-দীপজ্যোতি গগৈ |
ৰাজনীতি(Politics) মানেনো কি? ইয়াৰ কংক্ৰীত সংজ্ঞা দিবলৈ আমি অসমৰ্থ,পিছে আমি আজি ৰাজনীতি বুলিলে কিবা হ’লেও বুজোঁ।ৰাজনীতিক বিভিন্নক্ষেত্ৰৰ সৈতে সাঙুৰিব বিচাৰোঁ,সেইবাবেই ৰাজনীতিক গুৰুত্বও দিওঁ! কওকচোন,এইবাৰ নিৰ্বাচনত অসমে আবিষ্কাৰ কৰা আটাইতকৈ মূল্যৱান প্ৰতিভাটো কি? এজন ডান্সাৰ নহয়নে!মই বোলো ইয়াৰ লগত ৰাজনীতিৰ কিবা সংযোগ আছে নেকি বুলি কিতাপ খুঁচৰিব ধৰিলোঁ।অৱশেষত সৌভাগ্যক্ৰমে “Dance Politics” শীৰ্ষক গ্ৰন্থখন পালোঁ! বাহ্ আমাৰ বিখ্যাত ডান্সাৰ শৰ্মা ছাৰ কিন্তু ব’ম ইন্টেলিজেন্ট! কিয় ক’লো? গ্ৰন্থখনত লিখিছে,”সামাজিক ইচ্ছুসমূহে নাচত ব্যাপক প্ৰভাৱ পেলায়।অসমতা,অৰ্থনীতি,ৰাজহুৱা স্বাস্থ্য,শিক্ষাৰ অভাৱ আদি প্ৰতিটো ইচ্ছুৱে নাচৰ ভঙ্গীমাৰ দ্বাৰা প্ৰতিফলিত হয়,ই এক বিস্তৃত গৱেষণাৰো বিষয়। নাচৰ শৈলীৰ সৈতে বেকগ্ৰাউণ্ড সংগীতেও সমাজৰ ৰাজনৈতিক ৰূপকহে প্ৰতিনিধিত্ব কৰে।” এতিয়াহে বুজিলোঁ,হিমন্ত বিশ্ব চাৰে কিয় বাৰু ভেকুলী জাঁপ মাৰিছিল! মই অৱশ্যে তেওঁৰ নাচে কি কি দিগদর্শন কৰিলে, তাক নিৰ্ধাৰণ কৰিবলৈ আমাৰ অভিজ্ঞ সকললৈকে ৰাখিছোঁ। সেইবাবেই “ফুলনি মানেই বাগিছা,বাগিছা মানেই ফুলনি।” গীতটোৱে বৰ্তমান সময়ৰ অসমৰ অৰ্থ-সামাজিক তথা ৰাজনৈতিক পৰিস্থিতিক নিৰ্ণয় কৰিবলৈ সক্ষম,ইয়াক আপুনি কেনেকৈ এৰাই চলিব ? বাৰু,অসমৰ ৰাজনীতি ইয়াতে থওঁ। ট্ৰেজেদি সৈতে ৰাজনীতিক জড়িতকৰণ অতিকৈ গুৰুত্বপূৰ্ণ কথা।বহুতেই ক’ব খোজে এনে দুখজনক পৰিস্থিতিত ৰাজনীতি নকৰিব! মইতো তেওঁলোকক ৰাজনৈতিকভাৱে ‘অকালপক্ক’ বুলিহে ক’ম! লণ্ডনৰ ঐতিহ্যমণ্ডিত Greenfell Towerক অগ্নিয়ে পুৰি চাৰখাৰ কৰিল;১৭ জনৰো অধিক মৃত্যু হ’ল,পিছত গম পাইছোঁ সেইয়া ‘কৰ্পৰেট গণহত্যা’হে আছিল।তেন্তে ই অৰাজনৈতিক ঘটনা হ’ল কেনেকৈ? এই কথাবোৰৰ মূল কথাটোৱেই হৈছে সকলোতে ৰাজনীতি।তাত বহুতেই ৰগৰ বিচাৰি পাব,সেই যে ‘পাব’ সিও এটা ৰাজনৈতিক উপাদান। কথাতে কয় নহয়,Even the personal is political বুলি,তাৰ পিছত আৰুনো কি থাকিল।এইবোৰনো কিয় হঠাৎ কৈ আছোঁ? কিয় আপুনি শুনা নাইনেকি দেশত এতিয়া ‘অৰাজনৈতিক'(ভালকৈ পঢ়িব) কথা-বাৰ্তাৰ বহুল পয়োভৰ ঘটিছে? ভাৰতবৰ্ষৰ সৰ্বোচ্চ ৰাজনৈতিক পদ ‘প্ৰধানমন্ত্ৰী’ৰ সৈতে সম্পূৰ্ণৰূপে অৰাজনৈতিক সাক্ষাৎকাৰ লৈছে ‘অৰাজনৈতিক’ কানাডাৰ ‘নাগৰিক’ অক্ষয় কুমাৰে(ইয়াত আপুনি ‘প্ৰধানমন্ত্ৰী’ আৰু ‘নাগৰিক’ শব্দ দুটা মন দিব,এই কেইটা বাৰু অৰাজনৈতিক শব্দ নেকি?) মানুহৰ যাতে খেলিমেলি নহয়,অভিনেতা অক্ষয়ে বাৰে বাৰে ‘Completely apolitical’ শব্দ দুটা লিখি আছে।এয়া আকৌ কি ৰাজনৈতিক কাৰবাৰ হে? কথাবোৰ কিবা মোৰ হজম নহয়ছে। এতিয়া ভাৰতত কি বতৰ চলি আছেনো? পুৰা নিৰ্বাচনী ৰাজনৈতিক বতৰ,তেনেস্থলত আমাৰ প্ৰধানমন্ত্ৰীয়ে ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ দিছে! উফ্ ইয়াতকৈ কিবা পঁয়ালগা কথা আছে নেকি? ‘Non-political’ নামৰ যিটো টুপী মোদী ডাঙৰীয়াই অক্ষয় কুমাৰৰ জৰিয়তে আমাক পিন্ধাব খুজিছে,সেইটো যোৱা পাঁচোটা বৰ্ষৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক হাথিয়াৰৰূপে পৰিগণিত কৰিব পাৰি। দেশৰ প্ৰধানমন্ত্ৰীৰ পদৰো প্ৰাৰ্থী, তাতে যোৱা পাঁচটা বছৰ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহো কৰিছে,তেনে এজন ব্যক্তিৰ সৈতে এই মুহূৰ্তত আপুনি কি কি কথা পাতিব খুজিব? নিশ্চয় ৰাজনৈতিক,অৰ্থনৈতিক,সামাজিক,উন্নয়ন,বিগত কাৰ্যকালৰ সফলতা-বিফলতাৰ কথা; আপুনি মোদীয়ে আম কাটি খাইনে কামুৰি খাই সুধিব নেকি ? আমি আটায়ে এটা কথাত একমত হ’ব পাৰো যে ২০১৪ বৰ্ষত মোদীৰ ব্যক্তিগত লয়লাস,চলন,ভঙ্গীমা,কথা কোৱাৰ ধৰণ তথা ল’ৰালি কালৰ আবেগহ্বল কথাবোৰে আমাক মুগ্ধ কৰিছিল,বিৰোধীৰ বিপক্ষে আছিল ই অন্যতম সফল অস্ত্ৰ। পুনৰ তেনেধৰণৰ আহিলাকে নিৰ্বাচন চলি থাকোঁতেই একমাত্ৰ ভোটাৰক প্ৰলুব্ধ বা ‘আবেগিক’ আকৰ্ষণ কৰিবলৈ একমাত্ৰ ভোটৰ স্বাৰ্থতেই যে এই সাক্ষাৎকাৰ গ্ৰহণ আৰু প্ৰচাৰ কৰা হৈছে,তাতকিবা সন্দেহ আছে নেকি? ইয়াতে কৈ থওঁ,পুঁজিবাদী ব্যৱস্থাত ‘অৰাজনৈতিকৰণ'(Depoliticization) এক অবিচ্ছেদ্য অংগ। অৰাজনৈতিকৰণৰ নামত ক্ষমতা হস্তগত পুৰণি কথা। সেই কথাকে ‘A Brief History of Capitalism’ত লেখক Yanis Varoufakisএ এনেকৈ লিখিছে,”Depoliticization of power means not that power becomes apolitical,just that power becomes authoritarian”(ক্ষমতাৰ অৰাজনৈতিকৰণ মানে মাত্ৰ ক্ষমতাক অৰাজনৈতিক কৰাকে নুবুজায়,বৰঞ্চ ক্ষমতাক স্বেচ্ছাচাৰীহে কৰি তোলে।) গতিকে সেই অস্ত্ৰকে মোদীয়ে অক্ষয় কুমাৰ নিচিনা ‘অবুজন’ অভিনেতাৰ যোগেদি সন্তৰ্পনে কৰিব খুজিছে,সেইয়া নিশ্চিত। অক্ষয় কুমাৰ নিজে বুৰ্বক নে মানুহক বুৰ্বক বুলি ভাৱে,সেইয়া তেওঁ বাদে অন্য কোনেও ক’ব নোৱাৰে।তেওঁ মোদীক সুধা কেইটামান অতি ‘অৰাজনৈতিক’ প্ৰশ্ন ইয়াত উনুকিয়াব খোজোঁ–১)আজি আপোনাৰ বেংকত কিমান ধন আছে? এইটোনো প্ৰশ্ননে? মনোনয়ন পত্ৰখন নাচায় কিয় হে? ই বাৰু মোদীৰ ‘ব্যক্তিগত নিৰীখ’ক মাধ্যম কৰি নিৰ্বাচনী প্ৰচাৰ নহয় নে? তেন্তে ই কেনেকৈ অৰাজনৈতিক প্রশ্ন হ’ল? ২)আপুনি যদি আল্লাউদ্দিনৰ চাকিটো লাভ কৰে,কি বিচাৰিব? হেৰৌ,যি জন প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেকৰে বেংক একাউণ্টত ১৫ লাখ টকাকৈ দিম কৈছিল,বুলেট ট্ৰেইন চলাম কৈছিল,এশ খন স্মাৰ্ট চিটি নিৰ্মাণৰ কথা কৈছিল, সেই জনক আকৌ এইটো চাকি কিয় প্ৰয়োজন? ই কেনেধৰণৰ ‘অৰাজনৈতিক’ প্ৰশ্ন? অৱশ্যে হাঁহিবলৈকো কিবা এটা লাগে বাৰু!(ইয়াৰ বাবে কমেডিয়ানৰো অভাৱ নাই!) ৩) আপুনি কেতিয়াবা প্ৰধানমন্ত্ৰীৰ হোৱা আশা কৰিছিল নে? মই ভাবোঁ,ইয়াতকৈ মূৰ্খামি প্ৰশ্ন দ্বিতীয়তো নাই!(আকৌ বোলে ই অৰাজনৈতিক প্ৰশ্ন!) ৪) আপোনাৰ ঘৰৰ আটাইতকৈ মূল্যৱান সামগ্ৰী বিধ কি? এইটো আকৌ কি কথা! ৫)মোদীৰ পানী লাগিলে কি কৰে? দেশৰ জনতাৰ বাবে গুৰুত্বপূৰ্ণ স্বাস্থ্যসন্মত প্ৰশ্ন!! ৬)আপুনি নিজেই নিজৰ ষ্ট্যাইল কৰেনে? দেশৰ জনতাৰ বাবে অক্ষয় কুমাৰৰ গুৰুত্বপূৰ্ণ সৌন্দৰ্যবৰ্ধক প্ৰশ্ন! ৭)আপুনি হাত ঘড়ীটোৰ কিয় এনেকৈ পিন্ধে? কেনেধৰণৰ অৰ্থহীন প্রশ্ন? প্ৰশ্নৰ কিবা মূল্য থাকিব নালাগে জানো?কোনোবা যদু মধু বা আমাৰ দৰে এলাপেছা এটাক এইবোৰ প্ৰশ্ন সুধা নাইতো,খোদ দেশৰ প্ৰধানমন্ত্ৰীক সুধিছে।তেনেকুৱা ‘অৰাজনৈতিক’ প্ৰশ্ন এজন প্ৰধানমন্ত্ৰীক নিৰ্বাচনৰ সময়ত কোনোবাই সুধিব পাৰে বুলি কল্পনাও কৰিব নোৱাৰোঁ। এতিয়া সৰ্বত্ৰে চৰ্চিত প্রশ্নটো হৈছে, সাক্ষাৎকাৰৰ মূল কথাতোনো কি আছিল? নাই,মূল কথা বুলিবলৈ একোকে নাই।এই সাক্ষাৎকাৰ দেশৰ বাবে কিয় প্ৰয়োজন,তাকো নিৰ্বাচনৰ সময়ত? এজন নাগৰিকে জানো দেশৰ প্ৰধানমন্ত্ৰীক ইয়াতকৈ কিবা ‘অৰাজনৈতিক'(অক্ষয়ৰ ভাষাত) কথা সুধিব পাৰেনে! মই ক’ত যাওঁ! ইয়াতে এটা ‘অৰাজনৈতিক'(?) প্ৰশ্ন সুধা হওঁক,বিবেক অৱেৰয়(Bibek Oberoi) বা অনুপম খেৰৰ দৰে ‘সফল’ অভিনেতা থকা সত্বেও ‘অক্ষয় কুমাৰ’ক কিয় সাক্ষাৎকাৰৰ দিব লগা হ’ল?কি বিশেষ পৰিস্থিতিৰ তাড়নাত? অবোধগম্য কথাটো হৈছে,যি সময়ত নিৰ্বাচন আয়োগে মোদীৰ বায়পিক(Biopic) প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিছে,তেনে সময়তে মোদীৰ ‘শিশুৰ পৰা এতিয়া লৈকে’ সকলো কথাৰ সাক্ষাৎকাৰ কি এখন ‘বায়পিক’তকৈ কম প্ৰভাৱশালী আছিল নেকি? মোৰ ধাৰণা,অক্ষয় কুমাৰে কিবা ‘চকীদাৰ’ ধৰণৰ শীৰ্ষক ‘বায়পিক’ বনাব চাগে,তাৰ বাবে আমাৰ জুবিন দাৰ ‘পলিটিক্স নকৰিবা বন্ধু’ গানটো অলপ কামত আহিব পাৰে! জুবিন দাহঁতো কম ‘অৰাজনৈতিক’ ব্যক্তি নহয় দেই! যি হওঁক,গোটেই সাক্ষাৎকাৰটোৰ দ্বাৰা অক্ষয় কুমাৰে নিজকে বলিউডৰ আটাইতকৈ সফল ‘ৰাজনৈতিক’ অভিনেতা বুলিহে প্ৰমাণ কৰিলে।