• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, August 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Opinion

স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

হেমেন দাস

by Hemen Das
June 18, 2024
in Opinion, Business, Economy, food
Reading Time: 6 mins read
0
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা
Share on FacebookShare on TwitterShare on LinkedIn

স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

হেমেন দাস

Hemen Das
হেমেন দাস

১৯৭৪ চন৷

          অসমত গুৰুতৰ খাদ্য সংকট হোৱা বছৰ৷ চৰকাৰী তথ্য মতে ৫০০ মানুহৰ অনাহাৰত মৃত্যু হৈছিল৷ বেচৰকাৰী তথ্য মতে প্ৰায় ৫০০০ জন৷ খাদ্য সংকট হোৱাৰ লগে লগে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰো মূল্য বৃদ্ধি হৈছিল৷

স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ তথ্য মতে ১৯৭৩ চনৰ তুলনাত ১৯৭৪ চনত চাউলৰ মূল্য বৃদ্ধি হৈছিল ৬৫ শতাংশ৷ আটাৰ মূল্য বৃদ্ধি হৈছিল ৯৯ শতাংশ৷ চৰা দামৰ প্ৰভাৱ স্বাভাৱিকভাৱেই পৰিছিল সাধাৰণ জনতাৰ ওপৰত৷

          খাদ্য সংকটৰ কাৰণ কি আছিল? খাদ্য শষ্যৰ অপৰ্যাপ্ত উৎপাদন নে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি? ১৯৭৩ চনৰ ৩১ অক্টোবৰত তেতিয়াৰ চৰকাৰে অসমত ধান আৰু চাউলৰ পাইকাৰী ব্যৱসায়ৰ কতৃৰ্ত্ব নিজৰ হাতলৈ নিছিল৷ এই সম্পৰ্কীয় চৰকাৰী অধিসূচনা জাৰি কৰাৰ সময়ত চৰকাৰে ঘোষণা কৰিছিল যে ৬৬৩ টা ব্যক্তিগত পাইকাৰী প্ৰতিষ্ঠানৰ বিপৰীতে পঞ্চায়ত পৰ্যায়ত ৬৬৩ টা সমবায় পাইকাৰী সমিতি গঠন কৰা হ’ব৷

পাইকাৰী ব্যৱসায় চৰকাৰীকৰণৰ সমান্তৰালভাৱে চৰকাৰে সিদ্ধান্ত ল’লে যে চৰকাৰে কৃষক ৰাইজৰ পৰা ২৪ লাখ কুইণ্টল ধান সংগ্ৰহ কৰিব৷ সাধাৰণ দৃষ্টিত এই সিদ্ধান্ত এক অতি আদৰণীয় সিদ্ধান্ত আছিল৷ কিন্তু ৰঙাফিটাৰ মেৰপাক আৰু ব্যৱসায়ীগোষ্ঠীৰ চতুৰালিৰ বাবে চৰকাৰৰ এই সিদ্ধান্ত বুমেৰাং হ’ল৷ খেতি পথাৰৰ পৰা ধান কাটি ভঁৰাল চপোৱাৰ সময় সাধাৰণতে জানুৱাৰী মাহ৷

কিন্তু ১৯৭৪ চনৰ মাৰ্চ মাহলৈ সমবায় সমিতি গঠন হ’ল মাত্ৰ ৯৪ খন৷ অৰ্থাৎ মাত্ৰ ১৪ শতাংশ৷ সমবায় সমিতিসমূহে যাতে ধান সংগ্ৰহ কৰিব পাৰে তাৰে বাবে ধানৰ পৰিবহন ব্যৱস্থাতো কেতবোৰ বাধা নিষেধ আৰোপ কৰা হৈছিল৷ আটাইতকৈ উল্লেখনীয় বাধা নিষেধ আছিল ২৫ কুইণ্টলতকৈ অধিক ধান ব্যক্তিগতভাৱে সৰবৰাহ কৰিব নোৱাৰিব৷

          এনেকুৱা এক পৰিস্থিতি উদ্ভৱ হ’ল যে ধানৰ মূল্য অস্বাভাৱিক ৰূপত বৃদ্ধি পালে৷ সৰ্বসাধাৰণ ৰাইজৰ ক্ৰয়-ক্ষমতাৰ সীমা অতিক্ৰমি যোৱা ধান-চাউলৰ মূল্যই জনসাধাৰণক ক্ষোভিত কৰি তুলিলে৷ সেই সময়ৰ ৮০ লাখ ক্ৰেতাৰ ৮ লাখ ক্ৰেতাৰ বাবেও চৰকাৰী সূলভ মূল্যৰ দোকানত চাউলৰ যোগান ধৰাত চৰকাৰে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছিল৷ তেনেহ’লে উৎপাদিত ধানৰ পৰা হোৱা চাউলসমূহ ক’লৈ গ’ল? চোৰাং ব্যৱসায়ীৰ ভঁৰাললৈ?

স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

          স্বাভাৱিকতেই এই জটিল সময়ত সৰ্বসাধাৰণ ৰাইজৰ স’তে থিয় হ’ল ‘সদৌ অসম ছাত্ৰ সন্থা’৷ চমুকৈ ‘আছু’৷ ইতিমতে দুই বছৰৰ পূর্ব্বে অৰ্থাৎ ১৯৭২ চনত শিক্ষাৰ মাধ্যম অসমীয়া হ’ব লাগে বুলি ‘আছু’এ কৰা আন্দোলনৰ সফল সমাপ্তি ঘটিছিল৷ অসমৰ সৰ্বসাধাৰণ ৰাইজৰ আপোন হৈ পৰিছিল সদৌ অসম ছাত্ৰ সন্থা৷

খাদ্য সংকট আৰু অন্যান্য অৰ্থনৈতিক দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই তেতিয়াৰ চৰকাৰৰ হাতত অৰ্পণ কৰিছিল ২১ দফীয়া দাবী চনদ৷ ৰাজ্যজুৰি আৰম্ভ হৈছিল এক অৰ্থনৈতিক আন্দোলন৷ ইতিহাসত চমুকৈ জনা গ’ল ১৯৭৪ চনৰ খাদ্য আন্দোলন৷ ঐতিহাসিক এই খাদ্য আন্দোলনত অংশগ্ৰহণ কৰা বাবে ৰাজপথলৈ ওলাই আহিছিল মৰিগাঁও জিলাৰ ভূৰবন্ধাৰ ঔগুৰি উচ্ছ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল৷ বাধা দিবলৈ অৱধাৰিত আগুৱাই গ’ল চৰকাৰৰ পুলিচ বাহিনী৷

AASU

নিৰীহ, ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত জপিয়াই পৰিল চৰকাৰৰ পাশৱিক বাহিনী৷ নিৰস্ত্ৰ অহিংস ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত গুলীচালনা কৰিবলৈও কুণ্ঠাবোধ নকৰিলে এই পাশৱিক বাহিনীয়ে৷ চৰকাৰী গুলিত ঢলি পৰিল ভূৰবন্ধা ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ দুই ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়া৷

শ্বহীদ হ’ল দুগৰাকী ফুলকুমলীয়া ছাত্ৰ৷

‘‘যাৰ চকুত তিৰবিৰাইছিল তৰালি/বুকুত গুণগুণাইছিল মৌ-মাখি/সি নিজানে নিতালে শুই আছে/শিতানত তাৰ তেজে ধোৱা মাটি ৷’’

স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

২০২৪ চন

          ১৯৭৪ চনৰ পৰা ২০২৪ চন৷ ৫০ বছৰ৷ বহু দীঘলীয়া সময়৷ সময়ৰ হিচাবত এক নৱ-জাতক পঞ্চাছ বছৰীয়া পূৰ্ণ ব্যক্তি হোৱাৰ সময়৷ দিনৰ হিচাবত ১৮ হাজাৰ দিন৷ ঘণ্টাৰ হিচাবত ২ কোটি ৫৯ লাখ ২০ হাজাৰ মিনিট ৷ গোটেই বছৰ পঢ়া-শুনা কৰি বছৰৰ মূৰকত জ্ঞান জুখিবলৈ কতৃৰ্পক্ষই দিয়া ১৮০ মিনিটতকৈ ১ লাখ ৪৪ হাজাৰ গুণ অধিক সময়৷

          এই ৫০ বছৰে অসমৰ অৰ্থনৈতিক উন্নতি কিমান হ’ল? হয় এই দীঘলীয়া সময়ছোৱাত অসমৰ অৰ্থনৈতিক উন্নতি কিমান হ’ল? নে ১৯৭৪ চনৰ দৰে আৰু এক অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন আছে?

          অসম চৰকাৰে দাখিল কৰা তথ্য মতে বৰ্তমান অসমৰ আৰ্থিক স্থিতি সুস্থিৰ৷ ২০২৪-২৫ বৰ্ষৰ বাজেট অনুসৰি অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন এই বৰ্ষটোৰ বাবে অনুমান কৰা হৈছে ৬,৪৩,০৮৯ কোটি টকা৷ এইয়া যদি হয় তেন্তে বিগত বৰ্ষতকৈ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ১৩ শতাংশ অধিক হ’ব৷

২০২২-২৩ বিত্তীয় বৰ্ষৰ অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ধাৰ্য্য কৰা হৈছে ১০.২ শতাংশ৷ আনহাতে একেটা বিত্তীয় বৰ্ষৰ বাবে ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা উৎপাদন ধাৰ্য্য কৰা হৈছে ৭.২%৷ অসমৰ বাবে এইয়া নিশ্চয় সুখবৰ৷

স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

আকৌ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য্য কৰা জনমূৰি মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (per capite GSDP) হ’ল ১,৩৬,৮১৯ টকা৷ ২০২১-২২ বিত্তীয় বৰ্ষৰ তুলনাত এই বৃদ্ধিৰ হাৰ ১৭ শতাংশ৷ আপাত দৃষ্টিত অসমৰ অৰ্থনৈতিক দিশ উন্নত হৈছে৷ কিন্তু এই অৰ্থনৈতিক উন্নয়নে সকলোকে সাঙুৰি ল’ব পাৰিছেনে?

          অসমৰ অৰ্থনীতি মূলতঃ কৃষি ভিত্তিক৷ অসমৰ মুঠ মাটিকালি ৭৮.৪৪ লাখ হেক্টৰ৷ ইয়াৰে মুঠ কৃষি ভূমি ৩৮.৭২ লাখ হেক্টৰ৷ কিন্তু ২০১৭-১৮ বৰ্ষত মুঠ কৃষি ভূমিৰ পৰিমাণ আছিল ৪৪.৪৫ লাখ হেক্টৰ৷ অৰ্থাৎ প্ৰায় ২ লাখ হেক্টৰ কৃষি ভূমি কমিছে৷ অসমৰ কৃষকে খেতি কৰিবলৈ এৰিছে নে কৃষি ভূমি অন্য ক্ষেত্ৰলৈ পৰিৱৰ্ত্তিত হৈছে নে গৰাখহনীয়াত জাহ গৈছে৷

তিনিওটাই সত্য৷ কৃষি ভূমি কমাৰ কাৰণে কৃষি উৎপাদনত প্ৰভাৱতো পৰিবই খহনীয়াই সৃষ্টি কৰা অনুসাঙ্গিক সমস্যাইও অসমৰ অৰ্থনীতিত এক নেতিবাচক প্ৰভাৱ পেলাইছে৷

          অসমৰ বান আৰু গৰাখহনীয়া সমস্যা অসমৰ বাবে এক বৃহৎ সমস্যা৷ এই সমস্যাই অসমৰ অৰ্থনৈতিৰ ৰাজহাড় কোঙা কৰি পেলাইছে৷ অসমৰ মুঠ মাটিকালিৰ ৩৯.৫৮ শতাংশ এলেকা বানপীড়িত এলেকা৷ চৰকাৰী তথ্য অনুসৰি ১৯৫০ চনৰ পৰা ২০২৩-২৪ বৰ্ষলৈ ৰাজ্যখনৰ মুঠ ৪ লাখ ২৭ হেজাৰ হেক্টৰ মাটিকালি গৰাখহনীয়াত জাহ গৈছে ৷

স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

অসমৰ মুঠ মাটিকালিৰ ৭.৪০ শতাংশ৷ প্ৰতি বছৰে বানপানী আৰু গৰাখহনীয়াই কৰা ক্ষতিয়ে অসমৰ অৰ্থনীতিত মাধমাৰ সোধায়৷ প্ৰাপ্ত তথ্য মতে ২০২২ চনত প্ৰায় ২ লাখ মানুহ স্থানান্তৰিত হ’ব লগা হয়৷ ৫০ লাখতকৈ অধিক মানুহ ক্ষতিগ্ৰস্ত হয়৷ ১৯৭ জন লোকৰ মৃত্যু হয়৷ ৪০৭৫ টা আশ্ৰয় শিবিৰ আৰু ৫৮০২ টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰা হয়৷ বানপানীৰ সময়ত খাদ্য আৰু অন্যান্য সামগ্ৰী যোগানৰ বাবে অসম চৰকাৰে ব্যয় কৰিব লগা হয় ৬৪৮ কোটি টকা৷

সাধাৰণভাৱে দেখা গৈছে যে বানপানী আৰু গৰাখহনীয়াৰ বাবে প্ৰতি বছৰে গড় হিচাবত ৩০ লাখ মানুহ ক্ষতিগ্ৰস্ত হয়৷ প্ৰায় ৪ লাখ হেক্টৰ কৃষিভূমিৰ অনিষ্ট হয়৷ ৩০০ কোটি টকাৰ সম্পত্তি নষ্ট হয়৷ সৰ্বোপৰি প্ৰায় ১০০ জন লোকৰ মৃত্যু হয়৷

চৰকাৰী তথ্যমতে প্ৰায় আঢ়ৈ লাখ শিশু প্ৰতি বছৰে বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হয়৷ বানপানী আৰু গৰাখহনীয়াই সৃষ্টি কৰা অৰ্থনৈতিক দুৰাৱস্থাই শিশুসকলৰ ওপৰতো এক গুৰুতৰ প্ৰভাৱ পেলায়৷ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যাৰ ৪০.৯২ শতাংশ শিশু৷ এই শিশুসকলেই এদিন দেশৰ দায়বদ্ধ নাগৰিক হ’ব৷

          ২০২১ চনৰ ছাত্ৰ সংহতিৰ দিনাখন প্ৰকাশ কৰা এটা ‘টুইট’ত সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষনেতা, চিন্তাশীল অনুভৱ আৰু অভিজ্ঞতাৰে পুষ্ট ড০ সমুজ্জ্বল ভট্টাচাৰ্য্যই এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈছিল৷ তেওঁ কৈছিল – ‘‘স্বাৱলম্বিতাৰ লক্ষ্যৰে অসমত এক অৰ্থনৈতিক আন্দোলন পৰিকল্পিতভাৱে আগুৱাই নিয়াৰ চিন্তা বৰ্তমান অত্যন্ত প্ৰাসঙ্গিক৷’’

Samujjal Bhatta
ড০ সমুজ্জ্বল ভট্টাচাৰ্য্য

ড০ ভট্টাচাৰ্য্যই এই টুইটৰ বাবেই ইতিমধ্যে এক দীঘলীয়া পটভূমি ব্যাখ্যা কৰা হ’ল৷ এতিয়া আহো এটা অন্য দিশলৈ৷ যিটো দিশ অৰ্থনৈতিক স্বাৱলম্বিতা লাভৰ বাবে পৰিকল্পিতভাৱে আগুৱাই যোৱাৰ বাবে প্ৰয়োজনীয়৷

          অৰ্থনৈতিক স্বাৱলম্বিতা লাভ কৰিবলৈ পৰিকল্পনা কৰোতে আমি লক্ষ্য কৰিব লাগিব কিমান মানুহ জনসংখ্যা অনুপাতে কৰ্মত নিয়োগ হৈ আছে, কিমান মানুহ নিৱনুৱা হৈ আছে, কিমান মানুহ একোটা কৰ্মত অধিক জড়িত হৈ ছদ্মবেশী বনুৱা হৈ আছে৷

          ২০২২-২৩ চনৰ চৰকাৰী তথ্য মতে অসমত শ্ৰমিক জনসংখ্যাৰ অনুপাত পুৰুষৰ ক্ষেত্ৰত ৮৮.৯ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ১৯.৬ শতাংশ৷ সৰ্বভাৰতীয় পৰ্যায়ত এই অনুপাত হ’ল পুৰুষৰ ক্ষেত্ৰত ৭৬ শতাংশ আৰু মহিলাৰ ক্ষেত্ৰত ৩৫.৯ শতাংশ৷ অৰ্থাৎ অসমৰ মহিলাসকলৰ এক বৃহৎ অংশ ঘৰুৱা কামৰ বাহিৰে অন্য উৎপাদনশীল কামত জড়িত হোৱা নাই৷

Food2 1

          ২০২১-২২ চনৰ তথ্য মতে অসমত বিভিন্ন শিক্ষা লাভ কৰি চাকৰি বা নিয়োগ বিচৰা লোকৰ সংখ্যা তলত উল্লেখ কৰা হ’ল –

কাৰিকৰী স্নাতক – ৮৪১০ জন

চিকিৎসা বিজ্ঞানৰ স্নাতক – ৮৯৪ জন

কৃষি স্নাতক – ৩০৯ জন

পশু বিজ্ঞানৰ স্নাতক – ৩৫৭ জন

স্নাতকোত্তৰ – ১৭,৮৯৩ জন

স্নাতক – ৩,৪৪,৬৪৭ জন

আই.টি.আই. উত্তীৰ্ণ – ১৭,৪৮২ জন

ডিপ্লোমা প্ৰাপ্ত – ৯,৮৪১ জন

দ্বাদশ শ্ৰেণী উত্তীৰ্ণ – ৭,৪০,৪৭৩ জন

দশম শ্ৰেণী উত্তীৰ্ণ – ৬,১৫,২১০ জন

অন্যান্য – ৪৯,৯২৫ জন

          অৰ্থাৎ চৰকাৰী তথ্য মতে ২০২১ চনত অসমত চাকৰি বিচৰা লোকৰ সংখ্যা ১৮ লাখৰো অধিক৷ চৰকাৰী তথ্যৰ আওঁতাৰ বাহিৰত থকা লোকৰ সংখ্যাও কম নহ’ব৷

unemployment

          এনে এক বৃহৎ লোকৰ চৰকাৰীভাৱে নিয়োগ সম্ভৱ নহয়৷ তেনেহ’লে পন্থা কি? ড০ ভট্টাচাৰ্য্য ডাঙৰীয়াই যথাৰ্থভাৱেই ইয়াৰ ইঙ্গিত দিছে৷ তেওঁ নিজৰ টুইটত লিখিছিল – ‘‘স্বাৱলম্বিতাৰ লক্ষ্যৰে অসমত এক অৰ্থনৈতিক আন্দোলন পৰিকল্পিতভাৱে আগুৱাই নিয়াৰ চিন্তা বৰ্তমান অত্যন্ত প্ৰাসঙ্গিক৷’’ এই বৰ্তমানটো কেতিয়া ভৱিষ্যতৰ পৰা নোহোৱা হ’ব সেইয়া গুৰুত্বপূৰ্ণ৷ এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই বিশেষ পদক্ষেপ লৈ নিজৰ পৰিকল্পনা ঠিক কৰাৰ সময় উকলিবৰ হ’ল৷

নহ’লে পিছত – ‘‘লগন উকলি গ’ল, তেওঁ যে নহ’ল” কোৱা হ’ব৷ এই পৰিকল্পনা প্ৰস্তুত কৰোতে বিভিন্ন ক্ষেত্ৰত দক্ষলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব পৰা যায়৷

‘‘অসম দক্ষতা বিশ্ববিদ্যালয়’’এ অসমৰ নিৱনুৱাৰ দক্ষতা বিকাশ কৰি নিয়োগযোগ্য কৰি তুলিব পাৰে৷ স্বাৱলম্বীও কৰিব পাৰে৷

Assam Skill

এটা ব্যক্তিগত অভিজ্ঞতাৰে সামৰিছো৷ ২০২১ চনত নতুন চৰকাৰৰ আৰম্ভণিতেই মোক ‘আয়ুস’ অসমৰ সঞ্চালকৰ দায়িত্ব দিয়া হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশাৱলী পঢ়ি দেখা গ’ল যে তেজপুৰৰ ওচৰত থকা উদ্যোগিক ক্ষেত্ৰত স্থাপিত ‘পতঞ্জলি’ আৰু ‘ডাৱৰ’ৰ উৎপাদন কেন্দ্ৰ দুটাত প্ৰয়োজনীয় কেঁচা সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত ‘আয়ুস’ৰ নীতি আৰু নিৰ্দেশাৱলী বহু পৰিমাণে প্ৰয়োগ কৰিব পৰা যায়৷

পূৰ্বতে গ্ৰামোন্নয়ন বিভাগত কাম কৰা হেতুকে আত্ম সহায়ক গোটসমূহকো এই উৎপাদন কৰ্মত সন্নিৱিষ্ট কৰি ল’লে স্বাৱলম্বিতাৰ ক্ষেত্ৰত অসমৰ তিনি চাৰিখন জিলাৰ লোক সম্পূৰ্ণভাৱে অগ্ৰসৰ হ’ব পাৰিব৷ ‘পতঞ্জলি’ আৰু ‘ডাৱৰ’ৰ উৎপাদন কেন্দ্ৰ দুটাৰ কৰ্মকৰ্ত্তাসকলক লগ ধৰিলো৷ তেওঁলোকৰ চাহিদাৰ কথা শুনি চকু কপালত উঠিল৷ আদা, গিলৈ, মৌৰ এই চাহিদা তিনি চাৰিখন জিলাই পূৰ্ণ কৰিব নোৱাৰিব৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ সহায় ল’লো৷

বিভাগীয় মন্ত্ৰী শ্ৰীকেশৱ মহন্ত ডাঙৰীয়াক সকলো বিৱৰি ক’লো৷ তেওঁ সুধিলে – ‘পৰিকল্পনা কি?’

Rice field
Image: Powershift

বিতংভাৱে ক’লো৷ শেষত ক’লো যে এই পৰিকল্পনা সফল হ’লে তেজপুৰৰ আশে পাশে থকা সকলো কেইখন জিলাৰ ইচ্ছুক প্ৰতিটো পৰিয়ালে মাহেকত দহ হেজাৰ টকা আয় কৰিব পাৰিব৷ মন্ত্ৰী ডাঙৰীয়াই আমাক আগবাঢ়ি যাবলৈ উৎসাহ দিলে৷ এক কথাত ফ্ৰিহেণ্ড৷

আগবাঢ়িলো৷ এমাহ পিছতে মোৰ বদলি হ’ল৷ পদোন্নতিসূচক৷ প্ৰধান সচিব, অসম বিধানসভা৷

এতিয়া পুৰণি দিন সুঁৱৰি থকা এক অৱসৰপ্ৰাপ্ত বিষয়া৷ কথাখিনি এই বাবেই ক’লো যে স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যাবলৈ অসমত বিস্তৰ সুবিধা আছে৷ বানপানী আৰু গৰাখহনীয়াৰ ব্যপকতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা যুগুত কৰিলে এই ক্ষেত্ৰত এক নতুন দিশ উন্মোচিত হ’ব৷

অসমত ১৯৭৪ চনত হোৱা খাদ্য আৰু অৰ্থনৈতিক আন্দোলনৰ এই সোণালী জয়ন্তী বৰ্ষতেই সদৌ অসম ছাত্ৰ সন্থাই আন এক অৰ্থনৈতিক আন্দোলনৰ আৰম্ভণি কৰিব নোৱাৰেনে? এইবাৰৰ অৰ্থনৈতিক আন্দোলন ৰাজপথত নহয়, হ’ব পথাৰে পথাৰে৷ ঘৰে ঘৰে৷

village

‘‘অ মোৰ ধুনীয়া গাঁও

তোৰে কোলাৰে জাতি বাঁহ জুপিয়ে

থকা ঘৰে মোক দিয়ে,

ইকৰা খাগৰি উলু খেৰণিয়ে

হজুৱা বনুৱা জীয়ে

তোৰে মৰমতে ধাননি উপচি

মানিকী মধুৰী হাঁহে

তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে

নকৈ বাঁতিছে তাঁত

গাঁৱৰ ডেকা ল’ৰাই

তিনি সইত খাইছে

নেৰিছো নেৰিছো

দুবেলাৰ দুসাজি ভাত৷’’

– জ্যোতি প্ৰসাদ আগৰৱালা

AASU 1

          সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে কেতিয়ালৈ স্বাৱলম্বিতাৰ বাবে তিনি সইত খাব তালৈ অসমৰ ৰাইজে আগ্ৰহেৰে বাট চাই ৰ’ব৷ ৫০ বছৰ আগতে গজেন ইংতি আৰু পুতুল শইকীয়াই আছুৰ খাদ্য আন্দোলনত অংশগ্ৰহণ কৰি নিজৰ প্ৰাণ আহুতি দিছিল৷ যিটো কাৰণৰ বাবে এই দুজন ছাত্ৰৰ মৃত্যু হ’ল, সেই কাৰণটো আজিও প্ৰাসঙ্গিক৷

সেই কাৰণটোৰ সফল সমাপ্তি নোহোৱাকৈ যাতে কাৰণটোৰ কেতিয়াও মৃত্যু নহয় তাৰ বাবেও কিন্তু সদৌ অসম ছাত্ৰ সন্থা নৈতিকভাবে দায়বদ্ধ৷

Assam1
Image: Powershift

Images from different sources/ Headline pic: Jyotimoy Kalita

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Hemen Das

Hemen Das

Related Posts

How the Education System Trains You for the Rat Race: The Truth No One Talks About
Education

How the Education System Trains You for the Rat Race: The Truth No One Talks About

by Kakali Das
August 18, 2026
0

How the Education System Trains You for the Rat Race: The Truth No One Talks About KAKALI DAS Every morning,...

Read moreDetails
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
What Is a Life Well Spent? Lessons from Ancient Civilizations

What Is a Life Well Spent? Lessons from Ancient Civilizations

August 11, 2026
কচু শাকৰ গুণাগুণ

কচু শাকৰ গুণাগুণ

August 10, 2026
When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

When Propaganda Becomes Patriotism: The Collapse of Critical Thinking

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026
AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

AKHIRAH: How I Turned Plastic Waste into Something People Want to Keep

August 17, 2026
Attending RAI’S Class

Attending RAI’S Class

August 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d