১৩.৫শ কোটি বছৰীয়া নক্ষত্ৰ
ড০ ৰাস্না ৰাজখোৱা
কেইজনমান জ্যোতিৰ্বিদে অলপতে এটা বিৰল নক্ষত্ৰ চিনাক্ত কৰিছিল৷ জ্যোতিৰ্বিদ কেইজনে ভাবিছিল যে, তেওঁলোকে প্ৰায় ১৩.৫শ কোটি (বিলিয়ন) বছৰীয়া পুৰণি নক্ষত্ৰ এটা চিনাক্ত কৰিছে, যিটো মহানাদ বিস্ফোৰণৰ ঠিক পিছতে জন্ম হৈছিল আৰু আশ্চৰ্যজনক কথাটো হ’ল ই আমাৰ একেবাৰে কাষতে আছে।
এই নতুন আৱিষ্কাৰৰ পৰা অনুমান কৰা হয় যে, আমাৰ তাৰকাৰাজ্যৰ বয়স আগতে ভবাতকৈ বেছি হ’ব পাৰে আৰু বিজ্ঞানীসকলে আশা কৰে যে 2MASSJ18082002-5104378B তৰাটো অধ্যয়ন কৰিলে বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক দিনৰ বহুত কথা আমি জানিব পাৰিম৷
জন হপকিন্স বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্পদার্থবিদ কেলভিন চক্ল’ফমেনে কয় যে, এই তৰাটো ১০ নিযুত নক্ষত্ৰৰ মাজৰ এটা নক্ষত্ৰ হ’ব পাৰে, ই আমাক প্ৰথম প্ৰজন্মৰ নক্ষত্ৰৰ বিষয়ে অত্যন্ত গুৰুত্বপূর্ণ কিছু তথ্য দিব৷
কক্ষপথৰ ক্ষেত্ৰত ই এটা ব্যতিক্ৰমী নক্ষত্ৰ৷ ই হাতীপটি তাৰকাৰাজ্যৰ পাতল থালখনৰ এটা নিৰাপদ অৱস্থানত আৰু তাৰকাৰাজ্যৰ সমতলৰ ভিতৰত আমাৰ সূর্যৰ দৰে অৱস্থিত৷ সাধাৰণতে কমকৈ ধাতু থকা নক্ষত্ৰ জ্যোতিৰ্বিদসকলে বেছিকৈ বিচাৰে, কাৰণ সেইবোৰ গঠন হয় বহুতো নক্ষত্ৰৰ চুপাৰন’ভা বিস্ফোৰণ আৰু গধুৰ মৌল মহাকাশত সিঁচৰতি হোৱাৰ আগতে, ‘বিগ বেঙ’ৰ ঠিক পিছতেই৷ বিজ্ঞানীসকলে আৰু কেইটামান এনেকুৱা মুষ্টিমেয় বিস্ময়কৰ পুৰণি তৰা চিনাক্ত কৰিছে যদিও নতুনকৈ চিনাক্ত কৰা নক্ষত্ৰটো খুব সৰু, কেৱল সূর্যৰ ভৰৰ ১৪ শতাংশ। ৷ তেওঁলোকে আশা কৰে যে এই নতুন আৱিষ্কাৰেই বহুত বেছি বিস্ময়কৰ পুৰণি তৰাৰ পর্যবেক্ষণৰ প্ৰথম ঘটনা হ’ব ৷
ক্লফমেনে কয়, “যদি আমাৰ যুক্তিৰে লোৱা সিদ্ধান্তসমূহ শুদ্ধ হয়, তেন্তে কম ভৰযুক্ত নক্ষত্ৰটো যিবোৰ পদার্থৰে গঠন হৈছিল, সেইবোৰ বিগ বেঙৰ সময়ত আছুতীয়াকৈ ওলাই আহিছিল৷” তেওঁ আৰু কয়, “যদিও আমি এতিয়ালৈকে এনেকুৱা বস্তু আমাৰ তাৰকাৰাজ্যত আৱিষ্কাৰ কৰিব পৰা নাই, তথাপি কিন্তু থাকিব পাৰে৷
এই নতুন গৱেষণাটোৰ বিষয়ে বিৱৰি এখন গৱেষণা পত্ৰ ২০১৮ চনৰ ৫ নৱেম্বৰত ‘The Astrophysics Journal’-অত প্ৰকাশ কৰা হয়৷