• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Education

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

শিক্ষক দিৱস

by Monoswini Sarmah
September 5, 2024
in Education, Inspiration, Remembrance, Special Report
Reading Time: 4 mins read
0
ড° সর্বেপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শন
Share on FacebookShare on TwitterShare on LinkedIn

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

মনস্বিনী শৰ্মা

manaswini sarma
মনস্বিনী শৰ্মা

প্ৰতি বছৰে ৫ ছেপ্তেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে যিগৰাকী ব্যক্তিৰ জন্ম দিৱস হিচাপে পালন কৰা হয় তেওঁ হ’ল ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।

মহান দাৰ্শনিক,বিশ্ব-বিশ্ৰুত পণ্ডিত,শিক্ষাবিদ,সু- ৰাজনীতিবিদ হিচাপে ৰাধাকৃষ্ণণ আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি। ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুতানি চহৰত এক ব্ৰাহ্মণ পৰিয়ালত সৰ্বপল্লী বীৰস্বামীৰ ঔৰষত আৰু শিৱা কামস্মাৰ গৰ্ভত জন্ম গ্ৰহণ কৰা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনাদৰ্শ সমগ্ৰ বিশ্বতে বন্দিত।

সৰ্বপল্লী ৰাধাকৃষ্ণণ
ৰাধাকৃষ্ণণ

তেখেত সৰু কালৰ পৰা সৎ চৰিত্ৰৱান আছিল। জীৱনত পৱিত্ৰ বাটেৰে গ’লে সততা লাভ কৰিব পাৰি আৰু অপৱিত্ৰ বাটেৰে গ’লে সেই সততা কোনো মানুহে লাভ কৰিব নোৱাৰে কথাষাৰ ৰাধাকৃষ্ণণে উপলব্ধি কৰিছিল। ৰাধাকৃষ্ণণে ছাত্ৰাৱস্থাৰ পৰাই অধ্যয়নত একাগ্ৰচিত্তে মন দিছিল। তেখেতে লুথেৰাণ মিশ্যন হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি ভেলোৰ কলেজৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে।

মাদ্ৰাজ খ্ৰীষ্টান বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিষয়ত প্ৰথম স্থানেৰে বি.এ. ডিগ্ৰী গ্ৰহণ কৰে। ৰাধাকৃষ্ণণে সৰুৰে পৰা আৰ্থিক অনাটনৰ মাজত ডাঙৰ-দীঘল হ’লেও মনত একাগ্ৰতা আৰু সততাক সদায় সামৰি ৰাখিছিল। বিশ্ববিদ্যালয়ত এম.এ. পঢ়ি থাকোতে তেখেতে চৰকাৰীভাৱে বৃত্তি লাভ কৰাৰ লগতে ঘৰুৱা শিক্ষকতা, গৱেষণামূলক কিতাপ লিখি পঢ়াৰ খৰচ উলিয়াইছিল। 

       ৰাধাকৃষ্ণণে মাদ্ৰাজৰ এডুকেশ্যনেল চাৰ্ভিচত এটা সৰু চাকৰি কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল। ইয়াৰ পাছত তেখেতে মাদ্ৰাজ প্ৰেচিডেন্সি কলেজৰ দৰ্শন বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ পাছত মহীশূৰ বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়, অন্ধ্ৰ বিশ্ববিদ্যালয়, অক্সফোৰ্ডৰ মানচেষ্টাৰ কলেজ, অক্সফোৰ্ড বিশ্ববিদ্যালয়, বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে অধ্যাপক, উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৪৮ চনত ৰাধাকৃষ্ণণ বিশ্ববিদ্যালয় আয়োগৰ সভাপতি হৈ ভাৰতীয় শিক্ষা পদ্ধতিলৈ বৰঙণি যোগাইছিল। ইয়াৰ পাছত তেখেত ছোভিয়েট ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব গ্ৰহন কৰিছিল আৰু UNESCO ৰ উপ-সভাপতি আছিল। ১৯৫২ চনত ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।

তেখেতে নিজৰ সুদক্ষতা, কৰ্মকুশলীৰ যোগেদি ১৯৬২ চনত ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ নিজস্ব জ্ঞান-বুদ্ধিৰ মাজেৰে এখন ৰাষ্ট্ৰক সু-শাসন কৰিব পাৰিছিল। ৰাষ্টনেতা, দাৰ্শনিক হিচাপে পৰিচয় দি ১৯৬৭ চনৰ ৯ মে’তাৰিখে তেখেতে কৰ্মৰত জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

      প্ৰায় চল্লিশ বছৰ কাল শিক্ষা জগতৰ লগত জড়িত থাকি শিক্ষকতাৰ তাৎপৰ্য অনুধাৱন কৰাৰ লগতে শিক্ষকসকলৰ স্থান যে সকলোৰে ওপৰত এই কথা ৰাধাকৃষ্ণণে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। ৰাধাকৃষ্ণণে নিজৰ শিক্ষাৰ জড়িয়তে ভাৰতৰ লগতে অনান্য দেশতো সন্মানৰ অধিকাৰী হৈছিল। শিক্ষাৰ সৈতে থকা ৰাধাকৃষ্ণণৰ জীৱন জোৰা সম্বন্ধই ভাৰতীয় শিক্ষা জগতৰ বহু ক্ষেত্ৰত উপকাৰ সাধন কৰিছিল।

তেখেতে কৈছিল যে ” ভাৰতৰ মহান ভৱিষ্যত গঢ়াৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহক অতীতৰ চহকী ভাৰতীয় সংস্কৃতিৰ বাহকৰূপে গঠন কৰিব লাগিব আৰু মানৱতাৰ বাবে, সহনশীলতাৰ বাবে,চিন্তাৰ বিকাশৰ বাবে আৰু সত্যৰ অন্বেষণৰ বাবে শিক্ষানুষ্ঠানসমূহে যুঁজ কৰি যাব লাগিব।” ৰাধাকৃষ্ণণে সম্পদ বিকাশ আৰু জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ বিজ্ঞান, কাৰিকৰী শিক্ষা আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষাত অধিক গুৰুত্ব দিছিল।

সৰ্বপল্লী ৰাধাকৃষ্ণণ

জাতীয় ঐতিহ্য আৰু মূল্যবোধৰ পৰম্পৰাৰ লগত শিক্ষাৰ্থীসকলৰ পৰিচয় ঘটাবলৈ ৰাধাকৃষ্ণণে বক্তৃতাৰ মাজেদি ভাৰতীয়সকলক উদ্গনি আৰু সাহস যোগাইছিল। ৰাধাকৃষ্ণণে সকলো বিষয়তে নিজৰ পাৰদৰ্শিতা দেখুৱাই নিজক এজন প্ৰকৃত শিক্ষিত হিচাপে পৰিচয় দিছিল।

ৰাধাকৃষ্ণণে শিক্ষাৰ ক্ষেত্ৰত এক সু-সংহত আঁচনি লৈ বিজ্ঞান শিক্ষাক উৎসাহিত কৰি কলা আৰু বিজ্ঞানৰ মাজৰ বিভেদৰ প্ৰাচীৰ ভাঙিছিল। কৃষি, বাণিজ্য, শিক্ষা, ব্যায়াম পৰিচালনা, ৰাজহুৱা শাসন আৰু ঔদ্যোগিক সম্পৰ্কক শিক্ষানুষ্ঠান সমূহত পাঠ্যক্ৰম হিচাপে দিবলৈ পৰামৰ্শ আগবঢ়াইছিল।

        সৰ্বপল্লী ৰাধাকৃষ্ণণ সৰুৰে পৰা সদাচাৰী,বিনয়ী, ধৈৰ্যশীল,সাহসী,জ্ঞানী আদি সৰ্বগুণৰ অধিকাৰী আছিল। তেওঁ আছিল সাধাৰণভাৱে জীৱন-যাপন কৰা এজন অসাধাৰণ ব্যক্তি। সদালাপী,নিৰহংকাৰী, নিৰ্মল চৰিত্ৰৰ ৰাধাকৃষ্ণণে ৰাষ্ট্ৰপতি হৈ দেশৰ জনগণৰ উন্নতিৰ বাবে যি চিন্তা কৰিছিল সেয়া ভাৰতৰ বাবে এক গৌৰৱময় অধ্যায়। প্ৰথমাৱস্থাত তেওঁ এজন সুনিপুণ শিক্ষক আছিল। ৰাষ্ট্ৰপতি হোৱাৰ পাছতো তেওঁ এজন আদৰ্শৱান শিক্ষকৰ দৰে জীৱন নিৰ্বাহ কৰিছিল।

ৰাষ্ট্ৰপতি হৈ তেখেতে মাহিলী দৰমহা দহ হাজাৰ টকা লাভ কৰিছিল যদিও ইয়াৰে দুই হাজাৰ টকা ৰাখি বাকী আঠ হাজাৰ টকা দেশৰ উন্নতিৰ হকে জনগণৰ মংগল কামত ব্যয় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিত দান কৰিছিল। ৰাধাকৃষ্ণণে লাভ কৰা চিমলাৰ প্ৰাসাদটোৰ বিলাসী ব্যৱস্থা আঁতৰাই তাত উচ্চ শিক্ষা আৰু গৱেষণাৰ স্বায়ত্ব শাসিত আবাসিক অনুষ্ঠান গঢ়ি তুলিছিল।

আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজৰ শীতল যুদ্ধৰ সময়ত ভাৰতে নিৰপেক্ষ নীতি ঘোষণা কৰাৰ পাছত ভাৰতবৰ্ষ দুয়ো পক্ষৰে সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল আৰু তেতিয়া এই জটিল ক্ষণত ভাৰতৰ মানৱতাবাদ আৰু বিশ্ব ভাতৃত্বৰ নীতিৰ প্ৰচাৰৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। ৰাধাকৃষ্ণণে তেখেতৰ বিভিন্ন ৰচনাত বুদ্ধদেৱ,যীশু আৰু উপনিষদৰ অহিংসা মন্ত্ৰৰ কথা উল্লেখ কৰি ভাৰতীয়সকলক অহিংসা নীতিত দীক্ষিত কৰোৱাত অন্য এক বিৰল ব্যক্তিত্বৰ পৰিচয় দিছিল।

সহানুভূতিশীল,মৰমীয়াল ব্যক্তি ৰাধাকৃষ্ণণে দেশৰ অন্নহীন,বস্ত্ৰহীন,গৃহহীন লোকসকলক পাৰ্যমানে সহায় কৰিছিল। অসহায় শিশুসকলকো তেখেতে মৰম-চেনেহ কৰিছিল। প্ৰকৃত প্ৰেমেৰে অসৎ কৰ্মত লিপ্ত লোককো সৎ পথলৈ উভতাই আনিছিল।

সৰ্বপল্লী ৰাধাকৃষ্ণণ

ইংৰাজী, সংস্কৃত,গ্ৰীক, লেটিন, ফৰাচী আৰু জাৰ্মানী ভাষাত যথোচিত আৰু বিশ্লেষণাত্মক জ্ঞানৰ অধিকাৰী ৰাধাকৃষ্ণণে সহজ-সৰল বিনয়ী জীৱন পাৰ কৰিছিল। শোষিত, নিপীড়িত,লাঞ্চিত, বঞ্চিত,দু:খগ্ৰস্ত,অধ:পতিত লোকসকলক সুস্থ, সুন্দৰ সন্ধান দিবলৈ ৰাধাকৃষ্ণণে অহোপুৰুষাৰ্থ কৰিছিল। 

      আদৰ্শবাদৰ মূল কথা হৈছে “প্ৰকৃত সত্যৰ লগত পৰম মূল্যৰ বিভেদ হ’ব নোৱাৰে।”

উপনিষদ, বিজ্ঞানৰ প্ৰত্যাহ্বান বৈজ্ঞানিক প্ৰণালী, বিজ্ঞানৰ অৱদান, পদাৰ্থবিদ্যা,জ্যোতিষ, জীৱবিদ্যা, মনোবিজ্ঞান আচৰণবাদ,মন: সমীক্ষণ আৰু সমাজ বিজ্ঞানৰ অৱদান, তুলনামুলক ধৰ্ম আৰু উচ্চ পৰ্য্যায়ৰ সমালোচনা, ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ, বাস্তৱক্ষেত্ৰত ধৰ্মৰ অকাৰ্যকাৰিতা, ধৰ্ম আৰু ৰাজনীতি, সমাজবাদীৰ প্ৰতিবাদ,সৰ্বময় অশান্তি, বৰ্তমানৰ আৱশ্যকতা আদি বিষয়সমূহ যি দৰ্শনৰ জড়িয়তে আদৰ্শবাদৰ পৰম্পৰাগত নিহিত তথ্য চলি আহিছিল তাক নতুন দৃষ্টিভংগীৰে ৰাধাকৃষ্ণণে বুজাবলৈ চেষ্টা কৰি নতুন তথ্যৰে আঠটা অধ্যায়ত এখন গ্ৰন্থ ” Idealist view of Life” ৰচনা কৰিছিল।

   ৰাধাকৃষ্ণণৰ গ্ৰন্থ খনত উল্লেখ কৰিছে যে ধৰ্মৰ লগত ৰাজনীতিৰ সম্পৰ্ক আছে। ধৰ্ম অবিহনে ৰাজনীতি অসম্পূৰ্ণ। ৰামায়ণ, মহাভাৰতৰ যুগতো ধৰ্মৰ নামত ৰাজনীতি চৰ্চা হৈছিল। ৰাধাকৃষ্ণণৰ মতে ধৰ্ম বিষয়ত সন্দেহ থকা লোকসকলে এই সংসাৰৰ পৰা নিস্কৃতি পাবৰ কাৰণে নানা ধৰণৰ পথ উলিয়াই শেষত কোনো এটা স্থিৰ সিদ্ধান্তত উপনীত হ’বগৈ নোৱাৰে।

ফলত মানুহে অসংস্কৃত মতবাদ কিছুমানকে মানি ল’বলৈ ধৰে। বিজ্ঞানৰ লগত সম্পৰ্ক ৰক্ষা কৰি স্বজ্ঞান ওপৰত ভিত্তি কৰিহে প্ৰকৃত বুদ্ধি পোৱা যায়। আত্নজ্ঞান আৰু তত্ত্বজ্ঞানৰ ওপৰতেই আমাৰ জীৱনৰ উন্নতিৰ পথ সুগম হয়। ৰাধাকৃষ্ণণে ধৰ্মক মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ বুলি মানি লৈ মতাদৰ্শ আগবঢ়াইছিল।    

     ছাত্ৰ জীৱনৰ পৰাই ৰাধাকৃষ্ণণ নিদ্ৰা, তন্দ্ৰা,ভয়, ক্ৰোধ,আলস্য আৰু দীৰ্ঘসূত্ৰিতা এই ছয় দোষৰ পৰা আঁতৰত আছিল। তেখেত সৰু অৱস্থাৰ পৰাই বিদ্যানুৰাগী হোৱাৰ বাবে ধন,পূণ্য অৰ্জন কৰাৰ ওপৰিও সন্মান আৰু যশস্যা সমগ্ৰ বিশ্বতে বন্দিত হৈ পৰিছিল। শিক্ষাবিদ, দাৰ্শনিক, সাহিত্যিক, ৰাজনীতিবিদ,সুবক্তা ৰাধাকৃষ্ণণে আজীৱন দেশৰ হকে, জনগণৰ বাবে জীৱন উৎসৰ্গা কৰি ১৯৭৫ চনৰ ১৬ এপ্ৰিল তাৰিখে পৰলোকলৈ গতি কৰে।

স্মৰণীয় গুণেৰে সুবাসিত পণ্ডিত কৃৰ্তী শিক্ষক ৰাধাকৃষ্ণণৰ জীৱন যুগমীয়া কৰি ৰাখিবলৈকে প্ৰতি বছৰে তেখেতৰ জন্মদিন ৫ ছেপ্তেম্বৰ দিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰা হয়।

সৰ্বপল্লী ৰাধাকৃষ্ণণ

মনস্বিনী শৰ্মা,শিৱসাগৰ

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports
food

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

by Kakali Das
August 6, 2026
0

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports KAKALI DAS Have you ever wondered whether the...

Read moreDetails
The Great Indian Obsession – Government Jobs

The Great Indian Obsession – Government Jobs

August 1, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
Youth-led Protest, Resilience and Humanity

Youth-led Protest, Resilience and Humanity

July 25, 2026
The Wrath of Nature : Floods of Assam

The Wrath of Nature : Floods of Assam

July 24, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d