মাস্টাৰপিচ মাৰ্চিডিজ
তনয় চক্ৰৱৰ্তী
ফুটবলৰ জগতত যিদৰে পেলে বা মাৰাদোনা, চিনেমাৰ জগতত যিদৰে টাইটানিক বা শ্বোলে, গাড়ীৰ জগততো এইখন গাড়ী তেনেকুৱাই, কাৰো সৈতে তুলনা নহয়।
অতুলনীয়! মাস্টাৰপিচ্!
ক্লাচিক গাড়ীৰ বিষয়ে যিসকলে খা-খবৰ লৈ থাকে, তেওঁলোকৰ মতে এইখন গাড়ী হ’ল পৃথিৱীৰ ‘ম’নালিচা’! অমূল্য সম্পদ। কোনো মূল্য এইখন গাড়ীৰ বাবে যথেষ্ট নহয়। এইখন গাড়ীৰ সম্পূৰ্ণ নাম হ’ল – ‘মাৰ্চিডিজ বেঞ্জ এচ.এল.আৰ.-৩০০ উলেনহাউট ক্যুপে’। গাড়ীখন ১৯৫৫ চনত মাৰ্চিডিজ কোম্পানীয়ে সৃষ্টি কৰিছিল। সম্প্ৰতি জাৰ্মানীৰ স্টুটগাৰ্ড সংগ্ৰহালয়ত এই গাড়ীখনৰ নিলাম কৰা হৈছিল। নিলামত গাড়ীখনৰ দাম উঠিছিল ১৩৫ মিলিয়ন ডলাৰ, অৰ্থাৎ ১১০৮ কোটি টকা।
এই বিখ্যাত গাড়ীখনৰ আগতে মালিক আছিল বিশ্ববিখ্যাত নিলামঘৰ ‘শ্বদবি’ৰ মালিক আৰ- এম শ্বদবি। তেৱেঁই গাড়ীখন নিলামত তুলিছিল। কিন্তু গাড়ীখন কোনে ক্ৰয় কৰিলে, এতিয়ালৈকে তেওঁৰ পৰিচয় প্ৰকাশ কৰা হোৱা নাই। আনকি তেওঁ নিজে ব্যক্তিগতভাৱে নিলামতো অংশগ্ৰহণ কৰা নাই। তেওঁৰ হৈ নিলামত ডাক দিছিল বিশ্বৰ নামী গাড়ী বিশেষজ্ঞ চাইমন কিডস্টনে। গাড়ী বিশেষজ্ঞ সকলৰ মতে বিশ্বত সবাতোকৈ অধিক মূল্যত বিক্ৰী হোৱা গাড়ী এইখনেই। ইতিপূৰ্বে সবাতোকৈ বেছি দামত বিক্ৰী হৈছিল ফেৰাৰী গাড়ী। সেইখন ফেৰাৰী ১৯৬২ চনত তৈয়াৰ কৰা হৈছিল আৰু ব্ৰেন্ড নাম আছিল ‘২৫০ জি.টি.এ.এল.এম. ২৫০ ফেৰাৰী’। সেইখন গাড়ী ২০১৮ চনত নীলামত বিক্ৰী হৈছিল। গাড়ীখন ৫২ মিলিয়ন ডলাৰত বিক্ৰী হৈছিল ( অৰ্থাৎ প্ৰায় ৫৩০ কোটি টকাত)। এতিয়াৰ মাৰ্চিডিজখনৰ নিলাম মূল্যৰ আধাতকৈও কম মূল্যত।

কিন্তু মাৰ্চিডিজ বেঞ্জ এচ.এল.আৰ.-৩০০ উলেনহাউট ক্যুপে গাড়ীখন ইমান মূল্যবান কিয়?
কাৰণ, বিশ্বত যিমান কোম্পানীৰ যিমান গাড়ী আছে, শৈল্পিক গাড়ী হিচাপে এইখনৰ তুলনা কাৰো সৈতেই কৰিব নোৱাৰি। ৰূপে, গুণে, লাৱণ্যৰে, শক্তিৰে এইখন গাড়ী সচাই মাস্টাৰপিচ্। ৬৭ বছৰ আগতে তৈয়াৰ কৰা এইখন গাড়ীৰ অন্তৰ্সজ্জা কেৱল দুটা ৰঙত উপলব্ধ, নীলা আৰু ৰঙা। গাড়ীখনৰ ওপৰৰ ৰং ৰূপালী। সন্মুখৰ পৰা চালে ভাব হয় যেন এইমাত্ৰ পালিচ কৰা ৰূপৰ দ্বাৰা তৈয়াৰ কৰা হৈছে গাড়ীখন। নিলামত উঠা মাৰ্চিডিজ বেঞ্জ এচ.এল.আৰ.-৩০০ উলেনহাউট ক্যুপেখনৰ অন্তৰ্সজ্জা ৰঙা ৰঙৰ। বিশেষজ্ঞসকলে কৈছে, এইখন গাড়ী বিৰলৰ মাজতো বিৰল। ১৪ কোটি ডলাৰ মূল্য যেন একোৱেই নহয়!
মটৰস্পোৰ্টচ্-অৰ জগতত এসময়ত এই গাড়ীখনৰ প্ৰচন্ড চাহিদা আছিল। ১৯৫৪ আৰু ১৯৫৫ চনত এই গাড়ী চলাই গ্ৰাঁ প্ৰিক্স প্ৰতিযোগিতাত শ্ৰেষ্ঠ হৈছিল জুৱান মেনুৱেল ফ্যানগিও। কেৱল এই গাড়ীখন তৈয়াৰ কৰিবলৈ মাৰ্চিডিজ কোম্পানীয়ে বিগত শতিকাৰ পঞ্চম দশকত বহু ডলাৰৰ দৰমহা দি ৰুড’ল্ফ উলেনহাউটক চিফ ইঞ্জিনিয়াৰ হিচাপে নিয়োগ কৰিছিল। তেৱেঁই এই গাড়ীখন তৈয়াৰ কৰে। মাৰ্চিডিজ কোম্পানীয়ে তেওঁৰ প্ৰতি কৃতজ্ঞতা জনাই গাড়ীখন তেওঁৰ নামেৰেই নামাকৰণ কৰে।

বিশেষজ্ঞসকলে কৈছে, এইখন কেৱল মাথোঁ এখন গাড়ী নহয়, লোহাৰ যন্ত্ৰাংশৰে তৈয়াৰ কৰা এক বিৰল শিল্প। যেনে নক্সা, তেনে শক্তি। এইখন গাড়ীৰ ইঞ্জিনৰ ক্ষমতা ৩০০০ চি.চি.। ইঞ্জিনৰ আউটপুট ৩০২ হৰ্চ পাৱাৰ। ৩.০ লিটাৰৰ ৮ টাকৈ থিয় ইঞ্জিন আছে গাড়ীখনত। ঘন্টাত সৰ্বোচ্চ ২৮৮ কিলোমিটাৰ গতিৰে চলালেও গাড়ীৰ ভিতৰত নহয় বিন্দুমাত্ৰ কম্পন।
১৭-০৬-২০২২
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)