খবৰ
মোহন খাউণ্ড
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়াই বুধবাৰে পদত্যাগ কৰিব
অৱশেষত পদত্যাগৰ বিষয়ে জনালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেই। যোৱাকালি অকল্পনীয় বিশাল বিক্ষোভৰ পটভূমিত ৰাষ্ট্ৰপতি ভৱন ত্যাগ কৰিবলৈ বাধ্য হোৱা গোতাবায়াই সংসদৰ অধ্যক্ষৰ জৰিয়তে তেওঁৰ মনোভাৱ সদৰি কৰিছে।
ৰাষ্ট্ৰপতিৰ পদত্যাগ বিচাৰি সমগ্ৰ শ্ৰীলংকাত প্ৰতিবাদ অহৰহ চলি থকাৰ মাজতে যোৱাকালি সেই বিক্ষোভে চৰম সীমা পায়। যোৱাকালিৰে পৰা কলম্বোত সান্ধ্য আইন জাৰি কৰা হৈছিল যদিও বিক্ষুব্ধ জনতাই সেই আইন কেৰেপ নকৰি হিলদল ভাঙি ওলাই আহে আৰু সেই বিশাল বিক্ষুব্ধ সমদল ৰাষ্ট্ৰপতি ভৱনত সোমোৱাৰ কিছু আগতেই ৰাষ্ট্ৰপতি ভৱনৰ পৰা পলায়ন কৰে গোতাবায়াই। তেওঁৰ লাম- লাকটুসমূহ নৌবাহিনীৰ জাহাজত তোলা দেখা যায়।
ৰাষ্ট্ৰপতি ভৱনৰ লগতে প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহৰ বাসভৱনতো বিক্ষোভকাৰীয়ে প্ৰৱেশ কৰে। তেওঁৰ বাসভৱন আক্ৰমণ কৰি অগ্নি সংযোগ কৰা হয়। এনে এক পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ বাবে পদত্যাগ কৰাৰ বাহিৰে অইন পথ মুকলি হৈ নাথাকিল। সংসদৰ অধ্যক্ষ মাহিন্দা ইয়াপা আবেবৰ্দ্ধনে জনাইছে যে ৰাষ্ট্ৰপতিয়ে অহা বুধবাৰ, ১৩ জুলাইত পদত্যাগ কৰিব বুলি তেওঁক জনাইছে।
###
ভাৰতকে ধৰি ৫ খন দেশৰ ৰাষ্ট্ৰদূতক বৰ্খাস্ত কৰিলে ইউক্ৰেনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে
ৰাছিয়াৰ সৈতে অভাৱনীয় ঐতিহাসিক যুদ্ধত লিপ্ত হৈ এক বিৰাট সংকট আৰু দুৰ্যোগৰ মাজেৰে বহুমাহ পাৰ কৰা ইউক্ৰেনে যুদ্ধৰ মাজতেই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতকে ধৰি ৫ খন দেশৰ ৰাষ্ট্ৰদূতক বৰ্খাস্ত কৰিলে। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এই সিদ্ধান্ত লোৱা বুলি তেওঁৰ ৱেবচাইটত প্ৰকাশ পাইছে। কিন্তু কোনো কাৰণ জনোৱা হোৱা নাই।
ইউক্ৰেনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভাৰত, জাৰ্মানী, চেক ৰিপাব্লিক, নৰৱে আৰু হাংগেৰীত থকা ৰাষ্ট্ৰদূত সকলক বৰ্খাস্ত কৰিছে যদিও তেওঁলোকৰ পদত তথা তেওঁলোকক অইন কোনো পদত মকৰল কৰা হ’ব নেকি – সেই সম্পৰ্কেও একো সদৰি কৰা নাই।
২০২২ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হোৱা যুদ্ধৰ পিছৰে পৰা ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেনৰ ৰাষ্ট্ৰদূত সকলক তথা কূটনীতিবিদ সকলক বিদেশী সাহায্য আনিবলৈ আবেদন কৰি আহিছে। বোধহয় তেওঁলোকে সাফল্য লাভ কৰা নাই, আৰু সেয়ে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
###
সুষম আহাৰৰ পৰা বঞ্চিত ভাৰতৰ ৯৭ কোটি মানুহঃ ৰাষ্ট্ৰসংঘ
কমেও ৭১% ভাৰতবাসীয়ে সুষম আহাৰৰ পৰা বঞ্চিত – এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে ৰাষ্ট্ৰসংঘৰ ‘ফুড এন্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন'(এফ.এ.ও.)ৰ সমীক্ষাত। এই সমীক্ষা অনুসৰি এই সময়ত ভাৰতৰ প্ৰায় ৯৭ কোটি বাসিন্দা সুষম আহাৰৰ পৰা বঞ্চিত। এই তথ্যই এতিয়া উদ্বেগ বৃদ্ধি কৰিছে নতুন দিল্লীত।
সমগ্ৰ এছিয়াত মুঠ ৪৩.৫% মানুহে সুষম খাদ্য লাভ কৰা নাই। ফলস্বৰূপে, মহাদেশৰ তুলনাত ভাৰতৰ অৱস্থাও অতি উদ্বেগজনক। সকলোতকৈ শোচনীয় অৱস্থা নেপালত। নেপালৰ ৮৪% মানুহে সুষম খাদ্য লাভ নকৰে। নেপালৰ পিছত আছে যথাক্ৰমে পাকিস্তান ( ৮৩.৫%), আফ্ৰিকা (৮০%), বাংলাদেশ (৭৩.৫%)। তাৰ পিছতেই ভাৰত! বিশ্লেষণ অনুসৰি, প্ৰক্ৰিয়াজাত খাদ্য কমকৈ গ্ৰহণ কৰি শস্য, বাদাম, ফল, চাউল, আটা আদিৰ লগতে পৰিমাণ অনুযায়ী আমিষ গ্ৰহণ কৰাকেই সুষম আহাৰ বুলি কোৱা হয়। এনে খাদ্য গ্ৰহণ কৰিবলৈ ভাৰতৰ ৪ জনীয়া সদস্যৰ এটা পৰিয়ালে খাদ্যৰ নামত মাহে আনুমানিক নুন্যতম ৭৬০০ টকা খৰচ কৰিব লগীয়া হয় আৰু সেয়া কৰিবলৈ ভাৰতৰ ৭১% মানুহ অপাৰগ!
###
অমৰনাথৰ ডাৱৰ বিস্ফোৰণত ১৬ জনৰ মৃত্যু
ভাৰতৰ অমৰনাথ মন্দিৰৰ ওচৰত যোৱা ৮ তাৰিখে হোৱা ডাৱৰ বিস্ফোৰণৰ দ্বাৰা হঠাৎ সৃষ্টি হোৱা প্ৰচন্ড বন্যাৰ কৱলৰ পৰা ইতিমধ্যে বহু হাজাৰ লোকক উদ্ধাৰ কৰা হৈছে যদিও ১৬ জনৰ মৃত্যু হৈছে তথা প্ৰায় ৪০ জন ধৰ্মপ্ৰাণ ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে। সূত্ৰৰ পৰা জানিব পৰা গৈছে যে এতিয়াও আঞ্চলটোত ধাৰাসাৰ বৰষুণ হৈ আছে। ডাৱৰ বিস্ফোৰণৰ ফলত বিস্ফোৰণ হোৱা স্থানৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰ পৰ্যন্ত থকা তীৰ্থযাত্ৰীৰ কেম্পৰ টেন্ট, ৰান্ধনীগৃহ আদি বোকা-পানীয়ে পুতি পেলাইছে। উল্লেখযোগ্য যে যোৱা ৮ জুলাই তাৰিখে আবেলি ৫-৩০ বজাত ডাৱৰ বিস্ফোৰণ হয় আৰু ৪-৩০ বজাৰ পৰা ৬-৩০ বজালৈ অঞ্চলটোত ৩১ মিলিমিটাৰ বৰষুণ হৈছিল।
###
বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত নিজৰ নাম ঘোষণা ঋষিৰ
বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে পদত্যাগ কৰাৰ পিছতেই পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে যিসকলৰ নাম উচ্চাৰিত হৈছে, তাৰে ভিতৰত অন্যতম হৈছে ঋষি চুনাক ( Rishi Sunak)। ইতিমধ্যে নিজৰ নাম প্ৰধানমন্ত্ৰী পদৰ বাবে ঘোষণা কৰিছে ঋষিয়ে আৰু প্ৰচাৰ আৰম্ভ কৰিছে।
কিন্তু প্ৰচাৰ আৰম্ভ হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে দেখা গৈছে যে ঋষিৰ সপক্ষে যিমানে কৈছে, তেওঁৰ বিপক্ষেও বহুতেই সৰল হৈ সমালোচনা আৰম্ভ কৰিছে। এপিনে বৃটেইনত থকা ভাৰতৰ মানুহে তথা ভাৰতৰ মানুহৰ বংশোদ্ভূত লোকসকলে তেওঁক সমৰ্থন কৰিছে যদিও আৰ্থিক নীতিৰ বাবে বহুতেই তেওঁৰ সমালোচনাত মুখৰ হৈছে। বৰিছ জনছনক যি ‘পাৰ্টিগেট কেলেংকাৰী’য়ে তীব্ৰ সমালোচনাৰ মুখত পেলাইছিল, সেই কেলেংকাৰীৰ দাগ ঋষিৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছে। তাৰোপৰি, তেওঁৰ পত্নী তথা নাৰায়ণ মূৰ্তিৰ জীয়ৰীৰ বিৰুদ্ধেও কৰফাঁকিৰ অভিযোগ উত্থাপিত হৈছে।
ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰা ঋষিয়ে কৈছে, ‘ কোনোবাই নহয় কোনোবাই এনে পৰিস্থিতিত আগুৱাই আহিবই লাগিব। গ্ৰহণ কৰিব লাগিব সঠিক সিদ্ধান্ত। মই সেইবাবে কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা হিচাপে আৰু আপোনালোকৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে থিয় হ’ব বিচাৰিছো। আহক, বিশ্বাসক পুনৰুদ্ধাৰ কৰি অৰ্থনীতিক নতুনকৈ গঢ় দি দেশখনক আগুৱাই লৈ যাও।’
বৃটেইনৰ বুকিসকলে এইবেলি ঋষি চুনাকৰ ওপৰতে বাজী ধৰিছে। বাজীৰ দৰ তেওঁৰ পক্ষে হৈছে ৪/১।
###
টেলিকমৰ ব্যৱসায় আৰম্ভ কৰিব গৌতম আদানিয়ে
ধনকুবেৰ শিল্পপতি গৌতম আদানিৰ প্ৰতিষ্ঠানে এইবাৰ ভাৰতৰ টেলিকম ব্যৱসায়তো অংশগ্ৰহণ কৰিব। জানিব পৰা গৈছে যে ৫জি(5G) টেলিকম ব্যৱসায়ত নামিবলৈ সম্পূৰ্ণ সাজু হৈছে আদানি গ্ৰুপ। ইতিমধ্যে এই ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক লাইচেন্সো যোগাৰ কৰিছে। লাভ কৰিছে NLD ( National Long Distance) আৰু ILD( International Long Distance) লাইচেন্স। জানিব পৰা মতে ইতিমধ্যে ৫জিৰ ‘এয়াৰৱেভ’ নীলাম হোৱা দিনটোত জিও, এয়াৰটেল, ভোডাফোন-আইডিয়াৰ সৈতে আদানিৰ সংস্থাৰ প্ৰতিনিধিও উপস্থিত আছিল।
###
টুইটাৰ নিকিনে এলন মাস্কে!
দীৰ্ঘদিন ধৰি টনাটনি কৰি থকাৰ পিছত অৱশেষত নিজৰ সিদ্ধান্ত প্ৰকাশ কৰি এলন মাস্কে জনাই দিলে যে তেওঁ ৪৪ বিলিয়ন ডলাৰৰ বিনিময়ত কিনিব বিচাৰিছিল যদিও, এতিয়া ঠিৰাং কৰিছে যে তেওঁ টুইটাৰ নিকিনে!
সমগ্ৰ বিশ্বক চমকৃত কৰি বিপুল পৰিমাণৰ ধনৰ বিনিময়ত এলন মাস্কে টুইটাৰ কিনিবলৈ আগবাঢ়িছিল, কিন্তু মালিকীস্বত্ত্ব হস্তান্তৰ কৰাৰ আগতে তেওঁ কেইটামান বিশেষ চৰ্ত আৰোপ কৰিছিল। তাৰে অন্যতম আছিল, মাইক্ৰোব্লগিং চাইটটোত ভুৱা একাউণ্ট সংক্ৰান্তীয় সকলো খুঁটিনাটি তেওঁক জনাব লাগিব। টেচলা প্ৰধান এলন মাস্কে কৈছে যে সেই চৰ্ত পূৰণত ব্যৰ্থ হৈছে টুইটাৰ। গতিকে তেওঁ টুইটাৰ নিকিনে।
এলনৰ এনে সিদ্ধান্তত টুইটাৰ ক্ষুব্ধ হৈছে। বিশ্বৰ অন্যতম বৃহৎ চুক্তি বাতিল হ’বলৈ যোৱাৰ পটভূমিত ক্ষুব্ধ টুইটাৰে আইনৰ সহায় ল’ব বুলি ঘোষণা কৰিছে।
এই সম্পৰ্কে টুইটাৰৰ চেয়াৰমেন ব্ৰেট টেইলোই যোৱাকালি টুইট কৰি কৈছে,’ মাস্কৰ সৈতে যি চৰ্তত চুক্তি হোৱা কথা আছিল, তাৰে ‘ইতি’ কৰিছে টুইটাৰে। ইয়াৰে লগতে এই সম্পৰ্কত আইনী পদক্ষেপৰ কথাও ভবা হৈছে। আশাকৰো, আদালতত সঠিক বিচাৰ পাম।’
১০-০৭-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)