• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, February 4, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle food

হালধি : এবিধ বিস্ময়কৰ মছলা

- ডা০ ভূপেন শইকীয়া

by Admin
June 15, 2021
in food, Health, Lifestyle
Reading Time: 3 mins read
0
pile of dry spices with colorful turmeric on tablespoon

Photo by Karolina Grabowska on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

– ডা০ ভূপেন শইকীয়া |

আন বহুতৰ দৰে হালধিৰ সোণোৱালী হালধীয়া ৰং মোৰো বৰ প্ৰিয় ৷ মোৰ স্মৃতিৰ মানস পটৰ এচোৱা সেই বৰণে আৱৰি ৰাখিছে ৷ পিছে আজি মই ৰঙৰ কথা নহয়, হালধিৰ গুণাৱলীৰ সৈতেহে আপোনালোকক পৰিচিত কৰাব খুজিছোঁ ৷ অসমীয়া জনজীৱনত হালধিৰ প্ৰয়োগ সকলোৱে দেখি অহা কেইটিমান হ’ল – ব’হাগ বিহুত গা ধুবলৈ মাটি মাহ আৰু কেঁচা হালধিৰ পিচা মিশ্ৰণ সানি লোৱা , অসমীয়া বিয়াত দৰা-কইনাক নোঁৱাবলৈ-ধুৱাবলৈ, মৃতকৰ সৎকাৰতো মাহ-হালধি সানি স্নান কৰোৱা, খুন্দা-খুন্দলি খালে কেঁচা হালধিৰ পিচি প্ৰলেপ দিয়া  আদি ৷ ৷ অসমৰ বহু অঞ্চলত মৰা শ যদি ৰাতি ৰাখিবলগীয়া হলে  শটো মাটিত শোৱাই চাৰিওফালে হালধিৰ গুড়িৰে বেৰি দিয়া হয়। তাৰ ফলত পোক-পৰুৱা নালাগে আৰু কোঠাটোত বেয়া গোন্ধ নোলায় !

RelatedPosts

Korean Beauty Hydrating Sheet Mask !

Korean Beauty Hydrating Sheet Mask !

January 31, 2023
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023

               বহু হাজাৰ বছৰ আগৰ পৰাই আমাৰ দেশ ভাৰতবৰ্ষত নানান ৰোগৰ ঘৰুৱা আৰু আয়ুৰ্বেদিক চিকিৎসাত, সিদ্ধ আৰু য়ুনানী চিকিৎসাত হালধিৰ প্ৰয়োগ চলি আহিছে ৷ চীন দেশতো পৰম্পৰাগত চিকিৎসাত হালধিৰ প্ৰয়োগ চলি অহাৰ কথা জনা যায় ৷ ইউৰোপ মহাদেশত ১৩শতিকাৰ পৰা ব্যৱসায়ী সকলৰ যোগদি হালধিৰ প্ৰচলন আৰম্ভ হোৱা বুলি জনা যায় ৷

            বিশ্বত বছৰি ৮লাখ টন হালধিৰ উৎপাদন হয় ৷ তাৰে ৭৫শতাংশ ভাৰতে উৎপন্ন কৰে ৷ অৰ্থাৎ ভাৰত হ’ল হালধিৰ সৰ্ববৃহৎ উৎপাদনকাৰী দেশ ৷ বাংলাদেশ, পাকিস্তান,  শ্ৰীলংকা, টাইৱান, চীন, ম্যানম্যাৰ, ইণ্ডোনেচিয়া আদি হ’ল আন হালধিৰ উৎপাদনকাৰী দেশ ৷ মধ্য আৰু দক্ষিণ আমেৰিকাতো ব্যৱসায়িক ভিত্তিত হালধিৰ খেতি হয় ৷ ভাৰতবৰ্ষ আৰু দক্ষিণ-পূব এচিয়া হ’ল হালধিৰ স্বাভাৱিক বসতি স্থল ৷ প্ৰাচীন কালৰ পৰাই সেই অঞ্চলৰ লোকে হালধিক এবিধ মছলাগুণযুক্ত খাদ্য আৰু বনৌষধি হিচাবে  ব্যৱহাৰ কৰি আহিছে ৷ আমেৰিকাৰ খাদ্য আৰু ঔষধি বিভাগে হালধিক নিৰাপদ প্ৰাকৃতিক খাদ্যত মিহলাব পৰা ৰং বুলি স্বীকৃতি প্ৰদান কৰিছে ৷

           বহু হাজাৰ বছৰ আগৰ পৰাই আমাৰ দেশ ভাৰতবৰ্ষত নানান ৰোগৰ ঘৰুৱা আৰু আয়ুৰ্বেদিক চিকিৎসাত, সিদ্ধ আৰু য়ুনানী চিকিৎসাত হালধিৰ প্ৰয়োগ চলি আহিছে ৷  আমাৰ দেশত হালধি ব্যৱহাৰ কৰি নিম্নলিখিত ৰোগৰ চিকিৎসা কৰা হৈছিল -গাৰ বিষ,বাত বিষ, চৰ্দি, চৰ্মৰোগ, লিভাৰৰ অসুখ, বদহজমি,শ্বাসজনিত ৰোগ, ক্লান্ত-অৱসাদ দূৰ কৰিবলৈ ৷  চীন দেশতো পৰম্পৰাগত চিকিৎসাত হালধিৰ প্ৰয়োগ চলি অহাৰ কথা জনা যায় ৷ নেপালত পৰম্পৰাগত ৰোগ চিকিৎসাত হালধি ব্যৱহাৰ কৰা হয় ৷ দক্ষিণ আফ্ৰিকাত ভাতৰ বৰণ পীত বৰণৰ কৰিবলৈ হালধিৰ প্ৰয়োগ কৰা হয় ৷ পাৰসী, ইৰাণী, মৰক্কো, ভিয়েটনামী,ইণ্ডোনেচিয়া,থাইলেণ্ড- নিবাসী আদিৰ মাজত হালধিৰ ব্যৱহাৰ অতীজ কালৰ পৰা এৰাব নোৱৰা আছিল বুলি জনা যায় ৷

           দক্ষিণ ভাৰতৰ কেৰালা, মহাৰাষ্ট্ৰ, গোৱা, কোংকন আদি অঞ্চলত খাদ্যবস্তুৰ টোপোলা বান্ধিবলৈ হালধি গছৰ পাত ব্যৱহৃত হয় ৷ উত্তৰ ভাৰতৰ বহু অঞ্চলত বিবাহত কইনাৰ গাত হালধি ঘঁহা ‘হল্দি ৰচম’ আৰু পশ্চিম বংগত ‘গায়ে হলুধ’ প্ৰথাৰ প্ৰচলন চলি আহিছে ৷ তামিলনাডু,অন্ধ্ৰ, তেলেংগানা আদি ঠাইৰ বিবাহটো হালধি অপৰিহাৰ্য্য ৷ দূৰ্গাপূজাৰ নৱপত্ৰিকা বিধানতো হালধিৰ স্থান অপৰিহাৰ্য্য ৷

          খাদ্যৰ মছলা হিচাবে ব্যৱহাৰ কৰাৰ ওপৰিও  হালধিক পুৰণিকালৰ পৰা কাপোৰত দিয়া ৰং হিচাবেও ব্যৱহাৰ কৰি অহা হৈছে ৷ বৌদ্ধ ভিক্ষুসকলে পৰিধান কৰা নিজ বস্ত্ৰত,বাংলাদেশী আৰু ভাৰতীয় কুটীৰ শিল্পীসকলে বনোৱা শাৰিত হালধিৰে প্ৰকৃতিক ৰং বুলোৱা হয় ৷

        এটা সময়ত কোনো পদাৰ্থৰ অম্লতা বা খাৰুৱা গুণ চিনাক্ত কৰিবলৈ হালধিৰে নিৰ্মিত কাগজ (Curcuma paper) ব্যৱহাৰ কৰা হৈছিল ৷ এচিড মাধ্যমত এনে কাকত হালধীয়া পৰে আৰু খাৰুৱা মাধ্যমত এনে কাকত ৰঙা-মূগা বৰণৰ হৈ পৰে ৷

            বিভিন্ন ভাষাত হালধিক কি বোলে ?

               অসমীয়াত হালধিৰ আন নাম হ’ল হৰিদ্ৰা ৷  বড়ো (হালদৈ), খাচী (চিনৰাই), কাৰ্বি (থাৰমিউ), ডিমাছা (শ্লুকদি), দেউৰী (আচিৰি), টাই (থাও-মিন), বাংলা (হলুদ),মৰাঠী(হলদ), ওৰিয়া(হলদি), গুজৰাটী (হলদাৰ),কানাড়া (অৰিচিনা), কাশ্মিৰী (লেডাৰ), পঞ্জাবী (হল্দি, হলদৰ,হৰধল), তামিল (মঞ্জল), তেলেগু (পাচুপু), উৰ্দূ (হল্দি) ৷ লেটিন নাম হ’ল- Curcuma loga linn, Domestica Valeton, Cucuma aromatic আৰু ইংৰাজী নাম হ’ল –Turmeric, Indian saffron  ৷ ব’টানিকেল নাম হ’ল –Cucuma longa  ৷ বংশ- Zingiberaceae (Ginger family) – আদা আৰু ইলাচী হ’ল এই একে বংশৰ ৷

            হালধি গছৰ বৰ্ণনা : – এজোপা হালধিৰ গছ ৩ৰ পৰা ৫ফুট ওখ হব পাৰে  ৷ ২০ৰ পৰা ৩০ডিগ্ৰী চেলচিয়াচ তাপমান হ’ল ইয়াৰ বাবে উপযুক্ত বাতাবৰণ ৷ গছৰ শ্ৰীবৃদ্ধিৰ বাবে যথেষ্ট পানীৰ প্ৰয়োজন ৷  ৮৷ ১০মাহত গছ পূৰঠ হয় ৷ গছত পাতল হালধীয়া ফুল ফুলে ৷ মাটিৰ তলত আদাৰ নিচিনা থোপাথুপি শিপাৰ বিকাশ হয় ৷ এই শিপাৰ অংশ কাটি আন ঠাইত ৰুলে নতুন গছ হয় ৷ উপযুক্ত পৰিসৰ পালে টাবটো হালধি ৰোপন কৰিব পাৰি ৷ শিপা শুকুৱাই পিহিলে হালধি গুড়ি (পাউদাৰ) হয় ৷

   কি কি উপযোগী তত্ব হালধিত থাকে ?

           সেই তত্বসমূহ হ’ল ফাইটো-নিউট্ৰিয়েন্ট (কুৰকুমিন, ডিমিথস্কি-কুৰকুমিন, টিউমেৰন,

টিউমেনৰল); ডায়েটেৰী ফাইবাৰ, ভিটামিন-বি ৬, ভিটামিন-এ, ভিটামিন-ডি,ভিটামিন-চি, ভিটামিন-এ, খনিজ (আইৰণ, মেংগানিজ, প’টেচিয়াম,ক’পাৰ,কেলচিয়াম,চ’ডিয়াম), প্ৰটিন ৷ ক’লেষ্টেৰল শূণ্য ৷ কেলৰিৰ পৰিমান ২৪ ৷ কুৰকুমিন (Curcumin ) হ’ল হালধিত থকা আটাইতকৈ লাগতিয়াল তত্ব ৷ হালধিৰ বৰণ ইয়েই কৰে ৷ হালধিৰ অনেক বৈশিষ্ট  ইয়াৰ পৰাই আহিছে ৷

   হালধিৰ বিষয়ে গবেষকসকলে কি কয় ?

               পাঠকে শুনি হয়তো আচৰিত হব বিশ্বৰ বিভিন্ন ঠাইৰ পৰা ১০ হাজাৰৰো অধিক  হালধিৰ ওপৰত গবেষণামূলক প্ৰৱন্ধ প্ৰকাশিত হৈছে ৷ নিবন্ধসমূহত থোৰতে হালধিৰ নিম্নলিখিত গুণৰ ওপৰত আলোচনা হৈছে : সংক্ৰমণৰোধক, মনৰ উদাসীনতা দূৰীকাৰক, বিষহাৰক, ক’লেষ্টৰল হ্ৰাস কৰোতা, মেদবহুলতা কমোৱা গুণযুক্ত, চৰ্মৰোগৰ উপকাৰী, কৰ্কট ৰোগ ৰোধক, বাত-বিনাশক, ডায়েবেটিজ নিয়ন্ত্ৰক, এন্টিক’এগুলেন্ট  ক্ৰিয়া আদি ৷

               অন্যান্য দৰবৰ সৈতে হব পৰা সংঘাত (Drug interaction ) – পেটৰ এচিডিটিৰ চিকিৎসাত সঘনে ব্যৱহৃত হোৱা দৰব (ৰেনিটিডিন, ফেমটিডিন,চিমেটিডিন, লেন্সপ্ৰাজল,অমিপ্ৰাজল); ডায়েবেটিজৰ দৰব; এন্টিক’এগুলেন্ট দৰব (এচপ্ৰিন,ক্লপিডগ্ৰিল, ৱাৰফেৰন) আদি দৰবৰ ব্যৱহাৰ কৰোতাসকলে হালধিৰ ব্যৱহাৰত সতৰ্ক হোৱা বাঞ্চনীয় ৷

           এদিনত এজন লোকে ব্যৱহাৰ কৰা হালধিৰ পৰিমান কিমান হোৱা উচিত ?

            ৫০০মিলিগ্ৰাম দিনটোত তিনিবাৰ অৰ্থাৎ এদিনত ১৫০০মিলিগ্ৰাম হ’ল উপযুক্ত আৰু নিৰাপদ মাত্ৰা ৷ অত্যধিক সেৱনৰ পৰা হব পৰা পাৰ্শ্বক্ৰিয়াসমূহ হ’ল -বমি, ওকালি, পেটৰ অসুখ,মূৰঘূৰণি ৷

   * উপকাৰিতাৰ দীঘলীয়া তালিকাখনলৈ লক্ষ্য কৰক : –

• কৰ্কট ৰোগ প্ৰতিৰোধক – এন্টিঅক্সিডেন্টে ফ্ৰি-ৰেডিকেল বিনষ্ট কৰে ৷

• টাইপ-২ডায়েবেটিজ আৰু ইয়াৰ জটিলতাস্বৰূপে হব পৰা ৰেটিনোপেথি আৰু নিউৰোপেথি ৰোধকৰাৰ ক্ষমতাযুক্ত ৷ পৰীক্ষাগাৰত হালধিক ডায়েবেটিজৰ দৰব মেটফৰ্মিনকৈ শক্তিমন্ত দেখা গৈছে ৷

• ক’লেষ্টেৰল নিয়ন্ত্ৰক-  দেহৰ অপকাৰী ট্ৰাইগ্লিচাৰাইড আৰু হ্ৰাস কৰে ৷

• মেদবহুলতা কমায় ৷

• হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে ৷

• সংক্ৰমণৰোধক -এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল গুণযুক্ত ৷

• ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ৷

• মানসিক চিন্তা, ডিপ্ৰেচন কমোৱাত ফ্লোৱেক্সটিনৰ দৰে সক্ষম ৷

• স্মৃতিশক্তি বঢ়ায় ৷ এলঝেইমাৰৰ দৰে ৰোগৰ চিকিৎসাত উপযোগী ৷

• পাৰকিনচনিজম আদি স্নায়ুৰোগ ৰোধ কৰে ৷

• বাত বিষৰ উপশম ঘটায় ৷

• শৰীৰত বয়সৰ ছাপ পৰিব নিদিয়ে ৷ ছাল সোতোৰা পৰা ৰোধ কৰে ৷

• শালমন ভাল কৰে ৷

• ছালৰ দাগ আতৰ কৰাত হালধিৰ প্ৰলেপ সহায়ক ৷

• জুয়ে পুৰাৰ চিকিৎসাত উপযোগী ৷ জুয়ে পুৰাৰ চিকিৎসাত প্ৰলেপ হিচাবে প্ৰয়োগ প্ৰাচীনকালৰ পৰাই চলি আহিছে ৷ বাৰ্ণৰ গভীৰতা বেচি হলে ৩০০মিলিগ্ৰাম দিনে ৩বাৰকৈ খাব লাগিব ৷ Turmeric বা Curcumin 300 mg কেপচুল বজাৰত উপলদ্ধ ৷

• শৰীৰৰ যিকোনো ঘাঁ হালধিৰ প্ৰয়োগে শুকুৱাত সহায় কৰে।

• হালধি গাখীৰৰ লগত মিহলাই ৰাতিপুৱা খালে এলাৰ্জি ৰোগ আতৰোৱাত সহায় হয়।

• ছালৰ বিভিন্ন ৰোগৰ (লুপাচ, চ’ৰিয়াচিচ,একজিমা)  চিকিৎসাত ব্যৱহৃত হয় ৷

• বিষহাৰক, বাত,আৰ্থাইটিচ আদি ৰোগৰ চিকিৎসাত উপযোগী ৷

• পেটৰ নানাবিধ পুৰণি অসুখ যেনে আলচাৰেটিভ ক’লাইটিচ, ইৰিটেবল বাৱেল চিনড্ৰম আদিত উপযোগী ৷

• কেটেৰেক্ট, ইউভিআইটিচ আদি চকুৰ অসুখ ৰোধ কৰে ৷

• চকু ৰঙা পৰা অসুখ ( কনজাংটিভাইটিচ)ত হালধি পিহি নাইবা গুড়ি হালধি পানী মিহলাই পেষ্ট তৈয়াৰ কৰি পৰিষ্কাৰ কাপোৰত সানি লৈ চকুত মাজে মাজে লগাই থাকিলে  সকাহ পোৱা যায় ৷

• লিভাৰৰ অসুখ, আভোক, জণ্ডিচ,চিৰচিচ আদিত উপযোগী ৷

• কেচা মাংসত হালধি সানি কেবাদিনলৈ ভালে ৰাখিব পাৰি, গোন্ধ নোলায় ৷

   সতৰ্কবাণী –

• পিত্তত পাথৰ থকা লোকৰ বাবে হালধি অপকাৰী ৷ হালধিয়ে পিত্তৰ সংকোচন কৰাৰ ফলত পেট বিষ হব ৷

• কিডনিৰ পাথৰ থাকিলেও হালধি বেচি খালে কেলচিয়াম অক্সালেট বৃদ্ধি হোৱাৰ ফলত পাথৰৰ আকাৰ বাঢ়িব পাৰে ৷

• গৰ্ভৱতী মহিলাই অতিমাত্ৰাত হালধি সেৱন কৰিলে জৰায়ুৰ সংকোচন কৰাৰ ফলত গৰ্ভপাত হব পাৰে ৷

• এন্টিক’এগুলেন্ট দৰব খাই থকা ৰোগীয়ে সতৰ্কতাৰ  হালধি সেৱন কৰিব ৷

* যি কোনো কাৰণত জণ্ডিচ হলে বহুতোলোকে হালধি খাবলৈ বাদ দিয়ে ৷ সেয়া অজ্ঞতা, এটি ভুল ধাৰণা ৷ লিভাৰৰ যি কোনো অসুখত হালধি উপযোগী ৷ কিন্তু পিত্তত আৰু কিডনিত পাথৰ হলে হালধি নাখাব ৷

(ডা০ ভূপেন শইকীয়া, ডোহা, কাটাৰ)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: হালধি
Admin

Admin

Related Posts

Korean Beauty Hydrating Sheet Mask !
Lifestyle

Korean Beauty Hydrating Sheet Mask !

by Admin
January 31, 2023
0

Korean Beauty Hydrating Sheet Mask AGRITA CHHIBBER Agrita Chhibber What is the main advantage of sheet masks? Hydration! Your skin...

Read more
বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

বিচ্ছিন্ন পৰিচয় বিকাৰ ! ব্যক্তি এক – পৰিচয় অনেক !

January 30, 2023
group of people in public toilet using smartphones

The Psychological Effects of Social Media!

January 30, 2023
Must Visit Places in Jammu

Must Visit Places in Jammu

January 30, 2023
পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

পৰুৱাবোৰে প্ৰস্ৰাৱত কৰ্কট ৰোগৰ গোন্ধ ধৰা পেলায়!

January 27, 2023
woman sitting on wooden planks

Make Stress-Less Life Your Lifestyle

January 26, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
close up photography of cherry blossom tree

“তানকা’’—জীৱনসম্পৃক্ত জাপানি কবিতা

February 4, 2023
Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

Hindenburg Research report: Is Adani the biggest corporate-con in the world?   

February 4, 2023
হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

হিণ্ডেনবাৰ্গ গৱেষণাৰ প্ৰতিবেদন: আদানী বিশ্বৰ আটাইতকৈ ডাঙৰ কৰ্পৰেট-ঠগ নেকি?

February 4, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

February 4, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    449 shares
    Share 180 Tweet 112
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    236 shares
    Share 94 Tweet 59
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    83 shares
    Share 33 Tweet 21
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    68 shares
    Share 27 Tweet 17
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    59 shares
    Share 24 Tweet 15
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    89 shares
    Share 36 Tweet 22
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • কমতাপুৰ ধ্বংস কাব্য

    75 shares
    Share 30 Tweet 19
  • “মে ডাম মে ফী “– এটি দৃষ্টি …

    51 shares
    Share 20 Tweet 13
  • সাম্প্ৰতিক অসমীয়া সংবাদ মাধ্যম

    48 shares
    Share 19 Tweet 12
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: