হিন্দুত্ব নিজেই এক ৰাজনৈতিক বাহন
পাৰ্থ প্ৰতিম হাজৰিকা
আজি এই একৈছ শতিকাত হিন্দু ধৰ্ম এক বিশ্বধৰ্মৰূপে চিহ্নিত হোৱাৰ বাবে সক্ষম, সমগ্ৰ বিশ্বৰ বাবে এক উমৈহতীয়া ধৰ্ম হ’ব পৰা সকলো গুণ হিন্দু ধৰ্মৰ আছে। ই এনে এটা ধৰ্ম, যিটো ব্যক্তিগত আৰু ব্যক্তিকেন্দ্ৰিক। এনে এটা ধৰ্ম, যিটোৱে ব্যক্তিবিশেষক গুৰুত্ব দিয়ে; মানুহক এক সামূহিক গোটৰ অধীনলৈ অনাৰ ব্যৱস্থাৰপৰা ই মুক্ত।
জীৱনৰ প্ৰকৃত অৰ্থ বিচাৰি ল’বলৈ, প্ৰকৃত অৰ্থ বিচৰাৰ বাবে উত্থাপিত প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ যি ধৰ্মই পুৰুষ-মহিলা উভয়কে ধৰ্মবিশ্বাসীৰূপে সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰে, আৰু সেই স্বাধীনতাক সন্মান যাচে— হিন্দু তেনেকুৱা এটা ধৰ্ম।
হিন্দু ধৰ্ম এনে এটা ধৰ্ম, যি ধৰ্মই ধৰ্মীয় অভ্যাসৰ বাবে ব্যক্তিজনৰ বাবে ভিন ভিন পছন্দৰ এক বিশাল উপাদানৰ জগত আগবঢ়াই দিব পাৰে, আনকি নিৰাকাৰ ভগৱান বা উপাস্য দেৱতা বা দেৱীৰ আকৃতি আৰু প্ৰকৃতি দুয়োটাৰ বাবে প্ৰভূতসংখ্যক উপকৰণসুলভ এই হিন্দু ধৰ্মত— মানৱাকৃতিতো বাদেই, বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটিও যি ধৰ্মৰ উপাস্য দেৱতাৰ আকৃতি হ’ব পাৰে, আনকি যি ধৰ্মৰ গণ্ডীত এটা শিলৰ টুকুৰাকো ভগৱানৰূপে চিহ্নিত কৰিব পাৰি— হিন্দু তেনে এটা ধৰ্ম।
ই এনে এটা ধৰ্ম, যি ধৰ্মই ব্যক্তিৰ মনৰ শক্তিক উচ্চস্থান দিয়ে আৰু সেই মনৰ পোহৰেৰে চাৰিওদিশৰ স্থিতি-অৱস্থিতি, ঘটনা-উপঘটনা-পৰিঘটনাক সূক্ষ্মাতিসূক্ষ্মভাৱে অনুধাৱন কৰিবলৈ সুবিধা দিয়ে; বৌদ্ধিক পৰীক্ষা আৰু স্ব-অধ্যয়নৰ বাবে যি ধৰ্মই আপোনাক আৰু মোক আগ্ৰহী কৰি তোলে, তেনে এটা ধৰ্ম হিন্দু। এই ধৰ্মই ধৰ্মীয় আদেশ-নিৰ্দেশৰপৰা ব্যক্তিক আঁতৰাই ৰাখে।
এই ধৰ্মই ব্যক্তিক ধাৰ্মিক হোৱাৰ বাবে প্ৰয়োজনীয় ন্যূনতম নিৰ্দেশ দিয়ে অথচ যি ধৰ্মই ব্যক্তি একোজনক আধ্যাত্মিক আৰু দাৰ্শনিক সাহিত্য, আৰু সামাজিক আৰু সাংস্কৃতিক অনুশীলনৰ এক বিৰাট বিশাল ভাণ্ডাৰ আগবঢ়ায়, হিন্দু তেনে এটা ধৰ্ম। আজিৰ এই পৃথিৱীত কৰ্তৃপক্ষ বা ক্ষমতাৰ বিৰুদ্ধে প্ৰায় সকলোতে প্ৰতিৰোধ গঢ়ি তোলা হৈছে, হিন্দু ধৰ্মই কিন্তু কাৰো ওপৰত এনে কৰ্তৃত্ব আৰোপ নকৰে।
তথ্য-প্ৰযুক্তিৰে সংযুক্ত হৈ থকা আজিৰ আধুনিক যুগৰ ব্যক্তিসকলৰ বাবে হিন্দু ধৰ্মই কোনো আনুষ্ঠানিক শ্ৰেণীবিভাজন নকৰে। মুক্ত উৎসৰপৰা তথ্য ভগাই লোৱাৰ ব্যৱস্থা থকা আজিৰ পৃথিৱীত হিন্দু ধৰ্মই বিশ্বাসৰ সকলো পথকে সমানে সত্য আৰু অনিৰুদ্ধৰূপে গণ্য কৰে। দ্ৰুত সালসলনিৰ বাবে সদাপ্ৰস্তুত, দ্ৰুত গতিশীলতাৰ বাবে সততে সচেতন হৈ ৰোৱা আজিৰ বিশ্বৰ বাবে হিন্দু ধৰ্ম অনুকূলনশীল আৰু নমনীয়। আৰু এই সকলোবোৰ গুণৰ বাবেই হিন্দু ধৰ্ম প্ৰায় চাৰি হাজাৰ বছৰ কালৰ পাছতো উৎবৰ্তিত হৈ আছে, জীয়াই আছে।
মূলতঃ এই সাৰমৰ্মখিনিৰেই বৰ্ধিত ৰূপ হৈছে প্ৰখ্যাত লেখক, তাৰ্কিক, ভাৰতৰ সংসদৰ লোকসভাৰ সদস্য, কেৰালা প্ৰদেশৰ ৰাজধানী থিৰুৱনন্তপুৰমৰ বাসিন্দা, ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন উপ-সচিবপ্ৰধান শশী থাৰুৰৰ নৱতম গ্ৰন্থ ‘দ্য হিন্দু ৱে’ : এন্ ইণ্ট্ৰ’ডাকশ্যন টু হিন্দুইজ্ম’ (The Hindu Way: An Introduction to Hinduism)।
‘আলেফ বুক কোম্পানী’য়ে প্ৰকাশ কৰা ৩০০তকৈও অধিক পৃষ্ঠাৰ এই গ্ৰন্থখন পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু মহান ধৰ্মসমূহৰ ভিতৰত অন্যতম হিন্দু ধৰ্মৰ এক গভীৰ, নিৰ্মোহ, গৱেষণামূলক, অৰাজনৈতিক, বিশ্লেষণাত্মক আলোচনাৰ প্ৰকাশ্য পৰিপক্ব ৰূপ হিচাপে ইতিমধ্যেই বৌদ্ধিকভাৱে ভাৰতবৰ্ষকে ধৰি পৃথিৱীৰ আন দেশসমূহতো প্ৰবলভাৱে চৰ্চিত হৈছে। হিন্দু ধৰ্মৰ মূল তত্ত্বসমূহ আৰু ইবোৰৰ জটিলতা সম্পৰ্কে থাৰুৰৰ এই গ্ৰন্থখন বহুলভাৱে সমাদৃত হৈছে।
এই গ্ৰন্থখনৰে আলম লৈ বিশ্বখ্যাত লেখক-ৰাজনীতিবিদজনৰ সৈতে দ্য আছাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকাৰ কিছুদিনৰ আগতে হোৱা সাক্ষাৎকাৰৰ সংক্ষিপ্ত ৰূপ সাতসৰীৰ পঢ়ুৱৈৰ বাবে আগবঢ়োৱা হৈছে। এই সাক্ষাৎকাৰ ইতিমধ্যে ইংৰাজী ভাষাত দ্য আছাম ট্ৰিবিউন কাকতত যোৱা ২ আৰু ৩ জানুৱাৰীত প্ৰকাশ হৈছিল আৰু এয়া সেই সাক্ষাৎকাৰৰে অসমীয়া ভাষান্তৰ। অসমীয়া ভাষাত এই প্ৰখ্যাত লেখকজনৰ এনে আছুতীয়া সাক্ষাৎকাৰ সম্ভৱতঃ এয়াই প্ৰথম। ভাষান্তৰ কৰিছে পাৰ্থপ্ৰতিম হাজৰিকাই নিজেই।
পাৰ্থ›প্ৰতিম হাজৰিকা : শ্ৰদ্ধেয় শশী থাৰুৰদেৱ, আপোনাৰ নৱতম গ্ৰন্থ ‘দ্য হিন্দু ৱে’ৰ বাবে অভিনন্দন। পঢ়ুৱৈ হিচাপে আপুনি মোৰ অন্যতম প্ৰিয় লেখক আৰু সেইসূত্ৰে মই আপোনাৰ আন এখন গ্ৰন্থ ‘হোৱাই আই এম এ হিন্দু’ (Why I Am a Hindu) পঢ়িছো। মোৰ ভাব হৈছে ‘দ্য হিন্দু ৱে’ গ্ৰন্থখন এক চলন্ত প্ৰক্ৰিয়াৰ পৰিৱৰ্ধিত ৰূপ। আপোনাৰ মন্তব্য কি?
শশী থাৰুৰ : নিশ্চয়। ‘দ্য হিন্দু ৱে’ মোৰ আগৰ গ্ৰন্থ ‘হোৱাই আই এম এ হিন্দু’ৰ এক প্ৰতিফলন। কিন্তু গ্ৰন্থ দুখনৰ মাজত এক বিশেষ পাৰ্থক্য আছে। যি সময়ত ‘হোৱাই আই এম এ হিন্দু’ গ্ৰন্থখনে হিন্দু ধৰ্ম সম্বন্ধে মোৰ ব্যক্তিগত ধাৰণা আৰু হিন্দুত্ব প্ৰকল্পৰ বিৰুদ্ধে এক ৰাজনৈতিক তৰ্কৰ প্ৰতিফলন ঘটাইছে, ‘দ্য হিন্দু ৱে’ সম্পূৰ্ণৰূপে অৰাজনৈতিক।
এই নতুন গ্ৰন্থখনে প্ৰধানকৈ হিন্দু দৰ্শন আৰু হাজাৰ বছৰ ধৰি বিশিষ্ট আৰু সন্মানীয় দাৰ্শনিকসকলে ৰচনা কৰা সাহিত্যসমূহৰ সন্দৰ্ভত কৰা আলোকপাত। এইসমূহ উচ্চমানৰ ৰচনাই হিন্দু ধৰ্ম আৰু ইয়াৰ ব্যৱহাৰিক দিশবোৰ সমৃদ্ধ কৰিছে। পাছৰ গ্ৰন্থখনত হিন্দু ধৰ্মৰ মূল ধাৰণাবোৰ আৰু ইয়াৰ আঁৰৰ তত্ত্ব আৰু দৰ্শন পঢ়ুৱৈসকলৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিছো। ব্যক্তিগতভাৱে মই মোৰ বিশ্বাসৰ বিষয়ে নিতৌ নতুন কথা আৱিষ্কাৰ কৰিছো।
আধ্যাত্মিক আৰু সাংস্কৃতিকভাৱে হিন্দু ধৰ্মৰ সমৃদ্ধতাই মোক মোৰ ধাৰণা আৰু চিন্তাক পঢ়ুৱৈৰ সৈতে ভগাই ল’বলৈ প্ৰেৰণা দিছে।
পাৰ্থ›প্ৰতিম হাজৰিকা : যিহেতু চেমনীয়াসকলকো এই গ্ৰন্থখনৰ পঢ়ুৱৈৰূপে আগ্ৰহী কৰি তোলাৰ এক উদ্দেশ্য আছে, মই ধৰি ল’ব পাৰো নেকি যে ১৪ বছৰ বয়সত পিতৃ-মাতৃয়ে সমগ্ৰ তামিলনাডু আৰু কেৰালাৰ মন্দিৰসমূহ দৰ্শন কৰিবলৈ কৰা দীঘলীয়া ভ্ৰমণে শশী থাৰুৰক তেওঁৰ শৈশৱৰ সেই উল্লেখনীয় যাত্ৰাৰ অভিজ্ঞতা পুনৰ এবাৰ উপলব্ধি কৰাৰ এক আহিলা ‘দ্য হিন্দু ৱে’?
শশী থাৰুৰ : মই আগতেই কৈছো যে ‘দ্য হিন্দু ৱে’ গ্ৰন্থখন হিন্দু ধৰ্মৰ প্ৰাৰম্ভিক ধ্যান-ধাৰণাসমূহ বুজি পাবলৈ ইচ্ছুক পঢ়ুৱৈসকলক সেই বিষয়ে এক আভাস দিয়াৰ মোৰ এক প্ৰচেষ্টা। ‘হোৱাই আই এম এ হিন্দু’ গ্ৰন্থখন মোৰ ব্যক্তিগত আৰু ৰাজনৈতিক যাত্ৰাৰ প্ৰতিফলন, য’ত মই হিন্দুত্বৰ বিপৰীতে হিন্দু ধৰ্মৰ বিষয়ে মোৰ নিজস্ব চিন্তা-চেতনাক প্ৰকাশ কৰাৰ সুবিধা পাইছিলো।
কিন্তু এই নতুন গ্ৰন্থখনে প্ৰধানকৈ হিন্দু ধৰ্মৰ বিষয়েহে চৰ্চা কৰিছে, ইয়াত হিন্দুত্ববাদে ক’ৰবাত কাচিৎহে ভুমুকি মাৰিছে।
পাৰ্থ›প্ৰতিম হাজৰিকা : আপুনি কৈছে যে আপুনি নিজে এনে এটা জাতীয়তাবাদী প্ৰজন্মৰ ফচল, যিটো প্ৰজন্মক সচেতনভাৱে সামাজিক বৰ্ণবাদৰ পৰা আঁতৰাই লালন-পালন কৰা হৈছে। আনকি আজিৰ এই তথাকথিত ‘নতুন ভাৰত’ত একেদৰেই তথাকথিত নতুন প্ৰজন্ময়ো এই বৰ্ণবৈষম্যৰ বিষয়ে জানে। সামাজিক পৰিচয়ৰ চিহ্ন বা ফলকৰূপে এই বৰ্ণবাদ ভাৰতত চিৰকালৰ বাবে ৰৈ যাব নেকি?
শশী থাৰুৰ : বৰ্ণবিভাজন হিন্দু ধৰ্মৰ লগত মূলতঃ সম্পৃক্ত নহয়, যদিও এই কথা স্বীকাৰ কৰো যে এই ধৰ্মৰ ছত্ৰছায়াতেই এই বৰ্ণবাদৰ ব্যৱহাৰ ঠন ধৰি উঠাত সাৰ-পানী যোগোৱা হৈছে। এই কথাও অনস্বীকাৰ্য যে আমাৰ সমাজ ব্যৱস্থাত, আমাৰ মনত বৰ্ণবাদে গভীৰভাৱে শিপাইছে আৰু বৰ্ণবৈষম্যই সমাজত মচিব নোৱৰাকৈ আঘাতৰ চিন এৰি গৈছে চিৰকাললৈ।
তৎসত্ত্বেও ড০ বাবাচাহেব আম্বেদকাৰৰ নেতৃত্বত সংবিধান ৰচনাকাৰসকলে আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰা সময়ত এনে এটা ব্যৱস্থা সৃষ্টি কৰাত সচেষ্ট আছিল, যি ব্যৱস্থাৰদ্বাৰা এই বৰ্ণবাদ বা শ্ৰেণীবিভাজন আমাৰ সমাজৰপৰা এটা সময়ত নিশ্চিহ্ন হ’ব। তেওঁলোকৰ সেই প্ৰকল্পই নিজস্ব আকৃতি লোৱা আৰম্ভ কৰিছিল আৰু স্বাধীনতাৰ সময়ৰ প্ৰজন্ম ইয়াৰদ্বাৰা প্ৰভাৱান্বিতও হৈছিল।
উদাহৰণস্বৰূপে, মোৰ দেউতা সেই সময়ত কলেজৰ ছাত্ৰ আছিল আৰু তেওঁ তেওঁৰ বৰ্ণবাদী উপাধিটো ব্যৱহাৰ কৰা বন্ধ কৰিছিল। শিশুকালত মই এই বৰ্ণবৈষম্য বা পাৰ্থক্য নুবুজাকৈ ডাঙৰ-দীঘল হৈছিলো।
বৰ্ণবৈষম্য আৰু ধৰ্মীয় বৈষম্য ইটো আনটোতকৈ বিশেষ পাৰ্থক্য নথকা ধাৰণা। বৰ্ণবাদৰ উত্থান বহু ক্ষেত্ৰত পৰিচয়গত ৰাজনীতিৰে নামান্তৰ, যি কথা ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা সাম্প্ৰদায়িকতাৰ সময়ত স্পষ্ট হৈ পৰিছে। হিন্দুত্বৰ বিৰুদ্ধে আমাৰ যুঁজখনত আমি বৰ্ণবিভাজন আৰু এনে প্ৰকাৰৰ আন পৰিচয়ভিত্তিক ধাৰণাবোৰক মোকাবিলা কৰিব লাগিব।
পাৰ্থ›প্ৰতিম হাজৰিকা : আপুনি মতামত দিছে যে এক সাৰ্বজনীন বিশ্বধৰ্ম হ’ব পৰাকৈ সকলো গুণ আৰু উপাদান হিন্দু ধৰ্মত আছে। তেন্তে কি বাধা বা অসুবিধা অথবা প্ৰতিকূলতাৰ বাবে আজি এই কথা সম্ভৱ হৈ উঠা নাই?
শশী থাৰুৰ : ধৰ্ম হিচাপে হিন্দু ধৰ্ম ব্যক্তিগত (personal) আৰু ব্যক্তিকেন্দ্ৰিক (individualistic)।সমসাময়িক যুগত যিদৰে ব্যক্তি কোনো এক গোটতকৈ অধিক সুবিধাজনক স্থিতিত থাকে, সেই ধাৰণাৰ লগত হিন্দু ধৰ্মৰ যথেষ্ট মিল আছে। এক সন্মিলিত সামাজিক পৰিচয়ৰপৰা এজন ব্যক্তিৰূপে পুৰুষ-মহিলা উভয়েই মুক্ত।
এই নীতিগত চিন্তাৰ আলমত হিন্দু ধৰ্মই নিজকে এক বিশ্বধৰ্মৰূপে পৰিচয় পাবলৈ সক্ষম, কাৰণ এই ধৰ্মই ধৰ্মবিশ্বাসী ব্যক্তিজনক নিজৰ জীৱনৰ অৰ্থ বিচাৰি লোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা দিয়াৰ লগতে সেই স্বাধীনতাক সন্মানো কৰে।
এই মুক্ত পৰিৱেশ আৰু শিথিলতা কিন্তু শেহতীয়াকৈ নিম্নগামী হৈছে। ইয়াৰ কাৰণ হৈছে কিছুমান সামাজিক লোক বা গোট, যিবোৰে হিন্দু ধৰ্মৰ তথাকথিত অভিভাৱকৰ ৰূপ লৈ প্ৰকৃততে ধৰ্মীয় সাম্প্ৰদায়িকতাকহে প্ৰশ্ৰয় দিছে। এই কথাই হিন্দু ধৰ্মক, লগতে ভাৰতৰ বিশ্বায়নিক প্ৰতিচ্ছবিতো কালিমা সানিছে ৰক্ষণশীল আৰু কিছু পৰিমাণে পিছপৰা বুলি।
উজ্জ্বল উদাৰতা, মুক্ত আৰু সকলোকে অনায়াসে আঁকোৱালি লোৱাৰ ক্ষমতা, বিশিষ্টতা আৰু বিশ্বব্যাপিতা— এই সকলো গুণেৰে সমৃদ্ধ হিন্দু ধৰ্মক বিশ্বধৰ্মৰূপে আগবঢ়াই দিয়াৰ আগতে ইয়াৰ বিশুদ্ধিকৰণৰ প্ৰয়োজন; ইয়াত থকা ধৰ্মীয় গোড়ামি, জাত্যভিমান আৰু ঠেক মনোবৃত্তিক আঁতৰাই হিন্দু ধৰ্মক পুনৰুজ্জীৱিত কৰাৰ পাছতহে ই এক সাৰ্বজনীন বিশ্বধৰ্ম হ’ব পৰাকৈ সাজু হ’ব।
পাৰ্থ›প্ৰতিম হাজৰিকা : আপোনাৰ আলোচনাৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল, আপুনি আন কোনো ধৰ্মৰ লগত হিন্দু ধৰ্মক তুলনা কৰাৰপৰা আঁতৰত আছে। এজন হিন্দু হিচাপে আপোনাক আন ধৰ্মৰ প্ৰতি সহনশীল হ’বলৈ দিয়া শিক্ষাই ইয়াৰ কাৰণ নেকি?
শশী থাৰুৰ : হিন্দু ধৰ্ম সঁচাকৈয়ে আন ধৰ্মৰপৰা পৃথক। উদাহৰণস্বৰূপে, আব্ৰাহম-উদ্ভূত ধৰ্মবোৰ, যেনে—ইছলাম আৰু খ্ৰীষ্টান— এইবোৰ সাৰ্বজনীনতাৰ বাবে আগ্ৰহী। অৰ্থাৎ পৃথিৱীৰ সকলো লোকে ইছলাম ধৰ্ম গ্ৰহণ কৰক অথবা পৃথিৱীৰ আটাইবোৰ লোক খ্ৰীষ্টান ধৰ্মত দীক্ষিত হওক। এই ধৰ্মবোৰৰ মূলৰ আশ্ৰয় হৈছে ধৰ্ম প্ৰচাৰৰ ব্যৱস্থা। এই ব্যৱস্থাৰপৰা হিন্দু ধৰ্ম মুক্ত, কিন্তু হিন্দু ধৰ্মই নিজকে একমাত্ৰ সঠিক ধৰ্ম বুলি কেতিয়াও দাবী নকৰে।
স্বামী বিবেকানন্দই কোৱাৰ দৰে হিন্দু ধৰ্মই কেৱল সহনশীল হ’বলৈ নিশিকায়, লগতে সকলো গ্ৰহণ কৰিবলৈও শিকায়। হিন্দু ধৰ্মই স্বীকাৰ কৰে যে সেই ঐশ্বৰিক শক্তি বা ভগৱান বা ঈশ্বৰক পাবলৈ একাধিক পথ বাছি ল’ব পাৰি। হিন্দু ধৰ্মত অসংখ্য পৱিত্ৰ গ্ৰন্থ আছে, পূজা-অৰ্চনাৰ একাধিক উপায় আছে, ঈশ্বৰৰ একাধিক নাম আছে আৰু ঈশ্বৰৰূপে পূজা কৰাৰ বাবে একাধিক আকৃতি আৰু উপাদান আছে।
বেছিভাগ ধৰ্মতকৈ পৃথক কথাটো হ’ল, হিন্দু ধৰ্মই সকলো ধৰণৰ পাৰ্থক্যকে গ্ৰহণ কৰিবলৈ সাজু।
পাৰ্থ›প্ৰতিম হাজৰিকা : এই অনুসিদ্ধান্ত মৰ্মে এই কথা ক’ব পাৰি নেকি যে এখন হিন্দু সংখ্যাগুৰু ৰাষ্ট্ৰ বাবেই ভাৰত ধৰ্মনিৰপেক্ষ?
শশী থাৰুৰ : মই এই কথা উল্লেখ কৰিব বিচাৰো যে ‘ধৰ্মনিৰপেক্ষতা’ এনে এটা শব্দ, যিটোৰ প্ৰায়ে ভুল ব্যাখ্যা কৰা হয়, ভুলকৈ বুজা হয়, বিশেষকৈ ভাৰতীয় চিন্তাধাৰাৰ দিশৰপৰা। পৰম্পৰাগতভাৱে পাশ্চাত্যৰ অভিধানবোৰে ধৰ্মনিৰপেক্ষতাক ধৰ্মৰ অনুপস্থিতি আৰু ধৰ্মৰপৰা নিজকে আঁতৰাই ৰখাটোকে বুজায়। কিন্তু প্ৰকৃতাৰ্থত, ভাৰতীয় ধৰ্মনিৰপেক্ষতাই সদায়েই একাধিক ধৰ্মৰ উপস্থিতিৰ কথাহে স্পষ্ট কৰে।
ভাৰতৰ ক্ষেত্ৰত ৰাষ্ট্ৰই সকলো ধৰ্মৰ সৈতে সহবাস কৰে, কিন্তু কোনো এটা ধৰ্মকে বিশেষ মৰ্যাদা প্ৰদান নকৰে। ভাৰতত ধৰ্মনিৰপেক্ষতাই ধৰ্মহীনতাৰ কথা নকয়; আনকি কমিউনিষ্টসকলেও এনে ধৰ্মহীন সমাজৰ চিন্তা প্ৰক্ষেপ কৰি ভাৰতীয় ভোটাৰসকলৰ সহমৰ্মিতা হেৰুৱাইছিল। এই কমিউনিষ্টসকলেই কলিকতাৰ শাৰদীয় দুৰ্গাপূজাৰ সময়ত কাৰুকাৰ্যখচিত পূজা পেণ্ডেল সজাৰ প্ৰতিযোগিতাত লিপ্ত হয় প্ৰতিবছৰে।
সেয়েহে ভাৰতীয় প্ৰেক্ষাপটত ধৰ্মনিৰপেক্ষতাৰ অৰ্থ হৈছে একাধিক ধৰ্মৰ পৰিৱেশ। আমি ইজনে সিজনৰ ধৰ্মীয় বিশ্বাসক সন্মান কৰো আৰু আনক তেওঁলোকৰ নিজ ইচ্ছামতে নিজ পথে নিজ ধৰ্ম পালন কৰিবলৈ এৰি দিওঁ। সেইগুণে এই কথা ক’ব পাৰি যে আমাৰ ধৰ্মনিৰপেক্ষতা হিন্দু ধৰ্মৰ প্ৰকৃতিৰপৰাই সৃষ্টি হৈছে; ভাৰতীয় ৰাষ্ট্ৰই নিজকে কোনো ধৰ্মৰপৰা আঁতৰাই ৰখা নাই। সকলো ধৰ্মক সমানে, সমান আগ্ৰহেৰে আঁকোৱালি লৈহে ভাৰত ধৰ্মনিৰপেক্ষ।
স্বাধীনতাৰ উত্তৰকালৰ দশকবোৰত ভাৰতৰ ৰাজনৈতিক সংস্কৃতিয়ে ধৰ্মনিৰপেক্ষতাৰ এই ধাৰণা আৰু দৃষ্টিভংগীসমূহ প্ৰতিফলিত কৰিছিল। শেহতীয়া সময়ছোৱাত সেই ধাৰণা আৰু দৃষ্টিভংগী সলনি হোৱা আৰম্ভ হৈছে। বৰ্তমানৰ শাসনকুলৰ ছত্ৰছায়াত ধৰ্মৰ ভিত্তিত পাৰ্থক্য বিচৰা আৰু বিভাজিত কৰাৰ প্ৰৱণতা সবল হৈ উঠিছে।
এই কথা স্বাধীনতাৰ পূৰ্বৰেপৰা স্বাধীনতাৰ পৰৱৰ্তী কাললৈকে আমাৰ পূৰ্বপুৰুষসকলে যি ভাৰতবৰ্ষৰ কথা চিন্তা কৰি কাম কৰিছিল, সেই ‘আইডিয়া অব্ ইণ্ডিয়া’ৰপৰা বাৰুকৈয়ে পৃথক।
পাৰ্থ›প্ৰতিম হাজৰিকা : হিন্দু ধৰ্মৰ মূল ভাববোৰক বিকৃত কৰাৰ এক নিৰন্তৰ প্ৰচেষ্টা— পৰোক্ষ আৰু প্ৰত্যক্ষ দুয়ো ধৰণেৰে— বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে। দেখা গৈছে, হিন্দু ধৰ্মৰ নতুনকৈ ব্যাখ্যা কৰাৰ চেষ্টা চলিছে। ইয়াৰ বাবে দায়ী কোন?
শশী থাৰুৰ : হিন্দু ধৰ্মৰ মূল তত্ত্ববোৰৰ বিকৃতিকৰণৰ বাবে প্ৰধানকৈ হিন্দুত্ব নামৰ ৰাজনৈতিক প্ৰকল্পটো আৰু ইয়াৰ হোতাসকলেই দায়ী। এই ধৰ্মটোৱে যিবোৰ মহান গুণৰ প্ৰতিনিধিত্ব কৰে তাৰ বিপৰীত স্থিতিত ৰৈছে এই হিন্দুত্ব প্ৰকল্পটোৰ কাৰ্যসূচী।
হিন্দুত্বই হিন্দু ধৰ্মৰ ওপৰত একক, নিঃসন্ধি কৰ্তৃত্ব আৰোপ কৰিবলৈ বিচাৰে, যিটো হিন্দু ধৰ্মৰ ঘোৰ পৰিপন্থী আব্ৰাহম-উদ্ভূত বিশ্বাস বা ধৰ্মবোৰ জ্ঞানতত্ত্বৰ (Epistemology) দিশৰপৰা মাত্ৰ এখন গ্ৰন্থৰ ওপৰত নিৰ্ভৰশীল আৰু সেইবোৰে কেৱল এজন ভগৱান বা ঈশ্বৰৰ উপাসনাত বিশ্বাস কৰে। হিন্দু ধৰ্মই আনহাতে এই দুয়োটাৰ এটাও গ্ৰহণ নকৰে।
প্ৰজন্মৰ পাছত প্ৰজন্মৰ জ্ঞান আৰু অভিজ্ঞতাৰপৰা জন্ম হোৱা ধ্যান-ধাৰণাৰ ধাৰক এই হিন্দু ধৰ্ম, যি জ্ঞান আৰু অভিজ্ঞতা গ্ৰন্থাকাৰে ৰচনা কৰিবলৈ হাজাৰ হাজাৰ বছৰ লাগিছিল। পশ্চিমীয়া দৰ্শনৰ বিপৰীতে, ভাৰতীয় চিন্তাস্ৰোত কেৱল এখন গ্ৰন্থৰ অধীন নহয়, বৰঞ্চ প্ৰজন্মৰ পাছত প্ৰজন্মৰ ঋষি-মুনি আৰু জ্ঞানীসকলে, দাৰ্শনিকসকলে এক চিৰন্তন প্ৰচেষ্টাৰ মাজেৰে আগবঢ়োৱা অৱদানবোৰৰ সামূহিক ফচল হ’ল হিন্দু ধৰ্মৰ সাহিত্যৰ বিশাল ভাণ্ডাৰ।
হিন্দুত্বই হিন্দু ধৰ্মক নতুনকৈ এনেদৰে সজাব বিচাৰে, যিটো এই ধৰ্মটোৰ পৰিপন্থী। আচৰিত কথাটো হ’ল, হিন্দুত্বৰ প্ৰচাৰকসকলে হিন্দু ধৰ্মক এনেকুৱাকৈ ব্যাখ্যা কৰিব বিচাৰে, যিটো তেওঁলোকৰেই অপ্ৰিয় আব্ৰাহম-উদ্ভূত ধৰ্মবোৰৰ দৰে। হিন্দু ধৰ্মৰ আত্মিক বৈশিষ্ট্যসমূহ— ব্যাপকতা, শিথিলতা আৰু একাত্মতা— ভাৰতীয় সভ্যতাক, ভাৰতীয় সমাজক এই প্ৰত্যাহ্বানবোৰৰ মুখামুখি হ’বলৈ শক্তি দিছে।
যদিহে হিন্দুত্বৰ মাজেৰে ঘৃণাৰ বিষবাষ্প বিয়পোৱাসকলক আমি এতিয়াই বাধা নিদিওঁ, তেন্তে আমাৰ সামাজিক মূল্যবোধৰ আৰু অধিক দ্ৰুত স্খলন ঘটাৰ সম্ভাৱনা বৃদ্ধি পাব। এই সামাজিক মূল্যবোধৰ গুৰিতেই আমাৰ ভাৰতীয় সমাজ আৰু সেই সমাজৰ আশ্ৰয়স্থল ভাৰতীয় সংবিধান। গতিকে হিন্দুৰ ধৰ্মৰ আত্মিক বৈশিষ্ট্যসমূহৰ প্ৰতি ভাবুকি আহিছে নিজকে হিন্দু ধৰ্মৰ ৰক্ষাকৰ্তাৰ ভূমিকা লোৱা স্বনিযুক্ত নেতাবোৰৰপৰাই। ই হিন্দু ধৰ্মৰ বিশ্বজনীনতাৰ দিশে আগুৱাই যোৱাৰ পথৰ প্ৰধান অন্তৰায়।
পাৰ্থ›প্ৰতিম হাজৰিকা : মই এজনী স্কুলীয়া ছাত্ৰীৰ পিতৃ। যোৱা বছৰকেইটাত মই দেখিছো যে ভাৰতৰ বিদ্যালয়বোৰত হিন্দু ধৰ্মৰ শিক্ষা দিয়াৰ এক প্ৰতিষ্ঠিত ব্যৱস্থা নাই। অথচ আন ধৰ্মত বিশ্বাসীসকলৰ ল’ৰা-ছোৱালীয়ে ইচ্ছা কৰিলে সেই নিৰ্দিষ্ট ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিবলৈ সমৰ্থ হয়। উদাহৰণস্বৰূপে, মাদ্ৰাছাবোৰত ইছলাম ধৰ্মৰ শিক্ষা লোৱাৰ ব্যৱস্থা আছে; মিছনেৰী বিদ্যালয়বোৰত কেটেকিজম (Catechism) পঢ়ুওৱাৰ ব্যৱস্থা আছে।
এই বিষয়টোত প্ৰশ্নৰ অৱকাশ নাই জানো?
শশী থাৰুৰ : আপুনি কোৱা কথাটো সম্পূৰ্ণ সত্য নহয়। ভাৰতৰ এনে বহু বিদ্যালয় আছে যিবোৰত নিশ্চয়কৈ হিন্দু ধৰ্মৰ কিছু কথা শিকোৱা হয়। শ্ৰেণীকোঠাৰ মাজত যি মূল্যবোধৰ শিক্ষা দিয়া হয়, তাৰ বেছিভাগেই হিন্দু শাস্ত্ৰসমূহৰপৰা আহৰণ কৰা হয়। আন ধৰ্মৰ সমান্তৰালভাৱে হিন্দুধৰ্মৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাত মোৰ কোনো আপত্তি নাই, আপোনাৰো থকা উচিত নহয়। কাৰণ হিন্দু সংস্কৃতিয়ে আমাক ভাল মানুহ হ’বলৈ শিকায়।
মহাভাৰত আৰু ৰামায়ণ এনে দুখন মহান কাব্যগ্ৰন্থ, যি দুখন ভাৰতীয় সভ্যতাৰ সৈতে ওতপ্ৰোতভাৱে একাংগী। সকলো ছাত্ৰ-ছাত্ৰীয়েই ধৰ্মীয় বিশ্বাস পৰিহাৰ কৰি এই দুখন গ্ৰন্থৰ বিষয়ে কিছু জ্ঞান লাভ কৰাটো প্ৰয়োজন।
পাৰ্থ›প্ৰতিম হাজৰিকা : কোৱা হয় যে এটা ধৰ্ম হোৱাতকৈ হিন্দু ধৰ্ম এটা জীৱনপ্ৰণালী (A way of life)। অথচ আজিৰ ভাৰতত আমি হিন্দুত্ব প্ৰতিষ্ঠাৰ দৌৰত ব্যস্ত, যিটো এক ৰাজনৈতিক সুবিধা লাভৰ আহিলাৰ বাহিৰে আন একো নহয় যেন বোধ হয়। ইয়াৰপৰা পৰিত্ৰাণ পোৱাৰ উপায় কি?
শশী থাৰুৰ : বিভিন্ন ভাগবোৰৰ একত্ৰীকৰণতকৈও হিন্দু ধৰ্ম অধিক শক্তিশালী। আৰু আজিৰ সময়ত এই প্ৰাচীন সংস্কৃতিটোৰ শক্তিবোৰ আমি মনত পেলোৱা দৰকাৰ। হিন্দুত্ববাদীসকলৰ নাভূত-নাশ্ৰুত প্ৰায়ে হাস্যকৰ কথাবোৰৰ বিপৰীতে আমি এই কথা মনত ৰখা উচিত যে হিন্দু এনে এটা ধৰ্ম যিটোৱে প্ৰতিনিয়ত সকলোকে মুকলিকৈ আদৰি লোৱাৰ বাবে সদাপ্ৰস্তুত।
মই গভীৰভাৱে বিশ্বাস কৰো যে মোৰ দৰে অসংখ্য হিন্দু লোক আছে, যিসকলে এই বিকৃত আদৰ্শত বিশ্বাস নকৰে আৰু এই হিন্দু ধৰ্মৰ মহান গুণবোৰৰ পৰিপন্থী চিন্তাধাৰাৰ বাৰ্তাবাহকবোৰ ৰোধ কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিব। ইয়াৰ বাবে কেৱল সামাজিকেই নহয়, ৰাজনৈতিক যুদ্ধৰো প্ৰয়োজন। কাৰণ হিন্দুত্ব নিজেই এক ৰাজনৈতিক বাহন।
পাৰ্থ›প্ৰতিম হাজৰিকা : আপোনাক অশেষ ধন্যবাদ, শ্ৰদ্ধেয় শশী থাৰুৰ।
শশী থাৰুৰ : আপোনালৈও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)