰুদ্ধে কমেও ৭৫% কাৰ্যকৰী এই ভেকচিন। তেওঁলোকে এনেদৰেও কৈছে যে ৬ মাহ আগতে এই ভেকচিন লোৱা হ’লে কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত ১০০% কাৰ্যকৰী হ’লহেতেন এই ভেকচিন।

সকলো দিশ বিবেচনা কৰি, বহুত ভাবি চিন্তি এই ভেকচিনক অনুমোদন দিলে ভাৰত চৰকাৰে। কিন্তু সম্প্ৰতি জৰুৰীকালীন ভিত্তিত হে এই ভেকচিন ব্যৱহাৰ কৰা হ’ব। দেওবাৰে সন্ধিয়া টুইটৰ দ্বাৰা এই সুখবৰ জনালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে। কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ এয়া হ’ল নৱমটো ভেকচিন। এই ভেকচিনে ইতিমধ্যে ২৯ খন দেশত অনুমোদন লাভ কৰিছে। ‘স্পুটনিক লাইট কোভিড-১৯ ভেকচিন চিঙ্গল ডোজ’ৰ ট্ৰায়েল ভাৰতত মাত্ৰ ৫ ঠাইত হৈছে। কলকাতাৰ এখন বেচৰকাৰী চিকিৎসালয়ত এই ভেকচিনৰ ট্ৰায়েল হৈছে। পৰীক্ষামূলক ভাবে ভেকচিন লোৱাৰ পিছতো কাৰো শৰীৰত পাৰ্শ্ব-প্ৰতিক্ৰিয়া দেখা যোৱা নাই। উল্লেখযোগ্য যে ইয়াৰ আগতে কোভিশ্বিল্ড আৰু কোভাক্সিন নামৰ দুটা ভেকচিন বজাৰত বিক্ৰী কৰিবলৈ অনুমোদন দিছিল ড্ৰাগচ্ কন্ট্ৰোলাৰ অফ ইণ্ডিয়াই। দামো বান্ধি দিয়া হৈছিল। এতিয়া নতুন ভেকচিনৰ দ্বাৰা কৰ’নাৰ সংক্ৰমণ ৰোধত কিমান সফল হ’ব পাৰি, তালৈ সংশ্লিষ্ট মহলে অপেক্ষা কৰিছে।