• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 7, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature History

হৰি চন্দ্ৰ গগৈঃ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা মায়ঙৰ এজন স্বাধীনতা সংগ্ৰামী

by Editor
August 15, 2024
in History, Remembrance
Reading Time: 3 mins read
0
হৰি চন্দ্ৰ গগৈঃ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা মায়ঙৰ এজন স্বাধীনতা সংগ্ৰামী
Share on FacebookShare on TwitterShare on LinkedIn

হৰি চন্দ্ৰ গগৈঃ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা মায়ঙৰ এজন স্বাধীনতা সংগ্ৰামী

দিগন্ত কুমাৰ গগৈ

Diganta Gogoi
দিগন্ত কুমাৰ গগৈ

২০২৪ চনৰ ১৫ আগষ্ট তাৰিখে দেশত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। শতিকাৰ সংগ্ৰাম আৰু অসংখ্য স্বাধীনতা সংগ্ৰামীৰ ত্যাগৰ অন্তত অৱশেষত দেশখনে বৃটিছ ঔপনিৱেশিক শাসনৰপৰা স্বাধীনতা লাভ কৰে।

স্বাধীনতা দিৱসৰ উপলক্ষে এই মঞ্চৰ সুবিধা লৈ আমাৰ ককা-দেউতা আৰু স্বাধীনতা সংগ্ৰামী প্ৰয়াত হৰি চন্দ্ৰ গগৈৰ বিষয়ে কেইশাৰীমান লিখি আগ বঢ়ালোঁ।

প্ৰায়ে, আমি যেতিয়াই আমাৰ দেউতাৰ গাঁৱৰ নাম মায়ং বুলি কওঁ, তেতিয়াই আমাক ইয়াৰ যাদু আৰু তন্ত্ৰ-মন্ত্ৰৰ বিষয়ে সোধে। ইয়াৰ লগতে আমি এটা প্ৰশ্নৰ সন্মুখীন হওঁ যে মায়ঙত এটা আহোম পৰিয়াল ক’ৰ পৰা আৰু কেনেকৈ থিতাপি ল’লে।

গতিকে আমাৰ ককাদেউতা হৰিচন্দ্ৰ গগৈৰ বিষয়ে বিতংভাৱে কোৱাৰ আগতে আমি তেওঁৰ বংশৰ এটি চমু ইতিহাস আগ বঢ়ালোঁ।

আমাৰ ৰজামায়ঙৰ গাঁৱৰ ঘৰত উদ্ধাৰ হোৱা তথ্যৰ পৰা আমি জানিব পৰিলোঁ যে আমাৰ ককা-দেউতাৰ উপৰিপুৰুষ ধৰ্মদত্ত গোহাঁইৰ অসমত আহোম শাসনৰ সময়ছোৱাত বৰ্তমানৰ নগা পাহাৰৰ সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মৰঙীত, আহোম ৰজাৰ প্ৰতিনিধি মৰঙীখোৱা গোহাঁইৰ পদবীত আছিল।

ধৰ্মদত্ত গোহাঁইৰ পিছত তেওঁৰ পুত্ৰ জয়ধ্বজ গোহাঁয়ে মৰঙীখোৱা গোহাঁইৰ পদবী লাভ কৰিছিল আৰু আহোম ৰজা লক্ষ্মী সিংহৰ ৰাজত্বকালত (১৭৬৯-১৭৮০ খ্ৰীঃত) হোৱা প্ৰথম মোৱামৰীয়া বিদ্ৰোহ দমন কৰাত অংশগ্ৰহণ কৰিছিল। জয়ধ্বজ গোহাঁইৰ পুত্ৰ ৰহমন গোহাঁই অসমত মানৰ আক্ৰমণৰ কালচোৱাত (১৮১৭-১৮২৬ খ্ৰীঃত) আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ এজন‌ ঘনিষ্ঠ আৰু প্ৰবীণ বিষয়া আছিল, আৰু তেওঁ চন্দ্ৰকান্ত সিংহৰ লগত ব্ৰহ্মপুত্ৰ নদীৰে ভটিয়াই গুৱাহাটীলৈ গৈছিল।

গুৱাহাটীৰপৰা ৰহমন গোহাঁই দৰঙৰ কোচ ৰাজ্যলৈ গৈ, দৰঙৰ ৰাজ পৰিয়ালৰ কন্যা সনাইক বিয়া কৰাই তাতেই বসতি স্থাপন কৰে। কিছু সময়ৰ পাছত সনাইৰ মৃত্যু হ’ল আৰু ৰহমন গোহাঁয়ে জয়ন্তী নামৰ আন এগৰাকী মহিলাক বিয়া কৰালে।

সেই সময়ছোৱাত দৰঙৰ ৰাজপৰিয়ালৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপনৰ বাবে মায়ঙৰ ৰজা দৰঙলৈ গৈছিল। তাতেই ৰহমনে মায়ঙৰ ৰজাৰ লগত চিনাকি হয়। তেওঁ নিজৰ বাসগৃহ দৰঙৰপৰা মায়ঙলৈ স্থানান্তৰিত কৰে আৰু এইদৰে পৰিয়ালটোৰ পৰা মায়ঙত বসতি স্থাপন কৰা তেওঁ প্ৰথম পুৰুষ হৈ পৰে। 

ৰহমন গোহাঁইৰ জয়ন্তীৰপৰা এটি পুত্ৰ জন্ম হয়, যাৰ নাম আছিল মুলান সিং গোহাঁই। তেওঁ দিনৰ বেছিভাগ সময় টোকাৰী বজাই পাৰ কৰিছিল বাবে তেওঁ ‘টোকাৰী বজোৱা বুঢ়া’ বুলিও জনাজাত হৈছিল। মুলান সিং গোহাঁইৰ পুত্ৰ শিৱৰাম গোহাঁই, চন্দ্ৰপুৰ চাহ বাগিচাত মহৰী পদত কৰ্মৰত আছিল। শিৱৰামৰ জীৱনত সকলো ভালেই চলি আছিল, কিন্তু হঠাৎ বিপৰ্যয়ে তেওঁৰ জীৱনত আঘাত হানিলে।

হৰি চন্দ্ৰ গগৈঃ পাহৰণিৰ গৰ্ভত হেৰাই যোৱা মায়ঙৰ এজন স্বাধীনতা সংগ্ৰামী
হৰি চন্দ্ৰ গগৈ

তেওঁৰ দুই নাবালক পুত্ৰ সাফিৰাম আৰু বেথাৰামৰ কিবা ৰোগত, সম্ভৱতঃ কলেৰাত মৃত্যু হয়। মনৰ দুঃখত শিৱৰাম গোহাঁয়ে চাকৰিৰপৰা পদত্যাগ কৰিলে আৰু মায়ঙত নিজৰ ভূমিত কৃষি কৰ্মত নিয়োজিত হ’ল। এই সময়ছোৱাতে, সম্ভৱতঃ ১৯০০ খ্ৰীঃত, অসমৰ বৰ্তমানৰ মৰিগাঁও জিলাৰ ৰজা মায়ং গাঁৱত শিৱৰাম গোহাঁইৰ পুত্ৰ আৰু আমাৰ ককা-দেউতা হৰিচন্দ্ৰৰ জন্ম হৈছিল।

পৰিয়ালৰ মাজত প্ৰচলিত কাহিনী অনুসৰি শিৱৰাম গোহাঁইৰ একমাত্ৰ জীৱিত পুত্ৰ হোৱাৰ বাবে হৰিচন্দ্ৰক অতি মৰম আৰু যত্নৰে ডাঙৰ-দীঘল কৰা হৈছিল। তেওঁৰ পিতৃয়ে তেওঁক কৃষিৰ সৈতে জড়িত কোনো ধৰনৰ কষ্টকৰ কাম কৰিবলৈ দিয়া নাছিল। শিৱৰাম গোহাঁই ১৯০৪ খ্ৰীঃত ১৪৪ মায়ং নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কামত জড়িত আছিল । শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত হৰিচন্দ্ৰই সেইখন বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰে।

সেই সময়ছোৱাতেই পৰিয়ালটোৰ উপাধি গোহাঁইৰ পৰা গগৈলৈ সলনি হৈছিল আৰু এই পৰিৱৰ্তনৰ আঁৰৰ সঠিক কাৰণ স্পষ্ট নহয়। ডায়েৰিত নিজৰ পিতৃৰ মৃত্যুৰ তাৰিখ লিপিবদ্ধ কৰোতে হৰিচন্দ্ৰ গগৈয়ে পিতৃৰ নাম শিৱৰাম গোহাঁই বুলি উল্লেখ কৰিছিল, যাৰ পৰা অনুমান কৰিব পাৰি যে হৰিচন্দ্ৰৰ দ্বাৰাই পৰিয়ালৰ উপাধিটো গগৈলৈ সলনি হৈছিল।

IMG20240728151756

১৯২১ চনৰ আগষ্ট মাহত মহাত্মা গান্ধীয়ে কৰা অসম ভ্ৰমণৰ দ্বাৰা অনুপ্ৰাণিত হৈ হৰিচন্দ্ৰ গগৈয়ে মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি আৰম্ভ হোৱা অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁ মায়ঙত কংগ্ৰেছ দলৰ এজন আগশাৰীৰ সদস্য আছিল আৰু দলৰ সকলো কাম-কাজত অংশগ্ৰহণ কৰিছিল।

১৯২৬ চনৰ ডিচেম্বৰ মাহত, হৰিচন্দ্ৰ গগৈয়ে, বিশিষ্ট অসমীয়া দেশভক্ত তৰুণৰাম ফুকনৰ উদ্যোগত গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হোৱা ৪১ সংখ্যক ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰে। অধিৱেশনত মহাত্মা গান্ধী, মতিলাল নেহৰু, চৰ্দাৰ বল্লভ ভাই পেটেলকে ধৰি বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে। 

বৃটিছ চৰকাৰৰ দ্বাৰা নিযুক্ত এজন বিদ্যালয়ৰ শিক্ষক হিচাপে অনেক বিপদৰ আশংকা থকা সত্বেও হৰিচন্দ্ৰ গগৈয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈ থাকিল আৰু নগাঁৱৰ বিশিষ্ট স্বাধীনতা সংগ্ৰামী মহেন্দ্ৰ হাজৰিকা আৰু হলধৰ ভূঞাৰ সৈতে অতি ঘনিষ্ঠভাৱে কাম কৰি আছিল। ১৯৪২ চনৰ আগষ্ট মাহত মহাত্মা গান্ধীয়ে বিদেশী শাসনক ভাৰত ত্যাগ কৰা আন্দোলনৰ বাবে ভাৰতবৰ্ষৰ জনগণক আহ্বান জনোৱাৰ পিছত হৰিচন্দ্ৰ গগৈয়ে ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

১৯৪২ চনৰ ২৪ নৱেম্বৰত, ভিবিৰাম বৰা আৰু মহাদানন্দ দেৱ গোস্বামী নেতৃত্বাধীন মুক্তিযোদ্ধা গোটৰ দ্বাৰা গুৱাহাটীৰপৰা ৩০ কিলোমিটাৰ পূবে পানীখাইটি ৰেল ষ্টেচনৰ সমীপৰ পানবাৰীত ব্ৰিটিছ সামৰিক বাহিনী কঢ়িয়াই অনা এখন ৰেল, ৰেলপথৰ পৰা বগৰায়। এই কাৰ্য্যত হৰিচন্দ্ৰ গগৈয়ে গোপনে সহযোগ কৰিছিল। প্ৰমাণৰ অভাৱত তেতিয়াৰ ব্ৰিটিছ কৰ্তৃপক্ষই বৃহৎ গ্ৰেপ্তাৰী অভিযান কৰিব পৰা নাছিল। 

Railway line

১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত হৰিচন্দ্ৰ গগৈয়ে সামাজিক কাম-কাজ অব্যাহত ৰাখিছিল। ১৯৫৯ চনত যেতিয়া অসম পঞ্চায়ত আইনৰ অধীনত গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হোৱাত হৰিচন্দ্ৰ গগৈ মায়ং গাঁও পঞ্চায়তৰ প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। সততা আৰু উদাৰতাৰ বাবে পৰিচিত হৰিচন্দ্ৰ গগৈয়ে ভাৰত চৰকাৰে স্বাধীনতা সংগ্ৰামীসকলক আগবঢ়োৱা পেঞ্চন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

প্ৰচাৰৰপৰা সততে আঁতৰি থকা বাবে, তেওঁ নিজৰ ফটো উঠাবলৈ দিয়া নাছিল। সেই বাবেই আমাৰ ওচৰত তেওঁৰ মাত্ৰ এখন ফটোহে উপলব্ধ। কেইবা দশকৰ সমাজ সেৱাৰ অন্তত ১৯৭৮ চনত হৰিচন্দ্ৰ গগৈৰ ৰজামায়ঙৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ নিজৰ পত্নী চিত্ৰাৱতী আইদেওৰ উপৰি ছয়জন পুত্ৰ আৰু ছয়গৰাকী কন্যা সন্তানক এৰি যায়।

 ১৯৮১ চনত তেখেতৰ স্মৃতিত ৰজামায়ং গাঁৱত, প্ৰয়াত হৰিচন্দ্ৰ গগৈ নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। শেহতীয়াকৈ মায়ং আঞ্চলিক কলেজে তেওঁৰ স্মৃতিত তেওঁলোকৰ নতুনকৈ মুকলি কৰা ইনড’ৰ ষ্টেডিয়াম উচৰ্গা কৰিছে।

সময়ৰ লগে লগে সকলো স্মৃতি এদিন ম্লান হৈ যাব। বৰ্তমানৰ প্ৰজন্ম আৰু ভৱিষ্যৎ প্ৰজন্মই হয়তো কেতিয়াও বুজি নাপাব যে যি স্বাধীনতা আমি সকলোৱে উপভোগ কৰি আছো, তাক পাবলৈ আমাৰ স্বাধীনতা সংগ্ৰামীসকলে কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল। গতিকে নৱ প্ৰজন্মৰ জ্ঞাতাৰ্থে এনে অখ্যাত দেশপ্ৰেমিকসকলৰ জীৱন আৰু তেওঁলোকৰ কৰ্মৰাজি পোহৰলৈ আনিব লাগিব।

আমাৰ প্ৰয়াত ককা-দেউতা হৰিচন্দ্ৰ গগৈও তাৰ ভিতৰত অন্যতম, যিয়ে প্ৰচাৰ আৰু পুৰস্কাৰতকৈ নিজ কৰ্তব্য আৰু নিজৰ দেশৰ প্ৰতি সেৱাক বেছি গুৰুত্ব দিছিল। ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তেখেতৰ জীৱনজোৰা কৰ্মৰাজিৰ প্ৰতি আমাৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

FB IMG 1723619325678

সহায়ক গ্ৰন্থপঞ্জী :

Deka. G, The Political Life of Raja Mayong Chapter IV Page 171, 174 and 180.

শিৱ ৰাম গোহাঁইৰ ডায়েৰী 

Report of the enquiry comittee of Freedom fighters , Govt of Assam, Page 737, serial no 1079.

15-08-2024

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

Why Hitler Hated Jews: Origins of the Holocaust
History

Why Hitler Hated Jews: Origins of the Holocaust

by Kakali Das
May 28, 2026
0

Why Hitler Hated Jews: Origins of the Holocaust Hitler’s rise, Nazi ideology, antisemitism, and how it led to genocide in...

Read moreDetails
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

May 25, 2026
DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

DANIEL RAUSH, AN EUROPEAN SALT TRADER TO AHOM KINGDOM

May 16, 2026
The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

The Unforgettable Legacy of Hemchandra Baruah: Beyond the Dictionary

May 1, 2026
বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

বিহুৰ ক্ৰমবিকাশ: জাতিগঠনৰ পৰা জাতীয় উৎসৱলৈ 

April 14, 2026
মৃতদেহৰ আকৌ অংগহানি কিহৰ?

মৃতদেহৰ আকৌ অংগহানি কিহৰ?

April 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

June 7, 2026
From universities to influence networks: Russia’s long-term strategy for India

From universities to influence networks: Russia’s long-term strategy for India

June 7, 2026
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34013 shares
    Share 13605 Tweet 8503
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15189 shares
    Share 6076 Tweet 3797
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    644 shares
    Share 258 Tweet 161
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    552 shares
    Share 221 Tweet 138
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3508 shares
    Share 1403 Tweet 877
  • মাধৱদেৱৰ সাহিত্যকৃতি

    694 shares
    Share 278 Tweet 174
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1012 shares
    Share 405 Tweet 253
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3802 shares
    Share 1521 Tweet 951
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6594 shares
    Share 2638 Tweet 1649
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d