• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle food

হালধি : এবিধ বিস্ময়কৰ মছলা

- ডা০ ভূপেন শইকীয়া

by Anjan Sarma
June 15, 2021
in food, Health, Lifestyle
Reading Time: 3 mins read
0
pile of dry spices with colorful turmeric on tablespoon

Photo by Karolina Grabowska on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

– ডা০ ভূপেন শইকীয়া |

আন বহুতৰ দৰে হালধিৰ সোণোৱালী হালধীয়া ৰং মোৰো বৰ প্ৰিয় ৷ মোৰ স্মৃতিৰ মানস পটৰ এচোৱা সেই বৰণে আৱৰি ৰাখিছে ৷ পিছে আজি মই ৰঙৰ কথা নহয়, হালধিৰ গুণাৱলীৰ সৈতেহে আপোনালোকক পৰিচিত কৰাব খুজিছোঁ ৷ অসমীয়া জনজীৱনত হালধিৰ প্ৰয়োগ সকলোৱে দেখি অহা কেইটিমান হ’ল – ব’হাগ বিহুত গা ধুবলৈ মাটি মাহ আৰু কেঁচা হালধিৰ পিচা মিশ্ৰণ সানি লোৱা , অসমীয়া বিয়াত দৰা-কইনাক নোঁৱাবলৈ-ধুৱাবলৈ, মৃতকৰ সৎকাৰতো মাহ-হালধি সানি স্নান কৰোৱা, খুন্দা-খুন্দলি খালে কেঁচা হালধিৰ পিচি প্ৰলেপ দিয়া  আদি ৷ ৷ অসমৰ বহু অঞ্চলত মৰা শ যদি ৰাতি ৰাখিবলগীয়া হলে  শটো মাটিত শোৱাই চাৰিওফালে হালধিৰ গুড়িৰে বেৰি দিয়া হয়। তাৰ ফলত পোক-পৰুৱা নালাগে আৰু কোঠাটোত বেয়া গোন্ধ নোলায় !

               বহু হাজাৰ বছৰ আগৰ পৰাই আমাৰ দেশ ভাৰতবৰ্ষত নানান ৰোগৰ ঘৰুৱা আৰু আয়ুৰ্বেদিক চিকিৎসাত, সিদ্ধ আৰু য়ুনানী চিকিৎসাত হালধিৰ প্ৰয়োগ চলি আহিছে ৷ চীন দেশতো পৰম্পৰাগত চিকিৎসাত হালধিৰ প্ৰয়োগ চলি অহাৰ কথা জনা যায় ৷ ইউৰোপ মহাদেশত ১৩শতিকাৰ পৰা ব্যৱসায়ী সকলৰ যোগদি হালধিৰ প্ৰচলন আৰম্ভ হোৱা বুলি জনা যায় ৷

            বিশ্বত বছৰি ৮লাখ টন হালধিৰ উৎপাদন হয় ৷ তাৰে ৭৫শতাংশ ভাৰতে উৎপন্ন কৰে ৷ অৰ্থাৎ ভাৰত হ’ল হালধিৰ সৰ্ববৃহৎ উৎপাদনকাৰী দেশ ৷ বাংলাদেশ, পাকিস্তান,  শ্ৰীলংকা, টাইৱান, চীন, ম্যানম্যাৰ, ইণ্ডোনেচিয়া আদি হ’ল আন হালধিৰ উৎপাদনকাৰী দেশ ৷ মধ্য আৰু দক্ষিণ আমেৰিকাতো ব্যৱসায়িক ভিত্তিত হালধিৰ খেতি হয় ৷ ভাৰতবৰ্ষ আৰু দক্ষিণ-পূব এচিয়া হ’ল হালধিৰ স্বাভাৱিক বসতি স্থল ৷ প্ৰাচীন কালৰ পৰাই সেই অঞ্চলৰ লোকে হালধিক এবিধ মছলাগুণযুক্ত খাদ্য আৰু বনৌষধি হিচাবে  ব্যৱহাৰ কৰি আহিছে ৷ আমেৰিকাৰ খাদ্য আৰু ঔষধি বিভাগে হালধিক নিৰাপদ প্ৰাকৃতিক খাদ্যত মিহলাব পৰা ৰং বুলি স্বীকৃতি প্ৰদান কৰিছে ৷

           বহু হাজাৰ বছৰ আগৰ পৰাই আমাৰ দেশ ভাৰতবৰ্ষত নানান ৰোগৰ ঘৰুৱা আৰু আয়ুৰ্বেদিক চিকিৎসাত, সিদ্ধ আৰু য়ুনানী চিকিৎসাত হালধিৰ প্ৰয়োগ চলি আহিছে ৷  আমাৰ দেশত হালধি ব্যৱহাৰ কৰি নিম্নলিখিত ৰোগৰ চিকিৎসা কৰা হৈছিল -গাৰ বিষ,বাত বিষ, চৰ্দি, চৰ্মৰোগ, লিভাৰৰ অসুখ, বদহজমি,শ্বাসজনিত ৰোগ, ক্লান্ত-অৱসাদ দূৰ কৰিবলৈ ৷  চীন দেশতো পৰম্পৰাগত চিকিৎসাত হালধিৰ প্ৰয়োগ চলি অহাৰ কথা জনা যায় ৷ নেপালত পৰম্পৰাগত ৰোগ চিকিৎসাত হালধি ব্যৱহাৰ কৰা হয় ৷ দক্ষিণ আফ্ৰিকাত ভাতৰ বৰণ পীত বৰণৰ কৰিবলৈ হালধিৰ প্ৰয়োগ কৰা হয় ৷ পাৰসী, ইৰাণী, মৰক্কো, ভিয়েটনামী,ইণ্ডোনেচিয়া,থাইলেণ্ড- নিবাসী আদিৰ মাজত হালধিৰ ব্যৱহাৰ অতীজ কালৰ পৰা এৰাব নোৱৰা আছিল বুলি জনা যায় ৷

           দক্ষিণ ভাৰতৰ কেৰালা, মহাৰাষ্ট্ৰ, গোৱা, কোংকন আদি অঞ্চলত খাদ্যবস্তুৰ টোপোলা বান্ধিবলৈ হালধি গছৰ পাত ব্যৱহৃত হয় ৷ উত্তৰ ভাৰতৰ বহু অঞ্চলত বিবাহত কইনাৰ গাত হালধি ঘঁহা ‘হল্দি ৰচম’ আৰু পশ্চিম বংগত ‘গায়ে হলুধ’ প্ৰথাৰ প্ৰচলন চলি আহিছে ৷ তামিলনাডু,অন্ধ্ৰ, তেলেংগানা আদি ঠাইৰ বিবাহটো হালধি অপৰিহাৰ্য্য ৷ দূৰ্গাপূজাৰ নৱপত্ৰিকা বিধানতো হালধিৰ স্থান অপৰিহাৰ্য্য ৷

          খাদ্যৰ মছলা হিচাবে ব্যৱহাৰ কৰাৰ ওপৰিও  হালধিক পুৰণিকালৰ পৰা কাপোৰত দিয়া ৰং হিচাবেও ব্যৱহাৰ কৰি অহা হৈছে ৷ বৌদ্ধ ভিক্ষুসকলে পৰিধান কৰা নিজ বস্ত্ৰত,বাংলাদেশী আৰু ভাৰতীয় কুটীৰ শিল্পীসকলে বনোৱা শাৰিত হালধিৰে প্ৰকৃতিক ৰং বুলোৱা হয় ৷

        এটা সময়ত কোনো পদাৰ্থৰ অম্লতা বা খাৰুৱা গুণ চিনাক্ত কৰিবলৈ হালধিৰে নিৰ্মিত কাগজ (Curcuma paper) ব্যৱহাৰ কৰা হৈছিল ৷ এচিড মাধ্যমত এনে কাকত হালধীয়া পৰে আৰু খাৰুৱা মাধ্যমত এনে কাকত ৰঙা-মূগা বৰণৰ হৈ পৰে ৷

            বিভিন্ন ভাষাত হালধিক কি বোলে ?

               অসমীয়াত হালধিৰ আন নাম হ’ল হৰিদ্ৰা ৷  বড়ো (হালদৈ), খাচী (চিনৰাই), কাৰ্বি (থাৰমিউ), ডিমাছা (শ্লুকদি), দেউৰী (আচিৰি), টাই (থাও-মিন), বাংলা (হলুদ),মৰাঠী(হলদ), ওৰিয়া(হলদি), গুজৰাটী (হলদাৰ),কানাড়া (অৰিচিনা), কাশ্মিৰী (লেডাৰ), পঞ্জাবী (হল্দি, হলদৰ,হৰধল), তামিল (মঞ্জল), তেলেগু (পাচুপু), উৰ্দূ (হল্দি) ৷ লেটিন নাম হ’ল- Curcuma loga linn, Domestica Valeton, Cucuma aromatic আৰু ইংৰাজী নাম হ’ল –Turmeric, Indian saffron  ৷ ব’টানিকেল নাম হ’ল –Cucuma longa  ৷ বংশ- Zingiberaceae (Ginger family) – আদা আৰু ইলাচী হ’ল এই একে বংশৰ ৷

            হালধি গছৰ বৰ্ণনা : – এজোপা হালধিৰ গছ ৩ৰ পৰা ৫ফুট ওখ হব পাৰে  ৷ ২০ৰ পৰা ৩০ডিগ্ৰী চেলচিয়াচ তাপমান হ’ল ইয়াৰ বাবে উপযুক্ত বাতাবৰণ ৷ গছৰ শ্ৰীবৃদ্ধিৰ বাবে যথেষ্ট পানীৰ প্ৰয়োজন ৷  ৮৷ ১০মাহত গছ পূৰঠ হয় ৷ গছত পাতল হালধীয়া ফুল ফুলে ৷ মাটিৰ তলত আদাৰ নিচিনা থোপাথুপি শিপাৰ বিকাশ হয় ৷ এই শিপাৰ অংশ কাটি আন ঠাইত ৰুলে নতুন গছ হয় ৷ উপযুক্ত পৰিসৰ পালে টাবটো হালধি ৰোপন কৰিব পাৰি ৷ শিপা শুকুৱাই পিহিলে হালধি গুড়ি (পাউদাৰ) হয় ৷

   কি কি উপযোগী তত্ব হালধিত থাকে ?

           সেই তত্বসমূহ হ’ল ফাইটো-নিউট্ৰিয়েন্ট (কুৰকুমিন, ডিমিথস্কি-কুৰকুমিন, টিউমেৰন,

টিউমেনৰল); ডায়েটেৰী ফাইবাৰ, ভিটামিন-বি ৬, ভিটামিন-এ, ভিটামিন-ডি,ভিটামিন-চি, ভিটামিন-এ, খনিজ (আইৰণ, মেংগানিজ, প’টেচিয়াম,ক’পাৰ,কেলচিয়াম,চ’ডিয়াম), প্ৰটিন ৷ ক’লেষ্টেৰল শূণ্য ৷ কেলৰিৰ পৰিমান ২৪ ৷ কুৰকুমিন (Curcumin ) হ’ল হালধিত থকা আটাইতকৈ লাগতিয়াল তত্ব ৷ হালধিৰ বৰণ ইয়েই কৰে ৷ হালধিৰ অনেক বৈশিষ্ট  ইয়াৰ পৰাই আহিছে ৷

   হালধিৰ বিষয়ে গবেষকসকলে কি কয় ?

               পাঠকে শুনি হয়তো আচৰিত হব বিশ্বৰ বিভিন্ন ঠাইৰ পৰা ১০ হাজাৰৰো অধিক  হালধিৰ ওপৰত গবেষণামূলক প্ৰৱন্ধ প্ৰকাশিত হৈছে ৷ নিবন্ধসমূহত থোৰতে হালধিৰ নিম্নলিখিত গুণৰ ওপৰত আলোচনা হৈছে : সংক্ৰমণৰোধক, মনৰ উদাসীনতা দূৰীকাৰক, বিষহাৰক, ক’লেষ্টৰল হ্ৰাস কৰোতা, মেদবহুলতা কমোৱা গুণযুক্ত, চৰ্মৰোগৰ উপকাৰী, কৰ্কট ৰোগ ৰোধক, বাত-বিনাশক, ডায়েবেটিজ নিয়ন্ত্ৰক, এন্টিক’এগুলেন্ট  ক্ৰিয়া আদি ৷

               অন্যান্য দৰবৰ সৈতে হব পৰা সংঘাত (Drug interaction ) – পেটৰ এচিডিটিৰ চিকিৎসাত সঘনে ব্যৱহৃত হোৱা দৰব (ৰেনিটিডিন, ফেমটিডিন,চিমেটিডিন, লেন্সপ্ৰাজল,অমিপ্ৰাজল); ডায়েবেটিজৰ দৰব; এন্টিক’এগুলেন্ট দৰব (এচপ্ৰিন,ক্লপিডগ্ৰিল, ৱাৰফেৰন) আদি দৰবৰ ব্যৱহাৰ কৰোতাসকলে হালধিৰ ব্যৱহাৰত সতৰ্ক হোৱা বাঞ্চনীয় ৷

           এদিনত এজন লোকে ব্যৱহাৰ কৰা হালধিৰ পৰিমান কিমান হোৱা উচিত ?

            ৫০০মিলিগ্ৰাম দিনটোত তিনিবাৰ অৰ্থাৎ এদিনত ১৫০০মিলিগ্ৰাম হ’ল উপযুক্ত আৰু নিৰাপদ মাত্ৰা ৷ অত্যধিক সেৱনৰ পৰা হব পৰা পাৰ্শ্বক্ৰিয়াসমূহ হ’ল -বমি, ওকালি, পেটৰ অসুখ,মূৰঘূৰণি ৷

   * উপকাৰিতাৰ দীঘলীয়া তালিকাখনলৈ লক্ষ্য কৰক : –

• কৰ্কট ৰোগ প্ৰতিৰোধক – এন্টিঅক্সিডেন্টে ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে ৷

• টাইপ-২ডায়েবেটিজ আৰু ইয়াৰ জটিলতাস্বৰূপে হব পৰা ৰেটিনোপেথি আৰু নিউৰোপেথি ৰোধকৰাৰ ক্ষমতাযুক্ত ৷ পৰীক্ষাগাৰত হালধিক ডায়েবেটিজৰ দৰব মেটফৰ্মিনকৈ শক্তিমন্ত দেখা গৈছে ৷

• ক’লেষ্টেৰল নিয়ন্ত্ৰক-  দেহৰ অপকাৰী ট্ৰাইগ্লিচাৰাইড আৰু হ্ৰাস কৰে ৷

• মেদবহুলতা কমায় ৷

• হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে ৷

• সংক্ৰমণৰোধক -এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল গুণযুক্ত ৷

• ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ৷

• মানসিক চিন্তা, ডিপ্ৰেচন কমোৱাত ফ্লোৱেক্সটিনৰ দৰে সক্ষম ৷

• স্মৃতিশক্তি বঢ়ায় ৷ এলঝেইমাৰৰ দৰে ৰোগৰ চিকিৎসাত উপযোগী ৷

• পাৰকিনচনিজম আদি স্নায়ুৰোগ ৰোধ কৰে ৷

• বাত বিষৰ উপশম ঘটায় ৷

• শৰীৰত বয়সৰ ছাপ পৰিব নিদিয়ে ৷ ছাল সোতোৰা পৰা ৰোধ কৰে ৷

• শালমন ভাল কৰে ৷

• ছালৰ দাগ আতৰ কৰাত হালধিৰ প্ৰলেপ সহায়ক ৷

• জুয়ে পুৰাৰ চিকিৎসাত উপযোগী ৷ জুয়ে পুৰাৰ চিকিৎসাত প্ৰলেপ হিচাবে প্ৰয়োগ প্ৰাচীনকালৰ পৰাই চলি আহিছে ৷ বাৰ্ণৰ গভীৰতা বেচি হলে ৩০০মিলিগ্ৰাম দিনে ৩বাৰকৈ খাব লাগিব ৷ Turmeric বা Curcumin 300 mg কেপচুল বজাৰত উপলদ্ধ ৷

• শৰীৰৰ যিকোনো ঘাঁ হালধিৰ প্ৰয়োগে শুকুৱাত সহায় কৰে।

• হালধি গাখীৰৰ লগত মিহলাই ৰাতিপুৱা খালে এলাৰ্জি ৰোগ আতৰোৱাত সহায় হয়।

• ছালৰ বিভিন্ন ৰোগৰ (লুপাচ, চ’ৰিয়াচিচ,একজিমা)  চিকিৎসাত ব্যৱহৃত হয় ৷

• বিষহাৰক, বাত,আৰ্থাইটিচ আদি ৰোগৰ চিকিৎসাত উপযোগী ৷

• পেটৰ নানাবিধ পুৰণি অসুখ যেনে আলচাৰেটিভ ক’লাইটিচ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত উপযোগী ৷

• কেটেৰেক্ট, ইউভিআইটিচ আদি চকুৰ অসুখ ৰোধ কৰে ৷

• চকু ৰঙা পৰা অসুখ ( কনজাংটিভাইটিচ)ত হালধি পিহি নাইবা গুড়ি হালধি পানী মিহলাই পেষ্ট তৈয়াৰ কৰি পৰিষ্কাৰ কাপোৰত সানি লৈ চকুত মাজে মাজে লগাই থাকিলে  সকাহ পোৱা যায় ৷

• লিভাৰৰ অসুখ, আভোক, জণ্ডিচ,চিৰচিচ আদিত উপযোগী ৷

• কেচা মাংসত হালধি সানি কেবাদিনলৈ ভালে ৰাখিব পাৰি, গোন্ধ নোলায় ৷

   সতৰ্কবাণী –

• পিত্তত পাথৰ থকা লোকৰ বাবে হালধি অপকাৰী ৷ হালধিয়ে পিত্তৰ সংকোচন কৰাৰ ফলত পেট বিষ হব ৷

• কিডনিৰ পাথৰ থাকিলেও হালধি বেচি খালে কেলচিয়াম অক্সালেট বৃদ্ধি হোৱাৰ ফলত পাথৰৰ আকাৰ বাঢ়িব পাৰে ৷

• গৰ্ভৱতী মহিলাই অতিমাত্ৰাত হালধি সেৱন কৰিলে জৰায়ুৰ সংকোচন কৰাৰ ফলত গৰ্ভপাত হব পাৰে ৷

• এন্টিক’এগুলেন্ট দৰব খাই থকা ৰোগীয়ে সতৰ্কতাৰ  হালধি সেৱন কৰিব ৷

* যি কোনো কাৰণত জণ্ডিচ হলে বহুতোলোকে হালধি খাবলৈ বাদ দিয়ে ৷ সেয়া অজ্ঞতা, এটি ভুল ধাৰণা ৷ লিভাৰৰ যি কোনো অসুখত হালধি উপযোগী ৷ কিন্তু পিত্তত আৰু কিডনিত পাথৰ হলে হালধি নাখাব ৷

(ডা০ ভূপেন শইকীয়া, ডোহা, কাটাৰ)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: হালধি
Anjan Sarma

Anjan Sarma

Related Posts

The fountain of youth
Lifestyle

The fountain of youth

by Angshuman Dutta
July 7, 2026
0

The fountain of youth Angshuman Dutta Do you want to get older? I am sure we all want to hold...

Read moreDetails
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 30, 2026
Millets: Rediscovering the Super Food!

Millets: Rediscovering the Super Food!

June 30, 2026
Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

Badimalika: Journey to the Mystical Green Meadows of Far-West Nepal

June 29, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 26, 2026
From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

From New York to Europe to Malaysia: a new generation of food policies is ready for adoption

June 14, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d