হলৌ আৰু ইহঁতৰ ভৱিষ্যৎ
সুমিত দাস
হলৌ ভাৰতবৰ্ষৰ অৰণ্যাঞ্চলত পোৱা একমাত্ৰ বনমানুহৰ প্ৰজাতি। হাইল’বেটিডি(Hylobatidae) গোত্ৰৰ অন্তৰ্গত এইশ্ৰেণীৰ নেজবিহীন প্ৰাণীক ইংৰাজীত ‘এপ‘ বুলি কোৱা হয়।
গৰিলা,ওৰাং-ওটাং আদিও ‘এপ‘ৰ অন্তৰ্ভুক্ত।হলৌ আটাইতকৈ সৰু আকাৰৰ এপ।
ভাৰতবৰ্ষৰ অৰণ্যত পোৱা দুই প্ৰজাতিৰ হলৌ হ’ল- হুলক হুলক বা পশ্চিমৰ হলৌ আৰু হুলক লিউক’নেডিছ বা পূৱৰ হলৌ।
ম্যানমাৰ বা বাৰ্মাৰ ভিতৰেদি বৈ যোৱা চিন্দুইন নদীৰ পশ্চিমাঞ্চল, বাংলাদেশ,চীন আৰু ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত পশ্মিমৰ হলৌ(Western Hoolock Gibbon) পোৱা যায়।
আনহাতে চিন্দুইন নদীৰ পূৰ্বাঞ্চল, চীন আৰু ভাৰতবৰ্ষত পূৱৰ হলৌ(Eastern Hoolock Gibbon) পোৱা যায়। মানুহৰ জিন’মৰ সৈতে হলৌৰ জিন’মৰ ৯৬% সাদৃশ্য থকা দেখা যায়।
আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংস্থা চমুকৈ IUCN’য়ে হলৌক সংকটগ্ৰস্ত প্ৰাণী হিচাপে চিনাক্ত কৰি ৰঙা তালিকাভুক্ত কৰিছে।
পুৰুষ হলৌৰ দেহাৱৰণ কলা আৰু স্ত্ৰী হলৌৰ দেহাৱৰণ স্বাভাৱিক অৱস্থাত ধূসৰ মুগা বৰণৰ হয়।হলৌ প্ৰধানকৈ অৰণ্যৰ শীৰ্ষস্তৰৰ বাসিন্দা।
অৰণ্যৰ শীৰ্ষস্তৰৰ গছবোৰত ইহঁতে জপিয়াই ফুৰে।হলৌৱে মাটিত নানামে বুলিয়েই ধাৰণা কৰা হয়। অৰণ্যৰ ফল-ফুল, কুঁহিপাত,চৰাইৰ কণী আৰু সৰু আকাৰৰ পোক-পতঙ্গ ভক্ষণ কৰে।
অৰণ্যৰ ভিতৰচ’ৰাৰ হোলোং, চতিয়ানা, বৰ্হমথুৰি,বৰপাত,বান্দৰডিমা,অমৰা,বনপিঠা,উৰিয়াম,ডিমৰু আদি গছৰ ফল-মূল,পাত আদি হলৌৰ খাদ্য-উৎস। মানুহৰ দৰে পৰিয়াল পাতি বসবাস কৰাত হলৌ অভ্যস্ত।
দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান,ভেৰজান-বৰজান অভয়াৰণ্য, হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ অৰণ্যাঞ্চলত হলৌ দেখিবলৈ পোৱা যায়। মানুহৰ সৈতে অনেক সাদৃশ্য থকা হলৌবোৰে সম্প্ৰতি সংকটত ভুগিছে।
অৰণ্যাঞ্চল ধ্বংস,অৰণ্যলৈকে কৰা কৃষিভূমিৰ সম্প্ৰসাৰণ আদি কাৰ্যই হলৌৰ আবাদীলৈ সংকট কঢ়িয়াইছে। অৰণ্যৰ মাজেৰে নিয়া উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত বিদ্যুৎপৃষ্ট হৈ হলৌৰ মৃত্যু হোৱাৰ বাতৰিয়ে কাকতৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হয়।
অন্ধবিশ্বাসৰ বলি হৈও হলৌ বান্দৰে মৃত্যুমুখত পৰে।
কিছুৱে হলৌৰ মাংসক খাদ্য হিচাপে গ্ৰহণ কৰাৰ ফলত বৃহৎ সংখ্যক হলৌৱে ইতিমধ্যেই এই পৃথিৱীৰ পৰা বিদায় লৈছে। পুৰুষ আৰু স্ত্ৰী হলৌয়ে প্ৰায়ে জোৰ পাতি বাস কৰে।
কিবা কাৰণত স্ত্ৰী বা পুৰুষ হলৌৰ মৃত্যু হ’লে ইহঁতৰ সংগম ক্ৰিয়াত বাধা জন্মে।একোটা প্ৰাপ্তবয়স্ক স্ত্ৰী হলৌৱে তিনিবছৰৰ মূৰত একোটাকৈ পোৱালি দিয়ে।
ইয়াৰোপৰি হলৌবোৰে বিভিন্ন সংকটৰ সন্মুখীন হৈছে। মানুহৰ তেনেই নিকট আত্মীয় এইবিধ নিৰীহ প্ৰাণীক ৰক্ষণাবেক্ষণ দিয়াটো সাম্প্ৰতিক সময়ৰ গুৰুত্বপূৰ্ণ আহ্বান।
সুমিত দাস, ছাত্ৰ, উদ্ভিদ বিজ্ঞান বিভাগ, অৰুণাচল বিশ্ববিদ্যালয়।ফ’ন-৬০০০৫৭০১৬৩
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)