হাউলীৰ মহীৰূহ পৰমানন্দ দাসলৈ শ্ৰদ্ধাঞ্জলি
যুগান্ত বায়ন
নামে যাৰ পৰিচয়। ধীৰ,স্থিৰ, নৰ্মতাৰ প্ৰতীক পৰমানন্দ দাস। সকলোৰে প্ৰিয় পৰমানন্দ খুৰা।
জ্ঞানীজনে কয় গুণী লোকসকলে আনৰ দুখবোৰ নেদেখে, গুণবোৰহে দেখা পায়। এনেবোৰ পবিত্ৰিৰ মাজতেই সেইসকল ব্যক্তিৰ মহত্ব প্ৰকাশ হয়।
এনে লোকৰ ভিতৰত পৰমানন্দ দাসৰ স্থান চিৰসমুজ্বল। সমাজৰ প্ৰতি অতি দায়বদ্ধতাৰে সেৱা আগবঢ়োৱা, জাতিটোৰ প্ৰতি অকৃত্রিম ভালপোৱা থকা গভীৰ কৰ্তব্য নিষ্ঠাৰে এক নিৰ্মল জীৱন অতিবাহিত কৰা লোকসকলক সামাজিক সম্বৃদ্ধিৰ অন্যতম কাৰক বুলি বিবেচনা কৰিলে, সেই লোকসকলৰ জীৱন পৰিক্ৰমাৰ বিষয়ে আলোচনা-পৰ্যালোচনা কৰাটো এখন সুস্থ সমাজৰ এক ইতিবাচক দায়িত্ব।
হাউলীৰ সামাজিক জীৱন তথা জাতীয় জীৱনক যিসলক ব্যক্তিয়ে সম্বৃদ্ধিশালী কৰিছে তেওঁলোকৰ ভিতৰত পৰমানন্দ দাসৰ নাম অতি গৌৰৱৰে স্মৰণ কৰিব পাৰি। পুৰাতন আৰু আধুনিক যুগসন্ধিৰ মাজত জীৱন আৰম্ভ কৰা ব্যক্তিজনে কিন্তু অতি প্ৰগতিশীল চিন্তা আৰু জাতীয় চেতনাৰে হাউলী অঞ্চলৰ শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক সংহতিৰ উত্তৰণৰ বাবে মৃত্যু পৰ্যন্ত সেৱা আগবঢ়াই গ’ল।
সাম্প্ৰতিক অতি ভোগবাদী সমাজ ব্যৱস্থাৰ মাজতো পৰমানন্দ দাসে মানুহ আৰু সমাজৰ হিতৰ বাবে এক স্থিতপ্ৰজ্ঞ হিচাপে থিয় দি জীৱন অতিবাহিত কৰা তেওঁ জীৱন প্ৰণালী উত্তৰ পুৰুষৰ বাবে অনুকৰণীয়। সেয়েহে তেওঁ এজন ব্যক্তি এক অনুষ্ঠান। তেওঁ হাউলী সমাজ জীৱনৰ মহীৰূহ।
হাউলী চাৰিআলিত ১৯৭০ চনৰ পৰা প্ৰায় ২০২০ চনলৈ অসম আৰ্হিৰ ঘৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত নিজৰ ব্যৱসায়ৰ লগত জড়িত হৈ থাকিও, সেই প্রতিষ্ঠানটোত গঢ় লৈ উঠা এক সামাজিক আড্ডাই হাউলীৰ সমাজ জীৱনক প্ৰায় পাঁচটা দশক প্রাণৱন্ত কৰি ৰাখিছিল।
সেই আড্ডাৰ মাজতেই হাউলী অঞ্চলত বহু সামাজিক, ৰাজনৈতিক উত্তৰণৰ বাট প্রশস্ত হৈছিল। য’ত সত্যনাথ দাস, কমল চন্দ্ৰ বায়ন, ডাঃ দেৱেন দাস, সূৰ্য্যকান্ত কৰ্মকাৰ, নৰেশ্বৰ দাস, শশধৰ চৌধুৰী, যোগেশ নাথ, তাৰাপদ সাহা, অনিল ৰয়, ডঃ ভগীৰথ নাথকে ধৰি হাউলীৰ বিজ্ঞ লোকসকল একত্ৰিত হৈ এক নতুন হাউলীৰ সপোন ৰচিছিল।
৮০ আৰু ৯০ ৰ দশকত অসম আন্দোলন আৰু অসম গণ পৰিষদ চৰকাৰৰ সময়ত এই লেখকৰ লগতে প্ৰাক্তন মন্ত্রী কুমাৰ দীপক দাস, বৰ্তমান অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাস, সমাজকৰ্মী ক্ৰমে মিহিৰ নাথ, জীতেন দাস আদি কৰি অসম আন্দোলনৰ নেতা কৰ্মীসকল পৰমা খুড়াৰ দোকানতেই মিলিত হৈ সেই সময়ৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ লগত খাপ খুৱাই কেনেকৈ হাউলীৰ লোকসকলৰ কল্যাণ সাধন কৰিব পাৰি, হাউলীক কেনেকৈ উন্নতিৰ উচ্চ শিখৰলৈ লৈ যাব পাৰি তাৰ বাবে নিখুত আঁচনি যুগুত কৰা হৈছিল। অৱশ্যে এনেধৰণৰ আলোচনাসমূহত সত্যনাথ দাস, যোগেশ নাথ, সূৰ্য্যকান্ত কৰ্মকাৰ আৰু ডাঃ দেৱেন দাসৰ অংশগ্ৰহণ আছিল এক উল্লেখনীয় অৱদান।
এওঁলোকৰ নেতৃত্বতে সেই সময়ৰ হাউলী ৰাজহুৱা জীৱন পৰিচালিত হৈছিল। অসম আন্দোলনৰ পূৰ্বৱৰ্তী সময়ত তেতিয়াৰ হাউলীৰ জননেতা ডা⁰ সুৰেন্দ্ৰ নাথ দাসৰ একান্ত সহযোগী হিচাপে হাউলী অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবেও সেৱা আগবঢ়াইছিল। ১৯৬৬ চনত স্থাপন হোৱা হাউলীৰ বি.এইচ কলেজৰ জন্মদাতা সকলৰ ভিতৰত তেওঁ আছিল এক অন্যতম পৃষ্ঠপোষক।
পৰৱৰ্তী সময়ত ১৯৯১ চনত বি.এইচ কলেজৰ ৰূপালী জয়ন্তীৰ কাৰ্য্যকৰী সভাপতি আৰু ২০১৭ চনত সোণালী জয়ন্তীৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল। ১৯৭৭ চনত তেওঁ হাউলী হাইস্কুল পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্ব পালন কৰে। ১৯৭৩ চনত হাউলী গাঁও পঞ্চায়তৰ সভাপতি আৰু ১৯৭৭ চনত বৰপেটা মহকুমা পৰিষদত কাউন্সিলৰ হিচাপেও নিৰ্বাচিত হৈছিল। ১৯৮৬ চনত হাউলী নগৰ সমিতিৰ সভাপতিৰ পদো অলংকৃত কৰিছিল।
আমি অসম আন্দোলনৰ সময়ৰ পৰা ২০০১ চনলৈ খুড়াৰ অতি ঘনিষ্ঠ হৈ পৰাৰ সুযোগ লাভ কৰিছিলো । তাৰ পৰবৰ্ত্তী পৰ্যায়ত জীৱন আৰু জীৱিকাৰ তাড়নাত আমাৰ ঘনিষ্ঠতাত কিছু ব্যৱধান সৃষ্টি হৈছিল যদিও আমাৰ সকলোৰে সম্পর্ক অটুত আছিল।
৮০ চনৰ অসম আন্দোলনৰ হাউলীৰ অগ্নিগৰ্ভৰ সময়ত আমাক খুড়াই দিয়া সাহস আৰু প্ৰেৰণাই আন্দোলনক হাউলী অঞ্চলত ব্যাপক আৰু প্ৰসাৰ কৰাত কেনেধৰণে সহায় কৰিছিল, সেই কথা আন্দোলনকাৰীসকলৰ মাজত এতিয়াও চিৰজীৱন্ত হৈ আছে।
খুড়াই আন্দোলনটোত কায়িকভাবে অংশগ্রহ কৰাতেই তেওঁৰ অৱদান সীমাবদ্ধ কৰি ৰখা নাছিল, সেই সময়ৰ জ্যেষ্ঠ নাগৰিকসকলক সবল ৰূপত একত্ৰিত কৰি আঞ্চলিক ছাত্ৰ সা আৰু গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বক উৎসাহিত কৰিছিল। সেই সময়ত হাউলী উন্নয়ন পৰিষদৰ সম্পাদক হিচাপে দায়িত্ব লৈ থাকি উন্নয়ন পৰিষদৰ পৰা আর্থিকভাৱেও আন্দোলনটোক শক্তিশালী কৰাত বিপুলভাৱে অৰিহণা যোগাইছিল।
সেই সময়ৰ সমাজৰ নেতৃস্থানীয় লোকসকলক আন্দোলনটোত জড়িত কৰাৰ বাবে খুড়াই গ্ৰহণ কৰা পদক্ষেপ অসম আন্দোলনৰ বুৰঞ্জীত সদায় অম্লান হৈ থাকিব।
আন্দোলনৰ সময়ছোৱাত সমান্তৰালভাৱে সমাজখনক বিভিন্ন। স্তৰত আগবঢ়াই নিয়াৰ বাবে তেওঁ যিধৰণে আগবাঢ়িছিল বা যি ধৰণে কর্মপন্থা গ্ৰহণ কৰিছিল, তাৰ ফলত আজিৰ হাউলীয়ে এক ব্যতিক্রমী চিন্তাধাৰাৰে আগবাঢ়িবলৈ সক্ষম হৈছিল।
অসম আন্দোলনৰ সমাপ্তিৰ পিছত পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত খুড়াই তেওঁৰে ঘনিষ্ঠ সকলক লগত লৈ আঞ্চলিক দল অসম গণ পৰিষদত যোগদান কৰি দলটোক সমগ্ৰ বৰপেটা সমষ্টিতেই শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাইছিল। ১৯৮৫ চনৰ সাধাৰণ নিৰ্বাচনত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কুমাৰ দীপক দাসৰ জয়লাভৰ ক্ষেত্ৰত পৰমা খুড়াৰ অৱদান সদায় হাউলীৰ ৰাজনৈতিক ইতিহাসত স্মৰণীয় হৈ থাকিব।
সেই সময়ত খুড়াই হাউলী নগৰ সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি আন্দোলনৰ সময়ছোৱাত স্থবিৰ হৈ পৰা উন্নয়নৰ ধাৰা বিভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি পুনৰ গতিশীল কৰাৰ বাবে তেওঁ গ্ৰহণ কৰা আঁচনিৰ ফল আজিৰ হাউলী চহৰৰ ৰাইজে লাভ কৰি আছে। তেওঁৰ চিন্তা ধাৰাৰ ফচল হিচাপে হাউলী চণ্ডীবৰুৱা ময়দানক মিনি ষ্টেডিয়ামলৈ পৰিবৰ্ত্তন কৰাৰ বাবে আমি সক্ষম হৈছিলো।
আন্দোলনৰ সময়ত চৰকাৰী অত্যাচাৰত জৰাজীৰ্ণ অৱস্থালৈ গতি কৰা চণ্ডী বৰুৱা স্মৃতি ভৱনক বিজ্ঞান সন্মতভাৱে পুনৰ মেৰামতি কৰি ৰাইজৰ বাবে উছৰ্গা কৰা ব্যৱস্থা তেওঁৰ কাৰ্যকালৰ এক উৎকৃষ্ট নিদর্শন। মুঠ কথাত খুড়াৰ সমাজ আৰু জাতিৰ প্ৰতি থকা অকৃত্রিম ভালপোৱাই আমাক সামাজিকভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত প্ৰভূত অৰিহণা যোগাইছিল।
কিন্তু অতি দুভার্গ্যজনকভাৱে ওৰেটো জীৱন স্বদেশ আৰু স্বজাতিৰ বাবে উছৰ্গা কৰি জীৱনৰ অপৰাহৃত কেতবোৰ লোকৰ প্রতিহিংসাৰ বলী হৈ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল।
২০০১ চনৰ ২৯ এপ্ৰিলত গুৱাগাছা সত্ৰৰ ৰঙালী বিহুৰ সন্মিলনৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ স্বাধীন অসম বিচৰা এচাম মৃত্যুৎসাহী যুৱকৰ বোমা আক্রমণত গুৰুতৰভাৱে আহত হৈ কেইবামাজ্যে চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকি তেওঁ অত্যন্ত দুৰ্বল হৈ পৰিছিল। যিটো ঘটনাৰ আমিও জীৱন্ত সাক্ষী আছিলো। য’ত তেওঁৰ লগতে আহত হৈছিল কুমাৰ দীপক দাস, প্রয়াত অধ্যক্ষ সত্যনাথ দাস, উপেন দাসকে ধৰি কেবাজনো বিশিষ্ট সমাজকর্মী।
তথাপিও পৰমা খুড়া জীৱন যুঁজত হাৰ মনা নাছিল। অদম্য সাহস আৰু প্ৰেৰণা বুকুত বান্ধি লৈ সমাজৰ উত্তৰণৰ বাবে আজিলৈকে নিৰন্তৰ ভাবে হাউলী অঞ্চলৰ প্ৰতিটো সামাজিক, সাংস্কৃতিক, ধর্মীয় অনুষ্ঠানত মৃত্যুৰ আগমূহুৰ্ত লৈ জড়িত হৈ আছিল।
আধুনিক হাউলীৰ ৰূপকাৰ জাতীয় চিন্তা-চেতনাৰ অন্যতম পৃষ্ঠপোষক প্ৰাক্তন কটনিয়ান পৰমানন্দ দাসৰ যোৱা ২৬ অক্টোবৰত পৰলোক প্ৰাপ্তি ঘটে। ৮ নৱেম্বৰত তেওঁৰ আদ্যশ্ৰাদ্ধ উপলক্ষ্যে তেওঁলৈ আমি জনাইছো আমি শ্ৰদ্ধা ভৰা প্ৰণিপাত আৰু অশ্ৰু অঞ্জলি।
08-11-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)