• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 10, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

হাইপোথাইৰয়ডিজম (শৰীৰত থাইৰয়ড হৰমনৰ অভাৱ) প্ৰাণঘাতকো হব পাৰে

-ডাঃ মুকুল শৰ্মা

by Anjan Sarma
June 16, 2021
in World, Health, Lifestyle
Reading Time: 4 mins read
0
sign display time business

Photo by Anna Tarazevich on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ মুকুল শৰ্মা |

থাইৰয়ড গ্ৰন্থিয়ে যেতিয়া শৰীৰৰ প্ৰয়োজন অনুপাতে বা স্বাভাবিক ভাবে থাইৰয়ড হৰমন উৎপন্ন কৰিব নোৱাৰে সেই অৱস্হাটোকে হাইপোথাইৰয়ডিজম বা থাইৰয়ড গ্ৰন্থিৰ সক্ৰিয়তা বা কাৰ্য্যক্ষমতাৰ অভাৱ বুলি কোৱা হয়।  কণ্ঠনলীৰ সন্মুখত তলৰ ফালে এই গ্ৰণ্থিটো অৱস্হিত আৰু দেখাত পখিলা এটাৰ নিচিনা। এই গ্ৰন্থিটোৰ পৰা নি:সৰিত থাইৰক্সিন (T4), ট্ৰাইআয়’ডথাইৰনিন (T3) আৰু কেলচিটনিন নামৰ হৰমন তেজৰ সোঁতত বৈ গৈ শৰীৰৰ প্ৰায় প্ৰতিটো অংশকে (হৃদয়ৰ পৰা আৰম্ভ কৰি মাংসপেশী, মগজু, ছাল ইত্যাদি) প্ৰভাৱিত কৰে।

 থাইৰয়ড হৰমনে  আমি খোৱা খাদ্যৰ পৰা শৰীৰে কেনেদৰে শক্তি আহৰণ কৰি তাক ব্যৱহাৰ কৰে সেই প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে আৰু এই প্ৰক্ৰিয়াটোকে বিপাক (metabolism) বুলি কোৱা হয়।বিপাক প্ৰক্ৰিয়াই আমাৰ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ, হৃদস্পন্দন নিয়ন্ত্ৰণ, শৰীৰে কিমান বেগত কেলৰি বা শক্তি বাৰ্ণ (burn) বা ক্ষয় কৰিব ইত্যাদি বিভিন্ন কাৰ্য্য নিয়ন্ত্ৰণ কৰে। যদি শৰীৰত প্ৰয়োজন অনুপাতে থাইৰয়ড হৰমন উৎপন্ন নহয় তেন্তে শৰীৰৰ সকলোবিলাক প্ৰক্ৰিয়া মন্থৰ বা লেহেম হৈ যায়।

 আমাৰ মগজুত থকা পিটুইটেৰী নামৰ গ্ৰন্থিটোৰ পৰা নিৰ্গত থাইৰয়ড ষ্টিমুলেটিং হৰমনৰ (Thyroid stimulating hormone, TSH) প্ৰভাৱত থাইৰয়ড গ্ৰন্থিৰ পৰা থাইৰয়ড হৰমন নি:সৰিত হয়। যেতিয়া শৰীৰক কোনো কামৰ বাবে থাইৰয়ড হৰমনৰ প্ৰয়োজন হয় আৰু তেজত দৰকাৰ অনুপাতে থাইৰয়ড হৰমন নাথাকিলে পিটুইটেৰী গ্ৰন্থিয়ে থাইৰয়ড ষ্টিমুলেটিং হৰমনৰ জড়িয়তে থাইৰয়ড গ্ৰন্থিলৈ সংকেত পঠায় যাৰ ফলত থাইৰয়ড হৰমনৰ সৃষ্টি আৰু তেজলৈ নি:সৰিত হয়।

 যিকোনো কাৰণ বশতঃ থাইৰয়ড গ্ৰন্থিৰ পৰা প্ৰয়োজন অনুপাতে থাইৰয়ড হৰমন উৎপাদন তথা নিৰ্গত নহোৱা অৱস্থাটোকে হাইপোথাইৰয়ডিজম বুলি কোৱা হয়। হাইপোথাইৰয়ডিজমৰ কিছুমান কাৰণ তলত উল্লেখ কৰা হ’ল –

Hashimoto’s thyroiditis :- থাইৰয়ড গ্ৰন্থিৰ সমস্যাৰ বাবে সৃষ্টি হোৱা হাইপোথাইৰয়ডিজমৰ প্ৰায় ৯০ শতাংশ ৰোগীৰ ক্ষেত্ৰত এই অৱস্থাটো বা সমস্যাটোৰ বাবে থাইৰয়ড হৰমনৰ উৎপাদন কমি যোৱা দেখা যায়। Hashimoto’s thyroiditis এটা auto Immune বেমাৰ য’ত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰই ভূল বশতঃ থাইৰয়ড গ্ৰন্থিক আক্ৰমণ কৰা দেখা যায়। ফলত থাইৰয়ড গ্ৰন্থিয়ে শৰীৰক প্ৰয়োজন অনুপাতে থাইৰয়ড হৰমন উৎপন্ন কৰিব নোৱাৰা হৈ পৰে।

ডিঙি অঞ্চলত প্ৰয়োগ কৰা বিকিৰণ বা radiation চিকিৎসা :- কিছুমান কৰ্কট ৰোগৰ বাবে ব্যৱহৃত বিকিৰণ বা radiation চিকিৎসাৰ ফলত থাইৰয়ড গ্ৰন্থিৰ কোষসমূহ ধ্বংস হৈ থাইৰয়ড হৰমন সৃষ্টিত বাধাপ্ৰাপ্ত হয় আৰু ফলত হাইপোথাইৰয়ডিজমৰ সৃষ্টি হব পাৰে।

ৰেডিঅ’ এক্টিভ আইয়’ডিন চিকিৎসা :- এইটো চিকিৎসা সাধাৰণতে অতিকৈ সক্ৰিয় থাইৰয়ড গ্ৰন্থিৰ (হাইপাৰথাইৰডিজিম) ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। ৰেডিঅ’এক্টিভ আয়ডিন চিকিৎসাৰ ফলত থাইৰয়ড গ্ৰন্থিৰ কোষসমূহ ধ্বংস হৈ হৰমন সৃষ্টিত বাধাপ্ৰাপ্ত হয়।

কিছুমান ঔষধৰ প্ৰয়োগৰ ফলত :- কিছুমান ঔষধ, যেনে- হৃদৰোগ, মানসিক ৰোগ, কৰ্কট ৰোগ ইত্যাদিৰ বাবে ব্যবহৃত ঔষধে কেতিয়াবা থাইৰয়ড হৰমন সৃষ্টিত বাধাগ্ৰস্ততা উৎপন্ন কৰে। Amiodarone, লিথিয়াম (Lithium), ইণ্টাৰফেৰন আল্ফা (interferon alpha), interleukin-2 ইত্যাদি ঔষধ এইবিলাকৰ ভিতৰত অন্তৰ্ভুক্ত।

থাইৰয়ডৰ অস্ত্ৰোপচাৰ :- অস্ত্ৰোপচাৰৰ দ্বাৰা থাইৰয়ড গ্ৰন্থি আতৰাই দিলেও হাইপোথাইৰয়ডিজম সৃষ্টি হয়। যদিও অস্ত্ৰোপচাৰৰ সহায়ত থাইৰয়ড গ্ৰন্থিৰ কিছু অংশ আতৰাই দিয়া হয় তথাপি থাইৰয়ড গ্ৰন্থিটোৰ শৰীৰৰ প্ৰয়োজনীয় থাইৰয়ড হৰমন উৎপাদন কৰাৰ ক্ষমতা থাকি যায়।

কম পৰিমাণৰ আয়ডিনযুক্ত খাদ্য সেৱন কৰিলে :- থাইৰয়ড হৰমন সৃষ্টিৰ বাবে গ্ৰন্থিটোক আয়ডিনৰ আৱশ্যক হয়। যিহেতু আমাৰ শৰীৰে নিজে নিজে আয়ডিন সৃষ্টি কৰিব নোৱাৰে গতিকে এই আয়ডিন আমি খোৱা খাদ্যৰ জড়িয়তে যোগান ধৰিব লগীয়া হয়। আয়ডিনযুক্ত নিমখ এই আয়ডিনৰ এটা উত্তম উৎস। ইয়াৰ উপৰিও যিকোনো সাগৰীয় খাদ্য, গাখীৰৰ পৰা তৈয়াৰী খাদ্য আদিতো আয়ডিন পোৱা যায়।

গৰ্ভাৱস্থা :- গৰ্ভাৱস্থাত বা সন্তান জন্ম হোৱাৰ পিছতো কিছুমান মাতৃৰ হাইপোথাইৰয়ডিজম হোৱা দেখা যায়। কি কাৰণত এনেকুৱা হয় সেয়া এতিয়াও ভালদৰে জানিব পৰা হোৱা নাই। এনেকুৱা অৱস্থাত প্ৰথমে থাইৰয়ড হৰমনৰ মাত্ৰা অস্বাভাৱিক ভাবে বৃদ্ধি পায় আৰু শীঘ্ৰেই কমি গৈ হাইপোথাইৰয়ডিজমৰ সৃষ্টি হয়। সন্তান জন্ম হোৱাৰ পিছত হোৱা হাইপোথাইৰয়ডিজমক সাধাৰণতে ১২ ৰ পৰা ১৮ মাহৰ ভিতৰত নিজে নিজে থিক হৈ যায় যদিও কেতিয়াবা স্হায়ী ভাবে হাইপোথাইৰয়ডিজমৰ সৃষ্টি কৰিব পাৰে।

জন্মৰ সময়তে হোৱা থাইৰয়ডৰ সমস্যা :- কিছুমান শিশুৱে ভালদৰে বিকসিত বা কাৰ্য্যক্ষম নহোৱা থাইৰয়ড গ্ৰন্থিৰ সৈতে জন্ম লাভ কৰে যাৰ ফলত প্ৰয়োজনীয় থাইৰয়ড হৰমনৰ সৃষ্টি নহয়। ইয়াক জন্মগত হাইপোথাইৰয়ডিজম (congenital hypothyroidism) বুলি কোৱা হয়।

মানসিক উদ্বিগ্নতাৰ ফলত :- মানসিক উদ্বিগ্নতাৰ ফলত আমাৰ কৰ্টিচন আৰু এড্ৰিনেলিন হৰমনৰ মাত্ৰা বৃদ্ধি হয়। ফলস্বৰূপে শৰীৰত নিউৰোট্ৰেন্সমিটাৰৰ কাৰ্য্য প্ৰভাৱিত হৈ প্ৰদাহৰ সৃষ্টি কৰে যিয়ে থাইৰয়ডৰ গ্ৰন্থিত প্ৰদাহৰ সৃষ্টি কৰি হাইপোথাইৰয়ডিজমৰ সৃষ্টি কৰিব পাৰে।

ভিটামিন ডিৰ অভাৱ: ভিটামিন ডিৰ অভাৱত auto Immune বেমাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

পিটুইটেৰী গ্ৰন্থিৰ কোনো সমস্যাৰ বাবে :- কেতিয়াবা পিটুইটেৰী গ্ৰন্থিৰ কোনো সমস্যাৰ বাবেও হাইপোথাইৰয়ডিজমৰ সৃষ্টি হব পাৰে। যিহেতু পিটুইটেৰী গ্ৰন্থিৰ পৰা থাইৰয়ড ষ্টিমুলেটিং হৰমন নিৰ্গত হয় যিয়ে থাইৰয়ড গ্ৰন্থিলৈ সংকেত প্ৰেৰণ কৰে কিমান পৰিমাণৰ থাইৰয়ড হৰমন নিৰ্গত কৰিব লাগে। গতিকে এই পিটুইটেৰী গ্ৰন্থিত হোৱা কোনো সমস্যা বা বেমাৰৰ ফলত থাইৰয়ড ষ্টিমুলেটিং হৰমন উৎপন্ন হোৱাত বাধাপ্ৰাপ্ত হয়।ফলস্বৰূপে থাইৰয়ড হৰমন উৎপাদনো বাধাপ্ৰাপ্ত হয়।

হাইপোথেলামাচৰ সমস্যা :- একেবাৰে কাচিৎ কেতিয়াবা মগজুৰ হাইপোথেলামাচত হোৱা কোনো সমস্যাৰ বাবেও থাইৰয়ড হৰমন উৎপন্ন হোৱাত বাধাপ্ৰাপ্ত হব পাৰে ।হাইপোথেলামাচৰ কোনো সমস্যাৰ বাবে যদি শৰীৰৰ প্ৰয়োজন অনুপাতে যদি থাইৰয়ড ৰেগুলেটিং হৰমন (TRH) প্ৰস্তুত কৰিব নোৱাৰে তেন্তে পিটুইটেৰী গ্ৰন্থিয়েও সেই অনুপাতে থাইৰয়ড ষ্টিমুলেটিং হৰমন উৎপন্ন কৰিব নোৱাৰে। ফলত হাইপোথাইৰয়ডিজমৰ সৃষ্টি হয়।

 যদি থাইৰয়ড গ্ৰন্থিৰ কোনো সমস্যাৰ বাবে হাইপোথাইৰয়ডিজমৰ সৃষ্টি হয় তেন্তে তাক প্ৰাথমিক (Primary) হাইপোথাইৰয়ডিজম বুলি কোৱা হয়। আনহাতে পিটুইটেৰী গ্ৰন্থিৰ কোনো সমস্যাৰ বাবে সৃষ্টি হোৱা হাইপোথাইৰয়ডিজমক গৌণ (Secondary) হাইপোথাইৰয়ডিজম বুলি কোৱা হয়। তেনেদৰে হাইপোথেলামাচত হোৱা কোনো সমস্যাৰ বাবে সৃষ্টি হোৱা হাইপোথাইৰয়ডিজমক তৃতীয়ক (Tertiary) হাইপোথাইৰয়ডিজম বুলি কোৱা হয়।

কোনবিলাক লোকৰ হাইপোথাইৰয়ডিজম হোৱাৰ সম্ভাৱনা অধিক থাকে?

 মহিলা বিশেষকৈ আদবয়সীয়া মহিলাৰ হাইপোথাইৰয়ডিজম হোৱাৰ সম্ভাৱনা পুৰুষতকৈ বেছি। পৃথিৱীৰ প্ৰায় ১-২ শতাংশ লোক হাইপোথাইৰয়ডিজমৰ দ্বাৰা আক্ৰান্ত আৰু ইয়াৰ ভিতৰত মহিলাৰ আক্ৰান্তৰ হাৰ পুৰুষতকৈ প্ৰায় দহগুণ বেছি। যদি পৰিয়ালৰ কোনো লোকৰ এই বেমাৰটো আছে বা আছিল তেনেহলে পৰিয়ালৰ যিকোনো লোকৰ হোৱাৰ সম্ভাৱনা থাকে। অন্য কাৰণসমূহ হ’ল –

⚡শাৰীৰিক বৈশিষ্টতা অনুসৰি – বগা ৰঙৰ বা এছিয়া মহাদেশৰ মানুহৰ এই বেমাৰ বেছিকৈ হোৱা দেখা যায়।

⚡বয়স- সাধাৰণতে আদবয়সীয়া বা মধ্য বয়সীয়া মানুহ বেছিকৈ আক্ৰান্ত হয়।

⚡চুলিৰ অকাল পক্কতা থকা লোক বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়।

⚡Auto Immune বেমাৰ যেনে- প্ৰকাৰ ১ ডায়েবেটিচ যুক্ত লোক, Multiple sclerosis, ৰিউমেটইড্ আৰ্থাটিচ্, celiac disease, addison’s disease, পাৰ্নিচিয়াছ এনিমিয়া, ভিটিলিগো বা শ্বেতকুষ্ঠ যুক্ত লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশঙ্কা বেছি।

⚡বাইপোলাৰ (Bipolar) বেমাৰ যুক্ত লোক

⚡Down syndrome

⚡Turner syndrome ইত্যাদি ।

হাইপোথাইৰয়ডিজমৰ লক্ষণ সমূহ :-

অতিপাত ভাগৰ লগা।

কোষ্ঠকাঠিন্যতা, পেটত অত্যধিক গেছ হোৱা, পেট ফুলা।

মাংসপেশী আৰু গাঁঠীৰ বিষ আৰু জড়তা বা লৰচৰ কৰিব নোৱাৰা হোৱা।

শৰীৰৰ ওজন কমাবলৈ অপাৰগ হোৱা।

স্মৃতি শক্তি হ্ৰাস পোৱা, অমনোযোগী হোৱা।

মানসিক অৱসাদ বা বিষন্নতা বা উদ্বেগ, মনৰ আনন্দ ভাব নহোৱা হোৱা বা নিৰানন্দ।

মাংসপেশীৰ দুৰ্বলতা।

মুখ আৰু চকুৰ পতা ফুলি যোৱা।

মাত বহি যোৱা আৰু বাকশক্তি মন্থৰ হোৱা।

বন্ধাত্ব্য আৰু যৌনশক্তি হ্ৰাস পোৱা।

মহিলাৰ ক্ষেত্ৰত বিষযুক্ত, অতিশয় ৰক্তক্ষৰণ যুক্ত আৰু অনিয়মিয়া মাহেকীয়া হোৱা।

ভৰিৰ সৰু গাঁঠি ফুলি যোৱা।

ভৰি হাত ঠাণ্ডা হৈ যোৱা।

ঠাণ্ডাৰ প্ৰতি অসহিষ্ণুতা।

শুকান ছাল, eczema, চৰিয়াচিচ ।

পাতল আৰু ঠুনুকা চুলি।

কেণ্ডিত (candid), সঘনাই কেণ্ডিত ভেঁকুৰৰ সংক্ৰমণ।

সঘনাই সংক্ৰমণ হোৱা, বিশেষকৈ নাক গহ্বৰৰ।

উশাহ নিশাহত অসুবিধা। ইত্যাদি।

শিশুৰ ক্ষেত্ৰত দেখা দিয়া হাইপোথাইৰয়ডিজমৰ লক্ষণ :- হাইপোথাইৰয়ডিজম যুক্ত শিশুৰ কোনো লক্ষণ নাথাকিব পাৰে। যদি লক্ষণ দেখা যায় তেন্তে তলৰ লক্ষণ সমূহ অন্তৰ্ভুক্ত কৰিব পাৰি। যেনে-

🔀ভৰি হাত ঠাণ্ডা পৰা

🔀কোষ্ঠকাঠিন্যতা

🔀খুব বেছি টোপনি

🔀কান্দিলে কৰ্কশ মাত ওলোৱা

🔀শৰীৰৰ বৃদ্ধি খুব কম বা একেবাৰে নহোৱা

🔀মাংসপেশী বিলাক তললৈ ওলমি পৰা

🔀একেৰাহে বহুদিন হৈ থকা জণ্ডিচ

🔀খাবলৈ ইচ্ছা নকৰা

🔀মুখমণ্ডল ফুলি উঠা

🔀পেট ফুলা

🔀জিভা উখহি উঠা

🔴হাইপোথাইৰয়ডিজম কেনেকৈ চিনাক্ত কৰা হয়?

 হাইপোথাইৰয়ডিজমৰ লক্ষণ সমূহ কোনো মানুহৰ শৰীৰত দেখা যায় তেন্তে তেজৰ পৰীক্ষাৰদ্বাৰা থাইৰয়ড হৰমনৰ মাত্ৰা নিৰ্ণয় কৰা হয়। তেজৰ T3, T4 আৰু TSH হৰমনৰ মাত্ৰা পৰীক্ষা কৰিবলৈ দিয়া হয়। যদি T4 হৰমনৰ মাত্ৰা স্বাভাৱিক মাত্ৰাতকৈ কম থাকে বুজিব লাগিব থাইৰয়ড গ্ৰন্থিৰ কাৰ্য্যক্ষমতা হ্ৰাস হৈছে আৰু লগতে THS হৰমনৰ মাত্ৰা বৃদ্ধি পায় কাৰণ পিটুইটেৰী গ্ৰন্থিয়ে ধৰিব পাৰে যে থাইৰয়ড গ্ৰন্থিয়ে থিক মতে থাইৰয়ড হৰমন উৎপন্ন কৰিব পৰা নাই। গতিকে ই TSH বেছিকৈ উৎপন্ন কৰে যাতে থাইৰয়ড গ্ৰন্থিয়ে থিক মতে থাইৰয়ড হৰমন উৎপন্ন কৰিব পাৰে। আনহাতে কদাচিত পিটুইটেৰী গ্ৰন্থিৰ কোনো সমস্যাৰ বাবে হাইপোথাইৰয়ডিজমৰ সৃষ্টি হ’লে TSH ৰ মাত্ৰা কমি যায়।

 যদি তেজৰ পৰীক্ষা বা শাৰিৰীক পৰীক্ষাৰ সময়ত থাইৰয়ডৰ কোনো অস্বাভাৱিকতা পোৱা যায় তেন্তে থাইৰয়ডৰ আল্ট্ৰাচাউণ্ড বা স্কেনৰো পৰামৰ্শ দিয়া হয় আৰু ইয়াৰ দ্বাৰা থাইৰয়ডত থকা কোনো টেমুনা বা প্ৰদাহ ধৰা পৰে।

হাইপোথাইৰয়ডিজমৰ ফলত হব পৰা জটিলতা :- চিকিৎসা নকৰিলে হাইপোথাইৰয়ডিজমৰ ফলত তলত দিয়া জটিলতা বিলাক হব পাৰে ।যেনে –

➡️হৃদৰোগ, বন্ধ্যাত্ব, গাঁঠিৰ বিষ, মেদবহুলতা।

 গৰ্ভাৱস্থাত থাইৰয়ড হৰমনৰ সমস্যা দেখা দিলে গৰ্ভস্থ শিশুক প্ৰভাৱিত কৰিব পাৰে। গৰ্ভাৱস্থাৰ প্ৰথম তিনি মাহৰ ভিতৰত গৰ্ভস্থ সন্তানে মাকৰ পৰা সকলোখিনি থাইৰয়ড হৰমন লাভ কৰে। যদি মাকৰ হাইপোথাইৰয়ডিজম থাকে তেন্তে পেটৰ ভিতৰত থকা শিশুটোৱে প্ৰয়োজনীয় থাইৰয়ড হৰমন লাভ নকৰিব। ইয়াৰ ফলত শিশুটিৰ মানসিক বিকাশত সমস্যাৰ সৃষ্টি হব পাৰে।

 থাইৰয়ড হৰমনৰ মাত্ৰা একেবাৰে কমি গ’লে জীৱনৰ প্ৰতি সংশয়যুক্ত myxoedema নামৰ এটা সমস্যাৰ সৃষ্টি হব পাৰে য’ত মানুহজনৰ মুখমণ্ডল, হাত, ভৰি ইত্যাদি ফুলি যায়। Myxoedema যুক্ত লোক এজন সংজ্ঞাহীন হব পাৰে আৰু কেতিয়াবা কোমা (coma) লৈওঁ গুছি যাব পাৰে। ইয়াৰ ফলত শৰীৰৰ তাপমাত্ৰা একেবাৰে কমি যাব পাৰে আৰু মানুহ জনৰ মৃত্যুও ঘটিব পাৰে।

হাইপোথাইৰয়ডিজমৰ পথ্যাপথ্য:-

➡️অপথ্য :- ছয়াবিন আৰু ছয়াবিনৰ পৰা বনোৱা খাদ্য বস্তু, অত্যধিক আঁহযুক্ত খাদ্য, কিছুমান শাক পাচলি যেনে- ব্ৰুকলি, বন্ধাকবি, পালেং, ফুলকবি ।কেফেইযুক্ত পানীয়, যেনে – কফি, চাহ। ধপাত, মদ্য , মিঠা আলু, ষ্ট্ৰবেৰী, গছ আলু, চীনা বাদাম, গ্লুটেনযুক্ত খাদ্য পদাৰ্থ, যেনে- গ্লুটেন মিশ্ৰিত আটা, ময়দা। সংশ্লেষিত খাদ্য (processed foods), যেনে- হ’ট ডগ, কেক, বাৰ্জাৰ, পীজ্জা ইত্যাদি ।ৰিফাইন যুক্ত খাদ্য, ময়দাৰ দ্বাৰা বনোৱা খাদ্য, অত্যধিক মাংস, অত্যধিক মিঠাজাতীয় খাদ্য ইত্যাদি ।

➡️পথ্য :- কণী, মাংস (কম পৰিমাণে), অ’মেগা থ্ৰী ফেটি এচিড যুক্ত মাছ, বিশেষকৈ সাগৰীয় চালমন, টুনা ইত্যাদি মাছ, ওপৰত উল্লেখ কৰা শাক পাচলি বিলাকৰ বাহিৰে সকলো বিলাক শাক পাচলি,কল, কমলা, বিলাহী, দৈ গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী খাদ্য, মাহজাতীয় শস্য, সতেজ ফলমূল, তিল, বাদাম, টেঙা ফল, নাৰিকল আৰু নাৰিকলৰ তেল ইত্যাদি।

চিকিৎসা :- আধুনিক চিকিৎসা পদ্ধতিত কৃত্ৰিম ভাবে প্ৰস্তুত কৰা লিভোথাইৰক্সিন নামৰ ঔষধ ব্যৱহাৰৰ পৰামৰ্শ দিয়া হয়। লগতে নিয়মিত থাইৰয়ড হৰমনৰ পৰীক্ষা কৰিবলৈ দিয়া হয় আৰু পৰীক্ষাৰ পৰা পোৱা ৰিপৰ্ট অনুযায়ী ঔষধৰ মাত্ৰা কম বেছি কৰিবলগীয়া হব পাৰে। কিন্তু এই ঔষধৰ বহুতো পাৰ্শ্চক্ৰিয়া থাকে, যেনে- প্ৰথম অৱস্থাত মানুহ জনৰ চুলি সৰিব পাৰে, নিদ্ৰাহীনতা, অনিয়মিয়া মাহেকীয়া, বন্ধাত্ব, শৰীৰত গৰম গৰম ভাব (hot flush), ওজন হ্ৰাস, বুকুৰ ধপধপনি বৃদ্ধি, কেতিয়াবা হৃদ ক্ৰিয়া বন্ধ ইত্যাদি পৰ্যন্ত হব পাৰে।

আয়ুৰ্বেদীক চিকিৎসা :- আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত হাইপোথাইৰয়ডিজমৰ ফলপ্ৰসূ আৰু বিশ্বাসযোগ্য চিকিৎসাৰ উল্লেখ আছে। উপযুক্ত খাদ্যাভাস, জীৱনশৈলী, ঔষধী আৰু যোগাসনৰ জড়িয়তে এই সমস্যাটোৰ সুকলমে চিকিৎসা কৰা হয়।

 যদি পিটুইটেৰী বা হাইপোথেলামাচৰ কোনো সমস্যাৰ বাবে হাইপোথাইৰয়ডিজমৰ সৃষ্টি হয় তেন্তে সমস্যাটো হিচাবে চিকিৎসা গ্ৰহণ কৰা উচিত।

 মানসিক চাপ কমোৱাৰ বাবে মেধ্য ৰসায়ন যুক্ত ঔষধ যেনে- অশ্বগন্ধা, ব্ৰাহ্মী, শংখপুস্পী ইত্যাদি ঔষধী ব্যৱহাৰ কৰা হয়। লগতে নস্য কৰ্ম ইয়াৰ বাবে ফলপ্ৰসূ।

  থাইৰয়ড গ্ৰন্থিৰ সমস্যাৰ ফলত হোৱা হাইপোথাইৰয়ডিজমৰ বাবে থাইৰয়ড গ্ৰন্থিক উদ্দীপিত কৰা ঔষধ ব্যৱহাৰ কৰা হয়। যেনে- বিপাক ক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে দ্বীপন ঔষধী যেনে- ত্ৰিকটু, পাচন ঔষধী যেনে – নাগৰমোথা, চিত্ৰক ব্যৱহাৰ কৰা হয়। লগতে auto Immune বেমাৰৰ ফলত (যিটো বেছিকৈ দেখা যায়) হোৱা থাইৰয়ড গ্ৰন্থিৰ প্ৰদাহ নিৰ্মূলৰ বাবে Kanchanar guggulu, Raudra ras ইত্যাদি ব্যৱহাৰ কৰা হয়। হৰমন সুচাৰুৰূপে নিৰ্গত হবলৈ Shatavari ব্যৱহাৰ কৰিব পৰা যায়। লগতে দেহৰ ৰোগ প্ৰতিৰোধ বৃদ্ধিৰ বাবে immuno modulator ঔষধী যেনে- গুলঞ্চ, হৰিদ্ৰা, আমলখি ইত্যাদি ব্যৱহাৰ কৰিব পৰা যায়। এই ঔষধ সমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিলে নিশ্চয় সুফল পোৱা যায় আৰু থাইৰয়ডৰ হেৰুৱাব ধৰা কাৰ্য্যক্ষমতা পুনৰুদ্ধাৰ হয়।

♿জীৱনশৈলীৰ পৰিবৰ্তন :-

নিয়মিত ব্যায়াম, খোজ কঢ়া বা চাইকেল চলোৱাৰ অভ্যাস গঢ়িব লাগে ।

দিনত শুৱা অভ্যাস পৰিত্যাগ কৰিব লাগে।

সময়মতে খাদ্য খোৱাৰ অভ্যাস গঢ়িব লাগে আৰু ৰাতিৰ আহাৰ পাৰিলে সূৰ্য্যাস্তৰ আগতে গ্ৰহণ কৰিব লাগে।

অত্যধিক মানসিক চিন্তা পৰিত্যাগ কৰিব লাগে।

যোগাসন :- সৰ্বাঙ্গাসন, মৎস্যাসন, হলাসন, সূৰ্য্য নমস্কাৰ, প্ৰানায়াম ইত্যাদি এজন যোগ পৰামৰ্শদাতাৰ পৰামৰ্শ অনুসৰি কৰিব পাৰে।

ঘৰুৱা বিধান :

চজিনা গছৰ পাতৰ পৰা বনোৱা ক্বাথ দৈনিক সেৱন কৰিব পাৰে বা চজিনা গছৰ পাতৰ চুপ ও খাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে আয়ডিন থাকে।

এচামুচ আমলখি চূৰ্ণ মৌৰ লগত মিহলাই দৈনিক ৰাতিপুৱা খালি পেটত সেৱন কৰিব পাৰে।

নহৰু, পিঁয়াজ, জালুক , শুকান আদা ইত্যাদি সদায় খাব পাৰে। এইবোৰে শৰীৰৰ বিপাক ক্ৰিয়াত সহায় কৰে।

দৈনিক এচামুচকৈ তিচিৰ বীজৰ চূৰ্ণ, এচামুচ গাজৰৰ ৰস আৰু তিঁয়হৰ ৰস সেৱন কৰিব পাৰে।

ৰিফাইন বা অন্য তেলৰ ঠাইত নাৰিকল তেল ব্যৱহাৰ কৰা উচিত।

ৰাতিপুৱা শুই উঠি ১৫ মিনিটমান সময় দেহত ৰ’দ লগাব লাগে যিয়ে শৰীৰত ভিটামিন ডিৰ সংশ্লেষণ হোৱাত সহায় কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: হাইপোথাইৰয়ডিজম
Anjan Sarma

Anjan Sarma

Related Posts

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports
food

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports

by Kakali Das
August 6, 2026
0

Food Safety in India: Why Stronger Standards Should Protect Indians Before Exports KAKALI DAS Have you ever wondered whether the...

Read moreDetails
Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

Turning Plastic Waste into Forest Wealth: A Vital Mission for the Eastern Himalayan Region

August 2, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

July 29, 2026
Where are we on the Montreal Protocol?

Where are we on the Montreal Protocol?

July 26, 2026
How India’s ‘Cockroach’ Movement Reclaimed Democracy

How India’s ‘Cockroach’ Movement Reclaimed Democracy

July 26, 2026
Moldova and India: From Diplomatic Relations to a Partnership with Economic and Strategic Stakes

Moldova and India: From Diplomatic Relations to a Partnership with Economic and Strategic Stakes

July 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

When Ancient Wisdom Meets a Changing Climate: How Assam’s Indigenous Tribes Are Fighting the Battle ?

August 9, 2026
Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

Indigenous Leader in Jail on Indigenous Day: Pranab Doley Under NSA

August 9, 2026
Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

Ajon Ukum: How Rekha and Ranjit Doley Are Preserving Mising Culture Through Community Tourism

August 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39075 shares
    Share 15630 Tweet 9769
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18144 shares
    Share 7258 Tweet 4536
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3316 shares
    Share 1326 Tweet 829
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4158 shares
    Share 1663 Tweet 1040
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    129 shares
    Share 52 Tweet 32
  • Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

    114 shares
    Share 46 Tweet 29
  • Adaptation Without Agency Is Not Resilience

    114 shares
    Share 46 Tweet 29
  • Mahabahu Mirror: A Bold New Chapter in Climate Journalism

    98 shares
    Share 39 Tweet 25
  • Cockroaches, Comedians, and Criminals

    97 shares
    Share 39 Tweet 24
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d