হকিন্স, দ্যা লাষ্ট লিফ, যন্ত্ৰণা
জাহ্নৱী এন ডেকা
( ১ )
” Great thing will happen when you get up , dust yourself off and go after life with determination and courage .”
জীয়াই থকাৰ সকলো আশা উদ্যম হেৰুৱাই পেলোৱা মৃত্যুপথৰ যাত্ৰী এজনী নিউমোনিয়াত আক্ৰান্ত ছোৱালী ৷ চিকিৎসকেও তাইৰ জীয়াই থকাৰ আশা এৰি দিছে ৷ দুই তিনিদিনৰ ভিতৰতে তাইৰ মৃত্যু নিশ্চিত ৷ আন সকলোৰে লগতে তাই নিজেও চিকিৎসালয়ৰ বিছনাত অপেক্ষাৰত অতি সোনকালে তাইলৈ মৃত্যু কঢ়িয়াই লৈ আহিবলগীয়া সেই ভয়ংকৰ দিনটোলৈ ৷ তাইৰ অন্তৰংগ বান্ধৱী এগৰাকীয়ে তাইৰ আলপৈচান ধৰি প্ৰতি মুহুৰ্ততে তাইক সাহস দি আছে যদিও তাই জীয়াই থকাৰ কিঞ্চিৎমানো আশা কৰা নাই ৷ প্ৰচণ্ড হতাশা আৰু নিৰাশাই তিল তিলকৈ গ্ৰাস কৰি আনিছে তাইৰ অন্তৰাত্মা ৷ চিকিৎসালয়ৰ বিছনাত শুই শুই তাই অপেক্ষাৰত তাইৰ আহিবলগীয়া মৃত্যুৰ বাবে ৷ যেন মৃত্যুক আদৰিবলৈ তাই এক প্ৰকাৰ সাজু ৷
কিন্তু হঠাতে এদিন তাইৰ চকু গ’ল বিচনাৰ কাষৰ খিৰিকীৰে দেখা এজোপা আইভি গছলৈ ৷ তাই দেখিলে শীতত সেৰেঙা পৰা আইভি গছডালৰ পাতবোৰ সৰি গৈ মাথো কেইটামান পাতহে আছেগৈ ৷ সেইকেইটা পাতো যে অতি সোনকালে সৰি শেষ হৈ গছডাল লঠঙা হ’ব সেইটো নিশ্চিত ৷ তীব্ৰ গতিত সৰি শেষ হ’বলৈ ধৰা গছডালৰ পাতবোৰৰ লগত তাই নিজৰ জীৱনটোক ৰিজালে ৷ তাইৰ মনত ধাৰণা হ’ল যে গছডালৰ শেষৰটো পাত সৰালৈকে (হয়তো ) তাই জীয়াই থাকিব ৷ এটা দুটাকৈ পাতবোৰ সৰি নাইকিয়া হ’ব ধৰিছে ৷ তাই প্ৰতিদিনেই পাতবোৰ গণনা কৰি গ’ল ৷ তাইৰ অন্তৰংগ বান্ধৱী চ্যু (Sue ) কো তাই মাজে মাজে মনত পেলাই দিছে শেষৰটো পাত সৰিলেই তাইৰো জীৱন নিৰ্বাপিত হোৱাৰ সেই কাল্পনিক নিষ্ঠুৰ সত্যৰ কথা ৷ গছডালৰ শেষৰটো পাত সৰালৈকে তাই বাট চাই ৰ’ল অধীৰ আগ্ৰহেৰে ৷ কিন্তু তাই আশা কৰা ধৰণে সেই বিশেষ পাতখিলা নসৰিল ৷
তাইৰ ধাৰণা অসত্য প্ৰমাণিত কৰি সেই শেষৰটো পাতে প্ৰতিকুল পৰিবেশৰ সৈতে সংগ্ৰাম কৰি অকলেই বৰ্তি থাকিল সেই লঠঙা গছডালত ৷ মৃত্যুপথৰ যাত্ৰী ছোৱালীজনীৰ মনৰ পৰা মুহুৰ্ততে হতাশাবোধ নাইকিয়া হ’ল ৷ প্ৰতিকুল পৰিবেশৰ লগত সংগ্ৰাম কৰি শেষলৈ নিজৰ অস্তিত্ব বৰ্তাই ৰখা আইভি গছডালৰ শেষৰটো পাতৰ জীৱন সংগ্ৰামে তাইৰ মনলৈও আনি দিলে প্ৰতিকুলতাৰ বিৰুদ্ধে যুঁজি যোৱাৰ মানসিক দৃঢ়তা ৷ জীয়াই থকাৰ এক গভীৰ আশাবাদে তাইৰ মনত বিজুলী সঞ্চাৰ কৰিলে ৷ তাই মনতে সিদ্ধান্ত ল’লে –তাই জীয়াই থাকিবই লাগিব , নিজৰ বাবে নহ’লেও অন্তত তাইৰ অন্তৰংগ বান্ধৱী চ্যুৰ বাবে ৷ জীয়াই থকাৰ প্ৰবল হেপাহেৰে দেহ মনৰ জড়তা আঁতৰাই তাই বিছনাত উঠি বহিল যন্ত্ৰণা আৰু মৃত্যুক জয় কৰাৰ দৃঢ়তা লৈ ৷
অ’ হেনৰীৰ ” দ্যা লাষ্ট লিফ ( The Last leaf ) ” নামৰ বিখ্যাত গল্পটোৰ কাহিনীৰ কিয়দংশ এয়া ৷
গল্পটোৰ নায়িকা ’ জ’নজী ( Jonsey )’ নামৰ ছোৱালীজনীয়ে প্ৰবল ইচ্ছাশক্তিৰে মৃত্যুভয়ক জয় কৰাৰ সাৱলীল বৰ্ণনা ’ দ্যা লাষ্ট লিফ ’ ৷ বিশ্বসাহিত্য সম্পৰ্কে ন্যুনতম খবৰ ৰখা প্ৰত্যেকজন সাহিত্যপ্ৰেমীয়েই জ্ঞাত অ’ হেনৰী তথা তেওঁৰ সাহিত্যকৃতি সম্পৰ্কে ৷ হেনৰীৰ প্ৰকৃত নাম আছিল উইলিয়াম চিড্নী পৰ্টাৰ ( William Sydney Porter ) ৷ পাশ্চাত্য সাহিত্যত যি কেইগৰাকী অত্যন্ত প্ৰতিভাশালী আৰু প্ৰভাৱশালী গল্পকাৰ আছে সেইসকলৰ ভিতৰত অ’ হেনৰী অন্যতম ৷ মাত্ৰ সাতচল্লিশ বছৰীয়া জীৱন পৰিক্ৰমাত হেনৰীয়ে লিখি উলিওৱা প্ৰায় ছয়শতকৈয়ো অধিক উচ্চ মানবিশিষ্ট সাহিত্যিক গুণসম্পন্ন গল্পই প্ৰমাণ কৰে হেনৰীৰ সাহিত্যিক প্ৰতিভাৰ কথা ৷ দুখ , যন্ত্ৰণা , হতাশা , নিৰাশা , ব্যংগ , বিদ্ৰূপ আদি ভিন্ন উপাদানেৰে পৰিপুষ্ট হেনৰীৰ বেছিভাগ গল্পৰে কিন্তু পৰিসমাপ্তি ঘটে এক গভীৰ নাটকীয় আশাবাদেৰে ৷ নিজৰ ব্যক্তিগত জীৱনতো প্ৰিয়তমা পত্নীৰ বিয়োগ , কাৰাবাস , দৰিদ্ৰতাকে ধৰি অলেখ দুখ যন্ত্ৰণাৰে ক্লিষ্ট হেনৰীৰ গল্পবোৰত সদায় দেখা যায় হতাশা , নিৰাশাৰ মাজতো গভীৰ আশাবাদ , উজ্জীৱিত জীৱন লাভৰ সাধনাৰ প্ৰতিফলন ৷ জীৱন সম্পৰ্কে গভীৰ আশাবাদী এই দৃষ্টিভংগীৰ কাৰণেই যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ সৰ্বস্ব হেৰুৱাই প্ৰবল দৰিদ্ৰতাৰে জীৱন কটোৱা তথা জীৱনৰ সংকটপূৰ্ণ মুহুৰ্তত প্ৰিয়জনৰ পৰা বিচ্ছেদৰ পিছতো হেনৰীয়ে ক’ব পাৰিছিল ” Turn up the light , I don’t want to go home in the dark .” ৷ জীৱনত সন্মুখীন হোৱা প্ৰতিটো অভিজ্ঞতাকে সদায় ইতিবাচক দৃষ্টিভংগীৰে চোৱা আৰু জীৱনৰ প্ৰতি থকা এই গভীৰ আশাবাদৰ কাৰণেই হেনৰীয়ে লিখিব পাৰিছিল ’দ্যা লাষ্ট লিফ ’ৰ দৰে কালজয়ী গল্প ৷
( ২ )
অ’ হেনৰীৰ গল্পৰ কল্পকাহিনীৰ দৰেই মোৰ চিন্তা চেতনাক আলোড়িত কৰা বাস্তৱৰ আন এক সুন্দৰ গল্প হ’ল মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ জীৱনজয়ী কাহিনী ৷ মানৱ জীৱনৰ মহত্ত্বৰ সাধনা সম্পৰ্কীয় যিবোৰ বাস্তৱ কাহিনী পৃথিৱীৰ বুৰঞ্জীত এতিয়ালৈকে ৰচিত হৈছে সেই সকলোবোৰৰ ভিতৰত মোৰ দৃষ্টিত হকিঙৰ জীৱন কাহিনীয়েই সৰ্বশ্ৰেষ্ঠ ৷ জীৱনৰ সোণালী সময় ভৰ যৌৱন কালতে মটৰ নিউৰণৰ দৰে ভয়াবহ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈয়ো বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি সম্পৰ্কীয় পদাৰ্থবিজ্ঞান আৰু গাণিতিক গৱেষণাৰে মানৱ সমাজৰ বাবে হকিঙে যি অৱদান দি গ’ল সি সচাঁকৈয়ে অতুলনীয় ৷
মাত্ৰ একৈশ বছৰ বয়সতে কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত হকিঙক মটৰ নিউৰণ ৰোগত আক্ৰান্ত হোৱাৰ সেই ভয়াবহ খবৰটো দিয়া হৈছিল ৷ শৰীৰৰ অংগবোৰ এটা এটাকৈ পক্ষাঘাতগ্ৰস্ত হৈ কম সময়ৰ ভিতৰতে নিশ্চিত মৃত্যুলৈ ঠেলি দিয়া এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ সেই ভয়াবহ খবৰটো শুনাৰ পিছত আন আন সাধাৰণ মানুহৰ দৰেই হকিঙো প্ৰথমতে মানসিকভাৱে ভাগি পৰিছিল , হেৰুৱাই পেলাইছিল জীৱনৰ সকলো আশা , উদ্যম ৷ কিন্তু হকিঙৰ জীৱনৰ সেই হতাশা আছিল নিতান্তই ক্ষন্তেকীয়া ৷ হকিঙৰ বাগদত্তা জেন ৱাইল্ডৰ ( Jane Wilde ) আশাশুধীয়া প্ৰচেষ্টা আৰু পৰিয়ালৰ সদস্য , শিক্ষাগুৰু তথা শুভাকাংক্ষী বন্ধু-বান্ধৱৰ অনুপ্ৰেৰণাত হকিঙে লাভ কৰিছিল এক নতুন জীৱন ৷
মটৰ নিউৰণৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছতো , মাত্ৰ দুবছৰমানলৈ জীয়াই থাকিব বুলি চিকিৎসকে কৰা সেই ভয়াবহ ভৱিষ্যতবাণী শুনাৰ পিছতো হকিঙৰ প্ৰেয়সী জেন ৱাইল্ড আনন্দেৰে আগবাঢ়ি আহিছিল তেওঁক সান্নিধ্য দিবলৈ আৰু তেওঁলোকৰ বাগদান সম্পন্ন হৈছিল ৷ এই বাগদানক হকিঙে পিছত অভিহিত কৰিছিল ” Something to live for ” বুলি ৷ অৰ্থাৎ অন্য অৰ্থত এই বাগদানেই আছিল হকিঙৰ জীৱনৰ ’ দ্যা লাষ্ট লিফ ’ ৷ প্ৰিয়জনৰ সান্নিধ্য , পৰিয়াল , শিক্ষাগুৰু আৰু বন্ধু – বান্ধৱৰ অনুপ্ৰেৰণাত হকিঙে লাভ কৰিলে এক নতুন জীৱন ৷ তেওঁৰ মনলৈ হেৰোৱা উদ্যম ঘূৰি আহিল ৷ পক্ষাঘাতত আক্ৰান্ত হোৱাৰ পিছতহে যেন হকিঙে বুজি উঠিছিল জীয়াই থকাৰ নতুন অৰ্থ , এই পৃথিৱী তথা বিশ্বব্ৰহ্মাণ্ডৰ বিনন্দীয়া সৌন্দৰ্যৰ মহত্ত্ব ৷ শৰীৰত পক্ষাঘাত লৈয়েই এক নতুন উদ্যমেৰে তেওঁ পুনৰ মনোনিৱেশ কৰিলে অধ্যয়ন আৰু গৱেষণাত ৷ হকিঙে মনতে সিদ্ধান্ত ল’লে আহিবলগীয়া মৃত্যুক সহজভাৱে লৈ অদৃষ্টৰ বিৰুদ্ধে যুঁজিবলৈ ৷
সাধাৰণতে মটৰ নিউৰণৰ দৰে ৰোগত আক্ৰান্ত ব্যক্তিৰ পৰিসাংখ্যিক তথ্য চাই চিকিৎসকে হকিঙক মাত্ৰ দুবছৰৰ পৰা চাৰিবছৰমানহে জীয়াই থাকিব বুলি কৰা ভৱিষ্যতবাণী অসাৰ প্ৰতিপন্ন কৰি নিজৰ অদম্য মনোবল আৰু প্ৰবল ইচ্ছাশক্তি তথা মানৱ সমাজৰ হিতৰ বাবে কিবা এটা কৰি যোৱাৰ দুৰন্ত হেপাহে হকিঙক দুবছৰৰ ঠাইত জীয়াই ৰাখিলে আচৰ্য্যজনকভাৱে সুদীৰ্ঘ পঞ্চাশ বছৰতকৈও অধিক ৷ মটৰ নিউৰণৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছত ইমান বেছি দিন জীয়াই থকাৰ উদাহৰণ হয়তো চিকিৎসা বিজ্ঞানৰ ইতিহাসত আৰু দ্বিতীয়জন নোলাব ৷ হকিঙৰ ইচ্ছাশক্তিৰ ওচৰত যেন নিয়তিয়েও হাৰ মানিছিল ৷ শৰীৰৰ ইটোৰ পিছত সিটো অংগ পক্ষাঘাতগ্ৰস্ত হৈ অকামিলা হোৱাৰ পিছতো হকিং কেতিয়াও থমকি ৰোৱা নাছিল ৷ বৰঞ্চ দুগুণ উৎসাহেৰে লাগি গৈছিল পদাৰ্থবিজ্ঞানৰ ন ন সম্পৰীক্ষাত , মহাকাল আৰু অন্তৰীক্ষ সম্পৰ্কীয় নিতৌ নতুন গৱেষণাত আৰু লিখি উলিয়াইছিল ইখনৰ পিছত সিখনকৈ তত্ত্বগধুৰ গ্ৰন্থ ৷ ৰূপকথাৰ নায়কৰ দৰেই তাৰ পিছৰখিনি সময়ত হকিঙৰ জীৱন আৰু চিন্তাৰ উত্তৰণৰ সেই প্ৰেৰণাদায়ী কাহিনীৰ কথা আমাৰ সকলোৰে জ্ঞাত ৷
( ৩ )
আমি প্ৰায়েই বিভিন্ন ধৰণৰ ৰোগ বা শাৰীৰিক ব্যাধিত আক্ৰান্ত হওঁ ৷ আনকি সম্পূৰ্ণ চাকচিক্য আৰু স্বাস্থ্যবিধি মানি চলা ব্যক্তিগৰাকীও ৰোগাক্ৰান্ত নোহোৱাকৈ নাথাকে ৷ আনহাতে শৰীৰ আৰু মন দুটা সম্পূৰ্ণ ভিন্ন সত্ত্বা যদিও দুয়োটাৰ মাজত আছে ওতঃপ্ৰোতঃ সম্পৰ্ক ৷ শাৰীৰিক আৰু মানসিক সুস্থতা ইটো সিটোৰ পৰিপূৰক ৷ শৰীৰৰ সুস্থতাৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰে মানসিক সুস্থিৰতাও ৷ ব্যক্তিৰ দেহৰ সুস্থতাৰ দ্বাৰাই বহুক্ষেত্ৰত মানসিক সবলতাও নিৰূপিত হয় ৷ দেহত নানানটা বীজাণুৰ আক্ৰমণ লৈ কোনো এগৰাকী ব্যক্তিয়ে মনটোক সুস্থিৰ কৰি ৰাখিব নোৱাৰে ; নিজকে সুখী বুলি ভাবিব নোৱাৰে ৷ শাৰীৰিক বেমাৰ আজাৰ ইত্যাদিৰ প্ৰভাৱত হোৱা মানসিক যন্ত্ৰণাবোৰৰ উপৰিও আন কিছুমান কাৰকেও মনক প্ৰভাৱিত কৰি মানসিক যন্ত্ৰণাৰ কাৰণ হৈ উঠিব পাৰে ৷ হতাশা , বিমৰ্ষতা , আত্মীয় তথা প্ৰিয়জনৰ পৰা বিচ্ছেদ , বিশ্বাসভংগ , কৰ্মক্ষেত্ৰত অসফলতা , লক্ষ্যপ্ৰাপ্তিত বিফলতা আদি এশ এবুৰি কাৰক মানসিক যন্ত্ৰণাৰ কাৰণ হৈ উঠিব পাৰে ৷
আমি বেছিভাগ সাধাৰণ মানুহেই জীৱনত সন্মুখীন হোৱা এই যন্ত্ৰণাবোৰক জয় কৰিব নোৱাৰি হা – হুতাশেৰে সময়বোৰ পাৰ কৰোঁ ৷ অদৃষ্টৰ লিখন বা ভাগ্যলিপিৰ দোহাই দি আমি বেছিসংখ্যক মানুহেই জীৱনটোক কৰি তোলো দুৰ্বিষহ ৷ আনকি আমাৰ মাজৰে দুই একে হতাশাগ্ৰস্ত হৈ জীৱনৰ ওচৰত হাৰ মানি কেতিয়াবা স্বেচ্ছাই মৃত্যুক আমন্ত্ৰণ কৰিবলৈও কুণ্ঠাবোধ নকৰে ৷ কিন্তু এই সাধাৰণ লোকসকলৰ বিপৰীতে পৃথিৱীত সময়ে সময়ে এনে কিছুসংখ্যক ব্যক্তিৰ আৱিৰ্ভাৱ হয় যিসকলৰ মৃত্যুভয় আৰু যন্ত্ৰণাক জয় কৰাৰ সাহসী আৰু মহৎ প্ৰচেষ্টাই আনসকলকো যোগায় জীৱনত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বান আৰু প্ৰতিকুল পৰিস্থিতিৰ মুখামুখি হোৱাৰ মনোবল আৰু অনুপ্ৰেৰণা ৷ সংখ্যাত নগণ্য হ’লেও এইসকল ব্যক্তিৰ চিন্তাৰ বিশালতা তথা মহত্ত্বকাংক্ষাই হাজাৰ হাজাৰ পীড়িতজনক সাহস যোগায় জীৱনত অহৰ্নিশে সন্মুখীন হোৱা শাৰীৰিক ব্যাধি আৰু মানসিক উদ্বিগ্নতা , হতাশা , বিমৰ্ষতা আদি যন্ত্ৰণাক জয় কৰি জীৱনটোক পৰিপূৰ্ণভাৱে যাপন কৰিবলৈ ৷
জীৱন আৰু যন্ত্ৰণা অভিন্ন — একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি ৷ জীয়াই থকালৈকে যন্ত্ৰণা থাকিবই ৷ আমি অহৰ্নিশে সন্মুখীন হোৱা এই শাৰীৰিক, মানসিক যন্ত্ৰণাক জয় কৰি জীৱনটোক যাপন কৰিবলৈ প্ৰস্তুত কৰিব পৰাটোতেই আছে প্ৰকৃত মানৱ জীৱনৰ সাৰ্থকতা আৰু মাদকতা ৷ যন্ত্ৰণাক জয় কৰাৰ এই প্ৰচেষ্টাত শাৰীৰিক সুস্থতাতকৈও আমাক বেছি প্ৰয়োজন মানসিক সবলতাৰহে ৷ আমি এই মানসিক সবলতা আহৰণ কৰো জীয়াই থকাৰ দূৰন্ত হেপাহ , গভীৰ আশাবাদ আৰু জীৱনৰ প্ৰতি গ্ৰহণ কৰা ইতিবাচক দৃষ্টিভংগীৰ পৰা ৷
আমাৰ ব্যক্তিগত জীৱন আৰু চৌপাশৰ বিভিন্ন ঘটনা পৰিঘটনাই জীৱনৰ প্ৰতি ইতিবাচক হ’বলৈ আমাক শিক্ষা দিয়ে ৷ হেনৰীৰ কাহিনীত জ’নজীৰ বাবে এই পৰিঘটনা যদি আছিল গছডালৰ শেষৰ পাতখিলা , তেন্তে হকিঙৰ বাবে আছিল সি প্ৰিয়জনৰ সান্নিধ্য আৰু উৎসাহ উদ্দীপনা ৷ আনহাতে আন কোনোজনৰ বাবে ই হ’ব পাৰে কাৰোবাৰ মৰমৰ এষাৰি মাত , কাৰোবাৰ উচ্ছাসপূৰ্ণ আৰু প্ৰেৰণাদায়ক শুভকামনা , কাৰোবাৰ আব্দাৰেৰে ভৰা নিৰ্দেশ অথবা আন কোনোজনৰ বাবে ই হ’ব পাৰে জীৱনযুদ্ধত জয়ী কোনোবা অক্লান্ত সেনানীৰ জীৱনকাহিনী ৷
বিখ্যাত ব্ৰিটিছ উদ্যোগী প্ৰফেছৰ ডেভিদ গ্ৰেছনে কৈছে , ” আমি বেছিভাগ মানুহেই মহৎ লোকসকলে কৈ যোৱা কথাবোৰ সংগ্ৰহ কৰোঁ আৰু সেইবোৰ কথাকে অৱলম্বন কৰি জীৱনটো যাপন কৰোঁঁ ৷ মই কিতাপ পঢ়ি থাকোতে যেতিয়াই কিতাপৰ পৃষ্ঠাবোৰৰ পৰা শব্দবোৰ আহি মোৰ মুখত পৰেহি , তেতিয়া মই সিহঁতক ততালিকে খামুচি ধৰোঁ , কাৰণ মই জানো যে সেই শব্দবোৰ এতিয়া মোৰ সম্পত্তি ৷ মই সেই শব্দবোৰ মোৰ মনৰ ভিতৰত অতি সযতনে লিৰিকি বিদাৰি থাকোঁ আৰু সিহঁতক জোৰকৈ খামুচি ধৰোঁ ৷”
আমি মহৎ বা আদৰ্শবান বুলি ভবা লোকসকলে কৈ যোৱা কথা অথবা তেওঁলোকৰ জীৱন দৰ্শনে সাধাৰণ মানুহৰ জীৱনত পেলোৱা প্ৰভাৱ সম্পৰ্কত গ্ৰেছনে কোৱা উপৰোক্ত কথাষাৰ ময়ো মনেপ্ৰাণে বিশ্বাস কৰোঁ ৷ গ্ৰেছনে ঠিকেই কৈছে মানুহৰ জীৱনৰ গতি নিৰ্ণয়ত শব্দই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ গ্ৰেছনে কোৱাৰ দৰেই ময়ো হকিঙৰ সংগ্ৰামপূৰ্ণ জীৱনৰ প্ৰতিটো ঘটনা পৰিঘটনা বৰ্ণিত একো একোটা শব্দ গাঁঠি লওঁ যন্ত্ৰণা আৰু জীৱনত মুখামুখি হোৱা প্ৰত্যাহ্বানবোৰৰ বিৰুদ্ধে যুঁজাৰ একো একোপাত অস্ত্ৰ হিচাপে ৷ মই যেতিয়াই কোনো শাৰীৰিক অসুস্থতাত ভোগো অথবা যেতিয়া কোনো ধৰণৰ মানসিক অস্থিৰতা বা হতাশাবোধে মোৰ মনোজগত স্পৰ্শ কৰে মই এই শব্দবোৰ এটা এটাকৈ উলিয়াই লওঁ মোৰ যন্ত্ৰণাৰ বিৰুদ্ধে যুঁজাৰ অস্ত্ৰ হিচাপে ৷ আন অৰ্থত ক’বলৈ গ’লে হেনৰীৰ কল্পকাহিনীৰ নায়িকা জ’নজী আৰু মই পৃথিৱীৰ শ্ৰেষ্ঠতম গল্প বুলি বিশ্বাস কৰা হকিঙৰ জীৱন কাহিনীয়েই হৈছে মই অনুসৰণ কৰা মোৰ জীৱনত যন্ত্ৰণাক জয় কৰাৰ মহামন্ত্ৰ , ’ দ্য লাষ্ট লিফ্ ’ ৷
মোৰ দৃঢ় বিশ্বাস হয়তো মোৰ দৰেই আন বহুতো লোকেই অনুসৰণ কৰে যন্ত্ৰণাক জয় কৰাৰ এই মহামন্ত্ৰ ৷
জাহ্নৱী এন ডেকা
ফোনঃ ৭০০২৩৭৩৬৯৩