-ডা° সুকৃতি চৌধুৰী |
সৰ্বপ্ৰথমে হাথৰসত হৈ যোৱা ঘটনাটো নিন্দা কৰিছো আৰু দোষীৰ কঠোৰতম শাস্তি দাবী কৰিছো৷
উত্তৰ প্ৰদেশৰ হাথৰসৰ ঘটনাটোক লৈ নাৰী হৈয়ো মই কিয় মনে মনে আছো এই কথা মোক কেইবাজনেও সুধিছে৷ কাৰণ যোৱা এটাযুগৰ পৰা মইতো উত্তৰ প্ৰদেশতেই থাকো আৰু হাথৰস বোলা ঠাইখন মই থকা ঠাইৰ পৰা ৬৫০ কিলোমিটাৰ মানহে দুৰ৷ ৰাষ্ট্ৰীয় পথ-২৭ ৰে লক্ষ্ণৌ আৰু আগ্ৰা হৈ ন-দহঘণ্টামানৰ ড্ৰাইভ কৰিলেই মই হাথৰস গৈ পাম৷
তাৰ পিছতো মোৰ এই নীৰৱতা কিয়?
আপোনাক প্ৰথমে কৈ লওঁ, আগ্ৰা আৰু হাথৰসৰ দুৰত্ব কিমান জানে? মাত্ৰ ৫০ কিলোমিটাৰ।
এতিয়া আপোনাক যদি সোধো কওকচোন আগ্ৰা কিহৰ বাবে বিখ্যাত ? আপুনি একে আষাৰেই ক’ব “তাজমহলৰ” বাবে; আৰু সেইটোনো কোনে নাজানে৷ কিন্তু মই যদি কওঁ আপোনাৰ উত্তৰটো ভুল৷ আগ্ৰা গোটেই পৃথিৱীতে এনে এটা কথাৰ বাবে কুখ্যাত যাৰ কথা শুনিলে আপোনাৰ গাৰ নোম ডাল ডাল হ’ব৷ আচৰিত হ’ল, নহয় নে?
ভাৰতত প্ৰত্যেক বছৰেই হাজাৰ হাজাৰ ছোৱালী/কিশোৰী অপহৰণ হয় ৷ চুবুৰীয়া নেপাল, বাংলাদেশ আদিৰ পৰাও অপহৰণ কৰি আনে৷ এই ছোৱালী বিলাকক অৱশেষত ক’লৈ নিয়ে জানেনে ? আগ্ৰাৰ ছোৱালী নিলাম কৰা বজাৰলৈ ৷ আগ্ৰাৰ ছোৱালী নিলাম কৰা বজাৰখন পৃথিৱীৰ ভিতৰতে ডাঙৰ ৷ আপুনি ISIS সন্ত্ৰাসবাদীয়ে কিদৰে ৰাকাৰ নাৰী বজাৰত নাৰীক উলংগ কৰি গৰু-ছাগলীৰ দৰে খুটাত বান্ধি থৈ নিলাম কৰে সেইবোৰৰ “তৰকা মাৰা” বৰ্ণনা খবৰ কাগজত পঢ়িছে৷ কিন্তু আগ্ৰাৰ ছোৱালীৰ বজাৰখন সম্পৰ্কে সকলোৱেই নিমাত কিয়? আপুনি জানেনে যে এই ছোৱালী বিলাকক মাত্ৰ এনিশাৰ বাবে ধনী ধনী শেঠবোৰে কিনে ! সিহতক প্ৰত্যেক নিশাই একোজনী ‘ভাৰ্জিন’ ছোৱালী অংকশায়িনী হিচাপে দৰকাৰ ৷ ইমানেই সিহতৰ বিলাসিতা !! এই বিষয়টোক সেই বজাৰত কয় ” নথ উতাৰনা /নাব তোড়না”, আদি ৷ শেঠবোৰৰ লগত এনিশা কটোৱাৰ পিছত ছোৱালীজনীক আকৌ নিলাম কৰে৷ এইবাৰ তাইৰ দাম আগতকৈ কমি যায় ….এইদৰে তাই এদিন বেশ্যালয়লৈ আহে ৷ এতিয়া তাই কমেও দিনে ২০ বাৰ অংকশায়িনী হয়। বিছ বাৰ ‘চেক্স’ কৰিব লাগিব বিভিন্ন গ্ৰাহকৰ লগত ৷ দৈনিক ২০ বাৰ কেনেকুৱা অত্যাচাৰ হয় তাইৰ ওপৰত, কল্পনাও কৰিব পাৰিনে?? অহ্ , ক’ব পাহৰিছিলো ৷ যিবোৰ অপহৰণ কৰা ছোৱালী বেছি সৰু , মানে তোলনিয়েই হোৱা নাই , সিহতৰো কাষ্টমাৰ বেলেগ ৷ সাধাৰণতে এই তোলনি নোহোৱা সৰুবোৰক গোৱালৈ চাপ্লাই দিয়ে ৷ আনহাতে একাংশৰ ওপৰত কেইবিধমান ইঞ্জেকচন আৰু ঔষধ প্ৰয়োগ কৰে যাৰ নাম মই ইচ্ছা কৰিয়েই ইয়াত নিলিখো ৷ আনহাতে তোলনি হোৱা বোৰক মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত জোৰকৈ দালাল বোৰৰ লগত চেক্স কৰিবলৈ দি ভিডিওগ্ৰাফী কৰে ৷ সেই ভিডিওটো পৰ্ণগ্ৰাফীৰ ৱেবচাইটত আপলোড কৰি দি তাইৰ ঋতুস্ৰাৱৰ ৰক্তক ভাৰ্জিন ছোৱালীৰ তেজ বুলি প্ৰচাৰ কৰি টকা ঘটে ৷ ছোৱালীবোৰক মম বা লা গলাই গাত ঢালি দিয়া, চাল চিঙি নিমখ আৰু জলকীয়া গুড়ি ঘঁহি দিয়া, খাবলৈ নিদিয়া, চাবুকেৰে কোবোৱা, যৌনাংগ ক্ষতবিক্ষত কৰি কৰা অত্যাচাৰ আদিবোৰ প্ৰধান ৷
মই এইবোৰ কেনেকৈ জানিলো?
মই এইবোৰ কোনো কিতাপ আলোচনী বা বাতৰিকাকত পঢ়ি কোৱা নাই৷
চাকৰিৰ বাহিৰেও মই এনে এটা স্বেচ্ছাসেৱী সংগঠন (NGO)ৰ হৈ যোৱা ৫ বছৰ কাম কৰি আহিছো, যি এই চৰম দুৰ্কপলীয়া ছোৱালীবোৰক উদ্ধাৰ কৰি সামান্য জীৱন দিবলৈ যত্ন কৰি আহিছে ৷ সকলো হেৰুৱাই এতিয়া আনকি ঘৰখনেও বদনামৰ ভয়ত ঘুৰাই ল’বলৈ অস্বীকাৰ কৰা উদ্ধাৰ কৰা ছোৱালীবোৰক মানসিক শক্তি ঘুৰাই অনাৰ কামৰ দায়িত্বটো মোৰ ওপৰত পৰে৷
এই স্বেচ্ছাসেৱী সংগঠনটোৰ লগত মই দুসপ্তাহ নাগপুৰৰ বেশ্যালয় বোৰ উকটি ফুৰিছিলো ৷ মই তন্ন-তন্নকৈ বেশ্যালয়ৰ সকলো কথাই ‘practically’ চাক্ষুষ অভিজ্ঞতা হিচাপে জানো৷
মই জনাত হোমেন বৰগোহাঞিদেৱে আৰু মামণি ৰয়ছম গোস্বামী বাইদেৱে বেশ্যালয়লৈ গৈ ইয়াৰ চাক্ষুষ অভিজ্ঞতাৰে লিখিছিল ৷ এই কথা তেখেতসকলৰ লেখাতেই পঢ়িছো৷
কিন্ত বেশ্যাৰ বিষয়ে গল্প কবিতা উপন্যাস লিখা ৯৯% মানুহে নিজে ‘ৰেড লাইট এৰিয়া’ বা বেশ্যালয়ৰ চাক্ষুষ অভিজ্ঞতাৰে লিখে নে ? জানে নে আগ্ৰাৰ ছোৱালী বজাৰখনৰ কথা? নে এনেই আইডিয়া কৰি লিখে ? তেওঁলোকে কেতিয়াবা দেখি পাইছে নে ‘ৰেড লাইট এৰিয়া’ বা বেশ্যালয় কেনে হয়?
আগ্ৰাৰ ইমান কুখ্যাতি শুনিলেই যেতিয়া, তেনেহ’লে বুজিব পাৰিছেই যে আগ্ৰাৰ গাত লাগি থকা হাথৰসৰ পৰিবেশটো কেনে হ’ব৷ এইবোৰ ঠাই নাৰীৰ ওপৰত হোৱা অ’তি অমানৱীয় অত্যাচাৰৰ হটস্পট ৷ ছোৱালী অপহৰণ কৰি বিক্ৰী কৰাটো ইয়াৰ গৰম বেপাৰ৷
এতিয়া আপুনিয়েই বিচাৰ কৰক মই যে যোৱা ৫ বছৰে স্বেচ্ছাসেৱী হৈ চাকৰিৰ বাহিৰেও নাৰীৰ ওপৰত হোৱা এই অমানৱীয়তা ৰোধ কৰাৰ বাবে নীৰৱে যুদ্ধ কৰি আহিছো ! এতিয়া মই সেই কাম আগৰ দৰেই কৰি যাম নে ফেচবুকত হাথৰসৰ ঘটনা লৈ গৰম গৰম ‘স্টেটাছ’ দিম? নে ৰাস্তাত থিয় হৈ জিন্দাবাদ মুৰ্দাবাদ চিঞৰিবলৈ যাম?