• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

ASSAMESE SECTION / History / Assam

by Diganta Kumar Gogoi
June 23, 2025
in ASSAMESE SECTION, History, News
Reading Time: 5 mins read
0
shallow focus of clear hourglass

Photo by Jordan Benton on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

দিগন্ত কুমাৰ গগৈ 

Diganta Gogoi
দিগন্ত কুমাৰ গগৈ 

অসমত আহোম ৰাজ শাসনৰ শেষৰ ফালে সংঘটিত মোৱামৰীয়া বিদ্ৰোহৰ অধ্যায় গৃহযুদ্ধ, ক্ষমতাক লৈ সংঘৰ্ষ, ৰজা-প্ৰজাৰ দুঃখ-দুৰ্দশাৰ বিৱৰণীৰে ভৰা।

এই কালছোৱাত ৰাজ্যৰ আভ্যন্তৰীণ পৰিৱেশ অশান্তময় হৈ পৰিছিল। ৰাজশাসনৰ এনে সংকটজনক কালছোৱাত এগৰাকী সেনাপতিয়ে নিজৰ ৰণ-কৌশল আৰু নেতৃত্বৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত বিদ্ৰোহীসকলক পৰাজিত কৰি অসমত ভাঙি পৰা  প্ৰশাসনৰ ভেটি পুনৰ সুদৃঢ় কৰিছিল।

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত

পুৰণি বুৰঞ্জীবোৰত তেওঁৰ নাম উল্লেখ থাকিলেও, পৰৱৰ্তী কালত তেওঁৰ বিষয়ে বেছি আলোচনা নহ’ল। এই সেনাপতিগৰাকী হৈছে কুৱৈগঞা বুঢ়াগোহাঁই ফৈদৰ সদস্য হৰিপদ ডেকা ফুকন।

আহোম ৰাজ্যত হোৱা বিদ্ৰোহ আৰু অৰাজকতা দূৰ কৰাৰ স্বাৰ্থত, ১৭৯২ চনত স্বৰ্গদেউ গৌৰীনাথ সিংহই কলিকতা স্থিত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছলৈ সাহাৰ্য বিচাৰি আবেদন জনাইছিল। লৰ্ড কৰ্ণৱালিছে আবেদন মঞ্জুৰ কৰে আৰু ১৭৯২ চনৰ নৱেম্বৰ মাহত কেপ্টেইন ৱেলছৰ অধীনত ব্ৰিটিছ সৈন্য বাহিনীৰ এটা দল অসমলৈ প্ৰেৰণ কৰিলে।

কেপ্টেইন ৱেলছৰ নেতৃত্বত ব্ৰিটিছ সেনাবাহিনীয়ে সফলতাৰে বিদ্ৰোহীসকলক পৰাস্ত কৰি ৰাজধানী ৰংপুৰত ৰাজকীয় কৰ্তৃত্ব পুনৰ স্থাপন কৰে।

কিন্তু মোৱামৰীয়া বিদ্ৰোহ চূড়ান্তভাবে দমন কৰাৰ আগতেই ১৭৯৩ চনৰ অক্টোবৰ মাহত, লৰ্ড কৰ্ণৱালিছৰ অৱসৰ গ্ৰহণৰ পিছত, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্ত ছাৰ জন শ্বোৰে, অন্য ৰাজ্যত অহেতুক হস্তক্ষেপ নকৰাৰ নীতিৰ অধীনত, কেপ্টেইন ৱেলছৰ নেতৃত্বাধীন ব্ৰিটিছ সৈন্যক অসমৰ পৰা উভতি অহাৰ নিৰ্দেশ দিয়ে।

ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰ আৰু আহোম ৰজা গৌৰীনাথ সিংহৰ মাজত কেইবাখনো বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ১৭৯৪ চনত জুলাই মাহত কেপ্টেইন ৱেলছ পুনৰ ব্ৰিটিছ শাসনাধীন বংগলৈ ঘূৰি আহে।

শ্ৰীনাথ দুৱৰা বৰবৰুৱা বিৰচিত তুংখুঙ্গীয়া বুৰঞ্জীত উল্লেখ থকা মতে কেপ্টেইন ৱেলছ বংগ দেশলৈ উভতি যোৱাৰ পিছত, স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী ৰংপুৰ (বৰ্তমান কালৰ শিৱসাগৰ) ত্যাগ কৰি, দিচৈলৈ (বৰ্তমান কালৰ যোৰহাট নগৰ) আহি বাহৰ পাতিলে। সেই সময়ত ৰাজধানী ৰংপুৰত কুৱৈগঞা বুঢ়াগোহাঁই ফৈদৰ সদস্য হৰিপদ, গড়গঞা ডেকা ফুকন পদত অধিষ্ঠিত আছিল।

আহোম ৰাজত্ব কালত, ৰাজ্যৰ প্ৰশাসনৰ স্বাৰ্থত, দুগৰাকী ডেকা ফুকন নিযুক্ত হৈছিল। এজন আহোম ৰাজ্যৰ ৰাজধানীত থাকি, বৰবৰুৱাৰ চৰাত বা কাৰ্যালয়ত প্ৰজাসকলকৰ বিচাৰ আদি কামত, বৰবৰুৱাক সহযোগ কৰিছিল।

এই ডেকা ফুকনজনক গড়গঞা ডেকা ফুকন বুলিছিল। সেই অনুৰূপে পশ্চিম অসমৰ আহোম ৰাজ-প্ৰতিনিধি গুৱাহাটীস্থিত বৰফুকনৰ দোপদৰ বা কাৰ্যালয়তো এজন ডেকা ফুকন নিযুক্ত আছিল আৰু বৰফুকনৰ দৈনন্দিন কাম-কাজত সহযোগ কৰিছিল। এই ডেকা ফুকনজনক গুৱাহটীয়া ডেকা ফুকন বুলিছিল। 

স্বৰ্গদেউ গৌৰীনাথ সিংহই দিচৈ বাহৰলৈ অহা কিছু দিনৰ পিছতেই মোৱামৰীয়া বিদ্ৰোহীসকল পুনৰ একগোট হৈ ৰাজধানী ৰংপুৰ অধিকাৰ কৰিলে। হৰিপদ ডেকা ফুকন আৰু অন্যান্য বিষয়াসকল ৰাজধানী ৰংপুৰ ত্যাগ কৰি দিচৈ বাহৰত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগ ললে। এই সময়চোৱাত ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ব্ৰিটিছ কোম্পানীৰ সৈন্যবাহিনীৰ আহিৰ্ত অসমীয়া সৈন্যবাহিনী গঠনৰ কাম আৰম্ভ কৰিছিল।

এই নৱ গঠিত সৈন্যবাহিনীক প্ৰশিক্ষণ দিবলৈ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কেপ্টেইন ৱেলছৰ ব্ৰিটিছ সেনাবাহিনীৰ দিনা আৰু ফকিৰচন্দ নামৰ দুজন হিন্দুস্তানী চিপাহীক মন্ত্ৰণা কৰি নিজৰ লগত ৰাখিলে।‌

পৰৱৰ্তী কালত, ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে কলিকতালৈ দূত আৰু এটা সঁজাতি দল পঠিয়াই, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলীক অনুৰোধ কৰিলে যে উচিত মূল্যৰ বাবদ অসমক আধুনিক বন্দুক-বাৰুদ আদি অস্ত্ৰ ক্ৰয় কৰিবলৈ অনুমতি প্ৰদান কৰে।

লৰ্ড ৱেলেছলীয়ে সন্মতি প্ৰদান কৰাত, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা আহোম প্ৰশাসনে অসমীয়া সৈন্যৰ বাবে আধুনিক বন্দুক-বাৰুদ আদি অস্ত্ৰ ক্ৰয় কৰিলে আৰু ব্ৰিটিছ কোম্পানীৰ সৈন্যবাহিনীৰ আৰ্হিত অসমীয়া সৈন্যক প্ৰশিক্ষিত কৰিলে।

১৭৯৫ চনৰ শ্ৰাৱণ মাহত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হয় আৰু ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আহোম ৰজা ৰুদ্ৰ সিংহৰ ভাতৃ লেচাই গোহাঁই নামৰূপীয়া ৰজাৰ আজোনাতি কিনাৰাম গোহাঁইক, কমলেশ্বৰ সিংহ নাম দি আহোম ৰাজসিংহাসনত অধিষ্ঠিত কৰে।

১৮০১ চনত হৰিপদ ডেকা ফুকনক উজনি অসমত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ ৰাজ আজ্ঞা প্ৰদান কৰিলে। হৰিপদ ডেকা ফুকনে নৱ গঠিত ৰাজকীয় সৈন্যৰ পাঁচ কোম্পানী চিপাহী লগত লৈ বৰ্তমান কালৰ তিনিচুকীয়া জিলাৰ বেংমৰাত মৰাণ বিদ্ৰোহীসকলক আক্ৰমণ কৰিলে। মৰাণসকল ঠাৱৰিব নোৱাৰি নামৰূপলৈ পলাই যায় আৰু চিংফৌ জনগোষ্ঠীৰ লোকসকলৰ সৈতে একগোট হৈছিল।

হৰিপদ ডেকা ফুকনৰ নেতৃত্বাধীন ৰাজকীয় বাহিনীয়ে নামৰূপত মৰাণ-চিংফৌৰ সন্মিলিত শক্তিক প্ৰত্যাহ্বান জনালে। তুমুল ৰণৰ অন্তত ৰাজকীয় বাহিনী বিজয়ী হ’ল আৰু বিদ্ৰোহী দলটোৱে দুভাগত বিভক্ত হৈ ৰণক্ষেত্ৰৰ পৰা পলায়ন কৰিছিল। ৰণত বিজয়ী হৈ ডেকা ফুকনে অনেক মানু্হ, আহিলা, ম’হ, গৰু, তাম, পিতল, কাপোৰ আদি পালে। এই সকলো বয়-বস্তু, ডেকা ফুকনে ৰাজ-ভঁৰালত জমা দিলে। 

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত
 লৰ্ড কৰ্ণৱালিছ

সম্ভৱতঃ ১৭৯৯-১৮০০ চনৰ ফালে ৰাজকীয় বাহিনীয়ে ৰাজধানী ৰংপুৰ (শিৱসাগৰ) মোৱামৰীয়া বিদ্ৰোহীৰ কবলৰ পৰা উদ্ধাৰ কৰিলে। ৰংপুৰ স্থিত মৰাণ ৰজা ভৰথি পলাই ডাঙৰীকোষত আশ্ৰয় লৈছিল। ৰাজ আজ্ঞা অনুসৰি হৰিপদ ডেকা ফুকনে ছয় কোম্পানী চিপাহী লগত লৈ ডাঙৰীকোষত থকা মৰাণৰ বাহৰ আক্ৰমণ কৰিলে। মৰাণসকল পলাই হাবিত আশ্ৰয় লৈছিল। ডেকা ফুকনে ৰাজকীয় সেনাৰে হাবিত লুকাই থকা মৰাণসকলক বেঢ়ি ধৰিলে।

মৰাণ ৰজা ভৰথি নিজৰ কেইজনমান সংগীক লৈ ৰাজকীয় বাহিনীৰ ঘেৰাও ভাঙি ওলাই যাবলৈ চেষ্টা কৰিছিল, কিন্তু এই প্ৰচেষ্টা সফল নহ’ল আৰু ৰাজকীয় বাহিনীৰ বন্দুকৰ গুলী তথা সংগীনৰ আঘাতত মৰাণ ৰজা ভৰথিৰ মৃত্যু হয়। ভৰথি ৰজাৰ শৱটো ৰাজকীয় কৰ্তৃপক্ষই খুঁটীয়াপোতাত নতুন কৈ পতা মোৱামৰীয়া গাঁৱৰ মাজত ওলমাই ৰাখিছিল। হৰিপদ ডেকা ফুকন ডাঙৰীকোষতে কোঁঠ পাতি থাকিল।

১৮০২-০৩ চনত, ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ ভাতৃ শিৱনাথ নামদৈয়ঙীয়া ৰাজখোৱাই (পৰৱৰ্তী কালত তেওঁ দোলাকাষৰীয়া বৰুৱা পদত নিযুক্তি লাভ কৰিছিল) ৰাজ আজ্ঞা অনুসৰি কছাৰী ৰাজ্যত আশ্ৰয় লৈ থকা অসমীয়া প্ৰজাক উভতাই আনিবলৈ গৈছিল। সেই সূত্ৰে শিৱনাথ নামদৈয়ঙীয়া ৰাজখোৱাই বৰ্তমানৰ নগাঁও জিলাত অৱস্থিত ৰহা চকীত বাহৰ পাতিছিল। কিন্তু এই প্ৰচেষ্টা সফল নহ’ল।

কছাৰী ৰজা কৃষ্ণচন্দ্ৰৰ গোপন সমৰ্থনৰ বলত মোৱামৰীয়াসকলে বৰ্তমান কালৰ নগাঁও আৰু মৰিগাঁও জিলাত বিদ্ৰোহৰ অগনি জ্বলাইছিল। হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন গ্ৰন্থত পোৱা তথ্য অনুসৰি ডিমাছা কছাৰী বীৰ তুলাৰাম সেনাপতিৰ নেতৃত্বত কছাৰী সৈন্যবাহিনীয়ে বিদ্ৰোহীসকলৰ লগত যোগদান কৰিছিল। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ (ৰাজত্ব ১৭৫১-১৭৬৯ চন) নাতি ৰাজকোঁৱৰ বৰমুৰা গোহাঁইও বিদ্ৰোহীৰ দলত যোগদান কৰিছিল।

ৰাজকীয় সেনাই পোনতে বিদ্ৰোহী বাহিনীক ৰণত পৰাজিত কৰি পিছে পিছে খেদি কলং আৰু কপিলী নদী পাৰ হৈ গৈছিল। কিন্তু সংযুক্ত কছাৰী-মোৱামৰীয়া সৈন্যবাহিনীয়ে কপিলী নদীৰ পাৰত ৰাজকীয় বাহিনীক আকস্মিক‌ভাৱে আক্ৰমণ কৰি ৫৪০ জন সৈনিকক নিহত কৰি অনেক আহিলা-পাতি ক্ষতি কৰাত ৰাজকীয় বাহিনী পৰাস্ত হৈ পিছুৱাই আহিছিল।

ৰাজকীয় বাহিনীৰ নেতৃত্বত থকা বৰগোহাঁই পৰিয়ালৰ মিৰি সন্দিকৈৰ ফৈদৰ কৰুণাময় ৰাজখোৱাৰ পুত্ৰ, ভীষ্মক সেনাপতি ৰণত নিহত হৈছিল। বিজয়ী সংযুক্ত কছাৰী-মোৱামৰীয়া বাহিনীয়ে কাজলী, ব্ৰহ্মপুত্ৰ আৰু মিছা নদীৰ মাজৰ অঞ্চলত নিজৰ অধিকাৰ সাব্যস্ত কৰি তাৰ জনসাধাৰণক তেওঁলোকৰ ওচৰত বশৱৰ্তী হ’বলৈ বাধ্য কৰাইছিল।

পৰিস্থিতি বিদ্ৰোহীসকলৰ প্ৰতি অনুকূল দেখি মৰিগাঁও আৰু নগাঁও জিলাৰ কৰতলীয়া ৰজা কেইজনমানে বিদ্ৰোহী দলত যোগদান কৰিছিল। এই ঘটনাই আহোম ৰাজ প্ৰশাসনক শংকিত কৰি তুলিছিল, কাৰণ‌ নগাঁও আৰু মৰিগাঁও জিলাৰ অঞ্চল বিদ্ৰোহীৰ কবলত পৰাৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে আহোম ৰাজ্যৰ উজনি আৰু নামনি খণ্ডৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল।

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত
লৰ্ড ৱেলেছল

ততাতৈয়াকৈ ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে উজনিৰ নামচাঙত বাহৰ পাতি থকা হৰিপদ ডেকা ফুকনক নগাঁৱৰ ৰণক্ষেত্ৰলৈ যোৱাৰ আদেশ দিলে। ইয়াৰ পিছতে কুঁৱৈগঞা ফৈদৰ কাপ্তান চন্দ্ৰ গোহাঁই, বচা ৰাজখোৱা আৰু হাউ সাগৰ বৰাৰ নেতৃত্বত ৰাজকীয় সৈন্যবাহিনী প্ৰেৰণ কৰে। গুৱাহাটী আৰু পশ্চিম অসমত নিয়োজিত ৰাজকীয় সেনাবাহিনীক নগাঁও-মৰিগাঁওৰ যুদ্ধক্ষেত্ৰৰ অভিমুখে ৰাওনা হ’বলৈ ৰজাৰ আদেশ জাৰি কৰা হয়।

গুৱাহাটীৰ পৰা অহা সেনাবাহিনীত গুৱাহাটীৰ ডেকাফুকন, হাদিৰাচকীৰ পৰা লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰী দুৱৰীয়া বৰুৱা আৰু আহোম ৰজাৰ‌ কৰদ তথা মিত্ৰ ৰাজ্য দৰঙৰ দুই কোচ ৰজা, জ্যেষ্ঠ বা বৰ ৰজা কৃষ্ণনাৰায়ণ আৰু কনিষ্ঠ বা সৰু ৰজা হয়নাৰায়ণ আহে।

গুৱাহাটীৰ পৰা অহা ৰাজকীয় সেনাবাহিনী জাগী চকীত আৰু যোৰহাটৰ পৰা অহা সেনাবাহিনী ৰহা চকীত সমবেত হয়। সন্মিলিত ৰাজকীয় সেনাই কছাৰী-মোৱামৰীয়া মিত্ৰজোঁটক ৰণত পৰাস্ত কৰিলে আৰু পৰাজিত কছাৰী-মোৱামৰীয়া মিত্ৰজোঁটৰ লোকসকলে পলাই কছাৰী ৰাজ্যৰ অঞ্চলত প্ৰৱেশ কৰি পুনৰ এবাৰ একত্ৰিত হ’বলৈ ধৰিলে।

কছাৰী ৰাজ্যত মোৱামৰীয়া-কছাৰী মিত্ৰজোঁটৰ সৈন্যবাহিনী পুনৰ সংগঠিত হোৱা‌ৰ সংবাদ পাই সেনাপতি হৰিপদ ডেকা ফুকনে ৰণনীতিত পৰিৱৰ্তন কৰিলে।

বৰ্তমান কালত ভাৰতীয় সেনাই যিদৰে‌ চুবুৰীয়া দেশত অৱস্থিত সন্ত্ৰাসবাদীৰ‌ শিবিৰত আক্ৰমণ কৰিছিল (সংবাদ মাধ্যমত ছাৰ্জিকেল ষ্ট্ৰাইক বুলি প্ৰসিদ্ধ), তেনেদৰে হৰিপদ ডেকা ফুকনে সাহসেৰে ৰাজকীয় সৈন্যবাহিনী লৈ কছাৰী ৰাজ্যৰ সীমা অতিক্ৰম কৰিলে আৰু কছাৰী ৰাজ্যৰ ভিতৰত বাহৰ পাতি থকা মোৱামৰীয়া বিদ্ৰোহী বাহিনীক আক্ৰমণ কৰি পৰাস্ত কৰে।

ৰণত জয়ী হৈ উলটি আহি থাকোঁতে মোৱামৰীয়াসকলে নগাঁও জিলাৰ চাংচকীত ডেকা ফুকনৰ দলটোক আক্ৰমণ কৰিছিল, কিন্তু এই আক্ৰমণ ডেকা ফুকনে প্ৰতিহত কৰে আৰু বিদ্ৰোহী পক্ষৰ অনেক ক্ষয়-ক্ষতি হয়। হৰিপদ ডেকা ফুকনে কছাৰী ৰাজ্যৰ ভিতৰত সোমাই বিদ্ৰোহীসকলক খেদি গৈ বহু সংখ্যকক বন্দী কৰাৰ লগতে অনেক মূল্যবান বয়-বস্তু জব্দ কৰি অৱশেষত ৰহা চকীলৈ ওভতি আহে।

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত
 ফুকন খাতৰ গুগল মানচিত্ৰ 

যুদ্ধ চলি থকা কালতে কলিয়াবৰত দুৱলীয়া সলাল গোহাঁইৰ মৃত্যু হৈছিল। অন্য কোনোক সলাল গোহাঁই ৰূপে নিযুক্ত নিদিয়ালৈকে হৰিপদ ডেকা ফুকনে সলাল গোহাঁইৰ কাম-কাজ আৰু মানুহবোৰ পৰিচালনা কৰিবলগা হৈছিল।

 ইতিমধ্যে জাগী চকীত সমাৱেশ হোৱা ৰাজকীয় সৈন্যৰ দলটোৱে আগ বাঢ়ি গৈ বিদ্ৰোহীসকলক পৰাজিত কৰি অনেক বন্দী আৰু বস্তু লাভ কৰে। অন্যান্য বন্দীৰ লগতে বিদ্ৰোহীৰ লগত সহযোগিতা কৰা চাৰিজন ৰজা পোৱালি বা কৰতলীয়া ৰজাক বন্দী কৰিবলৈ সক্ষম হয় আৰু এই সকলো বন্দী-বস্তু লগত লৈ ৰাজকীয় সেনাবাহিনী উলটি আহি জাগী চকীত বাহৰ পাতিলে।

হৰিপদ ডেকা ফুকনে ৰাজ আজ্ঞা অনুসৰি মোৱামৰীয়া বিদ্ৰোহীৰ লগত সহযোগিতা কৰাৰ অপৰাধত বৰ্তমানৰ নগাঁও আৰু মৰিগাঁও জিলাৰ চাৰিজন ৰজা পোৱালী আৰু সাতজন শইকীয়া খাপৰ বিষয়াক মৃত্যুদণ্ড দিয়ে। মোৱামৰীয়া বিদ্ৰোহীৰ কিছুমান কছাৰী ৰাজ্যৰ ৰাজধানী খাছপুৰলৈ আৰু জয়ন্তীয়া ৰাজ্যৰ ৰাজধানী জয়ন্তীয়াপুৰলৈ পলায়ন কৰে।

ৰাজকোঁৱৰ বৰমূৰা গোহাঁই আৰু তেওঁৰ সমৰ্থকসকলে ব্ৰিটিছ অধিকৃত বংগ দেশলৈ পলায়ন কৰে। নগাঁও আৰু মৰিগাঁও জিলাত আহোম ৰাজ কৰ্তৃত্ব পুনৰ প্ৰতিষ্ঠিত হয় আৰু অৱশেষত ১৮০৫ চনত মোৱামৰীয়া-কছাৰী মিত্ৰজোঁটৰ সৈতে যুদ্ধৰ অন্ত পৰে। 

আহোম ৰজাৰ হৈ মন্ত্ৰী শ্ৰীনাথ দুৱৰা বৰবৰুৱাই কছাৰী ৰজা কৃষ্ণচন্দ্ৰক পত্ৰ যোগেদি মোৱামৰীয়া বিদ্ৰোহীক সহায় কৰা বাবে আৰু বিদ্ৰোহী ৰাজকোঁৱৰ বৰমূৰা গোহাঁইক আশ্ৰয় দিয়াৰ অভিযোগৰ উত্তৰত কছাৰী ৰজা কৃষ্ণচন্দ্ৰই আহোম ৰাজ্যৰ ভিতৰত অশান্তি সৃষ্টি কৰা ক্ষেত্ৰত কছাৰী সৈন্য জড়িত থকাৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে।

Mahabahu Template

বিদ্ৰোহীক সহযোগিতা কৰাৰ অপৰাধত ৰাজকোঁৱৰ বৰমূৰা গোহাঁইক আহোম ৰাজ-কৰ্তৃপক্ষক গটাই দিবলৈ কোৱাত কছাৰী ৰজা কৃষ্ণচন্দ্ৰই উত্তৰ দিলে যে বৰমূৰা গোহাঁই কছাৰী ৰাজ্যত আছিল; কিন্তু পিছত কোন ফালে গ’ল ক’ব নোৱাৰে। পৰৱৰ্ত্তী কালত কছাৰী ৰজা কৃষ্ণচন্দ্ৰই পত্ৰৰ যোগেদি আহোম ৰাজ্যৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল।

স্বৰ্গদেউ কমলেশ্বৰ সিংহই কছাৰী যুদ্ধত বিজয়ৰ বাবে ৰাজকীয় সেনাবাহিনীৰ প্ৰধান সেনাপতি হৰিপদ ডেকা ফুকনক বৰ্তমান কালৰ নগাঁও জিলাত ২০০০ (দুই হাজাৰ) পুৰা নিষ্কৰ মাটি উপহাৰ স্বৰূপে প্ৰদান কৰিলে। তথ্য মতে এই নিষ্কৰ মাটি নগাঁও জিলাৰ চাপৰী মহলত আছিল। এই ঠাইখনৰ নাম আছিল মোলান কামৰা, কিন্তু ৰণত বিজয়ী সেনাপতি ডেকা ফুকনৰ নাম চিৰস্মৰণীয় কৰিবলৈ ইয়াৰ নাম ডেকা ফুকনৰ খাত বুলি প্রসিদ্ধ হ’ল।

বুৰঞ্জীত ডেকা ফুকনৰ খাতৰ চাৰিসীমাৰ বিৱৰণ এইদৰে দিয়া আছে, “ইয়াৰ পূর্ব্ব সীমা ভোঁমোৰাগছ, পশ্চিমে দলং বন্ধাৰ আঁহত গছ, উত্তৰে গা খজুৱা বিল, আৰু দক্ষিণে লতি মেৰোৱা শিমলু গছ।” এই ডেকা ফুকন খাত, সম্ভৱতঃ বৰ্তমান কালৰ নগাঁও জিলাৰ চামগুৰি মহকুমাৰ অন্তৰ্গত, ফুকন খাত নামৰ এখন গাঁও ৰূপে বিদ্যমান।

বুৰঞ্জীৰ মতে, কছাৰী যুদ্ধত জয় হোৱাৰ অলপ পাছতে ডেকা ফুকনৰ এটি পুত্র জন্মে। পুত্ৰৰ নাম ভূমিনাথ। কিন্তু ৰণত জয়ৰ স্মৃতি চিৰস্মৰণীয় হৈ থাকিবলৈ হৰিপদ ডেকা ফুকনে নিজৰ পুত্ৰৰ নাম ৰণজয় থৈছিল।

হৰিপদ ডেকা ফুকন আৰু নগাঁওৰ ফুকনখাত
হৰিপদ ডেকা ফুকনৰ ৰেখা চিত্ৰ – হানিদ ৰঞ্জন ভূঞা।

১৮০৫-০৬ চনত হৰিপদ ডেকা ফুকনৰ নেতৃত্বত ৰাজকীয় সেনাবাহিনীয়ে বেংমৰাৰ মৰাণসকলৰ বিৰুদ্ধে অভিযান চলাইছিল। ৰণত মৰাণসকল পৰাজিত হৈ হাবিত আশ্ৰয় লৈ থাকে। তাৰে কিছুমানে ভোক-অনাহৰত কষ্ট পাই ৰাজকীয় কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰু ৰাজ আজ্ঞা অনুসৰি সমৰ্পণ কৰা লোকসকলক ক্ষমা কৰি দিয়া হৈছিল।

মৰাণসকলৰ নেতা আৰু নতুনকৈ স্থাপন হোৱা মটক ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহই ৰাজকীয় বাহিনীক অৰণ্যৰ মাজৰ পৰা প্ৰতিৰোধ কৰি থাকিল। ইতিমধ্যে বাৰিষা কালত হাবি-অৰণ্যত ৰাজকীয় বাহিনীৰ বিদ্ৰোহীসকলৰ বিৰুদ্ধে অভিযান চলোৱাত অসুবিধা সন্মুখীন হৈছিল। সৰ্বানন্দ সিংহইও আহোম ৰাজপ্ৰশাসনৰ লগত দীঘলীয়া সংঘৰ্ষত লিপ্ত হ’ব নিবিচাৰিলে।

অৱশেষত ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে সৰ্বানন্দ সিংহক মটক ৰাজ্যৰ অধিপতিৰ স্বীকৃতি দি বৰ সেনাপতি বুলি উপাধি প্ৰদান কৰে। সৰ্বানন্দ সিংহই আহোম ৰজাৰ প্ৰভুত্ব স্বীকাৰ কৰি ১০,০০০ টকা‌ বছৰেকীয়া কৰ আহোম প্ৰশাসনক জমা দিবলৈ চুক্তিবদ্ধ হয়।

এই শান্তি চুক্তিৰ দ্বাৰা অৱশেষত ১৭৬৯ চনৰ পৰা ১৮০৬ চনলৈ, সুদীৰ্ঘ ৩৭ বছৰ ধৰি চলা মোৱামৰীয়া বিদ্ৰোহৰ অৱশেষত অন্ত পৰিল আৰু ৰাজ্যত শান্তি স্থাপন হ’ল। ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নেতৃত্বত ৰাজকীয় প্ৰশাসনে বিদ্ৰোহ-যুদ্ধৰ ফলত ধ্বংস হোৱা বহু গাঁও, পুনৰ মানুহ বহুৱাই স্থাপন কৰিছিল। প্ৰশাসন ব্যৱস্থা পুনৰ টনকিয়াল হৈ পৰিছিল আৰু আহোম ৰাজতন্ত্ৰৰ প্ৰতি প্ৰজাৰ আস্থা পুনৰ ঘূৰি আহিছিল।

হৰিপদ ডেকা ফুকনৰ অন্তিম সময়ৰ কোনো তথ্য উপলব্ধ বুৰঞ্জীত পাবলৈ নাই। সম্ভৱতঃ চুবুৰীয়া দেশ ম্যানমাৰ পৰা অসমত ১৮১৭ চনত সংঘটিত প্ৰথম মানৰ আক্ৰমণৰ আগতে হৰিপদ ডেকা ফুকনৰ পৰলোক প্ৰাপ্তি হৈছিল। নহ’লে তেওঁৰ দৰে সামৰিক দিশত অভিজ্ঞ আৰু সফল সেনাপতি, আক্ৰমণকাৰী মানৰ বিৰুদ্ধে হোৱা সৈন্য অভিযানত নিশ্চয়‌ যোগদান কৰিলে হয়।

কোনো উপলব্ধ বুৰঞ্জীত মানৰ বিৰুদ্ধে হোৱা যুদ্ধ অভিযানত হৰিপদ ডেকা ফুকনৰ নাম উল্লেখ নাই। সমসাময়িক আৰু পৰৱৰ্তী বুৰঞ্জীবিদসকলে হৰিপদ ডেকা ফুকনৰ সামৰিক নেতৃত্বৰ প্ৰশংসা কৰিছিল। শ্ৰীনাথ দুৱৰা প্ৰণিত তুংখুঙ্গীয়া বুৰঞ্জী, গুণাভিৰাম বৰুৱাৰ দ্বাৰা লিখিত অসম বুৰঞ্জী আৰু হিতেশ্বৰ বৰবৰুৱাৰ দ্বাৰা লিখিত আহোমৰ দিন গ্ৰন্থত নগাঁৱৰ কছাৰী যুদ্ধত আহোম ৰাজশক্তিৰ বিজয়ত হৰিপদ ডেকা ফুকনৰ মুখ্য ভূমিকাক উল্লেখ কৰিছে।

মানৰ আক্ৰমণৰ ফলস্বৰূপে আৰু অসমত আহোম শাসনৰ পতনৰ পিছত হৰিপদ ডেকা ফুকনৰ পুত্ৰ ভূমিনাথ বা ৰণজয় ফুকনে সপৰিয়ালে বৰ্তমান কালৰ নগাঁও জিলাত অৱস্থিত তেওঁৰ দেউতাকে আহোম ৰজাৰ পৰা পোৱা ডেকা ফুকনৰ খাতলৈ উঠি আহিছিল। ৰণজয় ফুকনৰ পুত্ৰ দূৰ্গানাথ ফুকন‌ ব্ৰিটিছ প্ৰশাসনত নাজিৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ চাৰিগৰাকী পুত্ৰৰ ভিতৰত শক্তিনাথ ফুকন আৰু নগজানাথ ফুকনৰ বংশধৰ এতিয়াও নগাঁও জিলাত বসবাস কৰি আছে। 

অৱশেষত অন্য এক প্ৰাপ্ত তথ্য পাঠকসকলৰ আগত আগবঢ়ালোঁ। হিতেশ্বৰ বৰবৰুৱা লিখিত আহোমৰ দিন গ্ৰন্থত পোৱা তথ্য মতে হৰিপদ ডেকা ফুকনে  নগাঁৱৰ কছাৰী যুদ্ধত নেতৃত্ব গ্ৰহণ কৰাৰ আগতে,  ৰাজকীয় সেনাবাহিনীৰ নেতৃত্বত আছিল বৰগোহাঁই ফৈদৰ ভীষ্মক সেনাপতি, আৰু কপিলী নদীৰ পাৰত হোৱা ৰণত তেওঁৰ মৃত্যু হৈছিল।

ভোলানাথ সন্ন্যাসী সম্পাদিত বৰগোহাঁই বংশাৱলী অনুসৰি তেখেতৰ  চতুৰ্থ পুত্ৰ আছিল চিদানন্দ গোহাঁই, আৰু চিদানন্দ গোহাঁইৰ দ্বিতীয় পুত্ৰ আছিল গোপীনাথ গোহাঁই। গোপীনাথ গোহাঁইৰ পুত্ৰ দেৱকান্ত গোহাঁইয়ে নগাঁওৰ জিলাৰ ননৈ অঞ্চলৰ ভেলাই গাওঁৰ কুৱৈগঞা বুঢ়াগোহাঁই ফৈদৰ যদুকান্ত গোহাঁইৰ নাতিনীক বিবাহ কৰাইছিল আৰু বৈবাহিক সূত্ৰে ভেলাই গাওঁৰ বাসিন্দা হৈছিল।

দেৱকান্ত গোহাঁইৰ দুই পুত্ৰ আছিল কিৰণ গোহাঁই আৰু যোগেন গোহাঁই। যোগেন গোহাঁই এজন স্বাধীনতা  সংগ্ৰামী আছিল, আৰু ১৯৪২ চনত, ভাৰতত বৃটিছ শাসনৰ বিৰুদ্ধে হোৱা আন্দোলনত জড়িত আছিল। কিৰণ গোহাঁই আৰু যোগেন গোহাঁইৰ সতি‌-সন্ততি সকল বৰ্তমান ননৈৰ ভেলাই গাওঁত বাস কৰি আছে।

Mahabahu Climate Logo

(ৰেখাচিত্ৰৰ বাবে কৃতজ্ঞতা স্বীকাৰ হানিদ ৰঞ্জন ভূঞা)

দিগন্ত কুমাৰ গগৈ, দাৰ্জিলিং, ৯৮৫৪৩ ৭৯৭১৩

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Diganta Kumar Gogoi

Diganta Kumar Gogoi

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
The Debt Machine: How Your Future Became the World’s Most Profitable Product

The Debt Machine: How Your Future Became the World’s Most Profitable Product

September 13, 2026
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

Community Support in Mental Health Recovery: Mind X’s Efforts amidst Limited Resources

September 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d