• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, August 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ ‘ছন্দপতন ৰিষ্ট’?

ASSAMESE Section/ Smartphone / Social Media

by Anjan Sarma
July 6, 2025
in Special Report, ASSAMESE SECTION, Journalism, Media, World
Reading Time: 8 mins read
0
স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ ‘ছন্দপতন ৰিষ্ট’?
Share on FacebookShare on TwitterShare on LinkedIn

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ ‘ছন্দপতন ৰিষ্ট’?

অঞ্জন শৰ্মা 

Anjan Sarma
অঞ্জন শৰ্মা 

(১)

অতি অদ্ভুত, উদ্ভত আৰু আশ্বৰ্যকৰ কৰ্মকাণ্ডৰ বাবে সুপৰিচিত ইলন মাস্কে আশা কৰিছে যে ২০২৯ চনৰ ভিতৰত মানুহে মঙল গ্ৰহত পদাৰ্পন কৰিবলৈ সক্ষম হ’ব আৰু অতি শীঘ্ৰেই মঙল গ্ৰহত মানুহৰ বসতি স্থাপন হ’ব।

তেওঁৰ মতে মানুহৰ অধিকাংশ প্ৰজাতি এটা গ্ৰহৰ ভিতৰতে আৱদ্ধ হৈ থাকিলে মানৱৰ সম্ভাৱনা নষ্ট হ’ব পাৰে আৰু দীৰ্ঘদিনৰ বাবে সভ্যতাৰ ৰথ চলাই থাকিবলৈ হ’লে মানুহে এদিন একাধিক গ্ৰহৰ বাসিন্দা হ’ব লাগিব। গতিকে অনতিপলমে মঙল গ্ৰহত চহৰ সৃষ্টি কৰি তাতেই বসবাস কৰিব লাগিব।

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ 'ছন্দপতন ৰিষ্ট'!
ইলন মাস্কে আশা কৰিছে যে ২০১৯ চনৰ ভিতৰত মানুহে মঙল গ্ৰহত পদাৰ্পন কৰিবলৈ সক্ষম হ’ব

‘স্পেছ-এক্স‘ (Space X)ৰ প্ৰতিষ্ঠাতা ইলন মাস্কে ‘এক্স'(পূৰ্বে টুইটাৰ) হেন্ডেলত সদৰি কৰিছে যে ‘স্পেছ-এক্স’-এ আগন্তুক দুটা বছৰৰ ভিতৰত মঙল গ্ৰহলৈ ৫খন মহাকাশযান পঠিয়াবলৈ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে, আৰু যদিহে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা যায় – সেই পৰিকল্পনা দুবছৰলৈ পিছুৱাই দিয়া হ’ব পাৰে। সেইবাবেই মঙল গ্ৰহলৈ মানুহ পঠিয়াবলৈ তেওঁ মহাকাশচাৰীৰ সন্ধানত ব্যস্ত হৈ আছে – যিয়ে আন্তৰিকতাৰে মঙল গ্ৰহলৈ যাত্ৰা কৰিবলৈ সপোন দেখি আছে।

হে পাঠক মহোদয়, হয় আপোনাকেই কৈছো – আপোনাৰ সন্তানেও বা নাতিয়েও এনে দুৰ্দান্ত অভিযানত অংশগ্ৰহণ কৰাৰ সপোন দেখিব পাৰে। ইলন মাস্কে কৈছে যে ভৱিষ্যতে হাজাৰ হাজাৰ মহাকাশযান মঙল গ্ৰহলৈ যাব আৰু সেইবোৰ হৈ পৰিব গৌৰৱময় দৃশ্য।

২০১৫ চনতেই ইলন মাস্কে প্ৰস্তাৱ দিছিল যে মঙল গ্ৰহক মানুহৰ বসবাসৰ উপযোগী কৰি তুলিবলৈ মঙল গ্ৰহত পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা দৰকাৰ!

মঙল গ্ৰহত তাপমাত্ৰা ২০ ডিগ্ৰীৰ পৰা ‘মাইনাচ'(-) ২০০ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত উঠা-নমা কৰি থাকে। দেখাত ৰঙা হ’লেও মঙল গ্ৰহৰ তাপমাত্ৰা একেবাৰেই কম -সূৰ্যৰ পৰা আতৰত থকা হেতুকে। ইলনৰ মতে মঙল গ্ৰহত একাধিক পৰমাণু বিস্ফোৰণ ঘটালে গ্ৰহটোৰ তাপমাত্ৰা বৃদ্ধি পাব আৰু বাসোপযোগী হৈ পৰিব।

২০১৫ চনত এনে কথা কৈয়েই ক্ষান্ত নহৈ পুনৰ ২০১৯ চনত (১৯ আগষ্ট) তেওঁ মঙল গ্ৰহত পৰমাণু বিস্ফোৰণৰ সপক্ষে যুক্তি ডাঙি ধৰি কয় যে গ্ৰহটোত পাৰমাণৱিক বিস্ফোৰণৰ অৰ্থ হ’ল – তাৰ দ্বাৰা বায়ুমণ্ডলত এটা কৃত্ৰিম সূৰ্যৰ সৃষ্টি কৰা, যিটো সূৰ্যই আমাৰ সূৰ্যৰ দৰেই গ্ৰহটোক উত্তাপ দিব পাৰিব।

ইলন মাস্কে আৰু কৈছে যে পৰমাণু বিস্ফোৰণৰ ফলত মঙলৰ বৰফৰ চাদৰ বাষ্পীভূত হৈ জলীয় বাষ্প, কাৰ্বন মনোক্সাইড আৰু গ্ৰীণহাউচ গেছ উৎপন্ন হ’ব তথা সেইবোৰে গ্ৰহটোক উষ্ণ কৰি তুলিবলৈ সমৰ্থ হ’ব।

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ 'ছন্দপতন ৰিষ্ট'!

(২) 

ডিচেম্বৰ,২০২৪: 

মহাকাশচাৰী সুনীতা উইলিয়ামচ আৰু তেওঁৰ মহাকাশসঙ্গী বুশ্ব উইলমোৰ এতিয়াই পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা নাই। তেওঁলোকক মহাকাশত ৰাখিয়েই পৃথিৱীলৈ উভতি আহিছে বোয়িং ষ্টাৰলাইন নামৰ মহাকাশযান।

‘নাছা'( National Aeronautics And Space Administration)ই জনাইছে যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত সুনীতা আৰু বুশ্বক পৃথিৱীলৈ ইলন মাস্কৰ কোম্পানীৰ মহাকাশযান এখন আন্তৰ্জাতিক স্পেছ ষ্টেচনলৈ প্ৰেৰণ কৰি ওভোতাই অনা হ’ব। তেতিয়ালৈকে তেওঁলোক মহাকাশতেই থাকিব লাগিব।

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ 'ছন্দপতন ৰিষ্ট'!

অৰ্থাৎ, কাৰ্যত: তেওঁলোক এতিয়া মহাকাশত বন্দী। যিখন বোয়িং ষ্টাৰলাইনত উঠি তেওঁলোকে মহাকাশলৈ যাত্ৰা কৰিছিল, সেই মহাকাশযানখনত যান্ত্ৰিক বিজুতি ঘটি হিলিয়াম গেছ নিৰ্গত হোৱা হেতুকে সুনীতা আৰু বুশ্ব উভতি আহিবলৈ সক্ষম নহ’ল।

দীৰ্ঘদিন ধৰি মহাকাশত থাকিলে মহাকাশচাৰী সকলৰ যি ধৰণৰ শাৰীৰিক সমস্যা হয়,তেনে সমস্যাবোৰ তেওঁলোকৰ ক্ষেত্ৰত প্ৰকট হ’বলৈ ধৰিছে। তেওঁলোকৰ পেশী শিথিল হৈ পৰিছে, হাড়বোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। সুনীতা আৰু বুশ্ব উইলমোৰক লৈ আজি সমগ্ৰ বিশ্বৰ মানুহ যেন উদ্বিগ্ন।

২০২৪ চনৰ ৫ জুন তাৰিখে সুনীতা আৰু বুশ্ব উইলমোৰক লৈ মহাকাশলৈ উৰিছিল বোয়িং ষ্টাৰলাইনাৰ, গন্তব্যস্থল আছিল মহাকাশত ভাঁহি থকা আন্তৰ্জাতিক স্পেছ ষ্টেচন। সেই সময়ত সুনীতাৰ ওজন আছিল ৬৩ কিলোগ্ৰাম। বিগত ৫ মাহ ধৰি (এই লেখাৰ সময়লৈ) মহাকাশযানৰ ক্ষুদ্ৰ গন্ডীতেই আৱদ্ধ তেওঁলোকৰ জীৱন।

এদিন এদিনকৈ ১৫০ দিন পাৰ কৰিছে তেওঁলোকে। সম্প্ৰতি নাছাৰ তৰফৰ পৰা সুনীতাৰ যিকেইখন ছৱি প্ৰকাশ কৰা হৈছে, সেই ছবিবোৰ দেখি পুনৰ উদ্বিগ্ন হৈ পৰিছে বিশ্ববাসী। সুনীতাৰ ওজন অত্যন্ত হ্ৰাস পাইছে, গালৰ হনু প্ৰকট হৈছে।

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ 'ছন্দপতন ৰিষ্ট'!
সুনীতাৰ ওজন অত্যন্ত হ্ৰাস পাইছে, গালৰ হনু প্ৰকট হৈছে

শৰীৰৰ ওপৰত মহাকৰ্ষণৰ নিৰৱিচ্ছিন্ন আকৰ্ষণ নাথাকিলে মহাকাশত মানৱদেহৰ পেশী আৰু হাড়ৰ ঘনত্ব দ্ৰুতভাবে হ্ৰাস পায়। মাত্ৰ ২ সপ্তাহ পিছতেই পেশীৰ ঘনত্ব ২০% পৰ্যন্ত হ্ৰাস পাব পাৰে আৰু ৬ মাহ থাকিলে ৩০% পৰ্যন্ত হ্ৰাস পাব পাৰে।

তাৰোপৰি বহুদিন মহাকাশত থাকিলে দ্ৰুতহাৰত কমি যায় লোহিত ৰক্তকণিকাৰ পৰিমাণ। গৱেষক সকলৰ মতে মহাকাশত থকা সময়ছোৱাত প্ৰতি ছেকেণ্ডত ২ লাখৰ পৰিৱৰ্তে ৩ লাখ লোহিত ৰক্তকণিকা ধ্বংস হয় মহাকাশচাৰী সকলৰ।

(৩)

আপোনাৰ সন্তানৰ বা নাতিৰ বয়স ১০ বছৰ (ধৰি লওক)। সেই ১০ বছৰীয়া শিশুটোৰ জিনীয় বিশ্লেষণ, শিক্ষাগ্ৰহণৰ ক্ষেত্ৰৰ দক্ষতা, মেধা, ধাউতি, শাৰীৰিক গঠন, দৈহিক সক্ষমতা ইত্যাদি বিশ্লেষণ কৰি যিকোনো এজন ধনকুবেৰে এদিন হঠাৎ তেওঁকো হয়তো বিশ্বৰ বিভিন্ন প্ৰান্তৰ অইন এদল শিশুৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে – যিসকলক মঙল গ্ৰহলৈ প্ৰেৰণ কৰা হ’ব।

সেই তালিকাত আপোনাৰ সন্তানৰ বা নাতিৰ নাম দেখি আপোনাৰ কেনে ভাব হ’ব!

এনেধৰণৰ প্ৰশ্ন এতিয়া অস্বাভাৱিক হৈ থকা নাই। বিখ্যাত মনোবিজ্ঞানী তথা লেখক জনাথন হাইড্ট (Jonathan Haidt)-এ এনে প্ৰশ্ন উত্থাপন কৰিছিল তেওঁৰ ‘The Anxious Generation’ নামৰ গ্ৰন্থত। এনে প্ৰশ্ন এতিয়া ইলন মাস্কৰ সপোনৰ সৈতেও জড়িত হৈ পৰিছে!

আমি নিশ্চিত যে আপুনি নিশ্চিতভাৱে অনুমতি প্ৰদান নকৰিব।

থোৰতে কাৰণবোৰ এনেধৰণৰ ,

(১) মঙল গ্ৰহলৈ গৈ আপোনাৰ সন্তানে বা নাতিয়ে হয়তো পুনৰ নিজৰ ঘৰখনলৈ উভতি আহিবলৈ সক্ষম নহ’ব  ;

(২) উভতি আহিলেও সেই শিশুসকল পূৰ্বৰ দৰেই হৈ থাকিব নে নাথাকে – আপুনি নিশ্চিত নহয় ;

(৩) ভয়ংকৰ তেজষ্ক্ৰিয় ৰশ্মিসমূহক পৃথিৱীৰ বক্ষত পৰিবলৈ নিদিয়া বিভিন্ন আৱৰণ মঙল গ্ৰহত নাই ;

(৪) লক্ষ লক্ষ বছৰ ধৰি পৃথিৱীৰ মহাকৰ্ষণৰ সৈতে একাত্ম হৈ গঠন হোৱা আমাৰ মানৱদেহৰ হাড়, মজ্জা, পেশী, হৃদপিণ্ড, ধমনী, চকু আদিৰ ক্ষেত্ৰত পৃথিৱীতকৈ মাত্ৰ ৩৮% মহাকৰ্ষণ শক্তি থকা মঙল গ্ৰহৰ প্ৰভাৱে কেনেদৰে প্ৰভাৱান্বিত কৰে – আপুনি নাজানে; ইত্যাদি!

গতিকে, অভাৱনীয় সুযোগ আহিলেও অভিভাৱক হিচাপে আপুনি শিশুটোক মঙল গ্ৰহলৈ কোনোপধ্যেই হয়তো অনুমতি নিদিব।

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ 'ছন্দপতন ৰিষ্ট'!
সুনীতা উইলিয়ামচ

(৪)

আপুনি সুনীতা উইলিয়ামচ আৰু বুশ্ব উইলমোৰক লৈ উদ্বিগ্ন, আপুনি মঙল গ্ৰহলৈ আপোনাৰ সন্তানৰ বা নাতিৰ গমনক লৈ উদ্বিগ্ন; কিন্তু মঙল গ্ৰহৰ বক্ষতকৈও ভয়াবহ সামগ্ৰী ‘স্মাৰ্টফোন‘টো আপোনাৰ শিশুটিৰ হাতত তুলি দি অকণো উদ্বিগ্ন নহয়! 

আহক, এতিয়া মঙল গ্ৰহৰ বিষয়টো বাদ দি পৃথিৱীৰ বক্ষত বিচৰণ কৰি একেবাৰে চমুকৈ পৰ্যালোচনা কৰো – পৃথিৱীৰ বক্ষত নো কিদৰে ভয়াবহ বিপদৰ সন্মুখীন হৈছে আপোনাৰ সন্তান বা আপোনাৰ নাতি!

আজি আপোনাৰ শোৱনিকোঠাত, আহাৰ গ্ৰহণ কৰা মেজত, চ’ৰা ঘৰত, চোতালত, বাৰান্দাত, পদপথত, পথত, বজাৰত, শিক্ষানুষ্ঠানত, স্নানাগাৰত, শ্মশানত, মন্দিৰত, সৰ্বত্ৰতে কালান্তক স্মাৰ্টফোন আৰু তীব্ৰতৰ ইন্টাৰনেটৰ প্ৰৱেশ সহস্ৰবাহুৰে সম্ভৱ হৈছে আৰু ই বিশেষভাৱে পৰিয়ালবোৰৰ মাজত থকা প্ৰত্যক্ষ সম্পৰ্কক ব্যাহত কৰাৰ লগতে ভয়ংকৰ ভাৱে প্ৰভাৱান্বিত কৰিছে শিশুসকলক।

শৈশৱ, সোণালী শৈশৱ আজুৰি আকুহি বাকুহি ছিন্ন ভিন্ন কৰি পেলাইছে। ৰং খেল ধেমালিৰ শৈশৱ, চোতাল -খেলপথাৰ নিৰ্ভৰ শৈশৱকাল ৰূপান্তৰিত কৰিছে ‘ফোন নিৰ্ভৰ শৈশৱ’লৈ! আজি অধিকাংশ ফোন-নিৰ্ভৰ শিশুৱে শৈশৱৰ স্বাভাৱিক শাৰীৰিক প্ৰাকৃতিক ছন্দ হেৰুৱাই পেলাইছে। শৈশৱৰ ছন্দপতন হৈছে! ‘অফলাইন’ বা স্বাভাৱিক জীৱনৰ প্ৰতি স্পৃহাহীন হৈ দিনে গড়ে ৭ বা ৮ ঘন্টা ‘অনলাইন’ জীৱনত ব্যস্ত হৈ পৰিছে আৰু ই কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ।

স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শৈশৱৰ 'ছন্দপতন ৰিষ্ট'!
Image: Powershift

ইন্টাৰনেটৰ সৈতে যুক্ত স্মাৰ্টফোনৰ প্ৰতি আসক্তি ইমানেই বাঢ়িছে যে দক্ষিণ কোৰিয়াৰ ‘Nori Media Education Centre For Prevention of Internet Addiction ‘ৰ পৰিচালক Kwan Jang – Hee-এ ঘোষণা কৰিবলৈ বাধ্য হৈছে -‘ Turn Off Media, Turn On Life’! তেওঁ দৃঢ় মত পোষণ কৰি কৈছে যে শিশুৰ বাবে সবাতোকৈ ভয়ংকৰ সামগ্ৰী হ’ল ইন্টাৰনেট সংযুক্ত স্মাৰ্টফোন।

‘ছিউল নেশ্যনেল ইউনিভাৰ্ছিটি’ৰ মতেও কোকেইন সেৱন কৰা সকলৰ মগজুৰ সৈতে কম্পিউটাৰ গেম বা স্মাৰ্টফোনৰ গেমত আসক্ত সকলৰ মগজুৰ প্ৰতিক্ৰিয়া একে ধৰণৰ। সমগ্ৰ বিশ্বজুৰি এতিয়া ‘Overdosing of On-Screen’ হৈছে আৰু শিশুসকল অকল্পনীয় ভাবে আক্ৰান্ত হৈছে।

San Diego State University ৰ মনস্তত্ত্ব বিভাগৰ অধ্যাপক Jean Tarenge-এ তেওঁৰ এখন গ্ৰন্থৰ নামাকৰণ কৰিছে -iGen: Why Today’s Super -Connected Kids Are Growing Up Less Rebellious, More Tolerant, Less Happy – And Completely Unprepared For The Rest Of Us’!

তেওঁৰ মতে স্মাৰ্টফোনৰ প্ৰভাৱত আমেৰিকাৰ ১৯৯৫ – ২০১২ চনৰ ভিতৰত জন্ম গ্ৰহণ কৰা প্ৰজন্ম গুণগতভাৱে সলনি হৈ পৰিছে – অত্যাধিক স্মাৰ্টফোনৰ ব্যৱহাৰ কৰাৰ ফলত! ইয়াৰ ফলত তেওঁলোক হৈ পৰিছে নি:সঙ্গ, বৃদ্ধি পাইছে একাকিত্ব, হৈ পৰিছে দৈহিকভাৱে নিশকতীয়া, মানসিকভাবে দুৰ্বল, আৰু তাৰেই কিছুমানৰ জীৱনৰ প্ৰতি বিতৃষ্ণা বৃদ্ধি হোৱাৰ ফলত আত্মহননেই শ্ৰেয় বুলি কৰা ধাৰণাই এক বিশেষ ধৰণৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। 

social media and affects on kids
Image: Powershift

অৰ্থাৎ, তেওঁলোকৰ বাবে পৃথিৱীৰ বক্ষতেই সৃষ্টি হৈছে এক ‘নতুন মঙল ‘ গ্ৰহ, বা আমি আমাৰ পৃথিৱীৰ বক্ষতেই প্ৰত্যক্ষ কৰিবলৈ আৰম্ভ কৰিছো এখন ‘নিউ মঙল'( নিউ বঙাইগাঁও বা নিউ তিনিচুকীয়াৰ দৰে নামাকৰণ) – য’ত বিচৰণ কৰিবলৈ আৰম্ভ কৰিছে আমাৰেই ভৱিষ্যত প্ৰজন্মই!

ইলন মাস্কৰ সপোনৰ মঙল গ্ৰহৰ নগৰ চহৰৰ নৃত্য -নাটিকা আমি ইয়াতেই দেখিবলৈ আৰম্ভ কৰিছো! এই শিশুসকলৰ হাড়ৰ ঘনত্ব, লোহিত ৰক্তকণিকাৰ পৰিমাণ, চকু, মগজুৰ বিকাশ, দৈহিক সক্ষমতা, শাৰীৰিক ছন্দ ইত্যাদি এইখন পৃথিৱীৰ বক্ষতেই সলনি হ’বলৈ ধৰিছে আৰু আমি মঙল গ্ৰহৰ বক্ষত পৃথিৱীৰ শিশুৰ বিকাশৰ বিষয়ে চিন্তা কৰি আছো!

smartphone 2
Image: Powershift

অলপতে মোৰ সৈতে ঘনিষ্ঠ, কনিষ্ঠ ভাতৃসম এজনে তেওঁৰ ১০ বছৰীয়া জীয়ৰীক টেনিছ খেলুৱৈ হিচাপে প্ৰশিক্ষণ দিবলৈ বুলি নামভৰ্তি কৰাবলৈ লৈ গৈছিল, প্ৰশিক্ষকে যেতিয়া ছোৱালীজনীক দৌৰিবলৈ ক’লে – দেউতাক আচৰিত হ’ল, কাৰণ তাই ভৰি দুখনৰে দৌৰিছে ঠিকেই – কিন্তু হাত দুখনৰ কোনো সঞ্চালন নাই! শাৰীৰিক ছন্দপতন!

প্ৰশিক্ষকজনে দেউতাকক আশ্বস্ত কৰি কৈছিল – চিন্তা নকৰিব, সৰহভাগৰেই একেই ঘটনা, স্মাৰ্টফোনৰ পৰ্দাত দৌৰি দৌৰি বাস্তৱৰ দৌৰৰ ছন্দ শিশুসকলে হেৰুৱাই পেলাইছে, আৰু তেওঁলোকৰ শৈশৱৰ খেল ধেমালিৰ দুটাকৈ বছৰ হৰণ কৰিছে কোভিডে ( কৰ’নাকালীন লক-ডাউনৰ সময়ত স্মাৰ্টফোনৰ সহায়তেই কৈশোৰৰ দিনবোৰ তেওঁলোকৰ পাৰ হৈছিল)!

মাতৃৰ গৰ্ভত থাকোতেই পোনপ্ৰথমবাৰৰ বাবে ‘স্কেন’ৰ অভিজ্ঞতাৰে পুষ্ট নতুন প্ৰজন্মৰ হাতত পৰা স্মাৰ্টফোনৰ প্ৰভাৱ সম্পৰ্কে ‘Innocentic Research Office of Unicef'( United Nations’ Children Agencyৰ শাখা)ৰ Daniel Kardefelt – Winther-এ বহুদিনীয়া অনুসন্ধানৰ অন্তত কৈছে যে স্মাৰ্টফোনে আৰু সামাজিক মাধ্যমে শিশুসকলক মানসিকভাবে নি:স্ব কৰি তুলিছে, তেওঁলোকৰ দৈহিক ক্ষমতা হ্ৰাস কৰি পেলাইছে, স্বাভাৱিক বিকাশৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি কৰিছে।

smartphone 3
Image: Powershift

তেওঁ কৈছে যে ১৯০০-২০০০ চনৰ ভিতৰত ইন্টাৰনেটৰ সৈতে ব্যস্ত হোৱাসকল নি:সঙ্গ হৈ পৰিছিল, কিন্তু এতিয়া ‘নি:সঙ্গ’ শব্দটো খাপ নাখায়, কাৰণ এতিয়া সকলো ব্যস্ত স্মাৰ্টফোনৰ সৈতে, আনকি স্মাৰ্টফোনৰ পৰা সন্তানক আতৰি থাকিবলৈ কোৱা পিতৃ – মাতৃও ব্যস্ত স্মাৰ্টফোনত!

২০২৪ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে Social Media Addiction in Kids শীৰ্ষক এটা লেখা Ivanhoe Newswire অত প্ৰকাশ হৈছিল অৰলেন্ডো(ফ্লৰিডা, আমেৰিকা)ৰ পৰা। সেই লেখাটোত কোৱা হৈছিল যে ৪০খনতকৈও অধিক ৰাজ্যই ফেচবুক আৰু ইনষ্টাগ্ৰামৰ মূল কোম্পানী মেটা (META)ৰ বিৰুদ্ধে ফেডাৰেল আদালতত গোচৰ দাখিল কৰি দাবী কৰিছে যে চোছিয়েল মেডিয়া কোম্পানীটোৱে শিশুসকলৰ লগতে কিশোৰ সকলৰো মানসিক স্বাস্থ্যৰ ক্ষতিসাধন কৰাৰ লগতে আসক্তি তীব্ৰতৰ কৰি তুলিছে।

কলম্বিয়াৰো এক প্ৰতিনিধি দলে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটচ্এপ আৰু মেছেঞ্জাৰৰ মূল কোম্পানী মেটাৰ বিৰুদ্ধে গোচৰ তৰি কৈছে যে কোম্পানীটোৱে জানি-বুজি নিজৰ প্লেটফৰ্মত থকা বৈশিষ্ট্যসমূহ ব্যৱহাৰ কৰি শিশুসকলক বাধ্যতামূলকভাবে ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে আৰু ইয়াৰ উদ্দেশ্য হৈছে ব্যৱসায়িক লাভ।

smartphone 5
Image: Powershift

আমি অতিক্ৰম কৰা সহস্ৰাব্দটোৰ শেষৰ দশকটোৰ পৰাই অসমতে থাকিও আমি উমান পাইছিলো যে আমেৰিকাৰ পশ্চিম উপকূলত মূৰ ডাঙি উঠা তথ্য -প্ৰযুক্তিনিৰ্ভৰ বৃহৎ বৃহৎ কোম্পানী কিছুমানে পৃথিৱীৰ বক্ষত মানৱ সমাজৰ সভ্যতাৰ ক্ষেত্ৰত এক জোকাৰণি তুলিবলৈ ধৰিছিল আৰু অভাৱনীয় পৰিৱৰ্তন কৰিব পৰা সামগ্ৰী সৃষ্টি কৰিছিল ইন্টাৰনেটৰ সহায়ত।

প্ৰযুক্তি -নিৰ্ভৰ সোণালী আশা (Tecno- Optimism)ৰ সপোন দেখুৱাই ঘোষণা কৰা হৈছিল যে এই সামগ্ৰীসমূহে মানুহৰ জীৱন নিৰ্বাহৰ মানদণ্ড সলনি কৰাই নহয়, সুচল কৰি তুলিব, কল্পনাতীত মনোৰঞ্জন হ’ব, অধিক উৎপাদনে সকলোকে সুখী কৰি তুলিব। এই সামগ্ৰীসমূহৰ কিছুমানে যোগাযোগৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি ঘোষণা কৰা হৈছিল যে গণতন্ত্ৰৰ ঘোঁৰা অধিক বেগত অধিক স্বচ্ছন্দভাৱে দৌৰিব আৰু ই হ’ব আশীৰ্বাদ।

childhood
Image: Powershift

এই কোম্পানী সমূহৰ প্ৰতিষ্ঠাপক সকল হৈ পৰিল মহানায়ক, হৈ পৰিল ‘জিনিয়াছ’, যেন মানৱসমাজলৈ ঈশ্বৰৰ পৰা আশীৰ্বাদ কঢ়িয়াই অনা প্ৰমিথিউচ! 

হয়, বহুত পৰিৱৰ্তন সাধন হ’ল। ৰেল-বিমান-বাছ- হোটেল আদিৰ আগতীয়া তথা তৎকালীন ‘বুকিং’-অৰ পৰা আৰম্ভ কৰি মানুহৰ লগত মানুহৰ যোগাযোগ ইত্যাদি বিভিন্ন ক্ষেত্ৰত আমি বৈপ্লৱিক পৰিৱৰ্তন দেখা পালো। ঘৰতে বহি আমি যেতিয়াই মন যায় বোলছবি, ক্ৰীড়া, সঙ্গীত, তথ্য আহৰণৰ অপৰ্যাপ্ত অকল্পনীয় সুযোগ পালো।

সেই কোম্পানীসমূহ ধীৰে ধীৰে আধুনিক সাম্ৰাজ্যবাদী হৈ পৰিল, সমগ্ৰ বিশ্বজুৰি সেইসমূহে দুৰ্দান্ত প্ৰতাপ দেখুৱাই ধনকুবেৰত পৰিণত হ’ল। আৰু এই নতুন সাম্ৰাজ্যবাদী সকলে পৃথিৱীৰ বক্ষত কৈশোৰৰ সোণোৱালী দিনবোৰো অপহৰণ কৰি তুলিবলৈ সক্ষম হ’ল!

১৯৫০ চনৰ পৰাই বিশ্বৰ বিভিন্ন দেশত শিশুসকলে আৰু আৰু অবোধ বালক-বালিকা সকলে দূৰদৰ্শন উপভোগ কৰি আছিল। তেতিয়া দূৰদৰ্শন বেছিকৈ উপভোগ কৰাটোও আতংকৰ কাৰণ আছিল। তাৰপিছত দূৰদৰ্শনৰ জয়যাত্ৰা আৰম্ভ হ’ল, ভিচিডি- ভিচিআৰ, ৱাক-মেনৰ আৱিৰ্ভাৱ হ’ল……ইত্যাদি। সেয়া এক বৃহৎ অধ্যায়, ইয়াত আলোচনা নকৰোঁ।

কিন্তু লাহে লাহে এনে কিছুমান সামগ্ৰী এইসকল সাম্ৰাজ্যবাদীয়ে বজাৰলৈ উলিয়াই দিলে – যিবোৰ পকেটত লৈ ঘূৰি ফুৰিব পাৰি, কাণত পিন্ধি ল’ব পাৰি, হাতত পিন্ধিব পাৰি, আৰু স্মাৰ্টফোনে খুলি দিলে নতুন দিগন্ত – যি স্মাৰ্টফোন লক্ষগুণে অধিক আকৰ্ষণীয়! বহুত অভিভাৱক আশ্বস্ত হৈ পৰিল।

কাৰণ, কম্পিউটাৰৰ পৰ্দাত বা টেবলেটত বা স্মাৰ্টফোনত নিজৰ শিশুটোক ইন্টাৰনেটৰ সংযোগ কৰাই ঘন্টাৰ পিছত ঘন্টা আনন্দদায়ক ভাবে ব্যস্ত কৰাই ৰাখিব পাৰি, সাধুকথা শুনোৱাৰ প্ৰয়োজন নাই, শিশুৰ সৈতে খেলাৰ প্ৰয়োজন নাই, বল কিনি আনি ভৰিৰে গুৰিওৱাৰ প্ৰয়োজন নাই, চিৰিয়াখানা বা পাহাৰৰ দাতিলৈ নিয়াৰ প্ৰয়োজন নাই! বহুত অভিভাৱক ‘দায়িত্ব-মুক্ত’ হৈ পৰিল!

childhood2
Image: Powershift

গম নোপোৱাকৈ এই পৃথিৱীৰ বক্ষত সৃষ্টি হ’বলৈ ধৰিলে ‘নিউ মঙল’ গ্ৰহ! কালসৰ্প বা ত্ৰিপাপ ৰিষ্টতকৈও লক্ষগুণে অধিক ভয়ানক ‘শৈশৱৰ ছন্দপতন’ ৰিষ্ট আৰম্ভ হ’ল। সেই বৃহৎ কোম্পানী সমূহে, বিভিন্ন দেশৰ চৰকাৰে, বিভিন্ন মুধাফুটা বিশ্ববিদ্যালয়ে এই ‘ছন্দপতন’ ৰিষ্টক লৈ কোনোধৰণৰ তৎকালীন গৱেষণা নকৰিলে আৰু কৰিলেও হয়তো ফাদিল নকৰিলে – নতুন সাম্ৰাজ্যবাদী বৃহৎ বৃহৎ আধুনিক ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ সমূহৰ স্বাৰ্থত!

জুকেৰবাৰ্গ মহানায়ক হৈ পৰিল, ষ্টিভ জব অতিমানৱ হৈ পৰিল, টুইটাৰ কিনি ইলন মাস্ক ‘চুপাৰ চুপাৰমেন’ হৈ পৰিল, তাতেই আহি বায়ুবেগে প্ৰৱেশ কৰিলে কৃত্ৰিম-বুদ্ধিমত্তা ! গতিকে মগজুৰো কাম কমি গ’ল! মানুহ ব্যস্ত হৈ পৰিল ‘Like’, ‘Share’, ‘Re-Tweet’ আদিত, ৰীল তৈয়াৰ কৰাত, বাৰেভচহু নিম্নতম মানদণ্ডৰো তলৰ ভিডিঅ’ আদি আপলোড কৰাত, ছেলফিত…!

কিন্তু যেতিয়া স্মাৰ্টফোনৰ বা সামাজিক মাধ্যমৰ অপকাৰিতাৰ বিষয়ে প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে, তেতিয়া কোম্পানীসমূহে অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰাই নহয়, জনসংযোগ আৰু বিজ্ঞাপনত শত শত কোটি ডলাৰ খৰছ কৰি পুনৰ তেওঁলোকৰ সামগ্ৰীসমূহক অধিক আকৰ্ষণীয় কৰাত ব্যস্ত হৈ পৰিল।

Childhood 1
Image: Powershift

ভিডিঅ’ গেম, পৰ্ণোগ্ৰাফী, ডেটিং এপ, ক্ৰীড়াৰ নামত বাজী, যৌনজুৱা, খাদ্যাভ্যাসৰ গুণগত পৰিৱৰ্তন, ইত্যাদি ব্যাপকভাৱে প্ৰসাৰিত হ’ল, আৰু শৈশৱৰ ছন্দপতন পৰ্ব তীব্ৰগতিৰে আগবাঢ়িল। আগতেও বেলেগ লেখাত উল্লেখ কৰিছো যে ১৯৭৯-৮০ চনত যদি ইন্টাৰনেট আৰু স্মাৰ্টফোন থাকিলহেতেন – অসমত অসম আন্দোলনৰ আৰম্ভণিয়েই হয়তো নহ’লহেতেন ( এতিয়া যিদৰে অসম চুক্তি, ‘কা’, বিভিন্ন দফা মুজুৰা পৰি লেৰেলি গৈছে সামাজিক মাধ্যমৰ আৰু স্মাৰ্টফোনৰ কৃপাত)!

আমেৰিকাৰ অভিভাৱকে এইবোৰ প্ৰভাৱ প্ৰত্যক্ষ কৰি প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰাত ১৯৯৮ চনত আমেৰিকাৰ চৰকাৰে Childerns’ Online Privacy Protection Act(COPPA) প্ৰৱৰ্তন কৰি ঘোষণা কৰিলে যে ১৩ বছৰৰ তলৰ শিশুৱে কোম্পানীবোৰৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অভিভাৱকৰ সন্মতিৰ প্ৰয়োজন হ’ব – একাউন্ট খোলাৰ সময়ত, শিশুৰ মানসিক স্বাস্থ্যৰ সুৰক্ষাৰ বাবে।

কিন্তু আমেৰিকাৰ ১৩ বছৰৰ তলৰ শিশুৰ ৪০% শিশুৱে ইনষ্টাগ্ৰামৰ একাউণ্ট খোলাৰ ক্ষেত্ৰত কোনো অসুবিধাই নাপালে, যিহেতু কোম্পানীবোৰে কোনো গুৰুত্বই নিদিলে!

close up photography of smartphone icons
Photo by Pixabay on Pexels.com

ডানা বয়েড( Danah Boyd)ও একেধৰণৰ সুকীয়া বিষয় উত্থাপন কৰিছে ‘It’s Complicated’ গ্ৰন্থত। ‘The Anxious Generation’ নামৰ গ্ৰন্থতো বিশদভাৱে এই শিশুসকলৰ ছন্দপতনৰ বিষয়ে আলোচনা হৈছে।

এই কোম্পানীবোৰে ইন্টাৰনেটৰ জৰিয়তে, স্মাৰ্টফোনৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে, বিভিন্ন ধৰণে যি অমানৱীয় অপকাৰ সাধন কৰিলে সোণালী শৈশৱৰ – তেনে আচৰণ ইতিপূৰ্বে ধপাত-চিগাৰেটৰ কোম্পানীসমূহেও কৰিছিল, কৰি আছে( গুটকাৰ কথা নকলোৱেই বাৰু)- চৰকাৰসমূহ নীৰৱ!

একেই আচৰণ কৰি আছে জীৱাশ্ম -ইন্ধন ভিত্তিক বৃহৎ বৃহৎ কোম্পানীসমূহে, বিভিন্ন দেশে – ভয়াবহ জলবায়ু পৰিৱৰ্তনক অকণো গুৰুত্ব নিদিয়াকৈ ( অৰ্থাৎ, ছন্দপতন হোৱা শৈশৱৰ ভৱিষ্যতৰ পৃথিৱীখন বিষাক্ত কৰিও কোনো অনুশোচনা নাই, কোনো নিয়ন্ত্ৰণ নাই)!

সেই চিগাৰেট কোম্পানী তথা পেট্ৰোলিয়াম কোম্পানী সমূহৰ লগতে একেখন নাৱৰেই যাত্ৰী জুকেৰবাৰ্গ আৰু তেওঁৰ সহযোগী সাম্ৰাজ্যবাদী সকল! ধ্বংস হৈ যাওক সোণালী শৈশৱ, কি আহে যায়!! পৃথিৱীৰ বক্ষত, বায়ুমন্ডলত জলবায়ু পৰিৱৰ্তনে নৰক সৃষ্টি কৰক, তেল কোম্পানী সমূহৰ কি আহে যায়!! চিগাৰেট, গুটকাই শৰীৰৰ ক্ষতিসাধন কৰক, কি আহে যায় চিগাৰেট কোম্পানী সমূহৰ!! প্লাষ্টিকৰ বেগ? একেই কথা স্মাৰ্টফোনৰ ক্ষেত্ৰত, সামাজিক মাধ্যমৰ ক্ষেত্ৰত!! 

social media

কিন্তু ইয়াৰে মাজতে এটা বাতৰিয়ে শুভবুদ্ধিসম্পন্ন মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে – সেয়া হ’ল: অষ্ট্ৰেলিয়াত ১৬ বছৰৰ অনুৰ্ধ্বৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰি ২৮ নৱেম্বৰত (২০২৪)সংসদত কঠোৰ আইন প্ৰণয়ন কৰা হ’ল আৰু এই আইন বলৱৎ হোৱাৰ পিছত চোছিয়েল মেডিয়া কোম্পানী সমূহে যদি শিশু বা ১৬ বছৰৰ তলৰ কিশোৰ -কিশোৰীক ‘লগ-ইন’ কৰাৰ সুবিধা দিয়ে, তেন্তে ৩০০ কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।

২০২৫ চন আৰম্ভ হোৱাৰ লগে লগে বলৱৎ হ’ব এই আইন। কোনো নিৰ্দিষ্ট বয়সৰ বাবে সামাজিক মাধ্যম সৰ্বাত্মকভাবে নিষিদ্ধ কৰা দেশ হিচাপে অষ্ট্ৰেলিয়াই হ’ল প্ৰথমখন দেশ।

অষ্ট্ৰেলিয়াই গ্ৰহণ কৰা সিদ্ধান্তই ফটফটীয়াকৈ ডাঙি ধৰিছে যে নতুন সাম্ৰাজ্যবাদীৰ অধীনস্থ সামাজিক মাধ্যমে আৰু স্মাৰ্টফোন আদিয়ে নতুন প্ৰজন্মৰ বাবে কেনেধৰণৰ মাৰাত্মক ভাবুকি কঢ়িয়াই আনিছে! আজি সেইবাবেই মঙল গ্ৰহত মানুহৰ বসতি স্থাপন কৰাতকৈও এই পৃথিৱীৰ বক্ষতেই শিশুসকলৰ স্বাভাৱিক ছন্দ ওভোতাই অনাটোৱেই অধিক গুৰুত্ব লাভ কৰা উচিত আৰু তাৰবাবে সকলোৱে যত্নপৰ হোৱা উচিত। 

1000300970

উল্লেখযোগ্য যে অক্সফোৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশেষ শব্দ হিচাপে ‘ব্ৰেইন ৰট'( অৰ্থাৎ, মগজু গেলি যোৱা) শব্দ দুটাক স্থান দিছে। স্মাৰ্টফোনৰ জৰিয়তে সামাজিক মাধ্যমৰ জগতখনত প্ৰৱেশ কৰি মানুহৰ মগজু নষ্ট হ’বলৈ ধৰিছে। ইন্ষ্টাগ্ৰাম, টিকটক, ফেচবুক, ইউটিউব আদি ঘন্টাৰ পিছত ঘন্টা চাই চাই , ৰীল চাই চাই মানুহৰ মগজু গেলিবলৈ ধৰিছে।

অক্সফোৰ্ড অভিধানত ২০২৪ চনৰ বিশেষ শব্দ হিচাপে স্থান দিয়া ‘ব্ৰেইন ৰট’ক অতিশয় বিপজ্জনক হিচাপে অভিহিত কৰা হৈছে। বিগত এটা বছৰত ‘ব্ৰেইন ৰট’ৰ ঘটনা ২৩০% লৈ বৃদ্ধি পাইছে। ১৮৫৪ চনত আমেৰিকাৰ লেখক হেনৰী ডেভিদ থৰ’ৰ গ্ৰন্থ ‘ৱাল্ডেন’ত এই ‘ব্ৰেইন ৰট’ শব্দ দুটাক প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

social media
বি: দ্ৰ: স্মাৰ্টফোন, সামাজিক মাধ্যম আৰু শিশুসকলৰ ক্ষেত্ৰত প্ৰকট হোৱা সমস্যাৰ বিষয়ে বন্ধু এজনৰ সৈতে আলোচনা কৰি থাকোতে তেওঁ হঠাৎ প্ৰশ্ন কৰিলে – অসমত বাটে পথে যিদৰে ড্ৰাগছ, গুটকা, চিলনী-চোৰ, অপহৰণকাৰী, দুস্কৃতিকাৰী আদিৰ পয়োভৰ দেখা গৈছে, সেইবোৰৰ চিকাৰ হোৱাতকৈ শিশুবোৰে বা কিশোৰ-কিশোৰী সকলে সামাজিক মাধ্যমৰ লগতেই স্মাৰ্টফোন লৈ ব্যস্ত হৈ থকাই অধিক নিৰাপদ নেকি?

হে পাঠক মহোদয়, কি উত্তৰ দিয়া যায়!!

Screenshot 20240818 055201

[Written with the help of many books, magazines, news feed, specially The Anxious Generation by Jonathan Haidt]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

অসমৰ বানপানী আৰু গৰাখহনীয়া
Geography

অসমৰ বানপানী আৰু গৰাখহনীয়া

by Raktim Ranjan Saikia
August 12, 2026
0

অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ ইতিহাস আৰু স্থায়ী বিজ্ঞানসন্মত সমাধান ড০ ৰক্তিম ৰঞ্জন শইকীয়া বাৰিষাৰ আগমনৰ লগে লগে অসমৰ ৰাইজৰ...

Read moreDetails
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

August 6, 2026
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

August 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39378 shares
    Share 15751 Tweet 9844
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18384 shares
    Share 7354 Tweet 4596
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3542 shares
    Share 1417 Tweet 886
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4177 shares
    Share 1671 Tweet 1044
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    134 shares
    Share 54 Tweet 34
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    101 shares
    Share 40 Tweet 25
  • FREEDOM FIGHTERS OF ASSAM

    5085 shares
    Share 2034 Tweet 1271
  • Cockroaches, Comedians, and Criminals

    99 shares
    Share 40 Tweet 25
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    98 shares
    Share 39 Tweet 25
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    96 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d