হিজাব ইছলামত বাধ্যতামূলক নহয়
• অৰবিন্দ ৰাভা
ইছলাম ধৰ্মাচৰণত হিজাব বাধ্যতামূলক নহয়। শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰীসকলে হিজাব পৰিধান কৰা বাবে সৃষ্টি হোৱা বিতৰ্কৰ অগ্নিত পানী ঢালি এনে এক ঐতিহাসিক ৰায় দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।
কৰ্ণাটক চৰকাৰে শিক্ষা প্ৰতিষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ বিৰুদ্ধে যিমানবোৰ আবেদন উচ্চ ন্যায়ালয়ত জমা হৈছিল, আজি মঙলবাৰে ( ১৫/০৩/২০২২) সেই সকলোবোৰ খাৰিজ কৰি দিয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ে।
কৰ্ণাটক চৰকাৰে যোৱা ৫ ফেব্ৰুৱাৰী তাৰিখে এক নিৰ্দেশ জাৰী কৰি শিক্ষা প্ৰতিষ্ঠানত হিজাব পৰিধান নিষিদ্ধ কৰিছিল। সেই নিৰ্দেশ জাৰী কৰাৰ পিছৰে পৰাই কৰ্ণাটকত হিজাব পৰিধানক ল বিক্ষোভ আৰম্ভ হয়। বিশেষকৈ উদুপ্পি জিলাত বিক্ষোভৰ পটভূমিত স্কুল – কলেজবোৰে ৰণক্ষেত্ৰৰ ৰূপ ধাৰণ কৰিছিল। অবিৰত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ভালেমান দিন স্কুল – কলেজবোৰ বন্ধ কৰিও ৰাখিব লগীয়া হৈছিল।

চৰকাৰৰ তেনে সিদ্ধান্তৰ বিৰুদ্ধে আদালতত কিছুসংখ্যক মুছলমান শিক্ষাৰ্থীয়ে আবেদন কৰিছিল। শিক্ষা প্ৰতিষ্ঠানত চৰকাৰে হিজাব নিষিদ্ধ কৰিব নোৱাৰিব – এই মৰ্মে ভালে কেইখন আবেদন কৰা হৈছিল। সৰৱ হৈ পৰিছিল বিৰোধী ৰাজনৈতিক দলসমূহো। আজি সেই গোচৰক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৰায়দান দিলে যে হিজাব ইছলামত বাধ্যতামূলক নহয় আৰু শিক্ষা প্ৰতিষ্ঠানত ‘ড্ৰেছ কোড’ থাকিবই পাৰে।
গতিকে আজিৰ এই ৰায়দানৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হিচাপে বিবেচিত হ’ব। এই ৰায়দান কৰ্ণাটক চৰকাৰৰ স্থিতিৰ পক্ষেই হোৱা হেতুকে হিজাব সম্পৰ্কে হৈ থকা উত্তপ্ত পৰিৱেশৰো সামৰণি পৰিল বুলি ধাৰণা কৰিব পাৰি।