• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, May 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান

by Gautam Sarmah
August 15, 2024
in Special Report
Reading Time: 4 mins read
0
স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান
Share on FacebookShare on TwitterShare on LinkedIn

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান

গৌতম শৰ্মা

Gautam Sarma 1
গৌতম শৰ্মা

অসমৰ চাহ জনগোষ্ঠীয় লোকসকল হৈছে ঔপনিৱেশিক কালত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ মধ্য আৰু পূব ভাৰতৰ জনজাতি বেল্টৰ পৰা অসমৰ চাহ বাগিচাত কাম কৰিবলৈ অনা এক উল্লেখযোগ্য জনজাতীয় লোক।

বিশেষকৈ, বৰ্তমানৰ পশ্চিমবংগ, ছত্তীশগড়, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাৰ কেতবোৰ পিছপৰা জনজাতি প্ৰধান অঞ্চলৰ পৰা ১৮৬০ চনৰ পৰা ১৮৯০ চনৰ ভিতৰত কোম্পানী নিয়ম অনুসৰি ঔপনিৱেশিক অসমলৈ অসমৰ চাহ বাগিচাত কাম কৰিবলৈ তেওঁলোকক আমদানি কৰা হৈছিল।

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান
The Exploited Tribal Tea Plantation Workers in Assam in the 19th century India, Under the British Raj.

কৰ্মসংস্থাপন, উন্নত জীৱন-যাপনৰ অৱস্থা আৰু অধিক মজুৰিৰ প্ৰতিশ্ৰুতিয়েই তেওঁলোকক এই নতুন ঠাইলৈ আকৰ্ষণ কৰিছিল। তেওঁলোক মূলতঃ সন্থাল, অৰাওন, মুণ্ডা, খৰিয়া, গণ্ড, ভূমিজ, হো আদি জনজাতিৰ অন্তৰ্ভুক্ত আছিল। প্ৰধানকৈ ‘আদিবাসী’ নামেৰে খ্যাত অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন কোণৰ পৰা সঠিকভাৱে লিপিবদ্ধ নোহোৱা গৌৰৱময় ইতিহাস আছে।

ভাৰতীয় স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ ভূমিকা সেই গৌৰৱময় ইতিহাসৰেই এক গুৰুত্বপূৰ্ণ নিদৰ্শন। দেশক স্বাধীনতাৰ স্বাদ দিয়াৰ হেতু বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন সময়ত এই চাহ জনগোষ্ঠীৰ লোকসকলে অপৰিসীমভাৱে অংশগ্ৰহণ কৰি নিজৰ সাহসিকতা আৰু দেশপ্ৰেমৰ জ্বলন্ত উদাহৰণ দাঙি ধৰিছিল।

RelatedPosts

Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

May 6, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 5, 2026

গতিকে ভাৰতীয় স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ ভূমিকা সম্পৰ্কে কৰা আলোচনাক একাষৰীয়াকৈ থলে আধুনিক অসমৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে।

ঐতিহাসিক পটভূমিঃ ইংৰাজে অসমক দখল তথা নিজ সাম্ৰাজ্যৰ সৈতে সংযুক্ত কৰাৰ ঠিক পিছতেই বহিৰাগত শ্ৰমিক, ব্যৱসায়ী আদি লোকসকলৰ অসম আগমনৰ দুৱাৰখনো খোল খাইছিল। ইংৰাজ আছিল এটা বেপাৰী জাতি। তেওঁলোকে সদায় বেপাৰ-বাণিজ্যৰ ওপৰত অত্যাধিক গুৰুত্ব দিছিল। কোনোবা এখন ঠাই দখল কৰি সেই ঠাইখনক এখন নতুন বজাৰ হিচাপে গঢ়ি তুলিবলৈ লগতে তাৰ পৰা কেঁচামাল সংগ্ৰহ কৰাৰ উদ্দেশ্যই আছিল তেওঁলোকৰ মূল ঔপনিবেশিক নীতি।

ইংৰাজসকলৰ অসম আগমনৰ আৰু অসমত চাহৰ সম্ভেদ লাভ কৰাটো তেওঁলোকৰ বাবেই এক আৰ্শীবাদ আছিল। যি চাহ খেতি ওপৰত অধিক মুনাফা পাবৰ বাবে ব্যাপক হাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ব্যৱসায়িক শস্য ৰোপণ কৰি নিজৰ দ্রুত লাভত তেওঁলোকে মনোনিবেশ কৰিছিল। কিন্তু আৰম্ভণিতে এই চাহ বাগিচাত কাম কৰিবলৈ সমসাময়িক অসমত শ্ৰমিকৰ অভাৱৰ বাবে তেওঁলোকে এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছিল।

সেয়েহে যিমান পাৰি সোনকালে তেওঁলোকে অসমৰ বাহিৰৰ পৰা শ্ৰমিকসকলক অসমলৈ আমদানি কৰিছিল। এই আমদানিকৃত চাহ শ্ৰমিকসকলৰ অসম আগমনৰ সেই প্ৰাৰম্ভিক কালচোৱাৰে পৰা তেওঁলোকৰ কৰ্তৃপক্ষৰ শোষণ, নিষ্পেষণৰ বলি হৈ আহিছিল। কিন্তু লাহে লাহে অসমৰ সেই আমদানিকৃত চাহ জনগোষ্ঠীয় লোকসকল নিজৰ অধিকাৰৰ প্ৰতি সচেতন হৈ পৰিছিল।

সমান্তৰালভাৱে সমসাময়িক ভাৰতৰ বিভিন্ন জাতীয়তাবাদী আন্দোলনৰ পৰাও তেওঁলোকে প্ৰবলভাৱে অনুপ্ৰাণিত হৈছিল।  বিশেষকৈ জাতীয়তাবাদী নেতাসকলৰ কৰ্মপ্ৰেৰণা আৰু তেওঁলোকৰ বীৰত্বপূৰ্ণ কথাই অসমৰ চাহ জনগোষ্ঠীয় লোকসকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিবলৈ পৰোক্ষভাৱে হ’লেও বাধ্য কৰাইছিল।

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান

স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণঃ আৰম্ভণিতে ১৯১৫ চনত শোণিতপুৰৰ ৰঙাপাৰাত প্লেন্টাৰ ৰাজ (ৰোপণকাৰী কৰ্তৃপক্ষ)ৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰাৰ ফলত ১৯১৬ চনত কোম্পানী চৰকাৰে ক্ৰিচন মুণ্ডাক ৰাজহুৱাভাৱে ফাঁচী দিছিল। ঐতিহাসিকভাৱে, তেওঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথমজন অসমৰ চাহ জনজাতি সম্প্ৰদায়ৰ অন্তৰ্গত শ্বহীদ আছিল বুলি ক’ব পাৰি।

১৯২১ চনটো আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক টাৰ্নিং পইণ্ট।  সেই সময়ত প্ৰচণ্ডভাৱে গান্ধীৰ অসহযোগ আন্দোলন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জনপ্ৰিয় হৈ উঠিছিল। সমান্তৰালভাৱে ১৯২১ চনত প্ৰথমবাৰৰ বাবে গান্ধীৰ অসম ভ্ৰমণৰ ফলত অসমৰ জাতীয়তাবাদ অধিক শক্তিশালী আৰু ফলপ্ৰসূ হৈ উঠিছিল।

গান্ধীৰ কৰ্ম আৰু চিন্তাৰ অনুপ্ৰেৰণাত অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে কাম-বন এৰি নিজৰ জুপুৰীৰ পৰা ওলাই আহি ৰোপণকাৰী কৰ্তৃপক্ষৰ শোষণৰ বিৰুদ্ধে ধৰ্মঘট আৰম্ভ কৰিলে। অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কোম্পানীৰ অনিয়মৰ বিৰুদ্ধে অসহযোগ কাম-কাজৰ আৰম্ভ কৰিছিল। সেই সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত হেলেম অঞ্চলৰ চাহ শ্ৰমিক আৰু শোণিতপুৰ জিলাৰ কছাৰীগাঁৱৰ চাহ শ্ৰমিকসকলে নিজৰ অঞ্চলত এই আন্দোলন ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছিল।

উল্লেখযোগ্য যে, চাহ বাগিচাত আফিং বিৰোধী অভিযানৰ অন্যতম আগশাৰীৰ সদস্য আছিল মালতী মেম (মাংৰি ওৰাং)। ১৯২১ চনত দৰং জিলাৰ লালমাটিত কংগ্ৰেছ স্বেচ্ছাসেৱকক নিষেধাজ্ঞা অভিযানত সহায় কৰাৰ বাবে চৰকাৰী সমৰ্থকে তেওঁক হত্যা কৰিছিল। সেই বছৰতে আন এজন চাহ শ্ৰমিক আছিল প্ৰতাপ গড়; যাক কংগ্ৰেছৰ সদস্যপদ লোৱাৰ বাবে কাৰাগাৰত বন্দী কৰা হৈছিল।

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান
গান্ধী

এই অসহযোগ আন্দোলনৰ সময়তেই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে উত্তৰ পাৰৰেই অন্য দুজন নেতা ক্ৰমে জগমোহনৰ আৰু সম্ভুৰাম গড়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সম্ভুক দুমাহৰ বাবে জেললৈ প্ৰেৰণ, জগোমোহনক  ৫০ টকা জৰিমনা বিহা হৈছিল।

পৰৱৰ্তী সময়ত ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত দৰং থানাত দেশপ্ৰেমমূলক আৰু বীৰত্বপূৰ্ণ কাৰ্যকলাপৰ বাবে চাহ জনগোষ্ঠীৰ অন্তৰ্গত দেশপ্ৰেমিক দয়ালু পানীকাৰ, মংগোল কুৰ্মীক হত্যা কৰা হৈছিল; যিয়ে দৰং থানাত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ গৈছিল বুলি জনা যায়। এইখিনি সময়তেই ৰামচৰণ গড়ৰ লগতে আন কেইজনমান লোকক হেলেমত আৰক্ষীয়ে অত্যাচাৰ চলাইছিল।

একে সময়তে আৰু দুজন ব্যক্তিক আৰক্ষীয়ে নিৰ্যাতন চলাইছিল, তাৰে এজন আছিল অৰ্জুন ঘাটোৱাৰ; যিয়ে স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু নিয়মিতভাৱে শোণিতপুৰৰ ঢেকিয়াজুলিত কংগ্ৰেছৰ কাৰ্যালয়লৈ অহা-যোৱা কৰিছিল।

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান
Source: Dr. kamal Kumar Tati

অন্যহাতেদি, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত বিশেষকৈ গোলাঘাট জিলাখন চাহ জনগোষ্ঠীয় লোকসকলৰৰ আন এক গুৰুত্বপূৰ্ণ বিদ্ৰোহৰ অঞ্চল আছিল। এই অঞ্চলৰ পৰা স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে বিদেশ কুমাৰে জেললৈ গৈছিল, আনছা ভূঞাকো আৰক্ষীয়ে চাৰি মাহ জেলত ৰাখিছিল। তেওঁলোক দুয়ো গোলাঘাটৰ গৰঙা চাহ বাগিচাৰ আছিল। 

বতিয়ানী চাহ বাগিচাৰ ৰাধা মুহা আৰু গোবিন্দ তাঁতিয়েও ছমাহ কাৰাবাস খাটিছিল। একেখন জিলাতে জাতীয়তাবাদী কাৰ্যকলাপৰ বাবে আন একাংশ চাহ শ্ৰমিকক কাৰাবন্দী কৰি ৰখোৱা হৈছিল। তেওঁলোক আছিল ক্ৰমে বলিয়া ভূঞা, আতোয়া ভূঞা, বটিয়ালী গাঁৱৰ বুহালিকচন, মহাবীৰ গোৱালা, গৰঙা চাহ বাগিচাৰ সন্তৰা তাঁতী, কৰ্ম দাস, পানিকা কৌৰ, মোহন পানিকা, বাৰ্মা গড়, সৰুপথাৰৰ সুকুৰা নাগবংশী, বেঙেনাখুৱা গাঁৱৰ ভানু খেৰিয়া আদি।

উল্লেখযোগ্য যে, ১৯৩৭ চনৰ পৰা ১৯৪৬ চনৰ ভিতৰত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত এটা গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছিল। এইখিনি সময়ত ৰেচন আৰু দৰমহা লাভৰ বাবে তেওঁলোকে কৰ্তৃপক্ষৰ বিৰুদ্ধে অপৰিসীম বিদ্ৰোহ আৰম্ভ কৰিছিল।

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান
Source: Dr Kamal Kumar Tati

ইয়াৰ উপৰিও তেওঁলোকে চাহ বাগিচাৰ ভিতৰত কিছুমান গোপন সমিতিৰ ব্যৱস্থা কৰি ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে গোপন বাৰ্তাসমূহ যোগান তথা সৰবৰাহ কৰাত বিশেষ ভূমিকা পালন কৰিছিল। যিবোৰ কাৰ্যকলাপক আমি স্বাধীনতা সংগ্ৰামৰে এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচনা কৰিব পাৰোঁ।

অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ ঐতিহাসিক সমস্যাঃ অসমৰ চাহ জনজাতি লোকসকলৰ নিজস্ব সুকীয়া সংস্কৃতি, ভাষা, পৰম্পৰা আছে। অসমৰ চাহ উদ্যোগৰ বৃদ্ধি আৰু উন্নয়নত যথেষ্ট অৰিহণা যোগোৱাৰ লগতে ৰাজ্যৰ অৰ্থনীতি আৰু সমাজ গঢ় দিয়াত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি অসমৰ চাহ জনজাতিসকলে এক সুকীয়া সম্প্ৰদায় হিচাপে স্বীকৃতি লাভ কৰিছে আৰু ভাৰতীয় সংবিধানৰ অধীনত বিভিন্ন অধিকাৰ আৰু সুবিধা লাভ কৰিছে।

সম্প্ৰতি, তেওঁলোকৰ সংস্কৃতি, ভাষা, পৰম্পৰা ৰক্ষা কৰাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে যদিও বহুক্ষেত্ৰত তেওঁলোকৰ উন্নতি পিছপৰি থকাটোও আমাৰ দৃষ্টিগোচৰ হৈছে।

মূলতঃ শাসক তথা চাহ বাগিচাৰ মালিক শ্ৰেণীৰ শোষণ, কাম-কাজ আৰু জীৱন-যাপনৰ অনুন্নত অৱস্থা; শিক্ষা, স্বাস্থ্যসেৱা, আৰু সামাজিক সেৱাৰ সীমিত সুবিধা, পৰিচয় সংকট আৰু সাংস্কৃতিক খহনীয়া, ভূমি বিচ্ছিন্নতা আৰু স্থানচ্যুতি ইত্যাদিবোৰ এওঁলোকৰ উন্নতিৰ প্ৰবল প্ৰত্যাহ্বান হিচাপে সন্মুখত থিয় দি আছে। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে এতিয়াও বহু প্ৰতাৰণাৰ কবলত।

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান

সামাজিক, অৰ্থনৈতিকভাৱে এতিয়াও তেওঁলোকক সুবিধাবাদী শ্ৰেণীটোৱে শোষণ কৰি নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰি আছে। ৰাজনৈতিকভাৱে অদ্যাপী তেওঁলোক কেৱল ভোটাৰ। অসমৰ চাহ বাগিচাক এতিয়াও বহু ৰাজনৈতিক নেতাই গুৰুত্বপূৰ্ণ ভোট বেংক হিচাপে গণ্য কৰি আহিছে।

আনকি স্বয়ং তেওঁলোকৰ প্ৰতিনিধিসকলেই তেওঁলোকৰ বিভিন্ন চৰ্ত পূৰণত সফল হ’ব পৰা নাই। অপ্ৰিয় সত্য, এই সকলোবোৰ এই সম্প্ৰদায়ৰ ঐতিহাসিক সমস্যা, কাৰণ অসমত চাহ জনগোষ্ঠীৰ লোকসকলৰ এই সমস্যাবোৰ ঔপনিবেশিক কালৰে পৰা আজিলৈকে বিদ্যমান।

ইতিহাস পুনৰাবৃত্তি হয় কিন্তু ই কেতিয়াও শেষ নহয়। আমি আমাৰ ইতিহাস সলনি কৰিব নোৱাৰোঁ, কিন্তু নতুন উৎস, নতুন তথ্য আৱিষ্কাৰ আৰু অন্বেষণ কৰি ইয়াক সুকলমে আগুৱাই নিব পাৰোঁ। ঐতিহাসিকভাৱে আমি দেখিছোঁ, চাহ জনগোষ্ঠীয় লোকসকলৰ নেতৃত্বত চলা গণ আন্দোলনৰ জৰিয়তে আমাৰ দেশক স্বাধীন কৰাৰ হেতু এক উল্লেখযোগ্য কুচকাৱাজ চলিছিল।

যদিও বহু সীমাবদ্ধতাই তেওঁলোকৰ সংগ্ৰামক বহু সময়ত স্তিমিত কৰিছিল কিন্তু তেওঁলোকৰ ভূমিকাক আমি শলাগ ল’ব লাগিব। ভাৰতীয় স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ ভূমিকা যদিও আধুনিক অসমৰ ইতিহাসৰ এক অবিভক্ত অংশ, কিন্তু তথাপিও তেওঁলোকৰ ইতিহাস আজিকোপতি যেন অসম্পূৰ্ণ! কিয়নো, তেওঁলোকৰ সেই গৌৰৱময় ইতিহাস এতিয়াও সম্পূৰ্ণৰূপত অনাৱিষ্কৃত।

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান

আনকি, তেওঁলোক বহুজনে নিজেই এতিয়াও তেওঁলোকৰ উজ্জ্বল ইতিহাসৰ বিষয়ে অজ্ঞাত। আচলতে পৰ্যাপ্ত উৎস, লেখক-গৱেষকৰ অধ্যয়ন আৰু আগ্ৰহৰ অভাৱ বাবেই এই দিশটো পিছ পৰি ৰৈছে বুলি আমি ভাবোঁ।

কিন্তু এটা ভাল খবৰ, বৰ্তমান সময়ত এই জনগোষ্ঠীৰেই অন্তৰ্গত কিছুমান লেখক, গৱেষকে নিজৰ গৌৰৱময় ইতিহাস উদ্ধাৰৰ চেষ্টা চলাইছে, লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ লোকসকলেও তেওঁলোকৰ ওচৰলৈ আহি তেওঁলোকৰ অতীত আৰু বৰ্তমানৰ সামাজিক-সাংস্কৃতিক, ধৰ্মীয় আৰু অৰ্থনৈতিক বিকাশৰ দিশসমূহৰ ওপৰত যথোপযুক্ত অধ্যয়ন আৰু গৱেষণা কৰিছে।

এয়া নিঃসন্দেহে আমাৰ বাবে ই এক গুৰুত্বপূৰ্ণ খবৰ। অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ ইতিহাস আৰু বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন কাৰ্যকলাপৰ দৰে ভাৰতীয় স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ ভূমিকা আমাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। যিটো আমি সকলোৱে জনা উচিত।

আশা কৰোঁ, ভাৰতীয় স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনজাতিৰ ৰাইজৰ অৱদান সদায় আমাৰ ইতিহাসৰ এক সোণালী অধ্যায় হিচাপে জিলিকি থাকিব।

স্বাধীনতা সংগ্ৰামত অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ অৱদান

লেখক হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক। ফোন: ৯৯৫৪০-০০২০০

15-08-2024

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Gautam Sarmah

Gautam Sarmah

Related Posts

Sangken Festival: The Tai New Year’s Sacred Splash
Special Report

Sangken Festival: The Tai New Year’s Sacred Splash

by Pradakshina Sarmah
May 9, 2026
0

Sangken Festival: The Tai New Year’s Sacred Splash Pradakshina Sarmah The Sangken Festival, often described as the “Water Festival of...

Read moreDetails
FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

FROM CURIOSITY TO COMPULSION: THE DOOMSCROLL ERA

May 6, 2026
ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

ৰঘু ৰায় : কেমেৰাৰ লেন্সেৰে কাহিনী লিখা মানুহজন

May 5, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

May 3, 2026
Modi 1

Manipur Is Burning and India’s Leaders Are Looking Away

April 30, 2026
Manipur in Turmoil Again !

Manipur is Burning Again

April 25, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

Urban Mobility, Women Safety and Climate Change: Building Gender Inclusive Cities in India

May 9, 2026
Sangken Festival: The Tai New Year’s Sacred Splash

Sangken Festival: The Tai New Year’s Sacred Splash

May 9, 2026
Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

Tamil Nadu vs Assam: What is the Future of Regional Politics in India?

May 9, 2026
NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

May 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    31925 shares
    Share 12770 Tweet 7981
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    13729 shares
    Share 5492 Tweet 3432
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    168 shares
    Share 67 Tweet 42
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3702 shares
    Share 1481 Tweet 926
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6509 shares
    Share 2604 Tweet 1627
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    911 shares
    Share 364 Tweet 228
  • Love in the Age of Ghosting and Situationships

    75 shares
    Share 30 Tweet 19
  • Guwahati Flood Crisis: How City Is Sinking Under Decades of Urban Neglect

    74 shares
    Share 30 Tweet 19
  • Assam Crisis : How Melting Glaciers, Rising Seas & Decades of Political Neglect Are Threatening Indigenous Communities

    73 shares
    Share 29 Tweet 18
  • Mind-Blowing Literary Fusion: Reading Jiban Narah’s Soulful Assamese Poems While Devouring Haruki Murakami’s Memoir 

    63 shares
    Share 25 Tweet 16
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d