১১ ডিচেম্বৰ, আন্তঃৰাষ্ট্ৰীয় গিৰীদিৱস
ৰুবী বৰা
পাহাৰ…অশান্ত মন এটাক শান্ত কৰি তুলিব পৰা এক যাদুকৰী পৰশ, হাজাৰ হাজাৰ জীৱকূলক আকোৱালী লৈ মানুহলৈ জীৱন নিৰ্বাহৰ পথ এটি আগুৱাই দিয়া, প্ৰকৃতিৰ সৃষ্টিৰাজীৰ এক অনন্য অৱদান পাহাৰ।
পাহাৰে ভৈয়ামে বাস কৰা মানুহৰ দৈনন্দিন জীৱনত পৰ্বত/পাহাৰ প্ৰভাৱ তথা ইয়াৰ গুৰুত্বৰ বিষয়ে মানুহক সজাগ কৰা, পাহাৰত বসবাস কৰা জীৱকূলৰ লগত প্ৰাকৃতিক ভাৰসাম্যতাৰ বিষয়টো আলোচনাৰ মাধ্যমেৰে সঠিক দিশেৰে আগুৱাই লৈ যোৱাৰ উদ্দেশ্যৰে ২০০৩ চনৰ পৰা ১১ ডিচেম্বৰ দিনটো আন্তঃৰাষ্ট্ৰীয় গিৰীদিৱস(International Mountain Day)হিচাপে পালন কৰি অহা হৈছে।
২০০২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহিত হোৱা সিদ্ধান্তমৰ্মে ২০০৩ চনত প্ৰথম বাৰলৈ আন্তঃৰাষ্ট্ৰীয় গিৰীদিৱস পালন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, নেপাল আৰু জাপানকে ধৰি বিশ্বৰ বহুকেইখন দেশে। প্ৰযুক্তি, পাৰিপাৰ্শ্বিকতা আৰু সংস্কৃতি এই তিনিটা বিষয়ক সাৰোগত কৰি অনুষ্ঠিত হোৱা দিনটোৰ প্ৰথমটো বৰ্ষৰ মূল বিষয়বস্তু আছিল ‘ বিশুদ্ধ খোৱাপানীৰ উৎস‘।
চকু জুৰ পৰি যোৱা প্ৰাকৃতিক সৌন্দৰ্য্য, ট্ৰেকিং/পৰ্বতাৰোহন আদিৰ জৰিয়তে মানুহৰ মনৰ তৃষ্ণা দূৰ কৰা আদিৰ লগতে বিশ্বৰ মুঠ জীৱকূলৰ প্ৰায় ১৫ শতাংশ জীৱক এই পাহাৰে নিজৰ বুকুত আশ্ৰয় দিছে। পাহাৰৰ বুকুতেই ভাগৰুৱা হৃদয়ক জিৰাবলৈ বুলি ঢাপলি মেলা মানুহেই কিন্তু পাহাৰলৈ ধ্বংসও মাতি আনিছে।
জলবায়ু পৰিৱৰ্তনে কঢ়িয়াই অনা ভয়াৱহতাই এতিয়াই সকলোকে উদ্বিগ্ন কৰাৰ লগতে পাহাৰলৈ অশনি সংকেত কঢ়িয়াই আনিছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত তীব্ৰ হাৰত গলিবলৈ আৰম্ভ কৰা হিমবাহ(Glacier)বোৰে পৰৱৰ্তী সময়ত হ’ব পৰা খোৱাপানীৰ সংকটৰ ভয়াৱহতাক দাঙি ধৰিছে।
এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় গিৰীদিৱসৰ মূল বিষয় হৈছে ‘Restoring Mountain Ecosystem‘। প্ৰায় ৮৪ শতাংশ পাহাৰীয়া জীৱকূল বৰ্তমান সংকটৰ গৰাহত।
মানৱসৃষ্ট কাৰণত প্ৰতি বছৰে আমাৰ সাহস হৈ থিয় দি অহা হিমালয়ৰ বুকুত থকা ৰাজ্য সমূহত হৈ থকা প্ৰাকৃতিক দুৰ্যোগ আমি দেখি আহিছো। ক্ৰমান্বয়ে বাঢ়ি অহা এই প্ৰাকৃতিক দুৰ্যোগৰ হাৰে আমাক সোঁৱৰাই গৈছে আমি কিমান কষ্ট দিছো আমাৰ আপোন হিমালয়ক।
প্ৰযুক্তিৰ গইনা লৈ উন্নতিৰ নামত হিমালয়ৰ কিমান অনিষ্ট কৰিছো যাৰ প্ৰত্যুত্তৰ আমি ইত্যিমধ্যেই পাইছো।
গতিকেই এতিয়া নহ’লে কেতিয়া? আমি এতিয়াৰ পৰাই এই ধ্বংসলীলা বন্ধ কৰি, পৰিৱেশ তন্ত্ৰক পুনৰুদ্ধাৰ কৰি পাহাৰৰ লগতে সমগ্ৰ প্ৰকৃতিৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰদৰ্শন কৰাৰ অন্তিম সময় এয়া। নহ’লে আমাৰ ভৱিষ্যত আমি কৰি যোৱা কু কৰ্মৰ ফল ভৱিষ্যত প্ৰজন্মই বহুত বেয়াকৈ ভূগিব লাগিব।
আন্তংৰাষ্ট্ৰীয় গিৰী দিৱসৰ এই মহৎ উদ্দেশ্য সফল হওক আৰু পাহাৰে আৰু মানুহৰ সম্বন্ধ আৰু অধিক অন্তৰংগ হৈ উঠক তাকেই অন্তৰেৰে কামনা কৰিলোঁ। জয়তু হিমালয়, জয়তু বিশ্বৰ সমূহ পৰ্বতমালা।
ৰুবী বৰা, ৯৭০৭২৭৫৮৫৮
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)