• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

হাদিৰাচকীঃ পৰাধীনতাৰ ২০০ বছৰ!!

by Anjan Sarma
June 21, 2022
in History
Reading Time: 7 mins read
0
হাদিৰাচকীঃ পৰাধীনতাৰ ২০০ বছৰ!!
Share on FacebookShare on TwitterShare on LinkedIn

হাদিৰাচকী

অঞ্জন শৰ্মা

Anjan Sarma
অঞ্জন শৰ্মা
All our hopes of the future depend on a sound understanding of the past.‘ – Frederic Harrison [The Meaning Of history]

আজি ২১ জুন। বিপন্ন সময়। চৌদিশে বানৰ প্ৰলয়।

সেইবাবে আজি হাদিৰাচকী অভিমুখে আৰম্ভ কৰিলো মানসিক কিম্বা কাল্পনিক যাত্ৰা! মুহুৰ্ততে উপস্থিত হ’লো আগতে পদাৰ্পণ কৰা সেই ঐতিহাসিক স্থানত।

HadiraChouki

     হাদিৰাচকী!

         ১৮২২ চনৰ ২১ জুন তাৰিখে অসমৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই স্বাধীন অসমৰ শেষ ৰণখনত নিজে অংশগ্ৰহণ কৰি তুমুল ৰণ দিয়াৰ পিছতো অসমৰ স্বাধীনতা ৰক্ষা কৰিব পৰা নাছিল। মানসৈন‍্যৰ হাতত পৰাজিত হৈছিল অসমৰ স্বৰ্গদেউ। স্থান আছিল হাদিৰাচকী। অসমৰ স্বাধীনতা লুপ্ত হৈছিল। হয়, ১৮২২ চনৰ ২১ জুনৰ পৰাই আমি গোলাম!

       হাদিৰাচকীলৈ  আগতেও  গৈছিলো। লগত আছিল অভয়াপুৰীৰ যুৱক দেবানন্দ দাস। তাৰিখ ২১/০৬/২০১৯ ! অৰ্থাৎ অসমৰ স্বাধীনতা লুপ্ত হোৱাৰ ১৯৭ বছৰৰ পিছত, একেটা দিনতেই!

     ২০২০ চনতো গৈছিলো, ২১ জুন তাৰিখে। কিন্তু হাদিৰাচকীৰ পৰা কেই কিলোমিটাৰমান দূৰৈৰ পৰা, মানাহ-বেকীৰ সংগমস্থলীৰ পৰাই, বৰ্তমান কোনো চিন-মোকাম নথকা হাদিৰাচকীৰ পিনে দৃষ্টি নিক্ষেপ কৰি উভতি আহিছিলো – যিহেতু নাওৰে পাৰ হব পাৰিলেও অন্ধকাৰ নামি আহিব বুলি স্থানীয় মানুহে কৈছিল। তেওঁলোকৰ মতে, অসমৰ কোনো জাতীয় সংগঠন, কোনো চৰকাৰে হাদিৰাচকীৰ বাবে আজিলৈ একোকেই কৰা নাই!!

      হায় মোৰ মাতৃভূমি! হায় দুৰ্ভগীয়া মোৰ স্বদেশ !

     স্বাধীন অসমৰ স্বাধীনতাৰ বাবে অসমৰ ৰজাই য’ত অন্তিম ৰণখনত অংশগ্ৰহণ কৰিছিল, সেই স্থানত বা আশে-পাশে নাই কোনো স্মাৰক, কোনো চিহ্ন!!

    এইবছৰ, অৰ্থাৎ ২০২২ চনৰ ২১ জুনত  যাম বুলি বহুদিন আগতে আশা কৰি আছিলো আৰু ভালেকেইজন বন্ধু-বান্ধৱো একেলগে যোৱা কথা আছিল। কিন্তু বানপানীৰ কালান্তক সময়ে এইবাৰো বন্ধু-বান্ধৱসকলক  সেইস্থানলৈ যাবলৈ সুযোগ নিদিয়াত তেওঁলোকৰ সেই আশা পূৰণ নহ’ল। আজি ২১ জুন, ২০২২! আজিৰ দিনটোতেই অসমৰ স্বাধীনতা ৰক্ষাৰ হেতুকে মানসৈন্যৰ বিৰুদ্ধে তয়াময়া যুঁজ দি স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই পৰাজয় বৰণ কৰিছিল।

“১৮২২ চনৰ ২১ জুন তাৰিখে অসমৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই স্বাধীন অসমৰ শেষ ৰণখনত নিজে অংশগ্ৰহণ কৰি তুমুল ৰণ দিয়াৰ পিছতো অসমৰ স্বাধীনতা ৰক্ষা কৰিব পৰা নাছিল। মানসৈন‍্যৰ হাতত পৰাজিত হৈছিল অসমৰ স্বৰ্গদেউ। স্থান আছিল হাদিৰাচকী। অসমৰ স্বাধীনতা লুপ্ত হৈছিল। হয়, ১৮২২ চনৰ ২১ জুনৰ পৰাই আমি গোলাম!”

মাত্ৰ ২০০  বছৰ আগৰ কথা! সেইবাবেই আজিও মানসিকভাবে যাত্ৰা আৰম্ভ কৰিছিলো ৰাতিপুৱাই, হাদিৰাচকীলৈ! আজিও সঙ্গী হিচাপে আছে কাল্পনিক, ভাৱী-প্ৰজন্মৰ কেইজনমান সহোদৰ। আজিও নিৰ্দিষ্ট স্থানলৈ দৈহিকভাৱে যাব নোৱাৰিম বাবেই মনেৰেই যাত্ৰা কৰিলো, বানৰ অভিশাপত। কাৰণ দৈহিকভাৱে গ’লেও  সেই স্থানত চৰকাৰী বিধি-নিষেধৰ বাবে নাৱৰীয়াসকলো নাথাকিব। অইন কিছুমান অসুবিধাও আছে। আজিও সেইস্থানত মানসিকভাবে উপস্থিত হৈ  দীঘল দীঘলকৈ উশাহ টানিলো! আজিও অনুভৱ কৰিবলৈ চেষ্টা কৰিলো- ২০০ বছৰৰ আগৰ সেই স্বাধীনতা লুপ্ত হোৱা সেই দিনটোৰ কথা!

    উল্লেখযোগ্য যে আহোমৰ দিনত বংগদেশ আৰু অসমৰ মাজত যি ব্যৱসায় আৰু আমদানি-ৰপ্তানি হৈছিল, সেই সকলোবিলাক গোৱালপাৰাৰ অন্তৰ্গত হাদিৰাচকী বা বঙালহাটত নিৰ্দিষ্ট অসমীয়া কৰ্মচাৰীৰ দ্বাৰা পৰীক্ষিত হৈছিল আৰু নিৰিখ মতে সেইবোৰ বস্তুৰপৰা মাচুল আদায় কৰা হৈছিল।

                        ####

       হাদিৰাচকীত উপস্থিত হ’লে ভাব হয়, হাদিৰাচকীৰ বিষয়ে ভাবিলেও ভাব হয় — অসমলৈ যধে-মধে, আজিৰ মহা মহা বিয়াগোম বিজেপি নেতাৰ পূৰ্বৰ দীৰ্ঘস্থায়ী ঠিকনা কংগ্ৰেছৰ কৃপাত বাধাহীনভাৱে ‘পমুৱা’, ‘বিদেশী’, ‘অবৈধ বিদেশী’, তথাকথিত ‘বৈধ দেশী’ লাখে লাখে আহি, আৰু এতিয়া বিজেপি তথা এজিপিৰ কৃপাত ‘হিন্দু বিদেশী’ বাধাহীনভাৱে আহি আমাক ‘ৰেড্ ইন্ডিয়ান’ৰ দৰে ‘গ্ৰীণ/ব্লু/য়েলো অসমীয়া বা খিলঞ্জীয়া’ কৰিবলৈ ওলাইছে আৰু আমি মাথো ‘অসম চুক্তি’ নামৰ সৌ তাহানিৰ আমৰ গুটিটো চুহি আছো, ‘এন-আৰ-চি’, ‘উচ্চতম ন‍্যায়ালয়’, ‘কেন্দ্ৰীয় চৰকাৰৰ কৃপাদৃষ্টি’, গুজৰাটী নেতাৰ চৰণ-বন্দনা ইত্যাদি বিষয়ৰ ওপৰত নিৰ্ভৰশীল হৈ নিজে কৰনাৰ বিধি-নিষেধ শিথিল হ’লেই ভোগালীত ৰঙালী আৰু ৰঙালীত ভোগালী তথা প্ৰায় সমগ্ৰ বছৰটোৱেই উৎসৱ কৰি নিজকে নিজে গোলাম বুলি কিদৰে পাহৰাব পাৰো তাকেই যে অহৰহ চিন্তা কৰো  কিম্বা মূল কথাৰ পৰা আতৰত থাকিবলৈ যে অবিৰাম প্ৰয়াস কৰি থাকো, ইতিহাসক অস্পৃশ্য বুলি গণ্য কৰি কোনো আলোচনাই নকৰি সকলো হিচাব ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰাই যে কৰি চিন্হেটিকভাবে আত্মসন্তুষ্ট হবলৈ চেষ্টা কৰো ;  তাৰেই পটভূমিত ২১ জুন উপলক্ষে অইন এক গুৰুত্বপূৰ্ণ তথ্য ডাঙি ধৰিবলৈ বিচাৰিছো:

           আমাৰ অসমখন স্বাধীন আছিল আৰু অসমলৈ আহিবলৈ হ’লে ‘পাৰপত্ৰ’ৰ প্ৰয়োজন হৈছিল। উদাহৰণ স্বৰূপে The Calcutta Gazetteৰ ১৭৯৫ চনৰ ১ জানুৱাৰীত প্ৰকাশ হৈছিল- ‘a Political Department Notice dated December 17, 1794, over the signature of J.H. Harington, Sub-Secretary, to the following effect:

“That all persons desirous of sending escorts of burkendazes or other armed men with merchandise in to Assam are to apply for passports from the Commissioner of Cooch Behar specifying in their applications the number of escorts, the goods under their charge, the owner of them and the place to which it is intended to carry them. Without such passports, no armed man of any description will be allowed to pass into Assam from the Company’s provinces under the pretence of escorting merchandise or otherwise.”

মন্তব্য নিষ্প্ৰয়োজন!!

হাদিৰাচকী আছিল এখন স্বাধীন দেশৰ নঙলামুখ!

       পাঠকসকলৰ জ্ঞাতাৰ্থে ‘হাদিৰাচকী’ৰ সৈতে সঙ্গতি ৰাখি শৈলধৰ ৰাজখোৱাই সৃষ্টি কৰা অমৰ কাব্য “পাষাণ প্ৰতিমা”ক তলত ডাঙি ধৰিলো। আশা কৰো সেই সময়ছোৱাৰ হাদিৰাচকীৰ কিছু কথা উপলব্ধি কৰিবলৈ আপোনাসৱক ‘পাষাণ প্ৰতিমা’ই সহায় কৰিব।

Hadira Chouki1

                               

  || পাষাণ-প্ৰতিমা ||

                                                                  শৈলধৰ ৰাজখোৱা

                             [ শৈলধৰ ৰাজখোৱা || ১৮৯২-১৯৬৮ ]

                ‘পাষাণ-প্ৰতিমা’

উঠাঁ হে ফুলৰা, উঠাঁ হে চতলা, উঠাঁ দেৱবালা স্বৰূপ ধৰি,

পূৰ্ণ হ’ল আজি শতেক বছৰ, আৰু কতকাল থাকিব পৰি?

                কোন সৰগৰ পাৰিজাত ফুল

                কাৰনো শাপত হেৰুৱালা কুল

চিৰ অচেতন ফুলৰা চতলা পাষাণ-প্ৰতিমা আপোন ভুলি,

নিফুট সুৰেৰে নিজান থলত চিৰবিষাদৰ ৰাগিণী তুলি?

কুলু কুলু কৰি বইছে লুইত ফুলৰা তোমাৰ চৰণ ধুই,

সতী-পৰশত উখল-মাখল তিনিও কাষকে আৱৰি লই ।

                মানাহৰ সউ বালিৰ কাষত,

                ৰূপহী চতলা নিজান বনত,

নিচেই কাষতে সহিব নোৱাৰি ডেকা মানাহৰ লুভীয়া চকু

লাজত ৰাঙলী শ্যামল সাজেৰে ঢাকিলে চতলা উঠন বুকু ।

ভণ্ড যোগী সউ গিৰি বাঘবৰ বহিছে ধ্যানত নবহে মন,

সমুখত দুটি ৰূপহী কুমাৰী, চাৰিওকাষৰে নিজান বন!

কাকনো দুষিম, কামিনী-পাশত

                জটীয়া শিৱও পৰিল পাকত!

উঠাঁ যোগীবৰ বীণখনি বাই শুনোৱাঁ পুৰণি পাহৰা কথা,

যুগে যুগে যত অতীত কাহিনী সকলো তোমাৰ মনতে গঁথা ।

সেইদিনা দুটি অমৰ-কুমাৰী ফুলৰা চতলা কিশোৰী বালা

বুঢ়া লুইতৰ ৰূপালী বালিত নন্দন বনৰ পাতিলে খেলা!

                নিলগে নিলগে হাদিৰা-চকিত

                অসমৰ শেষ স্বাধীন গাদীত,

অসমৰ শেষ স্বাধীনতা হেতু চন্দ্ৰকান্তসিংহে পাতিলে খেলা;

দেৱবালা বোলে, ‘চাওঁ আজি আমি অসম-বীৰৰ তাণ্ডৱ-লীলা ।’

সিদিনা পুৱাতে চকুপানী টুকি উদিলে পূবত ৰাঙলী বেলি,

ধৰে তৰোৱাল শিখ, অসমীয়া, মোগল, পাঠানে সকলো মিলি!

                সহস্ৰ সহস্ৰ পিশাচ মান

                এমুঠি শিখ, এমুঠি পাঠান,

এমুঠি মোগল, কামৰূপী বীৰ, যিবা অৱশেষে অসম-সেনা,

অচল অটল শেষ বাৰলই; পালেহি সমুখ মানৰ সেনা ।

গুৰুম গুৰুম ফুটিছে কামান, উঠিছে পৰিছে সহস্ৰ অসি,

নাচ তালে তালে ডাকিনী-যোগিনী, তেজেৰে ৰাঙলী শ্মশান পশি ।

                কোন কেনি আছ আজি শেষবাৰ,

                চাই যা ধেমালি অসম-বীৰৰ

মৰিও নমৰে, পৰিও নপৰে, বাণ-ভগদত্ত-চুকাফা-জাত ।

গৃহ-বিৱাদত জলাকলা আজি, নহ’লে কোনেনো দিয়েহি হাত?

মতলীয়া আজি কামৰূপী বীৰ, মতলীয়া শিখ, মোগল, পাঠান,

মৃত্যুক সুঁৱৰি সমুখ ৰণত থুকুচি থুকুচি কাটিলে মান ।

                বীৰ চৈতন্যৰ ভীম তৰোৱাল,

                তেজেৰে বান্ধিলে হাতত কঁৰাল,

চমকে কৃপাণ, খহি পৰে শিৰ, দেখিলে ফুলৰা কাষতে ৰই,

দুহাতে নাশিলে দানৱ পিশাচ, তথাপি মানৰ নহ’ল ক্ষয় ।

চতলা-কাষত কামৰূপী বীৰ উন্নত-শিৰ অক্ষয় অজয়,

অসম-গৌৰৱ বীৰ কৃষ্ণৰামে তেজেৰে বোৱালে ৰাঙলী নই ।

                দুয়ো বাই-ভনি ফুলৰা চতলা,

                যতনে গাঁথিলে কুসুমৰ মালা;

দেৱবালা বুজে বীৰৰ আদৰ মনে মনে দুয়ো দুয়োকে নমি,

ফুলাৰ বৰিলে বীৰ চৈতন্যক, চতলা বৰিলে কৃষ্ণক স্বামী ।

মৃত্যু-বিজয়ী মোগল, পাঠান, শিখ, কামৰূপ, আহোম বীৰ

দেখে দেৱবালা ফুলৰা চতলা, একে একে সৱে শোধালে শিৰ!

                অৱশেষ দুয়ো বীৰ সেনাপতি,

                অসমৰ শেষ স্বাধীন নৃপতি,

অসমৰ শেষ স্বাধীনতা সহ ভটীয়াই মেলিলে ৰজাৰ নাও ।

দুয়ো সেনাপতি আলচি বুলিলে, ‘সমুখ ৰণলে আমিও যাওঁ ।’

‘সাক্ষী হ’বাঁ দুয়ো অমৰ-কুমাৰী, বীৰধৰ্ম্ম পালি আহিলো আমি ।’

বুলিলা ফুলৰা, বুলিলে চতলা, ‘তোমাক অপেক্ষি থাকিম স্বামী ।’

                ’কি ক’লা, সপোন-ৰাণী!

                মৃত্যুমুখী বুলিলা স্বামী?’

বোলে দেৱবালা, ‘বীৰ স্বামী মোৰ, বীৰ বিনে আনে ৰমনী-মোল

নোৱাৰে বুজিব, বৰিলো তোমাক, কৰা নাই প্ৰিয় অকণো ভুল ।’

লুইতৰ পানী তেজেৰে ৰাঙলী, দুয়ো মহাবীৰে কৰিলে স্নান;

শোভিলে শিৰত বৰণৰ মালা; এনেতে পালেহি পিশাচ মান ।

                জিলিকি উঠিল সহস্ৰ অসি,

                সতী-সমুখত পতিক নাশি

চাপি আহে মান, মাৰ যায় বেলি, ফুলাৰ চতলা থাকিলে চাই

পাপীৰ দৃষ্টিত ত্ৰিদিৱ-বাসিনী চাওঁতে চাওঁতে পাষাণী হই ।

সিদিনাৰেপৰা ফুলৰা চতলা শিলাময়ী দুটি অমৰ-বালা,

নিৰলে বিৰাজে নিজান থলত পাহৰি সকলো কিশোৰী-খেলা ।

                চকুৰ পানীৰে পথ নেদেখিলো

                নুশুনে বচন কতনো মাতিলো –

উঠাঁ হে ফুলৰা, উঠাঁ হে চতলা, দেৱবালা স্বৰূপ ধৰি,

পূৰ্ণ হ’ল আজি শতকে বছৰ, আৰু কতকাল থাকিবা পৰি?

গিৰিয়ে শুনালে অতীত কাহিনী, লুইতে শুনালে পাহৰা সুৰ,

যিদিনা এৰিলে শিৰৰ মুকুট, বীৰ-প্ৰসবিনী অসমে মোৰ ।

                নিজান নিতাল শ্মাশানত পৰি

                সাখী ৰ’ল দুটি অসম-কুমাৰী,

সাখী ৰ’ল এটি সোণোৱালী তৰা নীল আকাশৰ পূৱালী কোণত

সাখী ৰ’ল এটি ৰেখা অসম-সন্তান সৱাৰে প্ৰাণত ।

                       #####

হাদিৰাচকী আজি বিস্মৃতিৰ অটল গহ্বৰত! বিস্মৃতিৰ গহ্বৰত আজি মোমাইকটা গড়, আলাবৈ, আন্ধাৰুবালি,….!

            আমি দীনদয়াল, পেটেলৰ নাম জানিলেই হ’ল; মোদী-শ্বাহ-গান্ধী-নেহৰু জানিলেই হ’ল; ইতিহাস খুচৰি একো লাভ নাই!! কাৰণ আজিৰ অসমত আজি ৰামসিংহই অনুষ্ঠিত কৰে ‘লাচিত দিৱস’! আমি গোলাম! কিন্তু গোলামে গোলামীৰ কথা ক’বলৈও অনিচ্ছুক! চেলুকচ, কি বিচিত্ৰ এই দেশ!!

গতিকে অহা বছৰ, অৰ্থাৎ ২০২৩ চনৰ ২১ জুন তাৰিখে গোলামীৰ দ্বি-শতবৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষে ধুমধামেৰে পালন কৰিবলৈ গোলামসকল সাজু হোৱাহে কথা- ‘টেন্ট হাউচ’ৰ সেৱা দিবলৈ ‘মহান ভাৰতীয়’সকল আছেই, বক্তাও আছেই ( লাচিত দিৱসত ৰামসিংহৰ উদাত্ত ভাষণ দ্ৰষ্টব্য) !

21-06-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: হাদিৰাচকী
Anjan Sarma

Anjan Sarma

Related Posts

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম
ASSAMESE SECTION

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম

by Anjan Sarma
June 14, 2026
0

সাম্ৰাজ্যবাদী বৃটিছ আৰু কামৰূপৰ বজালীৰ ৰাইজৰ সংগ্ৰাম অঞ্জন শৰ্মা  ফেব্ৰুৱাৰী মাহৰ সময়, ১৮২৪ চন। অসম বিধ্বস্ত মানৰ আক্ৰমণত ! চৌদিশে...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

June 11, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

May 28, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

April 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d