-অসীম তালুকদাৰ |
(এক মিনিটৰ গল্প)
বিভাই বাৰে বাৰে ফোনটো চাই আছে ৰমেনৰ পৰা কিবা মেছেজ আহিছে নেকি ? সি আহি পোৱাৰ সময় কেতিয়াবাই পাৰ হৈ গ’ল ৷ খবৰ এটাও দিয়া নাই ৷ অৱশ্যে যোৱা কিছুদিনৰ পৰা ৰমেনে কামৰ পৰা সদায় দেৰীকৈ আহি আছে ৷ গুৱাহাটীৰ এখন নামজ্বলা হস্পাতলৰ সি চাফাই কৰ্মচাৰী ৷ কোভিড-১৯ য়ে সকলো খেলিমেলি কৰি দিছে ৷ আজি বাবুৰ জন্মদিন ৷ বিভাৰ বিশ্বাসেই নহয় সিদিনা জন্ম হোৱা ল’ৰাজন আজি দুবছৰীয়া হব ৷ বাবুৰ আচল নামটো ৰাহুল; কিন্তু কেতিয়া কেনেকৈ তাৰ নামটো বাবু হৈ পৰিল সিহঁতে গমেই নাপায় ৷ বহুদিনৰ পৰাই বিভাই আজিৰ দিনটোত কি কৰিব মনে মনে ঠিক কৰি থৈছিল ৷ সিহঁতৰ দৰে পেটে ভাতে খাই থকা পৰিয়ালে জন্মদিন কি পাতিব ? তদুপৰি লকদাউন চলি থকা কাৰণে এনেও কোনেও বাহিৰলৈ যাব পৰা নাই ৷ সেয়ে একে কলনীতে বাস কৰা তগৰ, নাজনীন, স্বপ্নাহঁতক সিহঁতৰ ল’ৰা-ছোৱালীৰে সৈতে নিমন্ত্ৰণ কৰিছিল ৷ লকডাউনৰ সময়তো সিহঁতৰ মাজে মাজে অহা যোৱা হৈ আছেই ৷ জন্মদিন বুলি হেপাহেৰে সৰুকৈ কেক এটা আৰু আলহীৰ কাৰণে চাহ-মিঠাই, লুচি-ঘুগনীৰ আয়োজন কৰিছিল ৷ ৰাতিপুৱা সোনকালে উঠি বিভাই কেকটো বনাইছিল আৰু ঘুগনীখনৰো কামখিনি আগবঢ়াই থৈছিল ৷ কিন্তু দুপৰীয়া অহা ফোনকেইটাই বিভাৰ হিচাপত খেলি মেলি লগাই দিলে ৷ প্ৰত্যেকৰে একে কথা ৷ কৰ’নাৰ সময়ত সৰু ল’ৰা-ছোৱালীলৈ অহাটো অসুবিধা হব ৷ সিহঁতে স্পষ্টকৈ কোৱা নাই, কিন্তু বিভাই বুজিছে ৷ ৰমেনে হস্পাতালত কাম কৰা কাৰণে সিহঁত আহিবলৈ অনিচ্ছুক হৈছে ৷
**********
হস্পাতালত আজি বহুত ব্যস্ততা ৷ ৰমেনে অলপো আজৰি পোৱা নাই ৷ আজি সি অকলে ৷ হস্পাতালখনৰ প্ৰথম মহলাৰ চাফাই কাম ৰমেন আৰু আফতাবৰ ওপৰত ন্যস্ত ৷ আফতাব আজি কামলৈ অহা নাই ৷ কিয় অহা নাই জনোৱা নাই ৷ ফোন কৰিও তাক পোৱা নাই ৷ আফতাবৰ মাকৰ গা খুব বেয়া ৷ বোধকৰো সেই কাৰণে আহিব পৰা নাই ৷ তদুপৰি পৰহিৰ ঘোষণাৰ পাছত বহুতেই ভয় খাইছে ৷ চৰকাৰে এইখন হস্পাতাল চৰকাৰে কৰ’না বেমাৰীৰ চিকিৎসাৰ কাৰণে সংৰক্ষণ কৰিছে ৷ অন্য বেমাৰৰো চিকিৎসা হৈ থাকিব, কিন্তু প্ৰথম মহলাত কেবল কৰ’না ৰোগীৰহে চিকিৎসা কৰা হব ৷ যোৱা কিছুদিনত কৰ’নাত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা কেবাজনো মানুহক ভৰ্তি কৰি ক্বোৰান্টিন কৰা হৈছে ৷ তাৰে তিনিজন কৰ’নাত আক্ৰান্ত বুলি কালি ধৰা পৰিছে ৷ এইটো সময়ত চাফ-চিকুণতা কিমান প্ৰয়োজনীয় ৰমেনহঁতক বাৰে বাৰে বুজাই দিয়া হৈছে ৷ চাফাই কৰিবলৈ সিহঁতক মাস্ক, গ্লভছ, ব্লীচিং পাউদাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী দিয়া হৈছে ৷ প্ৰতি দুঘণ্টাৰ মূৰে মূৰে সি গোটেই মহলাটো চাফা কৰিছো ৷ মাস্ক আৰু গ্লভছৰ অলপ নাটনি হৈছে ৷ গোটেই দিনটোৰ কাৰণে ৰমেনে তিনিখন মাস্ক পাইছে ৷ কিন্তু তাৰে এখন ফটা ওলাল ৷ সি নতুন মাস্ক খুজিবলৈ গৈছিল ৷ কিন্তু আজিৰ কাৰণে হেনো সিমানেই আছে ৷ ৰমেনৰ ভয়ো লাগিছে – বিশেষকৈ যেতিয়া বেমাৰীৰ ৰুমলৈ যায় ৷ বিভালৈ ফোন এটা কৰিবলৈও সি সময় উলিয়াব পৰা নাই ৷ অলপ জিৰাব খুজিলেই কৰবাৰ পৰা ‘ক্লিনাৰ’, ‘জেনিটৰ’, ‘চাফাই’ আদি শব্দবিলাক ভাহি আহে ৷ তাৰ যে নাম এটাও আছে হস্পাতালত কাম কৰা কোনো ডাক্তৰ, নাৰ্চ আদিয়ে নাজানে চাগৈ ! মাজে মাজে সি ভাবে চাকৰিটো এৰি দিব ৷ কিন্তু চাকৰি এৰি সি কৰিব ? ৰমেনৰ বন্ধু পুলিনে মল এটাত চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিল ৷ কৰ’নাৰ কাৰণে মলটো বন্ধ কৰি দিয়া হৈছে আৰু তাৰ পাছত ইমান দিন পুলিনে ঘৰতে সোমাই আছে ৷ পুলিনৰ ঘৈণীয়েকে আনৰ ঘৰত কাম কৰি পোৱা ধনেৰে দুয়ো কিবাকৈ চলি আছে ৷ ৰমেনে গাওঁলৈও ঘূৰি যাব নোৱাৰে ৷ তিনি বছৰ আগতে বেলেগ জাতৰ ছোৱালী বিভাক ককায়েকহঁতে ঘৰত সোমাবই নিদিলে ! পাচ বজালৈ ডিউটি আছিল তাৰ ৷ কিন্তু তাক কৈ দিয়া হৈছে আজি ষ্টাফ কম – গতিকে অভাৰ টাইম কৰিব লাগিব ৷ চাৰে পাচ মান বজাত ৰমেনে অকণমান সময় উলিয়াই বিভাক মেছেজ এটা কৰিলে অলপ দেৰী হব বুলি ৷ বাবুৰ জন্মদিনৰ কাৰণে মানুহ বিলাক আহিছে চাগৈ ! অৱশ্যে বিভাই বুজি পায় কথাবিলাক ৷ ৰমেনৰ ভয় লাগে সি যদি কেনেবাকৈ কৰ’নাত আক্ৰান্ত হৈ বাবু আৰু বিভালৈও কঢ়িয়ায় ? স্বাস্থ্যকৰ্মী সকলক বেলেগকৈ হোটেলত ৰখা কথা হেনো চৰকাৰে বিবেচনা কৰি আছে ৷ কিন্তু চাফাই কৰ্মীসকলক যে সাঙুৰি লব তাত ৰমেনৰ সন্দেহ আছে ৷
ৰাতি চাৰে দহ বজাতহে ৰমেনৰ ডিউটি শেষ হ’ল ৷ চিটিবাচ, ট্ৰেকাৰ, অটোৰিক্সা আদি সকলো বন্ধ ৷ ঘৰলৈ প্ৰায় চাৰি কিমি সি খোজ কাঢ়িব লাগিব ৷ মাজতে এটা ট্ৰেফিক পইণ্ট ৷ দূৰৰ পৰাই সি পুলিচকেইজনক দেখি পকেটৰ পৰা মাস্কখন উলিয়াই পিন্ধি ললে ৷
– ইমান ৰাতি কি কৰিছ ? কলৈ যাৱ ?
– চাৰ, মই স্বাস্থ্যকৰ্মী ৷ হস্পাতালত কাম কৰো ৷
– কি কাম কৰা হস্পাতালত ?
– মই জেনিটৰ ৷
ৰমেনে পকেটৰ পৰা নিজৰ আইদেণ্টিটি কাৰ্ডখন উলিয়াই দেখুৱালে ৷ পুলিচ এজন কাষলৈ আহি আইদেণ্টিটি কাৰ্ডখন পৰীক্ষা কৰিলে আৰু হাঁহিত ফাটি পৰিল – ‘আৰে তই চাফাই কাম হে কৰ, নিজকে স্বাস্থ্যকৰ্মী বুলি কিয় কৈছ ? যা যা, সোনকালে ঘৰলৈ যা ৷’
******
আজি ৰমেনৰ চুটী ৷ গোটেই দিনটো ঘৰতে থাকি তাৰ বৰ ভাল লাগিছে ৷ অন্য এটা কাৰণটো তাৰ মনটো আজি ভাল লাগি আছে ৷ সন্ধিয়া সাত বজাত প্ৰধান মন্ত্ৰীৰ আহ্বান ক্ৰমে সকলোৱে নিজৰ ঘৰৰ দুৱাৰ খিৰিকিৰ ওচৰত ৰৈ পাচ মিনিটৰ কাৰণে বাচন বৰ্তন বা অন্যান্য বস্তুৰে শব্দ কৰি স্বাস্থ্যকৰ্মী সকলক ধন্যবাদ জনাব ৷ সময়ত সিহঁত তিনিওজন বাহিৰলৈ আহিল ৷ ঠিক সাতবজাৰ লগে লগে চাৰিওদিশ বাচন বৰ্তন, ঢোল, তালৰ শব্দই মুখৰিত কৰি তুলিলে ৷ এনেকুৱা ভাল লগা পৰিবেশৰ সি কেতিয়াও সন্মুখীন হোৱা নাই ৷ কিন্তু লাহে লাহে সি মন কৰিলে কোনেও তাৰ ফালে চোৱা নাই ৷ সিহঁতৰ কলনিত থকা লেডিজ হোষ্টেল এটাত কেইবাজনীও নাৰ্চ থাকে ৷ নাৰ্চকেইজনী বাহিৰত থিয় হৈ আছে আৰু সকলোৱে তেওঁলোককহে অভিবাদন জনাইছে ৷
এজন দুজনকৈ মানুহ জমা হৈ এটা সমদল সৃষ্টি হ’ল ৷ সমদলটোৰ মাজৰ পৰা পুলিনে ৰমেনক চিঞৰি মাতিলে ৷ সমদলটো হেনো ওচৰতে বাস কৰা ডাঃ বনিয়া আৰু ডাঃ পাটগিৰিৰক ধন্যবাদ জনাবলৈ গৈ আছে ৷ ‘এক মিনিট’ বুলি কৈ ৰমেনে ভিতৰৰ পৰা দোতাৰাটো লৈ আহি সমদলটোত যোগ দিলে ৷ বিভাৰ চকুৰ ফালে চাবলৈ তাৰ সাহস নহল ৷