জাপানৰ পৰা মহাবাহুলৈ-২৫
–ডা° সুকৃতি চৌধুৰী |
মই সাধাৰণতে যিকোনো ৰোগ-ব্যাধিৰ কথা ফেচবুকত লিখিলে বা মেচেঞ্জাৰত কাৰোবাৰ সৈতে পাতিলে অত্যন্ত ঘৰুৱা ভাষাৰে ক’বলৈ যত্ন কৰো৷ এই কথাটোয়েই ভাবি লওঁ যে চিকিৎসক নোহোৱা হ’লে এই ৰোগটোৰ বিষয়ে মোক কোনোবা এজনে কেনেকৈ কিদৰে কি ভাষাৰে ক’লে মই বুজি পালোহেঁতেন৷
ফেচবুকত কথা পাতি সাধাৰণতে মই বেমাৰৰ নাম কৈ আপোনাৰ এইটোয়েই হ’ল বুলি নকওঁ ৷ ঔষধৰ নামো নকওঁ৷ মই যদি এনেকুৱা কৰিব লাগে তেনেহ’লে ৰোগীক নিজহাতে স্বাস্থ্য পৰীক্ষা কৰিবলৈ পাব লাগিব৷ হয়তোবা তেওঁক কেইটামান পৰীক্ষা কৰাব লগা হ’ব পাৰে ৷ তাৰ পিছতহে ক’ম তেওঁৰ কি হৈ আছে সেয়া কি পৰ্যায়ত আছে আৰু ইয়াৰ নিদান কি হ’ব পাৰে৷এই কথাটো সুকীয়া যে চিকিৎসা কৰি থকা পুৰণা ৰোগী এজনৰ সৈতে দুৰৰ পৰা কথা পাতি চিকিৎসা বিধান দিব পাৰি যদিও ইয়াতো সীমাবদ্ধতা থাকে৷
আপুনি চাবচোন ইউটিউব বা ফেচবুকত ভিডিও দি বা লেখাৰ মাধ্যমেৰে ৰাইজক বিভিন্ন ৰোগব্যাধিৰ বিষয়ে সচেতন কৰা চিকিৎসক সকলে এই কথাটো স্পষ্টকৈ কয় যে —-“এয়া সেই ৰোগৰ সাধাৰণ আলোচনাহে৷ আপুনি পাই থকা অসুবিধাৰ বাবে চিকিৎসকক স্বাস্থ্য পৰীক্ষা কৰাই পৰামৰ্শ কৰিব৷” ইয়াৰ কাৰণ হ’ল: তেখেত সকলে এইটো বিচাৰে যে এজন মানুহক ভালদৰে পৰীক্ষা কৰি তেওঁৰ কি হৈছে সেয়া সিদ্ধান্ত কৰি তাৰ পিছতহে চিকিৎসা কৰাটোয়েই উচিত৷
এইখিনিতে সকলো চিকিৎসকে তেওঁৰ একাংশ শৈশৱৰ বন্ধু আৰু সম্পৰ্কীয়ৰ ক্ষেত্ৰত সন্মুখীন হোৱা এটা সমস্যাৰ কথা কওঁ৷ সেইটো হ’ল: হঠাৎ ফোন কৰি সুধি দিব–“ঐ কচোন ইমান পেট বিষাইছে৷ কি ঔষধ খাম বা এনেকুৱা হৈছে কি কৰিম“ ইত্যাদি। পেটৰ বিষৰ বহুতো কাৰণ হ’ব পাৰে৷ বা আমুকটো হোৱাৰ কাৰণো বহুতো হ’ব পাৰে৷ নোচোৱাকৈ মানে স্বাস্থ্য পৰীক্ষা নকৰাকৈ “ তামুকটো খাই দে ভাল হৈ যাব“ বুলি কেনেকৈ কোৱা যায় বাৰু কওকচোন৷ আনহাতে স্বাস্থ্য পৰীক্ষা কৰি চাবলৈ মাতিলেও বেয়া পাই যায়৷অনুমান কৰি খুবেই সাধাৰণ কিবা এটা কোৱা হ’লেই যেনিবা৷ কিন্তু ভাল নাপালেও দহজনৰ আগত কৈ ফুৰিব৷ আনহাতে ভাল পালে পিছত ফোন এটা কৰিও ধন্যবাদ নক’ব৷ মন কৰিব, মই পেৰেগ্ৰাফটোৰ আৰম্ভণিতে “একাংশ“ শব্দটো লিখিছো৷ সকলো এনে নহয়৷
আটাইতকৈ ডাঙৰ কথা ভাৰতবৰ্ষত জনসংখ্যা অনুপাতে চিকিৎসকৰ সংখ্যা বহুত কম হোৱাৰ বাবে একোজন চিকিৎসকে উদয়াস্ত কঠোৰ পৰিশ্ৰম কৰিব লগা হয়৷ সেয়ে ছ’চিয়েল মিডিয়াত কিবা এটা লিখা বা কোৱাৰ বাবে বহুত কষ্টৰ মাজেৰে মিনিট চেকেণ্ডৰ হিচাপ কৰি বা কুহিঁয়াৰ পেৰাদি পেৰি সময় বাহিৰ কৰিব লগা হয়৷ ইয়াৰ বাবে টাইম মেনেজমেণ্টৰ বিশেষ খেয়াল ৰাখিব লগা হয়৷
এতিয়ালৈকে চিকিৎসকৰ কথায়েই ক’লো৷ কিন্ত……
কিন্তু ফেচবুকত এচাম এনে ওস্তাদি মাৰা মানুহ আছে যে তেওঁলোকে আন মানুহক বিপদত পেলাব বুলি আশংকা কৰিছো৷ নাই নাই এইসকল ডাক্তৰটো নহয়েই আনকি নিজৰ পঢ়াশুনা বা কেৰিয়াৰত কিমান যশস্বী সেয়া সন্দেহৰ উৰ্দ্ধত নহয়৷ এইটো লিখি থ’ব পাৰে যে কোনো ডাক্তৰেই তেওঁলোকৰ দৰে কথা নকয় বা নিলিখে৷
এইবোৰ কেনেকুৱা মানুহ জানেনে…?
এবাৰ বাতৰি-কাকতত পঢ়িছিলো যে এজন মানুহে তেওঁৰ পত্নীৰ প্ৰসৱ বেদনা আৰম্ভ হওতে লগৰ বন্ধু এজনৰ সৈতে মিলি “ইউটিউব“ চাই চাই ডেলিভাৰী কৰাবলৈ যত্ন কৰিলে!! ফলাফল: মানুহগৰাকীৰ মৃত্যু হ’ল৷ অৱশেষত মানুহটোক বন্ধুৰে সৈতে পুলিচে গ্ৰেপ্তাৰ কৰে৷
অলপতে এজন বাবাই নাকত নেমুটেঙা চেপি দি কৰ’না ভাল কৰাৰ আচৰিত ভিডিও এটা ভাইৰেল কৰিলে৷ ফলাফল: এনে আচৰিত বিধিৰে কৰ’নাৰ চিকিৎসা কৰি কেইবাজনো সিপুৰী পালেগৈ৷
বৰ ডাঙৰ বাবা এজনে চিকিৎসকক “ডাক তাৰ তাৰ তাৰ“ বুলি ঠাট্টা কৰি নিজৰ চুৰণ-উৰণ আদিৰ নায্যতা দাবী কৰি থাকোতে তেওঁৰ প্ৰধান শিষ্যজন গুৰুতৰ ৰোগত পৰিল৷ বাবাই তেওঁৰ শিষ্যক দৌৰাদৌৰিকৈ AIIMS লৈ আনি চিকিৎসা কৰোৱায়৷ সেই সময়ত তেওঁৰ “তাৰ তাৰ তাৰ“ কথাবোৰ ক’লৈ গ’ল?
ফেচবুকত বহুতো লোকে বিভিন্ন শাৰীৰিক বা মানসিক সমস্যাৰ কথা লিখে৷ তেনে অভিজ্ঞতা পাৰ কৰি অহা আনলোকে কমেণ্টত তেওঁক ধুনীয়াকৈ নিজৰ অভিজ্ঞতাৰ কথা কয়৷ বহুতে সাহস দিয়ে৷ বৰ ভাল লাগে। কিন্তু তাৰ মাজতে কোনোবা এজন বা দুজন এনে ওলায় যি টেপেককৈ মাত লগাই কৈ দিব: আপোনাৰ আমুক বেমাৰ হৈছে! কি আচৰিত মানুহ জানো এইজাত৷ সৰৱজান নে কি নাজানো৷ চিকিৎসা বিজ্ঞান নপঢ়াকৈ, ৰোগীক পৰীক্ষা নকৰাকৈ কেৱল ফেচবুক ষ্টেটাছ পঢ়ি কৈ দিয়ে আপোনাৰ আমুক বেমাৰ হ’ল!! প্ৰথম কথা নজনা-নুশুনাকৈ এইদৰে কোনোবাই কৈ দিলে ফেচবুকত নিজৰ সমস্যাটো লিখা মানুহজন নাৰ্ভাছ হয় বা মিচগাইড হোৱাৰ সম্ভাৱণা৷
ইউটিউব চাই বা গুগুল কৰিয়েই চিকিৎসা কৰিব পৰা হ’লে আমাৰ দেশত ইমানবোৰ মেডিকেল কলেজৰ দৰকাৰ হ’লহেতেন নে? ভীষণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাজেৰে চিট লৈ তাৰ পিছত অত বছৰ দিন-ৰাতি এক কৰি পঢ়ি প্ৰশিক্ষণ লৈ চিকিৎসক হোৱা সকলৰ পৰামৰ্শ নে ইউটিউবৰ আদৰ্শ সেয়া ৰাইজৰ হাতত৷
ইউটিউব বা গুগুল চাই যেন কেতিয়াও ৰোগ আৰু চিকিৎসাবিধিৰ বিষয়ে সেয়াই ফাইনেল কথা বুলি ধৰি নলয়৷ তদুপৰি ইউটিউবত অজস্ৰ গাজাখুৰী চলে৷ এইবোৰ লাইক কমেণ্ট শ্বেয়াৰ বঢ়াই টকা ঘটাৰ ধাণ্ডা৷ ইমানেই ভাল ইন্টেচন থাকিলে একেখিনি কথা ফেচবুক বা পেপাৰ মেগাজিনত কিয় নিলিখে?
কিবা কথাত ক্ষোভ প্ৰকাশ কৰি ওপৰৰ কথাখিনি লিখিলো৷ কোনেও যেন বেয়া নাপায়৷
মই আজি পুনৰ ক’ব খোজো, এখন ডায়েৰীত আপোনাৰ কেতিয়া কি ৰোগ হৈছিল কি ঔষধ খাইছিল, আপোনাৰ শৰীৰৰ বিষয়ে যিমান তথ্য জানে ধৰক চুগাৰ লেভেল, বিপি, ওজন, উচ্চতা, আৰু সাধাৰণভাৱে যিমানবোৰ জানে লিখি যাব৷ আপোনাৰ পৰিয়ালৰ মানুহৰ হোৱা ৰোগ আদিৰ কথাও লিখিব৷ ডায়েৰীখন সুৰক্ষিতভাৱে ৰাখক৷ ঘৰৰ সকলোকে ক’ব ডায়েৰীখন ক’ত আছে৷ ইয়াৰ বাদেও এটা ফাইলত টেগ বান্ধি আপোনাৰ সকলোবোৰ প্ৰেছক্ৰিপছন, মেডিকেল টেষ্টৰ ৰিপ’ৰ্ট থৈ যাব৷ ঈশ্বৰে নকৰক আপোনাৰ গুৰুতৰ অৱস্থাত আনকি কথা ক’ব নোৱাৰা অৱস্থাতো এই ডায়েৰী আৰু ফাইলটো ঘৰৰ মানুহে চিকিৎসকৰ হাতত তুলি দিলে ইমান সহায়ক হ’ব যে সেয়া আপোনাৰ বাবে জীৱনদায়িনী হৈ উঠিব পাৰে৷ তদুপৰি বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা কৰাওকচোন৷ ইয়াৰ বাবে আপুনি ক’লৈকো যাব নালাগে৷ অনলাইন বুক কৰক৷ ঘৰতেই আহি তেজ প্ৰস্ৰাৱ আদি লৈ যাবহি৷ হাজাৰ টকামান খৰচ পৰিব৷ মোটামুটিকৈ ৮৮ ৰ পৰা ৯২ টা মান টেষ্ট হৈ যায়৷ ৰিপ’ৰ্টখিনি লৈ এজন স্থানীয় চিকিৎসকক এদিন দেখা কৰক৷ প্ৰয়োজবোধে তেওঁ আৰু পৰীক্ষা কৰিবলৈ দিব৷ ইংৰাজীত কয় Prevention is better than cure.