• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, July 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Travel

হিমালয় ট্ৰেকিং ডায়েৰী

-ৰুবী বৰা

by Anjan Sarma
June 29, 2021
in Special Report, Travel
Reading Time: 2 mins read
0
Share on FacebookShare on TwitterShare on LinkedIn

-ৰুবী বৰা |

অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই পুৱা ১০ বজাত(লখিমপুৰৰ পৰা বাছৰে গৈ পুৱা ৬ টাত খানাপাৰা আৰু তাৰপৰা ৭টাত বিমান বন্দৰ পালোঁ) গুৱাহাটী বিমান বন্দৰত Jet Airways ৰ বিমানৰ খিৰীকীৰ কাষৰ চিট এটাত নিজকে এৰি দিলোঁ। কি এক স্বস্তিৰ নিশ্বাস।কাষৰ চিটত কনমানী এজনী মাকৰ সৈতে। অলপ সময়ৰ পিছতে বিমানে উৰা মাৰিলে দিল্লী অভিমুখে। সোঁ ফালৰ খিৰীকীৰ চিটটো বাচি লোৱাৰ আঁৰত আছিল হিমালয়ৰ গোটেই ভিউটো যাতে উপভোগ কৰি যাব পাৰোঁ। অলপ সময় ডাৱৰৰ মাজে মাজে যোৱাৰ পিছত দৃষ্টি ৰৈ গৈছিল যেতিয়া বৰফেৰে আবৃত হিমালয়ৰ অলপ আতৰেদি বিমানখন গৈ আছিল। আস্ পাৰিলে যেন নামিয়ে দিম। শৃংগবোৰ কোনটো কি অনুমান কৰিব চেষ্টা কৰিছিলোঁ। লাহে লাহে আমি দিল্লীৰ আকাশত প্ৰৱেশ কৰিলোঁ। আমাক জনোৱা হ’ল যে দিল্লীৰ তাপমান ৪০° চেলচিয়াছ। জিও উৰি গ’ল। লাহে লাহে ৰাজধানী চহৰ দিল্লীৰ গগণচুম্বী অট্টালিকাবোৰৰ উপৰেদি বিমান খনে বন্দৰৰ দিশে নামি গ’ল।দিল্লীৰ ৰাজপথত লানি নিছিগা গাড়ীবোৰ পৰুৱাৰ লানিৰ দৰে লাগে । যথাসময়ত বিমানৰ পৰা নামি বেগটো সংগ্ৰহ কৰি পিঠিত লৈ ল’লোঁ। বেগটোৰ ওজন আছিল ১২ কেজি। তাৰ পৰা যেতিয়া দৰ্জাখন খুলি ওলাইছিলোঁ জুই একোৰা মোৰ গাত লগাই দিয়া যেন অনুভৱ হৈছিল। তেতিয়া সময় ১২:৪৫ । মোৰ চিমলালৈ বাছ আছে ৰাতি ৯ টাত। দিল্লী পৰিবহন নিগমৰ অধীনৰ বাছ এখনতে কাশ্মীৰি গেটলৈ বুলি বহি ল’লোঁ। এচি বাছ গতিকে গৰমটোৰ পৰা অলপ ৰেহাই পালোঁ। ডেৰটা বজাৰ কাশ্মীৰী গেট পালোঁগৈ। ISBT তে গাটো ধুই অলপ ফ্ৰেছ হৈ ৰাজমাহ ভাত খালোঁ। তেনেতে আগতেই কথাপাতি থোৱা অনুসৰি বন্ধু অভিষেক আহিল। গৰমত মোৰ ওলাই যোৱাৰ অলপো ইচ্ছা নাছিল। সেয়ে তাতে বহি কথা পাতিব লাগিলোঁ।মোৰ হোৱাটছএপ ষ্টেটাচত দিল্লীৰ ফটো দেখি হাৰিয়ানাৰ বন্ধু চানীয়ে ফোন কৰি ক’ত আছো কি কথা সুধিলে। তেওঁ আচলতে মোক ভনিয়েকৰ দৰে মৰম কৰে। সকলো কথা গম পাই এক ঘন্টাৰ ভিতৰত আহি পাই গ’লহি। ভাল লাগিল।তিনিওটা তেওৰ গাড়ীত বহি দিল্লী ঘুৰিবলৈ বুলি ওলালোঁ। কিন্তু যাম ক’ত। ফেচবুকত ভ্ৰমন সম্বন্ধিয় গ্ৰুপ ‘বেকপেকাৰচ এণ্ড ট্ৰেভেলালৰ ইণ্ডিয়া’ৰ এডমিন সুনিল শৰ্মাক লগ কৰিব যোৱাতোকে ঠিক কৰিলো।যিহেতু চানী আৰু মই সক্ৰিয় সদস্য গ্ৰুপটোৰ মোৰো সুনীলৰ লগত ভাল বন্ধুত্ব আছিল ভাৰ্চুৱেলি। সেইমতে গৈ সুনীলক লগ পালোঁ লগতে গ্ৰুপৰ আন এজন সদস্য প্ৰনিত ৰাও কো লগ পালোঁ। খুৱ ভাল লাগিল। প্ৰনিতৰ ঘৰত আমি পুৰা আড্ডাত বহিলোঁ। মোক ধেৰ কিবা কিবি খুৱালে। প্ৰনিত পেছাত এজন ডাক্তৰ। মোৰ তেতিয়া বৰ বেয়াকৈ কাহ হৈ আছিল। তাতে দিল্লীৰ প্ৰদূষণ। প্ৰনীতে মোক কেইবাটাও দৰৱ দিলে। সন্ধিয়া ৭ বজাত সুনীল আৰু প্ৰনীতৰ পৰা বিদায় লৈ আমি কাশ্মীৰি গেট গ’লোঁ। তাতে অভিষেকেও বিদায় ল’লে। চানী কিন্তু মোৰ লগতে বহি থাকিল মই বাছত উঠালৈকে।৯ বজাত মই বাছত বহাৰ পিছত চানী গ’লগৈ। ইফালে মোৰ মন থৌকি বাথৌ HRTC ৰ হিমচুটাৰ ভলভ’ বাছত বহি পৰৱৰ্তী দিনটোৰ কথা ভাৱিব লাগিলোঁ। মোৰ কাষৰ চিটত এজন যুৱক। বহি ল’লো ভালকৈ। বাছৰ মানুহবোৰে চুৱেটাৰ উলিয়াই লগত ৰখা দেখি মইও পাতল চল এখন উলিয়াই হাতত লোৱা বেগটোত ভৰাই থ’লোঁ। বাছ ষ্টাৰ্ট দিলে। আৰু মই উৰা মাৰিলোঁ মোৰ সপোনৰ দেশলৈ ।

হঠাৎ চেচা বতাহ এজাক খিৰীকীয়েদি সোমাই অহাত মই সাৰ পাই গ’লোঁ। মোবাইলটো চালোঁ ২ বাজিছে। দিল্লীত দিনটো ঘুৰি পকি থকা আৰু আগদিনা বাছত গুৱাহাটীলৈ যাওঁতে টোপনি খতি হোৱাৰ বাবেই নেকি বাছখন চলোৱাৰ লগে লগে টোপনি গ’লোঁ। অৱশ্যে বাছত টোপনিওৱাতো মোৰ অভ্যাসেই । সাৰ পাইয়ে খিৰীকীৰে বাহিৰলৈ চালোঁ। হয় আমাৰ বাছখনইতিমধ্যে দেৱভূমি, হিমাচলত প্ৰৱেশ কৰিলে। ঠাণ্ডা বতাহ আৰু ৰাতিৰ আন্ধাৰত চকামকাকে দেখা পাহাৰবোৰৰৰ পৰাই অনুমান কৰিলোঁ। তেনেতে জিঅ’ইও হিমাচল ৰিজনলৈ স্বাগতম জনালে।বাছ আগুৱাই গৈ থাকিল। মইও চিটটো উঠাই আৰু টোপনি নাযাও ভাবি এক প্ৰকাৰ খিৰীকীৰ ফালে মুৰ কৰি ল’লোঁ। কাষৰ যুৱকজন টোপনিত থকা দেখি বেছি খচমচাই নাথাকি খিৰীকীৰে জোনৰ পোহৰতে দেখা পাহাৰবোৰ চাই গ’লোঁ। লাহে লাহে গোটেইবোৰ পোহৰ হ’ল। মই ঠাইবোৰত থকা চাইনবোৰ্ডবোৰ চাব লাগিলো ‘চিমলা’ দেখো নেকি বুলি। কাষৰ চিটৰ মানুহজন ৫টামানত নামিল।

৬ টা বজাত বাছৰ মানুহে চিঞৰিলে ‘চিমলা।ISBT আ গয়া। য়হা চে বাছ আগে নেহি যায়গা।’

চিটৰ পৰা উঠি বেগটো পিঠিত লৈ নামি গ’লোঁ। চিমলাৰ মাটিত ভৰি থৈয়ে মনটো পুলকিত হৈ পৰিল।পাহাৰৰ ৰাণী খ্যাত চিমলাখন ISBT ৰ পৰা তলে ওপৰে সকলো ফালে চালোঁ।

আমাৰ ট্ৰেকিং চিডল অনুসৰি সকলো সেইদিনা পুৱা ১০ টাৰ ভিতৰত চিমলা ISBT পাব লাগিব।অলপ পিছতে তাত পালেহি আমাৰ সহ অভিযাত্ৰী দিল্লীৰ অদিতি আৰু মুম্বাইৰ অভিষেক। তিনিওটা লগ হোৱাত ভাল লাগিল। আমি তাতে অলপ ফ্ৰেচ হৈ গৰম গৰম মেগী খালোঁ ভাল লাগিল। গাইডে ফোন কৰি অলপ দেৰী হ’ব বুলি কোৱাত আমি ওচৰতে হোটেল এখন ঠিক কৰি অলপ আৰাম কৰিলোঁ। ৯ টা মান বজাত গাইড আশীষ চৌহান আৰু ক’গাইডজন পালেহি। লগতে আহিল পাঞ্জাৱৰ আশীষ কুমাৰ আৰু চিমলাৰ ৰাজনীশ। গোটেই গ্ৰুপটো লগ হ’লোঁ। সকলো নতুন মোৰ বাবে। মানুহ, ঠাই সকলোঁ। গাইড আশীষৰ লগত মই ফোনতহে কথা পাতিছোঁ বাকী সকলক আজি প্ৰথম লগ পাইছোঁ।

চিমলাৰপৰা আমাৰ বেচকেম্প নিৰ্মাণ্ডলৈ ১৭০ কিমি । এখন ট্ৰেভেলাৰ আমাৰ বাবে সাজু আছিল। সকলো উঠিলো, মই খিৰীকীৰ কাষৰ চিট এটাত বহিলো। পাহাৰিয়া চহৰ বোৰত এটাই ৰাস্তা হোৱা বাবে বহুত বেছি ট্ৰেফিক জাম হয়।চিমলাতো একেই গতি। জামৰ মাজেদি লাহে লাহে আগুৱাই গৈ  চহৰখনৰপৰা আতৰি গৈ থাকিলোঁ। যিমানে চহৰৰ পৰা আতৰি আহিছো হিমাচলৰ আনটো ৰূপে আহি আমাক উত্ৰাৱল কৰিছেহি। পাহাৰীয়া  গাওঁবোৰ, আপেলৰ গছবোৰ, এঢলীয়া খেতিবোৰ…পাহাৰবোৰৰ ৰূপ বৰ্ণনা বাৰু এইখিনিলৈ থওঁ পিছলৈ বহুত আছে। ৰাস্তাত এখন দোকানত আলু পৰঠা, চাহ খালোঁ। মই ভতুৱাই ভাত পাওঁ নেকি চেষ্টা এটা চলাইছিলোঁ যদিও কামত নাহিল। হিমাচলী মানুহবোৰৰ অতিথি শুশ্ৰুষা কৰাৰ কিবা বেলেগ এটা ষ্টাইল আছে। সম্পূৰ্ণ ঘৰোৱা। এনেকুৱা লাগিছিল আমি যেন তেওঁলোকৰ আলহিহে। পিছলৈ অৱশ্যে আৰু বেছি অভিজ্ঞতা হ’ল। লিখিম। ট্ৰেভেলাৰখন অকোৱা পকোৱা বাটেৰে ওপৰলৈ গৈ আছে আৰু আমিবোৰ প্ৰকৃতিৰ ৰূপত বিভোৰ হৈ গৈ আছোঁ। ঠাণ্ডা বাঢ়ি গৈ আছে। মাজে মাজে গাড়ী ৰখাই ফটো উঠো। বহো ৰাস্তাৰ কাষত পাহাৰবোৰলৈ চাই চাই, নতুবা তললৈ নামি নদীৰ কাষত। ৩ টামান বজাত আমি দেৱগধাম বুলি মন্দিৰত ৰৈ সেৱা কৰিলোঁ। আমাৰ ট্ৰেকিংৰ লক্ষ্যস্থান শ্ৰীখণ্ড মহাদেৱৰ এক আখ্যান আছে। জনশ্ৰুতি অনুসৰি ভষ্মাসুৰৰ হাতত মহাদেৱৰ লটিঘটি হোৱা গোটেই কাহিনীটো সেই শ্ৰীখণ্ড মহাদেৱতেই ঘটিছিল। আৰু এই দেৱধাম গুহাতেই মহাদেৱে মাখিৰ ৰূপ ধৰি আত্মগোপন কৰিছিল। ৫ টাত আমি জাও গাওঁ পালোগৈ। তাৰপৰা দুঘন্টা ট্ৰেকিং কৰি সৰু পাহাৰ এটা পাৰ হৈ গ’লে আমাৰ বেচ কেম্প নিৰ্মাণ্ড পাম। সকলোৱে বেগ পিঠিত লৈ জোতাৰ লেচ টান কৰি সাজো হ’লোঁ। প্ৰায় আঠটাত আমি কেম্প পালোগৈ। এখন পাহাৰী গাওঁ। ঘৰবোৰ সেৰেঙা। আন্ধাৰত ভালকে দেখা নাছিলোঁ যদিও অনুমান কৰিছিলোঁ কিমান ধুনীয়া হ’ব পাৰে।নিৰৱ, নিস্তাল। কেৱল তৰ্জন গৰ্জন কৰি বৈ যোৱা এখন নদীৰ হো হোৱনি। আমাৰ কেম্প মানে homestay এটা।  আকৌ সেই হিমাচলী মানুহৰ অতিথি হোৱাৰ সৌভাগ্য। ঘৰটোৰ কাষেৰেই নদী খন বৈ গৈছে।ঘৰটো  তিনিখলপিয়া। আমি একেবাৰে ওপৰৰ খলপত আছিলোঁ যিটো ৰাস্তাৰ সৈতে মিলি আছে।বাকীবোৰ তলত। ভাত খাবলৈ তললৈ গৈছিলোঁ।(ঘৰটোৰ ফটো মই দিছো)। সকলোৱে গৰম পানীৰে গা ধুলো। চাহ খালোঁ। অলপ আড্ডা হ’ল। গাইডে কাইলৈ দিনটোৰ বাবে ইনষ্ট্ৰাকচন খিনি দিলে। খুৱ পানী খাই থাকিব ক’লে তেতিয়াৰ পৰাই। ৯ টামানত  পাহাৰী স্পেচিয়েল দালি ভাত খাই, নদীখনৰ শব্দৰ সৈতে পাহাৰীয়া ঘৰটোৰ বিচনাখনত নিজকে এৰি দিলোঁ। নদীৰ শব্দত মনটো কেনেবা লাগিছিল, কাৰণ নদীখন মই শুৱা কোঠাঋোৰ তলেৰেই বৈ গৈছে।চকুলৈ  টোপনি নামি আহিছিল। ‘কাইলৈ উঠি গাওঁখন ফুৰিম আৰু নদীখনৰ ওচৰলৈ যাম’ বুলি মনতে ভাৱি দিনটোৰ কথাবোৰ পাগুলি পাগুলি নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিলোঁ আৰু নদীখনে আৰু পাহাৰীয়া গাওঁখনে মোলৈ বাট চাই থাকিল ।

নদীৰ শব্দতে টোপনি যোৱা মানুহজনী সেই একে শব্দতে সাৰ পালোঁ। সময় ৫টা। চকু মেলি নদীৰ সুৰৰ লগতে পাহাৰীয়া গাৱত জুন মাহত লেপ লৈ শোৱাৰ আমেজকন উপভোগ কৰিব চেষ্টা কৰিলোঁ। কালি গাইডে কোৱামতে আমি ৭ টাত ইয়াৰ পৰা ট্ৰেকিং আৰম্ভ কৰিব লাগিব। গতিকে সোনকালে উঠি গাওঁখনত এপাক মাৰি অহাই ভাল হ’ব। চুৱেটাৰতো গাত লগাই বাহিৰলৈ ওলাই গ’লোঁ। হামি এটা মাৰি বাহিৰলৈ ওলাই গৈছিলোঁ আৰু চকুৰে যি দেখিলো মুখ জপাবই  পাহৰিলোঁ। আমি থকা ঘৰটোৰ সোফালে পাহাৰৰ ওপৰলৈ যোৱা ৰাস্তা, যিটোৱেদি আমি যাম। আগফালেও এফালে পাহাৰ মাজতে তললৈ নামি যাব লাগে আৰু অলপ দূৰৰ ফালে চালে পাহাৰ আৰু পাহাৰ। বাওঁফালে কাষতে নদীখন  আৰু তাৰ কাষৰ পৰাই ওখ ওখ পাইন গছেৰে আৱৰা পাহাৰ। গাওঁখনৰ এঘৰৰ পৰা আন ঘৰলৈ যাবলৈকে আধাঘন্টামানকে লাগিব।সমান নহয় যে। বাৰীয়ে বাৰীয়ে আপেলৰ বাগিছা। আপেলবোৰ সেউজীয়া হৈ আছে। এনেতে আমি থকা ঘৰৰ গৰাকী মাহীয়ে মোক চাহ আৰু গৰম পানী দি গ’ল। গা মুৰ ধুইয়ে তলৰ আপেলৰ বাৰীলৈ মাহীৰপৰা অনুমতি লৈ ঢাপলি মেলিলোঁ। প্ৰথমে নদীখনৰ কাষলৈ গ’লোঁ। চেচা পানী। মাহীয়ে দেখি তাৰপৰা ঘুৰি আহিবলৈ চিঞৰি ক’লে। মন নাছিল যদিও মানুহগৰাকীৰ কেয়াৰক আওকান নকৰি আপেলৰ বাৰী পালোহি। সৰু সুৰা দম এটাই দিলে মোক। সৰু ছোৱালী অকলে কিয় গৈছিলা? মই একো নকৈ হাহি দিলোঁ (মাহীয়েনো কেনেকে জানো দেখাত সৰু যেন লাগিলেও কেতিয়াবাই কুৰিতে বুঢ়ী হ’লোঁ)। মাহীও হাহি দিলে। আপেলৰ গছবোৰত উধাই মুধাই চেলফি উঠিলোঁ। মানুহবোৰ উঠাই নাই। মাহীৰ লগত পাচলি কুটিব ধৰিলোঁ কথাৰ মহলা মাৰি মাৰি। ৰাইজ লাহে লাহে উঠিল। দৌৰাদৌৰিকে সকলো সাজু হ’ল। ভাত খাই যাত্ৰা আৰম্ভ কৰিলোঁ।  দীঘলীয়াকৈ শাৰী পাতি গৈ আছোঁ। প্ৰথম অৱস্থাত পাই অহা নদীখনৰ কাষে কাষে যথেষ্ট ঠেক ৰাস্তা এটাৰে আগবাঢ়িলো।পানীৰ কি সোঁত। ওপৰলৈ গৈ আছো আৰু গৈ আছো।পথটোত ভগা ছিগা শিলৰ টুকুৰা। মাজে মাজে শিলৰেই খটখটিৰ নিচিনা কিন্তু সাৱধান নহ’লে ওলতি যোৱাৰ চান্স আছে। দুঘন্টামান গৈ পালোগৈ বাৰাতিনলা। এইখন এজন বাবাৰ আশ্ৰম। আমি কৰি থকা ট্ৰেকিংটোৰ লক্ষ্যস্থান হ’ল শ্ৰীখণ্ড মহাদেৱ  যিটো হিমাচল প্ৰদেশৰ এক উল্লেখযোগ্য ধৰ্মীয় পদযাত্ৰা হিচাপে গণ্য কৰা হয়।শাওন মাহত চৰকাৰীভাৱে যাত্ৰীসকলৰ বাবে সকলোধৰণৰ সুবিধা আগবঢ়াই। তালৈ যোৱা সকলো যাত্ৰীয়ে এই আশ্ৰমত জিৰনি লয়। আশ্ৰমৰ ফালৰ পৰা চাহ আৰু  পৰঠা খোৱাৰ ব্যৱস্থা কৰে। বহুতেই চিলিমও টানে। আমি তাত আৰু বহুত ট্ৰেকাৰ লগ পালোঁ। বাবাৰ মুখত শ্ৰীখণ্ড মহাদেৱৰ কাহিনী শুনিলোঁ(কাহিনীতো পৰৱৰ্তী খণ্ডত)। তাত নিজৰ নাম, ঠিকনা আৰু ফোন নং লিখি থৈ যাব লাগে। একঘন্টামান বহাৰ পিছত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ক্ৰমান্বয়ে পথবোৰে পাৰপেনদিকুলাৰ  টাইপ হৈ গৈ আছে। গছবোৰৰ মাজে মাজে ঠেক পথবোৰ এটা খোজ দিয়াৰ পিছত আনটো খোজ আঠুৰ সমান উচ্চতাত ডাইৰেক্ট। মানে  আগত গৈ থকাজনক পাঁচখোজৰ পাৰ্থক্যত আপুনি মুৰৰ সমান উচ্চতাতকৈ ওপৰত দেখিব আৰু আকাশলৈ চোৱাৰ দৰে তেওঁলৈ চাব লাগিব, ইমানেই থিয় । মোৰতো মাজে মাজে লাগে হিমালয় নবগায় মই আকাশলৈহে জখলা বগাই আছো নেকি। কোনবাপাকত উঠি গৈ থাকোতে পিঠিৰ বেগটোৱে পিছফালেহে টানি আনিব খোজে। আধাঘন্টামানৰ মুৰে মুৰে অকমান সমান ঠাই পালে বহোঁ আমিবোৰ। বেগত থকা চকলেট, ড্ৰাই ফ্ৰুটছ ইত্যাদি খাওঁ। ফটো উঠো,কাৰণ গৈ থাকোতে ফটো উঠোৱাৰ সাধ্য নাই। আকৌ যাওঁ। ঠাইয়ে ঠাইয়ে কেম্প থাকে লগত দোকান এখন দুখন থাকে। কিন্তু আৰু বস্তুবোৰৰ দাম চাৰিগুণ পাচগুণ।মেগি খাওঁ। বহি দিলেই ঠাণ্ডা লাগে। এনেকৈয়েদিনটো গৈ থাকি গধুলি ৭টাত পালোগৈ আমাৰ কেম্প থাচৰু। গছবোৰৰ মাজতে অকমান মুকলি ঠাই তাতে এঢলিয়াকে পানীকাপোৰৰ কেম্পবোৰ। কেম্পছাইট পাই বেগবোৰ থ’লোঁ। খোৱাৰ বাবে থকা কেম্পটো কাষতে আছিল। ৰান্ধনী দুজন আছিল পতি পত্নী। আগত কৈছোৱেই হিমাচলী পাহাৰী মানুহৰ অতিথি পৰায়নতা। তাত বাবা খুৱ চলে। তাৰ জোৰতেই যেন মানুহবোৰে ই মান কঠিন পথবোৰতো উৰি উৰি যোৱাদি যায়।মইহে ভাৱো দেই। সকলোৱে কিবা কিবি কৰি আছে। মই কথকি মানুহ গতিকে মাহীজনীৰ আৰু চাচাৰ লগতে আড্ডাত বহিলোঁ। বহুত সময় পাতিলো কথা। অসম-হিমাচল, আমাৰ গাওঁ- তেওঁলোকৰ গাওঁ মুঠতে একো বাদ নপৰিল। মাহীৰ লগত এই বন্ধুত্বৰ বাবেই খোৱাৰ সময়ত অলপ বেছি কেয়াৰ পাইছিলো। আনকি মোক তেওঁৰ লগত শুব লগ লৈছিল। বিৰাত মৰম কৰিছিল। পাৰিলে তেওঁৰ গাৱলৈকে লৈ গ’লহেঁতেন।কিন্তু মোৰ যে ‘tight schedule’। অলপ ইফালে সিফালে গ’লোঁ। কেওফালে থকা পাহাৰবোৰৰ পৰা অনুমান কৰিলোঁ আমি বহুখিনি বগালো।তললৈ আমি পাৰ কৰি অহা পাহাৰবোৰ দেখি মনটো বিৰাত ভাল লাগিছিল। ৯ মান বজাত খাই বৈ শুই গ’লোঁ। কেম্পটো যথেষ্ট ডাঙৰ ।আমি সকলোবোৰ একেটাতে শুলোঁ। পানীকাপোৰৰ তম্বু বোৰৰ একেবাৰে তলত থাৰ্মকল তাৰওপৰত কম্বল পাৰি দিয়া আছিল। এবাৰ বন্ধ কৰি দিয়াৰ বতাহ সুমোৱাৰ কোনো সুৰুঙাই নাথাকে। গাত তিনিখনকৈ ডাঠ কম্বল। শুলোঁ ভালকৈয়ে কিন্তু কিয়জানো বেছিকৈ আনন্দত থকাৰ বাবেই নেকি টোপনিতো কম হৈছিল। গাইডে পুৱা  উঠি সকলোকে সোনকালে সাজু হ’বলৈ কৈ সকলোকে সকিয়াই দিলে কাইলৈ যাবলগা পথছোৱা অধিক কঠিন আৰু সময়ও বেছি লাগিব। মই মোৰ ভাৱৰ দুনিয়াত বিভোৰ। হিমালয়ৰ মাজত, অস্থায়ী কেম্প, নতুন মানুহ, নেটৱৰ্ক নোহোৱা মোবাইল……মই এইবোৰেই বিচাৰি নুফুৰো জানো?

মাউথ অৰ্গেনৰ সুৰ এটা ভাঁহি আহিছিল কাষৰ কোনোবা এটা কেম্পৰ পৰা। ৰাতিটো আৰু বেছি ৰোমাঞ্চকৰ হৈ উঠিছিল।  টোপনি কেতিয়া  গ’লোঁ গমতো নাপালোৱে সাৰো পালোঁ সোনকালে। উঠিয়ে মাহীৰ আদৰ সাদৰ। সকলো সোনকালে উঠিল। প্ৰাতঃকৰ্ম ভাগ সম্পন্ন কৰোঁ বুলি অদিতি আৰু মই হাতত টিচু পেপাৰ আৰু পানীৰ বটল লৈ উপযুক্ত ঠাইৰ সন্ধানত গ’লোঁ। তললৈ নামি গৈ আওঁহতীয়া ঠাই এডুখৰতে কামফেৰা কৰি কেম্পলৈ আহিলোঁ। ব্ৰেকফাষ্ট কৰি ওলালোঁ সকলো সামৰি। প্ৰায় এঘন্টামান যোৱাৰ পিছত ওখ গছৰ পাহাৰবোৰ কমি আহিল । আৰম্ভ হ’ল ঘাহনিৰ(medows)পাহাৰবোৰ। পাৰ কৰি অহা পাহাৰ বোৰৰফালে চালে বুকুখন ফুলি যায়। ৰাস্তাবোৰ সৰু এঢলীয়া আৰু বেছি থিয় হৈ আহিল। কোনোবা সময়ত আগলৈ তললৈ নামি যোৱা ৰাস্তা দেখিলে মনটো নাচি উঠে কিন্তু পিছমুহুৰ্ততে আকৌ যেনেকেহে উঠিব  লাগে ফাপৰ চুটি যায়। তথাপি ভাল লাগে কিবা এটা! দুৰত থকা ওখ পাহাৰবোৰলৈকে বগাই যাব মন যায়।  দুঘন্টামানৰ পিছত পালোঁ কালিটপ। টপ মানে একেবাৰে top। তাৰ পৰা কাষে বাৰে থকা সকলো পাহাৰ তলত। কেনেকুৱা যে অনুভৱ হৈছিল সেই ঠাইত ৰৈ সঁচাকৈয়ে ভাষাৰ অভাৱ অনুভৱ কৰিছোঁ। যিমান থিয় পথেৰে উঠি গৈ কালিটপ পালোঁ এতিয়া সিমান থিয় পথেৰে তললৈ নামিব লাগিব, তাকো গোটেই পথছোৱা সৰু ডাঙৰ শিল কেৱল শিল। এটা এটা খোজ অতি সাৱধানে দিব লগা হৈছিল। কোনোবা সময়ত এটা খোজ দিবলৈ ২/৩  মিনিটলৈ  ভাৱিব লগা হয়। তিনিঘন্টামানৰ মুৰত শিলৰ পথ এৰি পুনৰ ঘাঁহনিৰ পথ পালোঁ। শিলৰ পথছোৱাৰ মাজতে লগ পালোঁ আমাৰ গাইডৰ চিনাকী এজন যুৱক মাধৱ সৰশ্বত। অকলে আহিছে। তাৰ বেগটো দেখি মই অতি আচৰিত হৈছিলোঁ। ২৫ কিলো ওজনৰ বেগটোত টেন্টৰপৰা আদি কৰি পাকঘৰৰ সকলো মজুত আছিল। মোৰ বাবে মাধৱ এটা ৰহস্য হৈ থাকিল। তাৰ চাল চলন, কথা বতৰাবোৰে বৰকৈ আকৰ্ষন কৰিলে। সিও আমাৰ দলৰে এজনৰ নিচিনা হ’ল। এইটো পথত যথেষ্ট সংখ্যক ৱাটাৰফল পালোঁ। ৱাটাৰফলত মুখ লগাই হিমালয়ৰ বিশুদ্ধ পানী খোৱাৰ মজা জানো বেলেগত পাম! কিছু কঠিন পথ। মাজে মাজে পথ বুলি একোৱে নাথাকে। শিলত খান্দি কৰা ভৰিতো থোৱাৰ জুখাৰে সেইকনক পথ বুলি ক’ব নোৱাৰি। এফালে পাহাৰ আনফালে দ, কিবাকে শ্লিপ হ’লে কোন পুৰি পামগে নাজানো।তেনেকুৱা অৱস্থাত ভৰিটো পথালিকে দি পাহাৰৰ থিয় বুকুত লেপেটা খাই শিলত খোপনি বিচাৰি বিচাৰি অতিক্ৰম কৰিব লগা হয়। গাইড আছিল যথেষ্ট অভিজ্ঞ। কঠিন পথবোৰ তেওঁৰ সহযোগীতাত পাৰ কৰিলোঁ সুকলমে। গৈ আছো গৈ আছো নাপাওঁহে নাপাওঁ। কিন্তু মনোমোহা দৃশ্যবোৰৰ বাবে ভাগৰ অনুভৱ হোৱা নাছিল। সেউজীয়া পাহাৰবোৰে সকলোবোৰ নোহোৱা কৰি দিছিল। মাজে মাজে মেগি, পৰঠা খাওঁ,  ভোকো লাগে নহয় তামাম।খাবলৈ বহোতে আন ট্ৰেকাৰবোৰৰ সৈতে বহা আড্ডাবোৰ বিৰাত ৰসাল হৈ পৰে।

 গৈ গৈ দেখিলোঁ এটা পাহাৰৰ সিফালে ৰঙা, নীলা হালধিয়া তম্বু আকৃতিৰ টেন্টবোৰে আমালৈ বাট চাই আছে। কেম্পচাইটৰ কাষতে কেইবাটাও ৱাটাৰফল। মাজৰ পাহাৰটো যে কেতিয়া উঠি নামি গৈ কেম্পচাইট পালোঁ গমেই নাপালোঁ। ভীম দিৱাৰি কেম্প।

ভষ্মাসুৰৰ তপস্যাত মুগ্ধ হৈ মহাদেৱে ভষ্মাসুৰক বৰ দিলে যে তেওঁ যাৰ মুৰতে হাত দিব সেইজনৰ মৃত্যু হ’ব।  ইফালে ভষ্মাসুৰ পাৰ্ৱতীৰ প্ৰেমত ইমানেই বেয়াকৈ পৰিল যে পাৰ্ৱতীক পাবলৈ শিৱৰ মুৰত হাত দি শিৱক হত্যা কৰিবলৈ খেদি গ’ল। শিৱও নিৰুপায় হৈ দৌৰি পলাই ফুৰিল। ইফালে শিৱ নথকাত পাৰ্ৱতীক বিয়া পাতিবলৈ ভষ্মাসুৰ উত্ৰাৱল হ’ল। পাৰ্ৱতীয়ে সকলো কথা বিষ্ণুক কোৱাত বিষ্ণুৱে পাৰ্ৱতীৰ ৰূপ লৈ ভষ্মাসুৰক নিজৰ মুৰত হাত দিবলৈ কোৱাত নিজৰ মুৰত হাত থৈ শিৱৰ পৰা বৰৰ কৃপাত ভষ্ম হৈ গ’ল।

ভষ্মাসুৰ ভষ্ম হোৱা ঠাইকণেই হ’ল ভীম দিৱাৰি। কেম্প পোৱাৰ আগে আগে এঠাইত এটা সৰু পুখুৰিত পানীবোৰ ৰঙা আৰু কাষৰ শিলবোৰো ৰঙা। ভষ্মাসুৰ সেইঠাইতেই  ভষ্ম হৈছিল বুলি সকলোৱে বিশ্বাস কৰে।

কেম্প পালোঁ। আন্ধাৰ হওঁ হওঁ। কাষেদি নদী খন। কেম্পৰ তিনিটা দিশ ওখ ওখ টকলা শিলৰ পাহাৰ আৰু গ্লেচিয়াৰবোৰ। আমি যিফালেদি গৈছো সেইটো দিশ কেৱল সেউজীয়া আৰু সেউজীয়া। নদীৰ সিটো দিশে কেইবাটাও ৱাটাৰফল। নদীখনেও সেইখিনিতেই ওপৰৰৰ পৰা আহি নদী আকাৰ লৈছে। কেম্পবোৰত ট্ৰেকাৰবোৰ সোমাইছেহি। মাধৱেও নিজৰ টেন্টটো ফিক্স কৰিল যদিও আমাৰ লগতে থাকিল। ঠাণ্ডাটো বাঢ়িছিল। কেম্পত জুইৰ  ওচৰতে বহি চবেই চাহ খালো আড্ডাত বহিলোঁ ভাত খোৱালৈকে। কেম্পবোৰৰ পৰা ভাহি আহিছিল কাৰোবাৰ গান, কাৰোবাৰ হাহিঁ, আৰু কোনোবাটোৰ পৰা আহিছিল মিউজিক প্লেয়াৰত বজোৱা হিমাচলী গীতৰ সুৰ।(ভিডিঅ দিয়া হৈছে অলপ আভাস এটাৰ বাবে) মই অলপ সময় আন্ধাৰত কেম্পৰ পৰা নদীৰ ফালে গৈ জোনটোলৈ চাই ৰৈ আছিলোঁ। পিছদিনা পূৰ্নিমা আছিল। জোনটো ওলাই আহিছিল,পোহৰত জিলিকি উঠিছিল কাষৰ পাহাৰৰ ভাজে ভাজে  থকা শুভ্ৰ গ্লেচিয়াৰবোৰ। লাহে লাহে কেম্পৰ পৰা অহা নানানটা  শব্দ অতিক্ৰমি  ৱাটাৰফলটো আৰু নদীখনৰ শব্দত নিজকে বিলীন কৰি দিছিলোঁ। হঠাতে পিছফালৰ পৰা মাধৱে মাত দিয়াত হে কেম্পৰ ওচৰকৈ আহিলোঁ। ‘সকলোৱে তোমাক বিচাৰি আছে যোৱা ক’ত অকলে ৰৈ আছাহি। ‘ হয় নেকি ‘ বুলি হাহি এটা মাৰি  মই নিজৰ কেম্প পালোগে।’আচৰিত ছোৱালী দেই’ বুলি কৈ মাধৱ নিজৰ কেম্পৰ ফালে গ’ল। কেম্প পোৱাত কোনোবা এটাই ক’লে ‘ ল’ আ গেয়া’ । মই যে নিজকে হেৰুৱাই থাকিব ভাল পাওঁ দলৰ বাকী সকলে ভালকৈয়ে বুজি উঠিছিল। সেয়ে মই যোৱাত তেনেকৈ কৈ হাহিলে আটায়ে। পাঞ্জাৱৰ আশীষে মোক ‘গুড্ডী’ আৰু মুম্বাইৰ অভিষেকে ‘চ’টি’ বুলি মতা কৰিছিল মোক। আমিতো এটা পৰিয়ালেই হৈ গ’লোঁ।  সকলো ঠিক ঠাক কৰি শোৱ ল’লোঁ। শুই  শুই গাইড আশীষ, অদিতি আৰু মই বহুত পৰ কথা পাতিলোঁ কিবা কিবি। শোওনো কেনেকৈ বাৰু। নিহপালি দিয়া কেম্পবোৰৰ পৰা ভাহি অহা নিৰৱতাক চেৰপেলাই হৰহৰাই বৈ থকা জান জুৰিবোৰৰ শব্দৰ লগত তাল মিলাই, পাহাৰৰ সেউজীয়াবোৰৰ কথা ভাৱি ভাৱি সপোন সপোন লগা পৰিৱেশতকৈ টোপনি ডাঙৰ হ’ব পাৰে জানো………বেচি উচ্চতালৈ গ’লে টোপনি কম হোৱাৰ কাৰণ চাগৈ এইবোৰেই………

পথছোৱা যথেষ্ট কষ্টকৰ হোৱা বাবে পিছদিনা অলপ লাহে লাহে যোৱা হ’ব বুলি গাইডে ৰাতি শুৱাৰ আগতে জনাইছিল। তথাপিও মই সোনকালেই সাৰ পালোঁ নিজৰ অভ্যাসৰ বাবে। বাকীবোৰ কেম্পৰ মানুহবোৰো সিমান উঠা নাছিল। অলপ ওলাই ইফালে সিফালে গ’লোঁ এনেয়ে। ডিঙি বেকা কৰি কৰি ওখ পাহাৰবোৰ চালোঁ,পাৰোমানে ফটো উঠিলোঁ।  বতাহ আছিল খুৱ। সকলো উঠাৰ পিছত আৰাম বিৰাম কৰি আমি ১০ বজাত পৰৱৰ্তী কেম্পলৈ বুলি আগবাঢ়িলোঁ। সেইটো আছিল আমাৰ চামিট কেম্প। প্ৰায় চাৰিঘন্টামানৰ মুৰত পালোগৈ পাৰ্বতী বাঘ কেম্প। পাহাৰ এটা সম্পূৰ্ণ পাৰ হৈয়ে কেম্পচাইট।যাওঁতে ডাঙৰ ৱাটাৰ ফল এটা পাৰ হৈ গৈছিলোঁ। কেম্পচাইট সৰু। উচ্চতা প্ৰায় ১৪০০০ ফুট। কেম্প চাৰি পাঁচটামান আছে। তাৰে দুটাত আমিখিনি আৰু বেলেগত আন ট্ৰেকাৰ।বতৰটো ডাৱৰীয়া আছিল। আমি কেম্প পাইছোহে মাত্ৰ হঠাৎ ডাৱৰ এসোপাই আহি আৱৰি ধৰিলহি। কেনিও একো নেদেখা হ’লোঁ। কেনেকুৱা যে লাগিছিল সেই সময়ত! অলপ দেৰী পিছত আকৌ  ডাৱৰবোৰ নোহোৱা হ’ল। তেতিয়াহে দেখিলোঁ কেম্পৰ চাৰিওফাল। আগৰ কেম্পৰ পৰা দেখা ওখ ঠাইডুখৰেই এয়া। ইয়াতে ঘাঁহনি শেষ হৈ শিল আৰু বৰফ আৰম্ভ হৈছে। কেম্প থকা ঠাইকন টিলা এটাৰ দৰে। কাষতে ওখ ওখ টকলা বৰফৰ পাহাৰবোৰ আৰু তললৈ আমি পাৰ কৰি অহা গোটেই পাহাৰবোৰ এটাৰ পিছত এটাকৈ দেখা পাই। ডাৱৰবোৰ গুছি যোৱাৰ পিছতে আৰম্ভ হ’ল চিপচিপিয়া বৰষুণ। আটাইবোৰ আহি আমাৰ কেম্পতে থুপ খালেহি। বাটত লগ পোৱা মাধৱে আগৰ কেম্পতে নিজৰ টেন্ট এৰি আমাৰ দলত যোগদান কৰিলে। আমি আঠটা হ’লোঁ। বাহিৰত চিপচিপ বৰষুণ আমি ভিতৰত পপকৰ্ন খাই খাই পূৰা কথাৰ মহলা মাৰিলোঁ। তিনিটামান বাজিল। বৰষুণ এৰিলে। কেম্পৰ পৰা ওলাই অলপ আতৰত ঘাঁহনিতে আকৌ থূপ খালোগে। ঘুৰণীয়াকে ঘাহনিতে যাৰ যেনেকে মন যাই তেনেকেই বহিলে। অলপ আতৰতে ডাৱৰবোৰে অহা যোৱা কৰি আছে। সকলো নিজৰ ভাৱত বিভোৰ। দুটামানে গ’ প্ৰ’ ৰে ডাৱৰৰ চালচলন ধৰি ৰাখিব চেষ্টা কৰিছে। মাধৱে নিজৰ মিউজিক প্লেয়াৰত লগালে ৰোমান্টিক হিন্দী গান। আস্…। সঁচাকে কৈছো প্ৰায় এঘন্টামান কাৰো মুখত কথা নাই। কাষেৰে যোৱা ৱাটাৰফলৰ শব্দ,লাকী আলি, চনু নিগম , উদিত নাৰায়নৰ ৰোমান্টিক হিন্দী গানৰ সুৰৰ মাজত ডুব গৈ  ডাৱৰৰ আলেখ লেখ চাই থাকোতে পাহৰি পেলাইছিলোঁ ক’ত আছোঁ, ক’ৰ পৰা আহিছো, আপোন-পৰ সকলোঁ। মুঠতে আগফালৰ সেউজীয়া ঘাঁহনি আৰু অলপ সিফালৰ পাহাৰটোত খুণ্ডা খাই সিচৰিত হৈ যোৱা ডাৱৰবোৰ, সোফালে চালেই ওখ বগা হৈ থকা হিমালয়ৰ শিৰ আৰু সেই মুহুৰ্তত বাজি থকা গানখিনিত নিজক সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিলিঁ। আকৌ দপ দপকে বৰষুন অহাত পুনৰ কেম্পলৈ ঢাপলি মেলিলোঁ। মানুহ কেইটা থূপ খালে কিমান কি যে কথা ওলাই। কত পাহাৰৰ যে কাহিনী। মাধৱ আৰু আমাৰ গাইড অভিজ্ঞ পৰ্বতাৰোহী। গতিকে তেওঁলোকৰ মুখত পাহাৰৰ কাহিনীবোৰে পৰিৱেশটোৱেই জীপাল কৰি তুলে। এনেকে কথা পাতি পাতিয়েই আবেলি গৈ ৰাতি হ’ল। বৰষুন দিয়েই থাকিল। পিছদিনা আমাৰ চামিটডে’ । গাইডে সকলোকে বুজাই দিলে যে আমি ৰাতি দুটাত যাত্ৰা আৰম্ভ কৰিম।গতিকে দিনটোৰ পথছোৱাৰ বাবে প্ৰয়োজনীয় বস্তুখিনি সৰু বেগ এটাত লৈ ল’লেই হ’ব। সকলোৱে সেইমতে সকলো সাজু কৰি শুই গ’লোঁ। মই,অদিতি, গাইড আৰু ক’ গাইড এটা কেম্পত আৰু বাকী মাধৱ,আশীষ, ৰাজনীশ আৰু অভিষেক আন এটা কেম্পত। আৰু এটা কেম্পতহে মানুহ আছিল।সেয়ে পৰিৱেশটো ঠাণ্ডা  হৈ  আছিল। বতাহ আৰু বৰষুন চলি আছিল। তাৰ শব্দতেই সৰু টেন্টৰ কেম্পটোত শুই গ’লোঁ দিনটোৰ কথা ভাৱি ভাৱি।

এলাৰ্মতকৈ আগতেই দপদপকৈ অহা বৰষুণ আৰু বতাহৰ শব্দত সাৰ পালোঁ ১২ টা বজাতে। মই সাৰ পাইয়ে মোবাইলটো চাওঁতে গম পালোঁ সকলো সাৰ পাই আছে। গাইডে ক’লে এনেকুৱা বতাহ বৰষুণততো চামিত এটেম্প কৰিব যোৱাতো সম্ভৱ নহ’ব। মই মনে মনে ভাৱিলোঁ এতিয়া ১২ টা বাজিছেহে, এৰিব বৰষুণ। ইটো সিটো কথা পাতি আটাইকেইটা সাৰে থাকিলোঁ। ২ টা বাজিল, ৩ টা বাজিল, ৰাতিপুৱা ৭ বাজিল নাই বৰষুণ কমাৰ কোনো লক্ষণেই নাই। বাঢ়িলহে বৰষুণ। তেতিয়ালৈকে দলৰ বাকীকেইটাও আমাৰ কেম্পত সোমালহি। কি কৰা যায়? এতিয়া আৰু চামিট এটেম্প কৰাৰ সময় উকলি গ’ল। কাৰণ বৰফত যথেষ্ট কঠিন পথেৰে ৫/৬ ঘন্টা গৈ আকৌ এই কেম্পলৈ উভতি আহিব লাগিব। দেৰীকে গ’লে আধাতে ৰৈ যাব লাগিব।

বৰষুণ দিয়েই আছিল। লগতে বতাহো বলিছিল বহুত জোৰে। কেম্পবোৰ বতাহত কোনোমতে ৰৈ আছিল। ওপৰলৈ চাইছিলো আমি যাবলগা পথছোৱাত বৰফৰ ডাঠ আচ্ছাদন পৰিছে আৰু বহুত জোৰে তুষাৰপাত হৈ আছে। কেইজনমান বেলেগ দলৰ ট্ৰেকাৰ গৈছিলহি বৰষুণতে। কিন্তু অলপ পিছত দেখিছিলো সকলোবোৰ ঘূৰি আহিছিল। আচলতে পৰ্বতত থকা সময়ছোৱাত প্ৰকৃতিৰ ৰুষ্টতাক সন্মান কৰিব লাগে। কেইজনমান ট্ৰেকাৰ পৰি মেলি অৱস্থা কাঢ়িল হৈ উভতি আহিছিল। ৰাতিপুৱা মোৰ মনটো বহুত বেয়া লাগিছিল যাব নোৱাৰা বাবে। ইমান কল্পনা জল্পনা কৰি অত দুৰৰ পৰা আহিলোঁ চামিটটো সম্পূৰ্ণ কৰিবই যদি নোৱাৰো! কিন্তু সময়বোৰ গৈ থকাত মনটো ভাল লাগিল। গাইডে ক’লে আমাৰ হাতত এটা দিন এক্সট্ৰা আছে গতিকে কাইলে যাম আমি বতৰ ঠিক হ’লে। বতাহ , বৰষুন ৰ মাজত হিমালয়ৰ বুকুত এটা দিন কেম্পৰ ভিতৰতে আড্ডাৰ মাজেৰে পাৰ কৰিবও কপাল লাগিব। মাজে মাজে পপকৰ্ণ , মেগি, পৰঠা, আৰু অভিজ্ঞ পৰ্বতাৰোহীৰ অনন্য অভিজ্ঞতাৰ ৰসাল কাহিনী। মাজত গানৰ অনুষ্ঠানবোৰ থাকিলেই। মাজতে মাধৱে আহি অসমৰ বহুত কথা পাতিলেহি। যাদৱ পায়েং দেৱক তেওঁ বহুত ভাল পায়। লগতে মাজুলি। মোৰ লগত  এইবোৰৰ বহুত কথা পাতিলে। তেওঁৰ অসমপ্ৰেম দেখি ভাল লাগিল। আবেলিলৈ বৰষুন অলপ এৰিছিল। ঠাণ্ডা বাঢ়িছিল। ডাৱৰ বোৰে গাতে খুণ্ডিয়াই থৈ যায় কোনোবা পাকত। দিনতো কেম্পতে বহি থকা বাবে আবেলি অলপ ৱৰ্ক আউত কৰিলোঁ। মই লগত লৈ যোৱা শিৱৰ ত্ৰয়োবৃত্তৰ ‘ইম্মৰটেলছ অৱ মেলুহা’ খন অলপ পঢ়িলোঁ। আগতে পঢ়িছো যদিও হিমালয়ৰ বুকুত বহি এইখন পঢ়াৰ হেপাহটো পুৰাবৰ বাবেই লগত কঢ়িয়াই লৈ গৈছিলোঁ। সঁচাই বহুত ভাল লাগিল সম্পূৰ্ণ এটা দিন হিমালয়ৰ বুকুত নিজৰ মতেই অতিবাহিত কৰিব পাৰি। একান্তই নিজৰ আছিল সময়বোৰ। জীৱন বৰ অনুপম সচাকৈয়ে। সোনকালেই শুলোঁ সেইদিনা। পিছদিনা যাতে বতৰ মুকলি হয় আৰু আমি যাব পাৰোঁ সেই আশাৰে চকু মুদিলোঁ। সচাকৈয়ে কেতিয়াবা বিফল হৈও ভাল লাগে বহুত। সফলতা বিফলতা নো কি আৰু! জীৱনটোতো এখন খেল মাথো খেলি যাব লাগে উপভোগ কৰিব লাগে……।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: হিমালয় ট্ৰেকিং ডায়েৰী
Anjan Sarma

Anjan Sarma

Related Posts

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First
Special Report

Walking Safely Is a Fundamental Right: Why India’s Cities Must Put Pedestrians First

by Kakali Das
July 19, 2026
0

Walking Safely Is a Fundamental Right: Why India's Cities Must Put Pedestrians First KAKALI DAS When the Supreme Court of...

Read moreDetails
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

July 19, 2026
The Loneliness Epidemic: Can Rebuilding Community End it?

The Loneliness Epidemic: Can Rebuilding Community End it?

July 18, 2026
The world needs you: Nobel Laureates seek a new movement against nuclear war

The world needs you: Nobel Laureates seek a new movement against nuclear war

July 18, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 19, 2026
ukraine1 4

 Putin simply couldn’t care less about any peace talks!

July 19, 2026
Understanding Visual Culture: Its Evolution and Social Influence

Understanding Visual Culture: Its Evolution and Social Influence

July 19, 2026
পৰিৱেশ সংৰক্ষণত নাৰী

পৰিৱেশ সংৰক্ষণত নাৰী

July 19, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37661 shares
    Share 15064 Tweet 9415
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    17089 shares
    Share 6836 Tweet 4272
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2321 shares
    Share 928 Tweet 580
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    242 shares
    Share 97 Tweet 61
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    144 shares
    Share 58 Tweet 36
  • Bhattadev University and Climate Justice Classroom

    111 shares
    Share 44 Tweet 28
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6754 shares
    Share 2702 Tweet 1689
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Mahabahu Climate Forum Experience: Seven Days of Climate Learning

    110 shares
    Share 44 Tweet 28
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d