• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

হাদিৰাচকীৰ হেৰুৱা গৌৰৱ

ASSAMESE SECTION / Assam / History

by Nilim Kashyap Barthakur
February 22, 2026
in ASSAMESE SECTION, ASSAM, History
Reading Time: 4 mins read
0
হাদিৰাচকীঃ পৰাধীনতাৰ ২০০ বছৰ!!
Share on FacebookShare on TwitterShare on LinkedIn

হাদিৰাচকীৰ হেৰুৱা গৌৰৱ

নীলিম কাশ‍্যপ বৰঠাকুৰ

Nilim Kashyap Barthakur
নীলিম কাশ‍্যপ বৰঠাকুৰ

অসমৰ ইতিহাসৰ পাত লুটিয়ালে ১২২৮ খ্ৰীষ্টাব্দটো সোণালী আখৰেৰে জিলিকি উঠে। এই বৰ্ষটোতে টাই কোঁৱৰ চুকাফাই পাটকাই পৰ্বত অতিক্ৰম কৰি সৌমাৰ খণ্ডত আহোম ৰাজ্যৰ ভেটি স্থাপন কৰিছিল।

পৰৱৰ্তী ছশ বছৰ ধৰি আহোমসকলে যি বিৰল সাহস, নিষ্ঠা আৰু কূটনৈতিক কৌশলেৰে ৰাজ্য শাসন কৰিছিল, সেয়া বিশ্বৰ ইতিহাসত বিৰল। মোগলৰ সোতৰবাৰকৈ হোৱা আক্ৰমণক নেওচি নিজৰ স্বাধীনতা অক্ষুণ্ণ ৰখা এই সাম্ৰাজ্যখনৰ বেলি অৱশেষত ১৮২২ খ্ৰীষ্টাব্দত হাদিৰাচকীৰ যুদ্ধৰ জৰিয়তে মাৰ গৈছিল।

হাদিৰাচকীৰ হেৰুৱা গৌৰৱ

চুকাফাই এদল সৈন্য-সামন্ত লৈ পাটকাই পৰ্বত পাৰ হৈ চৰাইদেউলৈ আহি সৌমাৰপীঠত ৰাজ্য স্থাপন কৰে। চুকাফাই নামৰূপ, টিপাম, শ’লগুৰি, হাবং, শিমলুগুৰি আদি দখল কৰি চৰাইদেউত ৰাজধানী পাতে। তেওঁলোকৰ জাতিৰ নাম অনুসৰি আশ্যাম বা আসাম, আহোম, অহম, টাই আদি নামকৰণ কৰিলে আৰু সেই নামেৰে অসম নাম হ’ল। আহোমসকলে ১২২৮ খ্ৰীঃৰ পৰা ১৮২৬ খ্রীঃলৈ বিভিন্ন ঘাত-প্রতিঘাত নেওচি ৰাজ্য শাসন কৰিছিল।

মোগলৰ আক্ৰমণত অসমৰ নামনি অংশ মোগলৰ অধীনলৈ যায় যদিও মানৰ আক্ৰমণতহে আহোম ৰাজ্য ক্ষত-বিক্ষত হৈছিল। তদুপৰি আহোম ৰাজত্বৰ কালছোৱাত আভ্যন্তৰীণ মোৱামৰীয়া বিদ্ৰোহৰ সূত্রপাত হৈছিল। ১৭৬৯, ১৭৮২ আৰু ১৭৮৬ খ্ৰীঃত তিনিবাৰ মোৱামৰীয়া বিদ্ৰোহৰ ফলত ৰাজশাসন থৰক-বৰক কৰি তুলিছিল। পৰৱৰ্তী সময়ত ১৮১০ খ্রীঃত আহোমৰ ৰাজপাটত চন্দ্ৰকান্ত সিংহ বহে যদিও কম বয়সীয়া হোৱা বাবে পূর্ণানন্দ বুঢ়গোহাঁয়ে প্রকৃত শাসক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি ঘাত-প্রতিঘাতৰ মাজেৰে ৰাজশাসন সম্পাদন কৰিব লগা হৈছিল।

চন্দ্ৰকান্ত সিংহৰ দুৰ্বলতাৰ সুযোগ গ্রহণ কৰি বহু আভ্যন্তৰীণ খেলিমেলিৰ সৃষ্টি হৈছিল আৰু ছশ বছৰীয়া আহোম ৰাজত্বৰ বেলি মাৰ যোৱাৰ উপক্ৰম হৈছিল। পূর্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বক মানি ল’বলৈ অস্বীকাৰ কৰা বদন চন্দ্ৰ বৰফুকনে ক্ষমতাৰ লোভত আহোম ৰাজত্বৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হৈ প্রথমে ব্ৰিটিছৰ শৰণাপন্ন হয় যদিও ব্ৰিটিছ প্রশাসকে নাকচ কৰাত বদন চন্দ্ৰ বৰফুকনে ম্যানমাৰলৈ গৈ মানক অসম আক্ৰমণ কৰিবলৈ সন্মত কৰাই মান সৈন্যক অসম মুলুকলৈ অহাৰ বাট দেখুৱাই দিয়ে।

বদন চন্দ্ৰ বৰফুকনৰ অনুৰোধ মর্মে ১৮১৭ খ্রীঃত মানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। তাৰ পাছত ১৮১৮ খ্রীঃত দ্বিতীয়বাৰৰ বাবে আৰু ১৮২১ খ্ৰীঃত তৃতীয়বাৰৰ বাবে অৰ্থাৎ শেষবাৰৰ বাবে মানে আক্ৰমণ কৰিছিল। ১৮২২ খ্ৰীঃৰ ২১ জুনৰ দিনা মানে হাদিৰাচকীত হোৱা অন্তিমখন যুদ্ধত আহোম ৰজা চন্দ্ৰকান্ত সিংহই পৰাজয় বৰণ কৰিবলগীয়া হৈছিল আৰু ইয়াৰ লগে লগে ছশ বছৰীয়া আহোম ৰাজত্বৰ বেলি মাৰ গৈছিল ইতিহাসপ্রসিদ্ধ হাদিৰাচকীত।

আহোম সাম্ৰাজ্যৰ পশ্চিম সীমান্তৰ এক দুৰ্ভেদ্য প্ৰতিৰক্ষা বেহু হিচাপে হাদিৰাচকীৰ ভূমিকা আছিল অপৰিসীম। মোগল শাসিত বংগদেশ আৰু আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণকাৰী এই কৌশলগত স্থানত দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থতেই আহোম স্বৰ্গদেউসকলে এই সামৰিক চকীখন স্থাপন কৰিছিল।

ইয়াত নিয়োজিত অতন্দ্ৰ প্ৰহৰীসকলে দিনে-ৰাতিয়ে সীমান্তৰ প্ৰতিটো গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল আৰু মুহূৰ্তৰ খবৰ মুহূৰ্ততে ৰাজদৰবাৰলৈ প্ৰেৰণ কৰাটো আছিল তেওঁলোকৰ এক অপৰিহাৰ্য দায়িত্ব। পূৰ্বৰ হাদিৰা নামৰ ঠাইখণ্ড এই সামৰিক চকী স্থাপনৰ পৰৱৰ্তী সময়ত ইতিহাসৰ পাতত ‘হাদিৰাচকী’নামেৰে অমৰ হৈ ৰয়। বৰ্তমানৰ বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ মধ্যৱৰ্তী ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱা এই ঐতিহাসিক স্থানখণ্ড কেৱল এক ভৌগোলিক সীমাই নাছিল, বৰঞ্চ ই আছিল মধ্যযুগীয় অসমৰ ৰাজনৈতিক আৰু সামৰিক প্ৰজ্ঞাৰ এক জীৱন্ত সাক্ষী।

Representative picture of Hadirachowki
Sketch Hanid Ranjan Bhuyan

হাদিৰাচকী বংগদেশ আৰু আহোম ৰাজ্যৰ মাজত চলা যাতায়াত আৰু অর্থনৈতিক লেনদেনৰ মুখ্য দ্বাৰ আছিল। পশ্চিমৰ অৰ্থনীতি, ৰাজনীতি, সমাজ সংস্কাৰৰ লগত যোগাযোগ তথা লেনদেনৰ নঙলামুখ আছিল এই হাদিৰাচকী। আহোম ৰাজত্বৰ সময়ছোৱাত পশ্চিমৰ এই হাদিৰাচকীখনে বিভিন্ন সময়ত হোৱা মোগল, কোচ-কমতা আদি আক্ৰমণৰ সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল।

অসমৰ বুৰঞ্জীৰ এক অত্যন্ত সংঘাতময় অধ্যায় আছিল ১৬৬২ খ্ৰীষ্টাব্দ, যেতিয়া মোগল সেনাপতি মিৰজুমলাৰ নেতৃত্বত এক বিশাল বাহিনীয়ে আহোম ৰাজ্য আক্ৰমণ কৰি ৰাজধানী গড়গাঁও দখল কৰিছিল। এই শোচনীয় পৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ১৬৬৩ খ্ৰীষ্টাব্দৰ ১০ জানুৱাৰীত আহোম স্বৰ্গদেউৱে মোগলৰ সৈতে ঐতিহাসিক ‘ঘিলাধাৰী ঘাটৰ সন্ধি’ত আৱদ্ধ হ’বলৈ বাধ্য হৈছিল। এই অপমানজনক চুক্তিয়ে আহোমৰ ৰাজকীয় মৰ্যাদাত প্ৰবল আঘাত হানিছিল আৰু ইয়াৰ কিছুকাল পাছতেই স্বৰ্গদেউ জয়ধ্বজ সিংহৰ বিয়োগ ঘটে।

পৰৱৰ্তী সময়ত সিংহাসনত অধিষ্ঠিত হৈ স্বৰ্গদেউ চক্ৰধ্বজ সিংহে মোগলৰ পৰা কামৰূপ পুনৰুদ্ধাৰ কৰি হেৰুৱা গৌৰৱ ঘূৰাই অনাৰ এক দৃঢ় সংকল্প গ্ৰহণ কৰে। সেই লক্ষ্য আগত ৰাখিয়েই তেওঁ মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য সন্তান লাচিতক ‘ঘোঁৰা কোঁৱৰ’ৰ দায়িত্ব অৰ্পণ কৰি এক দুৰ্ভেদ্য সামৰিক প্ৰস্তুতিৰ সূচনা কৰিছিল, যিয়ে পৰৱৰ্তী সময়ত শৰাইঘাটৰ দৰে ঐতিহাসিক বিজয়ৰ পথ প্ৰশস্ত কৰিছিল।

১৬৬৭ খ্ৰীঃত লাচিতৰ নেতৃত্বত আহোম সৈন্যই গুৱাহাটী আৰু পাণ্ডু অধিকাৰ কৰি মোগল সৈন্যক মানাস নৈ লৈকে খেদি পঠিয়ায়। চন্দ্রকান্ত সিংহই লাচিতক বৰফুকন পাতি গুৱাহাটীত বাহৰ পাতিবলৈ আদেশ দিয়ে। ইফালে মোগল সম্রাট ঔৰঙ্গজেৱে ১৬৬৯ খ্ৰীঃত সেনাপতিৰ দায়িত্ব ন্যস্ত কৰি পঠোৱা ৰামসিংহই গুৱাহাটীত উপস্থিত হয়। লাচিত বৰফুকনে একে ৰাতিৰ ভিতৰত শৰাইঘাট কোঠত গড় বান্ধে। মোগল সৈন্যই প্রথমে অগ্রগতি লাভ কৰিলেও পাছত কেবাখনো যুদ্ধত পৰাজিত হৈ আলবৈৰ পাহাৰত বাহৰ পাতে।

Alaboi
Sketch: Hanid Ranjan Bhuyan

পাহাৰৰ ওপৰত কোঠ মাৰি থকা মোগল সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ ইচ্ছা নাছিল যদিও চক্রধ্বজ সিংহৰ নিৰ্দেশত লাচিতে যুঁজত নামিছিল। কিন্তু লাচিতে দহহেজাৰ সৈন্যৰ মৃত্যুৰ ক্ষতিৰে উভতি আহিব লগা হৈছিল। আলবৈৰ যুদ্ধত পৰাজিত হোৱাৰ পাছতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়। চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত উদয়াদিত্য সিংহ সিংহাসনত বহে।

এই সময়তে ৰামসিংহই সন্ধিৰ প্ৰস্তাৱ দিছিল যদিও উদয়াদিত্য সিংহই মোগলৰ এই সন্ধিৰ প্ৰস্তাৱ নাকচ কৰি পুনৰ যুদ্ধ কৰাৰ বাবে আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনক নিৰ্দেশ দিয়ে। লাচিত বৰফুকনৰ গাত তীব্ৰ জ্বৰ থকা সত্ত্বেও নৰিয়া গাৰে মোগলৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হয় আৰু ১৬৭১ খ্ৰীঃৰ মাৰ্চ মাহত শৰাইঘাট যুদ্ধত মোগল সৈন্যক পৰাজিত কৰে। মোগল সৈন্য মানাস নদীৰ পশ্চিমলৈ পিছুৱাই গৈ ১৬৭৭ খ্রীঃলৈকে বাহৰ পাতি ৰয়। ফলত সমগ্র কামৰূপ আহোম ৰাজ্যৰ অধীনলৈ আহে। লাচিত বৰফুকনে এই সীমাত অর্থাৎ হাদিৰাত এখন পূৰ্বৰ দৰে চকী স্থাপন কৰে, প্ৰতিৰক্ষাৰ দৃষ্টিৰে ইয়াত স্থাপন কৰা চকীয়ে হ’ল হাদিৰাচকী। ই অসম চকী নামেৰে জনাজাত হয়।

১৬৭২ খ্ৰীঃত লাচিত বৰফুকনৰ মৃত্যুৰ পাছত লালুকসোলা বৰফুকন হয়। ১৬৭৩ খ্রীঃত স্বৰ্গদেউ উদয়াদিত্য সিংহক ৰামধ্বজ সিংহই বিহ খুওৱাই হত্যা কৰি নিজে সিংহাসন অধিকাৰ কৰে যদিও তেওঁ অচিৰেই ষড়যন্ত্ৰৰ বলি হ’ব লগা হয়। ১৬৭৯ খ্রীঃত লালুকসোলাই বঙ্গৰ নবাবৰ সৈতে মিতিৰালি কৰি বিনা যুদ্ধে গুৱাহাটী পর্যন্ত মোগলক এৰি দিয়ে আৰু ইয়াৰ বিনিময়ত তেওঁক মোগলে স্বৰ্গদেউ পতাৰ প্ৰতিশ্রুতি দিছিল। যাৰ ফলত হাদিৰাচকীৰ গুৰুত্ব নোহোৱা হৈ পৰে।

পৰৱৰ্তী সময়ত গদাপাণিয়ে গদাধৰ সিংহ নাম লৈ আহোম ৰাজ্যৰ সিংহাসন দখল কৰি আলুন বৰবৰুৱাৰ নেতৃত্বত ১৬৮২ খ্ৰীঃৰ ১৫ আগষ্টত ইঁটাখুলী যুদ্ধত মোগল সেনাক পৰাজিত কৰি মানাস নদীলৈকে সমস্ত কামৰূপ দখল কৰিবলৈ সক্ষম হয় আৰু এইখনেই আহোম আৰু মোগলৰ শেষ যুদ্ধ আছিল। যাৰ ফলত হাদিৰাচকী পুনৰ জীৱিত হৈ পৰে।

Hadira Chouki1

সীমা শুল্ক আহৰণৰ দায়িত্ব ন্যস্ত কৰা হয় দুৱৰীয়া নামৰ এজন বিষয়াক। এই হাদিৰাচকীৰ মাজেৰে আহোম আৰু বংগৰ মাজত বেপাৰ- বাণিজ্য চলিছিল। অসমৰ পৰা লা, কপাহ, মুগা সূতা, সৰিয়হ, হাতীৰ দাঁতৰ ৰপ্তানি হৈছিল আৰু নিমখ আদি বংগৰ পৰা আমদানি কৰা হৈছিল। বিশেষকৈ এই নিমখৰ বাবে অসম বংগদেশৰ ওপৰত নিৰ্ভৰশীল আছিল। বংগৰ পৰা অসমলৈ বছৰি ৬০,০০০ মোন লোণ আমদানি হৈছিল বুলি জনা যায়। এইদৰে আহোম ৰাজ-ভঁড়াললৈ বছৰি ৬০,০০০ টকা হাদিৰাচকীৰ পৰা সংগ্ৰহ হৈছিল।

আহোম ৰাজত্বৰ সময়ছোৱাত অসমৰ পশ্চিম সীমান্তত মোগলসকলে ৰাজত্ব কৰিছিল। মোগলসকলে ১৭ বাৰ অসম আক্ৰমণ কৰিছিল কিন্তু কার্যত সফল হ’ব পৰা নাছিল। মোগল সম্রাট ঔৰঙ্গজেৱৰ মৃত্যুৰ পাছত দুর্ভাগ্যজনকভাৱে মোগল সাম্ৰাজ্যৰ ভেটি দুৰ্বল হৈ পৰাত বেপাৰ-বাণিজ্য কৰিবলৈ অহা ইংৰাজেও অসম ৰাজ্য দখল কৰিবলৈ সুযোগ বিচাৰি আছিল।

আনহাতে অসমৰ পূৱ দিশত থকা মানসকলেও অসম দখল কৰাৰ পৰিকল্পনা আছিল। আহোম ৰাজ্যৰ আভ্যন্তৰীণ কাজিয়াই মানসকলক সেই সুযোগ আনি দিছিল। সপ্তদশ শতিকাৰ মাজভাগৰ পৰা আহোম ৰাজবংশৰ ভেটি ক্ৰমে দুৰ্বল হৈ আহিছিল। ৰজাঘৰীয়াৰ মাজত মতানৈক্য, সিংহাসনক লৈ টনা-আঁজোৰা আদি বিভিন্ন দিশত আহোম ৰাজত্বক পতনৰ পিনে আগুৱাই লৈ গৈছিল। ৰজাৰ দুৰ্বল নেতৃত্বই প্ৰজাসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত একেবাৰে গুৰুত্ব নিদিয়াৰ ফলত আহোম ৰাজশক্তি ক্রমে দুৰ্বল হৈ পৰিছিল।

আহোম ৰাজত্বৰ অন্তিম পৰ্যায়ত ৰাজ্যৰ দুই শীৰ্ষ স্তম্ভ স্বৰূপ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত গঢ়ি উঠা ব্যক্তিগত সংঘাত আৰু ক্ষমতাৰ প্ৰতি থকা তীব্ৰ লালসাই দেশৰ ইতিহাসলৈ এক অমানিশা নমাই আনিছিল। তেওঁলোকৰ মাজত আৰম্ভ হোৱা এই চৰম শত্ৰুতাই কেৱল প্ৰশাসনীয় স্থৱিৰতাৰে সৃষ্টি কৰা নাছিল, বৰঞ্চ ই বিদেশী শক্তি ‘মান’ক অসমৰ মাটিত খোপনি পুতিবলৈ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছিল।

ইতিপূৰ্বে মোৱামৰীয়া বিদ্ৰোহৰ প্ৰবল জোকাৰণিয়ে আহোমৰ সামৰিক আৰু অৰ্থনৈতিক ভেটি দুৰ্বল কৰি তুলিছিল যদিও ১৮১১ খ্ৰীষ্টাব্দত স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ আকস্মিক বিয়োগৰ পাছত পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰে। সেই সংকটময় কালতে মাত্ৰ ১২ বছৰীয়া চন্দ্ৰকান্ত সিংহক সিংহাসনত অধিষ্ঠিত কৰা হয়, যাৰ ফলস্বৰূপে ৰাজশক্তি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে আৰু ৰাজদৰবাৰৰ আভ্যন্তৰীণ খেলিমেলিবোৰে এক ভয়ংকৰ ৰূপ ধাৰণ কৰি ছশ বছৰীয়া সাম্ৰাজ্যৰ পতনৰ পথ প্ৰশস্ত কৰে।

পূর্ণানন্দ বুঢ়াগোহাঁয়ে নাবালক ৰজাৰ হৈ শাসন চলাইছিল অর্থাৎ পূর্ণানন্দ বুঢ়াগোঁহাই নিজে উঠি ৰজা বহি ৰজা হৈছিল। চন্দ্রকান্ত সিংহই কিছু দিনৰ পাছতেই নিজৰ হাতত ৰাজক্ষমতা ল’বলৈ বিচৰাত পূর্ণানন্দ বুঢ়াগোহাঁইৰ লগত মনোমালিন্য হৈছিল। ইফালে বদন চন্দ্ৰ বৰফুকনে চন্দ্ৰকান্তৰ পক্ষ লোৱাত পূর্ণানন্দ বুঢ়াগোহাঁয়ে তেওঁক ধৰি বন্দী কৰিবলৈ সৈন্য পঠিয়াইছিল।

বদন চন্দ্ৰ বৰফুকনে এই খবৰ পাই কলিকতালৈ গৈ ব্ৰিটিছৰ সহায় বিচাৰে যদিও ইংৰাজে সহায় কৰিবলৈ অমান্তি হয়। তাৰ পাছত তেওঁ ব্ৰহ্মদেশৰ ৰজাৰ পৰা সহায় বিচাৰে। ইফালে মান ৰজাইও অসম আক্ৰমণৰ সুযোগ বিচাৰি আছিল। মান ৰজাই ইয়াৰ সুযোগ তথা বদন চন্দ্ৰ বৰফুকনৰ আমন্ত্ৰণ ততালিকে গ্ৰহণ কৰি বদন চন্দ্ৰ বৰফুকনক ৮০০০ সৈন্য দি ১৮১৭ খ্রীঃত অসম আক্ৰমণ কৰিবলৈ পঠিয়াই দিয়ে। এয়াই আছিল মানৰ প্ৰথম আক্ৰমণ। আহোম ৰজাই মানৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি পৰাজয় বৰণ কৰে।

burmese in assam
Burmese in Assam and Undivided Goalpara

এই সময়ছোৱাতে পূর্ণানন্দ বুঢ়াগোহাঁইৰ আকস্মিকভাৱে মৃত্যু হয়। পূর্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ৰুচিনাথ বুঢ়াগোহাঁইৰ আসনত বহে যদিও মানৰ ভয়ত গুৱাহাটীলৈ পলায়ন কৰে। মানসকলে চন্দ্ৰকান্ত সিংহক ৰজা হিচাপে ৰাখি বদন চন্দ্ৰ বৰফুকনক ৰাজমন্ত্ৰী পাতি নিজ দেশলৈ উভতি যায়। মানসকলে উভতি যোৱাৰ পাছত বদন চন্দ্র ববদুকনে একছত্রীভাৱে আহোম ৰাজ্যৰ শাসন চলাবলৈ আৰম্ভ কৰে। তেওঁ আনকি পূর্ণানন্দ বুঢ়াগোহাঁইৰ পৰিয়ালৰ লোকসকলক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে।

বদন চন্দ্ৰ বৰফুকনৰ এনে অত্যাচাৰৰ সম্মুখীন হৈ ৰাজমাতা নুমলী আইদেউয়ে ধনী বৰবৰুৱা আৰু নিৰ্ভয় নাৰায়ণৰ নেতৃত্বত ১৮১৮ খ্ৰীঃত এজন দেহৰক্ষীৰ সহায়ত বদন চন্দ্ৰ বৰফুকনক হত্যা কৰে আৰু ৰুচিনাথক পুনৰ বৰগোহাঁইৰ পদ ল’বলৈ আমন্ত্রণ জনায় যদিও ৰুচিনাথে এই আমন্ত্ৰণৰ আঁৰত কু-চক্রান্ত থকা বুলি ভাবি ৰাজধানী আক্ৰমণ কৰিবলৈ যায়। চন্দ্ৰকান্ত সিংহই এই খবৰ প্ৰাপ্তিৰ পাছতে ভয়তে ৰংপুৰ এৰি পলায়ন কৰে। ৰুচিনাথে ৰাজধানী দখল কৰি পুৰন্দৰ সিংহক ৰাজ-সিংহাসনত অধিষ্ঠিত কৰে।

Burmese in Assam
মানসেনা

মান ৰজাই বদন চন্দ্ৰ বৰফুকনৰ মৃত্যু আৰু চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা অপসাৰণ কৰি পুৰন্দৰ সিংহ ৰজা হোৱাৰ খবৰ পোৱাত আলুমিংগিক সেনাপতিৰ দায়িত্ব দি দ্বিতীয় বাৰৰ বাবে অসম আক্ৰমণ কৰে। ১৮১৯ খ্রীঃত হোৱা যুদ্ধত পৰাজিত হৈ পুৰন্দৰ সিংহ আৰু ৰুচিনাথে গুৱাহাটীলৈ পলায়ন কৰে। মান সেনাই ৰাজধানী যোৰহাট দখল কৰি পুনৰ চন্দ্ৰকান্ত সিংহক ৰজা পাতে। মান সেনাপতি আলুমিংগিয়ে মিংগিমাহা তিলোৱাৰ নেতৃত্বত এদল সৈন্যক চন্দ্রকান্ত সিংহক সহায় কৰিবলৈ দি নিজ দেশলৈ গুচি যায়।

আলুমিংগিয়ে চন্দ্রকান্ত সিংহক সহায় কৰিবলৈ দায়িত্ব দিয়া মিংগিমাহাই চন্দ্রকান্ত সিংহক নাম মাত্ৰ ৰজা হিচাপে ৰাখি অসমত অত্যাচাৰ, শোষণ আদি কৰিবলৈ আৰম্ভ কৰে। সেই সময়তে মান ৰজা বদৌপায়াৰৰ ১৮১৯ খ্ৰীঃত মৃত্যু হোৱাত মিংগিমাহা ব্রহ্মদেশলৈ গুচি যায়। চন্দ্রকান্ত সিংহই তেতিয়া যাতে মানসকল পুনৰ উভতি আহিব নোৱাৰে তাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখি পাতাল বৰবৰুৱাক জয়পুৰত এক বিশাল গড় নিৰ্মাণ কৰাৰ বাবে আদেশ দিয়ে। মানসকলে এই বাতৰি পাই লগে লগে উভতি আহি তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰে।

মান সৈন্যই পাতাল বৰবৰুৱাক হত্যা কৰে আৰু আহোম সৈন্যসকলক বন্দী কৰি ৰাজধানী অভিমুখে আগবাঢ়ি যায়। চন্দ্রকান্ত সিংহই মান সৈন্যৰ আগমনৰ বাতৰি পাই গুৱাহাটীলৈ পলায়ন কৰে। মান সেনাপতি মিংগিমাহা তিলোৱাই ৰাজধানী যোৰহাট দখল কৰি যোগেশ্বৰ সিংহক ৰজা পাতি চন্দ্ৰকান্ত সিংহক ধৰি আনিবলৈ নামনিলৈ খেদি যায়।

চন্দ্ৰকান্ত সিংহই ইংৰাজৰ পৰা সহায় বিচাৰে যদিও ইংৰাজে সহায় কৰিবলৈ অমান্তি হয়। যাৰ বাবে চন্দ্ৰকান্ত সিংহই নিজৰ অলপ সৈন্যৰে মানৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজধানী যোৰহাট অভিমুখে আগবাঢ়ি যায় আৰু ১৮২২ খ্ৰীঃৰ ১৯ এপ্ৰিলত যোৰহাটৰ ওচৰৰ ম’হগড়ত মানসৈন্যৰ লগত যুদ্ধ আৰম্ভ হয় যদিও এই যুদ্ধত মানৰ লগত তিষ্ঠিব নোৱাৰি নামনিলৈ পিছ হুঁহকি আহিবলৈ বাধ্য হয়।

চন্দ্রকান্ত সিংহই হিন্দু, মুছলমান আৰু শিখসকলক একত্ৰিত কৰি ১৮২২ খ্ৰীঃৰ ২১ জুনত মানৰ বিৰুদ্ধে অন্তিমখন যুদ্ধ সংঘটিত কৰে। এই যুদ্ধখন সংঘটিত হৈছিল ইতিহাসপ্রসিদ্ধ হাদিৰাচকীত। এই যুদ্ধত চন্দ্ৰকান্ত সিংহই অতি বীৰত্বৰে যুঁজ দিয়াৰ পাছতো পৰাজয়বৰণ কৰিব লগা হয়। মানসকলে আহোম ৰাজ্য দখল কৰে আৰু লগে লগে ছশ বছৰীয়া আহোম ৰাজত্বৰ যৱনিকা পৰিছিল।

সুদূৰ পাটকাই পৰ্বত অতিক্ৰমি স্বৰ্গদেউ চুকাফাই যি বিশাল আহোম সাম্ৰাজ্যৰ ভেটি গঢ়িছিল, সেই বিৰল ঐতিহাসিক গৰিমাৰ কৰুণ পৰিণতি ঘটিছিল এই হাদিৰাচকীৰ ৰণস্থলীত। কালৰ কুটিল গতিত হাদিৰাচকীৰ সেই ভৌগোলিক অৱস্থিতি আজি হয়তো লুইতৰ বুকুত চিৰদিনৰ বাবে জাহ গৈছে, কিন্তু ইয়াৰ ঐতিহাসিক গুৰুত্ব আজিও ম্লান পৰা নাই।

যদিও আজি হাদিৰাচকীৰ কোনো দৃশ্যমান অৱশেষ নাই, তথাপিও ইয়াৰ কাষৰীয়া ফুলৰা-চতলা আদি অঞ্চলবোৰে আজিও সেই ঐতিহ্যমণ্ডিত হাদিৰাচকীৰ বীৰত্বগাথা আৰু ছশ বছৰীয়া এক স্বৰ্ণিল যুগৰ পতনৰ সাক্ষী হৈ আমাক আৱেগিক কৰি তোলে। হাদিৰাচকী কেৱল এখন ৰণথলী নহয়, ই হ’ল অসমীয়াৰ স্বাভিমান আৰু হেৰুৱা স্বাধীনতাৰ এক নীৰৱ স্মাৰক।

Sunset Brahmaputra

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Nilim Kashyap Barthakur

Nilim Kashyap Barthakur

Related Posts

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ
ASSAMESE SECTION

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

by Anjan Sarma
July 16, 2026
0

অসমখন হ'ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ ৰঙা নদ আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্জন শৰ্মা (এক) আমাৰ এই অসমখন এখন্ড ভূমি, সভ্যতাৰ...

Read moreDetails
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
Unemployment in Modi’s India: A Dive into Trends

Inside the Fragmented Realities of Assam’s Educated Unemployed

July 14, 2026
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

July 14, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
Durga Puja and the Assamese “Story” Today, the “mark on the face…”

Opportunities in Rice Based System

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

অসমখন হ’ল ৰঙা নদ ব্ৰহ্মপুত্ৰৰ উপহাৰ

July 16, 2026
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37518 shares
    Share 15007 Tweet 9379
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17015 shares
    Share 6806 Tweet 4254
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2247 shares
    Share 899 Tweet 562
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3938 shares
    Share 1575 Tweet 985
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d