• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

১৩ জুলাইঃ কেইটামান খবৰ

মোহন খাউণ্ড 

by Admin
July 13, 2022
in News, World
Reading Time: 5 mins read
0
১৩ জুলাইঃ কেইটামান খবৰ
Share on FacebookShare on TwitterShare on LinkedIn

খবৰ

মোহন খাউণ্ড 

ব্ৰিটেইনৰ কনজাৰ্ভেটিভ পাৰ্টিৰ নেতৃত্বৰ প্ৰতিযোগিতাত প্ৰাৰম্ভিকভাৱে আগশাৰীত থকা ঋষি সুনাকে আনুষ্ঠানিকভাৱে নিজৰ প্ৰাৰ্থীত্ব মুকলি কৰে।

যোৱা সপ্তাহত নিজে পদত্যাগ কৰাৰ ফলত বৰিছ জনছনক প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাট কাটি দিয়া পৰ্বৰ সূচনা কৰা প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ অনাৰ পূৰ্বে কৰ কৰ্তনৰ বিৰুদ্ধে যুক্তি দি প্ৰতিদ্বন্দ্বীসকলৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। 
১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
ঋষি সুনাক

###

RelatedPosts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 6, 2023
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023
যোৱা দেওবাৰে বাতৰি কাকতত প্ৰকাশ হোৱা, উবেৰে নতুন বজাৰত প্ৰৱেশৰ বাবে লবী কৰা অভিযানক লৈ হোৱা বিতৰ্কত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে উবেৰৰ সৈতে থকা নিজৰ ভূমিকাক ৰক্ষণাবেক্ষণ দিয়ে।
পূৰ্বৰ প্ৰশাসনৰ বিত্তমন্ত্ৰী হিচাপে মেক্ৰনে আমেৰিকাৰ ৰাইড-হেলিং কোম্পানীটোৰ সৈতে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছিল।
১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

তেওঁৰ বিৰোধীসকলে আনুষ্ঠানিক তদন্তৰ আহ্বান জনাইছে যদিও মেক্ৰনে কয় যে তেওঁ কেৱল নিজৰ কৰ্তব্য পালন কৰি “হাজাৰ হাজাৰ চাকৰি”ৰ সৃষ্টি কৰিছিল।

###

Spanish PM
প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজ

স্পেইন চৰকাৰে কয় যে মুদ্ৰাস্ফীতিৰ ফলত হোৱা যন্ত্ৰণা কম কৰিবলৈ বেংক আৰু শক্তি কোম্পানীসমূহৰ ওপৰত অহা দুবছৰত ৭ বিলিয়ন ডলাৰৰ মূল্যৰ উইণ্ডফল কৰ আৰোপ কৰা হ’ব।

সমাজবাদী প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে যুক্তি আগবঢ়ায় যে এই পদক্ষেপে বৃদ্ধি পোৱা সুতৰ হাৰ আৰু উচ্চ শক্তিৰ ব্যয়ৰ বাবে হোৱা ফাৰ্মসমূহৰ অত্যধিক লাভৰ পৰিমাণ হ্ৰাস কৰিব। স্পেইনৰ বৃহৎ বেংকসমূহৰ শ্বেয়াৰমূল্য হ্ৰাস পাইছে।

###

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

আমেৰিকাই দাবী কৰিছে যে ইৰাণে ইউক্ৰেইনত ব্যৱহাৰৰ বাবে ৰাছিয়াক “কেইবাশ” যুদ্ধ ড্ৰ’ন যোগান ধৰাৰ পৰিকল্পনা কৰিছে।

ইউক্ৰেইনৰ সামৰিক বিষয়াসকলে জনোৱা মতে, তেওঁলোকে আমেৰিকাত নিৰ্মিত হিমাৰ নামৰ এক প্ৰকাৰৰ ভ্ৰাম্যমাণ ৰকেট-লঞ্চাৰেৰে খেৰচনৰ ওচৰৰ ৰাছিয়াৰ এটা গোলাবাৰুদৰ ডিপো ধ্বংস কৰিবলৈ সক্ষম হয়। ইফালে ডনেস্ক প্ৰদেশৰ এটা আৱাসিক ভৱনত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পাইছে।

###

হিথ্ৰ’ৰ মুখ্য কাৰ্যবাহীয়ে ব্ৰিটেইনৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰত সেৱা আগবঢ়োৱা বিমান সংস্থাসমূহক গ্ৰীষ্মকালৰ বাবে ৰিজাৰ্ভচন বুকিং কৰা বন্ধ কৰিবলৈ কৈছে।

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
FILE PHOTO: Passengers queue inside the departures terminal of Terminal 2 at Heathrow Airport in London, Britain, June 27, 2022. REUTERS/Henry Nicholls/File Photo

বিমানবন্দৰত কৰ্মচাৰীৰ নাটনিয়ে অভাৱনীয় সংকট তীব্ৰতৰ কৰি তুলিছে, যাৰ ফলত শাৰীপতাৰ ক্ষেত্ৰকে ধৰি, উৰণৰ পলম আৰু বিভিন্ন ভুলৰ সৃষ্টি হৈছে- যিবোৰ কোনোপধ্যেই “গ্ৰহণযোগ্য নহয়”।

বিমান সংস্থাসমূহক হিথ্ৰ’ৰ ক্ষমতা প্ৰতিদিনে ১ লাখ যাত্ৰীলৈ সীমিত কৰাত সহায় কৰিবলৈ উৎসাহিত কৰা হৈছে।

### 

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
জেমছ ৱেব স্পেচ টেলিস্কোপ

বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপে দূৰৰ গ্ৰহত ‘পানীৰ চিহ্ন’ বন্দী কৰে।

নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপে ১১৫০ আলোকবৰ্ষ দূৰত সূৰ্য্যৰ দৰে তৰা এটাক প্ৰদক্ষিণ কৰি থকা দূৰ গ্ৰহৰ বায়ুমণ্ডলত থকা পানীৰ সুকীয়া উপস্থিতি বন্দী কৰিছে। ক্ষুদ্ৰপথত অৱস্থিত বিশাল গেছ গ্ৰহ WASP 96-b ত বন্দী কৰা হৈছে। বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপটোৱে তোলা ফটোৰ কেইখনমান মুকলি কৰাৰ সময়তে নাছাই এই কথা প্ৰকাশ কৰে।

###

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

প্ৰথমবাৰৰ বাবে কেমেৰাত ধৰা পৰিল ‘গাখীৰৰ সাগৰ’( Milky Sea)ৰ ৰহস্যময় পৰিঘটনা।

এটা উপগ্ৰহই ইণ্ডোনেছিয়াৰ দক্ষিণ অংশত গাখীৰৰ দৰে সাগৰৰ বিৰল ক্ষেত্ৰৰ ছবি তুলি লৈছিল, যিটো পৰিঘটনাত দেখা যায় যে আলোকময় বেক্টেৰিয়াৰ বাবে পানী পোহৰ হৈ পৰে। আমেৰিকাৰ গৱেষকৰ এটা দলে নিশ্চিত কৰিছে যে এখন ব্যক্তিগত ইয়টৰ ক্ৰুৱে গাখীৰৰ দৰে সাগৰৰ সন্মুখীন হৈছে, যিটো সমগ্ৰ বিশ্বতে বছৰি মাত্ৰ এবাৰ বা দুবাৰহে দেখা দিয়ে বুলি ধাৰণা কৰা হৈছে।

###

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৫ হাজাৰৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে মঙলবাৰে জনোৱা মতে, ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰাৰ পিছত ইউক্ৰেইনত ৫ হাজাৰতকৈ অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে আৰু ৬৫০০ৰো অধিক লোক আহত হৈছে। ইউক্ৰেইনত অ’.এইচ.চি.এইচ.আৰৰ বহু কেইজন মানৱ অধিকাৰ নিৰীক্ষক আছে।

###

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মণিপুৰত বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

মঙলবাৰে মণিপুৰ চৰকাৰে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পোৱাৰ বাবে ৰাজ্যৰ সকলো বিদ্যালয় তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। ২৪ জুলাই, ২০২২ লৈকে বিদ্যালয় সমূহ বন্ধ থাকিব। মঙলবাৰে মণিপুৰত ৫৯ গৰাকী লোকৰ দেহত কৰ’না পজিটিভ পোৱাৰ লগে লগে পৰীক্ষাৰ পজিটিভিটি ৰেচিঅ’ই ১৫% সীমা অতিক্ৰম কৰাৰ সময়তে এই কাৰ্য সংঘটিত হৈছে।

###

yashwant
যশৱন্ত সিনহা

দেশৰ প্ৰয়োজন নাই নীৰৱ ৰাষ্ট্ৰপতি!

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী যশৱন্ত সিনহাই কয় যে দেশত নীৰৱ ৰাষ্ট্ৰপতি নহয়, বৰঞ্চ নৈতিক কৰ্তৃত্ব আৰু বিবেচনাৰে আগবঢ়া ব্যক্তিৰ প্ৰয়োজন। আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিৰোধী প্ৰাৰ্থী হৈছে যশৱন্ত সিনহা। ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে শাসকীয় দলটোৱে চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি সিনহাই কয় যে তেওঁ নিৰ্বাচিত হ’লে এনে কাৰ্য বন্ধ কৰি দিব।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাই মঙলবাৰে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে তেওঁ কেতিয়াও প্ৰতিদ্বন্দ্বীক ঠিক কৰিবলৈ কেন্দ্ৰীয় সংস্থাসমূহৰ এনে প্ৰকাশ্য, নিৰ্লজ্জ অপব্যৱহাৰ দেখা নাই। অশান্ত পৰিস্থিতিত ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন চলি আছে বুলি উল্লেখ কৰি গণতন্ত্ৰ ভয়াৱহ বিপদত পৰিছে বুলিও তেওঁ উল্লেখ কৰে। অৰ্থনীতি বেয়াকৈ পৰিচালিত হৈছে বুলিও তেওঁ লগতে কয়।

###

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Photo by Pixabay on Pexels.com

বিত্ত বৰ্ষ ২৩ত হোটেল উদ্যোগৰ ৰাজহ পুনৰ ক’ভিডৰ পূৰ্বৰ স্তৰলৈ ঘূৰি আহিব বুলি আই.চি.আৰ.এ. মত প্ৰকাশ কৰিছে।

হোটেল উদ্যোগৰ ‘ৰাজহ আৰু মাৰ্জিন’ বিত্তীয় বৰ্ষ ২৩-অত পুনৰ ক’ভিডৰ পূৰ্বৰ স্তৰলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে বুলি ৰেটিং এজেন্সী আইচিআৰএ প্ৰকাশ কৰিছে। আইচিআৰএ জনোৱা মতে, চাহিদা মূলতঃ ঘৰুৱা অবসৰ আৰু ক্ষণস্থায়ী ভ্ৰমণৰ দ্বাৰা পৰিচালিত হ’ব যদিও ব্যৱসায়িক ভ্ৰমণ আৰু বিদেশী পৰ্যটকৰ আগমনৰ ক্ষেত্ৰতো ক্ৰমান্বয়ে পুনৰুদ্ধাৰ হ’ব। ইয়াত লগতে কোৱা হৈছে যে বিত্তীয় বৰ্ষ ২৩ৰ বাবে প্যান-ইণ্ডিয়া প্ৰিমিয়াম হোটেলৰ দখল ৬৮-৭০% হ’ব বুলি আশা কৰা হৈছে।

###

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
The first full-color image from NASA’s James Webb Space Telescope

বিশ্বৰ আটাইতকৈ শক্তিশালী মহাকাশ টেলিস্কোপৰ পৰা লোৱা পূৰ্ণ ৰঙীন ছৱিৰ ১ম পৰ্যায়ৰ ছৱি মুকলি কৰা হ’ল।

বিশ্বৰ আটাইতকৈ শক্তিশালী মহাকাশ দূৰবীণ জেমছ ৱেব স্পেচ টেলিস্কোপৰ পৰা লোৱা নতুন পূৰ্ণৰঙী ছবি নাছাই মঙলবাৰে প্ৰকাশ কৰে। ইয়াত চাউদাৰ্ণ ৰিং গ্ৰহৰ নিহাৰিকাৰ ছবি মুকলি কৰা হৈছিল, য’ত ধূলি আৰু পোহৰৰ তৰপেৰে আবৃত এটা মৃত্যুমুখী তৰা দেখা গৈছিল। আন এখন ছবিত দেখা গৈছে ষ্টেফানৰ কুইণ্টেট, যিটো পাঁচটা তাৰকাৰাজ্যৰ এক বিৰল দৃশ্যমান গোট। কেৰিনা নেবুলাৰ কেঁচুৱা তাৰকা উন্মোচন কৰা এখন ছবিও মুকলি কৰা হৈছিল।

###

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

ইউৰোক মুদ্ৰা হিচাপে গ্ৰহণ কৰা ২০ সংখ্যক দেশ হ’ব ক্ৰ’ৱেচিয়া।

ইউৰোপীয় সংঘই মঙলবাৰে ক্ৰ’ৱেচিয়াৰ ইউৰো মণ্ডলত যোগদানত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে, যাৰ ফলত বাল্কন দেশখনে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ইউৰোক নিজৰ মুদ্ৰা হিচাপে গ্ৰহণ কৰাৰ পথ মুকলি কৰি দিছে। , ইউৰোপীয় আয়োগৰ উপ-সভাপতি ভালডিছ ডম্ব্ৰ’ভস্কিছে কয়। ক্ৰ’ৱেচিয়াৰ বিত্তমন্ত্ৰীয়ে কয় যে ক্ৰ’ৱেচিয়াৰ বাবে এইটো এটা ডাঙৰ দিন।

###

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ

পাকিস্তানৰ বেলুচিস্তানত হোৱা প্ৰচন্ড বৰষুণত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।

পাকিস্তানৰ বেলুচিস্তানত বৰষুণৰ লগত জড়িত ঘটনাৱলীৰ বাবে ২৪ জন শিশুসহ ৬২ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি বিষয়াসকলে জনায়। অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ৬৭০ টাতকৈও অধিক বাসগৃহ ভাঙি যোৱাৰ লগতে প্ৰায় ৫০ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। পৃথকভাৱে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগে ১৪ জুলাইৰ পৰা ১৭ জুলাইলৈ কৰাচীত “প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড” বৰষুণ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে।

###

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
Image: pmnewsnigeria.com

ছিৰিয়াত আমেৰিকাৰ বিমান আক্ৰমণত নিহত হ’ল ইছলামিক ষ্টেটৰ নেতা।

আইছিছৰ শীৰ্ষ পাঁচজন নেতাৰ ভিতৰত অন্যতম তথা ছিৰিয়াৰ আইছিছৰ নেতা মাহেৰ আল-আগাল আমেৰিকাৰ বিমান আক্ৰমণত নিহত হৈছে বুলি মঙলবাৰে আমেৰিকাৰ সেনাই প্ৰকাশ কৰিছে। এই আক্ৰমণৰ সময়ত মাহেৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আইছিছৰ এজন জ্যেষ্ঠ বিষয়া গুৰুতৰভাৱে আহত হয়। বিবৃতিটোত লগতে কোৱা হৈছে যে প্ৰাৰম্ভিক পৰ্যালোচনাই ইংগিত দিয়ে যে কোনো সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা নাই।

### 

১৩ জুলাইঃ কেইটামান সংক্ষিপ্ত খবৰ
গোতাবায়া ৰাজাপক্ষে

আৰ্থিক সংকটত দেশবাসীক ডুবাই থৈ সপৰিবাৰে মালদ্বীপলৈ পলায়ন কৰিলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষে – এই খবৰ সংবাদ মাধ্যমৰ। মালদ্বীপেই নহয়, তেওঁৰ তালিকাত আছিল ভাৰত আৰু ডুবাইৰো নাম। কিন্তু অৱশেষত মালদ্বীপলৈ পলায়ন কৰিবলগীয়া হ’ল তেওঁ, সংবাদ মাধ্যমৰ দাবী। অৱশ্যে তেওঁ আগতেই ইংগিত দিছিল যে নিজৰ পৰিয়ালক নিৰাপদ স্থানলৈ নিনিয়া পৰ্যন্ত তেওঁ পদত্যাগ নকৰে। ইতিমধ্যে তেওঁ পলায়ন কৰাৰ পিছত শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে।

আজি বুধবাৰে তেওঁ পদত্যাগ কৰা কথা। তেওঁৰ ভাতৃ তথা প্ৰাক্তন বিত্তমন্ত্ৰী বাচিল-এও ডুবাই অভিমুখে ৰাওনা হ’ব বিচাৰিছিল যদিও বিমানবন্দৰত তেওঁক চিনিব পৰাৰ পিছত যাবলৈ অনুমতি দিয়া নহ’ল।

13-07-2022

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?
Women

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

by Admin
June 6, 2023
0

Wrestlers’ Protest: Will they get Justice against Sexual Harassment? KAKALI DAS Welcome to the New India – on Veer Savarkar’s...

Read more
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023
pexels-photo-359989.jpeg

জীৱনৰ বিষয়ে এখনি ৰচনা

June 6, 2023
blade of grass close up dew drip

Ecology over Economics – for a sustainable tomorrow

June 5, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
বিকাশ বনাম বিনাশ : দুখন ছবি

বিকাশ বনাম বিনাশ : দুখন ছবি

June 6, 2023
Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 6, 2023
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 6, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 6, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    908 shares
    Share 363 Tweet 227
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    644 shares
    Share 258 Tweet 161
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    635 shares
    Share 254 Tweet 159
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    419 shares
    Share 168 Tweet 105
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    261 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: