• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 8, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

মোহন খাউণ্ড

by Admin
July 12, 2022
in News, World
Reading Time: 6 mins read
0
১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Share on FacebookShare on TwitterShare on LinkedIn

সংক্ষিপ্ত খবৰ

মোহন খাউণ্ড

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

RelatedPosts

building during golden hour

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত

August 7, 2022
Traditional Masculinity: The damage It Does

Traditional Masculinity: The damage It Does

August 7, 2022
PEC demands justice to Myanmar photographer Aye Kyaw

PEC demands justice to Myanmar photographer Aye Kyaw

August 7, 2022

উবেৰঃ দেশে দেশে আইন লঙ্ঘন, চালকক শোষণ

‘ৰাইড শ্বেয়াৰিং এপ’ উবেৰ-এ বিশ্বজুৰি কিদৰে ব্যৱসায় বিস্তাৰ কৰিছে আৰু কিদৰে অনিয়ম কৰিছে – সেই সম্পৰ্কে আন্তৰ্জাতিক সংবাদ মাধ্যম ‘দ্যা গাৰ্ডিয়ান‘-এ বিভিন্ন তথ্য পোহৰলৈ অনাৰ পিছত বিশ্বময় চাঞ্চল্যৰ সৃষ্টি হৈছে।

দ্যা গাৰ্ডিয়ান-এ প্ৰকাশ কৰিছে, উবেৰৰ সৈতে বিভিন্ন দেশৰ চৰকাৰৰ শঠা- মিতিৰালি, আইন লঙ্ঘন, পুলিচৰ সৈতে মিতিৰালি আৰু পুলিচৰ সৈতে প্ৰতাৰণা, চালক সকলক শোষণ, ইত্যাদি।

উবেৰৰ ১ লাখ ২৪ হাজাৰ গোপন নথি দ্যা গাৰ্ডিয়ান-এ লাভ কৰিছে। এই নথিবোৰৰ মাজত শীৰ্ষ কৰ্মকৰ্তাৰ ই-মেইল, আই-মেছেজ ( আই ফোনৰ নিজস্ব বাৰ্তা সৰবৰাহ ব্যৱস্থা), হোৱাটচ্এপৰ বাৰ্তা আদি আছে। লগতে কোম্পানীৰ বিভিন্ন প্ৰেজেন্টেশ্যন, নোটবুক, ইনভয়েচ্ আদিও আছে।

দ্যা গাৰ্ডিয়ান-এ কৈছে, উবেৰ-এ নিজৰ ব্যৱসায় বিস্তাৰ কৰিবলৈ বিভিন্ন দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ধনকুবেৰ, প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিছে।

দ্যা গাৰ্ডিয়ান-এ যিবোৰ তথ্য লাভ কৰিছে, সেইবোৰ বিশ্বৰ ৪০ টা গণমাধ্যমৰ ১৮০ জন সাংবাদিকক অৰ্পণ কৰিছে। ইন্টাৰনেচনেল কনচোৰ্টিয়াম অফ ইনভেস্টিগেটিভ জাৰ্নালিস্ট ( ICIJ)ৰ মাধ্যমেৰে এই তথ্যবোৰ দ্যা গাৰ্ডিয়ান-এ সৰবৰাহ কৰিছে। প্ৰকাশ কৰা নথিবোৰৰ ভিতৰত ৪০ খন দেশৰ তথ্য আছে, য’ত উবেৰ-এ ব্যৱসায় কৰিছে। এই তথ্যবোৰ ২০১৩ চনৰ পৰা ২০১৭ চন পৰ্যন্ত সময়ছোৱাৰ।

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Uber driver holding his smartphone in car

দ্যা গাৰ্ডিয়ান-এ কৈছে, যিবোৰ দেশত উবেৰৰ দৰে প্ৰতিষ্ঠানৰ ব্যৱসায় চলোৱা কোনো আইন নাই বা ৰাইড শ্বেয়াৰিং অবৈধ, সেই দেশবোৰত ব্যৱসায় আৰম্ভ কৰাৰ আগতে নতুনকৈ আইন প্ৰণয়ন কৰাৰ ব্যৱস্থা লোৱা হৈছিল উবেৰৰ স্বাৰ্থত। দ্যা গাৰ্ডিয়ান-এ এই নথিবোৰক ‘উবেৰ ফাইলচ্’ বুলি নামাকৰণ কৰিছে।

###

অহাবছৰ ভাৰতৰ জনসংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক হ’ব

দ্ৰুতভাবে বৃদ্ধি পাইছে বিশ্বৰ জনসংখ্যা। এনেদৰে বৃদ্ধি হৈ থাকিলে অহা ১৫ নৱেম্বৰত বিশ্বৰ মুঠ জনসংখ্যা ৮০০ কোটি পাৰ হৈ যাব। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়াই যে অহা বছৰ চীনক হৰুৱাই বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হৈ পৰিব ভাৰত।

ৰাষ্ট্ৰসংঘৰ সাম্প্ৰতিক এক প্ৰতিবেদনত এনে সম্ভাৱনাৰ উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ ডিপাৰ্টমেন্ট অফ ইকোনমিক এন্ড চোছিয়েল এফেয়াৰ্চ-এ যোৱাকালি ১১ জুলাই, ২০২২ তাৰিখে বৈশ্বিক জনসংখ্যাৰ পটভূমিত এক প্ৰতিবেদন প্ৰকাশ কৰিছে। ‘ৱৰ্ল্ড পপুলেশ্যন প্ৰচপেক্টচ্ ২০২২‘ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে, বিগত ২০০ বছৰত বিশ্বৰ জনসংখ্যা ৭ গুণ বাঢ়িছে।

আনকি ২০১১ চনতো বিশ্বৰ জনসংখ্যা আছিল ৭০০ কোটি। যোৱা ১১ বছৰত সেই সংখ্যা ১০০ কোটি বৃদ্ধি পাইছে। অহা ১৫ নৱেম্বৰত বিশ্বৰ মুঠ জনসংখ্যা ৮০০ কোটি পাৰ হৈ যাব আৰু ২০৩০ চনত ৮৫০ কোটি হোৱাৰ সম্ভাৱনা আছে। ২০৫০ চনত বিশ্বৰ জনসংখ্যা ৯৭০ কোটি হ’ব পাৰে আৰু ২১০০ চনত ১০৪০ কোটি পাৰ হৈ যাব পাৰে।  ভাৰতৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ২০২২ চনৰ শেষৰফালে ১৪১ কোটি ২০ লাখ হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি অহাবছৰ চীনৰ জনসংখ্যাক ভাৰতে হৰুওৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই বছৰৰ শেষৰফালে চীনৰ জনসংখ্যা ১৪২ কোটি ৬০ লাখ হ’ব পাৰে।

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Image: The Sentinel

আহিবলগীয়া দশকবোৰত ভাৰতৰ লগতে কঙ্গো, মিছৰ, ইথিওপিয়া, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইনছ, তাঞ্জানিয়া – এই ৮ খন দেশৰ জনসংখ্যা বৃদ্ধিৰ পৰিমাণ হ’ব সমগ্ৰ বিশ্বৰ জনসংখ্যা বৃদ্ধিৰ আধাতকৈও অধিক!

###

৫ খন নিউয়ৰ্ক মহানগৰৰ সমান আকাৰৰ বনাঞ্চল আমাজনৰ পৰা ৬ মাহতে অদৃশ্য

আশংকাজনকভাবে ধ্বংস হৈছে, নিঃশ্চিহ্ন হৈছে, অদৃশ্য হৈছে আমাজনৰ বিশাল অৰণ্য। এই বছৰৰ প্ৰথম ৬ মাহ বা জানুৱাৰীৰ পৰা জুন পৰ্যন্ত যি পৰিমাণৰ অৰণ্য উজাৰ হৈছে, সেয়া ৫ খন নিউয়ৰ্ক মহানগৰৰ সমান! এই বিষয়ে নিশ্চিতি প্ৰদান কৰিছে ব্ৰাজিলৰ মহাকাশ গৱেষণা সংস্থা ( INPE)ই। এই তথ্যই সমগ্ৰ বিশ্বতে উদ্বেগ কঢ়িয়াই আনিছে।

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Photo by mali maeder on Pexels.com

কৃত্ৰিম উপগ্ৰহৰ মাধ্যমেৰে তোলা ছৱি বিশ্লেষণ কৰি ‘আই.এন.পি.ই’-এ জনাইছে, এই বছৰৰ প্ৰথম ৬ মাহৰ ভিতৰত আমাজনৰ ৩৯৮৮ বৰ্গকিলোমিটাৰ অঞ্চলৰ অৰণ্য ধ্বংস কৰা হৈছে আৰু এই আয়তন নিউয়ৰ্ক মহানগৰৰ আয়তনৰ ৫ গুণ। আগৰ বছৰৰ তুলনাত এইবাৰ এই পৰিমাণ ১০.৬% অধিক।

আমাজন বিশ্বৰ সবাতোকৈ ডাঙৰ ‘ৰেইনফৰেষ্ট’ বা বৰ্ষাৰণ্য। আমাজনত ৩০ লাখ প্ৰজাতিৰ উদ্ভিদ আৰু জীৱ-জন্তু আছে; লগতে ১০ লাখ আদিবাসীৰো বাসভূমি তাতেই। সমগ্ৰ বিশ্বৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰি বৈশ্বিক উষ্ণতা হ্ৰাস কৰাৰ ক্ষেত্ৰতো অমূল্য অৱদান আছে আমাজনৰ। এনে অৱস্থাত এনেদৰে অৰণ্য ধ্বংসৰ দ্বাৰা পৃথিৱীকো অধিক উষ্ণতাৰ পিনে আগুৱাই নিয়া হৈছে বুলি পৰিৱেশবিদ সকলে তীব্ৰ উৎকণ্ঠা প্ৰকাশ কৰিছে। বিভিন্ন গৱেষণাৰ দ্বাৰা দেখা গৈছে যে যোৱা ৫ দশকত আমাজনৰ প্ৰায় ১৭% অঞ্চলৰ অৰণ্য অদৃশ্য হৈ পৰিছে।

###

যোৱা বছৰত বিশ্বৰ ২৫০০০০ বৰ্গকিলোমিটাৰ অৰণ্য ধ্বংস

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

প্ৰাকৃতিক দুৰ্যোগৰ লগতে বিভিন্ন কাৰণত যোৱা বছৰত বিশ্বৰ ২৫০০০০ বৰ্গকিলোমিটাৰ অঞ্চলৰ অধিক অৰণ্য ধ্বংস হৈছে। ৰাছিয়াৰ দাবানল, আমাজনৰ ধ্বংসলীলা আদিৰ বাবে এনে ৰেকৰ্ড পৰিমাণে অৰণ্য ধ্বংস হৈছে। বৈশ্বিক অৰণ্য পৰ্যবেক্ষক সংস্থা ‘গ্লোবেল ফৰেষ্ট ৱাট্শ্ব‘ৰ এক প্ৰতিবেদনত এই তথ্য সদৰি কৰা হৈছে।

এই প্ৰতিবেদন প্ৰস্তুত কৰাত সহায় কৰিছে অলাভজনক প্ৰতিষ্ঠান ‘ৱৰ্ল্ড ৰিচোৰ্ছেজ ইন্সটিটিউট ( WRI) আৰু আমেৰিকাৰ মেৰিলেন্ড ইউনিভাৰ্ছিটি -এ। প্ৰতিবেদনত কোৱা হৈছে, ২০২১ চনত বিশ্বৰ ২৫৩০০০ বৰ্গকিলোমিটাৰ অৰণ্য উজাৰ কৰা হৈছে।

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

ডব্লিউ.আৰ.আই.ৰ গৱেষকসকলে কৈছে, প্ৰচুৰ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰাৰ বাবে অৰণ্য জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত ঢাল হিচাপে ব্যৱহাৰ হয়। কিন্তু দ্ৰুতগতিত অৰণ্য ধ্বংস হোৱাৰ কাৰণে বিশ্বৰ জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰত এক প্ৰৱল প্ৰত্যাহ্বান আহি পৰিছে। এই অৰণ্য ধ্বংসৰ পটভূমিত, যোৱা বছৰ নৱেম্বৰত অনুষ্ঠিত বিশ্ব জলবায়ু সন্মিলনত বিশ্বৰ ১০০ নেতাই জলবায়ু সুৰক্ষাৰ বাবে যিবোৰ পদক্ষেপৰ প্ৰতিশ্ৰুতি দিছিল – সেইবোৰৰ সৈতে বৰ্তমানৰ পৰিস্থিতিৰ কোনো মিল নাই।

###

আই.এছৰ পতনৰ ৫ বছৰ পিছতো মচুলত ভঙ্গুৰ শিক্ষাব্যবস্থা

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Image: Theirworld.com

ইৰাকৰ মচুল চহৰত ইছলামিক ষ্টেট ( আই.এছ)ৰ পতন হোৱা ‌৫ বছৰ পাৰ হ’ল, কিন্তু আই.এছৰ সৈতে দীৰ্ঘদিনীয়া সংগ্ৰাম কৰি কৰি মুক্ত হোৱা স্বাধীন মচুলত এতিয়াও শিক্ষাব্যবস্থা একেবাৰে শোচনীয় হৈ আছে।

উল্লেখযোগ্য যে দ্বিতীয় বৃহত্তম চহৰ মচুলত এতিয়া বহুত সংগ্ৰাম চলাই শিক্ষাৰ্থীসকলে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে। অল- জাজিৰাৰ এক প্ৰতিবেদনত কোৱা হৈছে, মচুল চহৰৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে এতিয়া যিবোৰ বিদ্যালয়ত পঢ়া-শুনা কৰি আছে, সেইবোৰ যোৱা ৫ বছৰেও সামান্য মেৰামতিও কৰা হোৱা নাই। ফলত ঠেলা হেঁচা কৰি একোটা শ্ৰেণীত ভীৰ কৰি শিক্ষাৰ্থীসকলে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে। তাৰোপৰি শিক্ষকৰ অভাৱ সৰ্বত্ৰ পৰিলক্ষিত হৈছে। আই.এছ-এ মচুল দখল কৰাৰ পিছত, ২০১৪ চনৰ পৰা ২০১৭ চনলৈ প্ৰায় ৩ বছৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে শিক্ষাৰ্থীসকল স্কুললৈ যাব পৰা নাছিল।

আই.এছ-এ ২০১৪ চনত মচুল দখল কৰিছিল। তাৰপিছত আৰৱ দেশখনৰ সৰহভাগ অঞ্চল দখল কৰি ইৰাক আৰু ছিৰিয়াক সামৰি ‘খেলাফৎ’ ঘোষণা কৰিছিল আই.এছ-এ। আমেৰিকাৰ নেতৃত্বত ইৰাকৰ চৰকাৰী বাহিনীয়ে অভিযান চলাই দুয়োখন দেশতেই আই.এছক পৰাভূত কৰাৰ পিছত ২০১৬ চনৰ ১৭ অক্টোবৰত আমেৰিকাৰ নেতৃত্বত বিমান আক্ৰমণৰ সহায়ত মচুল পুনৰুদ্ধাৰ অভিযান আৰম্ভ হৈছিল। ২০১৭ চনৰ ৯ জুলাইত ইৰাকৰ মচুল চহৰ আই.এছৰ কৱলৰ পৰা উদ্ধাৰ কৰা হয়। ৯ মাহৰ কঠিন যুদ্ধৰ পাছত ‘বিজয়’ ঘোষণা কৰে ইৰাকৰ প্ৰধানমন্ত্ৰী হায়দাৰ আল আবাদিয়ে।

মচুল মুক্ত হোৱাৰ পিছত ইৰাক চৰকাৰে নিৰ্দেশ দিয়ে, শিক্ষাগত যোগ্যতাৰ পৰিৱৰ্তে বয়স হিচাব কৰি শিক্ষাৰ্থীসকলে নতুন শ্ৰেণীত ভৰ্তি হৈ পঢ়া-শুনা কৰিব লাগিব। ৩ বছৰ স্কুললৈ যাব নোৱৰা শিক্ষাৰ্থীসকলে বয়সৰ হিচাব কৰি উচ্চ শ্ৰেণীত ভৰ্তি হৈ অভাৱনীয় চাপত পৰে। মচুলত সেয়ে এক নাভুত-নাশ্ৰুত পৰিস্থিতিৰ সৃষ্টি হৈছে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত। এতিয়া মচুলৰ ৮০৮ খন স্কুলত ৫৭৪৩২২ জন শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰি আছে। শ্ৰেণীত শতাধিক শিক্ষাৰ্থীৰ বাবে হয়তো এজন শিক্ষক! ৩ বছৰৰ শ্ৰেণীৰ একো নজনাকৈ উচ্চ শ্ৰেণীত পঢ়িবলৈ গৈ নাজল-নাথল অৱস্থা শিক্ষাৰ্থীৰ, লগতে শিক্ষকৰো।

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
University of Mosul’s Library (Image: Al-Fanar Media)

বিশ্ববেংকৰ তথ্য অনুসৰি ইৰাকৰ বাজেটৰ মাত্ৰ ৯.৭% শিক্ষাৰ বাবে ব্যয় কৰা হয় আৰু সেইবাবে নতুন শ্ৰেণী নিৰ্মাণ, মেৰামতি একো হোৱা নাই তথা শিক্ষকৰ দৰমহাও একেবাৰেই কম।

মচুলৰ শিশুসকলে শৈশৱৰ পৰাই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লগীয়া হৈছে। এটাৰ পিছত এটা সংঘৰ্ষ , যুদ্ধ, এইবোৰৰ বাবে শিশুসকলৰ মানসিক স্বাস্থ্যৰো অৱনতি হৈছে। তেনেস্থলত, ৩ বছৰ স্কুললৈ নোযোৱাৰ পিছত ‘ত্ৰিপল প্ৰমোশ্যনে’ কেনে অৱস্থাৰ সৃষ্টি কৰিছে – অনুমান কৰাও কঠিন।

###

এইবছৰ বাংলাদেশত ঈদুল-আজহা উপলক্ষে ৯৯,৫০,৭৬৩ গৰু,ম’হ, ছাগলী, ভেৰা আদি কুৰ্বানি( কোৰবানি)

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Image: Timeanddate.com

বাংলাদেশৰ মৎস্য আৰু প্ৰাণীসম্পদ মন্ত্ৰালয়ৰ বিজ্ঞপ্তিত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ ঈদুল -আজহা উপলক্ষে সমগ্ৰ বাংলাদেশত মুঠ ৯৯,৫০,৭৬৩ টা ঘৰচীয়া পশু কুৰ্বানি দিয়া হৈছে আৰু যোৱা বছৰৰ তুলনাত এই বছৰ ৮,৫৭,৫২১ টা ঘৰচীয়া পশু অধিক হৈছে।

বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে, এই বছৰ ঢাকা বিভাগত ১১,৬৭,৮১০ টা গৰু-ম’হ; ১৩,২৩,৭১১ টা ছাগলী-ভেৰা, আৰু অন্যান্য ২৪৭ টা সহকাৰে মুঠ ২৪,৯১,৭৬৮ টা ঘৰচীয়া পশু; আৰু চট্টগ্ৰাম বিভাগত ১৩,১৩,৬৭৮ টা গৰু-ম’হ; ৮,১৪,৬৮৫ টা ছাগলী-ভেৰা, আৰু অন্যান্য ৯৬ টা সহকাৰে মুঠ ২১,২৮,৪৫৯ টা ঘৰচীয়া পশু; তথা ৰাজশাহী বিভাগত ৭,০৯,২৪৩ টা গৰু-ম’হ; ১,২৮,৮৮৫ টা ছাগলী-ভেৰাসহ মুঠ ১৯,৯৮,১২৮ টা ঘৰচীয়া পশু কুৰ্বানি দিয়া হৈছে।

তাৰোপৰি খুলনা বিভাগত ২,৫৮,২৬৪ টা গৰু-ম’হ; ৬,৬৭,৯৩০ টা ছাগলী-ভেৰা; আৰু অন্যান্য ১৫ টা সহ মুঠ ৯,২৬,২০৯ টা ঘৰচীয়া পশু; ৰবিশাল বিভাগত ২,৬৭,৬১৪ টা গৰু-ম’হ; ২,৩১,৩২৩ টা ছাগলী-ভেৰা সহ মুঠ ৪,৯৮,৯৩৭ টা ঘৰচীয়া পশু; চিলেট বিভাগত ২,০১,১৮৬ টা গৰু-ম’হ; ১,৯১,৩৯৭ টা ছাগলী-ভেৰা সহ মুঠ ৩,৯২,৫৮৩ টা ঘৰচীয়া পশু; ৰংপুৰ বিভাগত ৫,৩১,০৯৩ টা গৰু-ম’হ; ৬,০৭,৮০৩ টা ছাগলী-ভেৰা সহ মুঠ ১১,৩৮,৮৯৬ টা ঘৰচীয়া পশু; ময়মনসিংহ বিভাগত ১,৮০,৫৪৮ টা গৰু-ম’হ; ১,৯৫,১৮৬ টা ছাগলী-ভেৰা আৰু অন্যান্য ৪৯ টা সহ মুঠ ৩,৭৫,৭৮৩ টা ঘৰচীয়া পশু কুৰ্বানি হৈছে।

###

ক্ৰিস্টিয়ানো ৰোনাল্ডো বিক্ৰীৰ বাবে নহয়

১২ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Image: UAFE.COM

ক্ৰিস্টিয়ানো ৰোনাল্ডোক বিক্ৰী কৰা নহ’ব বুলি মানচেষ্টাৰ ইউনাইটেডৰ কোচ্ ( প্ৰশিক্ষক) এৰিক টেন হাগ-এ স্পষ্টভাবে জনাই দিছে।

তেওঁ কয় যে ক্ৰিস্টিয়ানো ৰোনাল্ডো বিক্ৰীৰ বাবে নহয়। ৰোনাল্ডোই মানচেষ্টাৰ এৰিব পাৰে বুলি গুণগুণনি শুনা গৈছিল। সেয়ে সকলো ধৰণৰ জল্পনাৰ ইতি টানিলে তেওঁ।

হাগ আৰু ক্ৰিস্টিয়ানো ৰোনাল্ডোক লৈ বৃটিছ পত্ৰিকা টাইমচ্-অত এক প্ৰতিবেদন প্ৰকাশ কৰা হয়। তাতেই ৰোনাল্ডো সম্পৰ্কে এৰিক টেন হাগ-এ কয়, ‘এই ইচ্যুটো সন্মুখলৈ অহাৰ আগতেই ক্ৰিস্টিয়ানো ৰোনাল্ডোৰ সৈতে মোৰ কথা হৈছে। ভালদৰে আলোচনা হৈছে। ক্ৰিস্টিয়ানো ৰোনাল্ডোই মোক কোৱা নাই যে তেওঁ মানচেষ্টাৰ এৰিবলৈ আগ্ৰহী। মই এইবিষয়ে অইনত পঢ়িছো। ক্ৰিস্টিয়ানো ৰোনাল্ডোক বিক্ৰী কৰা নহয়, তেওঁ বিক্ৰীৰ বাবে নহয়। তেওঁ আমাৰ পৰিকল্পনাৰ অংশ আৰু আমি সন্মিলিত ভাৱে সফল হ’ব বিচাৰো। এইবাৰৰ চিজনত আমি ক্ৰিস্টিয়ানো ৰোনাল্ডোক লৈ পৰিকল্পনা তৈয়াৰ কৰিছো আৰু একেলগে আগবাঢ়ি যাবলৈ সাজু হৈ আছো।’

###

ইউক্ৰেনত ৰাছিয়াৰ আক্ৰমণ অব্যাহত

ৰাছিয়াই ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভকে ধৰি পূবৰ চহৰসমূহত নতুনকৈ আৰ্টিলাৰী গুলীচালনা কৰে, য’ত কমেও ৬ জন লোক নিহত হয়। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে যোৱা নিশা কয় যে শনিবাৰৰ পৰা ৰাছিয়াই দেশখনত ৩৪টা বিমান আক্ৰমণ চলাইছে। ডনেস্ক প্ৰদেশৰ এখন চহৰ চাচিভ ইয়াৰৰ এটা ধ্বংসপ্ৰাপ্ত আৱাসিক ভৱনত কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে দুডজন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে।

###

ইলন মাস্কে টুইটাৰ নিকিনিলে গোচৰ!

শুকুৰবাৰে ইলন মাস্কে টুইটাৰৰ সৈতে ৪৪ বিলিয়ন ডলাৰৰ চুক্তি বাতিলৰ সিদ্ধান্তৰ পিছত টুইটাৰৰ শ্বেয়াৰসমূহৰ মূল্য দিনটোৰ মাজভাগৰ ব্যৱসায়ত প্ৰায় ১১% হ্ৰাস পাইছে। ভুৱা একাউণ্টৰ সংখ্যাৰ সন্দৰ্ভত টুইটাৰে প্ৰদান কৰা তথ্যৰ সন্দৰ্ভত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনে ছ’চিয়েল-মিডিয়াৰ দৈত্যস্বৰূপ টুইটাৰৰ বিৰুদ্ধে মতানৈক্য প্ৰকাশ কৰিছিল। টুইটাৰে আমেৰিকাৰ আইন সংস্থা ‘ৱাচেল’ক নিয়োগ কৰি মাস্কক এই চুক্তি সম্পূৰ্ণ কৰিবলৈ বাধ্য কৰাবলৈ চেষ্টা কৰিছে।

###

৫ ছেপ্টেম্বৰত বৃটেইনত নতুন নেতা

১৯২২ চনৰ ট’ৰী সাংসদসকলৰ কমিটীৰ অধ্যক্ষ ছাৰ গ্ৰেহাম ব্ৰেডিয়ে জনোৱা মতে, ৫ ছেপ্টেম্বৰত ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টিয়ে নিজৰ নতুন নেতা ঘোষণা কৰিব। প্ৰধানমন্ত্ৰী বৰিছ জনছনে তেওঁৰ ঠাইত প্ৰতিদ্বন্দ্বিতা কৰা ১১ জন প্ৰাৰ্থীৰ কোনো এজনকো সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰে। ৰাজকোষৰ নৱনিযুক্ত চ্যান্সেলৰ নাধিম জাহাৱীয়ে তেওঁক নিৰ্বাচিত কৰিলে অহা বছৰ নিগম কৰ বৃদ্ধিৰ পৰিকল্পনা বিলুপ্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

###

ইউৰোৰ মূল্য হ্ৰাস

pexels-photo-730647.jpeg
Photo by Carlos Pernalete Tua on Pexels.com

ইউৰোৰ মূল্য ২০ বছৰৰ নিম্নতম স্তৰলৈ হ্ৰাস পাইছে। উচ্চ মুদ্ৰাস্ফীতি আৰু শক্তিৰ নাটনিৰ সম্ভাৱনাই—এই শীতকালত ৰাছিয়াই ইউৰোপৰ গেছৰ যোগান কৰ্তন কৰিব লাগে নে—ব্যৱসায়ী সকলক আগতীয়াকৈ অহা মন্দাৱস্থাৰ বিষয়ে সতৰ্ক কৰি তুলিছে।

###

শ্ৰীলংকাৰ বতৰা

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰানিল উইক্ৰেমসিংহৰ কাৰ্যালয়ে সোমবাৰে জনোৱা মতে, প্ৰতিশ্ৰুতি অনুসৰি ১৩ জুলাইত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাই পদত্যাগ কৰিব বুলি নিশ্চিতকৰণ লাভ কৰিছে। বৰ্তমান ৰাষ্ট্ৰপতি ভৱন দখল কৰি থকা প্ৰতিবাদকাৰীয়ে তেওঁ সঁচাকৈয়ে পদত্যাগ কৰিব নে নাই সেই সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি তেওঁ পদত্যাগ নকৰালৈকে তেওঁলোকে ৰাষ্ট্ৰপতিৰ বাসভৱনতে থকাৰ পৰিকল্পনা কৰিছে বুলি কয়। তেওঁলোকে দেশৰ বিত্তীয় সংকট, দ্ৰুত মুদ্ৰাস্ফীতি, খাদ্য আৰু ইন্ধনৰ নাটনিৰ বাবে ক্ষুব্ধ হৈ পৰিছে ।

12-07-2022 [ Headline Image: News18]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

 

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

building during golden hour
World

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত

by Admin
August 7, 2022
0

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ দিলীপ দৈমাৰী  ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা ঘটনাৰ দৰেই সমান্তৰাল ঘটনা টাইৱানৰ সৈতে দেখা দিছে, যিটো পূবৰ...

Read more
Traditional Masculinity: The damage It Does

Traditional Masculinity: The damage It Does

August 7, 2022
PEC demands justice to Myanmar photographer Aye Kyaw

PEC demands justice to Myanmar photographer Aye Kyaw

August 7, 2022
৭ আগষ্টঃ কেইটামান খবৰ

৭ আগষ্টঃ কেইটামান খবৰ

August 7, 2022
NEW GST RATES

NEW GST RATES

August 6, 2022
৬ আগষ্টঃ কেইটামান খবৰ

৬ আগষ্টঃ কেইটামান খবৰ

August 6, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
Kharkiv School Graduate In Her Graduation Dress!

Kharkiv School Graduate In Her Graduation Dress!

June 9, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
building during golden hour

টাইৱান এক স্পন্দনশীল গণতন্ত্ৰ, যি বাস কৰে সংঘাতৰ ডাৱৰৰ তলত

August 7, 2022
Sunday Getaway To A Local Natural Retreat

Sunday Getaway To A Local Natural Retreat

August 7, 2022
Traditional Masculinity: The damage It Does

Traditional Masculinity: The damage It Does

August 7, 2022
PEC demands justice to Myanmar photographer Aye Kyaw

PEC demands justice to Myanmar photographer Aye Kyaw

August 7, 2022

Popular Stories

  • OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    OPEN LETTER FROM MYANMAR PEOPLE TO CIVIL SOCIETY ORGANIZATIONS AND POLITICAL PARTIES OF INDIA

    105 shares
    Share 42 Tweet 26
  • ৬ আগষ্টঃ কেইটামান খবৰ

    10 shares
    Share 4 Tweet 3
  • Ukraine: Evil cannot win

    87 shares
    Share 35 Tweet 22
  • Emergence Of The KNF In Chittagong Hill Tracts

    361 shares
    Share 144 Tweet 90
  • PEC demands justice to Myanmar photographer Aye Kyaw

    5 shares
    Share 2 Tweet 1
  • UTA demands a correct NRC for Assam

    13 shares
    Share 5 Tweet 3
  • ১ আগষ্টঃ কেইটামান খবৰ

    18 shares
    Share 7 Tweet 5
  • ম্যানমাৰৰ জনসাধাৰণৰ পৰা ভাৰতৰ নাগৰিক সমাজ সংগঠন আৰু ৰাজনৈতিক দললৈ মুকলি পত্ৰ

    19 shares
    Share 8 Tweet 5
  • Kharkiv School Graduate In Her Graduation Dress!

    132 shares
    Share 53 Tweet 33
  • ৫ আগষ্টঃ কেইটামান খবৰ

    7 shares
    Share 3 Tweet 2
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: