• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 6, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

১৫ আগষ্টঃ “সেই আমৰ গুটিটু চুহিয়ে আছা” !

ASSAMESE SECTION / Assam Accord

by Anjan Sarma
August 15, 2025
in ASSAMESE SECTION, Special Report
Reading Time: 4 mins read
0
১৫ আগষ্টঃ “সেই আমৰ গুটিটু চুহিয়ে আছা” !
Share on FacebookShare on TwitterShare on LinkedIn

১৫ আগষ্টঃ “সেই আমৰ গুটিটু চুহিয়ে আছা” !

১৫ আগষ্টঃ "সেই আমৰ গুটিটু চুহিয়ে আছা" !

অঞ্জন শৰ্মা

Anjan Sarma Pic
অঞ্জন শৰ্মা

 আজি দুবছৰমান আগৰ কথা।

গুৱাহাটী বিমানবন্দৰৰ ভিতৰত কলকাতালৈ উৰি যাবলৈ ভৰালী উপাধিৰ এগৰাকী অধিবক্তাই অপেক্ষা কৰি বহি আছে।

তেনে সময়তে ভট্টাচাৰ্য্য উপাধিৰ অইন এগৰাকী জ্যেষ্ঠ অধিবক্তাও প্ৰৱেশ কৰা দেখা গ’ল। দুয়োজনৰে চাৰিচকুৰ মিলন হ’ল।

দুয়ো পশ্চিম অসমৰ, নিজৰ মাজত কথা-বতৰাও ‘কেজুৱেল‘।

১৫ আগষ্টঃ "সেই আমৰ গুটিটু চুহিয়ে আছা" !


জ্যেষ্ঠ অধিবক্তা ভট্টঃ কি হা ভৰালী, কোত যাবা? 

অধিবক্তা ভৰালীঃ কোলকাতাক যাম ছাৰ। কেছ আছে।

জ্যেষ্ঠ অধিবক্তা ভট্টঃ কাৰ কেছ হা ?

অধিবক্তা ভৰালীঃ …….. কোম্পানীৰ ছাৰ।

জ্যেষ্ঠ অধিবক্তা ভট্টঃ তুমি কম বস্তু নহে দা, সেই আমৰ গুটিটু চুহিয়ে আছা!!

অধিবক্তা ভৰালীঃ (সেমেনা সেমেনি কৰি ...) আপ্নি কোত যায় ছাৰ?

জ্যেষ্ঠ অধিবক্তা ভট্টঃ মোৰটু বাদ দিয়া হা, তুমি চুহা, চুহি থাকা…!


        ১৫ আগষ্ট দিনটো আহিলেই কিয় জানো, অধিবক্তা ভট্ট আৰু অধিবক্তা ভৰালীৰ কথপোকথন মনলৈ আহে। ভাব হয়, আমিও আমৰ গুটিটো চুহি থকা নাইনে ?

আমি যিদৰে ‘অসম চুক্তি‘ নামৰ আমৰ গুটিটো ১৯৮৫ চনৰ পৰা চুহি চুহি চুহিব নোৱৰা হোৱাৰ পিছতো ক্ষান্ত নহৈ গুটিটোৰ ওপৰত মৌজোল ঢালি লৈ চুহি আছো, আমাৰ পিতৃ তথা তেওঁলোকৰ প্ৰজন্মইও ‘১৯৪৭ চনৰ ১৫ আগষ্ট’ৰ গুটিটো চুহি চুহিয়েই বিদায় ল’লে! কি ভাবি বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল, কি হ’ল! আমিও ছাত্ৰাৱস্থাৰে পৰা কি ভাবি আন্দোলন কৰিলো, কি হ’ল!

তথাপিও, আমৰ গুটি চুহি থকা পৰ্ব চলিয়েই আছে, ‘অসম চুক্তি ৰূপায়ণ’ মন্ত্ৰীয়ে ডিঙিত গামোচা পিন্ধিয়েই আছে! কেৱল অসম চুক্তি নহয়, বিভিন্ন জাতৰ আমৰ গুটি (যেনে ৬ নং দফা, যেনে ‘অচ্ছে দিন’, যেনে ‘স্মাৰ্ট চিটি’, যেনে…, ইত্যাদি আমৰ গুটি) চুহি থকা আমিবোৰ আচলতে কি? 
        চন্দ্ৰকান্ত সিংহক মানসৈন্যই পৰাজিত কৰাৰ পিছত অসমৰ স্বাধীনতা লুপ্ত হয় আৰু পিছলৈ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে বৃটিছ তথা মানৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমত বৃটিছে খোপনি পোতে – এইখিনি কথা আমি প্ৰায় সকলোৱেই জানো; কিন্তু ইতিহাসৰ পৃষ্ঠা খুচৰিলে গম পোৱা যায় যে ইয়াণ্ডাবু সন্ধিৰ পিছত আহোমৰ ৰাজত্ব চলা অঞ্চলবোৰ হে বৃটিছে হস্তগত কৰিছিল।

অবিভক্ত গোৱালপাৰা, অবিভক্ত কামৰূপ আৰু দৰ‍ং – যি অঞ্চলক কোঁচ হাজো বোলা হৈছিল , সেই বৃহৎ অঞ্চলৰ একাংশ বহুত বছৰ আগতেই মোগলৰ হাতৰ পৰা বৃটিছে নিজৰ দখললৈ নিছিল। আহোম ৰজা গৌৰীনাথ সিংহৰ দিনত, ১৭৯৩ চনত হোৱা বাণিজ্যিক চুক্তি অনুসৰি পূৱ অসম আৰু পশ্চিম অসমত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেপাৰীয়ে প্ৰৱেশ কৰিছিল, আৰু পিছত ১৮২৩/২৪ চনত কামৰূপত বৃটিছে ভালদৰেই প্ৰৱেশ কৰে।

গোৱালপাৰা আৰু উত্তৰ-পশ্চিম কামৰূপ ১৭৬৫ চনত পোনে পোনে মোগলৰ হাতৰ পৰা বৃটিছে লৈছিল। ইতিহাসৰ বিৱৰ্ণ পৃষ্ঠাত পোৱা যায় যে মোগলে সপ্তদশ শতিকাৰ প্ৰথমভাগত কোঁচ – হাজো দখল কৰি ইতিপূৰ্বে প্ৰচলিত ‘বিনিময় প্ৰথা’ৰ দ্বাৰা খাজনা দিয়া পদ্ধতি বিলোপ কৰি টকাৰে খাজনা দিয়া পদ্ধতি প্ৰৱৰ্তন কৰে। এই নতুন পদ্ধতিৰ বাবে গোৱালপাৰা আৰু কামৰূপৰ কৃষক সকল বিক্ষুব্ধ হৈ পৰে। তাৰপিছত বৃটিছৰ কেঁকোৰা চেপা অত্যাধিক বৃদ্ধি হয়।

আমি আগতে এক দীঘলীয়া প্ৰৱন্ধৰ জৰিয়তে গোৱালপাৰাৰ মেচপাৰাৰ জমিদাৰ ৰণৰাম চৌধুৰীয়ে ১৭৮৮ চনৰ ২২ নৱেম্বৰ তাৰিখে বৃটিছ শোষক ব্ৰেইলী চাহাবৰ গুদাম আদিত ৫০০ বৰকান্দাজ চিপাহী লৈ প্ৰচন্ড আক্ৰমণ চলোৱা বিষয়টোৰ ওপৰত আলোকপাত কৰি ব্যক্ত কৰিছো যে ১৮২৮ চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত হোৱা সশস্ত্ৰ বিদ্ৰোহৰ ৪০ বছৰৰ আগতে ৰণৰাম চৌধুৰীয়ে কৰা সশস্ত্ৰ বিদ্ৰোহ আমাৰ এই মুলুকৰ প্ৰথম বিদ্ৰোহ আছিল ( যদিও স্বীকৃতি নাই)!

বৃটিছৰ কেঁকোৰা চেপা দিনে দিনে বৃদ্ধি পোৱাৰ পটভূমিত গোৱালপাৰাত ৰণৰাম চৌধুৰীয়ে যিদৰে বিদ্ৰোহ ঘোষণা কৰিছিল, কামৰূপতো ভবচন, পৰশুৰাম, নৱ, সনাতন আদি কোঁচ-ৰাজবংশী সামন্তৰ নেতৃত্বত কৃষকসকলে খাজনা নিদিবলৈ সিদ্ধান্ত লয়। এই সনাতন আছিল পাঠশালা- বজালী অঞ্চলৰ বিখ্যাত বীৰ সনাতন কোঁচ।

১৮৮৬ চনত পাঠশালাৰ সমীপৰ কুৱাৰা গাঁৱত খাজনা দিয়া বন্ধ কৰিব লাগে বুলি এখন প্ৰতিবাদী সভা হয় আৰু ১৮৮৯ চনত বৰ্তমানৰ পাঠশালাৰ সমীপৰ গোবিন্দপুৰ গাঁৱত খাজনা বৃদ্ধিৰ প্ৰতিবাদত প্ৰথমখন “ৰাইজ মেল” অনুষ্ঠিত হয় আৰু সেই মেলত যোগ দিবলৈ সৰ্থেবাৰী, লচিমা, চৌখুটি, বামাখাটা, পাটাছাৰকুছি, নিত্যানন্দ, জালিখাটা, গুণৰি আদি বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ প্ৰতিবাদী খেতিয়কে আহি সেই ৰাইজমেলত যোগদান কৰে।

এনে ৰাইজমেলৰ ক্ষেত্ৰতো এতিয়াৰ দৰে ঘটনা ঘটিছিল, কিছুমানে মনে মনে আৰু কিছুমানে প্ৰকাশ্যে ৰাইজমেল দমন কৰিব লাগে বুলি চৰকাৰক সহায় কৰিছিল। কিন্তু দমন কৰাত ব্যৰ্থ হৈছিল, আৰু সেইবাবে পাটাছাৰকুছি থানাৰ ডাৰোগা দেৱেন্দ্ৰনাথ শৰ্মাক বৰ্খাস্ত কৰা হৈছিল।

Screenshot 20250815 083718দ্বিতীয় ৰাইজমেল অনুষ্ঠিত হৈছিল ১৮৯৪ চনৰ ১০ জানুৱাৰী তাৰিখৰ পৰা ২৮ জানুৱাৰী তাৰিখলৈ – পাটাছাৰকুছি, বামাখাটা, যোগদলা, হেলনা আদি বিভিন্ন অঞ্চলত। টোকাবহীত লিখা আছে – এনে ৰাইজমেল সমূহ বন্ধ কৰাৰ বাবে সেইসময়ৰ চৰকাৰৰ বিষয়া হৰেশ্বৰ তহচিলদাৰে বামাখাটাৰ অতিৰাম চৌধুৰী, বাঙৰ মঞ্জূৰা চৌধুৰী, খান্দোপাৰাৰ মেৰমেৰিয়া চৌধুৰী, ভোগপুৰৰ সুকৰু তালুকদাৰ, ভোগপুৰৰ জয়চন্দ্ৰ শৰ্মা, গহেপাৰাৰ ধনোৰাম মহাজন, আৰু আনন্দপুৰৰ যজ্ঞেশ্বৰ গোস্বামীৰ নাম চৰকাৰক দাখিল কৰিছিল তথা বাঁহৰ এটা ফাটেকখানা বা ‘খোৱাৰ’ তৈয়াৰ কৰি তাতে ৰাখিছিল। বামাখাটাৰ অতিৰাম চৌধুৰীক বিৱস্ত্ৰ কৰি নিৰ্যাতন চলাইছিল। কিছুমানক বলধ গৰুৰ দৰে ব্যৱহাৰ কৰি হালত লগাইছিল। সেই সময়ত গাঁৱে- ভূঁয়ে এনে গীত প্ৰচলিত হৈছিল-
‘ শুন্চানা আপিগিলা খাজনা বাঢ়োইছিদিবা নল্লি নিবো ধোৰি পিয়াদা লুগোইছি

এইদৰেই বৃটিছ সাম্ৰাজ্যবাদীৰ বিৰুদ্ধে বিদ্ৰোহৰ বীজ অঙ্কুৰিত হৈছিল পাঠশালাকে ধৰি ওচৰ পাজৰৰ বিভিন্ন অঞ্চলত – যি অঞ্চলক বজালী বুলি কোৱা হয়। পিছলৈ অসহযোগ আন্দোলনৰ সময়ত বজালী অঞ্চলৰ ৪৫ জন‌ মানুহক কাৰাৰুদ্ধ কৰা হৈছিল। আইন অমান্য আন্দোলনৰ সময়তো বহুজনক কাৰাগাৰত নিক্ষেপ কৰা হয়। ‘দিল্লী চলো’ নামৰ ১৯৩০ চনৰ সত্যাগ্ৰহৰ সময়তো বহুকেইজন কাৰাবন্দী হয় আৰু বহুকেইজন আত্মগোপন কৰিবলগীয়া হয়।

১৯৪২ চনতো বজালীত বৃটিছৰ বিৰুদ্ধে সংগ্ৰামৰ জুই দপদপাই জ্বলি উঠে। বজালী অঞ্চলত কৰ্ম পৰিষদৰ নেতৃত্বত ৩২ টা সংঘ গঠন কৰি সমান্তৰাল চৰকাৰ গঠন কৰা হয়। এই সম্পৰ্কত দিলীপ কুমাৰ ৰয়ৰ এক পুৰণি লেখাৰ পৰাই তুলি দিলো – 

“২৫ ছেপ্তেম্বৰত বজালীৰ জালাহ , নিত্যানন্দ , বামুণকুছি আৰু চৌখুটীত চাৰিখন ৰাজহুৱা সভা পাতি নগাঁও দিৱস পালন কৰা হয় । অৱশ্যে বিশেষ কাৰণত বামুণকুছিৰ সভাখন নহ’ল । জালাহৰ সভাত গিৰীশ চন্দ্ৰ চৌধুৰী , নিত্যানন্দত ভাৰত চন্দ্ৰ গোস্বামী আৰু চৌখুটীত নৰকান্ত দাস সভাপতি আছিল । নিত্যানন্দ আৰু চৌখুটীৰ সভা চলি থকা সময়ত জালাহত গুলী চালনা হোৱাৰ খবৰ আহিল । জালাহৰ সভাত কেবাহেজাৰ লোক গোট খাইছিল আৰু বক্তাদ্বয় ক্ৰমে ৰজনীকান্ত শৰ্মা ( পাটাছাৰকুছি ) আৰু ভদ্ৰেশ্বৰ দাসে নগাঁও দিৱসৰ কথা ৰাইজক বুজাই থকা সময়তে পাটাছাৰকুছি থানাৰ দাৰোগা তুলাৰাম কেওঁট আৰু তেওঁৰ সহযোগী চালামত আৰু সম্ভুই নিৰস্ত্ৰ লোকক প্ৰথমে লাঠী , হাণ্টাৰ আৰু বেয়নেটেৰে আঘাত কৰি পিছত ৰাইজক ছত্ৰভংগ দিয়াবলৈ তুলাৰামে গুলীচালনা কৰে । গুলীত পেমেৰাম দাস গুৰুতৰভাৱে আহত হোৱাৰ লগতে খৰ্গেশ্বৰ টটলাই বেয়নেটৰ খোঁচ খায় । জানকী বালা বৈষ্ণৱিনী আৰু আন তিনিজন ডেকা প্ৰতিবাদীয়ে বন্দুকৰ আগত বুকু পাতি দি ভয়াৰ্ত্ত জনতাক সাহস যোগাইছিল । তুলাৰামে সভাপতি আৰু বক্তাদ্বয়ক গ্ৰেপ্তাৰ কৰি ঘোঁৰা আৰু চাইকেলত উঠাই পাটাছাৰকুছি থানা অভিমুখে গতি কৰে । গুলীচালনাৰ ঘটনা লগে লগে ৰাষ্ট্ৰ হৈ আহিল এনেদৰে —“গুলীচালনা কৰা তুলাৰামসহ তেওঁৰ সহযোগী দুজনক ৰাইজে আটক কৰি ৰাখিছে , এতিয়া ৰাইজ আহি কি শাস্তি দিয়ে দিব লাগে । ” এই বাতৰি পোৱাৰ লগে লগে ৰাইজ সকলো পিনৰ পৰা জালাহ অভিমুখে ৰাওনা হব ধৰিলে । কিন্তু বাটত ওলোটাহে দেখিলে যে সভাপতি আৰু বক্তা দুজনকহে পুলিচে আনি আছে । ৰাইজ উত্তেজিত হৈ “তুলাৰামৰ মাথা লাগে , তুলাৰামৰ তেজ পিম ” আদি ধ্বনিৰে আগবাঢ়ি গৈ থাকোতে ৰিহাবাৰীত উত্তেজিত জনতা তুলাৰামৰ মুখামুখি হয় । ৰাইজে বন্দী কৰি অনা নেতা তিনিজনক মোকলাই দিয়াৰ দাবী জনায় । তুলাৰাম এই দাবীত সৈমান নোহোৱাত ৰাইজ উগ্ৰ হৈ পৰিল আৰু অৱশেষত তুলাৰামে জালাহৰ পিছত দ্বিতীয়বাৰৰ বাবে গুলী চলালে । গুলীত বজালী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ভোগপুৰ গাঁওৰ বলীৰাম বৰ্মনৰ পুত্ৰ মদন বৰ্মন আৰু সাদেৰীৰ বিধৱা ভাবে কোঁচৰ পুত্ৰ ৰাউতা ৰাম কোঁচ গুলীবিদ্ধ হৈ মৃত্যুক সাবতি লয় ।” সেইসময়তে পাঠশালাৰ নৱম শ্ৰেণীৰ ছাত্ৰ অৰ্জুন চন্দ্ৰ শৰ্মা গুলীৱিদ্ধ হয়; নৃপেন্দ্ৰ নাথ শৰ্মা , গুণেশ্বৰ শৰ্মা আৰু অভয় শাস্ত্ৰী আদি আন কেবাজনো ছাত্ৰ আহত হয় । গুলী কৰি তুলাৰাম পুনৰ আহি থাকোতে এইবাৰ নিত্যানন্দত উত্তেজিত জনতাক দেখা পাই তৃতীয়বাৰৰ বাবে গুলী চলায় আৰু কালজিৰাপাৰাৰ মেমেৰাম ভড়ালীয়ে গুৰুতৰভাৱে আঠুত আঘাত পায় ।….

১৫ আগষ্টঃ "সেই আমৰ গুটিটু চুহিয়ে আছা" !


                             এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে মদন বৰ্মন আৰু ৰাউতা ৰাম কোঁচ গুলীৱিদ্ধ হৈ যিদিনা মৃত্যুমুখত পৰি শ্বহীদ হৈছিল, সেইদিনাই ,ওপৰত উল্লেখ কৰা গুলীৱিদ্ধ হোৱা নৱম শ্ৰেণীৰ ছাত্ৰ অৰ্জুন চন্দ্ৰ শৰ্মা এই লেখকৰেই পিতৃ (২০০২ চনত ইহলীলা সম্বৰণ কৰে) আছিল।

গতিকে আমি বুজিব পৰা হোৱাৰে পৰা, পিতৃৰ মুখেৰেও সেই সময়ছোৱাৰ বিষয়ে ভালেমান কথা শুনি ধন্য হৈছিলো আৰু ১৯৪২ চনত দুটাকৈ গুলীৰ সোৱাদ পাইও ‘স্বাধীনতাহীনতা’ৰ অন্তৰ্দ্বন্দত ভুগি তেওঁ কোৱা কথাবোৰে আমাৰ মনত ৰেখাপাত কৰিছিল। কামৰূপ/অসম/কোচবিহাৰ – বৃটিছ যোৱাৰ পিছতো পৰাধীন হৈয়েই ৰ’ল!

স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা মোৰ পিতৃয়ে বৃটিছ সাম্ৰাজ্যবাদীৰ চৰিত্ৰ বুজাৰ দৰে ইন্দিৰা গান্ধীৰ সাম্ৰাজ্যবাদী চৰিত্ৰকো বুজাত ভুল কৰা নাছিল হেতুকে অসম আন্দোলনতো সমানেই অংশগ্ৰহণ কৰিছিল, আন্দোলনকাৰী আমাৰ বাবেই পুলিচী জুলুম হাঁহিমুখে গ্ৰহণ কৰিছিল; আৰু বিনাদ্বিধাই ক’ব পাৰো – যদিহে সু-স্বাস্থ্যৰে জীয়াই থাকিলহেতেন, তেওঁ “কা” বিৰোধী আন্দোলনতো অংশগ্ৰহণ কৰিলেহেতেন।

  ওপৰৰ একেবাৰে সংক্ষিপ্ত কথাখিনি মোৰ পিতৃৰ গৰিমা বা ত্যাগৰ বিষয়ে প্ৰচাৰ কৰাৰ উদ্দেশ্যে ডাঙি ধৰা নাই। ডাঙি ধৰিছো এইবাবেই যে বৃটিছ সাম্ৰাজ্যবাদীৰ বিৰোধিতা কৰাৰে পৰা অসম আন্দোলনৰ সময়লৈ এক ধাৰাবাহিকতা আছে!

হঠাৎ অসম আন্দোলনকাৰী, হঠাৎ অগপ, হঠাৎ কংগ্ৰেছী ( অসম আন্দোলনৰ শত শত শ্বহীদৰ তেজৰ বন্যাত নাও বোৱা কংগ্ৰেছ), হঠাৎ বিজেপি ( ইন্দিৰা-হিতেশ্বৰে অসম আন্দোলনত শত শতজনক শ্বহীদ কৰোতে কংগ্ৰেছৰ মণি-মুকুতা-হীৰা-পান্না হৈ থকা সকলেই এতিয়া অসমৰ বিজেপি দখল কৰোতা আৰু এজনো বিদেশী বহিষ্কাৰ কৰা দূৰৈৰ কথা – আদৰাত হে ব্যস্ত), হঠাৎ মোদী,…এইধৰণৰ ধাৰাবাহিকতাৰ পৰা সহস্ৰ যোজন দূৰৈত।

কেৱল পাঠশালা বা বজালী অঞ্চলেই নহয়, অসমৰ বিভিন্ন অঞ্চলত এনেধৰণৰ ধাৰাবাহিকতা আছে। যিসকলে বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল, তেওঁলোকৰ মনত এবাৰো এনে ভাব অহা নাছিল যে ১৯৪৭ চনৰ তিনিটা দশকৰ পিছত তেওঁলোকে এনে এটা দাবীৰে পুনৰ আন্দোলন কৰিব লাগিব যে ‘অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰক’!

অসমৰ বিভিন্ন অঞ্চলত সেইবাবেই ‘মুক্তিযোদ্ধা’সকলে অসম আন্দোলনত ভাগ লৈছিল, তাম্ৰপত্ৰ পৰ্যন্ত ওভোতাই দিছিল। ইতিমধ্যে লুইতেৰে বহুত পানী বৈ গ’ল; কিন্তু সেই ধাৰাবাহিকতাৰ পটভূমিত, কোভিড/কৰ’না পটভূমিক আতৰাই থৈ আজি যদি বিচাৰ কৰো – সেই ‘ৰাইজ মেল’ৰ পৰা এতিয়ালৈ – অত্যাচাৰ, ষড়যন্ত্ৰ, শোষণ, বঞ্চনা( আজিকালি ‘ঝুমলা’)আদিৰ ধাৰাবাহিকতাও বৃটিছৰ দৰেই অক্ষুণ্ণ হৈ থকাই নহয়, অলেখগুণ বৃদ্ধি পাইছে।

গতিকে, ৰাইজমেল সমূহ সাৰ্থক হ’ল নে? অসমৰ, কামৰূপৰ, দৰঙৰ, গোৱালপাৰাৰ, কোচবিহাৰৰ স্বাধীনতা লুপ্ত হোৱাৰ পিছত স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা সংগ্ৰামীসকলৰ মনোবাঞ্ছা পূৰণ হ’ল নে?

ছয় বছৰ এক ঐতিহাসিক আন্দোলন কৰাৰ পিছত যি যি দৃশ্যপট দেখা গ’ল – তাৰে পৃষ্ঠভূমিত অসম আন্দোলনৰ আন্দোলনকাৰীসকল ( মন্ত্ৰী- বিধায়ক হোৱা বা বিভিন্ন ৰাজনৈতিক দলত প্লাষ্টিকৰ পুষ্প হৈ শোভাৱৰ্দ্ধন কৰা, বা দল সলাই সলাই ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতাৰ দৰে হৈ পৰা – আজি এটা চৰিত্ৰ, অহাকালি অন্য) সন্তুষ্ট হয় নে ? 

assam movement1

 ১৫ আগষ্ট তাৰিখটো আহিলে অসম আন্দোলনত অংশগ্ৰহণ কৰা আৱাল বৃদ্ধ বনিতাক ভাৰতীয় সৈন্যই, চি-আৰ-পিয়ে কিদৰে অত্যাচাৰ চলাইছিল, কিদৰে ধৰ্ষণ কৰিছিল, কিদৰে হত্যা কৰিছিল, অসমৰ পুলিচে কিদৰে নিৰ্যাতন কৰিছিল, আমাৰ মনত সকলো সজীৱ হৈ উঠে – যিদৰে ১৯৪২ এনে বা ১৯৪৭ এনে আমাৰ পিতৃ তথা তেওঁলোকৰ সতীৰ্থ সকলৰ মনত সজীৱ হৈ উঠিছিল।

কিন্তু নিজৰ বৈৰী যেতিয়া স্বয়ং সংগ্ৰামৰ নেতৃত্বত থকা সকলৰ সৰহসংখ্যক নিজেই , আৰু নিজৰ সন্তানে যেতিয়া নিজৰ পিতৃ-মাতৃৰ টেটু চেপি ধৰে, অবৈধ অনুপ্ৰবেশকাৰীৰ বিৰোধিতা কৰা বাবে গুলীয়াই হত্যা কৰে আৰু “কা”ৰ বিৰোধিতা কৰা বাবে গুলীয়াই মাৰে, আৰু শত শত শ্বহীদৰ বলিদান পাহৰি আকাশৰ জোনবাইতো যিসকলে ছোনিয়া গান্ধী-ৰাহুল গান্ধী বা নৰেন্দ্ৰ মোডী – অমিত শ্বাহৰ‌ ছৱি দেখি তন্ময় হৈ ৰয়, তেনেস্থলত, পুৰণি স্মৃতিৰে মগজু ভাৰাক্ৰান্ত কৰি থাকিলে, বিবৃতি-বক্তৃতা নিপুণ সকলৰ আহ্বান শুনি আমৰ গুটি চুহি থাকিলে, সত্যৰ বাবে মগজুত স্থান লাভ নহ’ব; কাৰণ মগজু ইতিমধ্যে ভৰপূৰ হৈয়েই আছে, সত্যৰ বাবেও মগজুত যেন অকণো স্থান নাই।

সেইবাবেই, কিছুদিনৰ বাবে পৰীক্ষামূলকভাৱে স্মৃতিক আমৰ গুটিৰে সৈতে বিসৰ্জন দি চাব লাগে – সত্যৰ বাবে মগজুত স্থান হয় নে নহয়!

১৫ আগষ্টত এইখিনি চিন্তাই কিয় জানো মনলৈ আহিল। 

অধিবক্তা ভৰালী আৰু অধিবক্তা ভট্টক নমস্কাৰ জনাই আজি ইমানতে সামৰিলো।

Assam accord

15-08-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: অসম চুক্তি১৫ আগষ্ট
Anjan Sarma

Anjan Sarma

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
June 6, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

June 4, 2026
backview of sad child waiting on a glass window

শিশু সকলৰ মানসিক অৱস্থাৰ খবৰ ৰাখিছোনে? 

June 4, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

May 31, 2026
পাৰ্কিনছন ৰোগ

পাৰ্কিনছন ৰোগ

May 31, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

May 28, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
বজালী আৰু বজেইলা ৰাজনৈতিক ফুটবল নহয়!

Building a Climate-Resilient Future: World Environment Day 2026 and the Rise of a Green Campus Revolution

June 6, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

The Hidden Climate Cost of Food: Why One Health Matters for India’s Future

June 5, 2026
Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

Conditioned, Chilled, but Contaminated : The Hidden Crisis in Urban Climate Adaptation

June 5, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    33724 shares
    Share 13489 Tweet 8431
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    14975 shares
    Share 5990 Tweet 3744
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    367 shares
    Share 147 Tweet 92
  • NEHU Shillong Hosts Historic Global Plant Humanities Summit as Scholars from Across the World Reimagine Humanity’s Bond with Nature

    290 shares
    Share 116 Tweet 73
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3787 shares
    Share 1515 Tweet 947
  • মাধৱদেৱৰ সাহিত্যকৃতি

    682 shares
    Share 273 Tweet 171
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1003 shares
    Share 401 Tweet 251
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6584 shares
    Share 2634 Tweet 1646
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4377 shares
    Share 1751 Tweet 1094
  • The Oxfam Report, 2021: India’s Health Inequality & Covid-19

    259 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d