সত্যেন শৰ্মা
লাডাখ হিমালয়া!
উত্তৰ পূৰ্বাঞ্চলৰ দুঃসাহসীক ক্ষেত্ৰখনৰ বাটকটীয়া সংগঠন অসম পৰ্বতাৰোহন সন্থাই বিগত বছৰৰ দৰেই এইবাৰো অয়োজন কৰিছে শীতকালীন দুঃসাহসীক অভিযান । লাডাখ হিমালয়াৰ ইউ টি কাংৰী শিখৰ(৬০৭০ মি.)অভিযানৰ বাবে ৰাওনা হোৱা ৯ জন অভিযাত্ৰীৰে গঠন হোৱা দলটোৰ ২ জন সদস্যই সফলতাৰে শৃঙ্গ আৰোহণ কৰিবলৈ সক্ষম হৈছে।
অসম পৰ্বতাৰোহন সন্থাৰ সম্পাদক মানস বৰুৱাৰ নেতৃত্বত যোৱা মাউন্ট ইউ টি কাংৰী (৬০৭০ মি.)অভিযানত অংশগ্ৰহন কৰা সদস্যসকল হ’ল ক্ৰমে উপেন চক্ৰৱৰ্তী, ডা° জগদ্বীশ বসুমতাৰী,কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, ধ্ৰুৱজ্যোতি হাজৰীকা আৰু মনোজ কুমাৰ পাটোৱাৰী ।
ফেব্ৰুৱাৰী মাৰ্চ মাহৰ – ২৫ ডিগ্ৰী চেলচিয়াচ ৰ তলৰ তাপমানত উক্ত শিখৰত অভিযানৰ বাবে যোৱা এইটোৱেই হ’ব অসমৰ প্ৰথমটো পৰ্বতাৰোহী দল।যোৱাকালি ০৩।০৩।২২ তাৰিখে আবেলি ০৩:৩০ মিনিট ত ক্ৰমে জয়ন্ত নাথ আৰু মনোজ কুমাৰ পাটোৱাৰীয়ে সফলতাৰে ইউ টি কাংৰী (৬০৭০ মিটাৰ) শৃঙ্গ আৰোহণ কৰে।
উল্লেখযোগ্য যে এই অভিযানৰ সম্পূৰ্ণ খৰছ অসম চৰকাৰে বহন কৰে।
(সত্যেন শৰ্মা, মুখ্য উপদেষ্টা,অসম পৰ্বতাৰোহন সন্থা)