• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, December 10, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

ডাঃ ভূপেন শইকীয়া

by Anjan Sarma
May 22, 2022
in Health
Reading Time: 2 mins read
0
হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়
Share on FacebookShare on TwitterShare on LinkedIn

হিকটি কিয় আহে

ডাঃ ভূপেন শইকীয়া

হিকটি বা হেঁকটিৰ অভিজ্ঞতা নথকা মানুহ বিশ্বত বিৰল ৷ শিশুৰ পৰা বৃদ্ধলৈ, পুৰুষ-মহিলা আটাইৰে জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা হিকটিৰ অনুভৱ হোৱাটো এক স্বাভাৱিক পৰিঘটনা ৷ হাঁচি আৰু কাহৰ উপকাৰিতা থকাৰ বিপৰীতে হিকটিৰ কিন্তু কোনো উপকাৰিতা নাই ৷ দেখা যায় মহিলাৰ তুলনাত পুৰুষৰ হিকটি বেচিকৈ আহে ৷

RelatedPosts

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

December 3, 2025
Warning: How Plastic Pollution Fuels Diabetes and Breathing Issues

Assam’s Sky Has Fallen: Severe, Year-Round Air Pollution!

December 2, 2025
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

November 22, 2025

সাধাৰণতে দিনটোৰ বিয়লি ভাগত হিকটি বেচিকৈ আহে ৷ আমাৰ অসমীয়া লোক বিশ্বাসমতে হিকটি আৰু চৰ্চৰণি মানুহজনক কোনোবাই আতৰৰ পৰা স্মৰণ কৰিলে আহে ৷ প্ৰকৃততে হিকটি কিয় আহে, হিকটিৰ পৰা হোৱা অসুবিধা কি আৰু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব – তাকে আজি আলোচনা কৰিব ওলাইছোঁ ৷

           পাঠকসকলে শুনি আমোদ পাব আমেৰিকাৰ আয়ৱা প্ৰদেশৰ এন্থন চহৰত ১৮৯৪চনত জন্মা চাৰ্লচ অচবৰ্ণ নামৰ ব্যক্তি এজনে একেলেথাৰিয়ে ৬৮ বছৰ হিকটি মৰাৰ বিশ্ব ৰেকৰ্ড গঢ়ি থৈছে ৷ সেই ৰেকৰ্ড ভংগ কৰাৰ ক্ষমতা বিশ্বত সহজতে দ্বিতীয়জন নোলাব ৷ গিনিজ বুকৰ তথ্যমতে আৰম্ভণিৰ কেইবাটাও দশকলৈ মিনিটত ৪০টা হিকটি মাৰিছিল আৰু জীৱনৰ অন্তিম সময়ত মিনিটত ২০টাকৈ হিকটি মাৰি গৈছিল ৷ ১৯৯১চনত প্ৰয়াণ কৰা চাৰ্লচ অচবৰ্ণৰ ওপৰত প্ৰয়োগ কৰা সকলো চিকিৎসা ব্যৰ্থ হৈছিল ৷

          কম সময়ৰ বাবে অহা হিকটিৰ একো অপকাৰিতা নাই ৷ বহুতৰ ক্ষেত্ৰত হিকটি নিজে নিজেই বন্ধ হয়৷ কিন্তু কোনো কোনো ব্যক্তিৰ দুদিন বা সপ্তাহৰো অধিক সময়যুৰি হিকটি আহি থাকে ৷ তেনেলোকে গভীৰ অস্বস্তি আৰু লোক লজ্জাত ভোগে ৷ নিজে নিজে নাইবা সাধাৰণ ঘৰুৱা প্ৰয়াসৰ যোগেদি হিকটি বন্ধ নহলে সেই ব্যক্তিজনে চিকিৎসকৰ ওচৰ চপা উচিত ৷

সাধাৰণতে জৰুৰীকালীন চিকিৎসক, কাণ-নাক-ডিঙিৰ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ, বক্ষৰোগ বিশেষজ্ঞই হিকটিৰ চিকিৎসা আগবঢ়ায় যদিও প্ৰয়োজনসাপেক্ষে মনোৰোগ বিশেষজ্ঞ আৰু চাৰ্জনৰো সহায়ৰ আৱশ্যকতা পৰিব পাৰে ৷

            হিকটিনো কি ? হিকটি হ’ল ডিঙিৰ পৰা উৎপন্ন হোৱা ছুটি আৰু তীক্ষ্ণ শব্দ – ইয়াৰ সৃষ্টি হয় ডায়েফ্ৰামত আকস্মিক সংকোচন হলে বায়ুনলীৰ (ট্ৰেকিয়া) উৰ্ধাংশত অৱস্থিত শ্বাসৰন্ধ্ৰ (গ্ল’টিছ) জাপ খাই যোৱাৰ ফলত ৷ ডায়েফ্ৰাম হ’ল হাওঁফাওঁৰ তলৰ সেই মাংসপেশী যি নিশ্বাস লোৱাত আমাক সহায় কৰে ৷ ডায়েফ্ৰামৰ লগত সংলগ্ন থকা নাৰ্ভডালৰ নাম হ’ল ফ্ৰেনিক নাৰ্ভ ৷

হিকটি হ’ল এবিধ ৰিফ্লেস্ক প্ৰক্ৰিয়া – অৰ্থাৎ এবিধ স্বয়ংক্ৰিয় (অট’মেটিক) ক্ৰিয়া যাক মানুহে নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷

           হিকটি অহাৰ সৰু-ডাঙৰ কাৰণ কিছুমান তলত উল্লেখ কৰিলোঁ : –

খৰখৰকৈ বেচি মাত্ৰাত ভোজন কৰিলে, মদ্যপাণ, ধূম্ৰপাণ, আকস্মিক গৰম আৰু শীতল পানীয় ওপৰা-ওপৰিকৈ গ্ৰহণ কৰিলে, গেছযুক্ত পানীয় সেৱন কৰিলে হিকটি অহা দেখা যায় ৷ পুৱাই খালি পেটত তীব্ৰ জ্বলা বা চোকা টেঙা খালেও হিকটি আহে ৷ মনৰ আকস্মিক ষ্ট্ৰেচ, উদ্বিগ্নতা, উত্তেজনাও হিকটি অহাৰ কাৰণ হব পাৰে ৷

-পাক প্ৰণালীৰ লগত জড়িত হিকটি অহাৰ কাৰণ হ’ল- গেষ্ট্ৰ’ইছফেজিয়েল ৰিফ্লাস্ক ডিজিজ, ডিউডিনেল আলচাৰ, এপেণ্ডিচাইটিচ, পিত্ত আৰু লিভাৰৰ অসুখ, ইৰিটেবল বাৱেল চিনড্ৰম, ইনটেষ্টাইনেল বাৱেল অবষ্ট্ৰাকচন ইত্যাদি ৷

-মূত্ৰ প্ৰণালী আৰু জননাংগৰ লগত জড়িত হিকটি অহাৰ কাৰণ হ’ল- কিডনিৰ টিউমাৰ, কিডনিত পূঁজ হোৱা, কিডনি বিকল হোৱা, প্ৰষ্টেটৰ টিউমাৰ হোৱা আদি ৷

– কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অসুখ যেনে ষ্ট্ৰোক, টিউমাৰ, মস্তিস্কৰ আঘাট – সংক্ৰমণ, মাল্টিপল স্ক’ৰেচিচ আদি ৷

– ডায়েফ্ৰামৰ লগত জড়িত কাৰণ যেনে হায়েটাচ হাৰ্ণিয়া, চাবফ্ৰেনিক এবচেচ

– ভেগাচ নাৰ্ভৰ উত্তেজনাৰ লগত জড়িত কাৰণ যেনে টিউমাৰ, গ’য়টাৰ, গ্লোক’মা, মেনিনজাইটিচ

-হূদৰোগ যেনে মায়’কাৰ্ডিয়েল ইচকেমিয়া, এৰিথমিয়া, পেৰিকাৰ্ডাইটিচ, এঅৰৰ্টিক এনুৰিজম আদি ৷

– ডিঙিৰ অসুখ যেনে টনচিলাইিচ,ফেৰিনজাইটিচ, লেৰিনজাইটিচ

-বুকুৰ অসুখ নিউমোনিয়া, প্লুৰাইটিচ, টিউমাৰ আদি

– মেটাবলিক – তেজত চুগাৰৰ পৰিমাণ কমি বা বাঢ়ি যোৱা, তেজত ইউৰিয়া বাঢ়ি যোৱা, তেজত চডিয়াম কমি যোৱা, তেজত পটেচিয়াম কমি যোৱা, তেজত কেলচিয়ামৰ তাৰতম্য হোৱা ৷

– দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ফলস্বৰূপে ৷ উদাহৰণ- মিথাইলডোপা, মৰফিন, ডেক্সামিথাচন, বিষনাষক দৰব, ট্ৰেংকুইলাইজাৰ (ডায়েজেপাম, ল’ৰাজেপাম, এলপ্ৰাজলাম ), নিকটিন, অনডেনচেট্ৰন, জেনেৰেল এনাচথেচিয়া আদি ৷

– কিছুমান অপাৰেচন পিছত

– চাৰকোইডোচিচ ৰোগত

– কিছুমান মানসিক ৰোগত

             হিকটিৰ ফলত হব পৰা জটিলতা : – অৱসাদ, শাৰীৰিক দুৰ্বলতা, নিদ্ৰাহীনতা, মানসিক চাপ, দু:শ্চিন্তা , শৰীৰৰ ওজন হ্ৰাস হোৱা আদি ৷ তদুপৰি শৰীৰত কোনো অস্ত্ৰোপচাৰৰ ঘাঁ থাকিলে সেয়া শুকোৱাত বিলম্ব হোৱা দেখা যায় ৷

             হিকটিৰ কাৰণ চিনাক্তকৰণৰ বাবে ৰোগীৰ বিতং হিষ্ট্ৰী চিকিৎসকে লোৱাটো লাগতিয়াল ৷ চিকিৎসকৰ মতে কমেও এশ বিধ ৰোগৰ পৰিণামস্বৰূপে হিকটি আহিব পাৰে ৷ সেইমতেই ৰোগীৰ যাবতীয় লেবৰেটৰী পৰীক্ষা-নিৰীক্ষাত অগ্ৰসৰ হব লাগিব ৷ বুকুৰ এক্সৰে, ইচিজি, তেজ-প্ৰসাবৰ নানান পৰীক্ষাৰ পৰা আৰম্ভ কৰি প্ৰয়োজন সাপেক্ষে আলট্ৰাচাউণ্ড, চিটি স্কেন, এম আৰ আই, ব্ৰংকোস্কোপী,কলন’স্কোপী আদি যাবতীয় পৰীক্ষা কৰাৰ প্ৰয়োজন হব পাৰে ৷

             হিকটিৰ প্ৰাথমিক চিকিৎসা : –

            নানান প্ৰাথমিক চিকিৎসাৰ কম-বেচি পৰিমাণৰ উপযোগিতা দেখা যায় ৷ তাৰ ভিতৰত ভয়-ভীতি প্ৰদৰ্শন, মনোযোগ আনপিনে আকৰ্ষিত কৰা, আচৰিত কৰিবলৈ প্ৰয়াস কৰা আদিও সন্নিবিষ্ট ৷ কিছুমান ব্যায়াম কৰিলে মগজুলৈ অক্সিজেন কমকৈ যাব,যাৰ ফলত ডায়েফ্ৰাম শিথিলহৈ পৰিলে হিকটি বন্ধ হব ৷ গুৰুতৰ কাৰণ নথকা হিকটিৰ উপশমৰ বাবে দীঘলীয়াকৈ উশাহ টানি লৈ ১০-১৫ ছেকেণ্ডমান ধৰি ৰাখিব লাগে। এনেদৰে কেইবাৰমান কৰিলে হিকটিৰ উপশম ঘটে ৷

           হিকটি আহিলে ব্যক্তিজনে পৰাপক্ষত ভীৰৰ পৰা আতৰি একান্তলৈ আহিব লাগে আৰু আন কথালৈ মনোযোগ দিবৰ চেষ্টা কৰিব লাগে ৷ ৷ ‘ভালচালভা’ পদ্ধতিত নাক আৰু ডিঙিৰ বন্ধ অৱস্থাত বায়ু বাহিৰ কৰিবলৈ প্ৰয়াস কৰা হয় ৷ বহুতে নাক-কাণ একেলগে বন্ধ কৰি পানী গিলাৰ চেষ্টা কৰিও সুফল পায় ৷ বৰফ-শীতল পানী লাহে লাহে খালে; আদাৰ ৰস; ইলাচী উতলোৱা পানী; নিমখীয় দৈৰ ঘোল; মৌজোল; নেমু-পদীনাৰ ৰস; চেনিমিহলি মাখন; মাখনৰ সৈতে বাদাম; ভিনেগাৰ বা নেমু চোবালে — এইবিলাকৰ সেৱন কৰি কোনো কোনোজন উপকৃত হয় ৷

আকৌ নিজৰ হাতৰ আঙুলিক খুব জোৰেৰে চেপি ধৰিলেও কেতিয়াবা হিকটি বন্ধ হয় ৷ বহুতে একান্তলৈ গৈ ভালেপৰ সময় জিভাখন বাহিৰলৈ ওলিয়াই থয় আৰু এটা সময়ত হিকটি বন্ধ হয় ৷ আঠুকেইটা বুকুলৈকে চপাই মূৰটো সন্মুখলৈ হাওলালে হিকটি বন্ধ হোৱা দেখা যায় ৷ বহুলোকে বন্ধ প্লাষ্টিকৰ বা কাগজৰ ঠোঙাৰ ভিতৰত উশাহ লয় – এনে কৰিলে মগজুলৈ কমকৈ অক্সিজেন যায়, যাৰ ফলত ডায়েফ্ৰাম শিথিল পৰি যায় আৰু হিকটিৰ উপশম ঘটে ৷ জটিল চিকিৎসাৰ মাজলৈ অগ্ৰসৰ হোৱাৰ আগতে উল্লেখিত এইকেইটা প্ৰাথমিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগ প্ৰতিজন ভুক্তভোগীৰ পৰিয়ালে নিষ্ঠাৰে চেষ্টা কৰাৰ প্ৰয়োজন ৷

            উল্লেখিত পদ্ধতিত সফল নহলে চিকিৎসকে নিম্নলিখিত দৰবসমূহৰ প্ৰয়োগ কৰে – হেল’পেৰিডল, ক্লৰ’পমাজিন, ডমপেৰিডন,মেটক্লপামাইড, অমিপ্ৰাজল,ৰেনিটিডিন,গাবাপেন্টিন, বেক্লফেন, মিডাজলাম,  কেটামিন ইত্যাদি ৷

           একোপ্ৰেচাৰ আৰু হিপ্নথিৰাপি কিছুমান ৰোগীৰ ক্ষেত্ৰত ফলপ্ৰসু দেখা গৈছে ৷ আকৌ কিছুমানৰ লোকেল এনাচথেচিয়াৰ প্ৰয়োগ কৰি ফ্ৰেনিক নাৰ্ভ ব্লক কৰিহে হিকটিৰ উপশম ঘটাবলগীয়া হয় ৷ এই ক্ষেত্ৰত ভীষণ সতৰ্কতাৰ প্ৰয়োজন, কিয়নো ফ্ৰেনিক নাৰ্ভ শ্বাস-প্ৰস্বাস চলাই ৰাখিবলৈ অপৰিহাৰ্য্য ৷

মোখনিত ইমানেই কমযে সাৱধানৰ মৰণ নাই ৷ বাৰম্বাৰ দীৰ্ঘ সময়ৰ বাবে হিকটিত আক্ৰান্ত হোৱা ব্যক্তিয়ে অভিজ্ঞ চিকিৎসকৰ হতুৱাই নিজৰ শৰীৰটো পৰীক্ষা কৰাই লোৱাটো সৰ্বথা মংগলজনক ৷

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: প্ৰতিকাৰৰ উপায়হিকটি
Anjan Sarma

Anjan Sarma

Related Posts

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’
Health

ক্ৰম’জমৰ খেল : ‘ডাউন চিণ্ড্ৰোম’

by Sanghamitra Kashyap
December 3, 2025
0

ক্ৰম'জমৰ খেল : ডাউন চিণ্ড্ৰোম সংঘমিত্ৰা কাশ্যপ মানৱ শৰীৰৰ প্ৰতিটো কোষত এটা নিউক্লিয়াছ থাকে, য'ত আনুবংশিক সামগ্ৰী জিনত সংৰক্ষণ কৰা...

Read moreDetails
Warning: How Plastic Pollution Fuels Diabetes and Breathing Issues

Assam’s Sky Has Fallen: Severe, Year-Round Air Pollution!

December 2, 2025
কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

কোষ্ঠকাঠিন্য (Constipation)- এটি ৰোগ নে?

November 22, 2025
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

November 21, 2025
ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

ফেটি লিভাৰ ডিজিজ্ (Fatty Liver Disease)

November 20, 2025
India at Epicentre as Air Pollution Becomes World’s 2nd Biggest Killer – Global Air Report 2025

India at Epicentre as Air Pollution Becomes World’s 2nd Biggest Killer – Global Air Report 2025

November 17, 2025
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d