১০০ ফুট দীঘল গাড়ীঃ দ্যা আমেৰিকান ড্ৰিম
• তনয় চক্ৰৱৰ্তী
যদিও গাড়ী, দেখিবলৈ সাইলাখ ৰেলগাড়ী, আৰু গাড়ীখনৰ ভিতৰত চূড়ান্ত বিলাসীতাৰ পয়োভৰ। গাড়ীখন ১০০ ফুটতকৈও অধিক দীঘল! গাড়ীখনৰ ভিতৰত আছে এটা সুন্দৰ ‘চুইমিং পুল’, গাড়ীখনত আছে হেলিকপ্টাৰ উঠা – নমাৰ বাবে হেলিপেডৰ ব্যৱস্থা। এই গাড়ীখনৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হৈছে ‘গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ’-অত। গিনিজ কৰ্তৃপক্ষই বিবৃতি দি জনাইছে যে পৃথিৱীত এইখনতকৈ দীঘল গাড়ী কতো নাই। ঘটনাক্ৰমে, এই গাড়ীখনে নিজৰ পূৰ্বৰ ৰেকৰ্ড নিজেই ভঙ্গ কৰিছে। ইতিপূৰ্বে ১৯৮৬ চনত দীৰ্ঘতম গাড়ী হিচাপে এই গাড়ীখন তৈয়াৰ কৰা সংস্থাৰ নাম ‘গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ’-অত লিপিবদ্ধ হৈছিল। এতিয়া সেই গাড়ীখনকেই নতুনকৈ অধিক দীৰ্ঘদেহী কৰি, অধিক বিলাসীতাপূৰ্ণ কৰি আমেৰিকাৰ পথত নমোৱা হৈছে।
‘গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ’-অৰ কৰ্তৃপক্ষই তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেন্ডেলত এই গাড়ীখনৰ ছৱি পোষ্ট কৰিছে। তেওঁলোকে কৈছে যে সচৰাচৰ সাধাৰণ গাড়ীৰ দৈৰ্ঘ্য হয় ১২ ফুটৰ পৰা ১৬ ফুট পৰ্যন্ত, কিন্তু এই গাড়ীখনৰ দৈৰ্ঘ্য হৈছে ১০০ ফুটৰো অধিক!
গাড়ীখনৰ নামাকৰণ কৰা হৈছে – ‘দ্যা আমেৰিকান ড্ৰিম’। গাড়ীখনৰ দৈৰ্ঘ্য ৩০.৫৪ মিটাৰ (১০০ ফুট ডেৰ ইঞ্চি)। গাড়ীখন পিছে নতুনকৈ তৈয়াৰ কৰা গাড়ী নহয়। ৩৬ বছৰ আগতেই, ১৯৮৬ চনত, কেলিফ’ৰ্ণিয়াৰ গাড়ী নিৰ্মাণ সংস্থা জে- অৰবাৰ্গে পোন প্ৰথমবাৰৰ বাবে এই গাড়ী নিৰ্মাণ কৰিছিল। সেই সময়ত গাড়ীখনৰ দৈৰ্ঘ্য আছিল ৬০ ফুট আৰু গাড়ীখনত আছিল ২৬ টা চকা। ৰেলগাড়ীৰ দৰে গাড়ীখনৰ আগে পিছে আছিল দুটা ভি-এইট ইঞ্জিন। তেতিয়াই বিশ্বৰ দীৰ্ঘতম গাড়ী হিচাপে ‘গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ’-অৰ তালিকাত গাড়ীখনৰ নাম লিপিবদ্ধ হয়।

সেইখন গাড়ীৰেই আকাৰ সলনি কৰি জে – অৰবাৰ্গে এইবাৰ নিৰ্মাণ কৰিলে ‘দ্যা আমেৰিকান ড্ৰিম’। এইবাৰ আকাৰ সলনি কৰা হৈছে, অৰ্থাৎ গাড়ীখনৰ দৈৰ্ঘ্য আগতকৈ বৃদ্ধি কৰি কৰা হৈছে ১০০ ফুটৰো অধিক। তাৰোপৰি, ৰেলগাড়ী যিদৰে দুয়ো মূৰেৰে চলাব পাৰি – তেনেদৰে এইখন গাড়ীকো দুয়ো মূৰেৰে চলাব পৰাকৈ শক্তিশালী ইঞ্জিন দুয়োমূৰে লগোৱা হৈছে, কাৰণ ইমান দীঘল গাড়ীক ৰাস্তাত ঘূৰাবলৈ আহুকাল হয়। গতিকে দুয়োটা ইঞ্জিনেই গাড়ীখন টানিব পাৰে। গাড়ীখনৰ ভিতৰত আছে অত্যাধুনিক চুইমিং পুল, ‘জাকুচি’ ( এফালে গৰম পানী, অইনফালে শীতল পানী)। পুলৰ লগত আছে ডাইভিং বোৰ্ড। স্নানৰ বাবে আছে একাধিক বাথটাব। আছে ক্ষুদ্ৰ গল্ফ কোৰ্চ। আছে হেলিপূডৰ সুবিধা। একাধিক ফ্ৰিজ, টেলিফোন, ৱাই-ফাই আদিৰ কথা ক’বই নালাগে। মুঠ ৭৫ জন যাত্ৰী লৈ স্বচ্ছন্দে আমেৰিকাৰ পথত চলিবলৈ ধৰিছে এইখন গাড়ী। নতুনকৈ নিৰ্মাণ কৰোতে গাড়ীখনত সংস্থাটোৰ খৰছ হৈছে ২.৫ লাখ ডলাৰ ( ১ কোটি ৯১ লাখ ২৫০০০ টকা)। এই গাড়ীখন কোনো নামজ্বলা সংস্থাই কৰ্মীসকলক লৈ লং-ড্ৰাইভ কৰিবলৈ ইচ্ছা কৰিলে গাড়ীখন ভাড়ালৈ দিয়া হ’ব বুলি জনোৱা হৈছে।