• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Politics

স্ব-নিয়ন্ত্ৰণ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা

প্ৰণামীকা বৰা

by Anjan Sarma
February 27, 2023
in Politics, History, Justice
Reading Time: 6 mins read
0
Issues of Northeast and Role of Media
Share on FacebookShare on TwitterShare on LinkedIn

স্ব-নিয়ন্ত্ৰণ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা

  প্ৰণামীকা বৰা

pranamika bora
 প্ৰণামীকা বৰা

        স্ব-নিয়ন্ত্ৰণ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা সাম্প্রতিক সময়ৰ এক গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয়।

ৰাজনৈতিক,অৰ্থনৈতিক, সামাজিক আৰু সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ সংবিধানৰ দৃষ্টিকোণৰ পৰাও এই বিষয়বস্তুৰ পৰ্যালোচনা, অধ্যয়ন, বিশ্লেষণ আৰু লগতে ইয়াৰ সঠিক সমাধান উত্তৰ সন্ধান কৰাটো সময়ৰ দাবী হিচাপে বিবেচিত হৈছে।

স্বাধীনতাৰ পাছৰেপৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক-অৰ্থনৈতিক নিৰ্মোহ বিশ্লেষণে এই কথা প্ৰতীয়মান কৰে যে উত্তৰ পূৰ্বাঞ্চল জাতীয়তাবাদৰ ধ্যানধাৰণা আৰু চিন্তা-চেতনাৰে জন্মগতভাবেই পৰিপূৰ্ণ। 

             উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয়তাবাদ ভাষাভিত্তিক জাতীয়তাবাদ, অৰ্থনৈতিক জাতীয়তাবাদ, প্ৰবজন বিৰোধী জাতীয়তাবাদ আৰু জনগোষ্ঠীয় জাতীয়তাবাদ ৰূপে পৰিচিত হৈ অহাৰ একে সময়তে ই আমাৰ দেশৰ তথাকথিত ৰাষ্ট্ৰীয়তাবাদী চিন্তা-চেতনাৰ পৰা সম্পূর্ণ পৃথক আৰু এক স্বতন্ত্র সত্ত্বা হিচাপে প্ৰতিষ্ঠিত এক আঞ্চলিক জাতীয়তাবাদ ৰূপেও সদায় চিহ্নিত হৈ আহিছে।

উত্তৰ পূৰ্বাঞ্চলৰ ভাষাভিত্তিক জাতীয়তাবাদ, অৰ্থনৈতিক জাতীয়তাবাদ,জনগোষ্ঠীয় জাতীয়তাবাদ আৰু প্ৰবজন বিৰোধী জাতীয়তাবাদৰ বিভিন্ন ক্ষেত্রত সীমাবদ্ধতা থাকিলেও ই কাহানিও সাম্প্রদায়িক জাতীয়তাবাদলৈ ৰূপান্তৰ হোৱা নাছিল। ইতিহাসৰ পৃষ্ঠা লুটিয়ালে আমি দেখা পাওঁ যে স্বাধীনতা সংগ্রামৰ সময়ত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এক প্ৰবল জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ নিজ মাতৃভূমিক বিদেশীৰ হাতৰ পৰা মুক্ত কৰিবলৈহে ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰিছিল। 

      এই প্ৰবন্ধ যুগুত কৰাৰ সময়ত আমি অন্তৰৰ নিভৃত কোণৰ পৰা বিশ্বাস কৰো যে- বিগত ২০১৪ চনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ স্ব- নিয়ন্ত্রণৰ অধিকাৰৰ প্ৰশ্নই, উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যাই আৰু সামগ্রিকভাবে এনে বিদ্ৰোহাত্মক চিন্তাধাৰা, এনে স্ব-নিয়ন্ত্ৰণৰ অধিকাৰৰ মেৰুদণ্ডস্বৰূপ সামগ্রিক জাতীয়তাবাদে পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় হিন্দুত্ববাদৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে।

আজি ভাৰতবৰ্ষৰ মানচিত্রত গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ অৰ্থাৎ গেটৱে‘ (Gateway) বুলি কোৱা হয় । আজিৰ ভাৰতবৰ্ষৰ মানচিত্রত উত্তৰ পূৰ্বাঞ্চল বুলি ক’লে ছিকিমকো ইয়াত অন্তৰ্ভুক্ত কৰাৰ পাছত সাঁতভনীৰ ঠাইত এতিয়া আঠভনী হ’লগৈ। ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাত উত্তৰ পূৰ্বাঞ্চলৰ মাটি আৰু মানুহৰ উন্নয়নৰ বাবে DoNER নামৰ এটা বিশেষ মন্ত্রণালয়ৰো ব্যৱস্থা কৰা হ’ল ।

কিন্তু ইয়াৰ পাছতো সেইয়া লাগে অসমতেই হওঁক কিম্বা নাগালেণ্ডতেই হওঁক, মিজোৰামতেই হওঁক কিম্বা মণিপুৰতেই হওঁক স্ব- নিয়ন্ত্ৰণৰ প্ৰতি মানুহৰ স্বভাৱজাত আকৰ্ষণ আৰু বিশ্বাসক প্ৰচলিত কেন্দ্রীভূত ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাই কাহানিও সন্তুষ্ট কৰিব পৰা নাই আৰু তাৰেই পৰিণতি স্বৰূপে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এই অংশত স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ পৰা সময়ে সময়ে বিদ্ৰোহী সমস্যাই মূৰ দাঙি উঠিছে।

ক’ৰবাত ক’ৰবাত বিদ্ৰোহী সমস্যা মূৰ দাঙি নুঠিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা প্ৰয়াস কৰা হৈছে কিন্তু সেই প্ৰয়াসৰ পাছতো নিৰৱচ্ছিন্নভাৱে বিগত সময়ত উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যাৰ কোনো বাস্তব আৰু ফলপ্ৰসূ সমাধানসূত্র দিয়াৰ চৰকাৰ ব্যৱস্থা ব্যৰ্থ হৈছে। এইয়াই আজিৰ সময়ৰ বাস্তৱ সত্য। 

ULFA discussion

স্বনিয়ন্ত্ৰণৰ অধিকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যাৰ দৃষ্টিকোণৰ পৰা সাম্প্রতিক সময়ৰ পটভূমিত অসম মাতৃৰ সুযোগ্য সন্তান প্ৰয়াত পৰাগ কুমাৰ দাসে স্বাধীন অসম সন্দৰ্ভত আগবঢ়োৱা চিন্তা-চৰ্চা আমি আলোচনা কৰাটো সাম্প্রতিক সময়ৰ এজন সুবুদ্ধি সম্পন্ন নাগৰিক হিচাপে সময়ৰ আহ্বান হিচাপে বিবেচনা কৰিব লাগিব।পৰাগ কুমাৰ দাস, স্বাধীন বা সাৰ্বভৌম অসমৰ প্ৰবক্তাসকলৰ ভিতৰত সবলতম প্ৰবক্তা আছিল।

অসমৰ জাতীয় জীৱনক যদি আটাইতকৈ বেছি সবলভাবে জাতীয় মুক্তি প্ৰশ্ন উত্থাপন কৰা ব্যক্তিজনৰ নাম আমি লওঁ বিগত চল্লিশ বছৰৰ প্ৰেক্ষাপটৰ আধাৰত তেন্তে তেওঁ হৈছে – পৰাগ কুমাৰ দাস। জ্ঞাননাথ বৰা যদি স্বাধীন অসম বা স্বাধীন কামৰূপৰ প্ৰশ্ন উত্থাপন কৰা প্ৰথমজন ব্যক্তি হয় তেন্তে নিশ্চিতভাৱে পৰাগ কুমাৰ দাস সেই ধাৰাৰ শেহতীয়া আৰু আটাইতকৈ সবলভাৱে স্বাধীন অসম বিচৰা প্ৰতিনিধি।

তেওঁ কেৱল বৌদ্ধিকভাৱে স্বাধীন অসম দাৱী কৰাই নহয় স্বাধীন অসমৰ প্ৰশ্নত আটাইতকৈ সবলতম সশস্ত্র সংগ্রাম গঢ়ি তোলা সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছিল। কিন্তু , সেই সমৰ্থন চৰ্তবিহীন নাছিল। আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি নামৰ মানৱ অধিকাৰ সম্পৰ্কীয় সংগঠনৰ নেতৃত্ব লৈ স্বাধীন অসমৰ পক্ষত খুব ষ্পষ্ট আৰু বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। 

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত স্বনিয়ন্ত্ৰণৰ অধিকাৰ উত্থাপন হোৱাৰ, উত্তৰ পূৰ্বাঞ্চলত বিদ্ৰোহী সমস্যাই গা কৰি উঠাৰ কাৰণ সমূহক, উত্তৰ পূৰ্বাঞ্চলৰ মাটি আৰু মানুহৰ অসন্তুষ্টিৰ কাৰণ সমূহক আমি যদি বিজ্ঞানসন্মতভাৱে পৰ্যালোচনা কৰাৰ চেষ্টা কৰো তেন্তে ইয়াৰ উৎস সমূহক আমি পাঁচতা ভাগত ভাগ কৰিব পাৰো— 

     অৰ্থনৈতিক ক্ষেত্ৰত এই অসন্তুষ্টিৰ উৎসক আমি অনুন্নয়ন বুলি ক’ব পাৰো, ৰাজনৈতিক ক্ষেত্রত এই অসন্তুষ্টিক আমি পৰিচয় সংকত বুলি ক’ব পাৰো। অৰ্থনৈতিক আৰু ৰাজনৈতিক দিশক সামৰিলৈ আমি ইয়াক ভূমি সংকোচন বুলি ক’ব পাৰো, সামাজিক প্ৰেক্ষাপটৰ পৰা বিশ্লেষণ কৰিলে আমি ইয়াক সমমৰ্যাদাৰ পৰা বঞ্চিত হোৱাৰ কথা ক’ব পাৰো। ৰাজনৈতিক আৰু প্ৰশাসনিক দৃষ্টিকোণৰ পৰা কথাবোৰ পৰ্যালোচনা কৰিলে আমি সু-শাসনৰ অভাৱৰ কথাটো উনুকিয়াব পাৰো। 

ভাৰতবৰ্ষৰ সংবিধানলৈ দৃষ্টি নিক্ষেপ কৰিলে আমি দেখা পাওঁ যে ভাৰতৰ সংবিধানৰ ভিতৰত ৰাজ্য এখনে সৰ্বোচ্চ ক্ষমতা পাব পৰা ব্যৱস্থা আছিল ৩৭০ নং অনুচ্ছেদ আৰু যি অনুচ্ছেদ ইতিমধ্যে বাতিল হৈছে আৰু ৩৭১ নং (ক) অনুচ্ছেদত। ৩৭০ নং অনুচ্ছেদ ইতিমধ্যে বাতিল কৰা হৈছে কিন্তু ৩৭১ নং (ক) হ’ল – নাগালেণ্ডৰ বাবে বিশেষ ব্যৱস্থা।

ভাৰতৰ সংবিধানৰ ভিতৰত এখন প্ৰদেশে পাব পৰা সৰ্বোচ্চ ক্ষমতাৰ বিশেষ ব্যৱস্থা হ’ল পূৰ্বে জম্মু – কাশ্মীৰক দিয়া ব্যৱস্থাসমূহ আৰু এতিয়াও নাগালেণ্ডত প্ৰযোজ্য হোৱা বিশেষ মৰ্যাদা। অসমসহ এঘাৰখন ৰাজ্যই পোৱা “বিশেষ শ্ৰেণীৰ মৰ্যাদা (Special Category State) আছিল সংবিধান বহি:ভূত এক প্ৰশাসনিক ব্যৱস্থা, সেই ব্যৱস্থাও চতুৰ্দশ বিত্তীয় আয়োগৰ পৰামৰ্শৰ ভিত্তিত ২০১৫-১৬ বৰ্ষৰ কেন্দ্রীয় বাজেতৰ সময়ৰ পৰা কৰ্তন কৰা হয়।

article 370

ইতিমধ্যে বাতিল হোৱা ৩৭০ অনুচ্ছেদ আছিল Temporary provision with the respect of Jammu and Kashmir আৰু এতিয়াও বাহাল হৈ থকা ৩৭১ নং অনুচ্ছেদ হ’ল Special provision with respect to the state of Nagaland. ৩৭১(ক) অনুচ্ছেদ অনুযায়ী ভাৰতৰ সংসদে নাগাসকলৰ ধৰ্মীয় আৰু সামাজিক প্ৰথাসমূহৰ সন্দৰ্ভত, তেওঁলোকৰ পৰম্পৰাগত ৰীতি-বিধি আৰু প্ৰক্ৰিয়া সন্দৰ্ভত , তেওঁলোকৰ ৰীতিগত বিধি অনুসাৰে সিদ্ধান্ত লোৱা চিভিল আৰু দাণ্ডিক ন্যায় প্ৰশাসন সন্দৰ্ভত; মাটি আৰু ইয়াৰ সম্পদৰাজিৰ মালিকীস্বত্ব আৰু মালিকীস্বত্বৰ সালসলনি সন্দৰ্ভত ভাৰতীয় সংসদৰ কোনো অধিনিয়ম নাগালেণ্ড ৰাজ্য খনত প্ৰয়োগ কৰিব নোৱাৰিব যদিহে নাগালেণ্ডৰ ৰাজ্য বিধানসভাই কোনো সংকল্পৰ দ্বাৰা তেনে অধিনিয়ম ৰাজ্যখনত প্ৰয়োগ হ’ব বুলি মানি নলয়। 

কিন্তু বৰ্তমান ভাৰতবৰ্ষৰ সামগ্রিক বিচাৰধাৰা আৰু চিন্তা- চেতনাই “এক দেশ – এক নীতি -এক ভাষা -এক সংবিধান” জাতীয় কথাই ভাৰতৰ সংবিধানৰ যি প্ৰকৃত সৌন্দর্য যাক আমি বৈচিত্র্যৰ মাজত ঐক্য বুলি ক’ব পাৰো, সংহতি বুলি ক’ব পাৰো তাকেই যেন অস্বীকাৰ কৰাৰ প্ৰয়াস কৰিছে।

স্ব-নিয়ন্ত্ৰণৰ ধাৰণাই উত্তৰ পূৰ্বাঞ্চলত সময়ে সময়ে বিদ্ৰোহী সংগঠনৰ জন্ম দি আহিছে। আমি যদি উত্তৰ পূৰ্বাঞ্চললৈ লক্ষ্য কৰো তেন্তে দেখা পাওঁ যে , স্ব-নিয়ন্ত্ৰণৰ ধাৰণাই জন্ম দিয়া নাগালেণ্ডত চলি থকা বিদ্ৰোহাৱস্থাটো বিশ্বৰ আটাইতকৈ দীৰ্ঘকালজুৰি চলি থকা বিদ্ৰোহাৱস্থাৰ অন্যতম। ইয়াক বৰ্তমান দ্বিমূখী বিভেদকামী ভাগত দ্বিখণ্ডিত কৰা হৈছে। ভাৰতৰ সৈতে ৰাজ্যখনৰ ভৌগোলিক , সাংস্কৃতিক আৰু আৱেগিক ব্যৱধান তথা নগা জীৱনশৈলীৰ প্ৰতি 

নেহেৰুৰ উপেক্ষাৰ কাৰণ দৰ্শাই ভাৰতীয় যুক্তৰাজ্যৰ পৰা নাগালেণ্ডক পৃথক কৰাৰ বাবে এক দীৰ্ঘদিনীয়া দাবী উত্থাপন হৈ আহিছিল । এই সম্পৰ্কীয় আৱেদন পত্র আৰু ৰাজহুৱা মতামতসমূহ খাৰিজ হোৱাৰ পাছত নাগা নেশ্যনেল কাউন্সিল (এন এন চি) এ ১৯৫৪ চনত ৰাজ্যখনত এখন সমান্তৰাল চৰকাৰ গঠন কৰিছিল আৰু ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে সামৰিক আক্রমণ চলাবলৈ লৈছিল। এই বিদ্ৰোহী অভ্যুত্থানৰ আঁৰৰ আদৰ্শ ব্যক্তি আছিল জাপু ফিজু নামৰ এজন আংগামি সম্প্ৰদায়ৰ নগা ব্যক্তি। স্বাধীনোত্তৰ কালত জন্ম হোৱা ‘এন চি চি’ৰ মূল দাবী আছিল নগা লোকসকলৰ বাবে সাৰ্বভৌমত্ব। 

A Z Phizo
জাপু ফিজু

সংগঠনটোৱে প্ৰধানকৈ গেৰিলা যুদ্ধনীতি গ্ৰহণ কৰিছিল। সত্তৰ দশকত এন এন চিৰ বিৰুদ্ধে যেতিয়া উগ্ৰপন্থা প্ৰতিহতকাৰী ব্যৱস্থাবোৰ কটকটীয়া কৰি তোলা হয় , তেতিয়া সংগঠনটোত এক আভ্যন্তৰীণ কন্দলৰ সৃষ্টি হয়। বাৰ্মাত আশ্ৰয় লোৱা এন এন চিৰ পক্ষই মূলসুঁতিৰ দলটোক ৰাষ্ট্ৰই পোহপাল দি ৰখা বিশ্বাসঘাতকৰ দল হিচাপে ধৰি লৈছিল।

১৯৮০ চনত , আইজাক ক্যুৰ আৰু থুৱেংগালিং মুইভা ( Thurngaling Muivah)ৰ নেতৃত্বত নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড , চমুকৈ ‘এন এচ চি এন’ গঠন কৰা হৈছিল। পৰৱৰ্তী সময়ত এই দলটো জাতি ভিত্তিক বৈশিষ্ট্যধাৰী দুটা বিপৰীতমূখী গোটত ভাগ হৈ যায়। 

এই গোট দুটাৰ পৰাই আইজাক আৰু মুইভৰ নেতৃত্বত এন এচ চি এন (আই এন) আৰু এছ এছ খাপলাঙৰ নেতৃত্বত এন এচ চি এন (কে) দলৰ জন্ম হয়। এই বিভেদকামী দল দুটাই স্বাধীনতা হেৰুৱাৰ সলনি ‘নাগালিম’ নাম দি এখন বৃহত্তৰ নাগালেণ্ড গঠনৰ দাবী উত্থাপনৰ স্বাৰ্থত আপোচ কৰাৰ বাবে সন্মত হৈছিল। উভয় দলে বৰ্তমান ভাৰত চৰকাৰৰ সৈতে এক যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰিছে। 

•মিজোৰামৰ বিদ্ৰোহী সমস্যা: 

মিজোৰামৰ প্ৰেক্ষাপট অধ্যয়ন কৰিলে দেখা পাওঁ যে, ১৯৬১ চনত সংগঠিত মিজো নেশ্যনেল ফ্ৰ’ণ্ট (চমুকৈ এম এন এফ) আছিল মিজোৰামৰ মুখ্য বিদ্রোহী দল। এম এন এফৰ দাবীসমূহ অসমৰ এন ডি এফ বিৰ দাবীসমূহৰ সৈতে প্রায় একেই আছিল। যি নহওক, এম এন এফ-ৰ সৈতে শান্তি আলোচনাসমূহ সোনকালেই আৰম্ভ হৈছিল আৰু সংগঠনটোৱে কোনো গুৰুতৰ ক্ষতিসাধন কৰাৰ আগতেই মিজো বিপ্লৱ দমন কৰা হৈছিল। ১৯৮৬ চনত এম এন এফ আৰু চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু এম এন এফে ৰাজহুৱা ভাৱে মিজোৰামৰ সাৰ্বভৌমত্বৰ দাবী প্রত্যাহাৰ কৰিছিল। বহুতো আত্মসমর্পন কৰা উগ্রপন্থীক চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মত নিয়োগ কৰা লগতে ভাল পদবী দিছিল।

• মণিপুৰৰ বিদ্ৰোহী সমস্যা: 

     মণিপুৰ বহুতো বিদ্রোহী দলৰ আশ্রয়স্থলী। তাৰ ভিতৰত উল্লেখযোগ্য কেইটামান হ’লঃইউনাইটেড নেশ্যনেল লিবাৰেশ্যন ফ্ৰ’ণ্ট (চমুকৈ ইউ এন এল এফ), ৰিভল্যুশ্যনেৰী পিপ’লচ্ পাটী (চমুকৈ পি এল এ ), আৰু পিপ’লচ্ ৰিভল্যুশ্যনেৰী পাটী অৱ কাংলেইপাক (চমুকৈ প্রিপাক্)। এই বিদ্রোহী দলকেইটাই চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মিজোৰামৰ বিদ্রোহী দলসমূহৰ সৈতে একগোট হৈ কাম কৰিছিল আৰু ভাৰতৰ বিৰুদ্ধে আক্রমণাত্মক ঘটনা সংঘটিত কৰিছিল।

North East

মণিপুৰৰ এটা বৈশিষ্ট্য হ’ল ইয়াৰ পাহাৰ-ভৈয়াম অঞ্চলৰ বিস্তৃতি আৰু এই সুবিধাটোৰ বাবেই ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলৰ পৰা কুকি নেশ্যনেল আর্মি (চমুকৈ কে এন এ)ৰ দৰে নৃগোষ্ঠীয় নাগৰিক সৈন্যবাহিনীৰ উদ্ভৱ হৈছিল। পাহাৰীয়া এলেকাসমূহত এন এছ চি এন (আই এম)ৰ আগ্রাসনৰ বিৰুদ্ধে থিয় দি কে এন এ ই সংগঠনটোৰ সৈতে বিভিন্ন সময়ত সংঘৰ্ষত লিপ্ত হৈ আহিছে।

•ত্ৰিপুৰাৰ বিদ্ৰোহী সমস্যা:

    ত্ৰিপুৰাৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে দেখা যায় যে ৰাজ্যখনৰ স্থানীয় সম্প্ৰদায়সমূহ বসতি স্থাপনৰ উদ্দেশ্যেৰে অহা বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰীৰ কৃপাত বৰ্তি আছে। বহিৰাগতই ১৯৮১ চনলৈ মূল ত্ৰিপুৰী নাগৰিকৰ সংখ্যা মুঠ জনসংখ্যাৰ মাত্র ২৮.৫ শতাংশলৈ হ্ৰাস কৰিছে।

নিজ গৃহভূমিতে সংখ্যালঘূত পৰিণত হোৱাৰ পাচত ত্ৰিপুৰী স্বেচ্ছাসেৱক বাহিনী (চমুকৈ টি ভি এফ) নামৰ সংগঠনটোৱে পাচত ত্ৰিপুৰা নেশ্যনেল ভলুণ্টিয়াৰ্চ ফ’ৰ্চ (চমুকৈ এন এল এফ টি) নামৰ উগ্ৰপন্থী সংগঠনৰ ৰূপ ধাৰণ কৰি হাজাৰ হাজাৰ বাংলা লোকৰ গণ হত্যাত লিপ্ত হৈছিল।

বিজয় হ্রাংখাউলৰ নেতৃত্বাধীন এই দলটোৱে পাচত চৰকাৰৰ সৈতে এখন যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে। আত্মসমর্পণ কৰিবলৈ মান্তি নোহোৱা সদস্যসকলে নেশ্যনেল লিবাৰেশ্যন ফ্র’ণ্ট অৱ ত্ৰিপুৰা (চমুকৈ এন এল এফ টি) আৰু অ’ল ত্ৰিপুৰা টাইগাৰ ফ’ৰ্ট (চমুকৈ এ টি টি এফ) নামৰ উগ্ৰপন্থী সংগঠন দুটা গঠন কৰে।

অৱশ্যে এ টি টি এফ-এ অঞ্চলটোলৈ স্থায়ী সুস্থিৰতা ঘূৰাই আনিবলৈ তেওঁলোকৰ বিদ্রোহী কার্যকলাপ কিছু পৰিমাণে দমাই ৰাখিছিল। যাৰ কাৰণে দলটোৱে পৰৱৰ্তী সময়ত বাওঁপন্থী চৰকাৰখনৰ সৈতে সামঞ্জস্য বৰ্তাই ৰাখি নিজৰ কাৰ্যকলাপ আগবঢ়াই নিছিল।

    •মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিদ্ৰোহী সমস্যা: 

 মেঘালয় আৰু অৰুণাচল প্ৰদেশত তুলনামূলকভাবে বিদ্রোহাত্মক দল-সংগঠনৰ প্ৰকোপ কম আছিল। ৰাজ্য দুখনৰ উল্লেখযোগ্য বিদ্রোহী গোটকেইটা হ’ল : মেঘালয়ৰ হাইনিউট্ৰেপ নেশ্যনেল লিবাৰেশ্যন কাউন্সিল (চমুকৈ এইচ্ এন এল চি), অৰুণাচল প্ৰদেশৰ অৰুণাচল ড্ৰেগ’ন ফৰ্চ (চমুকৈ এ ডি এফ) আৰু অৰুণাচল পিপ’লচ্ লিবাৰেশ্যন আর্মি (চমুকৈ এ পি এল এ)। 

•অসমৰ বিদ্ৰোহী সমস্যা:

অসমৰ প্ৰেক্ষাপটত স্ব- নিয়ন্ত্রণৰ দাবীত গঠন হোৱা আটাইতকৈ দূৰ্ধৰ্ষ বিদ্ৰোহী শক্তিটো হ’ল সংযুক্ত মুক্তি বাহিনী অসম ( চমুকৈ আলফা) । বৰ্তমান সময়তো স্ব-নিয়ন্ত্ৰণৰ দাবীৰে অসমৰ নতুন প্ৰজন্মৰ মাজৰ পৰা আলফাত যোগ দিবলৈ যোৱাৰ সংবাদে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। 

ULFA Govt Discussion
ULFA leaders discussion with Govt of India (file pic)

      অসমৰ অন্য এক প্ৰধান বিদ্ৰোহী দল হ’ল নেশ্যনেল ডেম’ক্রেটিক ফ্ৰন্ট অৱ বড়োলেণ্ড, চমুকৈ ‘এন ডি এফ বি’। ১৯৮৬ চনৰ ৩ অক্টোবৰত বড়ো চিকিউৰিটি ৰ্ফ’ৰ্ছ, চমুকৈ ‘বি এছ এফ’ নামৰ সংগঠনটোৰ পৰা পৃথক হৈ এন ডি এফ বি গঠিত হৈছিল। দলটোৰ দাবীসমূহ আছিল– 

    বড়োলেণ্ডৰ ৰূপত এখন সাৰ্বভৌম গৃহভূমি গঢ়ি তোলা, এখন গণতান্ত্রিক সমাজ গঠন কৰা আৰু বড়ো ভাষাৰ বাবে দেৱনাগৰী লিপিৰ পৰিৱৰ্তে ৰোমান লিপি ব্যৱহাৰ আৰম্ভ কৰা। 

   বড়ো লিবাৰেশ্ব্যন টাইগাৰ্ছ, চমুকৈ ‘বি এল টি’ নামৰ অধীনত পৰিচালিত অন্য এটা বড়ো বিদ্ৰোহী দল আছিল যদিও ইয়াৰ প্ৰভাৱ বৰ বেছি দিন পৰা নাছিল। 

        উত্তৰ পূৰ্বাঞ্চলত স্ব-নিয়ন্ত্ৰণৰ দাবীৰে বিদ্ৰোহৰ সৃষ্টি হোৱাৰ মূল কাৰণ বিশ্লেষণ কৰি চালে আমি দেখা পাওঁ যে যি সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদৰাজীক ভাৰত ৰাষ্ট্ৰৰ সম্পদ হিচাপে গণ্য কৰা হয় ঠিক সেই সময়তেই উত্তৰ পূৰ্বাঞ্চলৰ বানপানী,নিবনুৱা সমস্যা, জনগোষ্ঠীয় আত্মনিয়ন্ত্রণৰ চেতনাৰ দৰে সমস্যাসমূহক ৰাজ্যকেইখনৰ সমস্যা হিচাপেহে ৰাষ্ট্ৰই গণ্য কৰি অহা দেখা পোৱা যায়।

বিভিন্ন সময়ত নিবনুৱা সমস্যাক বিদ্ৰোহৰ মূল কাৰণ বুলি কোৱা হয় যদিও বাস্তৱ তথ্যলৈ লক্ষ্য কৰিলে আমি দেখা পাওঁ যে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহৰ সমস্যাৰ মূল কাৰণ জাতীয় চেতনাই ৰাষ্ট্ৰৰ শোষণৰ কবলত পৰি স্ব-নিয়ন্ত্ৰণৰ দাবী কৰিবলৈ বাধ্য কৰা। 

Parag Kumar Das
পৰাগ কুমাৰ দাস

আমি আলোচনা কৰা বিষয়বস্তুৰ দৃষ্টিকোণৰ পৰা প্ৰয়াত পৰাগ কুমাৰ দাসে ৰচনা কৰা এখন বিশেষ গ্ৰন্থৰ খুব সূক্ষ্ম আলোচনা প্ৰয়োজন বুলি আমি অনুভৱ কৰো আৰু সেই গ্ৰন্থখনৰ নাম হৈছে “স্বাধীনতাৰ প্ৰস্তাৱ”।

এই কিতাপখনৰ শেষৰ অধ্যায় ” ভাৰত ৰাষ্ট্ৰৰ প্ৰতি শেষ প্ৰস্তাৱ”ত উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ স্বাধীনতা সম্পৰ্কে তেখেতে উক্ত গ্ৰন্থখনৰ ৭৮ আৰু ৭৮ নং পৃষ্ঠাত এইবুলি উল্লেখ কৰিছে,”বিভিন্ন আন্তর্জাতিক মঞ্চত ভাৰত ৰাষ্ট্ৰই নিজকে যিহেতু তেওঁলোকৰ অধীনস্থ ক্ষুদ্র জাতিসত্তা সমূহৰ মৌলিক আশা-আকাংক্ষাৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধাশীল বুলি দাবি কৰি আহিছে গতিকে বিচ্ছিন্ন হোৱাৰ অধিকাৰক সাংবিধানিক মৰ্যাদা দিয়াৰ ক্ষেত্ৰতো ৰাষ্ট্ৰৰ কোনো দ্বিধা থকা উচিত নহয়।

বিচ্ছিন্ন হোৱাৰ অধিকাৰ থাকিল বুলিলেই যে ভাৰত ৰাষ্ট্ৰ নিমিষৰ ভিতৰতে টুকুৰা-টুকুৰ হৈ যাব তেনে আশংকাৰ কোনো ভেটি থাকিব নোৱাৰে কাৰণ কোনো এটা জাতি সত্তাই এই সাংবিধানিক অধিকাৰৰ আলম ল’বনে নলয় সেইয়া ভাৰত ৰাষ্ট্ৰৰ চৰিত্ৰৰ ওপৰতহে নিৰ্ভৰ কৰিব।” গতিকে ক্ষুদ্র জাতিসত্তাৰ স্বাধীনতাৰ সপক্ষে আৰু বিপক্ষে জনমত গঠনৰ অধিকাৰক আইনসংগত বুলি কোৱা হওঁক।

অসমবাসী ৰাইজৰ সুকীয়া সত্বা সাব্যস্ত কৰিবৰ বাবে যিমানবোৰ যুক্তি আৰু তথ্য আমি দাঙি ধৰিলো তাৰ আধাৰত শান্তিপূৰ্ণ আৰু গণতান্ত্রিক উপায়েৰে জনমত যাতে গঠন কৰিব পৰা যায় সেই অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিয়ক।

আৰু এটা নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ গণতান্ত্রিক পৰম্পৰাৰে গণভোটৰ দ্বাৰা নিৰূপিত হওঁক। মানুহ হিচাপে মৰ্যাদা সহকাৰে জীয়াই থকাৰ প্ৰশ্নত অসমবাসী ৰাইজে ‘ভাৰত ৰাষ্ট্ৰ’ বোলা ধাৰণাটোৰ অধীনত নিজকে নিৰাপদ অনুভৱ কৰেনে নকৰে। ভাৰত ৰাষ্ট্ৰৰ প্ৰতি এয়াই হ’ব পাৰে আমাৰ শেষ প্ৰস্তাৱ। 

আত্মনিয়ন্ত্রণৰ অধিকাৰৰ প্ৰশ্ন খুব বিজ্ঞানসম্মতভাবে আলোচনা কৰি তেখেতে “স্বাধীনতাৰ প্ৰস্তাৱ”শীৰ্ষক গ্ৰন্থখনৰ পৃষ্ঠা নং ১৭ আৰু ১৮ ত তেখেতে বৰ মুকলিকৈ কৈছিল যে ৰাষ্ট্ৰসংঘৰ মূল চনদৰ একাদশ অধ্যায়ত পৰাধীন অঞ্চল আৰু জাতিসত্তাৰ আত্মনিয়ন্ত্রণৰ অধিকাৰক মৌলিক বুলি স্বীকৃতি দিয়া হৈছে।

এই অধ্যায়ৰ বিভিন্ন অনুচ্ছেদ অনুসাৰে পৰাধীন কোনো জাতিসত্তাই ন্যায্যভাৱেই আত্মনিয়ন্ত্রণৰ অধিকাৰ দাবী কৰিব পাৰে আৰু এই দাবী পূৰণৰ ক্ষেত্রত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপো প্ৰাৰ্থনা কৰাৰ অধিকাৰ তেওঁলোকৰ আছে। ভৌগোলিক দিশত অসম যে ভাৰতৰ পৰা সদায় পৃথক এই কথা ঐতিহাসিকভাবেই স্বীকৃতিপ্রাপ্ত। ১৮২৬ চনলৈকে অসমৰ সৈতে ভাৰতবৰ্ষৰ কোনো সম্বন্ধ নাছিল।

Yandabo treaty

ইয়াণ্ডাবু চুক্তিৰ জড়িয়তে ১৮২৬ চনত অসমক বলপূর্বকভাবে ইংৰাজশাসিত ভাৰতবৰ্ষৰ লগত অন্তৰ্ভুক্ত কৰা হ’ল যদিও ভাৰতীয় জাতীয়তাবাদী ধাৰাই কিন্তু ১৯২০ চনলৈকে অসমৰ অস্তিত্বক স্বীকৃতি দিয়া নাছিল । ১৯৪৮ চনৰ ক্ষমতা হস্তান্তৰ আইন অনুসৰী অসমক ভাৰত ৰাষ্ট্ৰৰ অংগ বুলি স্বীকৃতি দিয়া হ’ল যদিও ভৌগোলিক দিশৰ পৰা কিন্তু দুয়োটা অঞ্চল এতিয়াও সম্পূৰ্ণ পৃথক।

মাত্র ৬০ কিমি. বহল কৰিড’ৰ এটাহে ভৌগোলিকভাবে বিচ্ছিন্ন অসমক ভাৰত ৰাষ্ট্ৰৰ সৈতে কৃত্রিমভাবে সাঙুৰি ৰাখিছে।

    প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসে খুব স্পষ্ট ভাবে এই কথাটো কৈছিল যে ভাৰত ৰাষ্ট্ৰই অসমৰ ওপৰত অবৈধ ভাবে দখল দায়িত্ব অব্যাহত ৰাখিছে, এইক্ষেত্ৰত তেওঁ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি আৰু ১৯৪৭ থনৰ ক্ষমতা হস্তান্তৰ চুক্তিক ওনুকিয়াই দিব বিচাৰিছে, তেখেতৰ মতে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধিৰ স্বাক্ষৰ কাৰী সকল আছিল ইংৰাজ আৰু মানসকল, তাত অসমবাসীৰ কোনো মত লোৱা হোৱা নাছিল, গতিকে অসমবাসীৰ মতামত নোহোৱা চুক্তিৰ আধাৰত ব্ৰিটিছ শাসন ব্যৱস্থা কেতিয়াও বৈধ হ’ব নোৱাৰে।

আনহাতে ১৯৪৭ চনৰ স্বাধীনতা প্ৰকৃত স্বাধীনতা নাছিল বুলি প্ৰকাৰন্তে তেখেতে উল্লেখ কৰিছিল আৰু তেখেতৰ এই বিশেষ গ্ৰন্থ খনৰ ২২ নং পৃষ্ঠাত আমি দেখা পাওঁ যে ‘নিজ মাতৃভূমিৰ ওপৰতে সাৰ্বভৌম কতৃত্ব অসমৰ মানুহৰ নাই , গতিকে ১৯৪৭ চনত হোৱা তথাকথিত স্বাধীনতাক ভুল বুলি নাকচ কৰাতো অপৰাধ নিশ্চয় হ’ব নোৱাৰে’।

   গুৰুত্বপূৰ্ণ বিষয় এই যে ভাৰতবৰ্ষৰ সংবিধানৰ ভিতৰত ভাৰতবৰ্ষৰ ৰাজ্য এখনে আত্মনিয়ন্ত্রণৰ অধিকাৰ লাভ কৰাটো প্ৰায় অসম্ভব। গাঁঠনিগতভাৱেই ভাৰতৰ সংবিধান এখন এককেন্দ্রিক সংবিধান য’ত কেন্দ্ৰক অপৰিসীম ক্ষমতা প্ৰদান কৰা হৈছে।

এই সংবিধানে বিচ্ছিন্নতাৰ অধিকাৰো কোনোপধ্যেই মানি লোৱা নাই। প্ৰকৃত এক আত্মনিয়ন্ত্রণ, এখন সমাজতান্ত্রিক ৰাষ্ট্ৰৰ বাহিৰে পুঁজিবাদী বা অৰ্ধ ঔপনিবেশিক, অৰ্ধ সামন্ততান্ত্রিক ৰাষ্ট্ৰ লাভ কৰিব খোজাতো এক কল্পনা বিলাসহে মাত্র। গতিকে অসমীয়া জাতিৰ জাতীয় আত্মনিয়ন্ত্রণ আৰু ৰাজ্যখনৰ অন্যান্য জাতি-জনগোষ্ঠীৰ আত্মনিয়ন্ত্রণৰ বাবে ইয়াৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি আৰু জনগোষ্ঠীয়ে ভাৰতৰ ৰাষ্ট্ৰগাঁথনি পৰিৱৰ্তনৰ লগত কেনেকৈ জড়িত হ’ব লাগিব যেনেকৈ এখন সমাজতান্ত্রিক দেশ প্ৰতিষ্ঠাৰ সামগ্রিক সংগ্ৰামৰ অংশীদাৰ হ’ব লাগে।

      উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা নিয়ন্ত্রণৰ বাবে ৰাষ্ট্ৰ ব্যৱস্থাই পোনপ্ৰথমে উত্তৰ পূৰ্বাঞ্চলৰ মাটি আৰু মানুহৰ সমস্যাসমূহক ৰাষ্ট্ৰৰ সমস্যা হিচাপে গণ্য কৰিব লাগিব। 

জ্ঞাননাথ বৰা

     স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যাৰ ফলপ্রসূ সমাধানকল্পে আমি বিদ্যায়তনিক দৃষ্টিকোণৰ পৰা “অসমীয়া জাতীয়তাবাদ – ইয়াৰ উত্থান আৰু পতন”, জ্ঞাননাথ বৰাই স্বাধীন অসম বা স্বাধীন কামৰূপ বিচৰাৰ প্ৰেক্ষাপট, জাতীয় আত্মনিয়ন্ত্রণৰ চিন্তা আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ দৃষ্টিকোণ, অসমীয়া সংৰক্ষিণী সভাই নেহেৰুক কোৱা বিচ্ছিন্নতাবাদৰ কথা, অসমৰ জনজাতিসকলৰ স্বাধীন অসমৰ প্ৰস্তাৱ, অসম বিধানসভাত সুকীয়া সংবিধানৰ প্ৰস্তাৱ উত্থাপনৰ প্ৰসংগ, সংবিধান সভাত ৰাজ্য সমূহৰ স্বতন্ত্রতাৰ প্ৰসংগ, অসমৰ আত্মনিয়ন্ত্রণৰ দাবী প্ৰণালীবদ্ধভাৱে তুলি ধৰাৰ বিভিন্ন সংগঠনৰ প্ৰভাৱ, জাতীয় দল সংগঠনৰ অসমীয়া জাতিৰ আত্মনিয়ন্ত্রণ সম্পৰ্কীয় ধাৰণা, সংযুক্ত মুক্তি বাহিনী আৰু স্বাধীন অসম, উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিসকলৰ স্বাধিকাৰ সংগ্ৰাম আৰু সেই সংগ্ৰামৰ লগত আমাৰ জাতীয়তাবাদী চিন্তা চেতনাৰ সংঘাত , ভৈয়াম জনজাতিসকলৰ উদয়াচল ৰাজ্যৰ সপোন, পৃথক ৰাজ্যৰ পৰা সাৰ্বভৌম ভূখণ্ডৰ দাবীলৈ হোৱা নিৰৱচ্ছিন্ন আন্দোলনসমূহ, NDFB আৰু সাৰ্বভৌম বড়োলেণ্ডৰ দাবী, আত্মনিয়ন্ত্রণৰ আন্দোলনআৰু অসমৰ বিশেষ শ্ৰেণীৰ ৰাজ্য মৰ্যাদাৰ প্ৰসংগ, অসমীয়া জাতীৰ আম্ত- নিয়ন্ত্রণৰ অধিকাৰ আৰু বাওঁপন্থী শিবিৰৰ চিন্তা-চেতনা , অসমীয়া জাতি আৰু জনগোষ্ঠী সমূহৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ আৰু সমাধানৰ সন্দৰ্ভত বিশ্লেষণাত্মক দৃষ্টিভঙ্গি সমূহ আমি নিৰ্মূহভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে। 

হত্যা,হিংসা আৰু বাৰুদৰ শব্দই উত্তৰ -পূৰ্বাঞ্চলক বিগত পাঁচটা দশকক স্তব্ধ কৰাৰ প্ৰয়াস কৰিছে। তথাপিওঁ, উত্তৰ-পূৰ্বাঞ্চলৰ মাটি আৰু মানুহৰ গণতন্ত্র প্ৰয়াসী চিন্তা-চেতনা আৰু গভীৰ আশাবাদ কাহানিও স্তব্ধ হোৱা নাই, এইয়া আমাৰ ভাৰতীয় গণতন্ত্রৰ সৌন্দর্য্য। অসমতেই হওঁক কিম্বা নাগালেণ্ডতেই হওঁক, মিজোৰামতেই হওঁক কিম্বা ত্ৰিপুৰাতেই হওঁক অথবা মণিপুৰতেই হওঁক, মানুহৰ মৃত্যুৰ বাতৰিয়ে আমালৈ কোনো আশাৰ বতৰা কঢ়িয়াই আনিব নোৱাৰে।

এনে প্ৰেক্ষাপটত ভাৰতৰ সংবিধানৰ প্ৰতি গভীৰ আস্থা আৰু বিস্বাস পোষণ কৰি শাষক আৰু শোষিত উভয় পক্ষই জনজীৱনৰ সপক্ষে চিন্তা কৰি অৱস্থান গ্ৰহণ কৰাটো সময়ৰ আহ্বান।

গভীৰ পৰ্যবেক্ষণত এই কথা প্ৰতীয়মান হয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদৰ মৌলিক সমস্যা সমূহ ভাৰতবৰ্ষৰ অতিকেন্দ্ৰীক যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ আমলাতান্ত্রিক মেৰপেচৰ মাজৰ পৰা মুক্ত কৰিব পাৰিলেহে ভাৰতবৰ্ষৰ অষ্টলক্ষ্মী বুলি পৰিচিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে সমাধানৰ এক পথৰ সন্ধান কৰিব পাৰিব আৰু সেই পথৰ সন্ধান কৰি সাম্প্রতিক আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলক অপৰ্যাপ্ত অৰ্থনৈতিক সম্পদৰ ভঁৰাল হিচাপে পৰিগণিত কৰাটোৱেই হ’ব কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট সকলো পক্ষৰ বাবে সময়ৰ আহ্বান ।

পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ, অসমৰ উদ্যোগত জাতীয় ছহিদ পৰাগ কুমাৰ দাসৰ মৃত্যু তিথিৰ উপলক্ষ্যে অনুষ্ঠিত কৰা  অসম ভিত্তিক অনলাইন প্ৰবন্ধ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰা প্ৰবন্ধ। বিষয়:  “স্ব-নিয়ন্ত্ৰণৰ অধিকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা’ 

  [প্ৰণামীকা বৰা, যোৰহাট, দূৰভাষ : 7896620717]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!
ASSAMESE SECTION

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

by JYOTIRMOY PRADHANI
September 9, 2026
0

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল ড০ জ্যোতিৰ্ময় প্ৰধানী ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত উত্তৰ পূৰ্বাঞ্চলত যিকেইখন দেশীয় ৰাজ্য আছিল তাৰ ভিতৰত...

Read moreDetails
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
silhouette of four person with flag of united states background

CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

September 3, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 22, 2026
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d