-তনয় চক্ৰৱৰ্তী |
১৯১৭ চনত, প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাত পেলেষ্টাইন অঞ্চলত ইজৰাইল ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ অনুমতি দি বৃটিছ চৰকাৰে ‘বালফোৰ ঘোষণা’ জাৰি কৰিছিল। এই ঘোষণাৰ ১০৪ বছৰ পিছত বিখ্যাত বৃটিছ সংবাদপত্ৰ ‘দ্যা গাৰ্ডিয়ান’ কাকতত ‘সবাত’কৈ ডাঙৰ ভুল’ বুলি কৈ সেই ‘বালফোৰ ঘোষণা’ক বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন-এ মান্যতা দিলে। ১২ মে’, বুধবাৰে চমকপ্ৰদভাবে নিজে গ্ৰহণ কৰা ভুল সিদ্ধান্তটোক মানি ল’লে জনছন-এ। সংবাদপত্ৰত ছপা হোৱা জনছন-অৰ বিবৃতিত কোৱা হৈছে যে ‘ যিয়েই নহওক কিয়, আজিৰ এনে এখন ইজৰাইল আমাৰ কাম্য নাছিল।’
১০৪ বছৰৰ আগতে তৎকালীন বৃটিছ বিদেশ মন্ত্ৰী আৰ্থাৰ বালফোৰ-এ পেলেষ্টাইন অঞ্চলত এখন ইহুদী ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বিষয়ে ঘোষণা কৰিছিল। তেতিয়া সমগ্ৰ পৃথিৱীখনেই সলনি হৈ পৰিছিল। বালফোৰ ঘোষণা যেতিয়া কৰা হৈছিল, সেইসময়ত পেলেষ্টাইন অঞ্চলত বসবাস কৰা জনসংখ্যাৰ মাত্ৰ ৫% আছিল ইহুদী। আৰ্থাৰক সমৰ্থন কৰি সেই সময়ৰ ‘দ্যা গাৰ্ডিয়ান’ৰ সম্পাদকীয় স্তম্ভত লিখা হৈছিল- ‘বালফোৰ ঘোষণা পত্ৰ’। সেই সম্পাদকীয় পৃষ্ঠাত মূলতঃ পশ্চিমাপন্হী লেখকসকলৰ লেখা ছপা হৈছিল। বৃটিছ সংবাদপত্ৰ’দ্যা গাৰ্ডিয়ান’ৰ সম্পাদক চি.পি.স্কট আছিল আৰ্থাৰৰ খুব ভাল বন্ধু আৰু তেওঁ বন্ধুত্বৰ খাতিৰত তেতিয়া বালফোৰ ঘোষণাৰ সমৰ্থনত কলম ধৰিছিল। স্কট-এ এক মন্তব্যত এনেদৰে কৈছিল, ‘পেলেষ্টাইনত আৰৱ জনসংখ্যা তেনেই নগণ্য আৰু তেওঁলোকে সভ্যতাৰ নিম্ন পৰ্যায়ত অৱস্থান কৰিছে।’ অথচ সেইসময়ত পেলেষ্টাইনত মুছলমানো আছিল। কিন্তু আৰ্থাৰে কৈছিল যে ‘পেলেষ্টাইনত মুঠ জনসংখ্যাৰ ৯৫% হ’ল খৃস্টান!’
সৌ তাহানি ইহুদীৰ সমৰ্থনত যি আইন প্ৰণয়ন কৰা হৈছিল, ১০৪ বছৰৰ পিছত এতিয়া বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন-এ কৈছে যে সেই ঘোষণা’পেলেষ্টাইন বিৰোধী আৰু জায়নবাদী।’ আনহাতে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থাৰ হাই-কমিশ্যনাৰৰ মুখপাত্ৰ ৰুপাৰ্ট কোলভিল-এ কৈছে যে পূৱ জেৰুজালেমৰ শ্বেখ জাৰাহ অঞ্চলৰ পৰা যদি পেলেষ্টাইনীসকলক ইজৰাইলে উচ্ছেদ কৰে, তেন্তে সেয়া হ’ব আন্তৰ্জাতিক আইনৰ উলংঘন। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংস্থাৰ হাই-কমিশ্যনাৰৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ হোৱা বিবৃতিত কোৱা হৈছে যে, ‘অধিকৃত পেলেষ্টাইনৰ অবিচ্ছেদ্য অংগ হ’ল পূৱ জেৰুজালেম, য’ত আন্তৰ্জাতিক আইন জাৰি কৰা আছে। কিন্তু শ্বেখ জাৰাহৰ পৰা এটাৰ পিছত এটাকৈ যি ইজৰাইলী তান্ডৱৰ বাতৰি আহিছে, সেইবোৰ বিৰক্তিদায়ক হৈ পৰিছে।’ ২০২০ চনত ৰাষ্ট্ৰসংঘৰ মানৱিক সংস্থাৰ এক সমীক্ষাত দেখা যায় যে চিল’ৱান শ্বেখজাৰাহ অঞ্চলসহ পূৱ জেৰুজালেমত মুঠ ২১৮ টা পেলেষ্টাইনী পৰিয়ালক ভূমিৰ মালিকীস্বত্বৰ পৰা বেদখল কৰিবলৈ ইহুদীৰ আদালতত গোচৰ চলাই আছে বেদখলকাৰীসকলে! ইয়াৰ ফলত ৯৭০ জন পেলেষ্টাইনী, যাৰ অন্তৰ্গত হৈ আছে ৪২৪ জন শিশু – তেওঁলোক গৃহহীন হোৱাৰ আশংকাত ভুগি আছে। কোলভিল-এ কৈছে যে ‘অধিকৃত ভূখন্ডত বেচৰকাৰী সম্পত্তি দখল কৰাৰ অধিকাৰ কাৰোৱেই নাই।’
দখলদাৰী শক্তিসমূহেও অৱশ্যেই আইনক শ্ৰদ্ধা কৰিব লাগিব। ইয়াৰ অৰ্থ হ’ল, ইজৰাইল অধিকৃত অঞ্চলত তেওঁলোকৰ আইন প্ৰয়োগ কৰি পেলেষ্টাইনীসকলক উচ্ছেদ কৰিব নোৱাৰিব। ৰাষ্ট্ৰসংঘৰ জেনেভা সন্মিলনতো সম্প্ৰতি বালফোৰ আইনক লৈ আলোচনা কৰা হৈছে। সেই আলোচনা সভাত কোৱা হৈছে, ‘ মানৱিক আইনৰ আওতাত থকা অধিকৃত অঞ্চলৰ পৰা নাগৰিকক উচ্ছেদ কৰা কাৰ্য যুদ্ধ-অপৰাধৰ সমান। সেয়ে অৱিলম্বে এনে উচ্ছেদ ইজৰাইলে বন্ধ কৰিব লাগে।’
জেৰুজালেম আৰু আল-আক্চা অঞ্চলত অবিৰত আক্ৰমণ চলোৱাৰ পিছত গাজা উপত্যকাৰ বহু স্থানত যুদ্ধবিমানেৰে বোমা নিক্ষেপ কৰা হৈছে। ইয়াৰ ফলত বহু পেলেষ্টাইনী মৃত্যুৰ মুখত পৰিছে বুলি সংবাদ সূত্ৰৰ দ্বাৰা জানিব পৰা গৈছে। নিহত হোৱা সকলৰ ভিতৰত আছে ৯ জন শিশু। বোমাবৰ্ষণৰ ফলত ১৬০ জনৰো অধিক মানুহ আহত হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে পথৰ কাষত ৰক্তাক্ত অৱস্থাত ঢলি পৰি আছে নিথৰ শিশু।’ ইতিপূৰ্বে জেৰুজালেমত অবিৰত আক্ৰমণৰ প্ৰত্যুত্তৰত গাজাৰ পৰাও কেইবাটাও ৰকেট আক্ৰমণ চলোৱা হয় এক জনবহুল স্থানত। ইজৰাইল চৰকাৰৰ নিৰ্দেশত এতিয়া গাজাত ‘গাৰ্ডিয়ান অফ দ্যা ৱালচ্’ অভিযান আৰম্ভ হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু-এ বিচাৰিছে ইছলামৰ পৱিত্ৰ মছজিদ আল-আক্চাক দুটা ভাগত বিভক্ত কৰিবলৈ – যাতে ইহুদী আৰু মুছলমানৰ বাবে সুকীয়া সুকীয়া স্থান নিৰ্দ্ধাৰণ কৰা সম্ভৱ হয়। ইয়াৰ আগতে হেপ্পানৰ ইব্ৰাহিনি মছজিদকো এনেদৰে দুভাগ কৰি পেলাইছিল জায়নবাদীসকলে। পুনৰ এক মছজিদ বিভক্ত কৰা প্ৰসংগ উত্থাপন হোৱাৰ বাবেই বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন-এ এতিয়া পোন প্ৰথমবাৰৰ বাবে প্ৰাচীন বালফোৰ আইনক সমালোচনা কৰিবলৈ বাধ্য হৈছে।