সোণৰ খনি
সলনি হৈ যাব পাৰে অৰ্থনীতি, হ্ৰাস হ’ব পাৰে সোণৰ দাম
অৰবিন্দ ৰাভা
বিহাৰৰ জামুই ( Jamui) জিলাৰ কৰমটিয়া গাওঁ। ওপৰে ওপৰে চালে ৰুক্ষ, শুকান, অনুৰ্বৰ, শূণ্যতা বিৰাজ কৰি থকা এক অঞ্চল। তেনে জনবসতিও নাই। কিন্তু বিহাৰৰ এই অনুৰ্বৰ – ৰুক্ষ মাটিয়েই বিহাৰৰ তথা ভাৰতবৰ্ষৰ অৰ্থনীতি সলনি কৰি দিব পাৰে।
কাৰণ এই মাটিৰ তলতেই সম্ভৱতঃ অৱস্থান কৰি আছে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ সোণৰ খনি। অৰ্থাৎ, স্বৰ্ণভান্ডাৰ। জামুই জিলাৰ কৰমটিয়া ( Karmatia) গাওঁত যে সৰ্ববৃহৎ সোণৰ খনি আছে, তেনে অনুমান বা জল্পনা আজিৰ নহয়। কিন্তু এইবাৰ বিহাৰ চৰকাৰে সেই জল্পনাক গুৰুত্ব আৰোপ কৰি জামুইত স্বৰ্ণভান্ডাৰৰ অন্বেষণ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে।
প্ৰত্নতাত্বিক সকলৰ ধাৰণা, জামুইৰ এই ভূমিত অন্ততঃ ২২২.৮৮ নিযুত টন ওজনৰ স্বৰ্ণৰ আকৰ আছে। ইয়াৰে ৩৭.৬ টন উৎকৃষ্ট মানৰ সোণ। এই বিপুল পৰিমাণৰ আকৰিকৰ পৰাও প্ৰচুৰ ধাতৱ সোণ প্ৰস্তুত কৰিব পৰা যাব। তাৰোপৰি ইয়াৰ লগতে কিমান উপজাত দ্ৰব্য তৈয়াৰ হ’ব পাৰে তাৰ কোনো সীমা নাই।
এই বিপুল পৰিমাণৰ সোণৰ যদি সচাই সন্ধান পোৱা যায় আৰু যদি বজাৰলৈ আহে, নিশাৰ ভিতৰতে সোণৰ দাম কমাৰ লগতে অৰ্থনীতি একেবাৰে সলনি হৈ যাব বুলি অনুমান কৰা হৈছে। জিলাৰ সদৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত অৱস্থিত এই কৰমতিয়া গাওঁ। ইতিপূৰ্বে ১৯৮২ চনতো এই কৰমটিয়া গাওঁ শিৰোনামলৈ আহিছিল। তেতিয়াও সোণৰ খনিৰ খবৰ ওলাইছিল যদিও চৰকাৰে গুৰুত্ব দিয়া নাছিল।
২০১১ চনতো আৰ্কিওলজিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ তৰফৰ পৰা সেই অঞ্চলত খননৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও খননৰ খৰছ অত্যাধিক হোৱাত সমগ্ৰ বিষয়টো শীতল ঘৰলৈ গুচি যায়। ১০ বছৰ পিছত ২০২১ চনত কেন্দ্ৰীয় খনি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নতুনকৈ এই অঞ্চলত খননৰ বাবে যো-জা চলায় আৰু সংসদত জনায় যে তাতেই ভাৰতবৰ্ষৰ সৰ্ববৃহৎ সোণৰ খনি আছে।
লিখিত প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়, বিহাৰত ২২২.৮৮৫ টন ধাতব সোণ আছে আৰু এই পৰিমাণ ভাৰতৰ মুঠ সোণৰ ৪৪% সোণৰ সমান। কিন্তু কিবা অদৃশ্য কাৰণত কেন্দ্ৰীয় চৰকাৰে বিষয়টোক লৈ আগ নাবাঢ়িল। এইবাৰ উদ্যোগ লৈছে বিহাৰ চৰকাৰে।
বিহাৰৰ অতিৰিক্ত মুখ্য সচিব হৰজ্যোত কৌৰ বামৰাহে কৈছে, বিহাৰ চৰকাৰে এই খনিৰ প্ৰাথমিক অন্বেসণৰ বাবে সেউজ সংকেত দিছে আৰু আমি কেন্দ্ৰীয় সংস্থাবোৰৰ সৈতে এক MOU স্বাক্ষৰ কৰিম। প্ৰাথমিকভাৱে আমি তৃতীয় স্তৰৰ অন্বেষণ কৰিম, যিটো হ’ব একেবাৰেই প্ৰাথমিক অন্বেষণ। সেই অন্বেষণ কেইমাহমানৰ ভিতৰতে শেষ হ’ব আৰু তাৰপিছত দ্বিতীয় স্তৰৰ অন্বেষণ কৰা হ’ব।
কৌৰে কৈছে, জিওলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া (GSI), আৰ্কিওলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া (ASI)ৰ পৰা অহা তথ্য অনুসৰি কৰমটিয়া, ঝাঝা আৰু সোণো অঞ্চলত অন্বেষণ কৰা হ’ব।
29-05-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.