হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ স্থান লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান
গুৱাহাটী ১ জুন ২০২৩: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন সমূহৰ ৯ গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি এক চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।
আজি গুৱাহাটী ভঙাগড়স্হিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা এক অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। বন্তি প্ৰজ্বলন আৰু মংগলাচৰণ আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰী আৰু প্ৰথমবাৰলৈ ১০০% উৰ্ত্তীণ হোৱা নিকেতনৰ প্ৰধান আচাৰ্যসকল আৰু ১০০% প্ৰথম বিভাগত উত্তীৰ্ণ নিকেতনৰ প্ৰধানাচাৰ্যসকলক সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানৰ আৰম্ভণিতেই অসমৰ ভিতৰতে ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দহটা স্হানৰ ভিতৰত শিশু শিক্ষা সমিতি অসমৰ মুঠ ৯ গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰি সুখ্যাতি অৰ্জন কৰা শংকৰদেৱ শিশু নিকেতন, ঢেকিয়াজুলিৰ হৃদম ঠাকুৰীয়াই ৫৯৬ নম্বৰ লাভ কৰি প্ৰথম স্হান, বাহাৰঘাট শংকৰদেৱ শিশু নিকেতনৰ মৃগাংক ভট্টাচাৰ্যই ৫৯২ নম্বৰ লাভ কৰি তৃতীয় স্থান, বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতন সৰ্থেবাৰীৰ ৰিতুপন দাসে ৫৯১ নম্বৰ লাভ কৰি চতুৰ্থ, শংকৰদেৱ শিশু নিকেতন আমোলাপট্টিৰ নীলোৎপল মণ্ডলে পঞ্চম স্হান(৫৯০), শংকৰদেৱ শিশু নিকেতন বোৰ্খাৰ চন্দিত দাসে ৫৮৯ নম্বৰ সহ ষষ্ঠ স্থান, শংকৰদেৱ শিশু নিকেতন বাঘমাৰৰ প্লাবিতা দাসে ৫৮৮ নম্বৰ লাভ কৰি সপ্তম স্হান, শংকৰদেৱ শিশু নিকেতন, ভবানীপুৰৰ পিযুষ নাথে ৫৮৮ নম্বৰ লাভ কৰি সপ্তম স্হান, শংকৰদেৱ শিশু নিকেতন ৰামদিয়াৰ অৰ্ণবজ্যোতি দাসে ৫৮৭ নম্বৰ লাভ কৰি অষ্টম স্হান আৰু শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰিৰ বৰষ বৰষা চেতিয়াই ৫৮৬ নম্বৰ লাভ কৰি নৱম স্হান লাভ কৰি শিশু শিক্ষা সমিতি অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা আটাই কেইগৰাকী শিক্ষাৰ্থীক যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়।
পূৱা ১১ বজাৰ পৰা আয়োজিত অনুষ্ঠানত শিশু শিক্ষা সমিতি, অসমৰ তৰফৰ পৰা এই মেধাৱী ছাত্ৰ- ছাত্ৰীসকলক যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা আজিৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত সভাপতিত্ব কৰে শিশু শিক্ষা সমিতি, অসমৰ সভাপতি ড০ দিব্যজ্যোতি মহন্তই ।
মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু , শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠনিক সম্পাদক ড০ পৱন তিৱাৰী,বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড: জগদীন্দ্ৰ ৰায়চৌধুৰী,বিশিষ্ট সমাজকৰ্মী ৰাজেশ মালপানী প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: স্মৃতি কুমাৰ সিংহ, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম বৰগোহাঁই প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে।
উল্লেখযোগ্য যে এইবাৰ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত ৫৪৫ খন নিকেতনৰ ভিতৰত ৩৩৭ খন নিকেতনৰ ৯৯৫৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে ৯৪৮৬ জন উৰ্ত্তীণ হৈছে। উৰ্ত্তীণৰ হাৰ ৯৫. ২৭%। ১০০% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱা নিকেতনৰ সংখ্যা ১৬০ খন।
01-06-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)