হাৰিয়ানা উত্তপ্ত: গুৰুগ্ৰামত মছজিদত অগ্নিসংযোগ, ইমামক হত্যা…!
দিলীপ দৈমাৰী
২ আগষ্ট, ২০২৩: এফালে মণিপুৰ জ্বলি থকাৰ সময়তে অইনফালে হৰিয়ানাতো আৰম্ভ হৈছে হিংসাত্মক পৰিস্থিতি, হৈছে সংঘৰ্ষ।
যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰক লৈ কিবা এক অজান কাৰণত মৌনব্ৰত ধাৰণ কৰি আছে আৰু ভাৰতৰ ‘দক্ষতম গৃহমন্ত্ৰী’ বুলি প্ৰচাৰ চলোৱা অমিত শ্বাহেও মণিপুৰক লৈ অৱহেলা প্ৰদৰ্শন কৰি আছে তথা ব্যস্ত হৈ পৰিছে মাথো উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বিপৰীতে লোকসভাত দিল্লী অধ্যাদেশ বিধেয়ক উত্থাপন কৰি অৰবিন্দ কেজৰিৱালক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন কৰিবলৈ – সেই সময়তেই নতুন দিল্লীৰ সমীপৰ হাৰিয়ানাত আৰম্ভ হৈছে সাম্প্ৰদায়িক সংঘৰ্ষ!
শংকা হৈছে, সমগ্ৰ ভাৰতত গুজৰাটৰ দৰে সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পি পৰাটোৱেই কামনা কৰিছে নেকি শাসকসকলে – ২০২৪ চনৰ নিৰ্বাচনৰ পটভূমিত!
বিশ্ব হিন্দু পৰিষদৰ এক ধৰ্মীয় সমদলক লৈ আৰম্ভ হোৱা আক্ৰমণক কেন্দ্ৰ কৰি হাৰিয়ানাৰ নুহ জিলাত সূত্ৰপাত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ ১ আগষ্ট, ২০২৩ তাৰিখ মঙ্গলবাৰে নতুন নতুন ঠাইলৈ বিয়পি পৰে।
উল্লেখযোগ্য যে সোমবাৰে (৩১ জুলাই) নিশা প্ৰায় ১২ বজাত এদল উন্মত্ত জনতাই মোডী- শ্বাহৰ দিল্লীৰ গাতে গা লাগি থকা গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত এটা মছজিদ ভষ্মীভূত কৰাৰ লগতে ইমামসহ দুজন লোকক গুলিয়াই হত্যা কৰে। নুহৰ ঘটনাক কেন্দ্ৰ কৰি দুদিন ধৰি চলা সাম্প্ৰদায়িক সংঘৰ্ষত নিহতৰ সংখ্যা ৫ জন বুলি কোৱা হৈছে।
গুৰুগ্ৰামৰ বাদশ্বাহপুৰত ১ আগষ্ট মঙ্গলবাৰে আবেলি প্ৰায় ২০০ জনীয়া এটা দলে অস্ত্ৰ-শস্থৰে সজ্জিত হৈ বহুকেইখন মাংসৰ দোকানকে ধৰি অইন বহু দোকান লন্ডভন্ড কৰে আৰু এখন ৰেষ্টোৰাত অগ্নিসংযোগ কৰে। এই ঘটনাৱলীক লৈ হাৰিয়ানাৰ প্ৰশাসন নীৰৱ হৈ থাকে, নতুন দিল্লীও নীৰৱ হৈ ৰয়। উল্লেখযোগ্য যে নুহৰ ঘটনাক লৈ হাৰিয়ানাৰ বিভিন্ন স্থানলৈ সংঘৰ্ষ বিয়পি পৰে।
নিশা নুহত বহুকেইখন গাড়ীত অগ্নিসংযোগ কৰা হয় আৰু বহু দোকান লুট কৰা হয়। মঙ্গলবাৰে পুৱা গাড়ীৰ পৰা যাত্ৰীক নমাই গাড়ীত অগ্নিসংযোগ কৰা হয়। আনকি আৰক্ষী থানাত প্ৰৱেশ কৰিও আচবাবপত্ৰ লন্ডভন্ড কৰাৰ লগতে অগ্নিসংযোগ কৰাৰ চেষ্টা কৰা হয়।
গুৰুগ্ৰামৰ চোহনা, পাটাউদী, মানেছৰত ইন্টাৰনেট বন্ধ কৰা হয় আৰু ৰাজস্থানৰ ভৰতপুৰৰ চাৰিটা ব্লকত ইন্টাৰনেট সেৱা বন্ধ কৰা হয়। গুৰুগ্ৰামৰ উপায়ুক্তই অনিৰ্দিষ্ট কাললৈ পেট্ৰল – ডিজেল বিক্ৰী বন্ধ কৰি দিছে।
উল্লেখযোগ্য যে বজৰং দলৰ পলাতক নেতা মনু মানেছৰে ( তেওঁ দুজন মুছলমান যুৱকৰ হত্যাত জড়িত হৈ পলাতক হৈ আছিল)যোৱা সোমবাৰে বিশ্ব হিন্দু পৰিষদৰ সমদলত অংশগ্ৰহণ কৰিব বুলি বাতৰি বিয়পি পৰাৰ পিছৰে পৰাই নুহত উত্তেজনা আৰম্ভ হয় আৰু সেয়াই এনে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত।
Images from different sources
02-08-2023
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)