হনুমানৰ জন্ম ক’ত!
অৰবিন্দ ৰাভা
অযোধ্যাৰ পিছত সমগ্ৰ ভাৰত উত্তাল কৰিব বিচৰা জ্ঞানবাপী মছজিদৰ বিতৰ্ক আৰু আদালতত গোচৰ চলি থকা সময়ছোৱাতেই এক নতুন বিতৰ্ক আকৌ আৰম্ভ হৈছে – পূৰ্বৰ বিতৰ্কৰ দৰেই যিটোৰ সৈতেও ভাৰতৰ নিবনুৱা সমস্যা, জি.ডি.পি., অৰ্থনৈতিক পৰিস্থিতি, বিভিন্ন সামগ্ৰীৰ অকল্পনীয় মূল্য বৃদ্ধি আদিৰ সম্পৰ্ক নাই।
সেই নতুন বিতৰ্ক হৈছে হনুমানৰ জন্মভূমিক লৈ!
কৰ্ণাটকৰ হাম্পিত হনুমানৰ জন্ম হৈছিল নে মহাৰাষ্ট্ৰৰ নাছিকত? কোন স্থানত জন্মিছিল হনুমান – তাকেই লৈ দবৰা – দবৰি, তুমুল বিবাদ চলিছে এতিয়া সাধু সকলৰ মাজত।
যোৱা মঙলবাৰে, ৩১-০৫-২০২২ তাৰিখে, মহাৰাষ্ট্ৰৰ নাছিকত আয়োজিত হৈছিল এখন ধৰ্মসভা। সেই সভাৰ আলোচ্য বিষয় আছিল হনুমানৰ জন্মভূমি ক’ত! কিন্তু আলোচনাৰ আৰম্ভণিতেই বিতৰ্ক সৃষ্টি হয়। সংবাদ সংস্থা পি.টি.আই.ৰ সূত্ৰৰ বাতৰি অনুসৰি জানিব পৰা গৈছে যে ধৰ্মসভাত এজন সাধুৱে অইন এজনক খেদি গৈছে। অইন বহু সাধুৱে অভিযোগ উত্থাপিত কৰিছে যে তেওঁলোকক কথা ক’বলৈ দিয়া হোৱা নাই। তাৰপিছত আৰম্ভ হয় তুমুল বিবাদ। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। সৃষ্টি হয় বিৰাট বিশৃংখলা, আৰু ধৰ্মসভাৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ পুলিচ জপিয়াই পৰে ঘটনাস্থলীত।
কিন্তু কিয় এই বিতৰ্ক?
আচলতে কিষ্কিন্ধ্যা মথাধিপতি স্বামী গোবিন্দানন্দ সৰস্বতীয়ে অলপতে দাবী কৰিছিল যে কিষ্কিন্ধ্যাই হ’ল হনুমানৰ জন্মভূমি আৰু কিষ্কিন্ধ্যা কৰ্ণাটকৰ হাম্পিত অৱস্থিত। বাল্মিকী ৰামায়ণৰ উদ্ধৃতি দি তেওঁ কয়, মহৰ্ষি বাল্মিকীয়ে ক’তো লেখা নাই যে হনুমান নাছিকত জন্মিছিল! হনুমান জন্মিছিল কিষ্কিন্ধ্যাতেই। কিন্তু নাছিকেও দাবী কৰে যে হনুমান নাছিকত জন্মিছিল। গতিকে আৰম্ভ হয় বিতৰ্ক।

অৱশেষত সেই বিতৰ্কৰ অৱসানৰ বাবে ৩১ মে’ তাৰিখে স্বামী অনিকেত শাস্ত্ৰী দেশপান্ডেই ধৰ্মসভাৰ আয়োজন কৰে। সেই ধৰ্ম,ভাত যোগ দিবলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা। সাধুসকল আহি উপস্থিত হয়। তেওঁলোকৰ বহুতেই নিজৰ নিজৰ মতামত আগবঢ়ায়। কিন্তু তাৰ পিছতেই আৰম্ভ হয় বিশৃংখলা। সাধুৰ মাজতেই আৰম্ভ হয় ঠেলা – হেঁচা, দবৰা-দবৰি, খেদা- খেদি।
উল্লেখযোগ্য যে এই বিতৰ্ক নতুন নহয়। ইয়াৰ আগতেও ২০২১ চনত অন্ধ্ৰপ্ৰদেশৰ তিৰুমলাৰ পৰা দাবী উত্থাপন হৈছিল যে হনুমান তাতে জন্মিছিল আৰু পুৰাণ, ধাতুৰে নিৰ্মিত ফলি আদিৰে যুক্তি প্ৰদৰ্শন কৰিছিল। সেই বিতৰ্কৰ পিছত যোৱা মঙলবাৰৰ বিতৰ্কই পালে এক নতুন মাত্ৰা।
02-06-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.