• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, September 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

স্বাধীন আৰু পৰাধীন

-ত্ৰৈলঙ্গস্বামীৰ তত্ত্ববোধ…

by Anjan Sarma
June 23, 2021
in Special Report
Reading Time: 4 mins read
0
স্বাধীন আৰু পৰাধীন
Share on FacebookShare on TwitterShare on LinkedIn

(অজ্ঞতাৰ টোকাবহী )

-ত্ৰৈলঙ্গস্বামীৰ তত্ত্ববোধ… |

[ সদগুৰু শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজৰ পৰা প্ৰত্যক্ষভাৱে শুনি তেওঁৰ শিষ্য উমাচৰণ মুখোপাধ্যায়ে লিপিবদ্ধ কৰা ‘তত্ত্ববোধ’ৰ এক অসামান্য অধ্যায়ৰ কিঞ্চিৎ জিলিকণি]

           জাগতিক ইতিহাসত এক বিৰল বিস্ময় আছিল বাৰাণসীৰ ভৈৰৱ ত্ৰৈলঙ্গস্বামী মহাৰাজ। দীৰ্ঘকালীন জীৱনৰ সৰহভাগ সময় তেওঁ অতিবাহিত কৰিছিল বাৰাণসীত। এক অবিশ্বাস্য দীঘলীয়া জীৱন আছিল ত্ৰৈলঙ্গস্বামীৰ। তেওঁ দেহ ধাৰণ কৰিছিল ২৮০ বছৰ। যিসকল সিদ্ধ যোগীয়ে শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰিত কৰিব পাৰে, কুম্ভকত দীৰ্ঘসময় থাকে, মৌনাৱলম্বন কৰে, তেওঁলোকৰ আয়ুস যে দীঘলীয়া হয় – তাৰেই অনন্য উদাহৰণ আছিল ত্ৰৈলঙ্গস্বামী। ভাৰতৰ প্ৰায় সমগ্ৰ তীৰ্থস্থান তেওঁ ভ্ৰমণ কৰিছিল। তেওঁ তিব্বতলৈ গৈছিল। কেৱল তিব্বত নহয়, উত্তৰ মেৰুলৈও গৈছিল তেওঁ। সম্পূৰ্ণ নগ্ন, মৌনী, নিঃসঙ্গ ত্ৰৈলঙ্গস্বামী আধ্যাত্মিক জগতৰ এক পৰম বিস্ময়। তেওঁৰ জীৱনকালত বহু ঘটনা সংঘটিত হৈছিল। তেওঁ যেন বিধাতাৰ দৰেই সকলো প্ৰত্যক্ষ কৰিছিল। তেওঁক কোৱা হৈছিল কাশীৰ সচল বিশ্বনাথ। দিগম্বৰ মৌনী মহাদেব। সমস্ত আধ্যাত্মিক সম্পদ তেওঁৰ হাতৰ তলুৱাত আছিল। মহাজ্ঞানী ত্ৰৈলঙ্গস্বামী বেছিভাগ সময় মৌন হৈ থাকিছিল আৰু তেওঁৰ স্নেহধন্য শিষ্যৰ সংখ্যাও আছিল মাথো একুৰি। সেইসকলৰেই এজন অন্যতম প্ৰিয় শিষ্য উমাচৰণ মুখোপাধ্যায়ে সময়ে সময়ে তেওঁৰ শ্ৰীগুৰুদেৱ ত্ৰৈলঙ্গস্বামী মহাৰাজৰ মুখৰ পৰা নিগৰা অমৃতকথা টুকি ৰাখিছিল। ত্ৰৈলঙ্গস্বামীৰ উপলব্ধ জ্ঞান সংগ্ৰহ কৰি পিছলৈ উমাচৰণ মুখোপাধ্যায়ে জনহিতাৰ্থে প্ৰকাশ কৰি জগতবাসীক ধন্য কৰিছিল। শ্ৰদ্ধেয় উমাচৰণে এইসম্পৰ্কে কৈছিল,’ পৰমাৰাধ্য শ্ৰীমৎ গুৰুদেৱৰ কৃপাই হ’ল মোৰ একমাত্ৰ বল, কেৱল তেওঁৰ বলতেই বলীয়ান হৈ আৰু তেওঁৰেই পাদপদ্ম স্মৰণ কৰি তথা মহাপুৰুষসকলৰ সাহায্যত বহু আয়াসেৰে, যত্ন, উদ্যম অধ্যৱসায়ৰ দ্বাৰা এনে কিছু বিষয় সংগ্ৰহ কৰি প্ৰকাশ কৰিবলৈ উদ্যত হৈছো।’

             ত্ৰৈলঙ্গস্বামীয়ে কৈছিল, মানুহ, তুমি কি? তুমি কোন? প্ৰাণৰ তুমি কি অৱস্থা? এনে দাৰ্শনিক প্ৰশ্নৰ উত্তৰ জ্ঞানৰ নানা বিভাগৰ পৰা উদ্ভুত হৈছে। ত্ৰৈলঙ্গস্বামীয়ে কৈছিল যে ‘মনুষ্যজীৱন জীৱশ্ৰেণীৰ মধ্যৱৰ্তী অৱস্থা। এই মনুষ্য জীৱনত যিয়ে যিধৰণৰ কৰ্ম কৰিব, সেই অনুযায়ী তেনে লোকলৈ গতি কৰিব। গতিকে, মনুষ্য শক্তিক দেৱগুণলৈ উন্নত কৰা, দেৱত্বপ্ৰাপ্ত হ’ব; পশুগুণলৈ অৱনত হ’লে পশুত্ব প্ৰাপ্ত হ’ব। মনুষ্যকেন্দ্ৰৰ পৰা দেৱতাও নিৰ্গত হৈছে, পশুও নিৰ্গত হৈছে। যাৰ যেনে কৰ্ম, সেইধৰণে জন্ম।’

               ত্ৰৈলঙ্গস্বামীয়ে আৰু কৈছিল যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, ইন্দ্ৰ আদি দেৱতাসকলৰো ক্ষমতা সীমাবদ্ধ। ইচ্ছা কৰিলেও পৰিৱৰ্তিত হ’ব নোৱাৰে। যেনেদৰে আছে, তেনেদৰেই থাকিব। ব্ৰহ্মাই যদি ভাবে যে মই মুক্ত হ’ম, মনুষ্যজীৱন ধাৰণ কৰিম, তেওঁ তেনে কৰিবলৈ সক্ষম নহয়; তেওঁ নিজৰ সীমাৱদ্ধ আয়ুৰ অন্ত পৰিলেহে মুক্ত হ’ব পাৰিব। দেৱতাসকলো মন্বন্তৰজীৱি। কিন্তু মানুহে পাৰে, মানুহে ইচ্ছা কৰিলে এই মুহুৰ্তত মৰিব পাৰে, ইচ্ছা কৰিলে দেবায়ুৰ অধিককাল জীয়াই থাকিব পাৰে। ইচ্ছা কৰিলে এই জীৱনত দেৱত্ব লভিব পাৰে, পশুত্ব ল’ব পাৰে, আনকি মুক্তিও ল’ব পাৰে।

             ত্ৰৈলঙ্গস্বামীয়ে কোৱাৰ বহু বছৰ পিছত স্বামী বিবেকানন্দই একেই সত্য উদ্ঘাটন কৰি কৈছিল :

‘Man alone attains to perfection, not ever the Devas

Man is an infinite circle whose circumference is no where,

but the centre is located in one spot,

Man can become like God and acquire control

over the whole universe, Man is divine.

            ত্ৰৈলঙ্গস্বামীৰ জ্ঞানৰ মণি-মুকুতা অসাধাৰণ। সেই অসাধাৰণ মহাপুৰুষজনাৰ বিষয়ে বিভিন্ন গ্ৰন্থত উল্লেখ আছে। কিন্তু তেওঁৰ শ্ৰীমুখনিঃসৃত অমৃতময় যৎসামান্য অসামান্য কথা- যিবোৰ তেওঁৰ অন্যতম শিষ্য উমাচৰণ মুখোপাধ্যায়ে সংগ্ৰহ কৰি লিখি উলিয়াইছিল, তাৰে এক দুৰ্লভ লেখা “স্বাধীন আৰু পৰাধীন”ৰ ভাঙণি তলত ডাঙি ধৰিলোঃ

             “স্বাধীন আৰু পৰাধীন”

             এই বিশ্ব শক্তিৰেই খেলা। বিশ্বৰ যিফালেই দৃষ্টি নিক্ষেপ কৰো, সেইফালেই দেখা পাওঁ কোনো এক মহাশক্তিয়ে স্বৰ্গ, মৰ্ত্য, পাতাল, দ্যুলোক, ভূলোক, গোলোক, ব্ৰহ্মলোক ব্যাপ্ত হৈ আব্ৰহ্ম কীট সকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে। যি দিশে যেনেদৰেই ইচ্ছা, সেই দিশে তেনেদৰেই চলাইছে। শক্তিচক্ৰত তেলপেৰা বলদৰ দৰে ঘূৰি আছে, যেন কাৰো স্বাধীনতা নাই, সকলোৱেই শক্তিৰ বশ, সকলোৱেই শক্তিৰ অধীন। বিশ্ব যেন শক্তিবশেৰে চলি আছে, শক্তিবশেৰে কাৰ্য কৰিছে। সংসাৰত সকলোৱে স্বাধীনতা লাভ কৰিবলৈ লালায়িত, কেৱল আপোনবশ হৈ থাকিবলৈ বিচাৰে, অৰ্থাৎ স্বাধীন হৈ থাকিব বিচাৰে। সংসাৰত স্বতন্ত্ৰ হ’বলৈ সকলোৱে ইচ্ছুক, কিন্তু কেইজনে সেই ইচ্ছা কাৰ্যত পৰিণত কৰিব পাৰে, আৰু কেইজনে স্বাধীন হ’ব পাৰে? সংসাৰত কামৰ অধীন হৈ কোনে কেতিয়া স্বাধীন হ’ব পাৰিছে? কামনাধীনেই পৰাধীন। কামনাৰ অধীন হৈ থাকি কোনেও স্বাধীন হ’ব পৰা নাই, স্বাধীন হ’ব নোৱাৰেও। কামনা-মুক্ত হ’বা যিদিনা, স্বাধীন হ’বা সিদিনা। সংসাৰত কামনাহীন কোন আছে? দেৱৰ্ষি, ব্ৰহ্মৰ্ষি, ৰাজৰ্ষি – তেওঁলোকো এটা নহয় অইনটো ৰিপুৰ, কোনোটো নহয় কোনোবা এটা ভাবৰ অধীন হৈ থাকে। কোনো লোভৰ অধীন, কোনো ক্ৰোধৰ অধীন, কোনো অভাৱৰ অধীন, কোনো স্বভাৱৰ অধীন, কোনো ভোগৰ অধীন, কোনো যোগৰ অধীন, কোনো শোকৰ অধীন, কোনো মোহৰ অধীন, ইত্যাদি। অধীনতাৰ শিকলিৰে বিশ্ব শৃঙ্খলিত। শৃঙ্খলিত – কোনোবা সোণৰ শিকলিৰে, কোনোবা ৰূপৰ শিকলিৰে, কোনোবা লোহাৰ শিকলিৰে, এয়াই মাত্ৰ প্ৰভেদ। তেনেস্থলত কিদৰে ক’বা বিশ্ব স্বাধীন? কিদৰে ক’বা যে তুমি বিশ্বত এক স্বাধীন স্বতন্ত্ৰ? তুমি যে নিজকে স্বাধীন বুলি ভাবি আছা, কোৱাচোন বাৰু- জীৱনত কোনদিনা তুমি স্বাধীনতা ভোগ কৰিছা? আজীৱন দেখি আছো তুমি পৰাধীন!

             মাতৃ- যোনিৰে আৱিৰ্ভূত হৈ পুনৰ মাতৃগৰ্ভত প্ৰৱেশ কৰা পৰ্যন্ত তোমাৰ ধাৰাবাহিক জীৱনটোৱেই পৰাধীন। কোনে স্ব-ইচ্ছাৰে মাতৃগৰ্ভত প্ৰৱেশ কৰিবলৈ বিচাৰে? বাল্যকালতেই কোৱা, যৌৱনকালতেই কোৱা, বা বাৰ্দ্ধক্যকালতেই কোৱা, কোনো কালতেই সুখ নাই। পীড়াৰ যন্ত্ৰণাত চিৰকালেই কষ্টভোগ কৰিবলগীয়া হয়, অৱশেষত জীৰ্ণ-শীৰ্ণ হৈ মৃত্যুমুখত পৰিবলগীয়া হয়। যেতিয়া মৃত্যুকাল আহি উপস্থিত হয়, তেতিয়া মৃত্যু-যন্ত্ৰণাত ছটফট্ কৰি থাকিবলগীয়া হয়, তথাপিও মৰিব নিবিচাৰে, কিন্তু কিবা এক অজ্ঞাত শক্তি আহি গলত ধৰি খামোচ মাৰি লৈ গুচি যায়; এয়াই নেকি স্বাধীনতা? ‘অবোধ’ বুলি নো আৰু কাক কয়? সুদীৰ্ঘ জীৱন শক্তিৰ বশীভূত হৈ দীনহীন হৈ পৰাধীন জীৱন অতিবাহিত কৰিলা, এতিয়া কোৱাচোন – কোন সময়ত তুমি স্বাধীন আৰু সুখী হৈ জীৱন নিৰ্বাহ কৰিলা? কিদৰে ক’ব পাৰো যে তুমি স্বাধীন? মাতৃগৰ্ভৰ পৰা পৰতন্ত্ৰৰে বাহিৰ হৈ পুনৰ পৰতন্ত্ৰৰে মাতৃগৰ্ভত প্ৰৱেশ কৰিবা, তুমি কিদৰে স্বতন্ত্ৰ?

            আশা-তৃষ্ণাৰ হেঁচাত, কাম- যন্ত্ৰণাৰ পেচকচত বিশ্বৰ সকলোৱেই মোহাভিভূত। এই যে আব্ৰহ্ম কীটসমূহে ক্ষুধা-তৃষ্ণাৰ হেঁচাত, বাত – শ্লেষ্মাৰ বিকাৰত, ৰোগ-শোকৰ তাড়ণাত, শীত – গ্ৰীষ্মৰ পীড়ণত ছটফট কৰি আছে, সেইবোৰ স্ব-বশেৰে নে অৱশেৰে? ইচ্ছাৰে নে অনিচ্ছাৰে? অৱশ্যেই ক’ব লাগিব যে অৱশেৰে আৰু অনিচ্ছাৰে! যদি অৱশেৰে আৰু অনিচ্ছাৰে ভোগেই কৰিবলগীয়া হ’ল, তেনেহ’লে সেইসকল স্বাধীন হ’ল কিদৰে? সেইবাবেই ক’বলৈ বাধ্য যে বিশ্বশক্তি পৰাধীন। তেনেহ’লে কি জগতত স্বাধীন শক্তি নাই? বিশ্বত কি পূৰ্ণ শক্তিৰ অভাৱ? পূৰ্ণশক্তিৰ অভাৱ হ’লে পূৰ্ণ- আদৰ্শ ক’ত পোৱা যাব? কোন আদৰ্শৰে আমি পূৰ্ণাভিমুখে ধাৱিত হ’ম? কোন আদৰ্শৰে আমি স্বাধীনতা লাভ কৰিম? গতিকে জগতত যেতিয়া অধীন শক্তি আছে, গতিকে স্বাধীন শক্তিও আছে। অপূৰ্ণ আছে যিহেতু, পূৰ্ণও আছে।

             সৰ্বশক্তিৰ ওপৰত আধিপত্যকাৰী স্বাধীন শক্তি ক’ত আছে? শিৱলোক, ব্ৰহ্মলোক, ভূলোক, গোলোক বিচাৰি চালো, ক’তো স্বাধীন শক্তিৰ সমাৱেশ দেখা নাপালো; তেনেহ’লে স্বাধীন শক্তি বিশ্বত নাই নেকি? আছে। সৰ্বাধিপত্য স্বাধীন পূৰ্ণ শক্তি গোলোক, শিৱলোক, ব্ৰহ্মলোকত নাই, কিন্তু মৰ্ত্ত্যত আছে; বিশ্বত নাই, বিশ্বকেন্দ্ৰত আছে; দেৱ- যক্ষ-নৰত নাই; আছে আৰ্যত। শক্তিকেন্দ্ৰ আৰ্যত একমাত্ৰ এই স্বাধীন শক্তিৰ সমাৱেশ। এই শক্তিৰ নাম ‘ভীষ্মশক্তি’ আৰু ‘হনুমাৎশক্তি’। এওঁলোকৰ শুক্ৰ অচ্যুত, সেইকাৰণে পূৰ্ণ স্বাধীন।

             যাৰ শক্তি খন্ডিত হোৱা নাই, তেৱেঁই অখন্ডশক্তিমান্। অখন্ডশক্তিমান্, পূৰ্ণশক্তিমান, সৰ্বশক্তিমান – একেই কথা। যি সৰ্বশক্তিমান, তেওঁতেই শক্তিবশ আৰু শক্তি বিৰাজমান; গতিকে তেওঁ স্বতন্ত্ৰ আৰু স্বাধীন। জীৱ মাত্ৰেই অষ্টাদশ মহাদোষ সংযুক্ত, সেইকাৰণে অধীন বা পৰাধীন। অষ্টাদশ মহাদোষ কি? মোহ , তন্দ্ৰা, ভ্ৰম, ৰুক্ষতা, ৰস, উল্বন, কাম, লোলতা, মদ, মাৎসৰ্য, হিংসা, খেদ, পৰিশ্ৰম, অসত্য, ক্ৰোধ, আকাংক্ষা, আশংকা, বিশ্ববিভ্ৰম, বিষমত্ব, পৰাপেক্ষা – এনে অষ্টাদশ মহাদোষ।

মোহঃ        দেহ আদিত আত্মবুদ্ধিৰ নাম মোহ। কোনো বস্তুত আত্ম সম্বন্ধ স্থাপন কৰাৰ নাম মোহ। মুগ্ধত্বই সকলো দুঃখৰ মূল। প্ৰকৃতিয়ে নানা সাজেৰে অংগী-ভঙ্গীৰে পুৰুষক মোহিত কৰিছে, পুৰুষ তাতেই মুগ্ধ হৈছে, ইয়াৰেই নাম মোহ, অজ্ঞান, অবিদ্যা, ইত্যাদি। ইয়েই সমস্ত দুঃখৰ মূল। হৰ্ষ, বিষাদ, বিচ্ছেদ, দুঃখ, ভয়, ইত্যাদিৰ পৰা মনৰ যি মূঢ়তা, দৈন্যাদিৰ পৰা যি কাতৰতা, তাৰেই নাম মোহ। প্ৰকৃতিয়ে কাক মুগ্ধ কৰে? লোভীকেই মুগ্ধ কৰে, লোভীৰেই মোহ, মোহগ্ৰস্তৰেই পতন।

 ‌‌         মোহ এক বৃক্ষ, পাপৰূপী লোভ ইয়াৰ বীজ, পৰনিন্দা- গোন্ধৰ দ্বাৰা সুৰভিত, অজ্ঞানৰূপী ফলৰ দ্বাৰা ফলিত। মোহৰূপী বৃক্ষৰ শাখাত ছদ্ম, পাষন্ড, চৌৰ, ক্ৰূৰ, পাপীসকলে আশ্ৰয় লৈ আছে ; এই অজ্ঞানৰূপী ফলৰপৰাই অধৰ্মৰূপী মৌ নিৰ্গত হৈছে। যিসকল লোকে এই বৃক্ষৰ ছাঁ-ক আশ্ৰয় কৰি তাৰে ফল ভক্ষণ কৰি দিনে দিনে পুষ্ট হৈ আছে, মৃত্যুৰূপী পতনৰ ফলত তেওঁলোক ৰসাতলগামী হয়।

        মোহ কাৰ? লোভ যাৰ। লোভ কাৰ? অভাৱ যাৰ। অভাৱ কাৰ? অপূৰ্ণ যাৰ। অপূৰ্ণ কাৰ? ভাগ হয় যাৰ। মোহ নাই কাৰ? লোভ নাই যাৰ। লোভ নাই কাৰ? অভাৱ নাই যাৰ। অভাৱ নাই কাৰ? অপূৰ্ণ নাই যাৰ। অপূৰ্ণ নাই কাৰ? ভাগ হোৱা নাই যাৰ। যাৰ অভাৱ হৈছে, তাৰেই অভাৱ পূৰণৰ বাবে লোভ হৈছে; গতিকে মোহ জন্মিছে।

তন্দ্ৰাঃ            কাৰ্যত লিপ্ত থকা হেতুকে ক্লান্তি উপস্থিত হ’লে আলস্য, জৃম্ভণ- অৰ্থাৎ হামিৰ আগমণ হয়, তাৰপিছতেই নিদ্ৰাৰ আৱিৰ্ভাৱ হয়। কি বৃত্তিৰ নাম নিদ্ৰা? য’ত সমুদায় মনোবৃত্তি লীন হয়, সেই অজ্ঞানক অৱলম্বন কৰি যেতিয়া মনোবৃত্তি উদিত হৈ থাকে, তাকেই নিদ্ৰা বা সুসুপ্তি বুলি অভিহিত কৰা হয়। প্ৰকাশস্বভাৱৰ সত্ত্বগুণৰ আচ্ছাদক তমোগুণৰ উদ্ৰেক অৱস্থাকেই আমি নিদ্ৰা বুলি কওঁ। তমঃ বা অজ্ঞান পদাৰ্থই নিদ্ৰাবৃত্তিৰ অৱলম্বন। যেতিয়া তমোময় অজ্ঞানাত্মক নিদ্ৰাবৃত্তিৰ উদয় হয়, তেতিয়া সৰ্বপ্ৰকাশক হত্ত্বগুণ অভিভূত হৈ থাকে। তৎকালে কোনো প্ৰকাৰৰ প্ৰকাশ্য বস্তুৰ প্ৰকাশ নহয়। সেইকাৰণে মানুহে কয় যে নিদ্ৰাৰত হৈ আছিলো, মোৰ জ্ঞান নাছিল। বাস্তৱিকতে সেইসময়ত যে তেওঁৰ জ্ঞান নাছিল তেনে নহয়, অজ্ঞানবিষয়ক জ্ঞান আছিল। সেইবাবেই নিদ্ৰাভঙ্গৰ পিছত তৎকালীন অজ্ঞানবৃত্তিৰ বিষয়ে স্মৰণ কৰি থাকে। নিদ্ৰাৱস্থাত অজ্ঞানময় বা তমোময় বৃত্তি অনুভূত হৈছিল বাবে নিদ্ৰাভঙ্গৰ পিছত সেইবোৰ স্মৰণ হয়, আৰু সেই স্মৰণৰ দ্বাৰাই নিদ্ৰাৰ বৃত্তি নিৰ্ণয় হয়। বিশ্বত এনে কোনো প্ৰাণী নাই, যি নিদ্ৰাৰ অধীন নহয়; কিছুমানে কম সময়ৰ বাবে নিদ্ৰামগ্ন হয়, কিছুমানে দীৰ্ঘ সময়ৰ বাবে নিদ্ৰাৰত হয়। দিন- ৰাতি সকলোৰে আছে; জাগ্ৰত সময় দিন, নিদ্ৰাৰ সময় ৰাতি।

          যিসকলৰ ৰাতি হ্ৰস্ব হয়, তেওঁলোকৰ নিদ্ৰাও হ্ৰস্ব ; যিসকলৰ ৰাতি দীৰ্ঘ হয়, তেওঁলোকৰ নিদ্ৰাও দীৰ্ঘ হয়। মানুহৰ নিদ্ৰাৰ সময় চাৰি প্ৰহৰ, পিতৃলোকৰ পোন্ধৰ দিন, দেৱলোকৰ ছয়মাহ, ব্ৰহ্মা আদিৰ চতুৰ্যুগসহস্ৰ পৰিমাণৰ নিদ্ৰাৰ সময়। প্ৰাণী মাত্ৰেই নিদ্ৰাত সমাচ্ছন্ন। নিদ্ৰাৰ ক্ষমতা অসীম; ৰজা, প্ৰজা, দীন, ভিক্ষাৰী, চন্দ্ৰ, হৰিহৰ, বিষ্ণু, কাকো নিদ্ৰাই এৰা নাই, সকলো নিদ্ৰাৰ বশ। বিশ্ব নিদ্ৰাৰ বশ, নিদ্ৰাৰ অধীন। নিদ্ৰা মায়াবিনী কুহকিনী; এই মায়াৰ কুহকত সকলো বশীভূত। নিদ্ৰাজয়ী কোনো নাই। বিশ্ব- মহানিশাত সকলোৱেই নিদ্ৰিত। এনে নিশাত জাগ্ৰত কোন? যি মোহহীন। মোহহীন কোন? সংযমী যি। সংযমী কোন? জিতেন্দ্ৰিয় যি সংযমী সি। সংযমী যি, জাগ্ৰত সি।

ভ্ৰমঃ               ভ্ৰান্তি, মিথ্যাজ্ঞান, বুদ্ধি বিপৰ্যয়কেই ভ্ৰম বোলে। যি জ্ঞান মিছা, সেয়া অস্থায়ী, যি বিষয় দৰ্শনৰ পিছত অন্য হৈ পৰে , সেই জ্ঞানৰ নাম ভ্ৰান্তিজ্ঞান। ভ্ৰম দুই প্ৰকাৰৰ, (এক) সংবাদী ভ্ৰম, আৰু (দুই) বিসংবাদী ভ্ৰম। সংবাদী ভ্ৰম, যেনে ৰছীত সাপ দেখা, মৰীচিকাত জলাশয় ভ্ৰম, মুকুতাত ৰূপ(ৰৌপ্য)ৰ ভ্ৰম, ইত্যাদি। আকৌ বিসংবাদী ভ্ৰম, ইয়াক সংশয়ভ্ৰমো বোলা হয়; যেনে, এইটো মানুহ নে গছৰ মূঢ়া, এয়া গাঁও নে বননি, এই কথা হয় ৰামে কৈছে ধহ’লে ৰমেশে, এনেধৰণৰ অনৰ্থৰ মূলতেই ভ্ৰম। ভ্ৰমৰ মূল হ’ল শক্তি-বিপৰ্যয়। দেখুৱায় ভুল, শুনায় ভুল, বুদ্ধিৰ ভুল, — সকলো শক্তি বিপৰ্যয়। ভুল দেখুওৱাটো হ’ল দৃষ্টিশক্তিৰ হ্ৰাস, ভুল শুনাটো হ’ল শ্ৰৱণশক্তিৰ হ্ৰাস,‌বুদ্ধিৰ ভুল হ’ল ধাৰণা শক্তিৰ হ্ৰাস, ইত্যাদি। মূলতঃ শক্তিৰ হ্ৰাসেই ভ্ৰমৰ কাৰণ। বুদ্ধিত যাৰ পূৰ্ণশক্তি নাই, ইন্দ্ৰিয়ত যাৰ পূৰ্ণশক্তিৰ অভাৱ, বুজি পাব লাগিব যে তেওঁৰ শক্তিবিপৰ্যয় হৈছে আৰু ভ্ৰমৰ অধীন। যাৰ বুদ্ধি শক্তিপূৰ্ণ, ইন্দ্ৰিয় শক্তিপূৰ্ণ , তেৱেঁই ভ্ৰমৰহিত, তেৱেঁই স্বাধীন।

কৰ্কশঃ             যাৰ বাক্য কঠোৰ কৰ্কশ, সেয়াই ৰুক্ষতা-সঞ্চিত ভাবৰ পৰিচায়ক। ঈৰ্ষা, দ্বেষ, ক্ৰোধ — ৰুক্ষ বাক্যৰ কাৰণ। বিকাৰগ্ৰস্ত জগতত ক্ৰোধ নাই কাৰ? ক্ৰোধৰ কাৰণ ইচ্ছাৰ ব্যাঘাত। ইচ্ছখ ব্যাঘাতৰ কাৰণ ইচ্ছাপূৰণৰ শক্তিৰ অভাৱ। ইচ্ছাপচৰণৰ শক্তিৰ অভাৱত ক্ৰোধৰ উদয় হয়, ক্ৰোধৰ উদয় হ’লে যি বাক্য কোৱা হয়, সেয়াই কৰ্কশ বাণী। ক্ৰোধৰ সময়ত শান্ত বাক্য নিৰ্গত নহয়। ইচ্ছাৰ ব্যাঘাত হৈছে, সেইকাৰণে ক্ৰোধ হৈছে, গতিকে বাক্যত ৰুক্ষৰস আছে। যাৰ শৰীৰত ক্ৰোধ নাই, তেওঁৰ বাক্য কেতিয়াও কৰ্কশ হ’ব নোৱাৰে।

কামঃ             কাম হ’ল ৰিপু, ই ষড় ৰিপুৰ অন্তৰ্গত আৰু অগ্ৰগণ্য। কাম অৰ্থই সাধাৰণতে কামনা, বাসনা, জীৱৰ বিষয়ভোগৰ ইচ্ছা বুজায়। আৰু কামনা অৰ্থই স্ত্ৰী-পুৰুষ পৰস্পৰৰ যৌৱনসংযোগৰ ইচ্ছাও বুজায়। কামৰ পৰা প্ৰবৃত্তি জন্মে আৰু কিছুমান স্থলত সকলো কামেই ‘কাম’ৰ বাবেই হৈ থাকে। এই জগতত যিমান কৰ্ম, সেই সকলোৰে মূল কাৰণ কাম বা কৰ্ম-ইচ্ছা। স্নান, সন্ধ্যা, যোগ আদি কাৰ্যকলাপ আৰু আত্মতত্ত্ব সাক্ষাৎকাৰৰূপী ফলকামনাৰে অনুষ্ঠিত হৈ থাকে। এই জগতত কামনাবিহীন কোনো কামেই নাই।

           কামনা সংকল্পস্বৰূপ, ই নাথাকিলে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, ভাস্কৰ, ইন্দ্ৰ আদি দেৱতাই স্ব স্ব কাৰ্যত প্ৰবৃত্ত নহ’লহেতেন। কাম কাৰো অধীন নহয়; কামৰ বাহিৰে জগতত আদৰৰ বিষয় অইন একো নাই। আমি যিসকলক পিতা, মাতৃ, ভাই, বন্ধু, গুৰু, অৰ্থদাতা, ৰক্ষক, নন্দনকানন বুলি বোধ কৰো, সেই সকলোবোৰ কামনাৰ বাহিৰে একোৱেই নহয় ; কামনাই সকলো বিকৃতস্বৰূপ আৰু স্বকীয় কল্পনাবলেৰে উদ্ভুত হৈছে। ইয়াৰ স্বৰূপ বৰ্ণনা কৰা কাৰো বাবে সম্ভৱ নহয়; কেৱল বুদ্ধিৰ দ্বাৰা ইয়াৰ প্ৰতীতি হৈ থাকে আৰু কামনাই সকলো প্ৰকাৰৰ আনন্দৰ পৰাকাষ্ঠা ৰূপে অৱস্থিতি কৰিছে; ইয়াৰ ভিন্ন যি, সেয়া অনশ্বৰ জ্ঞান আৰু আনন্দস্বৰূপ, তাকেই তত্ত্ববিদসকলে ব্ৰহ্ম বা ব্ৰহ্মানন্দ বুলি কৈ থাকে। সেই ব্ৰহ্মৰ পৰাই ইচ্ছা, জ্ঞান, আৰু কৃতিস্বৰূপ কামনা উৎপন্ন হৈছে। এই কাম অতি সুক্ষ্ম, সেইবাবে অতীন্দ্ৰিয়। দেহৰাজ্যত কামেই ৰজা, ক্ৰোধ হ’ল সেনাপতি, লোভ হ’ল মন্ত্ৰী, মোহ হ’ল মহিষী, মদ হ’ল পুত্ৰ, মাৎসৰ্য হ’ল কন্যা।

ক্ৰোধঃ চঞ্চলতা বা ৰাগ-দ্বেষ আদিৰ বাবে চিত্তৰ যি লঘুতা, সেয়াই ক্ৰোধ। বিকাৰপূৰ্ণ জগতত ৰাগহীন প্ৰাণী নাই, গতিকে চাঞ্চল্যবৰ্জিত জীৱ নাই। ৰাগ-দ্বেষ লৈয়েই সংসাৰ। যিমান সময়লৈ সংসাৰ, সিমান সময়লৈহে ৰাগ-দ্বেষ; যিমানপৰলৈ ৰাগ-দ্বেষ, সিমানপৰলৈ সংসাৰ। ৰাগ কাৰ? অতৃপ্ত মানৱৰ। অতৃপ্ত কোন? অপূৰ্ণ যিজন। যি অপূৰ্ণ, যাৰ অভাৱ, তেৱেঁই অতৃপ্ত; যিহেতু অতৃপ্ত, সেইহেতু ৰাগান্বিত; যিহেতু ৰাগান্বিত, সেইহেতু চিত্ত চঞ্চল। কলহ এটা যদি পৰিপূৰ্ণ হৈ থাকে, তেতিয়া লৰচৰ নকৰে; কিঞ্চিৎ অপূৰ্ণ হৈ থাকিলেও লৰচৰ কৰে। খালী হৈ চিৎভোঙালা হৈ পৰি থকা কলহ অপূৰ্ণ হেতুকে চঞ্চল, শব্দ অধিক, অধীন।

কামৰ প্ৰতিবন্ধক হ’ল ক্ৰোধ, অৰ্থাৎ বাঞ্চিত পদাৰ্থ লাভৰ প্ৰতিবন্ধক বা ইচ্ছাৰ প্ৰতিঘাত হেতু যি আক্ৰোশ, তাৰেই নাম ক্ৰোধ। যাৰ কামনা আছে, তাৰেই ক্ৰোধ আছে; কামনা থাকিলেই প্ৰতিবন্ধকতা আছে আৰু সেইহেতু ক্ৰোধ আছে। জীৱ মাত্ৰেই বিকাৰী, কামৰ দাস আৰু ক্ৰোধান্বিত, সেইবাবে জগত ক্ৰোধৰ অধীন। ক্ৰোধহীন কোন? নিষ্কাম যিজন। নিষ্কাম সেইবাবে ক্ৰোধৰহিত।

লোভঃ আকাংক্ষা, আশা, পৰদ্ৰৱ্যপ্ৰাপ্তিৰ অভিলাষ আদিৰ নামেই হ’ল লোভ। ক্ষুধা, তৃষ্ণা আদিৰে মানুহৰ কামৰ অন্ত পৰিব পাৰে; ক্ৰোধৰ ফল যি হিংসা- তাকো নিষ্পত্তি কৰি ক্ৰোধৰো অন্ত পেলাব পাৰি, কিন্তু সমস্ত জয় কৰিও আৰু সমুদায় পৃথিৱী ভোগ কৰাৰ পিছতো লোভৰ অন্ত নপৰে, আশাৰ পাৰ পাব নোৱাৰে, আকাংক্ষাৰ নিবৃত্তি হ’ব নোৱাৰে। কাম, ক্ৰোধ আৰু লোভ – এই তিনিও আত্মজ্ঞানাপহাৰক, নৰকৰ দ্বাৰস্বৰূপ। জ্ঞানীসকলে এই তিনিওটাকেই ত্যাগ কৰে। এই তিনিওটাক ত্যাগ কৰিলে কেতিয়াও অসন্তোষ নহয়। অসন্তোষেই অধঃপতনৰ মূল কাৰণ। আকাংক্ষাৰ পৰা চিত্তবিক্ষেপ হয়, সত্ত্বগুণ হ্ৰাস পায়, অইন গুণে বিষম ৰূপ ধাৰণ কৰে, আৰু নানা ক্ৰিয়া উৎপন্ন হৈ জীৱক স্বৰূপৰ পৰা পতিত কৰে।

বিশ্বত সকলোৱেই দীন, কাৰণ পূৰ্ণশক্তি নাই; পূৰ্ণশক্তিৰ অভাৱ, সেইকাৰণেই দীন। অপূৰ্ণ যি, দীন সি; দীন যি, আকাংক্ষা সি; আকাংক্ষা যি, অধীন সি। জীৱ মাত্ৰেই অভাৱী, অপূৰ্ণ, দীন, গতিকে অধীন। আকাংক্ষা নাই কাৰ? অপূৰ্ণতা নাই যাৰ। যি পূৰ্ণ, তেৱেঁই ধন্য ; তেৱেঁই পূৰ্ণানন্দৰে আনন্দিত, তেওঁক সংসাৰৰ কোনো বিকাৰী পদাৰ্থই আনন্দ জন্মোৱাত বাধা দিব নোৱাৰে। সৰ্বসিদ্ধিৰ অন্তৰ্গত প্ৰাকাম্য- সিদ্ধিয়ে যাক দাসীৰ দৰে পৰিচৰ্যা কৰে, তেওঁৰ কোনো পদাৰ্থৰ অভাৱ নাথাকে।

মোহ – লোলতাঃ হৃদয় ক্ষেত্ৰত মোহমূলক এক বিচিত্ৰ কামতৰু বিৰাজমান হৈ থাকে; ক্ৰোধ আৰু মান তাৰে কান্ধ, কৰ্তব্য- অভিলাষ তাৰে আলবাল ,অৰ্থাৎ বান্ধ, অজ্ঞানতা তাৰ আধাৰ, প্ৰমাদ হ’ল সিঞ্চন কৰা সলিল, অসূয়া বা নিন্দা তাৰে কুঁহিপাত আৰু পাত, পূৰ্বজন্মৰ উপাৰ্জিত পাপ তাৰে সাৰ, চিন্তা তাৰ পল্লৱ, শোক তাৰে শাখা, ভয় তাৰ অঙ্কুৰ; সেই বৃক্ষ মোহিনীপিপাসাৰূপী লতাৰ জালেৰে নিতৌ বেষ্টিত হৈ আছে। লুভীয়া মনুষ্যই লৌহময় দৃঢ়তাৰে সেই মহাবৃক্ষৰ ফল লাভৰ অভিলাষ কৰি পৰিবেষ্টন কৰি মহাবৃক্ষক অনবৰতে সেৱা কৰিয়েই আছে। কিন্তু যিয়ে সেই জালত নপৰি মহাবৃক্ষক ছেদন কৰে, তেওঁ বৈষয়িক সুখ-দুঃখ ত্যাগ কৰিবলৈ বাসনা কৰিলে , অনায়াসে সুখ-দুঃখৰ পৰা উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। যি অকৃতজ্ঞ অজ্ঞ পুৰুষে সেই কামতৰুক সদায় বৃদ্ধি কৰে, সেই বিষয়টোৱেই বিষে হৃদযন্ত্ৰক বিনষ্ট কৰাৰ দৰে তেওঁকো বিনষ্ট কৰে। শুভবুদ্ধিসম্পন্ন মানুহে সেই বদ্ধমূল বৃক্ষৰ অজ্ঞানৰূপী মূলক যোগৰ প্ৰসাদপ্ৰাপ্তিৰে সমাধিৰূপী তৰোৱালৰ দ্বাৰা ছেদন কৰে। তেওঁক মোহে আচ্ছন্ন কৰিব নোৱাৰে। তেওঁ বন্ধন বিমোচনপূৰ্বক সকলো দুঃখ অতিক্ৰম কৰে।

দেহীৰ হৃদয়ত মোহ উৎপাদনৰ মূল কাৰণ স্বৰূপ কামবৃত্তি প্ৰকৃতিদত্ত মূল উপাদান। গতিকে ভগৱৎ ইচ্ছাৰে, যি সৃষ্টিৰক্ষাৰ হেতুভূত হোৱা হেতুকে ঈশ্বৰৰ অভিপ্ৰেত, প্ৰকৃতি প্ৰণোদিত, গতিকে শাস্ত্ৰসন্মত বৈধ, ই অৱশ্যে কামৰিপু বুলি গণ্য নহয়; কিন্তু তাৰেই শাস্ত্ৰবিৰুদ্ধ অত্যাচাৰ, ব্যভিচাৰ আৰু অপব্যৱহাৰেই তাৰে ৰিপুত্ব-পৰিণতিৰ হেতু। মানৱসমাজ স্থানবিশেষে জাতিবিশেষে মূলতঃ ইয়াৰেই অত্যাচাৰৰ ফলত উছন হৈ গৈছে।

কাম বাল্যকালত অবিকশিত, যৌৱনকালত সুবিকশিত, প্ৰৌঢ়কালত অৱসাদিত, বৃদ্ধকালত নিদ্ৰিত, আৰু সাধকৰ ক্ষেত্ৰত শমিত, সংযত, সংহত; ফলত ৰিপুত্ব-পৰিহাৰ মিত্ৰত্বত পৰিণত। শত্ৰু মিত্ৰৰূপে পৰিণত হ’লে শত্ৰুবধৰ আয়োজনৰ প্ৰয়োজনেই বা ক’ত? কাম শৰীৰৰ উৎপাদক যিদৰে, একেদৰে উচ্ছেদকো। কিন্তু হায়! কামৰ কি মোহ-উন্মাদিনী কুহকিনী শক্তি! মানুহে জানি- বুজিও প্ৰবৃত্তি পিশাচীৰ পূজাত এই কৰাল কাম-খড়্গৰ আত্ম-সৰ্বস্ব উৎফুল্লিত হৈ বলিদান আগবঢ়ায়।

কাম ত্ৰিভুৱনবিজয়ী। কাম অঙ্গৰহিত, অশৰীৰী। অশৰীৰীৰ প্ৰহাৰত জৰ্জৰ হ’ল অঙ্গ, অনঙ্গ হ’ল অঙ্গ অনঙ্গ-প্ৰহাৰেৰে। কামৰ গৰ্ব আৰু দৰ্প এনেধৰণৰ হ’বই; কাৰণ কাম সৰ্বজয়ী, ই কাকো ৰেহাই নিদিয়ে, সকলো কামৰ অধীন, সকলোৱেই কামৰ ওচৰত বিজিত। জগতত কেৱলমাত্ৰ ছয়জনে হে কামক জয় কৰিছে — সনক, সনন্দ, সনৎকুমাৰ, সনাতন, হনুমান, আৰু ভীষ্মদেৱ।

প্ৰথম চাৰিজনক , অৰ্থাৎ সনক, সনন্দ, সনৎকুমাৰ আৰু সনাতনক কামদেৱে আক্ৰমণ কৰিলে; এওঁলোকে দেখিলে যে কামৰ আক্ৰমণ প্ৰতিহত কৰা কাৰো সাধ্য নাই; গতিকে চাৰিওজনে দুৰ্গত আশ্ৰয় গ্ৰহণ কৰিলে। যিদৰে কোনোপক্ষ বিপক্ষৰ দ্বাৰা আক্ৰান্ত হ’লে যদিহে প্ৰতিৰোধ কৰিব নোৱাৰে, তেনেহলে দৃঢ় দুৰ্গত এই বিশ্বাসেৰে আশ্ৰয় লয় যে বিপক্ষ সবল হলেও একো কৰিব নোৱাৰিব!** এইক্ষেত্ৰত যিপক্ষ দুৰ্বল, সেই পক্ষই হে দুৰ্গত আশ্ৰয় লয়, সবল হ’লে কোনোৱেই দুৰ্গত আশ্ৰয় গ্ৰহণ নকৰে, বৰং আক্ৰমণ কৰে। সেইদৰে এই চাৰিজনেও দুৰ্বলতাজনিত কাৰণত দুৰ্গত আশ্ৰয় গ্ৰহণ কৰিছিল। এওঁলোকৰ কাম পৰাহত দুৰ্গ কি আছিল? পঞ্চমবৰ্ষীয় কুমাৰ-বয়সেই এওঁলোকৰ কাম-পৰাহত দুৰ্গ আছিল, অৰ্থাৎ পাঁচবছৰীয়া বালকৰ যিধৰণৰ আকৃতি, তেওঁলোকে আজীৱন তেনে আকৃতিয়েই ধাৰণ কৰি থাকিল! বালক অৱস্থাত কাম অবিকশিত, গতিকে এইক্ষেত্ৰত কাম পৰাহত হ’ল, কিন্তু পৰাস্ত নহ’ল; গতিকে গৰ্বও খৰ্ব নহ’ল, দৰ্পও চূৰ্ণ নহ’ল!

            দ্বিতীয়তে, কামদেৱে হনুমানক আক্ৰমণ কৰিলে। হনুমানে কামক পৰাস্ত কৰিব নোৱাৰি তথা উপযুক্ত আশ্ৰয়স্থলী নাপাই প্ৰৱলৰ শৰণাপন্ন হ’ল। শৰণাপন্ন হোৱাটোৱেই দুৰ্বলতাৰ লক্ষণ। তেওঁ সৰ্বশৰণ ভগৱানৰ আশ্ৰয় ল’লে। যিদৰে কোনো পক্ষই অইন পক্ষক পৰাভূত কৰিব নোৱাৰিলে প্ৰৱল পক্ষৰ শৰণ লয়, সেইদৰে হনুমানেও ভগৱানৰ শৰণ ল’লে। কামদেৱ পৰাত হ’ল, কিন্তু পৰাস্ত নহ’ল; গতিকে গৰ্বও খৰ্ব নহ’ল, দৰ্পও চূৰ্ণ নহ’ল।

             তৃতীয়তে, কামদেৱে ভীষ্মদেৱক আক্ৰমণ কৰিলে, কিন্তু ভীষ্মদেৱে সমৰ্থতা প্ৰযুক্ত কোনো দুৰ্গত আশ্ৰয় গ্ৰহণ নকৰিলে আৰু কাৰো শৰণো নললে, বৰং নিজৰ শক্তিৰে কামক পৰাস্ত কৰিলে। এনে ক্ষেত্ৰত কাম পৰাস্ত হ’ল, কামৰ গৰ্ব খৰ্ব হ’ল আৰু দৰ্পও চূৰ্ণ হ’ল। ধন্য সেই বীৰ, যিজনে ত্ৰিভুৱনবিজয়ীক জয় কৰিলে। ধন্য বীৰ, যিজনে ত্ৰিভুৱনবাসীক বশ কৰি স্বাধীন হৈছে। ভীষ্মদেৱ নিষ্কাম অথচ পূৰ্ণকাম, সকলো কামনা তেওঁত পূৰ্ণ, অৰ্থাৎ পূৰ্ণতৃপ্ত। এই অনঙ্গ প্ৰতাপৰ প্ৰকোপত কৃষ্ণ বিষ্ণু অন্ধ, শিৱ উন্মত্ত, ব্ৰহ্মা মোহিত, মুনি ভ্ৰান্ত, পশু-পক্ষী ক্ষিপ্ত, মনুষ্য মুগ্ধ; গতিকে কামৰ তুল্য প্ৰতাপী কোন আছে? এনেহেন প্ৰতাপীৰ প্ৰতাপ যেতিয়া কোনোবাই প্ৰতিহত কৰে, গৰ্ব খৰ্ব কৰে, দৰ্প চূৰ্ণ কৰে – তেওঁৰ তুল্য বীৰ জগতত কোন আছে? তেওঁ স্বাধীন, অইন সমস্ত কামকিঙ্কৰ আৰু পৰাধীন।

মদঃ           মদ হ’ল মত্ততা, গৰ্ব। অহংকাৰৰ পৰাই মদৰ উৎপত্তি, অহংকাৰ অজ্ঞান প্ৰসূত। জ্ঞাননাশক আহ্লাদৰ নাম মদ। যিদৰে মদ খালে মত্ততা হয়। সেই মত্ততাত জ্ঞানৰ নাশ হয়, অথচ আহ্লাদ আছে। আব্ৰহ্ম কীট, হৰি-হৰ- বিৰিঞ্চ্যাদি অণিমা আদি ঐশ্বৰ্যত মত্ত, সৃষ্টি- স্থিতি-প্ৰলয়ৰ আধিপত্যৰে গৰ্বিত অথচ ঐশ্বৰ্য প্ৰাকৃতিক, গতিকে বিকাৰী, আধিপত্যও ক্ষণিক অথচ ই নিত্য অপ্ৰাকৃতিক। ব্ৰহ্ম- ঐশ্বৰ্য, ব্ৰহ্মানন্দ জ্ঞাননাশক; আমি যিদৰে বিকাৰী ক্ষণস্থায়ী পঞ্চভূত- ঐশ্বৰ্যমত্ত, দুই এজন পুৰুষৰ ওপৰতেই কৰ্তৃত্ব কৰি গৰ্বিত, অহংকাৰেৰে স্ফীত; কিছুমানে আকৌ দুই-চাৰিহাজাৰৰ ওপৰত কৰ্তৃত্ব কৰে, কিন্তু সমস্ত শক্তিৰ ওপৰত কৰ্তৃত্ব নাই অথচ তাতেই মত্ত, তাতেই গৰ্বিত, ভুলতেও ব্ৰহ্মৈশ্বৰ্য ব্ৰহ্মানন্দৰ পিনে মন-কাণ নিদিয়ে; ইয়াতকৈ জ্ঞাননাশক আহ্লাদ অইন কি আছে? যাৰ অহংকাৰ আছে, তাৰেই মদ আছে, মদমত্ততা আছে। সেইকাৰণে সেইসকল অহংকাৰী আৰু মত্ত, সেইবাবেই পৰাধীন, মদাধীন।

মাৎসৰ্যঃ            মাৎসৰ্যৰ অৰ্থ মৎসৰতা, অৰ্থাৎ পৰশ্ৰী-কাতৰতা। বিকাৰী জগতত কোন মৎসৰতা-হীন? যিসকল খন্ডশ্ৰী, তেওঁলোকে পূৰ্ণশ্ৰী দেখিলেই কাতৰ হৈ পৰে আৰুকোনোবাৰ  পূৰ্ণশ্ৰী লাভত ঈৰ্ষান্বিত হয়। যি সকলৰ শ্ৰী খন্ডিত, সেইসকল ঈৰ্ষান্বিত আৰু মাৎসৰ্যযুক্ত, গতিকে পৰাধীন। লোকৰ ঈৰ্ষা জন্মে সমকক্ষৰ প্ৰতি আৰু ঊৰ্দ্ধতমৰ প্ৰতি; নিম্ন শ্ৰেণীৰ প্ৰতি কাৰো ঈৰ্ষা নজন্মে, কাৰণ সকলোৰে ইচ্ছা ‘ডাঙৰ মানুহ’ হ’বলৈ। সমস্ত জীৱনত আশা যে পূৰ্ণ নহয়!  স্বাধীন হ’বলৈ সম্পূৰ্ণ ইচ্ছা থাকিলেও মনৰ দুঃখত পৰাধীন হৈ কাল। যাপন কৰি থাকে।

হিংসাঃ              হিংসা, অৰ্থাৎ পৰপীড়ন। পৰপীড়নৰ উদ্দেশ্য কি? কোনো এক ইপ্সিত বিষয়ত কিবা যদি প্ৰতিবন্ধক হয়, তেন্তে সেই প্ৰতিবন্ধকতা দূৰীভূত কৰিবলৈ পৰপীড়ন আৱশ্যক হয়। হিংসাৰ মূল হ’ল স্বাৰ্থ, আৰু স্বাৰ্থৰ মূল হ’ল কাম। সমস্ত লোকেই বিকাৰী, সকাম, স্বাৰ্থপৰ আৰু হিংসুক; গতিকে হিংসাৰ অধীন। তেন্তে অহিংসক বা অহিংসুক কোন? যি কামিনী-কাঞ্চন বৰ্জিত, যাৰ স্বাৰ্থ পৰাৰ্থত ন্যস্ত, তেওঁ নিৰ্লোভ, নিষ্কাম, নিস্পৃহ, নিৰ্বিকাৰী, মুক্ত, গতিকে স্বাধীন।

খেদঃ        খেদ শব্দই বুজায় ক্লেশ, শোক, দুঃখ, বিষাদ। ক্লেশ অৰ্থাৎ অবিদ্যা, অস্মিতা, খং, দ্বেষ, অভিনিৱেশ, এই পাঁচপ্ৰকাৰৰ অজ্ঞান — যিবোৰ আত্মা চিত্তৰ সৈতে একীভূত হৈ ভোগত মত্ত হৈ থাকে! জগৎ বিকাৰী, গতিকে পাঁচবিধ ক্লেশেৰে ক্লেশিত। জগতত যিমান ক্লেশ আছে, এই পাঁচোটাৰ অন্তৰ্গত। যাৰ অবিদ্যা – তাৰেই অস্মিতা, যাৰ অস্মিতা- তাৰেই খং; যাৰ খং- তাৰেই দ্বেষ; যাৰ দ্বেষ- তাৰেই অভিনিৱেশ। ইয়াৰে কোনোটোৱেই কোনোটোৰে লগ নেৰে – পৰস্পৰ জড়িত; এই পাঁচোটাৰ যদি এটাৰো কিবা অভাৱ হয় – আটাইকেইটাৰেই অভাৱ হয়; প্ৰাণী মাত্ৰেই ইয়াৰ অধীন।

অবিদ্যাঃ              অবিদ্যাৰ বাবেই ক্লেশ, বিষয়ভোগ। বিষয়ভোগৰ বাবেই বাস্তবিক দুঃখ, কিন্তু আমি সেই বিষয়ভোগকেই সুখ বুলি ধৰি লৈ তাক পাবলৈ ব্যাকুল হৈ পৰো।যাৰ মান আছে, তেওঁৰ মান-নাশৰ বিষাদো আছে। সকলোৰে অহংকাৰ আছে, গতিকে বেদনাও আছে।

ৰাগ (বা খং)ঃ           ৰাগ বা খঙৰ বাবে ক্লেশ হয়। দ্বেষৰ বাবে ক্লেশ, ক্ৰোধ, হিংসা, বিপ্ৰলিপ্সা হয়। অভিনিৱেশৰ বাবে ক্লেশ, ত্ৰাস, ভয়, মৰণ-যন্ত্ৰণা হয়; কষ্ট ভিন্ন সুখ একোতেই নাই; গতিকে পৰাধীন।

পৰিশ্ৰমঃ                        কাৰ্যান্তে ইন্দ্ৰিয়ৰ অক্ষমতাৰূপ যি গ্লানি, সেয়াই পৰিশ্ৰম। বিন্দু বিন্দু শক্তিৰ হ্ৰাস, ক্ৰমে অত্যধিক হ’লেই অনুভৱযোগ্য হয়। কাৰ্যৰ মূল শক্তি; শক্তিৰ হ্ৰাস অৱস্থাই পৰিশ্ৰম। শক্তিৰ মূল শুক্ৰ; যাৰ শুক্ৰ যিমান ধৃত, তাৰ শক্তিও সিমান পৰিমাণে ৰক্ষিত; পৰিশ্ৰমতো সিমানেই কাঠিন্য। জগতত অনবৰতে কাৰ্যক্ষম কোনোৱেই নাই। ব্ৰহ্মাইও সৃষ্টি কৰি কৰি ক্লান্ত হৈছিল। শক্তি অনুসৰি কিছুমানে সামান্যতেই কষ্ট অনুভৱ কৰে আৰু কিছুমানে দীৰ্ঘ সময়ত হে ক্লেশ অনুভৱ কৰে – এয়াই মাত্ৰ প্ৰভেদ। বিশ্বশক্তি শ্ৰমশীল, গতিকে পৰাধীন।

খন্ডঃ         ব্ৰহ্মচৰ্যধাৰণ কৰাসকল অণিমা-মহিমা আদিৰে ঐশ্বৰ্যশালী হয়, তাৰোপৰি অখন্ড ব্ৰহ্মচৰ্যধাৰীৰ ঐশ্বৰ্য আৰু ক্ষমতাৰ কোনো তুলনাই নাই। হনুমানে ইচ্ছা কৰিলে কোটি সূৰ্যক বিলীন কৰিব পৰা শৰীৰ ধাৰণ কৰিব পাৰে, আৰু সত্যসঙ্কল্পপ্ৰভাৱেৰে সূৰ্যসহিতে পৃথিৱীক ক্ষুদ্ৰাকাৰত পৰিণত কৰি এটি বালিকণাৰ ভিতৰতো প্ৰৱেশ কৰাব পাৰে। এনেস্থলত এটা সূৰ্যক কাষলতিৰ তলত সুমুৱাই লোৱা ঘটনা কোনো আশ্বৰ্যজনক ঘটনা নহয়।

        ব্ৰহ্মচৰ্যধাৰীসকল ‘মনোজব’, অৰ্থাৎ মনৰ দৰে অত্যধিক গতি বিশিষ্ট; আমি যিদৰে আমাৰ মনটোক সঙ্কল্পপ্ৰভাৱেৰে এক মুহুৰ্ততে হিমালয়ৰ উত্তৰলৈ লৈ যাব পাৰো- কিন্তু শৰীৰক নোৱাৰো। যিসকল মনোজব, তেওঁলোকৰ মনটোৱে যি মুহুৰ্তত যি স্থানৰ কল্পনা কৰিব, তেওঁলোকৰ শৰীৰ সেই মুহুৰ্ততে সেই স্থানত উপস্থিত হ’ব।

             হনুমান ইমানেই তেজ-বিশিষ্ট বা হনুমানত ইমানেই তেজ নিহিত হৈ আছে যে হনুমানে ইচ্ছা কৰিলে কোটি কোটি সূৰ্যক দগ্ধ কৰি পেলাব পাৰে। এবাৰ অৰ্জুনে হনুমানক প্ৰশ্ন কৰিছিল, আপোনাৰ শক্তি কিমান? হনুমানে হাঁহি হাঁহি উত্তৰ দিছিল – মোৰ শক্তি কিমান মই নাজানো বাবে ক’ব নোৱাৰিম; কিন্তু মাত্ৰ এইখিনি ক’ব পাৰো যে এনেধৰণৰ অগণন বিশ্ব অনন্তকালৰ বাবে এদাল নোমত মই ধাৰণ কৰিব পাৰো যদিও নাজানিম যে মোৰ শৰীৰত কিবা ওজন বা ভাৰ আছে নেকি – যিদৰে কাশ্মিৰী চোলাৰ ওপৰত এটা মাখি বা পৰুৱা বহি থাকিলে চোলা পিন্ধাজনে একো গম নাপায় – কিবা ভাৰ বহন কৰিছে নেকি! এয়া অত্যুক্তি নহয়, অখন্ডব্ৰহ্মচৰ্যশক্তি ব্ৰহ্মশক্তিৰ তুল্য। এই দুয়ো বীৰৰ শক্তিৰ সীমা নাই। অসীম শক্তি প্ৰদৰ্শন কৰাৰ স্থান অসীম জগতত নাই; গতিকে শক্তিমানসকলে নিজৰ অসীম শক্তি প্ৰদৰ্শন নকৰে। ভীষ্মদেৱ আৰু হনুমান পূৰ্ণ শক্তিমান, গতিকে স্বাধীন।

বৈষম্যঃ          জগতত যিফালেই দৃষ্টি নিক্ষেপ কৰা যায়, সেই দিশতেই বৈষম্য দৃষ্টিগোচৰ হয়। কাৰো সৈতে কাৰো সমতা নাই, সকলো বস্তুৱেই বিষমতাপূৰ্ণ। যেন বিষমতাই জগতৰ ধৰ্ম। সম বিষম গতিৰে, সম বিষম ভাবে জগৎচক্ৰ চলিছে, বিশ্বকাৰ্য নিৰ্বাহ হৈছে। মানুহৰ সৈতে মানুহৰ বিষমতা, পশুৰ সৈতে পশুৰ বিষমতা, স্থাবৰৰ সৈতে স্থাবৰৰ বিষমতা ! এজন মানুহৰ সৈতে অইন এজন মানুহৰ কিবা নহয় কিবা বিষয়ত বৈষম্য থাকে। সমতা কোনোপধ্যেই সম্ভৱ নহয়, কাৰণ সমস্ত পদাৰ্থই ত্ৰিগুণৰ বিষমতাৰে সৃষ্ট। ত্ৰিগুণৰ সমতা হ’লে জগৎ‌ প্ৰলয়দশাগ্ৰস্ত হয়। সেইবাবেই য’তেই স্বাৰ্থপৰতা, তাতেই বিষমতা। বৈষম্য কাৰ? স্বাৰ্থ আছে যাৰ। স্বাৰ্থ আছে কাৰ? কাম আছে যাৰ। কামৰ পৰাই স্বাৰ্থ, স্বাৰ্থৰ পৰাই বৈষম্য। সকলো স্বাৰ্থপৰ, গতিকে বিষয়াসক্তি; গতিকে পৰাধীন।

পৰাপেক্ষা বা পৰমুখাপেক্ষাঃ      পৰাপেক্ষা, অৰ্থাৎ  কোনো কাৰ্যৰ বাবে অইনক অপেক্ষা কৰি থকা কাৰ্য। যি কোনো কাৰ্য সম্পাদন কৰিবলৈ অইনৰ সাহায্যপ্ৰাৰ্থী হ’লে ভিক্ষাৰী বুলি ক’ব লাগিব। গতিকে পৰাপেক্ষী যি, ভিক্ষাৰীও সি। আমি সংসাৰত যিমান কাৰ্য কৰো, সেইসমূহৰ কোনোটোৱেই অকল নিজৰ সাহায্যৰে সম্ভৱ নহয়, অইনৰ সহায় লাগে, খাবলৈ, শুবলৈ, উঠিবলৈ, বহিবলৈ, সকলো কামতেই অইনৰ সাহায্যৰ আৱশ্যক হয়।যিদিনা তুমি মাতৃগৰ্ভৰ পৰা ভূমিস্থ হ’লা, ম্লানমুখেৰে মাতৃৰ মুখখন চাই থাকিলা, তোমাৰ বিগলিত- ধাৰা দেখি বোধ হ’বলৈ ধৰিলে যে তোমাৰ কোনো শক্তি নাই, কাৰোবাৰ যেন অনুগ্ৰহ প্ৰাৰ্থনা কৰি আছা,‌অইনৰ সাহায্য নাপালে তোমাৰ যেন প্ৰাণ যায়, ক্ষুধা-তৃষ্ণাই তোমাক অস্থিৰ কৰি তুলিছে, কাতৰ হৈ কান্দবলৈ ধৰিলা – মা, মা! কিবা খাবলৈ দিয়া! মাতৃয়ে অনুগ্ৰহ কৰিলে, আৰু স্তন মুখত দিলে। ভিক্ষা পাই তুমি কৃতাৰ্থ হ’লা, এয়াই তোমাৰ জীৱনৰ প্ৰথম ভিক্ষা, প্ৰথম পৰাপেক্ষা আৰম্ভ হ’ল। এইদৰেই বাল্যকালত কোনোবাই উঠাই দিলে উঠিব পাৰা, শুৱাই দিলে শুব পাৰা, বহুৱাই দিলে বহিব পাৰা, খুৱাই দিলে খাব পাৰা, অন্যথা একোৱেই নিজে কৰিব নোৱাৰা। এইদৰে তোমাৰ বাল্যকাল ভিক্ষাৰীৰ বেশত পৰাপেক্ষাৰে অতিবাহিত হ’ল। আহিল যৌৱন কাল; এই সময়ত তোমাৰ সমস্ত ইন‌দ্ৰিয় পটু, সকলো প্ৰকাৰে কাৰ্যক্ষম, তথাপিও পৰমুখাপেক্ষী! তোমাৰ যেন কিবা অভাৱ, অইনৰ সাহায্য নাপালে তোমাৰ যেন নচলে, সংসাৰ শ্মশানৰ দৰে অনুভৱ হয় তোমাৰ, সংসাৰত সুখ নাই, শান্তি নাই; সুখ পোৱাৰ লালসাত, শান্তিৰে থাকিবলৈ এক পৰম আশাত, ভিক্ষাৰীৰ বেশত পৰমুখাপেক্ষী হৈ অইনৰ ওচৰত দন্ডায়মান; শৈশৱকালত উলঙ্গ হৈ ভিক্ষা মাগিছিলা, এতিয়া যৌৱনকালত কানি-কাপোৰ পিন্ধি আৰু শিৰত দৰাৰ মুকুট পিন্ধি দৰাৰ বেশ ধৰি ভিক্ষা বিচাৰিছা – মা! ভিক্ষা বিচাৰিছো, মোক সংসাৰী কৰি দিয়া। অতিথিশালালৈ অতিথি উভতি নাহে; পিতৃ- মাতৃৰ যত্নত আৰু চেষ্টাত শাহুআইয়ে তেওঁলোকৰ কন্যাটি তোমাক ভিক্ষা দিলে, তুমি কৃতাৰ্থ হ’লা, যেন সকলো অভাৱ দূৰ হৈ গ’ল; কিছুদিন সামান্য সুখ অনুভৱ হ’ল। এটা- দুটা সন্তান হোৱাৰ পিছত টকা-পইচাৰ অভাৱ অনুভৱ হ’ল, ক্ৰমে সংসাৰৰ ভাৰ মূৰত পৰিল, কষ্ট অনুভৱ ‌হ’বলৈ ধৰিলে। এইদৰে সুখ-দুঃখ মিহলাই অৰ্থচিন্তাৰে পৰাধীন হৈ দিন অতিবাহিত কৰিবলৈ ধৰিলা। তাৰপিছত যৌৱনত ভাটা পৰিল, যৌৱনৰ জোৱাৰ আৰু নাই,  জৰাৰ আক্ৰমণ আৰম্ভ হ’ল, বাৰ্দ্ধক্য আৰম্ভ হ’ল, শক্তি হ্ৰাস হ’ল, ৰোগে আক্ৰমণ কৰিলে, উত্থানশক্তি ৰহিত হৈ আহিল, ইমান আদৰৰ- ইমান যত্নৰ সংসাৰখন এৰি গুচি যাব লাগিব বুলি ভাবি প্ৰাণ আকুল হৈ পৰিল। সেই সময়ত অতিপাত লোভ হয় – নানান তৰহৰ দ্ৰব্য ভক্ষণ কৰিবলৈ মন যায়, কোনোবাই খাবলৈ দিলে খাব পাৰা, অন্যথা খাবলৈ নোপোৱা; তৃষ্ণাত গল শুকালে কোনোবাই পানী দিলে ভাগত পোৱা, নহ’লে নাই! যিবোৰক অতি ভাল পাইছিলা, এতিয়া তেওঁলোকে প্ৰকাশ্যে নকলেও মনেৰে  তোমাক তাচ্ছিল্য কৰি সেৱা কৰে। এতিয়া তোমাৰ প্ৰতিটো কামতেই প্ৰতিটো মুহুৰ্ততেই তোমাক অইনৰ সহায় আৱশ্যক হয়। আজীৱন ভিক্ষাৰীৰ বেশত দীনহীনৰ দৰে পৰাপেক্ষাৰে সুদীৰ্ঘ জীৱন অতিবাহিত কৰা তুমি কেতিয়া স্বাপেক্ষ বা অ-পৰাপেক্ষী হ’ব পাৰিছিলা? কোনদিনা তুমি স্বাধীনতা ভোড কৰিছিলা? কেতিয়ানো তুমি ভিক্ষাৰীত্ব বিসৰ্জন দি সাৰ্বভৌমত্ব লভিছিলা?

                   ( সমাপ্ত)

**  এতিয়া মানৱজাতিয়ে যিদৰে কৰ’নাক পৰাভূত কৰিব নোৱাৰি ‘লক-ডাউন’ নামৰ দুৰ্গত সোমাই আছে, অৰ্থাৎ শত্ৰুপক্ষ বহুত সবল! – অনুবাদক

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: শ্ৰীত্ৰৈলঙ্গস্বামী মহাৰাজস্বাধীন আৰু পৰাধীন
Anjan Sarma

Anjan Sarma

Related Posts

silhouette of four person with flag of united states background
Politics

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

by Mohan Khound
September 10, 2026
0

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World US Regime Change Operations:...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
flood

Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

September 2, 2026
Khanikar Puthi

Khanikar Puthi

September 1, 2026
চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

চিংগাপুৰ: অসম্ভৱক সম্ভৱ কৰি তোলা এখন দেশ

August 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

India’s 7.8% GDP Growth: Jobs, Inflation and the Reality Behind the Numbers

September 10, 2026
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 10, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 10, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 10, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40655 shares
    Share 16262 Tweet 10164
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18922 shares
    Share 7569 Tweet 4731
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4048 shares
    Share 1619 Tweet 1012
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4089 shares
    Share 1636 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d