হাদীৰাচকীয়ে ৰিঙিয়াই
দিগন্ত কুমাৰ গগৈ
ড° সূৰ্য কুমাৰ ভূঞা দেৱৰ দ্বাৰা প্ৰণীত এটা প্ৰৱন্ধ কৈশোৰ অৱস্থাত, অৰ্থাৎ সপ্তম শ্ৰেণীত আমাৰ পাঠ্যক্ৰমত পঢ়িছিলো “হাদীৰাচকীৰ পৰা গণপৰিষদলৈ“। তেতিয়াই মনতো জোঁকাৰি গৈছিল, কিবা এটা লিখিম, আৰু কালক্ৰমত ঠাইখন চোৱাৰ সৌভাগ্য হ’ল, চাকৰিৰ সংক্ৰান্তত।
২১ জুন ১৮২২ খৃষ্টাব্দত, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই অন্তিম বাৰ মান সেনাৰ বিৰুদ্ধে যুদ্ধত অবতীৰ্ণ হৈছিল। হাদীৰাচকী ৰণত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ পৰাজয়ৰ পিছত স্বাধীন অসমৰ সূৰ্য ডুব যোৱা বুলি ডঃ সূৰ্য কুমাৰ ভূঞা দেৱে উল্লেখ কৰিছিল।
ইংৰাজী ২১ জুন ১৮২২ চনৰ সেই দিনটো স্বাধীন অসমৰ অন্তিম দিন বুলি ভূঞা দেৱৰ উক্ত হাদীৰাচকীৰ ৰণ সংক্ৰন্তীয় বাক্য শাৰীয়ে মোৰ মানস পটত স্থায়ী ভাৱে ৰেখাপাত কৰিছিল, হয়তো বুৰঞ্জীৰ বিষয়ে জনাৰ আগ্ৰহৰ বাবেই। বুৰঞ্জীৰ তথ্য মতে ফুলৰা-হাদিৰাত সামৰিক চকী প্ৰথমতে অসমৰ প্ৰখ্যাত দেশপ্ৰেমী আহোম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত স্থাপন কৰা হৈছিল।(“আসাম বুৰঞ্জী” Assam Buranji: A history of Assam by Gunaviram Barua, Publication Board Assam, published 1972, page 84)
গুণাভিৰাম বৰুৱাৰ দ্বাৰা প্ৰণীত অসম বুৰঞ্জীত এই কথা উল্লেখ আছে যে প্ৰথমে লাচিত বৰফুকনে যোগীঘোপাৰ ভাটিত এক নগৰ পাতি তাৰ নাম আসাম নগৰ দিলে। কিন্তু মানাহা নদীৰ সীমা স্থিৰ হেন দেখি আসাম নগৰ এৰি আহি মানাহৰ ওচৰৰ লুইতৰ দাতি বৰ্তমান যুগৰ বৰপেটা জিলাৰ বাঘবৰ চক্রৰ অন্তৰ্গত হাদীৰা বা ফুলৰাত অসম আৰু বঙাল দেশৰ সীমা স্থিৰ ৰাখিবলৈ চকী ও ঘাট পাতি সীমা ৰক্ষক সৈন্য থলে।
পৰবৰ্তী কালত আহোম স্বৰ্গদেউসকলে হাদীৰচকীত দুৱৰীয়া বৰুৱা নামে এটা বাব সৃষ্টি কৰিছিল। ১৬৮২ খৃঃত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত আহোম মোগলৰ যুদ্ধৰ অৱসান ঘটাৰ পিছত হাদীৰাচকীত অসম দেশৰ মূদৈবোৰ আৰু বিদেশী বেপাৰীবোৰৰ বেপাৰ বাণিজ্যৰ কেন্দ্ৰ হৈ পৰিছিল।পুৰণি অসমৰ মানুহে বিদেশী লোকসকলক বা বিদেশৰ পৰা অহা মানুহক “বঙাল” বুলি সম্বোধন কৰিছিল।
তাৎপৰ্যপূৰ্ণ যে হাদীৰাচকীত বিদেশী বেপাৰীবোৰে হাট পাতি ব্যৱসায় কৰা বাবে হাদীৰাচকী বঙাল হাট বুলিও জনাজাত হৈছিল। ঠিক একেদৰে অসমীয়া ভাষাত নাৱৰীয়াবোৰক কণ্ঢাৰ বুলিছিল। সম্ভৱতঃ বেপাৰীবোৰৰ নাও তথা নাৱৰীয়াবোৰৰ ঘাট আৰু চকী হোৱাৰ বাবে হাদিৰা চকীক “কণ্ঢাৰ বা কান্দাহাৰ চকী” বুলিও অভিহিত কৰিছিল।
বিশিষ্ট বুৰঞ্জীবিদ্ ডঃ সূৰ্য্য কুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত গ্ৰন্থ “স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ”ত উল্লেখ আছে যে হাদিৰাচকীত থকা বঙাল হাটৰ পৰা আহোম স্বৰ্গদেৱৰ ৰাজকোষলৈ বছৰি ৬০,০০০/-টকা কৰ জমা হৈছিল।(“স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ” Swargadev Rajeswar Singha , Dr Surya Kumar Bhuyan, Publication Bordoloi Assamese, Third edition 2014, page 98)
আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত ১৭৫৫ খৃষ্টাব্দত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ দূত, ফৰাচী কুটনীতিবিদ, জঁ বেপ্টিষ্ট শ্বুভালিয়ে (Jean Baptise Chevaliar) অসমলৈ আঁহোতে হাদীৰাচকীত সেই সময়ৰ দুৱৰীয়া বৰুৱা জনৰ লগত হোৱা আদান-প্ৰদানৰ বিষয়ে দীঘল বিৱৰণী তেখেতৰ লিখনিবোৰত পোৱা যায় (The Adventures of Jean Baptiste Chevaliar in Eastern India 1752- 1765, LBS publication 2008 page 135- 163, স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ” Swargadev Rajeswar Singha , Dr Surya Kumar Bhuyan, Publication Bordoloi Assamese, Third edition 2014, page 99)।
১৭৯২ খৃঃত মোৱামৰীয়া বিদ্ৰোহ দমাবলৈ আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহক সহায় কৰিবলৈ অহা কেপ্টেইন ওৱেলছৰ(Welsh) নেতৃত্বাধীন ইংৰাজ সৈন্য বাহিনীৰ লগত অহা চিকিৎসক ডাঃ জন পিতাৰ ৱেদে (John Peter Wade) ১৮০০ খৃষ্টাব্দত অসমৰ বিষয়ে লিখা তেখেতৰ বিৱৰণীত ফূলৰা হাদিৰাচকীৰ বিষয়ে উল্লেখ আছে (Assam in the Eighteenth Century, by Suryya Kumar Bhuyan, Publication Bordoloi Assam, First Edition: June 2012, page 45)।
অসমৰ প্ৰাক্ আধুনিক যুগৰ সমাজ সংস্কাৰক আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতা হলিৰাম ঢেকিয়াল ফুকন আৰু তেখেতৰ পিতামহ পৰশুৰাম আহোম ৰাজ শাসনৰ আমোলত হাদিৰাচকীত দুৱৰীয়া বৰুৱা পদত কাৰ্য নিৰ্বাহ কৰিছিল ।
উনবিংশ শতিকাৰ দ্বিতীয় দশকত আহোম ৰাজবিষয়া সকলৰ অন্তৰ্কলহ আৰু বিবাদৰ ফলত অসম নিজৰ চুবুৰীয়া দেশ ম্যানমাৰ পৰা তিনিবাৰ আক্ৰমণৰ বলি হৈছিল।মানৰ উগ্ৰ আক্ৰমণত ৰজা প্ৰজা সকলো জৰ্জৰিত হৈ পৰিছিল।আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই গোৱালপাৰা জিলা আৰু বংগৰ পৰা শিখ আৰু হিন্দুস্তানী ভেৰোণীয়া সৈন্য কিছুমান গোটাই অসমক আক্ৰমণকাৰী মানৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল।
১৮২২ খৃষ্টাব্দৰ এপ্ৰিল মাহত, চন্দ্ৰকান্ত সিংহই যোৰহাটৰ ওচৰৰ ম’হগড়ত প্ৰবল পৰাক্ৰমেৰে মানৰ লগত ৰণ কৰিছিল, কিন্ত মান সেনাৰ সংখ্যাগৰিষ্ঠাৰ ফলত তেখেতে পৰাজয় বৰণ কৰিব লগা হৈছিল।নিজৰ অৱশিষ্ট সৈন্য বাহিনী লৈ চন্দ্ৰকান্ত সিংহ পিছ হুহকি আহি প্ৰথমে গুৱাহাটী আৰু পিছলৈ হাদিৰাচকীত নিজৰ ঘাটি পাতিছিল।
২১ জুন ১৮২২ খৃষ্টাব্দত, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই অন্তিম বাৰ মান সেনাৰ বিৰুদ্ধে যুদ্ধত অবতীৰ্ণ হৈছিল। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ দ্বাৰা ৰচিত মনোমতী নামৰ উপন্যাসখনত এই ৰণৰ কথা উল্লেখ আছে।বৰদলৈদেৱে হাদীৰাচকী ৰণত অসমীয়া সৈন্য বাহিনীত শিখ, মুছলমান, আহোম, কামৰূপীয়া, আদি বাৰেবৰণীয়া জাতিৰ লোক ঐক্যবদ্ধ ভাৱে আক্ৰমণকাৰী মানৰ বিৰুদ্ধে বীৰত্ব প্ৰদৰ্শন কৰি ৰণত প্ৰাণ ত্যাগ কৰাৰ কথা উল্লেখ কৰিছে।
জনশ্ৰুতি মতেই হাদীৰাচকীত অংশগ্ৰহণ কৰা শিখ সৈনিকসকলৰ বংশধৰসকলে নগাঁও জিলাৰ বৰকলা গাঁৱখনত থিতাপি লৈছিল, আৰু পিচলৈ অসমীয়া শিখ বুলি পৰিচয় দি, তেওঁলোক বৃহত্তৰ অসমীয়া জাতিৰ অংশ হৈ পৰিল।
সময় গতিশীল। যোৱা ২১জুন ২০২৪ চনত হাদীৰাচকী ৰণৰ ২০২(দুশ দুই )বছৰ সম্পূৰ্ণ হল।এই সময়ছোৱাত অসমৰ আৰ্থ- সামাজিক জীৱনত বৃহৎ পৰিৱৰ্তন আহিল।হাদীৰাচকী- ফুলৰাৰ কথা মানুহৰ স্মৃতিৰ পৰা হেৰাই গল আৰু বুৰঞ্জীৰ পাতৰ আঁৰত লুকাই গল।
হাদিৰাচকীৰ গৌৰৱোজ্জল ইতিহাস বিস্মৃতিৰ পৰা উদ্ধাৰ কৰিবলৈ ফুলৰা চতলা পাহাৰকে সমগ্ৰ অঞ্চল ঐতিহাসিক স্থান ৰূপে সংৰক্ষণ কৰিব লাগে। হাদিৰাচকী ৰণৰ এটা সোৱৰণী স্তম্ভ নিমাৰ্ণ কৰিব লাগে, যাতে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্ম হাদিৰাচকীৰ বুৰঞ্জী আৰু তাৰ ঐতিহাসিক গুৰুত্ব বিষয়ে জ্ঞাত হয়।
ফুলৰা আৰু চতলা পাহাৰকে ধৰি সমগ্ৰ অঞ্চলটোক এক ঐতিহাসিক পৰ্য্যতনথলী ৰূপে ঘোষণা কৰি, সেই অনুৰূপে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সুগম কৰিবলৈ ৰাষ্টা-পথ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিবলৈ সচেতন মহল আগবাঢ়ি আহিব লাগে। ঐতিহাসিক পৰ্য্যতনথলী ৰূপে ঘোষণা কৰা পিচত, ৰাষ্টা-পথ নিৰ্মাণ হলে, অঞ্চলবাসীৰ উপাৰ্জনৰ বাট মুকলি হৈ অৰ্থনৈতিক ভাৱে আৰু সবল হব।
আমাৰ আশা, ভৱিষ্যত প্ৰজন্মক হাদীৰাচকীৰ গাথাই, বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ অসমীয়াৰ জাতিসত্বা, একতা আৰু দেশৰ প্ৰতি প্ৰেম ভাৱ জগাই তুলিব পাৰিব।
Diganta Kumar Gogoi, Bank of India, Darjeeling, West Bengal
30-06-2024
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)