১০৫ ঘন্টাত ৭৫ কিলোমিটাৰ ৰাষ্ট্ৰীয় পথ নিৰ্মাণ
তনয় চক্ৰৱৰ্তী
মাত্ৰ ১০৫ ঘন্টা ৩৩ মিনিট সময়ৰ ভিতৰতে ৭৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰি বিশ্ব ৰেকৰ্ড কৰিলে ভাৰত চৰকাৰৰ পৰিবহন মন্ত্ৰালয়ৰ অধীনৰ নেশ্যনেল হাইৱে অথৰিটি অৱ ইণ্ডিয়াই।
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিঙ্গল লেনৰ বিটুমিনাচ পথ তৈয়াৰ কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ’ল ‘এন-এইচ-এ-আই’! ৭৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰোতে সময় লাগিল ৫ দিনতকৈও কম।
বুধবাৰে, ০৭-০৬-২০২২ তাৰিখে সকলোকে টুইট কৰি এই সংবাদ জনায় কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে। তেওঁ কয়, ৫৩ নং নেশ্যনেল হাইৱেৰ ওপৰত দীৰ্ঘতম চিঙ্গল লেন কন্টিনিউৱাচ্ বিটুমিনাচ কংক্ৰিট তৈয়াৰ কৰি বিশ্বক চমক খুৱাবলৈ সক্ষম হৈছে ভাৰতবৰ্ষ। এয়া অতি গৰ্বৰ বিষয় বুলি তেওঁ অভিহিত কৰিছে।
গিনিজ বুকত নাম জিলিকাই তুলিবলৈ ‘এন-এইচ-এ-আই’ৰ সৰ্বস্তৰৰ কৰ্মী আৰু ইঞ্জিনিয়াৰৰ অক্লান্ত প্ৰচেষ্টাৰ বাবেই এয়া সম্ভৱপৰ হোৱাৰ বাবে গাডকাৰীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয়, আপোনালোকৰ দিনে-নিশাই কৰা পৰিশ্ৰম সাৰ্থক হৈছে। অন্ধ্ৰপ্ৰদেশৰ অমৰাৱতীৰ পৰা মহাৰাষ্ট্ৰৰ আকোলা পৰ্যন্ত বিশাল অঞ্চলটো ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰো অন্যতম গুৰুত্বপূৰ্ণ অংশ।
অমৰাৱতীৰ পৰা আকোলাৰ দূৰত্ব ৭৫ কিলোমিটাৰ। এইছোৱা পথ ভাৰতৰ পূব-পশ্চিম কৰিডৰৰ এক গুৰুত্বপূৰ্ণ অংশ। পূৰ্বতে কলকাতাৰ পৰা পশ্চিমে চুৰাট, ভায়া ৰায়পুৰ, নাগপুৰ, আকোলা আৰু ধূলৰ দৰে চহৰ এই সূত্ৰে ৰাষ্ট্ৰীয় পথৰ আৰু অধিক কাস চাপি আহিল। উল্লেখযোগ্য বিষয় হৈছে, যি অঞ্চলৰ বক্ষ বিদাৰি ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ তৈয়াৰ হৈছে, তাৰে দুয়োকাষে বিস্তীৰ্ণ অঞ্চল খনিজ সম্পদেৰে ভৰপূৰ। সমগ্ৰ পথছোৱা নিৰ্মাণ কৰোতে ৫ দিনতকৈও কম সময় লাগিল।
যোৱা ৩ জুনৰ ৰাতিপুৱা ৭ বাজি ২৭ মিনিটত ‘এন-এইচ-এ-আই’ৰ দ্বাৰা এই পথছোৱাৰ কামৰ শুভাৰম্ভ কৰা হয়। পথছোৱাৰ কাম সমাপ্ত হয় ৭ জুনৰ আবেলি ৫ বজাত। অৰ্থাৎ, চিকচিকিয়া পথছোৱা তৈয়াৰ কৰোতে সময় লাগিল ১০৫ ঘন্টা ৩৩ মিনিট। এইখিনি সময়ত অষ্টপ্ৰহৰ অবিৰাম কাম চলিছিল। ‘এন-এইচ-এ-আই’ৰ হৈ কামত যুক্ত আছিল ৮০০ কৰ্মচাৰী আৰু সংশ্লিষ্ট ঠিকাদাৰী সংস্থা ৰাজপথ ইনফ্ৰাকন তথা জগদীশ কাদমৰ তৰফৰ পৰাও ৭২০ জন দক্ষ কৰ্মী।
বিশ্ব ৰেকৰ্ড গঢ়িবলৈ মূলতঃ দায়িত্ব আছিল ৰাজপথ ইনফ্ৰাকনৰ কান্ধতেই। প্ৰজেক্ট মেনেজাৰৰ পৰা আৰম্ভ কৰি হাইৱে ইঞ্জিনিয়াৰ, কোৱালিটি ইঞ্জিনিয়াৰ, চাৰ্ভেয়াৰ আৰু চেফটি ইঞ্জিনিয়াৰ সকলো আছিল বেচৰকাৰী ঠিকাদাৰ গোষ্ঠীৰ। এওঁলোক সকলোকে গাডকাৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে। এই পথছোৱা নিৰ্মাণ কৰা কাৰ্যৰ এক সংক্ষিপ্ত ভিডিঅ’ গাডকাৰীয়ে টুইট কৰিছে।
৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংশ্লিষ্ট ৭৫ কিলোমিটাৰ অংশৰ এটা দিশ তথা লেন ১০ বছৰৰো অধিক সময় একেবাৰে জৰাজীৰ্ণ হৈ আছিল, অজস্ৰ গাঁত আছিল। পণ্যবাহী ট্ৰাকৰ বাবে সেই পথছোৱা আছিল এক দু:স্বপ্ন। ২০১৪ চনত মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছত দুটা পৰ্বত দুটা ঠিকাদাৰী সংস্থাক পথছোৱাৰ ঠিকা দিয়া হৈছিল যদিও পথছোৱা ঠিক হোৱা নাছিল। তাৰপিছত গাডকাৰীয়ে ককালত টঙালি বান্ধি এইছোৱা পথৰ বাবে ব্যস্ত হৈ পৰে আৰু তাৰেই ফলশ্ৰুতি এনে বিশ্বৰেকৰ্ড।
০৯-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.