• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 21, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Health

হিকটি কিয় আহে আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

-ডাঃ ভূপেন শইকীয়া

by Admin
June 17, 2021
in Health, Lifestyle
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ডাঃ ভূপেন শইকীয়া |

হিকটি বা হেঁকটিৰ অভিজ্ঞতা নথকা মানুহ বিশ্বত বিৰল ৷ শিশুৰ পৰা বৃদ্ধলৈ, পুৰুষ-মহিলা আটাইৰে জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা হিকটিৰ অনুভৱ হোৱাটো এক স্বাভাৱিক পৰিঘটনা ৷ হাঁচি আৰু কাহৰ উপকাৰিতা থকাৰ বিপৰীতে হিকটিৰ কিন্তু কোনো উপকাৰিতা নাই ৷ দেখা যায় মহিলাৰ তুলনাত পুৰুষৰ হিকটি বেচিকৈ আহে ৷ সাধাৰণতে দিনটোৰ বিয়লি ভাগত হিকটি বেচিকৈ আহে ৷ আমাৰ অসমীয়া লোক বিশ্বাসমতে হিকটি আৰু চৰ্চৰণি মানুহজনক কোনোবাই আতৰৰ পৰা স্মৰণ কৰিলে আহে ৷ প্ৰকৃততে হিকটি কিয় আহে, হিকটিৰ পৰা হোৱা অসুবিধা কি আৰু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব – তাকে আজি আলোচনা কৰিব ওলাইছোঁ ৷

RelatedPosts

adult biology chemical chemist

World Health Statistics 2022

May 21, 2022
RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

May 21, 2022
গাজী মগুৰ চমৎকাৰীতা

গাজী মগুৰ চমৎকাৰীতা

May 21, 2022

           পাঠকসকলে শুনি আমোদ পাব আমেৰিকাৰ আয়ৱা প্ৰদেশৰ এন্থন চহৰত ১৮৯৪চনত জন্মা চাৰ্লচ অচবৰ্ণ নামৰ ব্যক্তি এজনে একেলেথাৰিয়ে ৬৮ বছৰ হিকটি মৰাৰ বিশ্ব ৰেকৰ্ড গঢ়ি থৈছে ৷ সেই ৰেকৰ্ড ভংগ কৰাৰ ক্ষমতা বিশ্বত সহজতে দ্বিতীয়জন নোলাব ৷ গিনিজ বুকৰ তথ্যমতে আৰম্ভণিৰ কেইবাটাও দশকলৈ মিনিটত ৪০টা হিকটি মাৰিছিল আৰু জীৱনৰ অন্তিম সময়ত মিনিটত ২০টাকৈ হিকটি মাৰি গৈছিল ৷ ১৯৯১চনত প্ৰয়াণ কৰা চাৰ্লচ অচবৰ্ণৰ ওপৰত প্ৰয়োগ কৰা সকলো চিকিৎসা ব্যৰ্থ হৈছিল ৷

          কম সময়ৰ বাবে অহা হিকটিৰ একো অপকাৰিতা নাই ৷ বহুতৰ ক্ষেত্ৰত হিকটি নিজে নিজেই বন্ধ হয়৷ কিন্তু কোনো কোনো ব্যক্তিৰ দুদিন বা সপ্তাহৰো অধিক সময়যুৰি হিকটি আহি থাকে ৷ তেনেলোকে গভীৰ অস্বস্তি আৰু লোক লজ্জাত ভোগে ৷ নিজে নিজে নাইবা সাধাৰণ ঘৰুৱা প্ৰয়াসৰ যোগেদি হিকটি বন্ধ নহলে সেই ব্যক্তিজনে চিকিৎসকৰ ওচৰ চপা উচিত ৷ সাধাৰণতে জৰুৰীকালীন চিকিৎসক, কাণ-নাক-ডিঙিৰ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ, বক্ষৰোগ বিশেষজ্ঞই হিকটিৰ চিকিৎসা আগবঢ়ায় যদিও প্ৰয়োজনসাপেক্ষে মনোৰোগ বিশেষজ্ঞ আৰু চাৰ্জনৰো সহায়ৰ আৱশ্যকতা পৰিব পাৰে ৷

            হিকটিনো কি ? হিকটি হ’ল ডিঙিৰ পৰা উৎপন্ন হোৱা ছুটি আৰু তীক্ষ্ণ শব্দ – ইয়াৰ সৃষ্টি হয় ডায়েফ্ৰামত আকস্মিক সংকোচন হলে বায়ুনলীৰ (ট্ৰেকিয়া) উৰ্ধাংশত অৱস্থিত শ্বাসৰন্ধ্ৰ (গ্ল’টিছ) জাপ খাই যোৱাৰ ফলত ৷ ডায়েফ্ৰাম হ’ল হাওঁফাওঁৰ তলৰ সেই মাংসপেশী যি নিশ্বাস লোৱাত আমাক সহায় কৰে ৷ ডায়েফ্ৰামৰ লগত সংলগ্ন থকা নাৰ্ভডালৰ নাম হ’ল ফ্ৰেনিক নাৰ্ভ ৷ হিকটি হ’ল এবিধ ৰিফ্লেস্ক প্ৰক্ৰিয়া – অৰ্থাৎ এবিধ স্বয়ংক্ৰিয় (অট’মেটিক) ক্ৰিয়া যাক মানুহে নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷

           হিকটি অহাৰ সৰু-ডাঙৰ কাৰণ কিছুমান তলত উল্লেখ কৰিলোঁ : –

খৰখৰকৈ বেচি মাত্ৰাত ভোজন কৰিলে, মদ্যপাণ, ধূম্ৰপাণ, আকস্মিক গৰম আৰু শীতল পানীয় ওপৰা-ওপৰিকৈ গ্ৰহণ কৰিলে, গেছযুক্ত পানীয় সেৱন কৰিলে হিকটি অহা দেখা যায় ৷ পুৱাই খালি পেটত তীব্ৰ জ্বলা বা চোকা টেঙা খালেও হিকটি আহে ৷ মনৰ আকস্মিক ষ্ট্ৰেচ, উদ্বিগ্নতা, উত্তেজনাও হিকটি অহাৰ কাৰণ হব পাৰে ৷

-পাক প্ৰণালীৰ লগত জড়িত হিকটি অহাৰ কাৰণ হ’ল- গেষ্ট্ৰ’ইছফেজিয়েল ৰিফ্লাস্ক ডিজিজ, ডিউডিনেল আলচাৰ, এপেণ্ডিচাইটিচ, পিত্ত আৰু লিভাৰৰ অসুখ, ইৰিটেবল বাৱেল চিনড্ৰম, ইনটেষ্টাইনেল বাৱেল অবষ্ট্ৰাকচন ইত্যাদি ৷

-মূত্ৰ প্ৰণালী আৰু জননাংগৰ লগত জড়িত হিকটি অহাৰ কাৰণ হ’ল- কিডনিৰ টিউমাৰ, কিডনিত পূঁজ হোৱা, কিডনি বিকল হোৱা, প্ৰষ্টেটৰ টিউমাৰ হোৱা আদি ৷

– কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অসুখ যেনে ষ্ট্ৰোক, টিউমাৰ, মস্তিস্কৰ আঘাট – সংক্ৰমণ, মাল্টিপল স্ক’ৰেচিচ আদি ৷

– ডায়েফ্ৰামৰ লগত জড়িত কাৰণ যেনে হায়েটাচ হাৰ্ণিয়া, চাবফ্ৰেনিক এবচেচ

– ভেগাচ নাৰ্ভৰ উত্তেজনাৰ লগত জড়িত কাৰণ যেনে টিউমাৰ, গ’য়টাৰ, গ্লোক’মা, মেনিনজাইটিচ

-হূদৰোগ যেনে মায়’কাৰ্ডিয়েল ইচকেমিয়া, এৰিথমিয়া, পেৰিকাৰ্ডাইটিচ, এঅৰৰ্টিক এনুৰিজম আদি ৷

– ডিঙিৰ অসুখ যেনে টনচিলাইিচ,ফেৰিনজাইটিচ, লেৰিনজাইটিচ

-বুকুৰ অসুখ নিউমোনিয়া, প্লুৰাইটিচ, টিউমাৰ আদি

– মেটাবলিক – তেজত চুগাৰৰ পৰিমাণ কমি বা বাঢ়ি যোৱা, তেজত ইউৰিয়া বাঢ়ি যোৱা, তেজত চডিয়াম কমি যোৱা, তেজত পটেচিয়াম কমি যোৱা, তেজত কেলচিয়ামৰ তাৰতম্য হোৱা ৷

– দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ফলস্বৰূপে ৷ উদাহৰণ- মিথাইলডোপা, মৰফিন, ডেক্সামিথাচন, বিষনাষক দৰব, ট্ৰেংকুইলাইজাৰ (ডায়েজেপাম, ল’ৰাজেপাম, এলপ্ৰাজলাম ), নিকটিন, অনডেনচেট্ৰন, জেনেৰেল এনাচথেচিয়া আদি ৷

– কিছুমান অপাৰেচন পিছত

– চাৰকোইডোচিচ ৰোগত

– কিছুমান মানসিক ৰোগত

             হিকটিৰ ফলত হব পৰা জটিলতা : – অৱসাদ, শাৰীৰিক দুৰ্বলতা, নিদ্ৰাহীনতা, মানসিক চাপ, দু:শ্চিন্তা , শৰীৰৰ ওজন হ্ৰাস হোৱা আদি ৷ তদুপৰি শৰীৰত কোনো অস্ত্ৰোপচাৰৰ ঘাঁ থাকিলে সেয়া শুকোৱাত বিলম্ব হোৱা দেখা যায় ৷

             হিকটিৰ কাৰণ চিনাক্তকৰণৰ বাবে ৰোগীৰ বিতং হিষ্ট্ৰী চিকিৎসকে লোৱাটো লাগতিয়াল ৷ চিকিৎসকৰ মতে কমেও এশ বিধ ৰোগৰ পৰিণামস্বৰূপে হিকটি আহিব পাৰে ৷ সেইমতেই ৰোগীৰ যাবতীয় লেবৰেটৰী পৰীক্ষা-নিৰীক্ষাত অগ্ৰসৰ হব লাগিব ৷ বুকুৰ এক্সৰে, ইচিজি, তেজ-প্ৰসাবৰ নানান পৰীক্ষাৰ পৰা আৰম্ভ কৰি প্ৰয়োজন সাপেক্ষে আলট্ৰাচাউণ্ড, চিটি স্কেন, এম আৰ আই, ব্ৰংকোস্কোপী,কলন’স্কোপী আদি যাবতীয় পৰীক্ষা কৰাৰ প্ৰয়োজন হব পাৰে ৷

             হিকটিৰ প্ৰাথমিক চিকিৎসা : –

            নানান প্ৰাথমিক চিকিৎসাৰ কম-বেচি পৰিমাণৰ উপযোগিতা দেখা যায় ৷ তাৰ ভিতৰত ভয়-ভীতি প্ৰদৰ্শন, মনোযোগ আনপিনে আকৰ্ষিত কৰা, আচৰিত কৰিবলৈ প্ৰয়াস কৰা আদিও সন্নিবিষ্ট ৷ কিছুমান ব্যায়াম কৰিলে মগজুলৈ অক্সিজেন কমকৈ যাব,যাৰ ফলত ডায়েফ্ৰাম শিথিলহৈ পৰিলে হিকটি বন্ধ হব ৷ গুৰুতৰ কাৰণ নথকা হিকটিৰ উপশমৰ বাবে দীঘলীয়াকৈ উশাহ টানি লৈ ১০-১৫ ছেকেণ্ডমান ধৰি ৰাখিব লাগে। এনেদৰে কেইবাৰমান কৰিলে হিকটিৰ উপশম ঘটে ৷

           হিকটি আহিলে ব্যক্তিজনে পৰাপক্ষত ভীৰৰ পৰা আতৰি একান্তলৈ আহিব লাগে আৰু আন কথালৈ মনোযোগ দিবৰ চেষ্টা কৰিব লাগে ৷ ৷ ‘ভালচালভা’ পদ্ধতিত নাক আৰু ডিঙিৰ বন্ধ অৱস্থাত বায়ু বাহিৰ কৰিবলৈ প্ৰয়াস কৰা হয় ৷ বহুতে নাক-কাণ একেলগে বন্ধ কৰি পানী গিলাৰ চেষ্টা কৰিও সুফল পায় ৷ বৰফ-শীতল পানী লাহে লাহে খালে; আদাৰ ৰস; ইলাচী উতলোৱা পানী; নিমখীয় দৈৰ ঘোল; মৌজোল; নেমু-পদীনাৰ ৰস; চেনিমিহলি মাখন; মাখনৰ সৈতে বাদাম; ভিনেগাৰ বা নেমু চোবালে — এইবিলাকৰ সেৱন কৰি কোনো কোনোজন উপকৃত হয় ৷ আকৌ নিজৰ হাতৰ আঙুলিক খুব জোৰেৰে চেপি ধৰিলেও কেতিয়াবা হিকটি বন্ধ হয় ৷ বহুতে একান্তলৈ গৈ ভালেপৰ সময় জিভাখন বাহিৰলৈ ওলিয়াই থয় আৰু এটা সময়ত হিকটি বন্ধ হয় ৷ আঠুকেইটা বুকুলৈকে চপাই মূৰটো সন্মুখলৈ হাওলালে হিকটি বন্ধ হোৱা দেখা যায় ৷ বহুলোকে বন্ধ প্লাষ্টিকৰ বা কাগজৰ ঠোঙাৰ ভিতৰত উশাহ লয় – এনে কৰিলে মগজুলৈ কমকৈ অক্সিজেন যায়, যাৰ ফলত ডায়েফ্ৰাম শিথিল পৰি যায় আৰু হিকটিৰ উপশম ঘটে ৷ জটিল চিকিৎসাৰ মাজলৈ অগ্ৰসৰ হোৱাৰ আগতে উল্লেখিত এইকেইটা প্ৰাথমিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগ প্ৰতিজন ভুক্তভোগীৰ পৰিয়ালে নিষ্ঠাৰে চেষ্টা কৰাৰ প্ৰয়োজন ৷

            উল্লেখিত পদ্ধতিত সফল নহলে চিকিৎসকে নিম্নলিখিত দৰবসমূহৰ প্ৰয়োগ কৰে – হেল’পেৰিডল, ক্লৰ’পমাজিন, ডমপেৰিডন,মেটক্লপামাইড, অমিপ্ৰাজল,ৰেনিটিডিন,গাবাপেন্টিন, বেক্লফেন, মিডাজলাম,  কেটামিন ইত্যাদি ৷

           একোপ্ৰেচাৰ আৰু হিপ্নথিৰাপি কিছুমান ৰোগীৰ ক্ষেত্ৰত ফলপ্ৰসু দেখা গৈছে ৷ আকৌ কিছুমানৰ লোকেল এনাচথেচিয়াৰ প্ৰয়োগ কৰি ফ্ৰেনিক নাৰ্ভ ব্লক কৰিহে হিকটিৰ উপশম ঘটাবলগীয়া হয় ৷ এই ক্ষেত্ৰত ভীষণ সতৰ্কতাৰ প্ৰয়োজন, কিয়নো ফ্ৰেনিক নাৰ্ভ শ্বাস-প্ৰস্বাস চলাই ৰাখিবলৈ অপৰিহাৰ্য্য ৷

মোখনিত ইমানেই কমযে সাৱধানৰ মৰণ নাই ৷ বাৰম্বাৰ দীৰ্ঘ সময়ৰ বাবে হিকটিত আক্ৰান্ত হোৱা ব্যক্তিয়ে অভিজ্ঞ চিকিৎসকৰ হতুৱাই নিজৰ শৰীৰটো পৰীক্ষা কৰাই লোৱাটো সৰ্বথা মংগলজনক ৷

*ডাঃ ভূপেন শইকীয়া (ডোহা, কাটাৰৰ পৰা)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: প্ৰতিকাৰৰ উপায়হিকটি
Admin

Admin

Related Posts

adult biology chemical chemist
Health

World Health Statistics 2022

by Admin
May 21, 2022
0

World Health Statistics 2022 WHO 20 May 2022, Geneva -- The World Health Organization has published its latest comprehensive set of World...

Read more
RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

May 21, 2022
গাজী মগুৰ চমৎকাৰীতা

গাজী মগুৰ চমৎকাৰীতা

May 21, 2022
photo of pile of potatoes

Food insecurity threatens societies, exacerbates conflicts & ‘no country is immune’

May 20, 2022
healing music

সংগীত : এক চিকিৎসা পদ্ধতি

May 20, 2022
The Heaven on Earth: KASHMIR

The Heaven on Earth: KASHMIR

May 19, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
 Assamese women nominated in Crain’s New York Business Awards

 Assamese women nominated in Crain’s New York Business Awards

May 21, 2022
ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

May 21, 2022
কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

May 21, 2022
Why should Afghan girls suffer?

Why should Afghan girls suffer?

May 21, 2022

Popular Stories

  •  Assamese women nominated in Crain’s New York Business Awards

     Assamese women nominated in Crain’s New York Business Awards

    32 shares
    Share 13 Tweet 8
  • Emergence Of The KNF In Chittagong Hill Tracts

    306 shares
    Share 122 Tweet 77
  • RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

    16 shares
    Share 6 Tweet 4
  • The Heaven on Earth: KASHMIR

    18 shares
    Share 7 Tweet 5
  • সংগীত : এক চিকিৎসা পদ্ধতি

    9 shares
    Share 4 Tweet 2
  • AFGHAN WOMEN: ‘My life was never easy as everyone’s life’

    7 shares
    Share 3 Tweet 2
  • Women under Islamic Emirate of Taliban

    7 shares
    Share 3 Tweet 2
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    34 shares
    Share 14 Tweet 9
  • ভাৰতত ‘চিঙ্গল ইউজ’ প্লাস্টিক নিষিদ্ধ হ’বঃ ১ জুলাইৰ পৰা 

    6 shares
    Share 2 Tweet 2
  • NEIPF’s ‘Diphupar Declaration’

    80 shares
    Share 32 Tweet 20
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: