• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 12, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

হিন্দু পৰম্পৰাৰ বৈচিত্রতা আৰু ৰামচৰিতমানসত ভগৱান ৰামৰ নির্মল যশ

by Anjan Sarma
January 22, 2024
in Literature, Book, Opinion
Reading Time: 6 mins read
0
হিন্দু পৰম্পৰাৰ বৈচিত্রতা আৰু ৰামচৰিতমানসত ভগৱান ৰামৰ নির্মল যশ
Share on FacebookShare on TwitterShare on LinkedIn

হিন্দু পৰম্পৰাৰ বৈচিত্রতা আৰু ৰামচৰিতমানসত ভগৱান ৰামৰ নির্মল যশ

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

হিন্দু ধর্মৰ বৈচিত্রতাৰ কথা কৈ অন্ত কৰিব নোৱাৰি।

বিভিন্ন দেৱ-দেৱতাৰ উপাসনা কৰা হিন্দু আছে, নির্দিষ্ট দেৱতা বা দেৱীৰ প্রাধান্যৰে সৃষ্টি হোৱা গাণপত্য, শাক্ত, শৈৱ, বৈষ্ণৱ আদি পৰম্পৰা, পন্থা আছে, একেশ্বৰবাদী সগুণ উপাসক আছে, নিগুর্ণ-নিৰাকাৰ ব্রহ্মৰ ধ্যান কৰা উপাসক আছে, বেদান্ত, অদ্বৈত…..কত কি আছে।

কোনোৱে প্রাধান্য দিয়ে ভক্তিক, কোনোৱে যোগক, কোনোৱে ধ্যানক, কোনোৱে জ্ঞানক।

তাৰ মাজতে আকৌ আজিকালি ধর্মক ৰাজনীতিৰ ৰং দি আৰু ৰাজনীতিক ধর্মৰ ৰং দি একোজনে অদ্ভূত এক “সনাতন” হিন্দু ধর্মৰ কথা কয়। তেওঁলোকে শাস্ত্রৰ ব্যাখ্যা কৰে নিজৰ মতে। তেওঁলোকে মুঠেই সহ্য কৰিব নোৱৰা কথাটোৱেই হ’ল আমাৰ এই মহান ধর্মটোৰ বৈচিত্রতা।

হিন্দু ধর্মৰ দর্শন গভীৰ। ই সাধাৰণ “black-and-white” কথা নকয়।

“অমুকক মানিলে বাচিবা, স্বর্গলৈ যাবা, নামানিলে নৰকলৈ যাবা”—এইটো black-and-white “যুক্তি”।

হিন্দু ধর্মত এনে যুক্তি/বিশ্বাসৰ স্থান নাই। কোনোৱে ৰামক মানে, কোনোৱে কালীক। কোনোৱে দেৱ-দেৱতাক লৈ বিশেষ মূৰ নঘমাব পাৰে (যেনে  নৈষ্ঠিক অদ্বৈতী এজনে), কিন্তু তেৱোঁ সমানে হিন্দু।

আৰু দেৱ-দেৱতা সকলৰো বিভিন্ন ৰূপ, বিভিন্ন চৰিত্র। বিভিন্ন ভক্তই বিভিন্ন ৰূপৰ ঈশ্বৰক নিজৰ ইষ্ট বুলি মানিব পাৰে। এজনৰ ইষ্ট যদি শিশু কৃষ্ণ বা গণেশ, আন এজনৰ ইষ্ট উগ্র ৰূপধাৰী কালী, বা দুর্গা।

একেজন ভগৱানৰে বিভিন্ন ৰূপ হ’ব পাৰে : নন্দ-যশোদাৰ মৰমৰ শিশু কৃষ্ণ, গোপ-গোপী সকলৰ প্রিয় কৃষ্ণ, অর্জুনক গীতাৰ উপদেশ দিয়া কৃষ্ণ, কৌৰৱৰ ৰাজ সভাত বিশ্বৰূপ দেখুৱাই অট্টহাস কৰা কৃষ্ণ, গীতাৰ একাদশ অধ্যায়ত অর্জুনে দেখা সর্বগ্রাসী বিশ্বৰূপ কৃষ্ণ। এখন “মূল”  শাস্ত্রৰ পৰা সৃষ্টি হোৱা অনেক গুৰুত্বপূর্ণ শাস্ত্র থাকিব পাৰে : বাল্মীকিৰ ৰামায়ণ, তুলসীদাসৰ ৰামচৰিতমানস, অসমীয়া ৰামায়ণ আদি।

হিন্দু পৰম্পৰাৰ বৈচিত্রতা আৰু ৰামচৰিতমানসত ভগৱান ৰামৰ নির্মল যশ

আজিকালি চতুৰ ৰাজনীতিকৰ হাতৰ পুতলা হৈ পৰা, বা দুষ্ট বা মূর্খ কিছুমান মানুহে কিন্তু এনে এটা পৰিবেশ সৃষ্টি কৰি দিয়ে যে অন্য ধর্মৰ মানুহে বা ধর্ম নমনা মানুহে (আধুনিক গণতন্ত্রত ধর্ম মানিব লাগিবই বুলি জানো কোনো কথা থাকিব পাৰে? বৰঞ্চ এখন ধর্মনিৰপেক্ষ দেশত নাগৰিকে যিকোনো ধর্ম মানিব পাৰে বা কোনো ধর্ম নামানিব পাৰে; আস্তিক হ’ব পাৰে, নাস্তিক হ’ব পাৰে।) ভাবিবলৈ বাধ্য হৈ যাব যে হিন্দু ধর্মত প্রেম, কৰুণা, সহনশীলতাৰ স্থান নাই।

হিন্দু পৰম্পৰাৰ বৈচিত্রতা আৰু ৰামচৰিতমানসত ভগৱান ৰামৰ নির্মল যশ

২০২৩ চনৰ ১৫ এপ্রিলৰ ৰাতি উত্তৰ প্রদেশৰ প্রয়াগৰাজত আটিক আহমেদ আৰু আছৰফ আহমেদ নামৰ দুই আচামীক গুলী মাৰি যে তিনি হত্যাকাৰীয়ে কৈছিল, “জয় শ্রী ৰাম!”—সেই আততায়ীহঁতৰ ৰামেই কি ৰাম নেকি?  

দীর্ঘ দিন ধৰি ভাৰতৰ হিন্দী-ভাষী ৰাজ্য সমূহত বিশেষ সমাদৰ লাভ কৰা তুলসীদাসৰ ৰামচৰিতমানসৰ ৰাম কেনেকুৱা ৰাম? এই ধনু-শৰ লোৱা, ৰাক্ষস বধ কৰা দুর্দান্ত ক্ষত্রিয় বীৰৰ চৰিত্র কেনেকুৱা? ৰামচৰিতমানসৰ বিভিন্ন ঠাইত ৰামৰ বিভিন্ন ৰূপ দেখা যায়। এটা বিশেষ ৰূপ দেখা পোৱা যায় ৰাম-ৰাৱণৰ যুদ্ধৰ ঠিক আগ মুহূর্তত। মাত্র কেইটামান শ্লোকেৰে গঠিত এই অংশক “বিভীষণ-গীতা” বা “ধর্ম-ৰথ গীত” বুলিও জনা যায়।

ramcharitmanas1
তুলসীদাসৰ ৰামচৰিতমানস

মহা বলবান ৰাক্ষস ৰাৱণৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হোৱা ৰথহীন ৰামচন্দ্রক দেখি ৰামৰ পৰম ভক্ত বিভীষণৰ মনত ভয় হয়। বিৰাট প্রতাপেৰে ৰাৱণ যুদ্ধলৈ আহিছে। সৈন্য, অস্ত্র-শস্ত্র, হাতী, ঘোঁৰা, ৰথ সকলো আছে ৰাৱণৰ; ইফালে বিভিষণে মন কৰিছে যে তেওঁৰ প্রভূ ৰামচন্দ্রৰ ৰথতো নায়েই, ভৰিত জোতাই নাই।

তুলসীদাসে লিখা অৱধী ভাষাৰ বানান আধুনিক হিন্দী বানানৰ সৈতে বা সংস্কৃত বানানৰ সৈতে প্রায়ে নিমিলে, অসমীয়া ব্যাকৰণৰ নিয়মৰো বাহিৰত সেই বানানৰ নিয়ম, (উদাহৰণ স্বৰূপে “বিভীষণ”ৰ অৱধী বানান “বিভিষন”, “ক্ষমা” হয় “ছমা”, “শীল” হয় “সীল”) কিন্তু অৱধী নিজে এটা মধুৰ ভাষা।

Vibhishana Gita
বিভীষণৰ বর্ণনাৰে আৰম্ভ হৈছে বিভীষণ গীতা

ৰামৰ সুৰক্ষাৰ চিন্তাত ভয়, শংকাত অধীৰ হোৱা বিভীষণৰ বর্ণনাৰে আৰম্ভ হৈছে বিভীষণ গীতা :

रावनु रथी बिरथ रघुबीरा। देखि बिभीषन भयउ अधीरा॥
अधिक प्रीति मन भा संदेहा। बंदि चरन कह सहित सनेहा॥1॥

ৰাৱণক ৰথত আৰু ৰামক ৰথহীন দেখি বিভীষণ ভয়ত ব্যাকুল হ’ল। (তেওঁৰ অন্তৰত) ৰামৰ প্রতি অধিক প্রেমৰ বাবে তেওঁৰ মনত সন্দেহ উপজিল (যে ৰথহীন অৱস্থাৰে প্রভূ ৰামে ৰাৱণক কেনেকৈ হৰুৱাব)। শ্রীৰামৰ চৰণ বন্দনা কৰি তেওঁ ক’লে —

नाथ न रथ नहि तन पद त्राना। केहि बिधि जितब बीर बलवाना॥

“হে নাথ, তোমাৰ ৰথ নাই, ভৰিত জোতা নাই। বলবান বীৰ (ৰাৱণ)ক কেনেকৈ হৰুৱাবা?”

Vibhishana Gita1
বিভীষণ গীতা

নিজৰ প্রিয় ভক্ত বিভীষণৰ কথা শুনি ৰামচন্দ্রই তেওঁক অভয় প্রদান কৰি ক’লে—

सुनहु सखा कह कृपानिधाना। जेहिं जय होइ सो स्यंदन आना॥2॥

सौरज धीरज तेहि रथ चाका। सत्य सील दृढ़ ध्वजा पताका॥
बल बिबेक दम परहित घोरे। छमा कृपा समता रजु जोरे॥3॥

ईस भजनु सारथी सुजाना। बिरति चर्म संतोष कृपाना॥
दान परसु बुधि सक्ति प्रचंडा। बर बिग्यान कठिन कोदंडा॥4॥

अमल अचल मन त्रोन समाना। सम जम नियम सिलीमुख नाना॥
कवच अभेद बिप्र गुर पूजा। एहि सम बिजय उपाय न दूजा॥5॥

सखा धर्ममय अस रथ जाकें। जीतन कहँ न कतहुँ रिपु ताकें॥6॥

Ramacaritamanasa
ৰামচৰিতমানস

কৃপানিধান ৰামে ক’লে যে শুনা, সখা, যি ৰথেৰে বিজয় পোৱা যায়, সেই ৰথ অন্য ধৰণৰ। সেই ৰথৰ চকা হ’ল শৌর্য আৰু ধৈর্য্য; সত্য আৰু শীল (সদাচাৰ) সেই ৰথৰ দৃঢ় পতাকা; সেই ৰথৰ (চাৰিটা) ঘোঁৰা হ’ল বল, বিবেক, দম (ইন্দ্রিয় সংযম) আৰু পৰহিত সাধন; সেই ৰথৰ ৰচী হ’ল ক্ষমা, কৃপা আৰু সমতা। ঈশ্বৰ ভজন সেই ৰথৰ বুদ্ধিমান সাৰথি; বৈৰাগ্য হ’ল ঢাল আৰু সন্তোষ হ’ল তৰোৱাল; দানেই কুঠাৰ আৰু বুদ্ধি হ’ল প্রচণ্ড শক্তি; উত্তম বিজ্ঞান হ’ল কঠিন ধনু। পবিত্র আৰু অচঞ্চল মন হ’ল শৰাধাৰ; শম (মনৰ নিয়ন্ত্রণ), য়ম (অহিংসা, সত্য, অস্তেয়, ব্রহ্মচর্য, অপৰিগ্রহ–এই পাঁচ “য়ম”), নিয়ম (শৌচ, সন্তোষ, তপ, স্বাধ্যায়, ঈশ্বৰ প্রণিধান–এই পাঁচ “নিয়ম”) হ’ল বহুতো বাণ; বিপ্র আৰু গুৰু পূজা হ’ল অভেদ্য কৱচ। বিজয়ৰ বাবে এইয়াই উপায়, ইয়াৰ বাহিৰে অন্য উপায় নাই। হে সখা, যাৰ এনে ধর্মময় ৰথ আছে তেওঁৰ যুদ্ধত হৰুৱাবলৈ শত্রুৱেই নাই।

Vibhishana Gita2

মাত্র কেইটামান পদত কোৱা কথাৰে এইদৰে ৰামচন্দ্রই বিভীষণক সংসাৰত জীয়াই থকাৰ কৌশল শিকাইছে। ঘোৰ যুদ্ধৰ মাজত এইদৰে জীৱনৰ কৌশলৰ কথা, দর্শনৰ কথা উলিয়াই তুলসীদাসে ৰামচৰিতমানসৰ দ্বাৰা নৈতিকতাৰ শিক্ষা দিছে আৰু সেই জ্ঞানৰ কথা ৰামৰ মুখেৰে প্রকাশ কৰি তেওঁ নিজৰ ইষ্টদেৱ ৰামচন্দ্রৰ জ্ঞানৰ পৰিপূর্ণতাৰ এটা আভাস দিছে।

ৰামে বর্ণনা কৰা “ধর্মৰথ” নৈতিকতাপূর্ণ, ধর্মময় জীৱন ধাৰণৰ বর্ণনা মাথোন। তেওঁ বর্ণনা কৰা গুণ সমূহৰ অধিকাৰীজনৰ কোনো শত্রু নাথাকে কাৰণ তেওঁৰ দৃষ্টিত সকলো সমান বা ব্রহ্মময় হৈ পৰে।

        ৰামায়ণত ৰাৱণে আৰু মহাভাৰতত দুর্য্যোধনে যিকোনো উপায়েৰে ৰণ জিকিব বিচাৰে। তেওঁলোকৰ নিজৰ লালসা, লোভৰ আগত নৈতিকতাই হাৰ মানে। নিজৰ প্রচণ্ড লোভ পূৰণ কৰাত যদি তেওঁলোকে কোনো বাধা পায়, তেন্তে সেই বাধা সৃষ্টি কৰাজনেই তেওঁলোকৰ শত্রু। অনৈতিক লোভ লালসাৰ বাটত হেঙাৰ থাকিবই, গতিকে তেওঁলোকৰ শত্রু বহুত, আৰু শত্রুৰ সৈতে যুদ্ধ কৰিয়েই তেওঁলোকে সকলো সময় পাৰ কৰে। ফলত তেওঁলোকৰ মনত কোনো শান্তি নাই।

ramcharitmanas2
ৰামচৰিতমানস

ৰামে বীৰোচিত শৌর্যৰ কথা কৈছে যদিও তেওঁ সমানেই গুৰুত্ব দিছে ধৈর্য্য, সদাচাৰ, সত্যৰ ওপৰত। তেওঁ বল, শক্তিৰ কথা কৈছে যদিও লগতে কৈছে বিবেক, ইন্দ্রিয় সংযম, পৰহিত সাধন, ক্ষমা, কৃপা, সমতা, ঈশ্বৰ ভজন, বৈৰাগ্য আদিৰ কথা। ৰাৱণৰ বল, শক্তি, শৌর্য থাকিব পাৰে, কিন্তু বিবেক, বৈৰাগ্য, সন্তোষ, সত্য, শীল ক’ত? ৰামৰ ধর্মৰথৰ দৃষ্টিৰে বিবেচনা কৰিলে বেচেৰা ৰাৱণহে দুখীয়া, বহুত গুণেই নাই তেওঁৰ।

বিভিন্ন ধৰণে ৰামে মনৰ স্থিৰতা, শান্তি, বিবেক আদিৰ ওপৰত বিশেষ গুৰুত্ব দিছে। ৰাৱণৰ আটাইতকৈ ডাঙৰ বেমাৰেই হ’ল নিৰন্তৰ অশান্তি, অস্থিৰতা, আৰু তেওঁৰ মনৰ এই অৱস্থাৰ বাবে দায়ী তেওঁৰ লোভ, লালসা আৰু নিয়ন্ত্রণহীন উচ্চাকাংক্ষা।

অষ্টাংগ যোগৰ দুটা অতি গুৰুত্বপূর্ণ অংগ : য়ম আৰু নিয়মকো ৰামে তেওঁৰ ধর্মৰথৰ ৰূপকত ব্যৱহাৰ কৰিছে। য়ম হ’ল পাঁচ বিধ নিষেধ : অহিংসা (হিংসা নকৰা), সত্য (মিছা নোকোৱা), অস্তেয় (কোনো প্রকাৰৰ চুৰি নকৰা, আনৰ হক কাঢ়ি নোলোৱা), ব্রহ্মচর্য (ঠেক অর্থত যৌনতাৰ নিয়ন্ত্রণ, বহল অর্থত ব্রহ্মত স্থিত মনৰ বিক্ষেপ নিয়ন্ত্রণ), অপৰিগ্রহ (ভৱিষ্যতৰ বাবে গোটাই ৰখাৰ মনোবৃত্তিৰ পৰা নিস্তাৰ পোৱা)।

নিয়ম হ’ল কৰিব লগীয়া পাঁচ বিধ অভ্যাস : শৌচ (শৰীৰ আৰু মনৰ পৱিত্রতা), সন্তোষ (নিজৰ ভিতৰৰ আনন্দঘন আত্মাত/স্বৰূপত সন্তুষ্ট হৈ থকা), তপ (প্রয়োজন মতে কষ্ট সহিব পৰা গুণ), স্বাধ্যায় (সৎ শাস্ত্রৰ অধ্যয়ন আৰু নিদিধ্যাসন), ঈশ্বৰ প্রণিধান (আস্তিকতাৰ গুৰুত্ব বুজা আৰু পৰমেশ্বৰক ভজা)।

Vibhishana Gita3
“বিভীষণ-গীতা” বা “ধর্ম-ৰথ গীত”

        যি ইমান বোৰ গুণৰ অধিকাৰী হয়, তেওঁ কি কৰিব পাৰে? ৰামে কৈছে :

महा अजय संसार रिपु जीति सकइ सो बीर।
जाकें अस रथ होइ दृढ़ सुनहु सखा मतिधीर॥80 क॥

হে ধীৰ বুদ্ধিৰ সখা, শুনা। যাৰ এনে দৃঢ় ৰথ আছে, সেই বীৰে সংসাৰ ৰূপী অতি দুর্জয় শত্রুকো হৰুৱাব পাৰে।

        হিন্দু ধর্মৰ মতে সংসাৰৰ জন্ম-মৃত্যু চক্রত পৰিব লগীয়াটোৱেই জীৱৰ আটাইতকৈ ডাঙৰ শাস্তি, আৰু এই চক্রৰ পৰা মুক্তিয়েই মানৱ জীৱনৰ একমাত্র ধ্যেয়। গতিকে ৰামে অতি দুর্জয় শত্রু সংসাৰক হৰুৱাৰ কথা কৈ জন্ম-মৃত্যু চক্রৰ পৰা মুক্তি পোৱাৰ কথাকে কৈছে। কিন্তু এই “পাৰমার্থিক” অর্থৰ উপৰিও বিভীষণ গীতাৰ পৰা আমি এই সংসাৰত জীয়াই থকাৰ কৌশলো শিকিব পাৰোঁ। ৰামে বর্ণনা কৰা গুণ সমূহে আমাক সংসাৰতো শান্তিৰে জীয়াই থকাৰ উপায় দিছে।

Rama2

        বিভীষণ গীতাৰ অন্তত ৰামে তেওঁক দিয়া উপদেশৰ বাবে বিভীষণে ৰামক ধন্যবাদ দিয়ে :

सुनि प्रभु बचन बिभीषन हरषि गहे पद कंज।
एहि मिस मोहि उपदेसेहु राम कृपा सुख पुंज॥

প্রভূ ৰামৰ কথা শুনি বিভীষণে আনন্দিত হৈ ৰামৰ চৰণত প্রণাম কৰিলে আৰু ক’লে যে “কৃপা আৰু সুখৰ আকৰ প্রভূ ৰাম, তুমি মোক আজি এনেদৰেই উত্তম উপদেশ দিলা”।

Lord Rama

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

“Paromanawik Samay” !
Reviews

“Paromanawik Samay” !

by Editor
July 12, 2026
0

Paromanawik Samay Partha Pratim Hazarika Paromanawik Samay; A book written by Anjan Sarma.The overwhelming size (924 pages) notwithstanding, Anjan Sarma’s...

Read moreDetails
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

The Lingering Ghost of Racism: Ignorance or Deliberate Hate?

July 6, 2026
Land of Missed Opportunities!

Land of Missed Opportunities!

July 5, 2026
Rivers beyond Borders: Why the Siang Is More than Water

Rivers beyond Borders: Why the Siang Is More than Water

June 26, 2026
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 18, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
“Paromanawik Samay” !

“Paromanawik Samay” !

July 12, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37233 shares
    Share 14893 Tweet 9308
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16808 shares
    Share 6723 Tweet 4202
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2049 shares
    Share 820 Tweet 512
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    327 shares
    Share 131 Tweet 82
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    390 shares
    Share 156 Tweet 98
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    239 shares
    Share 96 Tweet 60
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1164 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    141 shares
    Share 56 Tweet 35
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6728 shares
    Share 2691 Tweet 1682
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3929 shares
    Share 1572 Tweet 982
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d